প্ৰাকৃতিক পৰিবেশ,ভৌতিক,জৈৱিক,বায়ুমণ্ডল,পৰিৱেশৰ উপাদান-Environmental science GK in Assamese

প্রাকৃতিক পৰিৱেশ ভাগ,পৰিবেশৰ অৱনতি,বায়ুমণ্ডল আৰু বায়ুমণ্ডলৰ পদাৰ্থ,পৰিবেশৰ উপাদান।। Assam environment GK

প্রাকৃতিক পৰিৱেশ আৰু প্ৰধান ভাগ।।ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশ।।জীৱজগতৰ সৃষ্টি আৰু শ্ৰীবৃদ্ধিৰ বাবে সৌৰশক্তিৰ প্রয়ােজনীয়তা।।পৰিবেশৰ অৱনতি।।বায়ুমণ্ডল।।বায়ুমণ্ডলৰ পদাৰ্থ।।বায়ুমণ্ডলৰ ভাৰসাম্য কেনেকৈ অটুট থাকে।।খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি প্রাণীসমূহৰ ভাগ।।পৰিবেশৰ উপাদান।। Assam environmental science question and answer for students-Environment-types, effects, benefits,factor,elements
প্রাকৃতিক পৰিবেশ


প্রাকৃতিক পৰিৱেশ আৰু প্ৰধান ভাগ-ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশ। জীৱজগতৰ সৃষ্টি আৰু শ্ৰীবৃদ্ধিৰ বাবে সৌৰশক্তিৰ প্রয়ােজনীয়তা,পৰিবেশৰ অৱনতি,বায়ুমণ্ডল আৰু বায়ুমণ্ডলৰ পদাৰ্থ,লগতে বায়ুমণ্ডলৰ ভাৰসাম্য কেনেকৈ অটুট থাকে। খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি প্রাণীসমূহৰ ভাগ, পৰিবেশৰ উপাদান সকলো পৰিৱেশ অধ্যয়ণৰ লগত জড়িত বিষয় কথা ইয়াত দিয়া হৈছে-Assam gk environmental science question and answer for students-Environment-types, effects, benefits,factor,elements in Assamese language, environmental science seba Assamese medium

প্রাকৃতিক পৰিৱেশ।। প্রাকৃতিক পৰিবেশৰ প্ৰধান ভাগ।।ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশ।প্রাকৃতিক পৰিবেশৰ অৱনতি।।বায়ুমণ্ডল।।বায়ুমণ্ডলৰ পদাৰ্থ।।প্রাকৃতিক পৰিবেশৰ প্রাণীসমূহৰ ভাগ।।প্রাকৃতিক পৰিবেশৰ উপাদান

প্ৰ: প্রাকৃতিক পৰিৱেশ কাক বোলে? 

উ: গছ-গছনি, জীৱ-জন্তু, বায়ু, পানী আৰু মাটিৰে পৰিৱেষ্টিত চৌপাশকে প্রাকৃতিক পৰিবেশ বােলা হয়।প্রতিটো জীৱই পৰিবেশৰ লগত নিজকে খাপ খুৱাই জীৱন ধাৰণ কৰে। তদুপৰি জীৱ সমূহৰ বিকাশ আৰু বংশ বৃদ্ধিত নিজ নিজ পৰিবেশে প্রত্যক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। 


আমাৰ পৃথিৱীখন সৌৰজগতৰ এক বৈচিত্রময় গ্রহ। ইয়ে একমাত্র গ্রহ য'ত সৃষ্টি হৈছে নানা বিধৰ গছ-গছনি, মানুহকে ধৰি বিভিন্ন প্রজাতিৰ জীৱ-জন্তু আৰু লগতে অসংখ্য ক্ষুদ্রাতিক্ষুদ্র অণুজীৱৰ। এই সকলােবােৰেই প্ৰকৃতিৰ একো একোটি অংশ। প্রকৃতি ৰাজ্যত প্ৰতিটো জীৱ আন জীৱৰ ওপৰত পৰস্পৰ নিৰ্ভৰশীল। কোনাে জীৱই অকলশৰে জীয়াই থাকিব নােৱাৰে। উদাহৰণ স্বৰূপে, সকলাে জীৱ-জন্তুৱেই আহাৰৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। তেনেদৰে উদ্ভিদেও জীৱ-জন্তুৰ ওপৰত নিৰ্ভৰ নকৰাকৈ বৰ্তি থাকিব নােৱাৰে। আনহাতে প্রকৃতিৰ অন্যতম অংশবিশেষ বায়ু, পানী আৰু মাটি, এই তিনিবিধ অজৈৱ পদার্থ জীৱ সমূহৰ অস্ত্বিত্বৰ বাবে অপৰিহার্য। প্রতিটো জীৱই এই অজৈৱ পদার্থ সমূহৰ লগত অহৰহ ক্রিয়া-বিক্রিয়া কৰিহে বৰ্তি থাকে। 

