অসমীয়া কৌতুক Asomiya Koutuk

অসমীয়া কৌতুক Akhomiya Koutuk Assamese Memes 


এজনী ছোৱালীয়ে তাইৰ দেউতাকৰ সৈতে বহি সময় কটাই আছিল ৷ সেই সময়ত তাইৰ boy friend আহি উপস্থিত হ'ল।


ছোৱালী: তুমি লৰেন্জ ফ্লেমিনৰ " DADDY IS AT HOME " কিতাপখন লবলৈ আহিছা নেকি?


ল'ৰা: নহয়, মই ৰবিন কলিন্সৰ লিখা " WHERE SHOULD I WAIT FOR YOU"  কিতাপখন লবলৈ আহিছো ৷


ছোৱালী: sorry, মোৰ তাত নাই ৷ তথাপি তুমি অমৰ শ্ৰীবাস্তৱে লিখা "UNDER THE MANGO TREE " কিতাপখন লব পাৰা ৷


ল'ৰা: OK. তুমি কলেজলৈ যাওঁতে Retail management guide ৰ "CALL YOU IN FIVE MINUTES" কিতাপখন লব নাপাহৰিবা ৷


ছোৱলী: মই কলেজ যোৱাৰ সময়ত "I WON'T LET YOU DOWN" কিতাপখনো লৈ যাম ৷


ল'ৰাটো বিদায় লৈ গুচি গ'ল।


তেতিয়া দেউতাকে জীয়েকক কলে: ইমানখিনি কিতাপ সি কেনেকৈ পঢ়িব পাৰিব?


ছোৱালী: দেউতা, সি বৰ স্মাৰ্ট, বুদ্ধিমান আৰু চোকা ল'ৰা।


দেউতা: ঠিক আছে। তাক মাইকেল ক্ৰুছৰ "OLD MEN ARE NOT STUPID" কিতাপখনো দিবলৈ নাপাহৰিবা ৷


*****



ডক্টৰ এজনে ৰোগী এজনৰ পিচে পিচে দৌৰী আছিল ।

ৰাস্তাৰ লোকসকলে দেখি ডক্টৰক শুধিলে – আপুনি যে ৰোগীজনৰ পিছত এনেকে দৌৰী আছে কাৰণটো কি ?

ডক্টৰ – চাৰি বাৰ এনেকুৱা হৈছে । সি কুকুৰে ব্ৰেইন অপাৰেচনৰ বাহানা কৰি আহে আৰু চুলি কাটি পলাই যায় ।


*****



আমেৰিকান: আমি মংগল গ্ৰহত পানী আৰু বৰফৰ সন্ধান

উলিয়ালোঁ ।

নগেন: তেতিয়াহ'লে আমি মদ আৰু চিপ্চ নিলেই হ'ল !


*****



তীখৰে ৰাতি মনে মনে চিগাৰেট খাই আছিল।

কাষৰ ৰুমৰ পৰা মাক- বাবা ধোঁৱা ক'ৰ পৰা ওলাইছে চা চোন..ক'ৰবাত জুই লাগিছে নেকি!

তীখৰ- নাই মা, কইল লগাইছোঁ..যিহে মহৰ উৎপাত!

মাক- গোন্ধটো দেখোন বেলেগ....

তীখৰ- নতুনকৈ ওলাইছে মা।

মাক- এনেকুৱা কইল নজ্বলাবি অ বোপা!

তীখৰ- কিয় মা?

মাক- মহৰ কেন্সাৰ হ'ব পাৰে!😜😜😜


*****



বাছ ষ্টেণ্ডত এজন মানুহে মিনি স্কাৰ্ট পিন্ধা ছোৱালী এজনীলৈ চাই আছিল ৷


ছোৱালী জনীয়ে বিৰক্তি পাই সুধিলে,


ছোৱালীঃকি চাই আছে ?

ব্যক্তিঃ তোমাকে চাই আছো ৷

ছোৱালীঃ কিয় চাই আছে ?

ব্যক্তিঃ ধুনীয়া লাগিছে বাবেইটো চাই আছো ৷

ছোৱালীঃ কি ধুনীয়া লাগিছে ?

ব্যক্তিঃ তোমাৰ কাপোৰ যোৰ ৷ ক’ত পালা নো?

ছোৱালীঃ ( খঙেৰে ) গছত লাগিছিল ৷

ব্যক্তিঃ ভন্টি..বৰ কলিতে ছিঙিলা কিন্তু দেই ৷ 😂😄😜


*****



বাছ ষ্টেণ্ডত ছোৱালী এজনীয়ে ধুনীয়া চেহেৰাৰ ল'ৰা এজনক দেখি ভীষণ আকৃষ্ট হ'ল আৰু ক'ব নোৱাৰাকৈ ল'ৰাজনৰ কাষলৈ গৈ কৈ পেলালে —

   ” I LOVE YOU. ”

ল'ৰাজনে শান্তভাৱে ছোৱালীজনীৰ উৰ্ণাখন তাইৰ মূৰত লাহেকৈ দি ক'লে "

"ৰাম নাম জ্বপ কৰা , সংসাৰত

এইবোৰ প্ৰেম পিৰীতি তেনেই অমূলক বস্তু , পিছে তাত তোমাৰ দোষ নাই, ৰ'বা এই কাগজডোখৰত মই গায়ত্ৰী মন্ত্ৰ লিখি দিম , ঘৰলৈ গৈ একাত্ম হৈ পঢ়িবা, মনলৈ শান্তি আহিব "

ল'ৰাজনে কাগজডোখৰত লিখি ছোৱালীজনীৰ হাতত দিলে আৰু বাছ অহাত  উঠি গুছি গ'ল।

লাজতে ছোৱালীজনী কিছুপৰ থৰ লাগি ৰ'ল। সম্বিত অহাত তাই কাগজটুকুৰা খুলি চালে , তাত লিখা আছে " এতিয়াই মাৰিলাহেতেন , পিছফালে মোৰ শ্ৰীমতী ঠিয় হৈ আছিল, তলত মোৰ ম'বাইল নম্বৰটো লিখি দিছো, চেভ কৰি থ'বা, ফোনত কথা পাতিম হাঁ, অ' আৰু  শুনা ….I LOVE U 2 ”

