উদ্ভিদৰ বিচিত্র কথা

উদ্ভিদৰ বিচিত্র কথা

উদ্ভিদৰ লগত জড়িত বহু প্রশ্ন আৰু উত্তৰ-উদ্ভিদৰ বিভিন্ন প্ৰয়োজনীয় কথা-উদ্ভিদ কেনেকৈ আমাক সহায় কৰে-কি কি গছৰ পৰা কি কি পাব পাৰি সকলো তথ্য
গছৰ বিষয়ে



উদ্ভিদৰ লগত জড়িত বহু প্রশ্ন আৰু উত্তৰ-উদ্ভিদৰ বিভিন্ন প্ৰয়োজনীয় কথা-উদ্ভিদ কেনেকৈ আমাক সহায় কৰে-কি কি গছৰ পৰা কি কি পাব পাৰি সকলো তথ্য

অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

#‘উদ্ভিদ’ বুলিলে কি বুজা? 
#উদ্ভিদৰ প্রধান ভাগ কেইটা আৰু কি কি? প্রত্যেকেৰে প্রধান কাম কি? 
#গুটিৰপৰা কেনেকৈ গছৰ জন্ম হয়? 
#আটাইতকৈ লাগতিয়াল গছ কি? 
#কি গছত্ৰপৰা সৰহ পৰিমাণে খাদ্য (ফল) পােৱা যায়? 

অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

প্র : ‘উদ্ভিদ’ বুলিলে কি বুজা ? 

উ : মাটি ফুটি ওলােৱা গছ, লতা, বন, শস্য আদিয়েই উদ্ভিদ। 



প্র : উদ্ভিদৰ প্রধান ভাগ কেইটা আৰু কি কি? প্রত্যেকেৰে প্রধান কাম কি? 

উ : উদ্ভিদৰ প্রধান ভাগ তিনিটা। 

(১) গা-গছ, 

(২) শিপা আৰু 

(৩) পাত। 

গা-গছৰ কাম—গছজোপা থিয়কৈ ৰখা। 

শিপাৰ কাম—মাটিৰ পৰা ৰস শুহি লৈ গছজোপালৈ আহাৰ যােগােৱা। 

পাতৰ কাম হ'ল—সূৰ্য্যৰ ৰশ্মি আৰু বায়ুৰপৰা গছৰ আৱশ্যকীয় খাদ্য সংগ্রহ কৰা। 



প্র : গুটিৰপৰা কেনেকৈ গছৰ জন্ম হয়? 

উ : গুটি মাটিত পৰিলে মাটিৰ পনীয়া ভাপৰ সংশ্ৰৱত গুটিৰ খােলা বা কেঁকোৰা ফাটি অঙ্কুৰ বা গজালি ওলায়। গুটিৰ ভিতৰত থকা শাহ খাই অঙ্কুৰ ক্ৰমান্বয়ে ওপৰলৈ উঠে আৰু তললৈ এডাল শিপা বাঢ়ি যায়। শিপাই যেতিয়ালৈকে মাটিৰপৰা ৰস টানিব নােৱাৰে, তেতিয়ালৈকে গুটিৰ ভিতৰত থকা শাহখিনি খাই অঙ্কুৰ বাঢ়িবলৈ ধৰে। কেইদিনমানৰ পিছতেই শিপাই মাটিৰপৰা ৰস টানিবলৈ সক্ষম হয় আৰু ইতিমধ্যে অঙ্কুৰ বা গজালিৰপৰা পাত ওলায়। পাত ওলালেই শিপাই মাটিৰপৰা আৰু পাতে সূৰ্য্যৰ ৰশ্মি আৰু বায়ুৰপৰা আৱশ্যকীয় আহাৰ সংগ্ৰহ কৰে আৰু ক্ৰমান্বয়ে গছ বাঢ়িবলৈ ধৰে। এনেদৰেই গুটিৰপৰা গছৰ জন্ম হয়।



প্র : আটাইতকৈ লাগতিয়াল গছ কি? 