প্রাকৃতিক পৰিৱেশ।। প্রাকৃতিক পৰিবেশৰ প্ৰধান ভাগ।।ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশ।প্রাকৃতিক পৰিবেশৰ অৱনতি।।বায়ুমণ্ডল।।বায়ুমণ্ডলৰ পদাৰ্থ।।প্রাকৃতিক পৰিবেশৰ প্রাণীসমূহৰ ভাগ।।প্রাকৃতিক পৰিবেশৰ উপাদান

প্র: প্রাকৃতিক পৰিবেশক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি আৰু কি কি, কাক বোলে? 

উ: প্রাকৃতিক পৰিবেশক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি- ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশ। 


ভৌতিক পৰিবেশ:

ভৌতিক পৰিবেশ বুলিলে আমি বায়ু, পানী আৰু মাটিৰ কথাকে বুজো। ভৌতিক পৰিবেশক নিয়ন্ত্রিত কৰে সৌৰশক্তিয়ে। ই অহৰহ বায়ু, পানী আৰু মাটিৰ লগত ক্রিয়া-বিক্রিয়া চলাই থাকে।


কোনাে এটা অঞ্চলত বাস কৰা জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ-গছনি আদিয়ে জৈৱিক পৰিবেশ গঠন কৰে। জৈৱিক পৰিবেশত বিভিন্ন প্রজাতিৰ মাজত সম্পর্ক বিৰাজমান। প্ৰতিটো প্রজাতি আন প্ৰতিটো প্ৰজাতিৰ ওপৰত প্ৰত্যক্ষ অথবা পৰােক্ষভাৱে নিৰ্ভৰশীল এটা প্ৰজাতিৰ হীন-ডেঢ়ি হলেই ইয়াৰ প্ৰভাৱ আন প্ৰজাতিৰ ওপৰতাে পৰে। অর্থাৎ জৈৱিক পৰিবেশৰ প্ৰতিটো প্ৰজাতিৰ নিজস্ব গুৰুত্ব আছে। কথাষাৰ বুজিবলৈ এটা উদাহৰণ লােৱা যাওঁক। যদিহে এটা অঞ্চলৰ পৰা সাপবােৰ নাইকিয়া হৈ যায়, অথবা ইহঁতক মাৰি পেলােৱা হয়, তেনেহ'লে তাত থকা এন্দুৰ, নিগনি, ভেকুলী আদিৰ সংখ্যা তীব্রভাৱে বাঢ়ি যাব। কিয়নাে, সাপে এন্দুৰ, নিগনি আৰু ভেকুলী খাই জীৱন নির্বাহ কৰে। এন্দুৰ, নিগনিৰ সংখ্যা অধিক হ'লে, খেতি পথাৰৰ শস্য অধিকভাৱে ক্ষতিগ্রস্ত হ'ব। ভেকুলীৰ সংখ্যা বাঢ়ি গ'লে প্ৰকৃতিৰ কিছুমান উপকাৰী পােক-পতংগ ইহঁতে অধিক পৰিমাণে খাব। পােক-পতংগ কমি গ'লে ইহঁতৰ দ্বাৰা উদ্ভিদৰ বংশ বৃদ্ধিৰ প্রক্রিয়া ব্যাহত হ'ব। এতিয়া দেখা গ'ল যে সাপ নিধনৰ ফলত পৰােক্ষভাৱে সমগ্র উদ্ভিদ জগতৰ ওপৰতে প্ৰভাৱ পৰিব। 


জৈৱিক পৰিবেশ:

জৈৱিক পৰিবেশ প্রকৃততে এক প্রতিযােগিতাৰ পৰিবেশ। ইয়াত প্রতিযােগিতা চলে খাদ্যৰ বাবে, বাসস্থানৰ বাবে আৰু লগতে ভৌতিক পৰিবেশক নিজৰ সুবিধার্থে ব্যৱহাৰ কৰাৰ বাবে। এইখিনিতে এটা উদাহৰণ দিয়া যাওঁক। ধৰাহওঁক, এটি জিঞাই 

