সমাজ বিজ্ঞানৰ ভূগোলৰ লগত জড়িত বহু প্ৰশ্ন উত্তৰ

সমাজ বিজ্ঞানৰ ভূগোলৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ছাত্র ছাত্রীসকলৰ বাবে-Social science geography class 9 notes SEBA board students in Assamese medium

ভূপৃষ্ঠৰ পৰিৱৰ্তন

#গ্ৰাব কাক বোলে? গ্রাব কেই প্রকাৰৰ? 
#পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীয়ে আগুৰি আছে? 
#নদীৰ কোন অঞ্চলত অশ্বখুৰা হ্রদৰ সৃষ্টি হয়? #অশ্বখুৰা হ্রদৰ সৃষ্টি কেনেকৈ হয়? 
#ভূপৃষ্ঠৰ পৰিবর্তন বুলিলে কি বুজা? 
#বাহ্যিক কাৰক মানে কি? 
#পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈর্ঘ্য কিমান? 
#ইনছেলবার্গ কি? 
#হিমবাহৰ গতি অতি লেহেম কিয়? 
#হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ? 
#বালিৰ পাহাৰৰ সৃষ্টি কেনেকৈ হয়? 
#অবনমন বুলিলে কি বুজা ? 
#প্লাৱন ভূমি কি আৰু কেনেকৈ সৃষ্টি হয়? 
#ভূ-পৃষ্ঠৰ পৰিবৰ্তনকাৰী কাৰক কেইটা?
#নদীৰ পাৰ খনন কি আৰু কেনেকৈ সংঘটিত হয়? 
#নদীয়ে কি কি প্রকাৰে গেদ কঢ়িয়াই লিখা।
#নদী অববাহিকাৰ সংজ্ঞা। 



সমাজ বিজ্ঞানৰ ভূগোলৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ছাত্র ছাত্রীসকলৰ বাবে-Social science geography  notes for students in Assamese language #গ্ৰাব কাক বোলে? গ্রাব কেই প্রকাৰৰ?  #পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীয়ে আগুৰি আছে?  #নদীৰ কোন অঞ্চলত অশ্বখুৰা হ্রদৰ সৃষ্টি হয়? #অশ্বখুৰা হ্রদৰ সৃষ্টি কেনেকৈ হয়?  #ভূপৃষ্ঠৰ পৰিবর্তন বুলিলে কি বুজা?  #বাহ্যিক কাৰক মানে কি?  #পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈর্ঘ্য কিমান?  #ইনছেলবার্গ কি?  #হিমবাহৰ গতি অতি লেহেম কিয়?  #হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ?  #বালিৰ পাহাৰৰ সৃষ্টি কেনেকৈ হয়?  #অবনমন বুলিলে কি বুজা ?  #প্লাৱন ভূমি কি আৰু কেনেকৈ সৃষ্টি হয়?  #ভূ-পৃষ্ঠৰ পৰিবৰ্তনকাৰী কাৰক কেইটা? #নদীৰ পাৰ খনন কি আৰু কেনেকৈ সংঘটিত হয়?  #নদীয়ে কি কি প্রকাৰে গেদ কঢ়িয়াই লিখা। #নদী অববাহিকাৰ সংজ্ঞা।   সমাজ বিজ্ঞান          প্র : গ্রাব কেই প্রকাৰৰ?   উ : গ্ৰাব চাৰি প্ৰকাৰৰ।      প্র : পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীয়ে আগুৰি আছে?   উ : ৭১ শতাংশ।       প্র : বতাহে মৰুপৃষ্ঠৰ ধূলি-বালিবােৰ এঠাইৰ পৰা অন্যঠাইলৈ উৰুৱাই নিয়া কার্যক কি বােলে?   উ : অৱনমন।       প্র : পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈর্ঘ্য কিমান?   উ : প্রায় ০.৫ নিযুত কিঃ মিঃ।       প্র : এটা বতাহজনিত দুর্যোগৰ নাম লিখা।   উ : টাইফুন।       প্র : নদীৰ কোন অঞ্চলত অশ্বখুৰা হ্রদৰ সৃষ্টি হয়?   উ : ভৈয়াম বা সমতল অঞ্চলত।
সমাজ বিজ্ঞান

সমাজ বিজ্ঞান- ভূগোল Social science geography class 9 notes SEBA Assamese medium


প্র : গ্রাব কেই প্রকাৰৰ? 

