অসমৰ অসমীয়া সাধু কথা||Assamese Moral Story For kids|| Assamese Fairy Tales||Assamese Short moral story in Assamese language
কাহিনীঅনিল বেজ হ'ল-অসমৰ অসমীয়া কাহিনী-Assamese short interesting moral story
ভৰ দুপৰীয়া অনিল হাবিৰ লোংলােঙিয়া বাটেদি গৈ আছিল। গৈ থাকোতে বাটত এজোপা জাৰীগছ পালে। গছজোপাৰ তলখন অতি পৰিস্কাৰ দেখা পালে। গছজোপাৰ ছাঁতে অনিল অলপ ৰ'ল।
এনেতে বগা সাজপাৰ পিন্ধা মানুহ এজন আহি অনিলৰ অাগত ওলালহি। অনিলে মানুহজনৰ আগৰ পৰা গুৰিলৈকে চালে। মানুহ জনে সামান্য হাঁহি মাৰি কলে –“অনিল, তুমি আহিলা। তোমাক বহু দিনৰ পৰা বিচাৰি আছো। আহিলা যেতিয়া আমাৰ ঘৰতে বহা।”
মানুহজনে বহা বুলি কোৱাৰ লগে লগে ঠাইখনৰ ৰূপ পৰিবৰ্তন হৈ পৰিল । হাবিৰ মাজতে এখন ধুনীয়া ঘৰ দেখা পালে। ঘৰৰ সমুখৰ ফুলনী বাৰী খনত চকী টেবুল সজাই থোৱা আছে । অনিল আগবাঢ়ি গৈ তাতে বহিল। মানুহজন সমুখৰ চকীখনতে বহিল। লগে লগে এজনী দিপলিপ গাভৰুৱে অাহি বহুতো খোৱা বস্তু দি গ'ল। মানুহজনে অনিলক খাবলৈ কলে। অনিলে খাওঁ নেখাওঁ কৈ জলপান খিনি খালে ।
তাৰ পিছত মানুহজনে পুনৰ কলে—“মানুহৰ উপকাৰৰ কাৰনে তুমি কিছুমান কাম কৰিব লাগিব। কেনেকৈ কৰিব লাগে, সকলো কথা মই বুজাই দিম"।
তেতিয়া অনিলে কলে—“আপোনাৰ সহায় হলে মই মানুহৰ উপকাৰৰ কাৰনে যি কোনো কামেই কৰিব পাৰো।”
অনিলে সম্মতি প্ৰকাশ কৰাত কানৰ ওচৰত ফচ ফচাই মন্ত্র এফাকি শিকাই কলে—“এই মন্ত্র উচ্চাৰণ কৰাৰ লগে লগে মই তােমাৰ ওচৰত উপস্থিত হম । তুমি যি সুধিব খুজা তাকে সুধিবা । মই উত্তৰ দিম । তুমি এই কথাও জানি থােৱা যে মােক কেৱল তুমিহে দেখিব পাৰিবা। আন কোনেও নেদেখে।”
এনেকৈ দুয়ােজনে বহুত কথা পাতিলে। অৱশেষত মানুহ জনে অনিলক ঘৰত থৈ গ'লহি ।
কেইদিন মানৰ পিছত অনিলৰ ঘৰৰ ওচৰত থকা এজন মানুহ নৰীয়াত পৰিল। মানুহজন মৰিব বুলি জানিব পাৰি দূৰনিৰ পৰা মানুহ আহি চাই গ’লহি। অনিলো এদিন মৃত্যুমুখী ৰূগীজনৰ ওচৰত বহি অাছিল। ভালে কেইজন অন্য মানুহো আছিল। সকলোৰে আগত অনিলে কলে –“ৰাইজ, মানুহজন আৰােগ্যৰ কাৰনে মই অলপ চেষ্টা কৰি চাও" সমবেত ৰাইজে সম্মতি প্ৰকাশ কৰিলে।
অনিলে জৰী গছৰ তলত লগপোৱা মানুহ জনক স্মৰন কৰিলে । দেবতা ৰূপী মানুহজন আহিল। কোনেও গম নােপোৱাকৈ ৰূগীজনৰ বিষয়ে কথা পাতিলে তাৰ পিছত অনিলে কলে—“ৰাইজ; ৰুগীৰ জন্ম ইষ্ট আহিছে। কাছই চাউল খােৱাব লাগিব। নহলে অকাল মৃত্যু হব। বেমাৰ লাহে লাহে ভাল হব। ডাক্তৰৰ ঔষধ খোৱাব লাগিব।”
বহি থকা এজন বুঢ়াই কলে—“তােমাৰ মঙ্গলখন মনে ধৰিছে। পিছে ক’ত শিকিলা মঙ্গল চাবলৈ ?”
