আপুনি জানেনে কিয় হয় কিয় নীতি নিয়ম মানিব লাগে_Assamese amazing did you know

আপুনি জানেনে কিয় হয় এনেকুৱা_নীতি নিয়মৰ নানা কথা কিয় মানিব লাগে_Assamese did you know amazing facts about Assamese culture 
আপুনি জানেনে কিয় হয় এনেকুৱা_নীতি নিয়মৰ নানা কথা কিয় মানিব লাগে বিজ্ঞান সন্মত তথ্য-Assamese did you know amazing facts about Assamese culture kiyo hoi apuni janene_assam facts_unknown facts about Assamese_old wives tale_scientific proof #পাকঘৰত কুকুৰ সােমালে খাদ্যদ্রব্য পেলাই দিয়া হয় কিয়?  #বট আৰু অশ্বথ গছক কিয় পূজা কৰা হয়? #বিয়াৰ সময়ত ভৰিত আলতা লগাব লাগে কিয়? #সন্ধিয়াপৰত চুলি বান্ধিব নাপায় কিয়?  #বেলপাত নহলে যজ্ঞ নহয় কিয়?  #চন্দ্র বা সূৰ্যৰ ফালে মুখ কবি প্ৰস্ৰাৱ কৰা উচিত নহয় কিয়?  #ফাকুৱা বা দৌল পূর্ণিমাৰ আগদিনা বৃহৎ জুই ধৰি জাৱৰ জ্বলায় কিয়?  #যি কোনাে ফল বা পাচলি কাটি থ'ব নালাগে কিয়?  #শ্মশানৰ পৰা আহি নিমপাত খাব লাগে আৰু জুই চুব লাগে কিয়?  #ভাদ মাহত লাউ আৰু মাঘ মাহত মূলা নাখায় কিয়?
আপুনি জানেনে? 



আপুনি জানেনে কিয় হয় এনেকুৱা_নীতি নিয়মৰ নানা কথা কিয় মানিব লাগে বিজ্ঞান সন্মত তথ্য-Assamese did you know amazing facts about Assamese culture kiyo hoi apuni janene_assam facts_unknown facts about Assamese culture_old wives tale scientific proof

আপুনি জানেনে? 

#পাকঘৰত কুকুৰ সােমালে খাদ্যদ্রব্য পেলাই দিয়া হয় কিয়? 
#বট আৰু অশ্বথ গছক কিয় পূজা কৰা হয়?
#বিয়াৰ সময়ত ভৰিত আলতা লগাব লাগে কিয়?
#সন্ধিয়াপৰত চুলি বান্ধিব নাপায় কিয়? 
#বেলপাত নহলে যজ্ঞ নহয় কিয়? 
#চন্দ্র বা সূৰ্যৰ ফালে মুখ কবি প্ৰস্ৰাৱ কৰা উচিত নহয় কিয়? 
#ফাকুৱা বা দৌল পূর্ণিমাৰ আগদিনা বৃহৎ জুই ধৰি জাৱৰ জ্বলায় কিয়? 
#যি কোনাে ফল বা পাচলি কাটি থ'ব নালাগে কিয়? 
#শ্মশানৰ পৰা আহি নিমপাত খাব লাগে আৰু জুই চুব লাগে কিয়? 
#ভাদ মাহত লাউ আৰু মাঘ মাহত মূলা নাখায় কিয়? 
#ৰাতি উলৰ কাপােৰ পিন্ধি শােৱা উচিত নহয় কিয়? 
#গালত চৰ মাৰিব নাপায় কিয়? 
#আমাৰ সমাজত ৰাতি বিয়া পতাৰ প্ৰথাটো কিয় প্রচলিত? 
#সাপে কামুৰিলে মৃতদেহ পানীত উটাই দিয়ে কিয়? 
#তিতা কেৰেলা তিতা কিয়?


