পৌৰাণিক কথা-বেদ উপনিষদৰ কথা

পৌৰাণিক কথা-বেদ উপনিষদ পুৰাণ ৰামায়ণ মহাভাৰতৰ কথা- ৩৫+টা ধৰ্মৰ লগত জড়িত প্রশ্ন উত্তৰ

#বেদ কি আৰু কেইখন?  #উপনিষদ কি?  #পুৰাণ কি?  #ব্রহ্মা, বিষ্ণু আৰু মহেশ্বৰ কোন?  #দেৱীসকলৰ ভিতৰত প্ৰধান কোন কোন?  #ৰামায়ণ আৰু মহাভাৰত কি আৰু সেই বিষয়ে কি জানা ?


#বেদ কি আৰু কেইখন? 
#উপনিষদ কি? 
#পুৰাণ কি? 
#ব্রহ্মা, বিষ্ণু আৰু মহেশ্বৰ কোন? 
#দেৱীসকলৰ ভিতৰত প্ৰধান কোন কোন? 
#ৰামায়ণ আৰু মহাভাৰত কি আৰু সেই বিষয়ে কি জানা ?
 


প্র : বেদ কি আৰু কেইখন? 

উ : মানুহে লিখা পুথিৰ ভিতৰত বেদ পৃথিৱীৰ সৱাতােকৈ পুৰণি আৰু হিন্দুসকলৰ প্রধান আৰু মূল ধর্মশাস্ত্র। বেদ এজনে লিখা নহয়। মানুহৰ মুখে মুখে চলি অহা নীতি-নিয়ম আৰু বিশ্বাসবােৰকে কেইবাগৰাকী ঋষিয়ে বেদত লিখি ৰাখে। শুনি লিখা কাৰণে বেদক ‘শ্রুতি'ও বােলে। 


বেদ চাৰিখন-ঋকবেদ, যজুবেদ, সামবেদ আৰু অথর্ববেদ। তাৰ ভিতৰত ঋক্ বেদ সৱাতােকৈ পুৰণি। 



প্র : উপনিষদ কি? 

উ : বেদৰ পিছৰ শাৰী ধর্ম-গ্রন্থৰ নাম উপনিষদ। 

উপনিষদ’ মানে ‘ওচৰত আহি বহা’। অর্থাৎ গুৰুৱে শিষ্যক ধৰ্মৰ জ্ঞান দিবলৈ উপনিষদ ৰচনা কৰিছিল। বেদত থুলমূলকৈ কোৱা কথা ইয়াত বহলাই কোৱা আছে। উপনিষদ বহুত; তাৰ ভিতৰতে বাৰখনমান প্রধান। 



প্র : পুৰাণ কি? 

উ : পুৰাণ হিন্দু-ধৰ্মৰ ধর্মশাস্ত্র। পুৰাণবােৰ লিখা হৈছিল বেদ আৰু উপনিষদৰ পাছত। পুৰাণৰ বহুত কথা বেদ আৰু উপনিষদতকৈ নতুন। পুৰাণ প্রধানকৈ ওঠৰখন।



প্র : ব্রহ্মা, বিষ্ণু আৰু মহেশ্বৰ কোন? 

উ : হিন্দুসকলৰ প্রধান দেৱতা তিনিজন। ব্রহ্ম হ’ল সৃষ্টি বা সৃজন কৰোঁতা। বিষ্ণু হ’ল সেই সৃষ্টিক পালন কৰোতা আৰু মহেশ্বৰ সংহাৰ কৰোঁতা। মহেশ্বৰ মানে মহাদেৱ শিৱ। 



প্র : দেৱীসকলৰ ভিতৰত প্ৰধান কোন কোন? 

উ : দুর্গা, কালী, লক্ষ্মী আৰু সৰস্বতী। 



প্র : ৰামায়ণ আৰু মহাভাৰত কি আৰু সেই বিষয়ে কি জানা ? 

উ : ৰামায়ণ আৰু মহাভাৰত হৈছে ভাৰতৰ দুখন বিখ্যাত পুৰণি মহাকাব্য। ৰামায়ণ ৰচিছিল আদি কবি বাল্মীকিয়ে আৰু মহাভাৰত ৰচিছিল ব্যাসদেৱে। ৰামায়ণত আদর্শ ৰজা ৰামচন্দ্ৰৰ কাহিনী আৰু মহাভাৰতত কৌৰৱ-পাণ্ডৱৰ যুদ্ধৰ কথা আছে। মহাভাৰতত ভগৱান শ্ৰীকৃষ্ণৰ উপদেশাে আছে। ৰামায়ণৰ ৰাম আৰু মহাভাৰতৰ ‘শ্রীকৃষ্ণ' ভগৱানৰ অৱতাৰ বুলি কোৱা হয়। 


#দশ অৱতাৰ কি ? 
#শ্ৰীকৃষ্ণৰ পিতা আৰু মাতাৰ নাম কি? 
#শ্ৰীৰামচন্দ্ৰৰ পিতা-মাতাৰ নাম কি? 
#সীতাৰ মাক কোন? 
#পাণ্ডৱ আৰু কৌৰৱ কাক বােলে? 
#পঞ্চসতী কোন কোন? 


