পৰিবেশ সুৰক্ষা আইন,পৰিৱেশ সংৰক্ষণ,বিশ্ব পৰিবেশ দিৱস-Types and importance of environmental law

পৰিবেশ সুৰক্ষা আইন-পৰিৱেশ সংৰক্ষণ আৰু অধ্যয়নৰ প্রয়োজনীয়তা, পৰিবেশ দিৱস-পৰিবেশ সুৰক্ষা আইন-বন সংৰক্ষণ আইন-list,types and importance of environmental law in Assamese language







পৰিবেশ সুৰক্ষা বিষয়ক আইনকানুন||মানৱ পৰিবেশ সম্পৰ্কীয় আন্তর্জাতিক আলােচনা চক্র-প্রথমখন পৰিবেশ সম্পর্কীয় আন্তজাতিক সন্মিলন||ধৰিত্ৰী শীর্ষ সন্মিলন-বিশ্বৰ আটাইতকৈ ডাঙৰ সন্মিলন||সর্বপ্রথম ‘বন্যপ্রাণী চিকাৰ নীতিৰ প্রচলন||ভাৰতবৰ্ষত পৰিবেশ সম্পর্কীয় আইন কানুনৰ প্রথম সূত্রপাত||পৰিবেশক সুৰক্ষিত কৰাৰ বাবে ভাৰত চৰকাৰে প্রণয়ন কৰা চাৰিখন গুৰুত্বপূৰ্ণ আইন||বন্যপ্রাণী (সুৰক্ষা) আইন, ১৯৭২||পানী (প্ৰদূষণ প্ৰতিৰােধ আৰু নিয়ন্ত্রণ) আইন, ১৯৭৪||বায়ু (প্ৰদূষণ প্রতিৰােধ আৰু নিয়ন্ত্রণ) আইন, ১৯৮১||পৰিবেশ (সুৰক্ষা) আইন, ১৯৮৬-পৰিৱেশ সংৰক্ষণৰ প্রয়োজনীয়তা আৰু বিশ্ব পৰিবেশ দিৱস-


first-environmental-law-types-and-importance-of-environmental-law-in-Assamese-language-essay-on-environment-preservation-of-environment-how-to-save-environment-natural-environment-theme-of-environment-day
পৰিবেশৰ তথ্য




পৰিবেশ সুৰক্ষা বিষয়ক আইনকানুন||মানৱ পৰিবেশ সম্পৰ্কীয় আন্তর্জাতিক আলােচনা চক্র-প্রথমখন পৰিবেশ সম্পর্কীয় আন্তজাতিক সন্মিলন


মানৱ পৰিবেশ সম্পৰ্কীয় আন্তর্জাতিক আলােচনা চক্র-প্রথমখন পৰিবেশ সম্পর্কীয় আন্তজাতিক সন্মিলন-পৰিৱেশ সংৰক্ষণৰ প্রয়োজনীয়তা আৰু বিশ্ব পৰিবেশ দিৱস-


পৰিবেশ প্ৰদূষণ এক আন্তঃৰাষ্ট্ৰীয় সমস্যা। কোনাে এখন দেশে অকলে এই সমস্যাৰ সমাধান কৰিব নােৱাৰে। সকলাে দেশৰে উমৈহতীয়া প্ৰচেষ্টাৰে এনে সমস্যাৰ সমাধান কৰি পৰিবেশ সংৰক্ষিত কৰাটো সম্ভৱ। এনে উদ্দেশ্য আগত ৰাখিয়ে ১৯৭২ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ উদ্যোগত 'মানৱ পৰিবেশ সম্পৰ্কীয় এখন আন্তর্জাতিক আলােচনা চক্র ছুইডেনৰ ষ্টকহম মহানগৰত অনুষ্ঠিত কৰা হৈছিল। এইখনে সম্ভৱতঃ প্রথম পৰিবেশ সম্পর্কীয় আন্তজাতিক সন্মিলন আছিল। এয়া আছিল আন্তঃৰাষ্ট্ৰীয় সমস্যা এটিৰ সমাধানৰ বাবে লােৱা প্রথম পদক্ষেপ। এই সন্মিলনে সমগ্র বিশ্ববাসীক পৰিবেশৰ সুৰক্ষা সম্পর্কে সজাগ কৰি তুলিলে। এইসন্মিলনত আমাৰ দেশ ভাৰতবৰ্ষয়ে যােগদান কৰিছিল। উক্ত সন্মিলনত তদানীন্তন ভাৰতৰ প্ৰধান মন্ত্রী প্রয়াত শ্ৰীমতী ইন্দিৰা গান্ধীয়ে যােগদান কৰি গুৰুত্বপূর্ণ ভূমিকা লৈছিল। 