Moral: Men will be men😜😉😀


*****



*হেলমেটৰ একুৰি কলা*

১) সুৰক্ষিত যাত্রা

২) পুলিচে আমনি নকৰে

৩) গাৰ্লফ্রেণ্ডৰ ঘৰৰ মানুহে চিনি নাপায়

৪) চছমাৰ প্রয়োজন নাই

৫) তপামূৰীয়া বিলাকে তপা লুকুৱাব পাৰে

৬) চৰাই চিৰিকতিয়ে হাগিলে মূৰত নপৰে

৭) ধৰুৱাক পাওনাদাৰে ধৰিব নোৱাৰে

৮) বাটত শিক্ষকক নমস্কাৰ দিয়াৰ প্রয়োজন নাই

৯) মদৰ দোকানত সেমেনা সেমেনিকৈ সোমাব নালাগে

১০) ঘৰলৈ আহোঁতে ওলোটাকৈ আলু পিয়াজ ভৰাই আনিব পাৰে

১১) ক'ৰবাত বহিবলৈ একো নাথাকিলে মূঢ়া হিচাপে ব্যৱহাৰ কৰিব পাৰে।

১২) ভতুৱা কুকুৰে আক্রমণ কৰিলে হেলমেটেৰে প্রত্যাক্রমণ কৰিব পাৰে।

১৩) বিয়াঘৰত হাতত হেলমেট লৈ প্রৱেশ কৰিলে কোনোবা সুন্দৰীয়ে lift বিচাৰিব পাৰে

১৪) অসম বন্ধত আন্দোলনকাৰীয়ে শিলগুটি নিক্ষেপ কৰিলেও চিন্তা নাই

১৫) ঘৰত মা-দেউতাহঁতে টেনছন ফ্রী হৈ থাকে

১৬) এনেই বহি থাকি আমনি লাগিলে হেলমেটত তবলা বজাব পাৰে

১৭) ৰ'দ- বৰষুণৰ পৰা বাচিব পাৰি

১৮) বাছ-ট্রেন আদিত হেলমেটটো থৈ ছিট বুক কৰিব পাৰি

১৯) বাইক নথকাবোৰেও হাতত হেলমেট পিন্ধি চাল দিব পাৰে

২০) চেলিব্রিটি সকলে ভিৰৰ পৰা হাত সাৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। এম এছ ধোনী চিনেমাখনত ধোনীয়ে প্রিয়াংকাৰ লগত হেলমেট পিন্ধি ডেট কৰিছিল

গতিকে ৰাইজ ! হেলমেটক চিৰ লগৰীয়া কৰক ! বিন্দাচ থাকক !


*****



কলেজত পঢ়ি থকা সময়ৰ কথা-

বন্ধুমহলৰ সংগত পৰি মই চিগাৰেট খাবলৈ শিকিলোঁ।

লাহে লাহে চিগাৰেট খোৱাতো মোৰ অভ্যাসত

পৰিণত হ'ল।


মা-দেউতাই কথাটো গম পাই মোৰ চিগাৰেট খোৱা অভ্যাস আতৰাবলৈ ৰামদেৱৰ যোগাসন ক্লাছত নাম লগাই দিলে।


পুৱা গধূলি যোগাসন কৰি কৰি মই

.

.

.

.

.

.

.

.

.

.

.

.

.

.

.

.

আজিকালি চিগাৰেট ভৰিৰেও ধৰি খাব পৰা হলোঁ!!


*****



বিয়াৰ পিছদিনাই দত্তই পত্নীৰ লগত ফটো তুলিব লগা হ’ল৷ হাতত এটা এয়াৰ গান লৈ দত্ত ওলাই আহিল৷


হাতত বন্ধুকডাল দেখি দত্তনীৰ প্ৰশ্ন পতিদেৱলৈ ----

কিহে পালে? হাতত এইদাল কি?


দত্ত -- আত্মৰক্ষাৰ অস্ত্ৰ৷ তুমি যিমান বিবাহিত দেৱতাৰ ফটো দেখিছা সকলোতে পতিজনৰ হাতত অস্ত্ৰ থাকে৷


শিৱ পাৰ্ৱতীৰ ফটোত শিৱৰ হাতত ত্ৰিশূল থাকে;


বিষ্ণু লক্ষ্মীৰ ফটোত বিষ্ণুৰ হাতত চক্ৰ থাকে !


ৰাম সীতাৰ ফটোত ৰামৰ হাতত ধনু থাকে !


দত্তনী --- কিন্তু শ্ৰী কৃষ্ণ আৰু ৰাধাৰ ফটোত কৃষ্ণৰ হাতত থাকে বাঁহী। তুমি বন্ধুক নলৈ বাঁহী লব পাৰিলা হয়৷


দত্ত -- হেৰা ! ৰাধা শ্ৰী কৃষ্ণৰ পত্নী নাছিল; গাৰ্লফ্ৰেণ্ডহে আছিল গতিকে হাতত অস্ত্ৰ নাছিল ৷ তোমাক বিয়া পতাৰ আগলৈকে মোৰো হাতত ঘৰত থকা সময়ত  মোবাইলটোহে আছিল৷ আজিৰ পৰা এইডালহে আৰু! আত্মৰক্ষাৰ বাবেহে দেই !


*****



পত্নী- মোৰ মহানুভৱতাৰ শলাগ লোৱা, মই তোমাক নেদেখাকৈয়ে বিয়াত বহিলোঁ!


পতি- মোৰ ত্যাগৰ মূল্য দিয়া, মই তোমাক দেখিও ৰিজেক্ট নকৰিলোঁ ৷ 😂


******



এজন নেপালী মানুহক দেখি নগেনে ওচৰত গৈ সূধিলে :- আপুনি আমেৰিকান নেকি ,,,?


নেপালী :- নহয়,  মই নেপালী হয় ।


নগেন :- নাই নাই, আপুনি আমেৰিকান হয় ।


নেপালী :- নহয় অ' মই নেপালী হয় ।


নগেন :- অসম্ভৱ কথা। আপুনি খাতাং আমেৰিকান হয় ।


এইবাৰ নেপালীয়ে খঙেৰে :- হয় হয়,‌ মই আমেৰিকান হয়। এতিয়া সুখীটো?