প্র : দশ অৱতাৰ কি ? 

উ : হিন্দু ধৰ্মৰ মতে মানুহৰ উপকাৰৰ অৰ্থে ভগৱান বিষ্ণুৱে যুগে যুগে পৃথিৱীত বিভিন্ন ৰূপত জন্মিছে। তাৰ ভিতৰত দশ বা দহ অৱতাৰৰ কথা কোৱা আছে। সেই দহ অৱতাৰ হ’ল - মৎস্য (মাছ), কুর্ম (কাছ), বৰাহ (গাহৰি), নৰসিংহ, বামন, পৰশুৰাম, ৰাম, বলৰাম, বুদ্ধ আৰু কল্কি। 



প্র : শ্ৰীকৃষ্ণৰ পিতা আৰু মাতাৰ নাম কি? 

উ : শ্ৰীকৃষ্ণৰ পিতাৰ নাম বাসুদেৱ আৰু মাতৃৰ নাম দৈৱকী। 



প্র : শ্ৰীৰামচন্দ্ৰৰ পিতা-মাতাৰ নাম কি? 

উ : শ্ৰীৰামচন্দ্ৰৰ পিতাৰ নাম ৰজা দশৰথ আৰু মাতৃৰ নাম কৌশল্যা। 



প্র : সীতাৰ মাক কোন? 

উ : বসুমতী (পৃথিৱী)।



প্র : পাণ্ডৱ আৰু কৌৰৱ কাক বােলে? 

উ : পাণ্ডুৰ পুতেক পাঁচজনক পাণ্ডৱ আৰু কুৰুৰাজ ধৃতৰাষ্ট্ৰৰ পুতেক এশজনক কৌৰৱ বােলে। 

পঞ্চপাণ্ডব কেইজন ক্রমে- যুধিষ্ঠিৰ, ভীম, অর্জুন, নকুল আৰু সহদেৱ। 

কৌৰৱ- দুৰ্য্যোধন, দুঃশাসন, বিকর্ণ আদিকে কৰি এশজন। 



প্র : পঞ্চসতী কোন কোন? 

উ : অহল্যা, দ্রৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী। 


#পাঞ্চজন্য কি? 
#পুৰণি কাহিনীত কোনে কোনে মৃত গিৰিয়েকৰ পুনর্জীবন নিজ সতীত্বৰ সাধনাৰে ঘূৰাই আনিছিল? 
#গীতা কি? 
#হিন্দুধর্মশাস্ত্রত কাক অমৰ বােলা হৈছে? 
#সপ্ত সুৰ কি কি? 
#দহােটা দিশ কি কি?
 


প্র : পাঞ্চজন্য কি? 

উ : শ্ৰীকৃষ্ণৰ শঙ্খৰ নাম পাঞ্চজন্য। 



প্র : পুৰণি কাহিনীত কোনে কোনে মৃত গিৰিয়েকৰ পুনর্জীবন নিজ সতীত্বৰ সাধনাৰে ঘূৰাই আনিছিল ? 

উ : সাৱিত্ৰী আৰু বেউলাই। 



প্র : গীতা কি? 

উ : হিন্দু ধৰ্মৰ সৱাতােকৈ শ্রেষ্ঠ ধর্ম-পুথি। এই পুথি মহাকাব্য মহাভাৰতৰে এটা অংশ। কৌৰৱ-পাণ্ডৱৰ যুদ্ধত ভগৱান শ্রীকৃষ্ণই অর্জুনক দিয়া উপদেশবােৰেই গীতাত আছে। সেয়ে গীতাক ভগৱানৰ মুখৰ বাণী বা 

কথা বুলি কোৱা হয়। 



প্র : হিন্দুধর্মশাস্ত্রত কাক অমৰ বােলা হৈছে? 

উ : সাতজনক। বলি, ব্যাস, হনুমান, অশ্বত্থামা, কৃপাচার্য্য, বিভীষণ আৰু পৰশুৰাম। 



প্র : সপ্ত সুৰ কি কি? 

উ : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঞ্চম, ধৈৱত আৰু নিষাদ। সেইবিলাকৰ সঙ্কেত চিন হ’ল- সা-ৰে-গা-মা-পা-ধা-নি। 



প্র : দহােটা দিশ কি কি? 

উ : পূর্ব, পশ্চিম, উত্তৰ, দক্ষিণ, ঈশান, অগ্নি, নৈঋত, বায়ু, উর্দ্ধ আৰু অধঃ। | 


#দশানন কোন?
#দশভুজা কোন? 
#চাৰি যুগ কি কি?
#পঞ্চভূত কি কি? 
#জাতক কি?
#দেৱতাৰ বাহন কেইটামানৰ নাম কোৱা।


প্র : দশানন কোন? 

উ : লঙ্কাৰ ৰজা ৰাবণ। তেওঁৰ দহখন মুখ (দশ +আনন) বা দহােটা মূৰ আছিল।



প্র : দশভুজা কোন? 