এই সন্মিলনত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছিল আৰু মানৱ পৰিবেশৰ সংৰক্ষণ সম্পর্কীয় ঘােষণাৱলী প্রকাশ কৰিছিল। এনে ঘােষণাৱলীৰ যােগেদি কোৱা হৈছিল যে স্বাধীনতা আৰু সমতাৰ অধিকাৰৰ লগতে এক উচ্চখাপৰ স্বাভাৱিক পৰিবেশত বাস কৰাটো মানুহৰ মৌলিক অধিকাৰ। বর্তমান আৰু ভৱিষ্যৎ প্রজন্মৰ স্বাৰ্থত পৰিবেশৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে বিশ্ববাসীয়ে গভীৰ দায়বদ্ধতাৰে কাম কৰিব লাগিব। এই সন্মিলনৰ পিছৰ পৰা প্ৰতিখন দেশে পৰিবেশৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়ন সম্পর্কীয় আইন-কানুন প্রণয়ন কৰে। আমাৰ দেশেও এই দিশত পদক্ষেপ লয়। উক্ত সন্মিলনৰ সিদ্ধান্ত অনুসৰি পৰিবেশ সম্পর্কে জন সচেতনতা বৃদ্ধিৰ বাবে প্রতিবছৰে ৫ জুন তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰা হয়। 



ধৰিত্ৰী শীর্ষ সন্মিলন-বিশ্বৰ আটাইতকৈ ডাঙৰ সন্মিলন||সর্বপ্রথম ‘বন্যপ্রাণী চিকাৰ নীতিৰ প্রচলন||ভাৰতবৰ্ষত পৰিবেশ সম্পর্কীয় আইন কানুনৰ প্রথম সূত্রপাত


ধৰিত্ৰী শীর্ষ সন্মিলন-বিশ্বৰ আটাইতকৈ ডাঙৰ সন্মিলন:


ষ্টকহমৰ সন্মিলনৰ পিছত ১৯৯২ চনত বিশ্ব ইতিহাসত পৰিবেশ সুৰক্ষা সম্পৰ্কত আন এক উল্লেখযােগ্য ঘটনা ঘটিল। সেই বছৰৰ ৩ জুনৰ পৰা ১৪ জুনলৈকে ব্রাজিল ৰাজধানী ৰিঅ'ডি জেনেৰিঅ' মহানগৰত ৰাষ্ট্ৰসংঘৰ সৌজন্যত ‘ধৰিত্ৰী শীর্ষ সন্মিলন’ অনুষ্ঠিত কৰা হ'ল। আন্তঃৰাষ্ট্ৰীয় সহযােগিতাৰ ক্ষেত্ৰত এই সন্মিলনখন বিশ্বৰ আটাইতকৈ ডাঙৰ সন্মিলন হিচাপে চিনাক্ত কৰা হৈছে। ইয়াত বিশ্বৰ ১৭৮ খন দেশে যােগদান কৰিছিল। বিশ্বৰ শতাধিক দেশৰ ৰাষ্ট্রপ্রধান, হাজাৰ হাজাৰ সাংবাদিক, স্বেচ্ছাসেৱী সংগঠনৰ প্রতিনিধি, উদ্যোগৰ প্রতিনিধিকে আদি কৰি প্রায় ২০,০০০ লােকে যােগদান কৰা এই মহাসন্মিলনত মানৱ জাতিয়ে সন্মুখীন হােৱা বায়ুমণ্ডল, জলমণ্ডল, বনাঞ্চল আৰু জনসংখ্যা বিষয়ক সমস্যাৱলীৰ বিষয়ে আলােচনা কৰা হয়। এই সন্মিলনতে পৰিবেশ আৰু জৈৱ বিচিত্ৰতাৰ পৰিবেশ সংৰক্ষণৰ বাবে সচেতনতা জগাই তােলাৰ বাবে ৰাষ্ট্রসমূহে ঐকমত পােষণ কৰে। ফলত ৰাষ্ট্রসমুহে নিজাববীয়াকৈ এই দিশত দায়িত্ব লােৱাৰ কথা আহি পৰিল। এই সন্মিলনৰ পিছত দেশ সমুহে পৰিবেশ সংৰক্ষণ সম্পর্কীয় নতুন আইন-কানুন প্রণয়ন কৰিলে। 



