প্রাকৃতিক সম্পদৰ হ্রাস,প্রদূশন,প্রদূষক প্রকাৰ,Assam gk natural resources,environment

প্রাকৃতিক সম্পদৰ হ্রাস।।পৰিবেশ প্রদূশন আৰু পৰিবেশ প্রদূষক আৰু প্রকাৰ।। Assam general knowledge Natural resources, environmental pollution, pollutants and types in Assamese language


প্রাকৃতিক সম্পদৰ হ্রাস
"মাটি হৈছে জৈৱিক আৰু অজৈৱ পদাৰ্থৰ এটি জটিল মিশ্রণ"
"পানী প্ৰকৃতিৰ আন এবিধ অপৰিহার্য সম্পদ"
"বনজ গছ-গছনি আৰু বন্য প্রাণীও প্রকৃতিৰ মূল্যবান সম্পদ"
পৰিবেশ প্রদূশন  আৰু পৰিবেশ প্রদূষক আৰু পৰিবেশ প্রদূষকবোৰৰ প্রকাৰ
Natural resources types and classification, conservation,applications,characteristics, endangered animals,soil,water,pollution, pollutants and types in Assamese language-assam

প্রাকৃতিক সম্পদৰ হ্রাস "মাটি হৈছে জৈৱিক আৰু অজৈৱ পদাৰ্থৰ এটি জটিল মিশ্রণ" "পানী প্ৰকৃতিৰ আন এবিধ অপৰিহার্য সম্পদ" "বনজ গছ-গছনি আৰু বন্য প্রাণীও প্রকৃতিৰ মূল্যবান সম্পদ" পৰিবেশ প্রদূশন  আৰু পৰিবেশ প্রদূষক আৰু পৰিবেশ প্রদূষকবোৰৰ প্রকাৰ Natural resources types and classification, conservation,applications,characteristics, endangered animals,soil,water,pollution, pollutants and types in Assamese language
প্রাকৃতিক পৰিবেশ




প্রাকৃতিক সম্পদৰ হ্রাস।।পৰিবেশ প্রদূশন আৰু পৰিবেশ প্রদূষক আৰু পৰিবেশ প্রদূষকবোৰৰ প্রকাৰ

প্রাকৃতিক সম্পদৰ হ্রাস:


সকলাে অর্থনৈতিক উন্নয়নমূলক কাম-কাজৰ বাবে প্রাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰা হয়। এনে সম্পদৰ অপৰিকল্পিত ব্যৱহাৰে প্রাকৃতিক পৰিবেশত কু-প্রভাৱ পেলাব পাৰে। কিয়নাে, প্রকৃতিৰ বুকুত এনে কিছুমান সম্পদ আছে, তেনে সম্পদ এবাৰ নিঃশেষ হৈ গ'লে তাক পুনৰাই ঘূৰাই আনিব নােৱাৰি। উদাহৰণ স্বৰূপে, ভূগৰ্ভত থকা তেল আৰু কয়লাৰ ভাণ্ডাৰ ক্ৰমে শেষ হৈ আহিছে। বিজ্ঞানীসকলে ভৱিষ্যৎ বাণী কৰিছে যে অহা ২৫-৩০ বছৰৰ ভিতৰতে তেল পৃথিৱীৰ পৰা নিঃশেষ হৈ যাব। কয়লা হয়তাে আৰু দুশ বছৰলৈকে টিকি থাকিব। কয়লা আৰু তেল এতিয়াও মাটিৰ তলত গঠন হৈ আছে। কিন্তু এনে প্রক্রিয়াৰ বাবে বহু বছৰৰ প্রয়ােজন। সেয়ে, খৰচৰ তুলনাত নতুনকৈ গঠন হােৱা পদাৰ্থৰ পৰিমাণ তেনেই নগণ্য। মিতব্যয়িতাই এনে সম্পদৰ সংৰক্ষণৰ উত্তম উপায়। 