উ : নাৰিকল গছ। নাৰিকলৰ শাহ মানুহে নানা প্রকাৰেৰে খায় আৰু শাহৰপৰাই নাৰিকল-তেল উলিয়ায়। ইয়াৰ খােলাৰে হোঁকা তৈয়াৰ কৰে আৰু খােলাৰ বাকলিৰ আঁহেৰে জৰী বা ৰছী আৰু নানা ধৰণৰ গাদী’ তৈয়াৰ কৰে। গছৰ পাতেৰে বহুতে ঘৰৰ চাল ছাৱে (সাজে) আৰু পাতৰ সিৰবােৰেৰে বাঢ়নী তৈয়াৰ কৰে। গা-গছড়ালাে নানা কামত লগায়। নাৰিকেল গছৰ শিপাৰপৰা ঔষধে তৈয়াৰ কৰে। 



প্র : কি গছত্ৰপৰা সৰহ পৰিমাণে খাদ্য (ফল) পােৱা যায় ? 

উ : কলগছৰপৰা। 

অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

#দিশ দর্শন গছ কি? 
#পৃথিৱীত পােক বা পতঙ্গ খােৱা গছ আছে নে?
#গছ-গছনিৰ প্রাণ আছে বুলি কোনে প্রমাণ কৰিছে? 
#সৰহভাগ গছ-গছনিৰ পাত সেউজীয়া কিয়? 
#ৰ’দ নপৰা ঠাইৰ গছৰ পাত প্রায় বগা হয় কিয়?

অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

প্র : দিশ দর্শন গছ কি? 

উ : উত্তৰ আমেৰিকাত এইবিধ গছ পােৱা যায়। এই গছৰ পাতৰ এটা মূৰ সদায় উত্তৰ আৰু আনটো মূৰ সদায় দক্ষিণমুৱা হৈ থাকে। ইয়াৰ সহায়ত বিশেষকৈ ৰাতি দিশ নির্ণয় কৰিব পাৰি। 



প্র : পৃথিৱীত পােক বা পতঙ্গ খােৱা গছ আছে নে? 

উ : আমেৰিকা, আফ্রিকা আদি দেশবােৰত টিজেল, ভিনাচ, নেপেন্থিচ আদি গছে পােক বা পতঙ্গ ধৰি সিহঁতৰ ৰস শুহি খায়। এই গছবােৰৰ ৰঙচঙীয়া এঠাযুক্ত পাত আৰু ফুলবােৰত পােক বা পতঙ্গ পৰিলেই সেইবােৰ জাপ খাই আহে আৰু উশাহ ল'ব নােৱাৰি পােক বা পতঙ্গ মৰি যায়, তেতিয়া সিহঁতে পােক বা পতঙ্গৰ ৰস শুহি খায়।



প্র : গছ-গছনিৰ প্রাণ আছে বুলি কোনে প্রমাণ কৰিছে? 

উ : গছ-গছনিৰাে প্ৰাণ আৰু সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা আছে বুলি বিজ্ঞানী জগদীশ চন্দ্র বসুৱে প্ৰমাণ কৰিছে। 



প্র : সৰহভাগ গছ-গছনিৰ পাত সেউজীয়া কিয় ? 

উ : গছৰ পাতত ‘হৰিৎকণা' নামেৰে এবিধ পদার্থ থাকে। ইয়াৰ সহায়েৰে গছৰ পাতে বায়ুৰপৰা খাদ্য সংগ্রহ কৰে। হৰিকণাৰ ৰং সেউজীয়া, গতিকে গছৰ পাতৰ বৰণাে সেউজীয়া। 



প্র : ৰ’দ নপৰা ঠাইৰ গছৰ পাত প্রায় বগা হয় কিয় ? 

