অসমৰ অসমীয়া সাধু কথা, কাহিনী||Assamese Story Moral story for kids in Assamese language||latest interesting Assamese Fairy Tales||Assamese Short moral story
কাহিনী |
আচল মানুহ- অসমীয়া কাহিনী, অসমৰ সাধুকথা-Short Interesting Assamese moral story for kids
এখন গাৱঁত এজন বুঢ়া আছিল । তেওঁৰ নাম আছিল ৰমেশ । ৰমেশৰ সাত জন পুতেক আছিল। বয়সৰ লগে লগে সাতােজনে বিয়া পাতিলে। নাতি-নাতিনী হ’ল বহুত।
মুঠতে ঘৰখনত দুকুৰিমান মানুহ হব। সকলাে মানুহে একেলগে খােৱা বােৱা কৰে। খেতিৰে পঞ্চাশ পুৰামান মাটি। তিনিটা পাঁচ কোঠাৰ ভড়াল ভৰে। কিন্তু ৰমেশ বুঢ়াৰ মনত এটা ডাঙৰ চিন্তা থাকিল। সেইটো হ’ল বছৰৰ মূৰত খাবলৈ, ধানে এমাহ হলেও নুজুৰে।
ইমান খেতি কৰি ধানে কিয় নুজুৰিব? ৰমেশে চিন্তা কৰি একো পাৰ নােপােৱা হ’ল। এই প্রশ্নৰ উত্তৰ বিচাৰি বহুতকে সুধিলে । কোনেও শুদ্ধ উত্তৰ দিব নােৱাৰিলে।
এদিন মনৰ বেজাৰত ৰমেশ ঘৰৰ পৰা বাহিৰ ওলাল। মনতে ভাবি ললে যে—যেতিয়ালৈকে উত্তৰ বিচাৰি নেপাব তেতিয়ালৈকে ঘৰলৈ ঘুৰি নাহে।
পুৱাৰ ভাগত ৰমেশে যাত্ৰা আৰম্ভ কৰিলে। হাবিৰ মাজে মাজে বহুদূৰ বাট গ'ল । কাৰো লগত দেখা দেখি নাই । লুং লোঙিয়া বাটেদি ৰমেশ গৈ আছে। বাটৰ কাষত ওখ ডাঙৰ কিছুমান গছ আছে। এজোপা গছৰ তলত ৰমেশে অলপ জিৰনি লওঁ বুলি বহিল। হাঁচতি খন খুলি তামোল এখন খাই ললে ।
সেই গছ জোপাৰ ওপৰৰ ডালত এটা শগুণৰ বাহ আছিল। শগুন হালৰ দুটা পোৱালী আছিল। পােৱালি হাল ডাঙৰ হােৱা আজি কেইবা বছৰ হ'ল। উৰিব হলে পৰা নাই। পােৱালি হাল উৰিব নোৱাৰাত শগুনী বৰ চিন্তা হ’ল। কেনেকৈ পােৱালি হাল উৰুৱাব পৰা যায়। এই কথা চিন্তা কৰি একো উপায় নেপায় শগুণ জনীয়ে পােৱালি হালকে সুধিলে: ‘তােমালােকক ইমান দিনে খােৱাই উৰণীয়া কৰিব পৰা নাই। কি খালে তােমালােক উৰিব পাৰিবা?”
পােৱালি হালৰ এটাই মাত লগালে , “ইয়াৰ উত্তৰ আমি থকা গছ জোপাৰ তলতে এজন মানুহ বহি আছে, তেওঁ নিশ্চয় দিব পাৰিব।”
লগে লগে শগুণজনীয়ে তললৈ চাই দেখিলে যে হয়, বুঢ়া মানুহ এজন বহি আছে । তাই উৰা মাৰি নামি আহিল । ৰমেশৰ আগত পৰি সুধিলে:- ‘বাটৰুৱা ককাই, মােৰ পােৱালি এহাল আজি কেইবা বছৰ ধৰি উৰুৱাব পৰা পৰা নাই। ইয়াৰ এটা উপায় দিয়ক।
ৰমেশ আচৰিত হ'ল। তেওঁ কলে:- “মই নিজৰ কথাকে চিন্তা কৰি উত্তৰ উলিয়াব বৰা নাই। তােমাৰ উত্তৰ কেনেকৈ দিম।”
শগুণজনীয়ে পােৱালি হালৰ ওচৰলৈ আহি কলে:- “তেওঁ উত্তৰ দিব নােৱাৰে।”
পােৱালিটোৱে কলে:- “নহয়, তেওঁ পাৰিব । আকৌ সুধাগৈ ।”
শগুণ জনীয়ে পুনৰ কলেঃ-“পাৰিব বুলি কৈছে।”
ৰমেশ অলপ থমকি ৰ'ল । তাৰ পিছত কলেঃ- “মই ভাতে ঘৰখনক জোৰাব পৰা নাই। তোমাৰ পােৱালি কেনেকৈ উৰিব কওঁ কেনেকৈ ?”
