জাতীয় ‌পতাকাৰ‌ কাহিনী khuj2blog

জাতীয় ‌পতাকাৰ‌ কাহিনী - Jatiya Potakar Kahini - The Story Behind Our National Flag - khuj2blog Assamese blog

জাতীয় ‌পতাকাৰ‌ কাহিনী - Jatiya Potakar Kahini - The Story Behind Our National Flag - khuj2blog Assamese blog
জাতীয় ‌পতাকাৰ‌ কাহিনী khuj2blog 


১৫ আগষ্ট আৰু ২৬ জানুৱাৰি প্ৰত্যেক জন ভাৰতীয়ৰ বাবে এক গৌৰৱময় অধ্যায়। দেশ স্বাধীন হোৱাৰ পৰাই এই দুটি দিনতে প্রত্যেক ভাৰতীয়ই ৰাষ্ট্ৰক আনুষ্ঠানিকভাবে সম্মান যাচি আহিছে। ৰাষ্ট্ৰীয় পতাকাৰ তলত ৰাষ্ট্ৰীয় সংগীতেৰে বন্দনা কৰা হয় ভাৰতমাতাক। দেশৰ ভৌগোলিক অখণ্ডতা, সার্বভৌমত্ব, সাংস্কৃতিক বৈশিষ্ট্য, জাতিৰ আশা-আকাংক্ষা, আৱেগ-অনুৰাগ আনকি হৃদয়ৰ প্ৰতিটো স্পন্দন মূৰ্তিমন্ত হৈ উঠে পতাকাৰ বুকুত । দৰাচলতে এই জাতীয় পতাকাৰ এটা জাতিৰ স্বাধীনতা আৰু আত্মমৰ্য্যাদাবোধৰ মূর্ত প্রতীক। ওপৰত গেৰুৱা, মাজত শুকুলা, তলত সেউজীয়া ৰঙৰ সমাহাৰ আৰু শুকুলাৰ মাজত অশোকচক্র সম্বলিত আমাৰ এই জাতীয় পতাকাখনৰ ক্ৰমবিকাশৰ এক গৌৰৱময় ইতিহাস আছে। 


১৯৪৭ চনৰ ২২ জুলাইত গৃহীত হোৱা এই তিনি বৰণীয়া পতাকাখনে ৰাষ্ট্ৰীয় সম্মানেৰে এনে স্থায়ী পৰ্য্যায় পাবলৈ সময় লাগিছিল প্রায় ৪০ বছৰ। অৰ্থাৎ প্ৰায় ৪০ বছৰ কালজুৰি বিভিন্ন লোকৰ বিভিন্ন ধৰণৰ পতাকা গৃহীত হৈছিল যদিও কোনো এখনেই নিজৰ অস্তিত্ব বজাই ৰাখিব নোৱাৰিলে।


১৯০৬ চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় পতাকাৰ পৰিকল্পনা কৰে ইংলেণ্ড আৰু ফৰাচী দেশত বাস কৰা প্ৰবাসী স্বদেশ প্ৰেমিকসকলে। ওপৰ ভাগত ডাঠ হালধীয়া, মাজ ভাগত আঠোটা তৰা বছা হৈছিল, মাজ ভাগত 'বন্দে মাতৰম' লিখা হৈছিল। সেউজীয়া ভাগৰ বাঁওহাতে সূৰ্য্য আৰু সোঁহাতে অর্ধচন্দ্ৰ অংকিত হৈছিল। কিন্তু ই বৰ বেছি দিন স্থায়ী নহ'ল।


১৯১৬ চনত পুনৰ এক নতুন পৰিকল্পনা লৈ এটা তেজী ৰঙা আৰু আনটো সেউজীয়া ৰং সন্নিৱিষ্ট কৰি এখনি পতাকা তৈয়াৰ কৰা হয়। তেজী ৰঙা বোল পাঁচটা আৰু সেউজীয়া বোলৰ চাৰিটা ৰেখা আঁকি বাঁও হাতে ওপৰ চুকত ইউনিয়ন জেক, মাজত এটি তৰা আৰু তলৰ ফালে হাতীপটিৰ আৰ্হিত তৰা আৰু চন্দ্ৰ অংকিত কৰা হৈছিল। ইয়ো স্থায়ী নহ'ল।


