অ'টছ ৰেচিপি Easy Oats Recipes for Breakfast & Snack

অ'টছ ৰেচিপি Easy Oats Recipes for Breakfast & Snack- Assamese People's Recipes- Assam- খাদ্যৰ জুতি আহাৰৰ সোৱাদ 

অ'টছ ৰেচিপি Easy Oats Recipes for Breakfast & Snack- Assamese People's Recipes- Assam- খাদ্যৰ জুতি আহাৰৰ সোৱাদ 

অ'টছ হালোৱা

উপকৰণ:

অটছ— একাপ, পানী— দুকাপ, গৰু ঘিউ— দুচামুচ, চুজি— ১/২ কাপ, ইলাচি গুড়ি— এচিকুট, ব্রাউন ছুগাৰ—

১/২ কাপ আলমণ্ড, চেৰি— ৫টা (মিহিকৈ কটা), আলমণ্ড

— ৮টা (মিহিকৈ কটা)

প্রস্তুত প্রণালী:

এখন কেৰাহীত অটছখিনি শুকানকৈ অলপ ৰঙচুৱাকৈ ভাজি ল'ব। ভজা অ'টছখিনি মিক্সি ঝাৰত দি অলপ গুড়ি কৰি ল'ব। কেৰাহীত ঘিউ দিব। গৰম হোৱাৰ পিচত অ'টছখিনি দি দিব। ৰঙচুৱাকৈ ভাজিব। চুজিখিনি দি দিব। ইলাচিৰ গুড়ি দিব, অলপ ভাজি গৰম পানী দিব। যেতিয়াই চুজি ফুলি পানী শুকাই যাব, চেনি দি মিহলাই দিব, অলপ সময় ৰাখি নমাই দিব। পিচত বাটিত উলিয়াই ওপৰত আলমণ্ড, চেৰিৰে গাৰ্নিছ কৰিব।


******

অ'টছ ৰেচিপি Easy Oats Recipes for Breakfast & Snack- Assamese People's Recipes- Assam- খাদ্যৰ জুতি আহাৰৰ সোৱাদ 

কার্ড অটছ

উপকৰণ:

অটছ— একাপ, জালুকৰ গুড়ি— ১/৪ চামুচ , ধনিয়াৰ পাত— এচামুচ (মিহিকৈ কটা),‌ দৈ― চাৰি চামুচ, ডালিম গুটি— দুচামুচ, ৰিফাইন তেল— এচামুচ, ৰাই—আধা চামুচ, কেঁচা জলকীয়া— এটা (দুফাল কৰা), নৰসিংহ পাত—৮ খিলা, নিমখ— সোৱাদ অনুসৰি

প্রস্তুত প্ৰণালী:

এটা বাচন জুইত বহাই ডেৰ কাপ পানী দিব। গৰম হোৱাৰ পিচত অটছখিনি দি দিব। পানী কমি অটছখিনি সিজাৰ পিচত ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিচত এটা বাটিত ঢালি দিব। তাতে দৈখিনি দি মিহলাই জালুকৰ গুড়ি, ধনিয়াৰ পাত, নিমখ দি মিহলাই দিব। এখন পেন গৰম কৰি তেল দিব, তেল গৰম হোৱাৰ পিচত ৰাই দিব। ৰাই ফুটাৰ পিচত নৰসিংহ পাত, জলকীয়া দি অলপ ভাজি অটছৰ মিশ্ৰণৰ ওপৰত ঢালি দিব। পিচত ডালিমৰ গুটি দি মিহলাই দিব।


*****

অ'টছ ৰেচিপি Easy Oats Recipes for Breakfast & Snack- Assamese People's Recipes- Assam- খাদ্যৰ জুতি আহাৰৰ সোৱাদ 

অ'টছ অমলেট

উপকৰণ:

অটছ— আধা কাপ, পানী— ১/৪ কাপ, কণী— দুটা, পিঁয়াজ— দুচামুচ (মিহিকৈ কটা), গাজৰ—দুচামুচ (মিহিকৈ

কটা), কেপচিকাম— দুচামুচ (মিহিকৈ কটা), বিলাহী— দুচামুচ (মিহিকৈ কটা), কেঁচা জলকীয়া— এটা (মিহিকৈ কটা), হালধি— এচিকুট, জালুকৰ গুড়ি—১/৪ চামুচ, নিমখ— সোৱাদ অনুসৰি, তেল— এচামুচ

প্রস্তুত প্রণালী:

প্ৰথমে এটা বাচনত অটছখিনি ল'ব। তাতে পানীখিনি দি মিহলাই পাঁচ মিনিট ঢাকি থ'ব। পাঁচ মিনিটৰ পিচত কণীকেইটা ভাঙি দিব। পিঁয়াজ, কেপছিকাম, গাজৰ, বিলাহী, জলকীয়া, হালধি, জালুকৰ গুড়ি, নিমখ দি ভালকৈ মিহলাই ল'ব। এখন পেন গৰম কৰিব। তাতে তেল দিব। তেল গৰম হোৱাৰ পিচত অটছ-কণীৰ মিশ্ৰণটো ঢালি দিব। হেতাৰে বহলাই দিব। জুই কমাই ঢাকনী লগাই দিব। তিনি মিনিটমানৰ পিচত ওলোটাই দিব। পুনৰ অলপ সময় ঢাকি সিজাই নমাই দিব।


*****

অ'টছ ৰেচিপি Easy Oats Recipes for Breakfast & Snack- Assamese People's Recipes- Assam- খাদ্যৰ জুতি আহাৰৰ সোৱাদ 

অটছ খিচিৰি

উপকৰণ:

অটছ— একাপ, মণ্ড দাইল—১/৪ কাপ, পিঁয়াজ—চাৰি

চামুচ (মিহিকৈ কটা), গাজৰ— চাৰি চামুচ (মিহিকৈ কটা), বিন— চাৰি চামুচ (সৰুকৈ কটা), বিলাহী— এটা (সৰু টুকুৰা কৰা), কেঁচা জলকীয়া— এটা (দুফাল কৰা), আদা—এচামুচ (মিহিকৈ কটা), গৰু ঘিউ— দুচামুচ, জীৰা— এচামুচ, জলকীয়াৰ গুড়ি— আধা চামুচ, হালধি — ১/৪ চামুচ, নিমখ —সোৱাদ অনুসৰি, পানী— তিনি কাপ

প্রস্তুত প্রণালী:

এটা কুকাৰ জুইত বহাই গৰম হ'বলৈ দিব। তাতে ঘিউ দিব। জীৰা দিব। যেতিয়াই জীৰা ফুটিব পিঁয়াজ, আদা দিব, সামান্য ৰঙচুৱাকৈ ভাজিব। তাতে কেঁচা জলকীয়া, বিলাহী, গাজৰ, বিন, মটৰ দি ভাজিব। মণ্ডদাইলখিনি দি দিব। অটছ দিব। নিমখ, হালধি, জলকীয়াৰ গুড়ি দি ভালকৈ মিহলাই দিব। পানী দিব। পুনৰ মিহলাই হুইচেল আঁতৰাই ঢাকনী লগাই দিব। অলপ সময় বেছি জুইত ৰাখি জুই কমাই সিজাব। ঢাকনী খুলি পুনৰ মিহলাই ঢাকনী লগাই দিব। যেতিয়াই দাইল সিজি মিলি যাব নমাই দিব। অলপ ঠাণ্ডা হোৱাৰ পিচত বাটিত উলিয়াই ওপৰত সামান্য গৰু ঘিউ দি পৰিবেশন কৰিব।


*****

অ'টছ ৰেচিপি Easy Oats Recipes for Breakfast & Snack- Assamese People's Recipes- Assam- খাদ্যৰ জুতি আহাৰৰ সোৱাদ 

অ'টছ গুড়ৰ ক্ষীৰ

উপকৰণ:

অটছ— একাপ, গাখীৰ— দুকাপ, পানী— একাপ, গুড়— ১/২ কাপ, ইলাচি গুড়ি— ১/৪ চামুচ, ঘি— এচামুচ

প্রস্তুত প্রণালী:

প্ৰথমে এখন পেনত অটছখিনি শুকানকৈ ভাজিব, যেতিয়াই অলপ ৰঙচুৱা হ'ব গাখীৰখিনি দি দিব। জুই কমাই ঢাকনী লগাই দিব। অটছখিনি সিজি গাখীৰৰ লগত মিলি যোৱাৰ পিচত ইলাচি গুড়ি দিব। আন এখন পেনত পানীখিনি গৰম কৰি গুড়খিনি দি গলাই ল'ব। অটছখিনিত ঘিউ দি ভালকৈ মিহলাই দিব। গুড়ৰ ছিৰাপটো দি দিব। মিহলাই অলপ সময় ৰাখি নমাই থ'ব।


*****

অ'টছ ৰেচিপি Easy Oats Recipes for Breakfast & Snack- Assamese People's Recipes- Assam- খাদ্যৰ জুতি আহাৰৰ সোৱাদ 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.