উ : গ্ৰাব চাৰি প্ৰকাৰৰ।



প্র : পৃথিৱীৰ উপৰিভাগ কিমান শতাংশ পানীয়ে আগুৰি আছে? 

উ : পৃথিৱীৰ উপৰিভাগ ৭১ শতাংশ পানীয়ে আগুৰি আছে। 



প্র : বতাহে মৰুপৃষ্ঠৰ ধূলি-বালিবােৰ এঠাইৰ পৰা অন্যঠাইলৈ উৰুৱাই নিয়া কার্যক কি বােলে? 

উ : বতাহে মৰুপৃষ্ঠৰ ধূলি-বালিবােৰ এঠাইৰ পৰা অন্যঠাইলৈ উৰুৱাই নিয়া কার্যক অৱনমন বোলে। 



প্র : পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈর্ঘ্য কিমান? 

উ : পৃথিৱীৰ উপকূলৰেখাৰ সৰ্বমুঠ দৈর্ঘ্য প্রায় ০.৫ নিযুত কিঃ মিঃ। 



প্র : এটা বতাহজনিত দুর্যোগৰ নাম লিখা। 

উ : এটা বতাহজনিত দুর্যোগৰ নাম হ'ল টাইফুন। 



প্র : নদীৰ কোন অঞ্চলত অশ্বখুৰা হ্রদৰ সৃষ্টি হয়? 

উ : নদীৰ ভৈয়াম বা সমতল অঞ্চলত অশ্বখুৰা হ্রদৰ সৃষ্টি হয়। 



প্র : ভূপৃষ্ঠৰ পৰিবর্তন বুলিলে কি বুজা? 

উ : ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলিলে সাধাৰণতে পৃথিৱীৰ জন্মৰ পিছৰেপৰা আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকৰ ফলত ভূপৃষ্ঠত হােৱা নানা পৰিৱৰ্তনকে বুজায়। 



প্র : কেইটামান বাহ্যিক কাৰকৰ নাম লিখা।  

উ : কেইটামান বাহ্যিক কাৰকৰ নাম হ'ল- সূৰ্যৰ তাপ, বৰষুণ, বতাহ, হিমবাহ, নদ-নদী, সাগৰৰ টৌ আদি।



প্র : বাহ্যিক কাৰক মানে কি? 

উ : বাহিক কাৰক মানে হৈছে ভূপৃষ্ঠত মূলত বাহিৰৰ পৰা কৰা ক্ৰিয়া। যিবােৰ কাৰকে ভূপৃষ্ঠৰ পৰিবৰ্তন বাহিৰৰ পৰা সংঘটিত কৰে, তাকে বাহ্যিক কাৰক বোলে। এনে কাৰকবোৰৰ ভিতৰত সূৰ্যৰ তাপ, বৰষুণ, বতাহ, হিমবাহ, নদ-নদী, সাগৰৰ টৌ আদিয়েই প্রধান। এই কাৰক বোৰৰ ক্রিয়াৰ ফলতে ভূ-পৃষ্ঠত অহৰহ পৰিবর্তন ঘটি আছে। 



প্র : ইনছেলবার্গ কি? 

উ : 'ইনছেলবার্গ' হৈছে মৰুভূমিত অৱস্থিত একো একোটা ক্ষয়প্রাপ্ত চাপৰ পাহাৰ। ই হৈছে একোখন পৰ্বতৰ ক্ষয় হৈ গৈ গৈ ৰৈ যােধা কঠিন অংশ মাথােন। 



প্র : গ্ৰাব কাক বোলে? 

উ : হিমবাহে উপত্যকাৰে নামি আহােতে বৰফৰ বাহিৰে অন্য যিকোনাে পদার্থ কঢ়িয়াই আনে। সেই পদাৰ্থবােৰকে সামগ্রিকভাবে গ্ৰাব বোলা হয়। 



প্র : গ্ৰাব কেইপ্ৰকাৰ আৰু কি কি ? 