আপুনি জানেনে কিয় হয় এনেকুৱা_নীতি নিয়মৰ নানা কথা কিয় মানিব লাগে বিজ্ঞান সন্মত তথ্য-Assamese did you know amazing facts about Assamese culture kiyo hoi apuni janene_assam facts_unknown facts about Assamese_old wives tale_scientific proof #পাকঘৰত কুকুৰ সােমালে খাদ্যদ্রব্য পেলাই দিয়া হয় কিয়?  #বট আৰু অশ্বথ গছক কিয় পূজা কৰা হয়? #বিয়াৰ সময়ত ভৰিত আলতা লগাব লাগে কিয়? #সন্ধিয়াপৰত চুলি বান্ধিব নাপায় কিয়?  #বেলপাত নহলে যজ্ঞ নহয় কিয়?  #চন্দ্র বা সূৰ্যৰ ফালে মুখ কবি প্ৰস্ৰাৱ কৰা উচিত নহয় কিয়?  #ফাকুৱা বা দৌল পূর্ণিমাৰ আগদিনা বৃহৎ জুই ধৰি জাৱৰ জ্বলায় কিয়?  #যি কোনাে ফল বা পাচলি কাটি থ'ব নালাগে কিয়?  #শ্মশানৰ পৰা আহি নিমপাত খাব লাগে আৰু জুই চুব লাগে কিয়?  #ভাদ মাহত লাউ আৰু মাঘ মাহত মূলা নাখায় কিয়?  #ৰাতি উলৰ কাপােৰ পিন্ধি শােৱা উচিত নহয় কিয়?  #গালত চৰ মাৰিব নাপায় কিয়?  #আমাৰ সমাজত ৰাতি বিয়া পতাৰ প্ৰথাটো কিয় প্রচলিত?  #সাপে কামুৰিলে মৃতদেহ পানীত উটাই দিয়ে কিয়?  #তিতা কেৰেলা তিতা কিয়?  নীতি নিয়ম            #পাকঘৰত কুকুৰ সােমালে খাদ্যদ্রব্য পেলাই দিয়া হয় #বট আৰু অশ্বথ গছক পূজা কৰা হয় #বিয়াৰ সময়ত ভৰিত আলতা লগাব লাগে  #সন্ধিয়াপৰত চুলি বান্ধিব নাপায়   #বেলপাত নহলে যজ্ঞ নহয়  #চন্দ্র বা সূৰ্যৰ ফালে মুখ কবি প্ৰস্ৰাৱ কৰা উচিত নহয়  #ফাকুৱা বা দৌল পূর্ণিমাৰ আগদিনা বৃহৎ জুই ধৰি জাৱৰ জ্বলায়    কাৰণ~   প্রশ্ন: পাকঘৰত কুকুৰ সােমালে খাদ্যদ্রব্য পেলাই দিয়া হয় কিয়
নীতি নিয়ম



#পাকঘৰত কুকুৰ সােমালে খাদ্যদ্রব্য পেলাই দিয়া হয়
#বট আৰু অশ্বথ গছক পূজা কৰা হয়
#বিয়াৰ সময়ত ভৰিত আলতা লগাব লাগে 
#সন্ধিয়াপৰত চুলি বান্ধিব নাপায়  
#বেলপাত নহলে যজ্ঞ নহয় 
#চন্দ্র বা সূৰ্যৰ ফালে মুখ কবি প্ৰস্ৰাৱ কৰা উচিত নহয় 
#ফাকুৱা বা দৌল পূর্ণিমাৰ আগদিনা বৃহৎ জুই ধৰি জাৱৰ জ্বলায় 


কাৰণ~

আপুনি জানেনে? 

প্রশ্ন: পাকঘৰত কুকুৰ সােমালে খাদ্যদ্রব্য পেলাই দিয়া হয় কিয়? 


উত্তৰ: আমাৰ মানুহে পাকঘৰত কুকুৰ সােমালে সেই দিনা লঘােণ দিয়ে ইয়াৰাে কিছু যুক্তি আছে। কুকুৰে গেলা-পঁচা মাংস খায়। চুৱা-পিতনিৰ পৰা সিহঁতে আহাৰ গােটাই লয়। এনে কৰোঁতে সিহঁতৰ গাত বেমাৰৰ বীজাণু লাগি আহে। যেতিয়া পাকঘৰত কুকুৰ সােমায়, তাৰ গাৰ পৰা বীজাণুবােৰ খাদ্যবস্তুলৈ বিয়পিব পাৰে আৰু সেই বীজাণু খাদ্যৰ লগত মিলি মানুহৰ অনিষ্ট সাধন কৰিব পাৰে আৰু সেয়ে পাকঘৰত কুকুৰ সােমালে খাদ্যদ্রব্য পেলাই দিয়া হয়। 


আপুনি জানেনে? 