নগেন :- কিদৰে সুখী হওঁ কওকচোন? আপোনাক দেখাত তো আমেৰিকান যেন লগা নাই নহয়?


নেপালী :- তেন্তে কি বুলি লাগিছে?


নগেন :- নেপালী ।


নেপালী বেহুচ!!!😂😂😂


******



অকলশৰীয়া ধুনীয়া ছোৱালী দেখিলেই উপযাচি চিনাকী হৈ চেনী খাবলে বিচৰা আমাৰ নগেনে সন্ধিয়া জৰীগছ জোপাৰ কাষতে থকা বাছ ষ্টপেজটোত অকলশৰে ৰৈ থকা ধুনীয়া ছোৱালীজনী দেখি চেনীখোৱাৰ মানসেৰে ছোৱালীজনীৰ ওচৰলে গৈ নগেনে স্বভাবসিদ্ধ চেনীৰামি হাঁহিটো মাৰি তাৰ ৰেডিমেট ডাইলগটো মাৰিলে .....তোমাক আগতে কৰবাত দেখা দেখা যেন লাগিছে।

ছোবালী--(বেকা হাঁহিমাৰি) ক'তনো দেখিছিলে মোক, মইটো আজি ত্ৰিশ বছৰৰ আগতেই এই জৰীগছজোপাত চিপলৈ মৰছিলো। অৱশ্যে আজিৰ দৰে আউসী নিশাত মই মাজে মাজে ওলাও।

কাউট্ কৈ চিঞৰ এটা মাৰি নগেনে ভিৰাই লৰ মৰা দেখি....

ছোৱালী-- অকলশৰীয়া ছোৱালী দেখি চেনী খাবলে আহ,,,, মজা পালি বাপ্পেকে


*****



পত্নী : "চুমি মোৰ এনেকুৱা লাগিছে আমাৰ এখেতে যেন মোক বিশ্বাসঘাতকতা কৰিছে ...!!"


চুমি : " কিয় ,তই কেলেই এনেকৈ ভাবিছনো..??"


পত্নী :" কালি এখেত অফিচলৈ গৈ ঘৰলৈ নাহিল ...!!"


চুমি : " তাতে কি হলনো..থাকিলে চাগে লগৰ কাৰোবাৰ লগত...!!"


পত্নী :" নহয় অ মই ফোন কৰি সোধাত তেওঁ কলে মই অফিচৰ  বৰুৱাৰ ঘৰত থাকিম বুলি কিন্তু বৰুৱাদাৰ ঘৰত নিশা মইহে আছিলো ...!!"


চুমি : " ? ? ? ? "


*****



জোঁৱাই প্ৰথম বাৰ পত্নীৰ গাঁৱৰ ঘৰলৈ ফুৰিবলৈ গৈছিল ...


দিনটো ঘৰত সোমাই থাকি আমনি লগাত গধুলি ৰাস্তালৈ ওলাই গল...


অলপ শিক্ষিত যেন লগা মানুহ এজনক পাই জোঁৱাইয়ে সুধিলে ...


"খুড়াদেউ.. ইয়াত দোকান এখনো নাই ..বৰ আমনি লাগিছে আপোনালোকৰ গাঁৱত ফুৰ্তি কৰিব পৰা একোৱেই বস্তু নাই নেকি ??"


মানুহজনে উত্তৰ দিলে ..


"নাই জোঁৱাই..এক পিচেই আছিল ..তাকো তুমি লৈ গলা"


*****



 স্কুটাৰ মেকানিক :বাইদেউ, স্কুটীখনৰ ইঞ্জিনৰ সমস্যা আছে,

ব্ৰেক ডালেও ঠিকমতে কাম কৰা নাই ...


👸  সুন্দৰী :

এইবোৰ সৰু সুৰা খেলিমেলি থাকেই ...

তুমি মাত্ৰ Mirrorখন  ঠিক কৰি দিয়া।


*****



এজন নৱবিবাহিত যুৱকে বিহুৰ বন্ধত পত্নীক লগত লৈ হনিমুনৰ বাবে সুন্দৰ ঠাইলৈ গ'ল।

তেওঁলোক যিখন হোটেলত আছিল, তাৰ কাষতে এখন ক্ৰিকেট ফীল্ড আছিল।

এনেয়েওঁ IPL জ্বৰ উঠিয়েই আছিল, তাতে আকৌ

হনিমুন।

ৰোমান্তিক মুডত যুৱকজনে পত্নীক

ক'লে = "ব'লা !! আমিও অলপ ক্ৰিকেট

খেলোগৈ। পাৰিবা তুমি।"

পত্নীও মুডত আছিল। তেওঁ সন্মতি দিলে। পত্নীয়ে বেট ধৰিলে আৰু যুৱকজনে বল দিলে। কিবা-প্ৰকাৰে বেটত বল লাগিল আৰু বেটৰ প্ৰহাৰৰ বল গৈ ফীল্ডৰ কাষতে থকা ঘৰ এটা খিড়িকীৰ গ্লাছ ভাঙি ভিতৰত সোমাল।


ঘৰৰ মালিকৰ গালি শুনিবলৈ নিজকে প্ৰস্তুত কৰি দুয়ো বল বিচাৰি মানুহঘৰৰ বাৰান্দা পালেগৈ আৰু দুৱাৰত টোকৰ দিলে। ভিতৰৰ পৰা গলগলিয়া মাত এটা ভাঁহি আহিল= "সোমাই আহা।"

চুচুক চামাক কৈ দুয়ো ভিতৰলৈ সোমাই গ'ল আৰু দেখিলে যে, মজিয়াত খিড়িকীৰ গ্লাছ ভাঙি পৰি আছে । লগতে এটা বটলো ভাঙি থকা দেখিবলৈ পালে। ওচৰতে থকা চোফাখনত এজন ক'লা ভয়ংকৰ চেহেৰাৰ মানুহ

বহি থকা দেখিলে।

তেওঁ সুধিলে = " খিড়িকিৰ গ্লাছ তোমালোকেই ভাঙিছিলা নেকি?"