সর্বপ্রথম ‘বন্যপ্রাণী চিকাৰ নীতিৰ প্রচলন: 


আমাৰ দেশ ভাৰতবর্ষ অতীজৰে পৰা পৰিবেশৰ ৰক্ষণাবেক্ষণ সম্পর্কে সচেতন আছিল। তাহানিৰ ৰজা-মহাৰজা আৰু শাসকসকলে পৰিবেশ সুৰক্ষা সম্পর্কীয় নীতি নিয়ম প্রৱৰ্তন কৰিছিল। ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে খ্রীষ্টপূর্ব তৃতীয় শতিকাতে কৌটিল্যৰ অর্থশাস্বত সর্বপ্রথম ‘বন্যপ্রাণী চিকাৰ নীতিৰ প্রচলন হৈছিল। সম্রাট অশােকে বন্যপ্রাণী আৰু সামগ্রিকভাৱে পৰিবেশৰ ৰক্ষণাবেক্ষণৰ বাবে অভয়াৰণ্য প্রতিষ্ঠা কৰিছিল আৰু ৰাস্তাৰ দাঁতিত গছ-গছনি ৰুইছিল। 



ভাৰতবৰ্ষত পৰিবেশ সম্পর্কীয় আইন কানুনৰ প্রথম সূত্রপাত: 


স্বাধীনতাৰ আগতে ব্রিটিছ চৰকাৰৰ আমােলত পৰিবেশ সুৰক্ষা সম্পর্কীয় কিছুমান আইন-কানুন প্রণয়ন কৰা হৈছিল। স্বাধীনতাৰ পিছত ভাৰতীয় সংবিধান আৰু পূৰ্বৰে পৰা প্রচলিত আইন-কানুনৰ ওপৰত ভিত্তি কৰি কিছুমান আইন-কানুন নকৈ প্রণয়ন কৰা হৈছে। আমাৰ দেশত প্রচলিত পৰিবেশ সম্পর্কীয় আইনকানুন সমূহৰ কিছুমান সর্বভাৰতীয় আৰু কিছুমান আঞ্চলিক পর্যায়ৰ। ১৮৬৫ চনত প্ৰৱৰ্তন কৰা 'ভাৰতীয় বন আইন'ৰ পৰাই আধুনিক ভাৰতবৰ্ষত পৰিবেশ সম্পর্কীয় আইন কানুনৰ সূত্রপাত হয় বুলি ক'ব পাৰি। 


১৯৫০ চনত গ্ৰহণ কৰা ভাৰতৰ সংবিধানত পৰিবেশ সংৰক্ষণ আৰু উন্নয়নৰ বিষয়ে কিছুমান দায়িত্বৰ বিধান দিয়া আছে। এনে বিধান অনুসৰি প্ৰতিখন ৰাজ্যই পাৰিপাৰ্শ্বিক অৱস্থাৰ সংৰক্ষণ আৰু উন্নয়ন কৰিবলৈ তথা দেশৰ বনজ সম্পদ আৰু বন্য জীৱন সুৰক্ষা দিবলৈ প্রয়াস কৰিব লাগিব। পৰিবেশৰ ৰক্ষণাবেক্ষণত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ লগতে ভাৰতীয় নাগৰিকৰাে দায়িত্বৰ কথা ইয়াত সন্নিবিষ্ট কৰা আছে। বন, হৃদ, নদী আৰু বন্য জীৱকে ধৰি প্ৰাকৃতিক পৰিৱেশক সুৰক্ষা আৰু তাৰ উন্নয়ন কৰা, তথা সকলাে জীৱৰ প্ৰতি দয়া ভাব ৰখাটো প্রতিজন ভাৰতীয় নাগৰিকৰে মৌলিক কর্তব্য হিচাপে পৰিগণিত হৈছে। 