উ : গ্রাব চাৰি প্ৰকাৰ-

(ক) পার্শ্বগ্রাব। 

(খ) ভূমি গ্রাব। 

(গ) মধ্য গ্ৰাব।

(ঘ) প্রান্ত গ্রাব। 



প্র : হিমবাহৰ গতি অতি লেহেম কিয়? 

উ : হিমবাহৰ গতিবেগ জমা হৈ থকা বৰফৰ পৰিমাণ ভূমিৰ ঢাল, ভুপৃষ্ঠৰ স্বৰূপ আৰু বায়ুৰ উত্তাপৰ ওপৰত নিৰ্ভৰ কৰি হয়। পৃথিবীৰ দুয়াে মেৰু অঞ্চলত সূৰ্যৰ উত্তাপ কম হােৱাৰ লগতে ভূপৃষ্ঠৰ ঢাল অনুসৰি জমা হৈ থকা বৰফবোৰে লেহেম গতিৰে নামি আহে। সেয়েহে হিমবাহ গতি অতি লেহেম হয়। সাধাৰণতে হিমবাহৰ গতিবেগ দিনটো ১ মিটাৰতকৈও কম। 



প্র : হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ? 

উ : হিমবাহ প্ৰধানকৈ দুই প্রকাৰৰ ।

(১) মহাদেশীয় হিমবাহ আৰু 

(২) পাবর্ত্য বা উপত্যকা হিমবাহ। 



প্র : হিমবাহৰ দুটা কার্যৰ নাম লিখ। 

উ : হিমবাহৰ দুটা কার্য হ'ল— 

(১) পৰিবহন আৰু 

(২) অৱশেপন। 



প্র : বালিৰ পাহাৰৰ সৃষ্টি কেনেকৈ হয়? 

উ : অবনমনৰ ফলত মৰুভূমিত প্ৰায়ে ধূলিৰ ধুমুহাৰ সৃষ্টি হয়। এনেদৰে সৃষ্টি হােৱা ধুমুহাই যি ঠাইৰ পৰা ধূলি-বালি উৰুৱাই নিয়ে সেই ঠাইবোৰ আপেক্ষিকভাবে দ হয়। আনহাতে উৰুৱাই নিয়া পদার্থবােৰ য'ত জমা হয়গৈ তাত মৰুপৃষ্ঠ ক্ৰমে ওখ হ'বলৈ ধৰে। এনেদৰে জমা হােৱা ধূলিবােৰই সময়ত বালিৰ পাহাৰৰ ৰূপ লয়। 



প্র : অবনমন বুলিলে কি বুজা ? 

উ : বতাহে খনন, পৰিবহন আৰু অৱক্ষেপন এই তিনিটা কার্য সম্পাদন কৰি মৰুপৃষ্ঠৰ বহুতো পৰিৱৰ্তন সাধন কৰে। মৰুপৃষ্ঠত উদ্ভিদৰ আৱৰণ তেনেই পাতলীয়া হোৱা বাবে বতাহে সহজে ধুলি-বালিবােৰ এঠাইৰ পৰা আন ঠাইলে উৰুৱাই নিব পাৰে। এনেদৰে কোনো অংশৰ পৰা ধুলি- বালি উৰুৱাই নিয়া কার্যকে অবনমন বোলা হয়। এই অবনমনৰ ফলতে মৰুভূমিত প্ৰায়ে ধুলিৰ ধুমুহাৰ সৃষ্টি হয়। 



প্র : প্লাৱন ভূমি কি আৰু কেনেকৈ সৃষ্টি হয়? 

উ : প্লাৱন ভুমি হৈছে নদীৰ মধ্যগতি আৰু নিম্নগতি অংশত নদীৰ গতিপথৰ দুয়ােপাৰে যুগ যুগ ধৰি জমা হােৱা গেদ। এই গেদসমূহ নদীৰ মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ দুয়ােৰে জমা হােৱাৰ ফলত প্লাবন ভূমি সৃষ্টি হয়। এই প্লাবনভূমিৰ সৃষ্টি প্রধানকৈ বানপানীৰ সময়ত নদীৰ দুয়ােপাৰে বহু দুৰলৈ সোঁতে কঢ়িয়াই অনা বালি বােকা বিয়পি পৰে। এইবোৰেই কালক্ৰমত এক প্রকাৰৰ সমভূমি গঢ়ি তােলে অাৰু এই সমভূমিকে প্লাৱনভূমি বুলি কোৱা হয়। এই প্লাবন ভূমিবােৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযােগী। 



প্র : ভূ-পৃষ্ঠৰ পৰিবৰ্তনকাৰী কাৰক কেইটা ? 