যুৱকজনে লগে লগেই ক্ষমা বিচাৰিলে কিন্তু ভয়ংকৰ চেহেৰাৰ মানুহজনে ক'লে = "তোমালোক আচলতে ধন্যবাদৰহে পাত্ৰ। কাৰণ মই এটা জিনহে। এটা অভিশাপৰ বাবে এই বটলটোৰ ভিতৰত বন্দী হৈ আছিলো। তোমালোকৰ বলটোৰে বটলটো ভাঙি মোক মুক্ত কৰি দিলা। মোৰ বাবে নিৰ্দিষ্ট কৰি দিয়া নিয়ম অনুসৰি যিজনেই মোক মুক্তি দিব তেওঁকেই মই মোৰ মালিক

ৰূপে জ্ঞান কৰিব লাগিব আৰু তেওঁৰ তিনিটা মনোবাঞ্চা মই পূৰণ কৰিব লাগিব।

তোমালোকে যিহেতু অজানিতে এই কাম কৰিলা, সেইবাবে তোমালোক দুয়োজনৰে মই এটাকৈহে মনোবাঞ্চা পূৰ্ণ কৰিম। বাকী আন এটা মই নিজৰ বাবে ৰাখিম।"


আনন্দতে যুৱকজনে কিৰিলি পাৰি উঠিল আৰু ক'লে = " গোটেই জীৱন একো নকৰাকৈ মোক প্ৰতিমাহে ১ কোটি টকাৰ উপাৰ্জন দিয়ক।"

জিনটোৱে ক'লে = " হৈ যাব ! এইবুলি হাত এখন শূণ্যতে ঘূৰাই মন্ত্ৰ এটা মাতিলে আৰু ক'লে = হৈ গ'ল। আজিৰ পৰাই তোমাৰ মাহিলি ১ কোটিকৈ উপাৰ্জন হোৱাৰ দিন

আৰম্ভ হ'ল।"

তাৰপিছত পত্নী গৰাকীলৈ চালে আৰু সুধিলে= " তোমাৰ মনোবাঞ্চা কি মেডাম ?"

পত্নীগৰাকীয়ে ক'লে = " পৃথিৱীৰ প্ৰত্যেকখন দেশতে মোক একোটাকৈ অট্টালিকা লাগে আৰু প্ৰতিটো অট্টালিকাতে একোখনকৈ বিলাসী গাড়ী লাগে।"

জিনটোৱে পুণৰ হাতখন ওপৰলৈ তুলি মন্ত্ৰ মাতিলে আৰু ক'লে = " হৈ গ'ল ! কালিলৈ পুৱাই সকলো কাগজ পাতি তোমাৰ হাতত পৰিবহি।"

তাৰপিছত জিনটোৱে যুৱক জনলৈ চাই ক'লে =" এতিয়া মোৰ মনোবাঞ্চা পূৰণ কৰাৰ সময়। প্ৰায় ৩০০ বছৰ ধৰি মই বটলটোৰ ভিতৰত সোমাই আছো। বহুত দিন ধৰি মই কোনো মহিলাক চুমা খাই পোৱা নাই! তুমি যদি আপত্তি নকৰা তেনেহ'লে মই তোমাৰ পত্নীক এটা দীঘলীয়া চুমা খাব বিচাৰো।"

যুৱক জনে ক'লে = " এতিয়া আমি বহুত ধনী হৈ গ'লো। মোৰ পত্নীয়ে যদি আপত্তি নকৰে মোৰ কোনো আপত্তি নাই !"

মিচিকিয়া হাঁহি এটা মাৰি জিনটোৱে পত্নী গৰাকীলৈ চালে।

ধনী হোৱাৰ আনন্দত আত্মহাৰা পত্নীগৰাকীয়ে ক'লে = "মোৰ কোনো আপত্তি নাই ।"


কথাষাৰ শুনা মাত্ৰকে জিনটোৱে পত্নীগৰাকীক জপটিয়াই ধৰিলে আৰু প্ৰায় ১০ মিনিট মান হেপাহ পলুৱাই চুমা খাবলৈ ধৰিলে।

হেপাহ পূৰ হোৱাৰ পিছত জিনটোৱে পত্নী গৰাকীক এৰি দিলে আৰু সুধিলে ="তোমাৰ আৰু তোমাৰ মানুহজনৰ বয়স কিমান?"


পত্নী গৰাকীয়ে নিজৰ ওঁঠটো মোহাৰি মোহাৰি

ক'লে = " মোৰ ২৫ বছৰ আৰু এওঁৰ ২৮ বছৰ।"


জিনটোৱে হাঁহি মাৰি উত্তৰ দিলে = " ইমান ডাঙৰ হ'লা। এতিয়াও ভুত-প্ৰেত, জিনক বিশ্বাস কৰা!"😂😂😀


*****



এজন মদাহী মদ খাই খাই মৰি গল

তথাপি তাৰ মদৰ প্ৰতি শ্ৰদ্ধা চোৱা :~

মৰাৰ আগে আগে কৈ গল ...

মদবোৰ ঠিকেই আছিল,

মোৰ লিভাৰটোহে অলপ দুৰ্বল ওলাল


*****



এজন মদাহী সাধুৰ লগত খুন্দা খোৱাত সাধুই কলে :- "মুৰ্খ, মই তোক শাও দিম."

মদাহী -: "বাবাজী, গিলাচতো আনিবলৈ সময় দিয়ক।"


*****



এজন মদাহীক পানী নোহোৱাকৈ মদ খোৱা দেখি এজন আমেৰিকানে কলে :- "পানীতো মিহলাই লোৱা।"

মদাহী :- "ইমানখিনি পানীতো আমাৰ ভাৰতীয়বোৰৰ মদ দেখিলে নিজে নিজে মুখত আহি যায়।"


*****



পুলিচ (মদাহীলৈ) :- "ৰাতি 1 বজাত কলৈ গৈ আছা ?"

মদাহী (পুলিচলৈ) :- "মই মদ খোৱাৰ অপকাৰিতাৰ বিষয়ে ভাষণ শুনিবলৈ গৈ আছো।"

পুলিচ (মদাহীলৈ) :- "ইমান ৰাতি তোক কোনে ভাষণ শুনাব ?"