মানৱ সভ্যতাৰ বিকাশত খনিজ সম্পদে অগ্রণী ভূমিকা লৈ আহিছে। আমাৰ বহুতাে। অপৰিহাৰ্য আহিলা-পাতি প্রস্তুত কৰাৰ বাবে লাে, এলুমিনিয়াম, তাম, দস্তা, সীহ, সােণ, প্লেটিনাম আদি ধাতৱ পদার্থ কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। এই সম্পদসমূহৰ অবিহনে আমাৰ জীৱন-ধাৰণৰ ৰূপেই সলনি হৈ যাব। যথাযথ ব্যৱহাৰৰ যােগেদি এনে সম্পদসমূহ ভৱিষ্যৎ প্রজন্মৰ বাবে সাঁচি থ’ব পৰা যাব। 


প্রাকৃতিক সম্পদৰ হ্রাস।।পৰিবেশ প্রদূশন আৰু পৰিবেশ প্রদূষক আৰু পৰিবেশ প্রদূষকবোৰৰ প্রকাৰ

প্র: "মাটি হৈছে জৈৱিক আৰু অজৈৱ পদাৰ্থৰ এটি জটিল মিশ্রণ"- কথাষাৰ বুজাই লিখা। 


উ: মাটিও এবিধ মূল্যবান সম্পদ। মাটি বুলিলে আমি সাধাৰণতে পৃথিৱীৰ খােলাটোৰ উপৰিভাগৰ ঢিলা, মূৰমূৰীয়া, অদৃঢ় পাতল আৱৰণটোকে বুজো। ই হৈছে জৈৱিক আৰু অজৈৱ পদাৰ্থৰ এটি জটিল মিশ্রণ। ইয়াত কিছুমান ছিদ্র আছে। ছিদ্রবােৰে পানী আৰু বায়ু। জুমা কৰি ৰাখে। উদ্ভিদে এই পানী আৰু বায় খাদ্যদ্রব্য প্রস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰে। মাটিৰ গঠন প্রণালী বৰ জটিল আৰু দীঘলীয়া। এক ছেণ্টিমিটাৰ ডাঠ মাটি গঠন হ'বলৈ এহেজাৰ বছৰৰ অধিক সময় লাগে। কিন্তু ইয়াক কেইবছৰ মানৰ ভিতৰতে ধ্বংস কৰিব পাৰি। ভূমিস্খলন, জলসিঞ্চন, ঘৰ-দুৱাৰ সজা, ৰাস্তা-ঘাট বনােৱা আদি নানা কাম-কাজৰ বাবে মাটিৰ গুণাগুণ নষ্ট হৈছে। মাটিৰ ওপৰৰ ঢাকনি অর্থাৎ ইয়াৰ ওপৰত থকা ঘাঁহ-বন নাইকিয়া হৈ গ'লে, বতাহ আৰু বৰষুণে মাটিৰ উপৰিভাগ উটুৱাই লৈ যায়। এনেদৰে মাটিৰ উপৰিভাগ আঁতৰি গ'লে মাটিৰ উৎপাদিকা শক্তি কমি যায়। খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱে মাটিৰ গুণাগুণ ভালেখিনি নষ্ট কৰিছে। এনেদৰে মাটি নষ্ট হােৱাৰ ফলত প্রকৃতি ৰাজ্যত অভূতপূর্ব বিপর্যয় ঘটিব পাৰে। 



প্রাকৃতিক সম্পদৰ হ্রাস।।পৰিবেশ প্রদূশন আৰু পৰিবেশ প্রদূষক আৰু পৰিবেশ প্রদূষকবোৰৰ প্রকাৰ