উ : দুর্গা দেৱী। তেওঁৰ দহখন হাত (দশ + ভুজ)।



প্র : চাৰি যুগ কি কি? 

উ : সত্য, ত্রেতা, দ্বাপৰ আৰু কলি। 



প্র : পঞ্চভূত কি কি? 

উ : পাঁচটা পদার্থ। শাস্ত্ৰ মতে এই পাঁচটা পদাৰ্থ লগ লাগিয়ে সকলো জীৱ- জন্তুৰ জন্ম। সেই পাঁচ পদার্থ হ’ল- ক্ষিতি (মাটি), অপ (পানী), তেজ (তাপ), মৰুৎ (বায়ু) আৰু ব্যোম (আকাশ)। 



প্র : জাতক কি? 

উ : পালি ভাষাত লিখা বিৰাট গ্রন্থ। ইয়াত বহুত নাতিপূর্ণ কাহিনী আছে। 



প্র : দেৱতাৰ বাহন কেইটামানৰ নাম কোৱা। 

উ : দুর্গা দেৱীৰ- সিংহ; 

লক্ষ্মী দেৱীৰ- ফেঁচা; 

সৰস্বতীৰ- ৰাজহাঁহ; 

গণেশৰ- এন্দুৰ 

কাৰ্তিকৰ-ম’ৰা চৰাই; 

বিষ্ণুৰ- গৰুড় পক্ষী; 

শিৱৰ- ষাঁড়; 

নাৰদৰ- বেঁকী; 

যমৰ- ম’হ। 


#কোনে নিজৰ বুঢ়া আঙুলি কাটি গুৰুদক্ষিণা দিছিল? 
#দেৱতাসকলৰ গুৰু কোন? 
#অসুৰসকলৰ (দানৱ) গুৰু কোন?
#কোন ৰাক্ষসে (তাহানিখন শ্রীলঙ্কাৰ মানুহক ৰাক্ষস বােলা হৈছিল) ছ'মাহকৈ একেৰাহে শুইছিল
#দ্বাদশ ৰাশি কি কি? 
#নৱগ্ৰহ কি কি?


প্র : কোনে নিজৰ বুঢ়া আঙুলি কাটি গুৰুদক্ষিণা দিছিল? 

উ: কলব্যই গুৰু দ্রোণাচাৰ্য্যক। 



প্র : দেৱতাসকলৰ গুৰু কোন? 

উ : বৃহস্পতি। 



প্র : অসুৰসকলৰ (দানৱ) গুৰু কোন? 

উ : শুক্রাচাৰ্য্য। 



প্র : কোন ৰাক্ষসে (তাহানিখন শ্রীলঙ্কাৰ মানুহক ৰাক্ষস বােলা হৈছিল) ছ'মাহকৈ একেৰাহে শুইছিল ? 

উ : ৰাৱণৰ ভায়েক কুম্ভকর্ণ । 



প্র : দ্বাদশ ৰাশি কি কি? 

উ : মেষ, বৃষ, মিথুন, কর্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন।



প্র : নৱগ্ৰহ কি কি? 

উ : সূৰ্য্য, চন্দ্র, মঙ্গল, বুধ, বৃহস্পতি, শুক্র, শনি, ৰাহু আৰু কেতু। 


#সপ্তর্ষি (সাতজন ঋষি) কোন কোন?
#পঞ্চবটী কি কি? 
#পঞ্চ পল্লৱ কি কি? 
#পঞ্চ গুণ কি কি? 
#মানুহৰ শৰীৰৰ প্ৰধান পাঁচটা ইন্দ্রিয়’ কি কি?
#মানুহৰ শৰীৰৰ প্ৰধান চাৰিটা পৰিচালক ইন্দ্রিয়’ কি কি? 


প্র : সপ্তর্ষি (সাতজন ঋষি) কোন কোন? 

উ : বশিষ্ঠ, অত্রি, অঙ্গি, মৰীচি, পুলস্ত্য, পুলহ আৰু ক্রতু। 



প্র : পঞ্চবটী কি কি? 

উ : অশ্বত্থ, বট, বিন্দু, আমলখি আৰু অশােক। 



প্র : পঞ্চ পল্লৱ কি কি? 

উ : আম, আঁহত, বৰ, যজ্ঞ-ডিমৰু আৰু পলাশ। 



প্র : পঞ্চ গুণ কি কি? 

উ : ৰূপ, ৰস, গােন্ধ, স্পর্শ আৰু শব্দ। 



প্র : মানুহৰ শৰীৰৰ প্ৰধান পাঁচটা ইন্দ্রিয়’ কি কি? 

উ : চকু, কাণ, নাক, জিভা আৰু ছাল। 



প্র : মানুহৰ শৰীৰৰ প্ৰধান চাৰিটা পৰিচালক ইন্দ্রিয়’ কি কি? 

উ : চিত্ত, বুদ্ধি, অহঙ্কাৰ আৰু মন।



পৌৰাণিক কথা-বেদ উপনিষদ পুৰাণ ৰামায়ণ মহাভাৰতৰ কথা, ভাৰত বুৰঞ্জীৰ ইতিহাস-প্ৰশ্ন উত্তৰ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.