প্রশ্ন: বট আৰু অশ্বথ গছক কিয় পূজা কৰা হয়? 


উত্তৰ : এই দুয়ােবিধ গছক ভগৱান বুলি পূজা কৰাৰ কোনাে বিজ্ঞানসম্মত যুক্তি নাই। এই গছক এই কাৰণেই দেৱতাৰ দৰে গণ্য কৰা হয় যে এইবােৰে মানুহৰ যথেষ্ট উপকাৰ কৰে। গৰমৰ দিনত মানুহ আৰু জীৱ-জন্তুক ছাঁ দিয়ে। ইয়াৰ অংশবিশেষ ঔষধতাে ব্যৱহাৰ হয়। এনে উপকাৰী গছ যাতে মানুহে কাটি নেপেলায়, সেই কাৰণে এই গছক ভগৱানৰ দৰে গণ্য কৰি ৰক্ষা কৰা হয়।


আপুনি জানেনে? 

প্রশ্ন: বিয়াৰ সময়ত ভৰিত আলতা লগাব লাগে কিয়? 


উত্তৰ: আলতা হ’ল সৌন্দর্যৰ বা ৰূপ চৰ্চাৰ এক বিশেষ সামগ্রী। ইয়াৰ ব্যৱহাৰত ভৰি ফটা ভাল হয় আৰু ই বীজাণুনাশক। বহু সময়ত খালি ভৰিৰে আমি খােজ কাঢ়িব লগা হয়। ফলত ভৰিৰ গেৰুৱা আৰু চাৰিওকাষ ফাটি যায় বা শুকান হৈ পৰে। আলতা লগালে সেই শুকান ভাবটো নােহােৱা হয় আৰু সৌন্দর্য বাঢ়ে। 


আপুনি জানেনে? 

প্রশ্ন: সন্ধিয়াপৰত চুলি বান্ধিব নাপায় কিয়? 


উত্তৰ: ইয়াৰ বৈজ্ঞানিক কাৰণ বিশেষ নাই। এই সময়খিনিত অলপ আন্ধাৰ, অলপ পােহৰ থাকে। সচৰাচৰ চুলি আঁচুৰিলে দুই এডাল সৰি পৰে। তেনে কৰোঁতে যদি চুলি খাদ্যত মিহলি হৈ পৰে, তেন্তে সিয়ে খাদ্যৰ লগত পেটলৈ গৈ ৰােগৰ সৃষ্টি কৰিব পাৰে। সেয়ে, সৰি পৰা বা ছিঙি অহা চুলিত সামান্য থু লগাই গধুৰ কৰি পেলাই দিব লাগে। 


আপুনি জানেনে? 

প্রশ্ন: বেলপাত নহলে যজ্ঞ নহয় কিয়? 


উত্তৰ: যিকোনাে যজ্ঞত বেলপাতৰ প্রয়ােজন হয়। ইয়াৰ কাৰণ এয়ে যে এই পাতত এনেধৰণৰ এক অগ্নি উদ্দীপক পদার্থ আছে যে ই কেঁচা অৱস্থাতাে সহজে জ্বলে। বেলপাতত অন্যান্য জলীয় ৰসৰ পৰিমাণ ইমানেই কম থাকে যে, ই জুই জ্বলাত সহায় কৰে। অন্য গছৰ পাতত সেই গুণ নাই। সেয়ে, হােম বা যজ্ঞত প্রাচীন কালৰ পৰা বেলপাতৰ প্ৰচলন হৈ আহিছে। 


আপুনি জানেনে? 

প্রশ্ন: চন্দ্র বা সূৰ্যৰ ফালে মুখ কবি প্ৰস্ৰাৱ কৰা উচিত নহয় কিয়? 