মদাহী :- "মোৰ পত্নীয়ে।"


*****



এজন মদাহী এয়াৰ পৰ্টৰ বাহিৰত থিয় হৈ আছিল।

এজন ইউনিফৰ্ম পিন্ধা লৰা কাষেদি যোৱা দেখি কলে :- "এখন টেক্সি লৈ আনা।"

লৰা :- "মই পাইলট হও, টেক্সি ড্ৰাইভাৰ নহয়।"

মদাহী :- "আৰে বেয়া কিয় পোৱা ? তেন্তে এখন উৰাজাহাজকে লৈ আহা।"


*****



মদাহী :- "গৰম কি আছে?"

ৱেইটাৰ :- চাউমিন.

মদাহী :- আৰু গৰম ?

ৱেইটাৰ :- ছুপ.

মদাহী :- ইয়াতকৈ গৰম ?

ৱেইটাৰ :- উতলি থকা পানী.

মদাহী :- ইয়াতকৈয়ো গৰম ?

ৱেইটাৰ :- জুইৰ আঙঠা.

মদাহী :- লৈ আনা, বিড়ি জলাব লাগে


*****



পাঞ্জাবীৰ বিয়াত ডিজে জনে সুধিলে :- কেতিয়ালৈ বজাব লাগিব ?

পাঞ্জাবী :- 8-10 পেগ মানলৈ বজোৱা তাৰ পিছততো ইহতে জেনেটাৰৰ শব্দটো নাচা আৰম্ভ কৰি দিব।


*****



মদাহী দুৱাৰত ঠক ঠকাইছে ? তাৰ পত্নীয়ে দুৱাৰ খুলিলে।

মদাহী :-কোন হয় আপুনি?

পত্নী :- মোকো পাহৰি গল।

মদাহী :- নিচাই সকলো দুখ পাহৰাই দিয়ে ভন্টি.


*****



তিনিজন মদাহীয়ে এখন টেক্সি ৰখালে আৰু কলে:- বল।

টেক্সি চালকে গাড়ীখন ষ্টাৰ্ট দি লগে লাগে বন্ধ কৰিলে

কলে :- এইয়া লওক আমি আহি পালো

প্ৰথমজনে পইচা দিলে.

দ্বিতীয়জনে কলে :- ধন্যবাদ.

তৃতীয়জনে এক ঠাপ্পৰ দিলে আৰু কলে :- ভালদৰে চলাবি ...


*****



এজন মদাহী শুই শুই গান গাই আছিল দুটামান গান গোৱাৰ পিছত ওলোটাকৈ শুই গান গাব ধৰিলে

দ্বিতীয় মদাহী:- আৰে ওলোটাকৈ শুই কিয় গাব ধৰিলি।

মদাহী :- প্ৰথমতে A চাইদ আছিল এতিয়া B চাইদ হয়।


*****



এজন মদাহী চকু দান দিবলৈ গল, 

ৰিচিপচনিষ্ট :- কিবা কব লগা আছে নেকি?

মদাহী :- যাক চকু দুটা দিবি তাক কবি যে দুই পেগ লোৱাৰ পিছতহে চকু খোল খাই বুলি। 😂😊😄😭


*****



নগেন মিঠাই দোকান এখনত গৈ ক'লে-

:- এক কেজি জেলেপি দিয়ক ৷

দোকানীয়ে এক কেজি দিয়াৰ পাছত নগেনে ক'লে -

:- এটা এটা জেলেপি বেলেগ বেলেগকৈ পেকেট কৰি দিয়ক ৷

তাৰ পাছত ১০ টা চিঙৰা ল'লে আৰু সেইকেইটাও এটা এটাকৈ পেকেট কৰি ল'লে ৷

দোকানীয়ে চিঙৰাখিনি দিয়াৰ পাছত ৰসগোল্লা দহটা বেলেগ বেলেগকৈ পেকেট কৰাই ল'লে ৷

নগেনে এইবাৰ আন এবিধ মিঠাইৰ ফালে চকু দিওঁতেই দোকানীজনে ভয়ে ভয়ে চিঞঁৰি উঠিল-

:- দাদা,দাদা সেইফালে চাই লাভ নাই, ডিঙি কাটি দিলেও আজি বুন্দিয়া বিক্ৰী নকৰোঁ……।


****



শ্ৰীমতীৰ পৰা অহা এটা মেচেজ ৰাইজলৈ আগবঢ়োৱা হ`ল। সকলোৱে মত প্ৰকাশ কৰিব 😝😜

লৰালৰিকৈ ঘৰলৈ যাব লগা হোৱাত পত্নীয়ে পতিলৈ চিঠি এখনকে লিখি থৈ গ’ল

মই হঠাৎ ঘৰলে যাব লগা হ’ল; কেনেকে যাম, কিহত যাম, সেইবোৰ কথা চিন্তা কৰিব নেলাগে, কেৱল তলৰ কথা কেইটা মনত ৰাখিব........

১। কামকৰা বাই জনীক দৰমহা দি থৈছো, বেছি দানবীৰ দেখুৱাবলৈ দৰকাৰ নাই। তাই ফটা শাৰী ইচ্ছা কৰিয়েই পিন্ধে, সেই কথাটোত আপুনি মূৰ ঘমাব নেলাগে।


২। আগতেও কৈছো, আমাৰ পেপাৰৱালা, ধুবী, গাখীৰৱালা সেইবোৰ কাষৰ ঘৰতকে বেলেগ। সদায় ৰাতিপূৱা গৈ সেই চমক-চ্ছল্লো জনীক “আপোনালোকৰ পেপাৰ দিলে নে? মোৰ খন দিয়া নাইচোন!” বুলি কবৰ দৰকাৰ নাই আৰু এটা কথা, লুঙি আৰু হাত কটা গেঞ্জি ঘৰত পিন্ধা ড্ৰেছহে, আপোনাৰ প্ৰিয় হলেও, সেই ড্ৰেছটো পিন্ধি আলহী খাই নুফুৰিব ।


৩। আলমাৰীৰ সোফালে আপোনাৰ গেঞ্জি আৰু আণ্ডাৰৱেৰ আছে, বাওফালে ল’ৰাটোৰ। যোৱাবাৰৰ দৰে ভুলকে পিন্ধি অফিচলে গৈ ইচাট বিচাট কৰি আছিল বুলি গম পালে কিন্তু কথা বেয়া হব।