১৯২১ চনত বিজয়াৱাড়াত অনুষ্ঠিত কংগ্ৰেছ অধিবেশনৰ সময়ত অন্ধ্ৰৰ এজন যুৱকে গান্ধীজীক ৰঙা আৰু সেউজীয়া ৰঙৰ এখনি পতাকা উপহাৰ দিয়ে। গান্ধীজীয়ে তাৰ লগতে বগা ৰং আৰু যঁতৰ সন্নিৱিষ্ট কৰি পতাকাখন সংস্কাৰ কৰি ওপৰভাগ বগা, মাজৰ ভাগ সেউজীয়া আৰু তলৰ ভাগ ৰঙা কৰে। সোঁ মাজত যঁতৰ অংকিত কৰা হৈছিল।


কংগ্ৰেছ মহাসভাই আনুষ্ঠানিকভাৱে এই পতাকাখন গ্ৰহণ কৰা নাছিল যদিও ইয়ে ১৯৩১ চনলৈকে ৰাজহুৱাভাৱে ব্যৱহৃত হৈছিল। ১৯৩১ চনত কৰাচীত বহা কংগ্ৰেছ অধিবেশনত জাতীয় পতাকা গ্ৰহণৰ প্ৰস্তাৱ গৃহীত হয়। ৱৰ্কিং কমিটিয়ে নিযুক্ত কৰি দিয়া সমিতিয়ে কেৱল ডাঠ হালধীয়া সংযুক্ত আৰু বাঁওহাতে ওপৰ চুকত যঁতৰ চিত্ৰ অংকিত পতাকা এখনৰ আৰ্হি দাঙি ধৰে। কিন্তু ই ৱৰ্কিং কমিটিৰ মনঃপুত নোহোৱাত সেই বছৰৰে আগষ্ট মাহত ৱৰ্কিং কমিটিৰ সকলো সদস্যই সমূহীয়াভাৱে জাতীয় পতাকাৰ আঁচনি প্রস্তুত কৰে। সেই মতে তিনিটা ৰঙৰ সমাবেশ ঘটোৱাৰ সিদ্ধান্ত লোৱা হয়। সেইমতে ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া ৰং থাকিব। মাজৰ বগা অংশত যঁতৰৰ চিহ্ন থাকিব। পতাকাৰ আকাৰ ৩ঃ২ জোখৰ হ'ব। 


বোম্বাইত বহা কংগ্ৰেছ কমিটিয়ে এই পতাকা জাতীয় পতাকাৰূপে গ্ৰহণ কৰে। ৰং তিনিটাৰ অৰ্থ প্ৰতীকধৰ্মী বুলি গ্ৰহণ কৰা হৈছিল। সেইমতে গেৰুৱা ৰংটো ত্যাগ আৰু সাহসৰ বগা ৰংটো সত্য আৰু শান্তিৰ, সেউজীয়া ৰংটো বিশ্বাস আৰু শক্তিৰ আৰু যঁতৰটো সৰ্বসাধাৰণৰ আশা- আকাংক্ষাৰ প্ৰতীক। এইখনি পতাকাকে সেই সময়ৰ সকলো আন্দোলন আৰু অধিবেশনতে উত্তোলন কৰা হৈছিল। স্বাধীনতা সংগ্রাম তীব্ৰতৰ হোৱাৰ লগে লগে পতাকাখনিয়েও জনপ্রিয়তা অৰ্জন কৰিবলৈ ধৰে, কিন্তু স্বাধীনতা লাভৰ পাছত এই পতাকাখনিত থকা যঁতৰৰ সলনি এটা চক্র দি জাতীয় পতাকাৰূপে গ্ৰহণ কৰা হৈছে। চক্ৰটো সাৰনাথত থকা অশোক স্তম্ভত সন্নিৱিষ্ট চক্ৰৰ আৰ্হিত কৰা হৈছে। এই চক্ৰ ভাৰতীয় ঐতিহ্য আৰু কৃষ্টিৰ প্ৰতীক। 