উত্তৰ: চন্দ্র বা সূর্যক দেৱতা বুলি গণ্য কৰা হয়। সেয়ে, চন্দ্র বা সূৰ্যৰ ফালে মুখ কৰি প্ৰস্ৰাৱ কৰা নহয়। মূল কথাটো হৈছে এইটোৱেই যে চন্দ্র-সূর্যৰ ৰশ্মি প্ৰস্ৰাৱৰ মাধ্যমত নির্গত পানীৰ সংস্পর্শলে আহি আমাৰ শৰীৰৰ অভ্যন্তৰলৈ প্ৰৱেশ কৰাৰ সুযােগ পায়। যি আমাৰ কিডনীকে আদি কৰি শৰীৰৰ বিভিন্ন গ্রন্থি ওপৰত বিভিন্ন প্রতিক্রিয়া সৃষ্টি কৰে। এই প্রতিক্রিয়া আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক। 


আপুনি জানেনে? 

প্রশ্ন: ফাকুৱা বা দৌল পূর্ণিমাৰ আগদিনা বৃহৎ জুই ধৰি জাৱৰ জ্বলায় কিয়? 


উত্তৰ: ফাকুৱা বা দৌল পূর্ণিমাৰ আগদিনা বৃহৎ জুই ধৰি জাৱৰ জ্বলায় কাৰণ, ইয়াৰ অৰ্থ প্ৰদূষণমুক্ত পৰিৱেশ সৃষ্টি আৰু পৰিস্কাৰ পৰিছন্নতা। শীত কালত গছৰ পাত সৰি পৰে। তাতে বৰষুণ পৰিলে জাবৰবােৰত পােকৰ সৃষ্টি হয়। তাৰ পৰা বেমাৰৰ বীজাণু সংক্রামিত হ'ব পাৰে। দৌল উৎসৱৰ নামত মানুহে জাবৰ- জোথৰবােৰ পুৰি জীৱাণু ধ্বংস কৰাৰ উপৰি পৰিৱেশ সুন্দৰ কৰি তুলে। 



#যি কোনাে ফল বা পাচলি কাটি থ'ব নালাগে 
#শ্মশানৰ পৰা আহি নিমপাত খাব লাগে আৰু জুই চুব লাগে
#ভাদ মাহত লাউ আৰু মাঘ মাহত মূলা নাখায়
#ৰাতি উলৰ কাপােৰ পিন্ধি শােৱা উচিত নহয় 
#গালত চৰ মাৰিব নাপায়
#আমাৰ সমাজত ৰাতি বিয়া পতাৰ প্ৰথাটো প্রচলিত
#সাপে কামুৰিলে মৃতদেহ পানীত উটাই দিয়ে  
#তিতা কেৰেলা তিতা 


কাৰণ~

আপুনি জানেনে? 

প্রশ্ন: যি কোনাে ফল বা পাচলি কাটি থ'ব নালাগে কিয়? 


উত্তৰ: বহু সময় ধৰি ফল বা পাচলি কাটি ৰাখিলে এচিড হৈ পৰে। তাৰাে পৰি, আমি নেদেখাকৈ ধূলি-বালিৰ লগত বিভিন্ন জীবাণু সংক্রমণ হয়। সেয়ে, পাচলি বা ফল কাটি বেছিপৰ ৰখা অনুচিত। ৰান্ধিবৰ সময়ত কাটি লগে লগে ৰান্ধিব লাগে। 


আপুনি জানেনে? 

প্রশ্ন: শ্মশানৰ পৰা আহি নিমপাত খাব লাগে আৰু জুই চুব লাগে কিয়? 


উত্তৰ: শ্মশানৰ পৰা আহি নিমপাত খাব লাগে আৰু জুই চুব লাগে কাৰণ, ইয়াৰ অর্থ এয়ে যে মৃতদেহ আৰু শ্মশানৰ পৰা মানুহৰ দেহত ৰােগৰ বীজাণু সংক্রমিত হ'ব পাৰে। নিমপাত আৰু জুয়ে সেই বীজাণু ধ্বংস কৰে। 


আপুনি জানেনে? 

প্রশ্ন: ভাদ মাহত লাউ আৰু মাঘ মাহত মূলা নাখায় কিয়? 