৪। নিজৰ চচমাজোৰ ভালকে ৰাখিব, ফ্ৰিজটো শাক পাচলি মাছ আদিৰ কাৰণেহে কিনিছো। বাথৰূমলৈ যাওতে মোবাইলটো লৈ নেযাব। মই এইবাৰ আকৌ চাবোনৰ কেচৰ পৰা মোবাইল বিছাৰি উলিয়াই দিব নোৱাৰো।


৫। বন্ধু বান্ধৱ বেছিকৈ গোটাব নেলাগে, চোফাৰ কুচনৰ মাজৰ পৰা বাদামৰ বাকলি আৰু চিকেনৰ হাৰ্ডি ওলালে কিন্তু মই ডমেষ্টিক ভায়লেন্স বুলি কেছ দি দিম।


৬। মই নাই বুলিয়েইও গেলাসোপা নোপোৱাই পোৱাদি নেখাব। মোক মিছা কথা কৈ লাভ নাই, খালি বটল দেখিলেই গম পাই যাম। আৰু আপোনাৰ যে বটলবোৰ লুকুৱাই পেলাবলৈ বুদ্ধি আৰু উৎসাহ এটাও নাই, সেইটো মই ভালকৈ জানো।


৭। ফোনটো অন ৰাখিব, গধূলি সাত বজাতে মিছ ইউ জান বুলি কৈ অলপ সময় চুইচ অফ কৰি, পিছত ৰাতি ৩ টা বজাত হোৱাটচ আপত "লাষ্ট চিন" বুলি গম পালে আপোনাক গোটেই অফিচৰ মানুহসোপা মিলিও বচাব নোৱাৰিব।


৮। মই এদিন বাহিৰত খাই আহো বুলি ক’লে আপোনাৰ বাজেট নাইকিয়া হয় আৰু মই নেথাকিলে সদায় কে এফ চি, মেক ডি!!এইবোৰ নচলিব, ঘৰত সদায় ভাত ৰান্ধি খাব। মোক মিছা কথা ক’লেও মই আপোনাৰ পেটৰ চাইজ দেখিয়েই বুজি যাম।


৯। ঘৰত কেইবাজোৰো হাৱাই চেণ্ডেল কিয় ৰখা হৈছে সেই কথাটো অলপ মনত ৰাখিব; একেজোৰ চেণ্ডেলেৰেই বজাৰ কৰা, গা ধোৱা, ভাত ৰন্ধা, এই সকলো কাম কৰিছে বুলি গম পালে কি অৱস্থা হব আপুনি জানেই।


১০। শেষত কেইটামান অতি গুৰুত্বপূৰ্ণ কথা আকৌ সোঁৱৰাই দিছো-


ক) অফিচৰ পৰা অহাৰ পাছত লংপেণ্টটো খুলি ডাইনিং টেবুলৰ ওপৰত থব নেলাগে, সেইখন ভাত খোৱা ঠাই হে! তিয়নি কাপোৰ কেইটা গা ধোৱাৰ পাছত বাহিৰৰ ডাং ডালত মেলি দিলে কাৰো হাড় নেভাগে।


খ) টিভিত অকল ইংৰাজী চিনেমাৰ চেনেলেই নাই, বেলেগ কিবা বস্তুও ওলাই তাত। ৰাতিপূৱা পাৰিলে সংস্কাৰ চেনেলটো চাব।


গ) ভাত খাই উঠি বাচন কেইটা বেচিনত সদায় জমা কৰি গলে, বেচিনটো ব্লক হৈ যায়, তেতিয়া আকৌ প্লাম্বাৰ মাতিব লাগে। বেচিনটো বাচন ধুবলেহে দিছে, শাক পাচলিৰ বাকলি আৰু চেকনিৰ চাহপাত পেলাবলে নহয়।তাতে সেইটো বেচিনো নহয়, চিংক হে।


ঘ) আঠুৱা লগাই শোৱাৰ বাবে আজিলেকে কোনো উশাহ বন্ধ হৈ মৰা নাই।


ঙ) পিছফালৰ দূৱাৰখন দুফাল কৈ মেলি থ'লে, আগফালে প্ৰকাণ্ড তলা এটা মৰাৰ কোনো অৰ্থ নাই।


অকে বাই, দেৰিয়েই হ’ল ..........


বি. দ্ৰঃ- এইখন পঢ়ি যে আপুনি ফুৰ্তিত জপিয়াই উঠিছে, মই গম পাইছো। বেছি ফুৰ্তি নকৰিব, কাৰণ মই তিনিদিনৰ পিছতে ঘুৰি আহি আছো।


*****



''বিয়া নাপাতেই বুলি সি। গোটেই জীৱন অকলশৰে কটাব।''

কিছুমান মানুহে বুজালে, ''অকলশৰে কটাবি ঠিকেই, কিন্তু মৃত্যুৰ সময়ত পানীটোপাল দিয়াৰো তো মানুহ এজন লাগে।''

তেনেদৰে যুক্তিত বলে নোৱাৰি শেষত বিয়া পাতিবলৈ মান্তি হ'ল সি।

বহু বছৰৰ পাচৰ কথা । মানুহজনে দীৰ্ঘ সংসাৰী জীৱন-যাপন শেষ কৰি বৃদ্ধ অৱস্থাত শুইছে মৃত্যুৰ অপেক্ষাত। তেখেতক আগুৰি ধৰি আছে তেখেতৰ পত্নী, পুত্ৰ জীয়েকহঁতে।

মানুহজনে শুই শুই ভাবিছে...

.

.

.

.

.

.

''চেহঃ এনেই বিয়া পাতিলো, পানী পিয়াহ ধৰাই নাই দেখোন।''

😂😂😂😂😂😂😂


******



আজি পুৱাৰ কথা। সদায় যোৱাৰ দৰে আজিও নিলুদা মৰ্নিং ৱাকত গ'ল। কিন্তু কিনকিনিয়া বৰষুণ আৰু ফিৰফিৰিয়া বতাহত তেওঁৰ ঠাণ্ডা লাগি গ'ল আৰু ঘৰলৈ ঘূৰি আহিল। ঘৰলৈ আহিয়েই তেওঁ বিচনালৈ গ'ল আৰু পাতলীয়া ব্লেংকেট খনৰ তলত সোমাই বৌক সাৱতি ধৰিলে আৰু ক'লে = "বাহিৰত বহুত ঠাণ্ডা দেই !!"