জাতীয় পতাকাৰ ৰং আৰু চক্ৰৰ বিষয়ে বিশ্ববিখ্যাত ভাৰতীয় দার্শনিক, প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল- ‘গৈৰিক ৰং ত্যাগৰ প্ৰতীক, ভাৰতীয় জাতীয় জীৱনত ত্যাগৰ আদৰ্শই চিৰদিন প্রাধান্য লাভ কৰি আহিছে। বগা ৰং জ্ঞান আৰু জ্যোতিৰ প্ৰতীক । জ্ঞান-জ্যোতিৰ অনাবিল শিখাই চিৰদিন ভাৰতক সনাতন সত্যৰ পথ প্ৰদৰ্শন কৰিব। সেউজীয়া ৰং উৰ্বৰা ভাৰত ভূমিৰ শস্য সম্ভাৰৰ নিৰ্দেশক। পাৰ্থিৱ জীৱনৰ ভিত্তি। চক্রটি ধর্মচক্র। ধর্মচক্রসম্বলিত পতাকাত নিহিত আদর্শ লৈ যিসকলে কৰ্মত ব্ৰতী হ'ব সেইসকলক ধর্মই সঠিক পথৰ নিৰ্দেশ দিব।'


জাতীয় পতাকা ব্যৱহাৰৰ কিছু নীতি-নিয়ম সুনির্দিষ্ট কৰি দিয়া হৈছে। উদাহৰণস্বৰূপে, জাতীয় পতাকাৰ সোঁহাতে বা উর্ধত কোনো পতাকা উত্তোলন কৰিব নোৱাৰিব। একে শাৰীতে অন্য পতাকা উত্তোলন কৰাৰ প্ৰয়োজন অনুভৱ কৰিলে তাক সদায় জাতীয় পতাকাৰ বাঁওহাতে আৰু কিছু চাপৰকৈ উত্তোলন কৰিব লাগিব। জাতীয় পতাকা বহন কৰি নিব লাগিলে বাহকে সোঁ কান্ধত ওখকৈ আৰু শোভাযাত্ৰাৰ সকলোৰে আগত নিব লাগিব। জাহাজ বা যান-বাহন আদিত অন্য পতাকা থাকিলে জাতীয় পতাকা সকলোৰে উৰ্ধত উত্তোলন কৰিব লাগিব। 


স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস আৰু বিশেষ ৰাষ্ট্ৰীয় উৎসৱতহে জাতীয় পতাকা উত্তোলন কৰিব পাৰিব। এনে দিৱসত নিজ নিজ গৃহ, দোকান-পোহাৰ, চৰকাৰী, বেচৰকাৰী সকলো অনুষ্ঠানতে জাতীয় পতাকা উত্তোলন কৰিব পাৰিব। চৰকাৰী কাৰ্য্যালয়, আদালত আদিত জাতীয় পতাকা চিৰ উজ্জীয়ন হৈ থাকিব পাৰে। ৰাষ্ট্ৰীয় শোকত পতাকা অর্ধনমিত হ'ব। পতাকাৰ আকাৰ সদায় ৩ঃ২ হ'ব লাগিব আৰু গেৰুৱা ভাগ ওপৰফালে থাকিব। পতাকা উত্তোলনৰ খুঁটাৰ নির্দিষ্ট জোখ ৪০ ফুট অর্থাৎ ১৩ মিটাৰ। পতাকা উত্তোলন কৰোঁতে জনতাই শ্রদ্ধা প্রদৰ্শন কৰিব লাগিব।


******


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.