তেতিয়া অনিলে জৰী গছৰ তলত লগ পােৱা মানুহ জনৰ বিষয়ে সবিশেষ কলে। সমবেত ৰাইজে অনিলৰ কথাৰ পৰা জানিব পাৰিলে যে চামােন দেৱতাই অনিলক মঙ্গল শিকাইছে। সকলােৱে অনিলক ভাল কামেই শিকিছে বুলি ধন্যবাদ জনালে।
সচাকৈ কাছই চাউল খােৱাই ঔষধ ব্যৱহাৰ কৰাত ৰুগীজন ক্রমান্নয়ে আৰােগ্য লাভ কৰিলে ।
অনিলে মঙ্গল চোৱাৰ কথা ইকান সিকানকৈ বাগৰি গ'ল। মঙ্গল চাই জৰা পােকা কৰে। প্রয়োজন হলে ঔষধ্যে দিয়ে। ৰুগীয়ে আৰােগ্যও লাভ কৰিছে।
কিছুদিনৰ পিছত অনিলক “অনিল বেজ' বুলি কলে সকলোৱে চিনি পােৱা হল।
এদিনৰ কথা। শাওন মাহ। গাঁৱত বানপানী হৈছে। যেনি তেনি কেৱল পানী। ৰাস্তাৰ ওপৰেদি পানী বাগৰিছে। মাজ ৰাতি অনিলে ওচৰৰে এখন গাঁৱৰ পৰা ৰুগী এজনক চোৱা চিটা কৰি আহিছে। কতো মানুহ নাই। কেৱল পানীৰ শব্দই উখল মাখল লগাইছে। অনিলে অলপো ভয় নকৰি ৰাস্তাই দি ঘৰলৈ আগবাঢ়ি গৈ আছে। এনেতে দূৰত এটা পােহৰ দেখিবলৈ পালে । পােহৰ টো ক্রমান্নয়ে আগবাঢ়ি আহি আছে। পােহৰটো আহি অনিলৰ ওচৰ পালেহি। অনিলে পােহৰটো ভালকৈ লক্ষ্য কৰিলে। এজন মানুহ নাও এখনত আহি আছে। নাৱৰ ভিতৰত সাতটা কলহ আছে ।
ওচৰ পােৱাৰ লগে লগে অনিলে সুধিলে --“কোন তুমি ?
উত্তৰ আহিল-“মই গােলই। গােটেই ঠাইখনত পানী হোৱাত বাম ঠাইলৈ আহিছো।”
‘'এতিয়া ক’ত যাব ?” অনিলে সুধিলে।
“খঙীয়া চাপৰিলৈ।”
“ময়ো গাঁৱত ৰুগী এজন চাবলৈ গৈছিলো। অহাত পলম হ'ল।
“তেনেহলে তুমি অনিল নােহােৱানে ?”
"হয়"
‘তােমাৰ নাম মই বহুবাৰ শুনিছো। তুমি মানুহক বহুত উপকাৰ কৰিছা। অন্যায় নকৰিবা। ভালেই হৈছে। মােৰ এই কলহ বােৰত ধন আছে। একলহ তুমি লৈ যােৱা।”-এই বুলি একলহ ধন অনিলক দিলে। অনিলে ধন খিনি বাৰীৰ চুকত ৰাখি অসুবিধা হলে অলপ ধন উলিয়াই খৰচ কৰে।
এনেকৈ অনিলে সুখেৰে বেজ কৰ্ম্ম কৰি জীৱন ধাৰন
কৰিব ধৰিলে।
🖊সংগৃহীত