উত্তৰ: খানাৰ বচন মতে, ভাদ মাহত লাউ আৰু মাঘ মাহত মূলা খালে বংশ নষ্ট হয়। ইয়াৰ অৰ্থ এয়ে যে এই দুই মাহত লাউ আৰু মূলাত একধৰণৰ সূক্ষ্ম জীৱাণুৰ সৃষ্টি হয়- যি জীৱাণুৱে সুস্থ সবল-সন্তান জন্ম দিয়াত বাধাৰ সৃষ্টি কৰে। সেই কাৰণেই এই প্রথা মানি চলা উচিত। 


আপুনি জানেনে? 

প্রশ্ন: ৰাতি উলৰ কাপােৰ পিন্ধি শােৱা উচিত নহয় কিয়? 


উত্তৰ: আমি যেতিয়া ৰাতি শুই পৰোঁ, আমাৰ বিভিন্ন স্নায়ুতন্ত্র একপ্রকাৰ নিস্তেজ হৈ পৰে। উলৰ কাপােৰত গৰম থকাৰ বাবে দেহৰ অংগ-প্রত্যঙ্গবােৰে স্নায়ুতন্ত্রত উত্তেজনা বঢ়াই দিয়ে। তেতিয়া টোপনিত ব্যাঘাত জন্মায়। সেয়ে, ৰাতি উলৰ কাপােৰ পিন্ধি শুব নালাগে। 


আপুনি জানেনে? 

প্রশ্ন: গালত চৰ মাৰিব নাপায় কিয়? 


উত্তৰ: উত্তেজনা বশতঃ গালত চৰ মাৰিলে কেতিয়াবা আমাৰ থাইৰইড গ্রন্থিত, আঘাত লাগিব পাৰে। ফলত নানান ধৰণৰ বিপদ ঘটিব পাৰে। 


আপুনি জানেনে? 

প্রশ্ন: আমাৰ সমাজত ৰাতি বিয়া পতাৰ প্ৰথাটো কিয় প্রচলিত? 


উত্তৰ: আমাৰ সমাজত ৰাতি বিয়া পতাৰ প্ৰথাটো প্রচলিত কিয়নো, সাধাৰণতে বিয়াৰ লগ্ন বা অনুষ্ঠান ৰাতিৰ ভাগতেই হয়। ইয়াৰ কাৰণ এয়ে যে আমাৰ দেশখনত কৃষিজীৱি আৰু শ্রমজীৱি মানুহৰ সংখ্যা বেছি। দিনত প্ৰতিজনেই কাম কাজত ব্যস্ত থাকে বাবে এনে এটা আনন্দ উৎসৱত সকলাে মানুহে অংশ গ্ৰহণ কৰিব নােৱাৰে। সকলােৰে সুবিধাৰ প্রতি লক্ষ্য ৰাখি বিবাহ অনুষ্ঠান ৰাতিৰ ভাগতহে আয়ােজন কৰা হয়। 


 

আপুনি জানেনে? 

প্রশ্ন: সাপে কামুৰিলে মৃতদেহ পানীত উটাই দিয়ে কিয়? 


উত্তৰ: সাপে কামুৰিলে মানুহৰ মৃত্যু নহৈ শৰীৰৰ বিভিন্ন স্নায়ুতন্ত্র নিস্তেজ হৈ পৰে। বহুতেই সেই অচেতনতাকেই মৃত্যু বুলিভাবে। তেনে মানুহক কলগাছৰ ভূৰ বান্ধি পানীত উটাই দিয়ে। পানীৰ জলীয় ভাপে আৰু শীতল কলগছৰ সংস্পর্শত কেতিয়াবা মানুহৰ শৰীৰত বিষৰ প্ৰভাৱ কমি স্নায়ুসমূহ পুনৰ সচল হৈ পৰে। সেয়ে, কলৰ ভূৰত তুলি পানীত উটাই দিয়ে। লগতে, কোনাে উপযুক্ত বেজে মৃতদেই জাৰি ফুকি জীয়াই তুলিব পাৰে বুলি ভাবিও এইদৰে উটাই দিয়া হয়।


আপুনি জানেনে? 

প্রশ্ন: তিতা কেৰেলা তিতা কিয়? 

উঃ তিতা কেৰেলাত টেনিন নামৰ এবিধ পদার্থ থাকে। এই টেনিনৰ বাবেই তিতা কেৰেলাৰ সােৱাদ তিতা। 



*****

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.