প্র: পানী প্ৰকৃতিৰ আন এবিধ অপৰিহার্য সম্পদ- কথাষাৰ বুজাই লিখা। 


উ: পানী প্ৰকৃতিৰ আন এবিধ অপৰিহার্য সম্পদ। সকলাে উন্নয়নমূলক কামতে পানী ব্যৱহাৰ কৰা হয়। ঘৰুৱা ব্যৱহাৰৰ উপৰিও শিল্পোদ্যোগ আৰু কৃষি কার্যত প্ৰচুৰ পৰিমাণে পানী ৱ্যৱহৃত হয়। সাগৰৰ পানী লুণীয়া। ই ব্যৱহাৰৰ অনুপযােগী।ব্যৱহাৰৰ বাবে উপযােগী পানী নদ-নদী জান-জুৰি, বৰষুণ, কুঁৱা আদিৰ পৰা সংগ্ৰহ কৰা হয়। এনে পানীৰ পৰিমাণ তেনেই সীমিত। পৃথিৱীৰ মাত্র এক শতাংশ পানীহেব্যৱহাৰৰ বাবে উপযােগী। এটি সমীক্ষা মতে প্রতিদিনে সমগ্র বিশ্বত ব্যৱহৃত পানীৰ ৬৫ শতাংশ কৃষি কার্যত, ৩০ শতাংশ কল- কাৰখানাত আৰু বাকী ৫ শতাংশ ঘৰুৱা কাম-কাজত খৰচ কৰা হয়। অমাৰ দেশ ভাৰততাে ব্যৱহৃত পানীৰ ৯৬ শতাংশ কৃষি কার্যত, ৩ শতাংশ উদ্যোগত আৰু বাকী মাত্র এক শতাংশ ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়। আমাৰ দেশৰ বৰ্দ্ধিত জনসংখ্যাৰ খাদ্যৰ চাহিদা পূৰণার্থে অধিক শস্য বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন কৰিবলগীয়া হৈছে। ফলত পর্যাপ্ত পৰিমাণে পানী প্রতিদিনে খৰচ কৰিবলগীয়া হৈছে। তদুপৰি বানপানীৰ বাবেও বহুতাে পানী অথলে গৈছে। এনেদৰে জলসম্পদ ব্যৱহৃত হৈ থকাৰ ফলত আমাৰ দেশৰ বহুতাে নদ-নদীৰ পানী শুকাই খৰাং হৈ গৈছে। ইতিমধ্যে ৰাজস্থান, মধ্যপ্রদেশ, গুজৰাট আদি কেবাখনাে ৰাজ্যৰ বিস্তীর্ণ অঞ্চলত পানীৰ নাটনিয়ে দেখা দিছে। ফলত জীৱজগত অভূতপূর্ব ক্ষতিৰ সন্মুখীন হৈছে। এসময়ত মেঘালয় ৰাজ্যৰ চেৰাপুঞ্জীত পৃথিৱীৰ ভিতৰতে বেছিকৈ বৰষুণ হৈছিল। কিন্তু পৰিতাপৰ কথা যে আজি আৰু তাত সেই অৱস্থা নাই। হাবি-জঙ্গল কাটি খাস্তাং কৰাৰ ফলস্বৰূপে খৰালি কালত চেৰাপুঞ্জীত খােৱাপানীৰ নাটনিয়ে দেখা দিছে। 


অকল ভাৰততে নহয়, সমগ্র বিশ্বতে ব্যৱহাৰযােগ্য পানীৰ নাটনিয়ে দেখা দিছে। প্রতিখন দেশে জলসম্পদ সংৰক্ষণ তথা উন্নয়নৰ বাবে প্রচেষ্টা হাতত লৈছে। পানীৰ ভাণ্ডাৰ যাতে কোনােপধ্যে কমিনাযায়, তাৰবাবে পানীব্যয় কত মিতব্যয়ী হােৱা উচিত। বিনাকামত যাতে পানীৰ অপচয় নহয়, তাৰবাবে সাৱধানতা অৱলম্বন কৰাটো প্রতিজন ব্যক্তিৰে কর্তব্য। 