ফুলৰ ৰস পান কৰি গছৰ পাত এটাত বহি ৰ'দ লৈ আছে। এনেতে তেজপিয়া এটিৰ চকু পৰিল। জিঞাটোৰ ওপৰত। সি জিঞাটোক পুটুককৈ গিলি থলে। প্রকৃতি ৰাজ্যত তেজপিয়াটো নিৰাপদ নহয়। আহাৰ বিচাৰি ঘূৰি ফুৰা সাপ এড়ালে হঠাতে তেজপিয়াটো দেখা পালে। সাপালে অলপাে সময় নষ্ট নকৰিলে। সাপডালে তেজপিয়াটোক খাই থলে। সাপছালৰ জীৱন জানাে নিৰাপদ!নহয়। এনেতে আকাশত উৰি থকা সাপকাটা চৰাই এটি চোঁ মাৰি আহি সাপাল খাই পেলালে। এনেদৰে প্ৰকৃতিৰাজ্যত বিভিন্ন প্রজাতিৰ জীৱ-জন্তুৰ মাজত খাদ্যৰ বাবে প্রতিযােগিতা চলি আছে। 


জীৱজগতৰ সৃষ্টি আৰু শ্ৰীবৃদ্ধিৰ বাবে সৌৰশক্তিৰ প্রয়ােজন-

জীৱজগতৰ সৃষ্টি আৰু শ্ৰীবৃদ্ধিৰ বাবে সৌৰশক্তিৰ প্রয়ােজন। সৌৰশক্তিৰ অবিহনে ধৰাত কোনাে জীৱৰ সৃষ্টি হ'ব নােৱাৰে। জীৱন ধাৰণ কৰাৰ বাবে জীৱজগতৰ আহাৰৰ প্রয়ােজন। এই আহাৰাে প্ৰস্তুত কৰা হয় সৌৰশক্তিৰ দ্বাৰা। প্রকৃতি ৰাজ্যত প্ৰতিটো প্ৰজাতিৰ জীৱ খাদ্যৰ বাবে আন এটা প্রজাতিৰ ওপৰত নিৰ্ভৰশীল। একমাত্র উদ্ভিদেহে নিজে নিজৰ খাদ্য প্রস্তুত কৰিব পাৰে।

প্রাকৃতিক পৰিৱেশ।। প্রাকৃতিক পৰিবেশৰ প্ৰধান ভাগ।।ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশ।প্রাকৃতিক পৰিবেশৰ অৱনতি।।বায়ুমণ্ডল।।বায়ুমণ্ডলৰ পদাৰ্থ।।প্রাকৃতিক পৰিবেশৰ প্রাণীসমূহৰ ভাগ।।প্রাকৃতিক পৰিবেশৰ উপাদান

প্র: বায়ুমণ্ডল মানে কি? বায়ুমণ্ডল কি কি পদার্থৰে গঠিত? 

উ: পৃথিৱীখনক এটি গেছীয় আৱৰণে চাৰিওফালে বেঢ়ি আছে। এই আৱৰণটোকে বায়ুমণ্ডল বােলা হয়। 


ই প্রধানকৈ নাইট্রজেন, অক্সিজেন, কার্বন-ডাই-অক্সাইড কেইটামান দুর্লভ গেছ, জলীয় বাষ্প প্ৰমুখ্যে ক্ষুদ্র ক্ষুদ্র কিছুমান পদার্থকণাৰে গঠিত।


প্র: বায়ুমণ্ডলৰ ভাৰসাম্য কেনেকৈ অটুট থাকে? 

উ: বায়ুমণ্ডলত থকা অক্সিজেন গ্ৰহণ কৰিহে সকলাে প্রাণীয়ে জীয়াই থাকে। পানীত থকা জলজ প্রাণীবােৰেও বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্রহণ কৰে। পিছে, এই ক্ষেত্ৰত উদ্ভিদ ব্যতিক্রম। জীৱজগতৰ অনিষ্টকাৰী কার্বন-ডাই- অক্সাইড গেছক উদ্ভিদে বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে। গছ-গছনিয়ে সৌৰ ৰশ্মিৰ উপস্থিতিত সালােকসংশ্লেষণ (Photo synthesis) প্রক্রিয়াৰে বায়ুৰ লগত প্রাণী আৰু উদ্ভিদৰ সম্পর্ক নিজৰ খাদ্য দ্রব্য প্রস্তুত কৰে আৰু লগতে বায়ুমণ্ডললৈ অক্সিজেন গেছ এৰি দিয়ে। প্রাণীয়ে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰে। 


এনেদৰে উদ্ভিদ আৰু প্রাণীজগতৰ মাজত কার্বন-ডাই-অক্সাইড আৰু অক্সিজেনৰ আদান প্রদান চলি থকাৰ ফলত বায়ুমণ্ডলৰ ভাৰসাম্য অটুট থাকে। 

