ৰাঙলী বুঢ়ীৰ দান_কবি-বিনন্দ চন্দ্ৰ বৰুৱা_অসমীয়া কবিতা_Assamese Famous Poem

ৰাঙলী বুঢ়ীৰ দান_কবি-বিনন্দ চন্দ্ৰ বৰুৱা_অসমীয়া কবিতা_Assamese Famous Poem Written by Binandra Chandra Baruah


ৰাঙলী বুঢ়ীৰ দান_কবি-বিনন্দ চন্দ্ৰ বৰুৱা_অসমীয়া কবিতা_Assamese Famous Poem
ৰাঙলী বুঢ়ীৰ দান_কবি-বিনন্দ চন্দ্ৰ বৰুৱা




                 ৰাঙলী বুঢ়ীৰ দান


                                      কবি: বিনন্দ চন্দ্ৰ বৰুৱা 





’ ৰঙামুৱা, অ’ ৰঙামুৱা চোতাল পালেহি মান,

জামুগুৰি চাপৰিত গি্ৰজনি মাৰিছে, চিঞৰত ফালিছে কাণ৷

মানৰ ৰণ-চালি কিনো তালি ভুলি, কিনো নিঠৰুৱা প্ৰাণ,

স্বৰ্গদেউ ঈশ্বৰৰ, সোণৰ দেশ ভাঙিছে, গচকত ভাঙিছে ধান৷

গগৈ সেনাপতি অকলে অাহিছে, চাপৰিত পাতিব ৰণ;

যোৰহাট নগৰত স্বৰ্গদেউ ঈশ্বৰে, খৰকৈ গুণিছে ক্ষণ৷

অসমীয়া সেনা তেনেই তাকৰীয়া, তথাপি জীৱন পণ,

ৰাখিব লাগিব সোণৰ অসম, দেশৰ জীৱন ধন৷

বনৰ বন-ৰজা, মানৰ শতৰু, দেশ ৰাখিবৰ হই;

সিবাৰ গৰু নিলে, কোঠাত সোমাই, মানকো কামুৰি থই৷

অ’ ৰঙামুৱা, দুখুনী বাঁৰীৰ, এটি অাঁচলৰ ধন,

তথাপি লাগিব, যুঁজলৈ যাব, থৌকি বাথৌ মন৷

উঠ ৰঙামুৱা, ফেহুঁজালি দিলে, শুবৰ সকাম নাই,

দা- যাঠী লৈ, যা লৰা লৰি, বেগতে এমুঠি খাই৷

ৰাতিতে যতনাই ৰাখিছোঁ কৱচ, পিন্ধিব পাৰিবি তই

মানৰ যুজঁত পিতাৰা ঢুকাল, যুঁজলৈ কিহৰ ভয়?

এইদৰে কৈ, ৰাঙলী বুঢ়ীয়ে, ৰঙাক যুঁজলৈ পাচি,

জীৱন মৰণ ভৰিৰে গচকি যশ মান ল’লে বাচি ।



ৰাঙলী বুঢ়ীৰ দান_কবি-বিনন্দ চন্দ্ৰ বৰুৱা_অসমীয়া কবিতা_Assamese Famous Poem Written by Binandra Chandra Baruah


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.