প্রাকৃতিক সম্পদৰ হ্রাস।।পৰিবেশ প্রদূশন আৰু পৰিবেশ প্রদূষক আৰু পৰিবেশ প্রদূষকবোৰৰ প্রকাৰ

প্র: "বনজ গছ-গছনি আৰু বন্য প্রাণীও প্রকৃতিৰ মূল্যবান সম্পদ"-বহলাই লিখা। বিলুপ্তপ্রায়ী প্রাণী কিছুমানৰ নাম লিখা। 


উ: বনজ গছ-গছনি আৰু বন্য প্রাণীও প্রকৃতিৰ মূল্যবান সম্পদ। বননিৰ ওপৰত মানুহে চলােৱা লুণ্ঠন কাৰ্যৰ বাবে বিশ্বৰ শতকৰা আশীভাগ বনাঞ্চল ধ্বংস হৈছে। আমাৰ দেশতাে প্রতিবছৰে প্রায় ১.৫ নিযুত হেক্টৰ মাটিত থকা অৰণ্য নাইকিয়া হৈ আছে। প্রাকৃতিক ভাৰসাম্যৰ বাবে দেশৰ মাটি কালিৰ কমেও ৩৩ শতাংশত অৰণ্য থকাতাে প্রয়ােজন। কিন্তু আমাৰ দেশত বর্তমানে ২৩ শতাংশ মাটি কালিতহে অৰণ্য আছে। এনেদৰে অৰণ্য কমি যােৱাৰ ফলত বহুতাে বিসংগতিয়ে দেখা দিছে। ঠায়ে ঠায়ে বৰষুণৰ মাত্রা অভাৱনীয়ভাৱে বাঢ়ি গৈছে, আন ঠাই কিছুমানত আকৌ খৰাং বতৰে জীৱজগতৰ অপূৰণীয় ক্ষতি সাধন কৰিছে। 


এসময়ত আমাৰ ৰাজ্যখনাে হাবি-জঙ্গলেৰে ভৰপূৰ আছিল। স্বাধীনতাৰ আগলৈ আমাৰ ৰাজ্যখনৰ মাটি কালিৰ ৩৫ শতাংশ অটব্য হাবিৰে আগুৰি আছিল। কিন্তু অপৰিকল্পিত ভাৱে হাবি বন ধ্বংস কৰাৰ ফলত সদ্যহতে আমাৰ ৰাজ্য খনৰ ২০%ত কৈয়ো কম মাটি কালিতহে অৰণ্য আছে।


বনাঞ্চল ধ্বংস হােৱাৰ ফলত পৃথিৱীৰ পৰা বহুতাে প্রজাতিৰ বনজ সম্পদ বিলুপ্ত হৈছে আৰু কিছুমান বিলুপ্ত হােৱাৰ পথত উপক্ৰম হৈছে। ৰাষ্ট্ৰসংঘৰ পৰিবেশ পৰিষদে ২০০০ চনত প্ৰকাশ কৰা এক প্রতিবেদন অনুসৰি ভূপৃষ্ঠৰ পৰা এতিয়ালৈকে ৮০ শতাংশ বননি ধ্বংস হৈছে আৰু দহ শতাংশ সপুষ্পক উদ্ভিদ বিলুপ্ত হৈছে। 