প্রাকৃতিক পৰিৱেশ।। প্রাকৃতিক পৰিবেশৰ প্ৰধান ভাগ।।ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশ।প্রাকৃতিক পৰিবেশৰ অৱনতি।।বায়ুমণ্ডল।।বায়ুমণ্ডলৰ পদাৰ্থ।।প্রাকৃতিক পৰিবেশৰ প্রাণীসমূহৰ ভাগ।।প্রাকৃতিক পৰিবেশৰ উপাদান

প্র: খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি প্রাণীসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে আৰু কি কি? 

উ: প্রাণীজগতে উদ্ভিদ অথবা উদ্ভিদজাত সামগ্রী খাই জীৱন ধাৰণ কৰে। খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি প্রাণীসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। 

১। তৃণভােজী, 

২। মাংসভােজী আৰু 

৩। সৰ্বভােজী। 


গৰু, ছাগলী, মহ, হৰিণ আদিয়ে ঘাঁহ-বন খাই জীয়াই থাকে। এনে প্রাণীবােৰক তৃণভােজী প্রাণী বােলে।


কিছুমান প্রাণীয়ে তৃণভােজী প্ৰাণীৰ মাংস খাই জীয়াই থাকে। উদাহৰণ স্বৰূপে— বাঘ, শিয়াল, শগুণ আদিয়ে আন প্ৰাণীৰ মাংস খাই জীৱন ধাৰণ কৰে। এনে প্রাণীবােৰক মাংসভােজী প্রাণী বােলে। 


আনহাতে মানুহে উদ্ভিদজাত সামগ্ৰী আৰু আন প্ৰাণীৰ মাংস খাই জীয়াই থাকে। সেয়ে, মানুহক সর্বভােজী প্রাণী বােলা হয়। 


প্র: পৰিবেশৰ উপাদান কেইটা আৰু কি কি? উপাদান বোৰৰ বিষয়ে চমুকৈ লিখা। 

উ: পৰিবেশৰ মূল উপাদান চাৰিটা। 

(১) বায়ু মণ্ডল (Atmosphere), 

(২) জলমণ্ডল (Hydrosphere), 

(৩) অশ্ম মণ্ডল (Lithosphere) আৰু 

(৪) জীৱ মুণ্ডল (Biosphere). 


আমিআগতে কৈ আহিছাে যে পৃথিৱীখনক চাৰিওফালে বেঢ়ি থকা গেছীয় আৱৰণটোকে বায়ুমণ্ডল বােলা হয়। বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা প্রায় ১৬০০ কিল'মিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। বায়ুমণ্ডলত সবাতােকৈ অধিক পৰিমাণে থকা গেছীয় পদার্থটি হ’ল নাইট্রজেন।ইয়াৰ পৰিমাণ প্রায় শতকৰা ৭৮ ভাগ।ইয়াৰ পিছতে অক্সিজেনৰ পৰিমাণ অধিক। ইয়াৰ পৰিমাণ শতকৰা প্রায় ২১ ভাগ। 


সাগৰ-মহাসাগৰ, নদ-নদী, জান-জুৰি, হ্রদ, হিমৱাহ, মেৰু অঞ্চলত থকা বৰফ আৰু মাটিৰ তলত থকা পানী ভাগক জলমণ্ডল বােলে। জীৱৰ অস্তিত্বৰ বাবে পানী অপৰিহার্য। 


পৃথিৱীৰ খােলাটোৰ ওপৰভাগকে অশ্মমণ্ডল বােলা হয়। ই শিল আৰু খনিজ পদার্থৰে গঠিত। শিলবােৰ বিচূর্ণীভৱন প্রক্রিয়াৰে ক্ষয় হৈ মাটিলৈ সলনি হয়। এই মণ্ডল ভূ-পৃষ্ঠৰ পৰা প্ৰায় গড়ে ১০০ কিল'মিটাৰ তললৈ বিস্তৃত। 


ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৬ কিঃ মিঃ ওপৰলৈ আৰু সমুদ্রপৃষ্ঠৰ পৰা প্ৰায় ৭ কিল'মিটাৰ গভীৰতালৈকে জুৰি থকা এই অঞ্চলটোকে জীৱমণ্ডল বােলা হয়। গছ-গছনি, জীৱ-জন্তু, মাছ কাছ, অণুজীৱকে আদি কৰি সকলাে জীৱই এই মণ্ডলত বসবাস কৰে।

প্রাকৃতিক পৰিৱেশ।। প্রাকৃতিক পৰিবেশৰ প্ৰধান ভাগ।।ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশ।প্রাকৃতিক পৰিবেশৰ অৱনতি।।বায়ুমণ্ডল।।বায়ুমণ্ডলৰ পদাৰ্থ।।প্রাকৃতিক পৰিবেশৰ প্রাণীসমূহৰ ভাগ।।প্রাকৃতিক পৰিবেশৰ উপাদান

প্র: প্রাকৃতিক পৰিবেশৰ অৱনতি মানে কি বুজা? 