এইদৰে শগুণ জনীয়ে এবাৰ পােৱালি হালৰ ওচৰলৈ আৰু এবাৰ ৰমেশৰ ওচৰলৈ আহ যাহ কৰি থাকিল । শেষত শগুণৰ পােৱালিটোৱে কলে যে মানুহৰ মাংস খালেই উৰিব পাৰিব ।
পিছে মানুহৰ মাংস পাব ক’ত? ইয়াৰ উত্তৰ পােৱালিটোৱে দিলে । পােৱালীটোৱে কোৱা মতে শগুনজনীয়ে আহি ৰমেশক কলে:- “মোৰ পােৱালি হালে মানুহৰ মাংস খালেহে উৰিব পাৰিম বুলি কৈছে। সেই মাংস আপােনাকে আনিবলৈ কৈছে।” “মইনো মানুহৰ মাংস ক’ত পাম?” ৰমেশে কলে।
‘অলপতে সাগৰত বা-মাৰলী হৈছিল। কেইবা খনো গাওঁ বান পানীত দূৰ গৈছে। বহুতাে গৰু ম'হ আৰু মানুহৰ মৃত্যু হৈছে। সাগৰৰ পাৰত বহুত মৰা মানুহৰ শ লাগি আছে, তাৰ পৰা আনিলেই হব।”
শগুণজনীৰ কথামতে পিছদিনা সাগৰৰ পাৰলৈ গ'ল। সাগৰৰ পাৰত ৰমেশে দেখিলে যে গৰু ম'হ ছাগলীৰ মৰাশৰ মাজে মাজে মানুহৰ শও আছে। তাৰ পৰাই অলপ মঙহ লৈ আহিল। ৰমেশে মঙহখিনি আনি শগুনী জনীক দিলেহি। শগুনীজনীয়ে নি পােৱালি হালক দিলে। তেতিয়া পােৱালি হালে কলে যে এইখিনি মানুহৰ মঙহ নহয়। তেওঁক পুণৰ আনিবলৈ কলে।
ৰমেশক শগুনীয়ে পােৱলিটোৰ কথা কলে। লগতে পুনৰ মানুহৰ মাংস আনিবলৈ অনুৰােধ কৰিলে । ৰমেশ আচৰিত হৈছিল যদিও পুনৰ সাগৰৰ পাৰৰ পৰা মানুহৰ মাংস লৈ আহিল ।
এইবাৰৰ পোৱালিটোৱে মানুহৰ মাংস নহয় বুলি কলে। ৰমেশে আচৰিত হৈ কলেঃ- “মই মানুহৰ মাংসই আনিছো। নহয় বুলি কলেও মানিব নােৱাৰো।”
তেতিয়া শগুণজনীয়ে পােৱালিটোক ৰমেশৰ কথাখিনি কলে । তেতিয়া পােৱালিটোৱে নিজৰ গাৰ পাখী এপাত দি কলে:- “এই পাখী পাতৰ মাজেদি চালে মানুহ, গৰু সকলো চিনিব পাৰিব।” শগুন- জনীয়ে পাখীপাত নি ৰমেশক দি সকলো কলে। ৰমেশে পাশীপাত লৈ সাগৰৰ পাৰ পালেগৈ। সাগৰৰ পাৰত থিয় দি পাখী পাতেৰে এফালৰ পৰা উটি অহা মৰা শবােৰ চাই থাকিল। পাখী পাতৰ মাজেদি চালে মানুহৰ মৰা শবোৰো গৰু গাহৰিহে দেখিলে । পুৱাৰ পৰা আবেলিলৈকে চাই চাই মানুহৰ মৰা শ এটাও দেখা নেপালে ।
বেলি পৰিবলৈ মাথাে অলপ সময়হে বাকী আছিল। এনেতে দূৰত এজনী সৰু ছােৱালী ভাহি অহা দেখিবলৈ পালে । আহি আহি ছােৱালীজনী পাৰত লাগিলহি । ৰমেশে সেই ছােৱালীজনীৰ গাৰ পৰা মাংস অলপ কাটি লৈ আহিল। মাংসখিনি আনি শগুনি জনীক দিলেহি। তাই মাংসখিনি পােৱালি হালক দিলে। পােৱালি হালে মানুহৰ মাংস খাই উৰিব পৰা হ'ল।
শগুনজনীৰ মনত অপাৰ আনন্দ লাগিল। ৰমেশে তেতিয়া শগুনজনীক কলেঃ—“তােমাৰ পােৱালি উৰিব পৰা হ’ল । মোকো এটা উপায় দিবলৈ কোৱা।” ৰমেশৰ কথা মতে শগুনজনীয়ে পােৱালিটোক সুধিলে। পােৱালিটোৱে কলে যে পাখী পাতেৰে ঘৰৰ মানুহবােৰক চালেই আচল মানুহ ধৰিব পাৰিব। তেওঁকে ৰন্ধাবঢ়া কৰিবলৈ দিলেই ভাতে জোৰা মাৰিব।
ৰমেশ পাখীপাত লৈ ঘৰ পালেগৈ। ভালে কেইদিনৰ মূৰত ৰমেশ ঘৰলৈ যােৱাত ঘৰৰ মানুহ বােৰে বাহিৰ ওলাই চাবলৈ আহিল। ৰমেশে পদূলিৰ মূৰত ৰৈ পাখীটোৰে চোৱাত লাগিল।
“তেওঁ মানুহবোৰ গৰু, গাহৰি, ছাগলী হাঁহ কুকুৰাৰ ৰূপত দেখিবলৈ পালে , এই বোৰৰ ভিতৰত সৰু বোৱাৰীয়েকক মাত্র মানুহ ৰূপত দেখা পালে । পিছত সৰু বােৱাৰীয়েকক পাক ঘৰৰ গটাই দিলে। তেতিয়াৰ পৰা ৰমেশৰ ভাতে জোৰ মৰিল।
🖊সংগৃহীত