পৰিবেশক সুৰক্ষিত কৰাৰ বাবে ভাৰত চৰকাৰে প্রণয়ন কৰা চাৰিখন গুৰুত্বপূৰ্ণ আইন||বন্যপ্রাণী (সুৰক্ষা) আইন, ১৯৭২||পানী (প্ৰদূষণ প্ৰতিৰােধ আৰু নিয়ন্ত্রণ) আইন, ১৯৭৪||বায়ু (প্ৰদূষণ প্রতিৰােধ আৰু নিয়ন্ত্রণ) আইন, ১৯৮১||পৰিবেশ (সুৰক্ষা) আইন, ১৯৮৬


পৰিবেশক সুৰক্ষিত কৰাৰ বাবে ভাৰত চৰকাৰে প্রণয়ন কৰা চাৰিখন গুৰুত্বপূৰ্ণ আইন কেইখন:


ভাৰতীয় সংবিধান আৰু ১৯৭২ চনত ষ্টকহমত অনুষ্ঠিত 'মানৱ পৰিবেশ’ সম্পর্কীয় আন্তজাতিক সন্মিলনৰ পিছত সকলাে ধৰণৰ পৰিবেশ প্ৰদূষণক বাধা দি পৰিবেশক সুৰক্ষিত কৰাৰ বাবে ভাৰত চৰকাৰে প্ৰধানকৈ চাৰিখন গুৰুত্বপূৰ্ণ আইন প্রণয়ন কৰিছে। যেনে-(১) বন্যপ্রাণী (সুৰক্ষা) আইন, ১৯৭২;(২) পানী (প্ৰদূষণ প্ৰতিৰােধ আৰু নিয়ন্ত্রণ) আইন, ১৯৭৪ ; (৩) বায়ু (প্ৰদূষণ প্রতিৰােধ আৰু নিয়ন্ত্রণ) আইন, ১৯৮১; আৰু (৪) পৰিবেশ (সুৰক্ষা) আইন, ১৯৮৬। 


(১) বন্য প্রাণী (সুৰক্ষা) আইন, ১৯৭২:


‘বন্য প্রাণী (সুৰক্ষা) আইন, ১৯৭২’ৰ যােগেদি বন্য জীৱ-জন্তু, গছ-গছনি আৰু চৰাই-চিৰিকতিক সুৰক্ষা প্রদান কৰা হৈছে। এই আইনখন ভাৰতবৰ্ষৰ বন্যপ্রাণী (জৈৱ বৈচিত্র্য) সংৰক্ষণৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি বুলিব পাৰি। এই আইনখন দেশৰ সকলাে ঠাইতে প্রযােজ্য। এই আইনখনৰ ইতিমধ্যে কেইবাবাৰাে সংশােধনী কৰা হৈছে। বন্যপ্রাণী সুৰক্ষাৰ । বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ল'বলগীয়া বিধি-বিধানসমূহ আইনখনত সন্নিবিষ্ট কৰা হৈছে। বন্যপ্রাণী চিকাৰ কৰাত বাধাদান কৰাৰ লগতে প্রয়ােজনবােধে চিকাৰৰ বাবে অনুমতি দিয়াৰাে ব্যৱস্থা আছে। আইনখনত কিছুমান নির্দিষ্ট উদ্ভিদ সংগ্ৰহত বাধা প্রদান কৰা আছে। যদিও বিশেষ কাৰণত সংগ্ৰহৰ অনুমতি প্রদানৰাে ব্যৱস্থা আছে। এই আইনখনৰ যােগেদি ৰাজ্য চৰকাৰে কোনাে এটি অঞ্চলক পৰিবেশ ৰক্ষণাবেক্ষণৰ বাবে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিব পাৰে। বন্যপ্রাণী আৰু বন্যপ্রাণীজাত সামগ্রী, আদিৰ ব্যৱসায়-বাণিজ্যত বাধা প্ৰদান কৰাৰ লগতে প্রয়ােজনবােধে অনুমতি প্রদানৰাে ব্যৱস্থা আছে। 