হাবি-বননি ধ্বংস হােৱাৰ ফলত প্রাণী জগতৰাে যথেষ্ট ক্ষতি হৈছে। বাসস্থানৰ অভাৱত বহুতাে প্রজাতিৰ চৰাই-চিৰিকতি বিলুপ্ত হৈছে। ৰাষ্ট্ৰসংঘৰ সমীক্ষামতে এতিয়ালৈকে এঘাৰ শতাংশ প্রজাতিৰ চৰাই-চিৰিকতি বিলুপ্ত হৈছে। ঘাঁহ-বনৰ অভাৱত তৃণভােজী জন্তুৰ সংখ্যা কমি গৈছে। এনে জন্তুৰ অভাৱত মাংসভােজী জন্তুৰ সংখ্যাও দিনে দিনে কমি গৈছে। আমাৰ দেশৰ পৰাও কেবা প্ৰজাতিৰ প্রাণী বিলুপ্ত হৈছে। সুন্দৰ বনৰ দুই শিঙীয়া গড় ইতিমধ্যে বিলুপ্ত হৈছে। পিগমি হগ, সােণালী বান্দৰ, দেওহাঁহ, কেটেলা পহুকে ধৰি কেইটামান প্রজাতিৰ বনজ প্রাণী বিলুপ্ত হৈছে।বন্যপ্রাণীয়ে মানৱ জাতিৰ বহুতাে উপকাৰ সাধন কৰে। এনে জন্তুৰ পৰা মাংস, নােম, হাড় আদি নানাবস্তু পােৱাৰ উপৰিও ইহঁতে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। উদাহৰণ স্বৰূপে, মাংসভােজী জন্তু বাঘ হাবিত নাথাকিলে, হৰিণ, শহাপহু আদিৰ সংখ্যা বাঢ়ি যাব আৰু ইহঁতে খেতি পথাৰৰ শস্য নষ্ট কৰি পেলাব। গতিকে মানুহে নিজৰ স্বাৰ্থতে বন্যপ্রাণী সংৰক্ষণ কৰিব লাগিব। 


প্রাকৃতিক সম্পদৰ হ্রাস।।পৰিবেশ প্রদূশন আৰু পৰিবেশ প্রদূষক আৰু পৰিবেশ প্রদূষকবোৰৰ প্রকাৰ

প্র: পৰিবেশ প্রদূশন কাক বোলে? পৰিবেশ প্রদূষক কি আৰু পৰিবেশ প্রদূষকবোৰক কেইটা ভাগত ভাগ কৰা হৈছে? বুজাই লিখা। 


উ: প্রাকৃতিক সম্পদ সমূহৰ অৱক্ষয়ৰ লগে লগে বায়ু, পানী আৰু মাটিও কলুষিত হােৱাৰ ফলত প্রাকৃতিক পৰিবেশত বিপর্যয়ে গা কৰি উঠিছে। মানুহৰ নানা ধৰণৰ কাম- কাজৰ বাবে কিছুমান অপদ্রব্য বায়ু, পানী আৰু মাটিত প্ৰৱেশ কৰিছে, যাৰ ফলত সিহঁতৰ প্রাকৃতিক গুণাগুণ বুজন পৰিমাণে বিনষ্ট হৈছে। এনেদৰে অপদ্রব্যৰ দ্বাৰা বায়ু, পানী আৰু মাটিৰ বিশুদ্ধতা বিনষ্ট হােৱাকে প্ৰদূষণ বােলা হয়। 


যিবােৰ বস্তুৱে প্ৰদূষণ ঘটায়, তেনে বস্তুবােৰক প্ৰদূষক বােলে। 


প্রাকৃতিক পৰিবেশৰ কিছুমান নিজস্ব ধর্ম আছে। কম পৰিমাণৰ প্ৰদূষকক পৰিবেশে নিজে শােধন কৰি ল'ব পাৰে। পিছে, প্রদূষকৰ মাত্ৰা অধিক হ'লে পৰিবেশে নিজে শােধন কৰি ল'ব নােৱাৰে। ভৌতিক পৰিবেশৰ মূল উপাদান বায়ু, পানী আৰু মাটিত অপদ্রব্যৰ পৰিমাণ অধিক হ'লেই পৰিবেশ প্ৰদূষণৰ সমস্যাই গা কৰি উঠে। 