উঃ ভূ-পৃষ্ঠৰ পৰিবৰ্তনকাৰী কাৰক দুটা- 

(১) বাহ্যিক কৰক আৰু 

(২) আভ্যন্তৰীণ কাৰক। 



প্র : বালিৰ বিষয়ে এটা চমু টোকা লিখা। 

উ : নদীৰ সোঁতে কঢ়িয়াই অনা বস্তুবোৰ নৈৰ বুকুত জমা হৈ বালিৰ সৃষ্টি হয়। এনেদৰে নৈৰ বুকুত জমা হােৱা বস্তুবােৰক নৈৰ বুকুৰ বােজা বুলি কোৱা হয়। কাৰণ সমতল অঞ্চলত নদীৰ সোঁত নিশকতীয়া হৈ আহিলে এই বােজাবোৰ নৈৰ বুকুতে জমা হ'বলৈ ধৰে। এনেদৰে নদীয়ে পৰিবহন কৰা এই পদার্থই উপত্যকাৰ লগতে মােহনাতাে বিভিন্ন ধৰণৰ অৱয়বৰ সৃষ্টি কৰে। তাৰ ভিতৰত বালিচৰো এটা অৱয়ব। নদীৰ বুকুত সৃষ্টি হােৱা এই বালিচৰবােৰ বিভিন্ন দিশৰ পৰা তাৎপর্যপূর্ণ। এই বালিচৰবােৰ সাধাৰণতে অস্থায়ী। বাৰিষাৰ প্রবল সোঁতে বালিচৰবােৰৰ আকাৰ আকৃতিৰ পৰিৱৰ্তন ঘটায় কিছুমানক অস্তিত্বহীন কৰি পেলায়। 



প্র : অশ্বখুৰা হ্রদৰ সৃষ্টি কেনেকৈ হয় বুজাই লিখা। 

উ : এখন নদী সমতলৰ মৃদু ঢালেদি বৈ যাওঁতে ইয়াৰ গতিপথ স্বাভাৱিকতে একা-বেঁকা হৈ পৰে। ইয়াৰ উপৰিও নদীৰ পাৰ্শ্বখনন কাৰ্যই ইয়াৰ গতিপথ আৰু অধিক একাবেকাঁ কৰি তোলে। নদীৰ এনে গতিক বক্ৰগতি বা সর্পিল গতি বুলি কোৱা হয়। নদীৰ এই গতি ইমানেই ভাঁজযুক্ত হৈ পৰে যে কোনাে কোনাে ঠাইত বাৰিষাৰ বৃহৎ পৰিমাণৰ পানী কম সময়ৰ ভিতৰত নদীখনে কঢ়িয়াব নােৱাৰাত পৰে। সেই সময়তে নদীয়ে নিজ গতি পােন কৰি গতিপথৰ ভাঁজ থকা অংশ এৰি দিয়ে। নদীয়ে এৰি দিয়া অংশ কিছুমান পিছলৈ হ্রদ বা বিলৰ ৰূপ লয়। এনেদৰে ঘোঁৰাৰ খুৰা আকৃতিৰ ৰূপ লােৱা হ্রদ বা বিলকে অশখুৰা হ্রদ বােলা হয়। 



প্র : নদীৰ পাৰ খনন কি আৰু কেনেকৈ সংঘটিত হয়? 