আইন এখন প্রণয়ন কৰি তাৰ সুফল পাবলৈ হ'লে প্রতিজন নাগৰিকে আইনখন মানি চলাটো প্রয়ােজন। আইন ভঙ্গকাৰীৰ কেনেধৰণৰ শাস্তি হ'ব তাৰ বিধান ইয়াত দিয়া আছে। প্রয়ােজনবােধে আইন ভঙ্গকাৰীলৈ গ্রেপ্তাৰী পৰােৱানা জাৰি কৰি আটক কৰিব পাৰে, কাৰাদণ্ড বিহিব পাৰে আৰু জৰিমনাও ধার্য কৰিব পাৰে। আইন ভঙ্গকাৰীক তিনি বছৰ পর্যন্ত কাৰাদণ্ড বিহিব পাৰে, ২৫ হাজাৰ টকা পর্যন্ত জৰিমনা ধার্য কৰিব পাৰে অথবা অপৰাধৰ মাত্ৰা অনুসৰি দুয়ােটা শাস্তি বিহাৰাে ব্যৱস্থা আইনখনত আছে। আইনখনৰ আধাৰত বিভিন্ন প্রজাতিৰ প্রাণী আৰু উদ্ভিদক সুৰক্ষা দিয়া হৈছে। এনে প্রাণী আৰু উদ্ভিদৰ দুখন দীঘলীয়া তালিকা আইনখনত সন্নিৱিষ্ট কৰা হৈছে। 



(২) পানী (প্ৰদূষণ প্ৰতিৰােধ আৰু নিয়ন্ত্রণ) আইন, ১৯৭৪: 


পানী সকলাে জীৱ-জন্তুৰ বাবে এক অপৰিহাৰ্য পদার্থ। পানী নহ'লে কোনাে জীৱ জীয়াই থাকিব নােৱাৰে। পানীযে বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰা হয়, সেই বিষয়ে আমি ইতিমধ্যে কৈ আহিছাে। ব্যৱহৃত পানীৰ উৎস হৈছে নৈ, বিল, খাল, হৃদ আৰু কুঁৱা। ভূগৰ্ভত জমা হৈ থকা পানী কুঁৱা অথবা নলী নাদৰ যােগেদি সংগ্রহ কৰা হয়। নগৰীয়া আৱৰ্জনা, উদ্যোগৰ পেলনীয়া দ্রব্য, কৃষিত ব্যৱহৃত ৰাসায়নিক সাৰ আৰু কীট-নাশক দৰৱ আদিয়ে আমাৰ জলভাগ প্ৰদূষিত কৰিছে বুলি আমি কৈ আহিছে। বিশেষকৈ এনে কাৰ্যৰ দ্বাৰা ব্যৱহৃত পানীৰ উৎসবোেৰ দূষিত হৈ পৰিছে। এই দূষিতকৰণ কার্য অব্যাহত থাকিলে, মানুহৰ লগতে জীৱজগতৰ অপূৰণীয় ক্ষতি হ'ব। পানী প্রদূষণ প্ৰতিৰােধ আৰু নিয়ন্ত্রণ কৰাৰ অৰ্থে ষ্টকহম মহানগৰত ১৯৭২ চনৰ জুন মহত অনুষ্ঠিত মানৱ পৰিবেশ’ সম্পর্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সিদ্ধান্ত অনুসৰি ভাৰত চৰকাৰে ১৯৭৪ চনত এখন আইন প্রণয়ন কৰে। এই আইনখন ‘পানী (প্ৰদূষণ প্ৰতিৰােধ আৰু নিয়ন্ত্রণ) আইন, ১৯৭৪’নামেৰে জনাজাত। 