উ: বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে বায়ু, পানী আৰু মাটিৰ সৃষ্টি হােৱাৰ পিছতে উদ্ভৱ হ’ল গছ লতিকাৰ আৰু তাৰ পিছত সৃষ্টি হ’ল প্রাণী জগত। সৃষ্টিৰ আদিৰে পৰা ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশৰ মাজত পাৰম্পৰিক সামঞ্জস্য ৰাখি প্রকৃতিয়ে নিজৰ ভাৰসাম্য বজাই ৰাখি আহিছিল। মানুহ প্ৰকৃতিৰ এক অংশ বিশেষ আদিম মানুহ আছিল প্ৰকৃতিৰ দাস। প্রকৃতিৰ নানা নৈসর্গিক পৰিঘটনাই মানুহক ভীতিগ্রস্ত কৰি তুলিছিল। পিছে, সময়ৰ লগে লগে মানৱ মনত জ্ঞান-বিজ্ঞানৰ উদয় হ’ল। অঘৰী মানুহে ঘৰ-দুৱাৰ সাজি থাকিবলৈ ল'লে। জুইৰ ব্যৱহাৰ শিকি খাদ্যবােৰ ৰান্ধি-বাঢ়ি খােৱাৰ ব্যৱস্থা কৰিলে। দিনে। দিনে অৱস্থাৰ পৰিৱৰ্তন হ'বলৈ ধৰিলে। মানুহ সভ্যতাৰ জখলাৰে আগুৱাই যাবলৈ ল'লে। 

মানুহে হেলাৰঙে প্ৰকৃতিৰ সম্পদসমূহৰ ওপৰত লুণ্ঠন চলালে। মানুহ যেন হৈ পৰিল। প্রকৃতিৰ হর্তা-কর্তা। নিজৰ সুখ-সম্ভোগৰ বাবে মানুহে ঘৰ-দুৱাৰ সাজিলে, শিল্পোদ্যোগ গঢ়ি তুলিলে, যাতায়তৰ সুবিধাৰ বাবেৰাস্তা-ঘাট বনালে, নানা তৰহৰ গাড়ী-মটৰ, এৰােপ্লেন, ৰেল গাড়ী সাজিলে, খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰিলে, ৰাসায়নিক সাৰ, কীট নাশক ঔষধ ব্যৱহাৰ কৰিলে— এই সকলােবিলাক কাম-কাজৰ বাবে প্ৰকৃতিৰ বুকুৰ পৰা এপদ-দুপদ কৈ বহুতাে আপুৰুগীয়া সম্পদ চিৰদিনৰ বাবে হেৰাই গ'ল আৰু জীৱজগতৰ অপৰিহার্য সম্প্রদ বায়ু, পানী আৰু মাটি প্ৰদূষিত হ'ল। এনেদৰে প্রাকৃতিক পৰিবেশৰ সম্পদৰ হ্রাস আৰু ভৌতিক পৰিবেশৰ গুণাগুণৰ অৱক্ষয় হােৱাকে পৰিবেশৰ অৱনতি হােৱা বুলি কোৱা হয়।



প্রাকৃতিক পৰিৱেশ আৰু প্ৰধান ভাগ।।ভৌতিক পৰিবেশ আৰু জৈৱিক পৰিবেশ।।জীৱজগতৰ সৃষ্টি আৰু শ্ৰীবৃদ্ধিৰ বাবে সৌৰশক্তিৰ প্রয়ােজনীয়তা।।পৰিবেশৰ অৱনতি।।বায়ুমণ্ডল।।বায়ুমণ্ডলৰ পদাৰ্থ।।বায়ুমণ্ডলৰ ভাৰসাম্য কেনেকৈ অটুট থাকে।।খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি প্রাণীসমূহৰ ভাগ।।পৰিবেশৰ উপাদান।। পৰিবেশ সংৰক্ষণ প্রয়োজনীয়তা,উপায়-Assam gk environmental science question and answer for students-Environment-types, effects, benefits,factor,elements in Assamese language

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.