উ : নদী এখনে উচ্চভূমিৰ থিয় ঢালেৰে নামি আহি মৃদু ঢালযুক্ত ভৈয়াম প্রবেশ কৰাৰ পিছত ইয়াৰ খনন কাৰ্যৰ পৰিবর্তন ঘটে। কাৰণ উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰৱল, গতিপথ ঠেক আৰু দ। সেয়েহে ভৈয়ামলৈ ঢাল কমি অহাৰ বাবে নদীৰ গতিবেগ হ্রাস পাই আহে আৰু সোতে কঢ়িয়াই অনা গেদবােৰ ক্ৰমে জমা হ'বলৈ ধৰে। ইয়াৰ ফলত নদীৰ গভীৰতা কমি আহে। এনেদৰে নদীৰ গভীৰতা কমি অহাৰ ফলত পানীভাগ বােৱাই নিয়াৰ কাৰণে নদীয়ে দুয়ােপাৰত খনন কার্য চলাই গতিপথ বহলাবলৈ বাধ্য হয়। নদীৰ এনেদৰে হােৱা খনন কার্যকে পাৰ খনন বা পাৰ্শ্বখনন বােলা হয়। 



প্র : নদী অববাহিকাৰ সংজ্ঞা দিয়া ।

উ : এখন নদীয়ে ইয়াৰ উপনদী, শাখানদী আদিৰ যােগেদি একো একোটা এলেকাৰ পানী কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে পানী কঢ়িয়াই নিয়া একোটা এলেকাক অৱবাহিকা বুলি কোৱা হয়। একোখন নদীৰ ক্রিয়া সাধাৰণতে অৱবাহিকাতে সীমাবদ্ধ হৈ থাকে।



প্র : নদীয়ে কি কি প্রকাৰে গেদ কঢ়িয়াই লিখা। 

উ : নদীয়ে সাধাৰণতে তিনিপ্রকাৰে গেদ কঢ়িয়াই। তাৰে কিছুমান পদার্থ পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত নদীয়ে কঢ়িয়াই নিয়ে। কিছুমান পদার্থ ওপঙি থকা অৱস্থাত আৰু আন কিছুমান পদার্থ নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত নদীয়ে কঢ়িয়াই নিয়ে। উদাহৰণস্বৰূপে স্থলভাগত থকা নানা প্ৰকাৰৰ লৱণ নৈৰ পানীৰ সংস্পৰ্শলৈ আহি দ্ৰৱীভূত 

অৱস্থাত সাগৰ-মহাসাগৰলৈ পৰিবাহিত হয়। ঠিক তেনেদৰে বালি-বােকা, পলস আদিৰ অতি মিহি কণিকাবােৰ পানীত ওপঙি থকা অৱস্থাত সোঁতে কঢ়িয়াই নি নদীৰ বুকুত বা পাৰত বােকা ৰূপে জমা কৰে। 



প্র : নদী আৰু হিমবাহৰ মাজত থকা পার্থক্য সম্বন্ধে চমুকৈ লিখা। 

উ : নদী আৰু হিমবাহৰ মাজত থকা পার্থক্যসমূহ হ'ল-

(ক) নদী হ’ল বােৱতী পানীয়ে সৃষ্টি কৰা এক জলৰাশি। 

আনহাতে হিমবাহ হ'ল জমা হৈ থকা এক হিম খণ্ড। 


(খ) নদীৰ সোঁত প্ৰৱল গতিৰ। 

আনহাতে হিমবাহৰ সোঁত লেহেম গতিৰ। 



প্র : মৰুপৃষ্ঠৰ পৰিবর্তন সাধন কৰা বতাহৰ কাৰ্য তিনিটা কি কি? 

উ : মৰুপৃষ্ঠৰ পৰিবর্তন সাধন কৰা কাৰ্য তিনিটা হ'ল- 

(১) খনন 

(2) পৰিবহন আৰু 

(৩) অৱক্ষেপন। 



প্র : নদীৰ কাৰ্য তিনিটা কি কি? 

উ :নদীৰ কাৰ্য তিনিটা হল- 

(১) খনন বা ক্ষয় কার্য 

(২) পৰিবহন আৰু 

(৩) অৱক্ষেপন বা জমাকৰণ । 



সমাজ বিজ্ঞানৰ ভূগোলৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ছাত্র ছাত্রীসকলৰ বাবে-Social science geography notes for students in Assamese language, SEBA class 9 geography notes in Assamese language Assamese medium

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.