এই আইনখনৰ আধাৰত আইনখন সুচাৰুৰূপে কাৰ্যকৰী কৰাৰ বাবে কেন্দ্রীয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদ গঠন কৰাৰ ব্যৱস্থা ৰখা হয়। কেন্দ্রীয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদবােৰক কিছুমান ক্ষমতা দিয়া হৈছে। পৰিষদবােৰে কিছুমান কর্তব্যও পালন কৰিব লাগে। প্ৰদূষণ ৰােধ কৰাৰ বাবে চৰকাৰক দিহা-পৰামর্শ দিয়াৰ উপৰিও পৰিষদৰবাৰে পানী প্ৰদূষণ প্রতিৰােধৰ বাবে জন সচেতনতা জগাই তুলিব লাগিব। কোনাে অঞ্চলৰ পানী প্ৰদূষিত হােৱা বুলি জানিব পাৰিলে, তাক প্ৰতিৰােধ কৰাৰ বাবে যথােপযুক্ত ব্যৱস্থা ল'ব লাগিব। এনে পানীৰ নমুনা সংগ্রহ কৰি গৱেষণাগাৰত পৰীক্ষা-নিৰীক্ষা চলাই ইয়াৰ সত্যাসত্য প্রমাণ কৰাৰ দায়িত্বও পৰিষদবােৰৰ ওপৰত ন্যস্ত কৰা হৈছে। উদ্যোগসমূহে পেলনীয়া দ্রব্যবােৰ উপযুক্তভাৱে শােধন কৰি নৈ, বিল, খাল, হ্রদ আদিত পেলাইছে নে নাই তাক পৰীক্ষা কৰাৰ দায়িত্বও পৰিষদবােৰে বহন কৰিব লাগে। ঘৰুৱা আৱৰ্জনাবােৰ নগৰৰ পৰা সময়মতে আতৰ কৰি নি নগৰৰ পৰা দূৰত শােধন কৰি পেলাই দিয়াটো নগৰ পালিকাবােৰৰ দায়িত্বৰ ভিতৰত পৰে। নগৰ পালিকাবােৰে এই কাম সুচাৰুৰূপে কৰিছে নে নাই সেই বিষয়েও পৰিষদৰবাৰে চোকা দৃষ্টি ৰাখিব লাগে।


এই আইনভঙ্গকাৰী উদ্যোগ অথবা বিভাগবােৰক শাস্তি দিয়াৰ ব্যৱস্থা আইনখনত আছে। আইনভঙ্গকাৰী ব্যক্তিক তিনি মাহ পর্যন্ত কাৰাদণ্ড বিহিব পাৰে অথবা ১০,০০০ টকা পর্যন্ত জৰিমনা বিহিব পাৰে নাইবা দুয়ােটা শাস্তিকে দিয়াৰ ব্যৱস্থাও আইনখনত আছে। ১৯৮৮ চনত আইনখনৰ কিছু সংশােধনী কৰা হয়। 



(৩) বায়ু প্ৰদূষণ প্রতিবােধ আৰু নিয়ন্ত্রণ) আইন, ১৯৮১: 


বিশ্বৰ আন আন উন্নত আৰু উন্নয়নশীল দেশবােৰৰ নিচিনাকৈ নগৰীকৰণ, উদ্যোগীকৰণ আৰু যান-বাহনৰ অবাধ চলাচলৰ ফলত ভাৰতৰ বিশেষকৈ দিল্লী, মুম্বাই, চেন্নাই, কলকাতাকে আদি কৰি মহানগৰ কেইখনত বায়ু প্ৰদূষণে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিছে। ১৯৭২ চনৰ জুন মাহত ষ্টকহমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মানৱ পৰিবেশ’সন্মিলনত লােৱা সিদ্ধান্ত অনুসৰি আমাৰ দেশত গা কৰি উঠা বায়ু প্ৰদূষণ প্ৰতিৰােধ আৰু নিয়ন্ত্রণ কৰিবলৈ ভাৰত চৰকাৰে ১৯৮১ চনত এখন আইন প্রণয়ন কৰে। এই আইনখন বায়ু (প্ৰদূষণ প্ৰতিৰােধ আৰু নিয়ন্ত্রণ) আইন, ১৯৮১, নামেৰে জনাজাত। ১৯৭৪ চনত প্রণয়ন কৰা পানী (প্ৰদূষণ প্ৰতিৰােধ আৰু নিয়ন্ত্রণ) আইনৰ অধীনত গঠন কৰা কেন্দ্রীয় আৰু ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদবােৰক উক্ত আইনখন কার্যকৰী কৰাৰ বাবে দায়িত্ব দিয়া হয়। আইনখন কার্যকৰী কৰাৰ পিছত দেখা দিয়া আসোঁৱাহবােৰ আঁতৰ কৰিবলৈ ১৯৮৭ চনত উক্ত আইনখনৰ কিছু সংশােধনী কৰা হয়। 