টোপনীৰ জালত বৌয়ে ক'লে = "আমাৰ সেই মূৰ্খটো আকৌ মৰ্নিং ৱাক কৰিবলৈ গৈছে।"


******



ছাত্ৰ- এটা প্ৰশ্ন সোধো ছাৰ?

শিক্ষক- সোধা !

ছা- যদি আপোনাক হাতী এটা ফ্ৰিজৰ ভিতৰত সুমাব দিয়ে, তেন্তে আপুনি কেনেকে সুমুৱাব?

শি- নাজানো।

ছা- সহজ কাম, প্ৰথমে ফ্ৰীজৰ দুৱাৰখন খুলি হাতীটো ভিতৰত সুমুৱাই দিলেই হ'ল।

শি- অহ্ !!

ছা- আৰু এটা প্ৰশ্ন ছাৰ.... যদি গাধ এটা ফ্ৰিজত সুমাব দিয়ে....?

শি- simple, প্ৰথমে ফ্ৰিজৰ দুৱাৰখন খুলি গাধটো ভিতৰত সুমুৱাই দিলেই হ'ল।

ছা- নহয়... প্ৰথমে ফ্ৰিজৰ দুৱাৰখন খুলি হাতীটো উলিয়াই গাধটো সুমুৱাব লাগিব।

শি- অহ্

ছা- আৰু এটা প্ৰশ্ন ছাৰ। ধৰা হ'ল সিংহৰ ঘৰত পাৰ্টি চলি আছে আৰু সকলোবোৰ তাত উপস্থিত আছে। কিন্তু সেই পাৰ্টিত এজন missing থাকিব?কোন সি?

শি- নিশ্চয় সিংহ। কাৰণ সি থাকিলে সকলোকে খাই পেলাব।

ছা- ভুল!!! তাত সেই গাধটো missing থাকিব। কাৰণ সি ফ্ৰিজৰ ভিতৰতে আছে।

শি- উম্!!!

ছা-এটা অন্তিম প্ৰশ্ন। সেই সিংহৰ পাৰ্টিত যোৱাৰ এটা নদী আছে, য'ত বহুত ঘৰিয়াল আছে। নদীটো কেনেকৈ পাৰ হ'ব?

শি- নিশ্চয় নাৱেৰে। ন'হলে ঘৰিয়ালে খাই পেলাব।

ছা- নহয় ছাৰ। নদীটো সাতুৰিয়ে পাৰ হ'ৱ পাৰিব। কাৰণ নদীৰ সকলো ঘৰিয়াল সিংহৰ পাৰ্টিত গৈছে!!!


*****



শিক্ষক :- ঐ নগেন ,,, তুমি ইংৰাজীত 1ৰ পৰা 10লৈকে লিখিব জানানে?


নগেন :- নিশ্চয় জানোঁ চাৰ। নগেনে 1 2 3 4 5 6 7 8 9 10 লিখি বহীখন শিক্ষক দিলে।


শিক্ষক :- ঐ গাধ ,,,ইয়াৰ ভিতৰত 5 নাইচোন ,


নগেন :- চাৰ ,,, 5 নাই চাৰ। 5 ৰ মৃত্যু হৈছে।


শিক্ষক প্ৰচণ্ড খঙেৰে :- কেনেকৈ? 5ৰ আকৌ কিদৰে মৃত্যু হ'ল?


নগেন :- চাৰ! আপুনি চাগে ইংৰাজী বাতৰি কাকত নপঢ়ে। সেয়েহে নাজানে । মই যোৱা সপ্তাহত The Assam Tribune নামৰ ইংৰাজী বাতৰি কাকতখনত পঢ়িবলৈ পাইছোঁ - " 5 died in a road accident "


শিক্ষক বেহুচ!!!😝😝😝


*****



শিক্ষক : ‘কপাল’ শব্দৰে এটা কবিতাৰ পংক্তি লিখাচোন।

ছাত্ৰ : কপাল তিতি গ’ল মোৰ চকুলোৰ বানত .....

শিক্ষক : তই এটা গাধ, চকুৰ পানী ওপৰলৈ বৈ যায় নেকি?

ছাত্ৰ : ৰ'ব ছাৰ, পাছৰ শাৰীটো শুনক-

-ভৰি দুটা বন্ধা আছিল গছৰ ডালত ।


*****



ছোৱালী: মই তোমাক পচন্দ কৰোঁ, তুমি মোৰ বাবে এজন বন্ধুতকৈও বেছি, কিন্তু মোৰ বয়ফ্ৰেণ্ড নহয়৷ তোমাৰপৰা মই একোৱেই নুলুকুৱাও, মোৰ অন্তৰখন তোমাৰ সন্মূখত এখন খোলা কিতাপ, কিন্তু তোমাক মোৰ দাদা বুলিও ভাবিব নোৱাৰোঁ৷ তুমি বহুতেই ভাল, তোমাক মই পচন্দ কৰোঁ, কিন্তু তোমাক প্ৰেমিক হিচাপে ল’ব নোৱাৰোঁ… তোমাৰপৰা আঁতৰিও মই থাকিব নোৱাৰোঁ৷ তুমি বিনে মোৰ জীৱনটো যেন ৰসবিহীন৷ তুমি বুজি পাইছানে বাৰু জান, তুমি মোৰ বাবে কি?

ল’ৰা: ঠিক বুজিছোঁ৷ মই এটা গাধ৷ এটা মস্ত দগধা গাধ৷


*****



নগেনে ৰাতি ১২ বজাত ওৱাইন চপ দোকানীৰ মালিকক ফোন লগালে -

নগেন -আপোনাৰ দোকান কেইটা বজাত খুলিব?

দোকানী - দুপৰীয়া ২ বজাত।

অলপ পিছত আকৌ -

নগেন - হেল্ল ..... আপোনাৰ দোকান কেইটা বজাত খুলিব ?

দোকানী - কালি দুপৰীয়া ২ বজাত।


৫ মিনিট পিছত আকৌ-

নগেন - আপোনাৰ দোকান কেইটা বজাত খুলিব?

দোকানী (খঙেৰে আৰু চিঞৰি চিঞৰি) আৰে ধুম কলা ..... কাইলৈ ..... দুপৰীয়া ২ বজাত। কিমানবাৰ কব লাগে হা?