পৰিবেশ প্ৰদূষণৰ সমস্যাই সমগ্র বিশ্বকে সচকিত কৰি তুলিছে। উন্নত দেশৰ লগতে উন্নয়নশীল আৰু অনুন্নত দেশসমূহেও পৰিবেশ প্ৰদূষণৰ কবলত পৰিছে। অর্থনৈতিক উন্নয়ন আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিবলৈ উন্নত দেশ সমূহত ঔদ্যোগিক আৰু কৃষি ক্ষেত্ৰত বৈপ্লৱিক সাফল্য আনিবলগীয়া হৈছে। আনহাতে বৰ্দ্ধিত জনসাধাৰণক ভৰণ-পােষণ দিবলৈ উন্নয়নশীল আৰু অনুন্নত দেশসমূহে কৃষি ক্ষেত্ৰত উৎপাদন বঢ়াবলগীয়া হৈছে আৰু কল-কাৰখানাৰ যােগেদি অর্থনৈতিক উন্নয়ন আনিবলৈ প্রচেষ্টা হাতত ল'বলগীয়া হৈছে। এই দুই বিপৰীতমুখী পথেৰে ধাৱমান হােৱাৰ ফলত ধনী আৰু দুখীয়া উভয় শ্রেণীৰ দেশে পৰিবেশ প্ৰদূষণৰ সমস্যাৰ সন্মুখীন হৈছে।


প্রাকৃতিক সম্পদৰ হ্রাস।।পৰিবেশ প্রদূশন আৰু পৰিবেশ প্রদূষক আৰু পৰিবেশ প্রদূষকবোৰৰ প্রকাৰ

পৰিবেশ প্ৰদূষকবােৰক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হৈছে-


পৰিবেশ প্ৰদূষকবােৰক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হৈছে– 

১। জীৱভাঙোনক্ষম প্রদৃষক, 

২। অভাঙোনক্ষম প্ৰদূষক আৰু 

৩। বিষ। 


জীব-জন্তুৰ মল-মূত্র, ঘৰুৱা আৱৰ্জনা, গছ- গছনিৰ ডাল-পাত আদি মাটিত থকা অনুজীৱে পচন ঘটাই সৰল পদাৰ্থত পৰিণত কৰে। এনে বস্তুৰ মাত্রা অনুজীরে পচন ঘটাব পৰা ক্ষমতাৰ বাহিৰলৈ গ'লে, প্ৰদূষণৰ সমস্যাই দেখা দিয়ে। অনুজীবিয়ে পচন ঘটাৰ পৰা আৱৰ্জনাবােৰক জীৱভাঙোনক্ষম প্ৰদূষক বােলে। 


আনহাতে এলুমিনিয়ামৰ টেমা, কাচ, ফেনল জাতীয় পদার্থ, প্লাষ্টিক আদি পদার্থ বােৰক অনুজীৱে পচন ঘটাব নােৱাৰে। এনে পদার্থ বহুদিন ধৰি পৰিবেশত থাকি যায়। এনে অপদ্রব্যক অভাঙোনক্ষম প্ৰদূষক বােলে। 


তৃতীয় শ্রেণীৰ প্ৰদূষকবােৰ বিষাক্ত সীহ, কেডমিয়াম আদি ধাতৱ পদার্থ, তেজস্ক্রিয় পদার্থ, উদ্যোগৰ পেলনীয়া দ্রব্য, কীটনাশক দৰৱ আদি তৃতীয় শ্রেণীৰ প্ৰদূষক। এনে বিষাক্ত পদার্থবােৰ খাদ্য শৃংখলৰ জৰিয়তে মানুহ আৰু জীৱ-জন্তুৰ দেহত-প্ৰৱেশ কৰি অনিষ্ঠ সাধন কৰে। 


প্রাকৃতিক সম্পদৰ হ্রাস।।পৰিবেশ প্রদূশন আৰু পৰিবেশ প্রদূষক আৰু পৰিবেশ প্রদূষকবোৰৰ প্রকাৰ, পৰিৱেশ সজাগতা,পৰিৱেশ অধ্যয়ণ,সংৰক্ষণ,প্রদূশনৰ ৰচনা।। Assam general knowledge Natural resources, environmental pollution, pollutants and types in Assamese language

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.