বায়ু (প্ৰদূষণ প্ৰতিৰােধ আৰু নিয়ন্ত্রণ) আইনখনৰ আধাৰত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ লগত আলােচনা কৰি ৰাজ্যিক চৰকাৰে ৰাজ্যখনৰ কোনাে এটি অঞ্চলক বায়ু প্ৰদূষণ নিয়ন্ত্রণ অঞ্চল হিচাপে ঘােষণা কৰিব পাৰে। কোনাে ইন্ধন অথবা আন পদার্থ দহনৰ ফলত যদি এনে অঞ্চলৰ বায়ু প্ৰদূষিত হয়, তেনেহ'লে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ সন্মতিলৈ ৰাজ্য চৰকাৰে তেনে ইন্ধন নাইবা পদাৰ্থৰ ব্যৱহাৰ বন্ধ কৰিব পাৰে। যানবাহনবােৰে যাতে বায়ু দূষিত কৰিব নােৱাৰে, তাৰ বাবে চৰকাৰে ৰাজ্যিক পৰিষদৰ লগত আলােচনা কৰি কিছুমান নীতি-নিয়ম ধার্য কৰি দিব পাৰে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ অনুমতি নােহােৱাকৈ চৰকাৰে কোনাে ব্যক্তি অথবা সংস্থালৈ উদ্যোগ স্থাপনৰ বাবে অনুজ্ঞা পত্র প্রদান কৰিব নােৱাৰে। 


বায়ু প্ৰদূষণ ৰােধ কৰাৰ বাবে উদ্যোগসমূহলৈ কিছুমান চৰ্ত আৰােপ কৰা হয়। চর্ত উলংঘা কৰি ৰায়ু প্ৰদূষণ ঘটালে ৰাজ্যিক পৰিষদে চর্ত ভঙ্গকাৰীজনলৈ বায়ু প্ৰদূষণ ৰােধ কৰিবলৈ জাননী দিব পাৰে। তৎসত্বেও বায়ু প্ৰদুষণ অব্যাহত থাকিলে, পৰিষদে আইনৰ আশ্রয় ল'ব পাৰে। কোনাে উদ্যোগৰ বিৰুদ্ধে প্ৰদূষণৰ অভিযোেগ উত্থাপিত হলে, পৰিষদে তেনে উদ্যোগৰ পৰা সংগ্ৰহ কৰা নমুনা পৰীক্ষা কৰি অভিযােগ সত্যাসত্য প্রমাণ কৰিব পাৰে। অভিযােগ সত্য বুলি প্রমাণিত হলে পৰিষদে উদ্যোগটোৰ ওপৰত কি ধৰণৰ শাস্তিৰ বিধান কৰিব পাৰে, তাৰাে ব্যৱস্থা আইনখনত দিয়া আছে। 



(৪) পৰিবেশ (সুৰক্ষা) আইন, ১৯৮৬:


১৯৮৪ চনৰ ডিচেম্বৰ মাহৰ প্রথম সপ্তাহত মধ্যপ্রদেশৰ ৰাজধানী ভূপাল চহৰত এটি ভয়ানক দুর্ঘটনা সংঘটিত হ’ল। ইউনিয়ন কার্বইড নামৰ বিদেশী কোম্পনী এটিয়ে ভূপালত স্থাপন কৰা উদ্যোগ এটিৰ পৰা দুর্ঘটনাবশতঃ এম, আই, চিনামৰ এবিধ বিষাক্ত গেছ ওলাই আহি সমগ্ৰ চহৰখনকে ছানি ধৰিলে। এই গেছৰ বিষক্রিয়াৰ ফলত শ শ লােক মৃত্যু মুখত পৰে, হাজাৰ হাজাৰ লােক চিৰদিনৰ বাবে বিকলাংগ হ'ল। তাৰ কুপ্রভাৱ এতিয়াও বর্তি আছে। সেই গেছৰ দ্বাৰা আক্রান্ত বহু লােকে এতিয়ালৈকে বিকলাংগ সতি-সন্ততি জন্ম দিয়া দেখা গৈছে। এই ভয়াবহ উদ্যোগিক দুর্ঘটনাই সমগ্র দেশকে জোকাৰি গ'ল। ইয়াৰ পিছতে পৰিবেশ প্ৰদূষণ প্ৰতিৰােধ আৰু পৰিবেশ সংৰক্ষণে বিশেষ গুৰুত্ব লাভ কৰিলে। 