নগেন - আচলতে মই আপোনাৰ দোকানৰ ভিতৰৰ পৰা কৈ আছো।

লগে লগে দোকানী দৌৰি আহি দোকানৰ তলা খুলি ভিতৰলৈ চাই দেখে ভিতৰত কোনো নাই।এনেতে পিছফালৰ পৰা নগেনে মাত লগালে -

নগেন - দোকান খুলিলেই যেতিয়া কুৱাটাৰ এটা দিওঁক। ..... ৰয়েল ষ্টেগহে দিব দেই।😂😂


*****



জীৱবোৰৰ ফেচবুক থকা হ'লে সিহঁতে ষ্টেটাছ কেনেকৈ দিলেহেঁতেন বাৰু? দুটামান উদাহৰণ-

🕷

পইতাঁচোৰা

°°°°°°°°°°°°°°

আজি অলপৰ বাবেহে বাচিলোঁ! মোক দেখি এজনী ছোৱালীয়ে ইমান জোৰেৰে চিঞৰিলে যে মোৰ হাৰ্ট এটেক হ'ল হেঁতেন! ভগৱানে বচালে!

🐈

মেকুৰী

°°°°°°°°°°°

কি যে বিপদত পৰিলোঁ! মোৰ সাত নম্বৰ পোৱালিটোৱে তাৰ দেউতাক কোন জানিব খুজিছে। কি যে উত্তৰ দিম ভাবিয়েই পোৱা নাই, মই দেখোন নিজেই নাজানো।

মহ

°°°°°°°°°

সকলো কুশলে থাকিব। এইটোৱেই হয়তো মোৰ অন্তিম ষ্টেটাছ। মোৰ এইডছ হৈছে। কেলৈ যে সেই পাষণ্ডটোৰ তেজ শুহিবলৈ গৈছিলোঁ। মই আৰু কাকো মুখ দেখুৱাব নোৱাৰিম, মোৰ মৃত্যুৱেই শ্রেয়।

🐖

গাহৰি

°°°°°°°°°°

কোন হাৰামজাদাই জানো উৰাবাতৰি উৰুৱাই আছে মই হেনো ফ্লু বিয়পাই আছোঁ। তাক এবাৰ মই পাই লওঁ।

🐓

মুৰ্গী

°°°°°°°°°°°°

কাইলৈ পুৱা যদি মোৰ ষ্টেটাছ নোপোৱা তেনেহ'লে ধৰি ল'বা KFCত মোক ছাৰ্ভ কৰা হৈছে।

🐜

পৰুৱা

°°°°°°°°°°°

ইছ ৰাম, বৰুৱানী বাইদেউ ইমান কনজুচ, চেনীৰ বটলত নিমখৰ লেবেল লগাই থৈছে, আজি ভাল ঠগ খালোঁ জানা।

🎭🎭🎭🎭🎭🎭


******



শিৱ : মোৰ ত্রিশুল ক'ত?

পার্বতী : ৰজনীকান্তে লৈ গৈছে।

শিৱ : কিয় ?

পার্বতী : চাউমিন খাব বোলে .. 🍴😱😀😝


*****



*শাস্ত্ৰত ক'বলৈ থাকি যোৱা কথা কেইটামান*


এই যে আপুনি আইচক্ৰীম খোৱা অৱস্থাত এখন হাত তলত ৰাখে গীতাত শ্ৰীকৃষ্ণই ইয়াকেই মোহ বুলি বৰ্ণনা কৰি থৈ গৈছে 

আৰু আইচক্ৰীম শেষ হোৱাৰ পিছতো যি কাঠটুকুৰা চেলেকি থাকে গীতাত এই কাৰ্যকে লোভ বুলি উল্লেখ কৰি থৈ গৈছে 

আৰু কাঠটুকুৰা পেলাই দিয়াৰ পিছত লগৰজনলৈ চাই যদি মনত এই ভাৱ আনে যে তাৰ আইচক্ৰীম এতিয়াও কেলেই শেষ হোৱা নাই, গীতাৰ মতে এয়াই ঈৰ্ষা 

আৰু যদি আইচক্ৰীম শেষ হৈ যোৱাৰ আগতেই সৰি পৰে, সেই সময়ৰ আপোনাৰ মানসিক অৱস্থাকেই ক্ৰোধ বুলিছে।

আৰু কথাবিলাক পঢ়ি যে আপুনি মিচিকিয়াই আছে গীতাত তাকেই মোক্ষ বুলি কৈ গৈছে।


******



ৰাতিপুৱাই এখন বন্ধ ক্লিনিকৰ সন্মুখত ডাক্তৰক দেখা কৰিবৰ বাবে বহুতো মানুহে লাইন পাতি আছিল। মানুহবোৰে বহু সময় ধৰি দীঘলীয়া লাইনত ঠিয় হৈ আছিল।

তেনেতে এজন মানুহে বাৰে বাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছিল, কিন্তু মানুহবোৰে তেওঁক টানি টানি কেইবাবাৰো পিছত ঠিয় কৰাই দিছিল।

এনেদৰে বাৰে বাৰে আগলৈ যাব নোৱাৰি অৱশেষত মানুহজনে কলে-

পাতি থাকক, আপোনালোকে লাইন পাতি থাকক। আজি মই ক্লিনিকেই নোখোলো।


*****



শইকীয়া - কি অ ভাই, যোৱাকালি গধুলি তোমাৰ ঘৰত ইমান মানুহৰ ভিৰ কিয়? একেবাৰে মিডিয়া চিডিয়া লৈ হুুলস্থূল, কিবা হৈছিল নেকি?

হাজৰিকা - নহয় অ.. একো হোৱা নাই, পিছে মোৰ মানুহজনীয়েহে এটা অঘটনঃ ঘটালে

শইকীয়া - কি অঘটন? 

হাজৰিকা -তাই মানে মোৰ মানুহ গৰাকীয়ে বিউটি পালাৰৰ পৰা ভালদৰে সাজি কাচি একদম ধুনীয়া মেকআপ কৰি আহি ছেলফি এটা তুলি ফেচবুকত আপডেট দিওতে ভুলতে আপডেটটো ফেচবুকত নিদি olx ত হে দি পালে... সেয়ে গ্ৰাহকৰ ভিৰ হৈছিল।


*****


~বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে 🙏



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.