খােৱাৰ বিষয়ে জানিব লগা প্রয়োজনীয় কথা

খােৱাৰ বিষয়ে জানিব লগা প্রয়োজনীয় কথা-কি খোৱা উচিত অনুচিত-আহাৰ খোৱাৰ নিয়ম নীতি, খোৱাৰ যতন

খােৱাৰ বিষয়ে জানিব লগা প্রয়োজনীয় কথা-কি খোৱা উচিত অনুচিত-আহাৰ খোৱাৰ নিয়ম নীতি, খোৱাৰ যতন
খোৱাৰ বিষয়ে


মানুহে নিজৰ লগতে আপোনজনৰ স্বাস্থ্য নিৰোগী আৰু সুস্বাস্থ্য অটুট ৰাখিব লৈ হলে কিছুমান কথাৰ প্রতি মনোযোগ তথা ধ্যান দিয়া উচিত। আমি সকলোৱে আহাৰ-খাদ্য খাও ঠিকেই, কিন্তু সেই অনুপাতে স্বাস্থ্যৰ উন্নতি দেখা নাপাও, কিয়নো প্রতিটো বস্তু খোৱাৰ সময় বেলেগ বেলেগ হয় লগতে উপযোগী অনুপযোগী বুলি কথা এষাৰ আছে। যদি সৰু সুৰা কথাবোৰ আওকাণ কৰা হয় তেন্তে নিজ দেহটিক আওকাণ কৰা হয়। কিছুমান প্রয়োজনীয় তথ্য তলত দিয়া হৈছে, আশাকৰো এইসমূহ কথাক ধ্যান দিলে স্বাস্থ্য নিৰোগী, ৰোগ মুক্ত হৈ থাকিব। 



১। যি মাছৰ বাকলি নাই সেই মাছ ৰাতি খাব নালাগে।

 

২। ইলিছ মাছ একেৰাহে তিনি দিন খাব নালাগে। 


৩। কলহৰ বাহী পানীত দুই চামুচ বুটৰ ছাতু বা যৱৰ ছাতু আৰু এটি ৰঙা বাতাচাৰ গত ৰাতিপুৱা খালে উপকাৰ পােৱা যায়। গৰম পানীত নেমুৰ ৰস মিহলাই খালেও উপকাৰ পােৱা যায়। 


৪। প্রস্রাবত দুর্গন্ধ হলে প্রচুৰ পানী খাব লাগে বা পানীৰ লগত নেমুৰ ৰস মিহলাই খাব লাগে। 


৫। প্রতিদিন গা ধােৱাৰ আগতে নাভিত তেল দিলে ওঁঠ, গােৰােহা বা শৰীৰৰ কোনাে অংশ নাফাটে। 


৬। পকা বেল গুটিৰে সৈতে খালে দেহৰ ক্ষয় পূৰণ হয়। কেঁচা বেল যদি মহিলাসকলে পুৰি খায় বহুত ৰােগৰ পৰা মুক্ত হব পাৰে। পুৰুষৰ সহবাসৰ অক্ষমতাত আঠা সহ বেল খালে ক্ষমতা বৃদ্ধি পায়। 


৭। ভাত খাই উঠিয়েই যিসকলৰ পায়খানালৈ যােৱাৰ অভ্যাস তেওঁলােকে যদি প্রতিদিন ৰাতিপুৱা জলপান খােৱাৰ পিচতে পায়খানালৈ যায় লাহে লাহে এই অভ্যাসটো দূৰ হব। ভাত খাই উঠিয়েই পায়খানালৈ যোৱাটো স্বাস্থ্যৰ পক্ষে ভাল নহয়। 


৮। ৰাতিপুৱা চিৰা ভজাৰ লগত জলপান খালে আৰু সূর্যোদয়ৰ আগতে সদায় স্নান কৰিলে যি কোনাে প্রকাৰৰ ৰােগী ভাল হয়। ডায়বেটিচৰ ৰােগীয়েও উপকাৰ পায়। 


৯। অম্ল বা এচিডিটি হলে কুঁহিয়াৰৰ গুড় আৰু বিটলােণৰ চৰবত খালে উপকাৰ পােৱা যায়। 


১০। বেমাৰীৰ বাহিৰে দিনত কাৰাে শােৱা উচিত নহয়। ৰাতি শােৱাৰ আগতে অন্ততঃ আধা ঘণ্টা পায়চাৰী কৰিব লাগে। 


১১। ভাত খােৱাৰ সময়ত কেতিয়াও পানী খাব নালাগে। খােৱাৰ আধাঘণ্টা পাছত পানী খাব লাগে। 


১২। মাটিৰ পাত্ৰত ৰান্ধি কলপাতত খালে ৩০টা ৰােগৰ পৰা মুক্তি পােৱা যায়। 


১৩। উৰহী আৰু কণী পেটৰ ৰােগীয়ে কেতিয়াও খাব নালাগে।


১৪। ৰাতিপুৱা টোপনিৰ পৰা উঠি আৰু ৰাতি শুৱলৈ যােৱাৰ আগতে বহি প্রস্রাব কৰিব লাগে।


১৫। বয়স আৰু শৰীৰৰ ক্ষমতা অনুযায়ী যিমানদূৰ সম্ভব সহজে হজম হােৱা, লঘু আৰু পুষ্টিকৰ খাদ্য খােৱা উচিত। 


১৬। কোনাে খাদ্য খােৱাৰ আধাঘণ্টা পাছত ঠান্ডা পানী খােৱা উচিত। 


১৭। খাদ্য ভালদৰে চোবাই খােৱা উচিত। 


১৮। বয়স বৃদ্ধিৰ লগে লগে খাদ্যৰ পৰিমাণ কম কৰা উচিত। 


১৯। ৰাতি আৰু দিনৰ আহাৰ সদায় একে সময়তে খােৱা উচিত। 


২০। আমি যি খাদ্য গ্রহণ কৰে তাক ছয় ভাগত ভাগ কৰা হয়। যেনে-প্র'টিনজাতীয়,চর্বিজাতীয়, শৰ্কৰাজাতীয়, লােণজাতীয়, পানী আৰু ভিটামিন জাতীয়।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.