পৰিবেশ সংৰক্ষণ আৰু উন্নয়ন কৰাৰ উপৰিও পৰিবেশ প্ৰদূষণৰ কুপ্রভাৱৰ পৰা মানৱ জাতি, প্রাণীজগত, গছ-লতিকা আৰু আমাৰ সা-সম্পত্তিবােৰৰ সুৰক্ষা নিশ্চিত কৰাৰ অর্থে ১৯৮৬ চনত কেন্দ্রীয় চৰকাৰে আন এখন আইন প্রণয়ন কৰে। এই আইনখন পৰিবেশ (সুৰক্ষা) আইন, ১৯৮৬’নামেৰে জনাজাত। ইয়াৰ আগেয়ে বিভিন্ন বিষয়ৰ ওপৰত কেবাখনাে আইন প্রণয়ন কৰা হৈছিল। কিন্তু কিছুমান পাৰিপাৰ্শ্বিক দুর্যোগৰ কথা সেইবােৰ আইনত অন্তর্ভুক্ত কৰা হােৱা নাছিল। এই আইনখনত পৰিবেশৰ সুৰক্ষাৰ সকলাে দিশ সামৰি লােৱা হৈছে। 


পৰিবেশ প্ৰদূষণৰ প্ৰতিৰােধ আৰু নিয়ন্ত্ৰণৰ লগত পৰিবেশৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে কেন্দ্রীয় চৰকাৰে কি কি পদক্ষেপ ল’ব, তাৰ বিধি-বিধান আইনখনত দিয়া আছে। লগতে তাত সন্নিৱিষ্ট আছে কেন্দ্রীয় চৰকাৰৰ এই ক্ষেত্ৰত থকা ক্ষমতাৰ কথা। কোনাে ব্যক্তি অথবা উদ্যোগে নির্দিষ্ট মাত্ৰাতকৈ অধিক অপদ্রব্য পৰিবেশত নির্গত কৰিলে, তেনে ব্যক্তি অথবা উদ্যোগৰ কর্তৃপক্ষলৈ প্ৰদূষণ ৰােধ কৰিবলৈ জাননী দিব পাৰিব। তৎসত্বেও যদি কোনাে উদ্যোগৰ কর্তৃপক্ষই প্ৰদুষণ অব্যাহত ৰাখে, তেনেহ'লে কেন্দ্রীয় চৰকাৰে তেনে উদ্যোগ বন্ধ কৰিব পাৰে অথবা বিদ্যুৎ পানী আদিৰ যােগান বন্ধ কৰিব পাৰে। আইনভঙ্গকাৰী ব্যক্তি উদ্যোগ আনকি চৰকাৰী প্রতিষ্ঠান আদিৰ বিৰুদ্ধেও ল’ব পৰা ব্যৱস্থাও ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আইনখনত ক্ষতিগ্রজনক কোম্পানীবােৰে ক্ষতিপুৰণ দিয়াৰাে ব্যৱস্থা আছে।


আইনভঙ্গকাৰীক পাঁচ বছৰ পর্যন্ত কাৰাবাস, অথবা এক লাখ টকা জৰিমনা নতুবা এই দুয়ােটা শাস্তিকে বিহিব পাৰে। প্রয়ােজন অনুসাৰে অনুসন্ধানৰ বাবে উদ্যোগৰ পৰা নমুনা সংগ্রহ কৰাৰ অধিকাৰে কেন্দ্ৰীয় চৰকাৰৰ আছে। মুঠতে এই পৰিবেশ আইনখনে সুৰক্ষাৰ সকলাে দিশ সামৰি লৈছে।


পৰিবেশ সুৰক্ষা বিষয়ক আইনকানুন-ধৰিত্ৰী শীর্ষ সন্মিলন-বিশ্বৰ আটাইতকৈ ডাঙৰ সন্মিলন-পৰিৱেশ সংৰক্ষণ আৰু অধ্যয়নৰ প্রয়োজনীয়তা আৰু বিশ্ব পৰিবেশ দিৱস-পৰিবেশ সুৰক্ষা আইন-বন সংৰক্ষণ আইন- first environmental law-list,types and importance of environmental law in Assamese language, environmental day, environmental law and regulations

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.