উ : সূৰ্য্যৰ তাপ নাপালে গছৰ পাতত সেউজীয়া ৰঙৰ হৰিকণা’ নামৰ পদার্থবিধ উৎপন্ন হ'ব নােৱাৰে। গতিকে ৰ'দ নপৰা ঠাইৰ গছৰ পাত শেঁতা পৰি বগা বৰণীয়া হয়। 


অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

#দুগ্ধ পাদপ (গাখীৰ গছ) কি? 
#বর্ষণ-গছ (বৰষুণ দিয়া গছ) কি? 
#কিছুমান গছৰ কাইট থাকে কিয় ? 
#কুইনাইন কিহৰপৰা হয় ? 
#ধূনা কিহৰ পৰা হয় ? 

অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

প্ৰ : দুগ্ধ পাদপ (গাখীৰ গছ) কি? 

উ : এই গছ উত্তৰ আমেৰিকাত পােৱা যায়। এই বিধ গছৰপৰা গাখীৰৰ দৰে এবিধ ৰস ওলায়। ইয়াৰ সােৱাদ গাখীৰৰ দৰেই আৰু এইবিধ গছৰ ছালৰপৰা ৰুটীও তৈয়াৰ কৰি খায়। 



প্র : বর্ষণ-গছ (বৰষুণ দিয়া গছ) কি? 

উ : দক্ষিণ আমেৰিকাৰ পেৰু দেশত আম গছৰ দৰে এবিধ ডাঙৰ গছ আছে। প্রখৰ ৰ'দত এই গছৰপৰা বৰষুণ দিয়াৰ দৰে পানী পৰে। এই পানী খাবলৈ সােৱাদ আৰু পুষ্টিকৰ।



প্র : কিছুমান গছৰ কাইট থাকে কিয় ? 

উ : আত্মৰক্ষাৰ কাৰণে। কাইট থকা গছৰ পাত আদি গৰু-ছাগলীয়ে খাব নােৱাৰে।



প্র : কুইনাইন কিহৰপৰা হয় ? 

উ : ‘চিনকোনা’ নামৰ এবিধ গছৰ ছালৰ ৰসেৰে কুইনাইন' তৈয়াৰ কৰে। ই মেলেৰিয়া জ্বৰৰ প্রধান ঔষধ। 



প্র : ধূনা কিহৰ পৰা হয় ? 

উ : ধূনা গছৰ আঠাৰপৰা। 


অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

#কর্ক কি আৰু কি কামত ব্যৱহাৰ কৰে? 
#গছৰ বয়স কেনেকৈ নির্ণয় কৰে ? 
#চাগু কিহৰপৰা হয় ? 
#লং আৰু ডালচেনি কি? 
#ইলাচি কি ? 

অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

প্র : কর্ক কি আৰু কি কামত ব্যৱহাৰ কৰে? 

উ : কর্ক এবিধ গছৰ শুকান ছালৰপৰা তৈয়াৰ কৰে। ইয়াক বিশেষকৈ বটলৰ সাঁফৰ (সােপা বা খিলা) দিয়া কামত ব্যৱহাৰ কৰে। 



প্র : গছৰ বয়স কেনেকৈ নির্ণয় কৰে ? 

উ : প্রতি বছৰে গছৰ ছালৰ তলত ডাঠ গুড়ি জাতীয় পদার্থৰ একোটা স্তৰ পৰে। এই স্তৰৰ দ্বাৰাই গছৰ বয়স নির্ণয় কৰিব পাৰি। 



প্র : চাগু কিহৰপৰা হয় ? 

উ : তালজাতীয় এবিধ গছৰ ভিতৰত কোমল অংশ পানীত সিজাই মাৰৰ দৰে কৰি লৈ চাগু তৈয়াৰ কৰে। 



প্র : লং আৰু ডালচেনি কি? 

উ : ‘লং’ এবিধ গছৰ শুকান ফুল আৰু ‘ডালচেনি’ এবিধ গছৰ ছাল। 



প্র : ইলাচি কি ? 

উ : এবিধ গছৰ ফল। 


অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

#কফি কিহৰপৰা হয়? 
#কোকো কিহৰপৰা হয়? 
#কিছমিছ কি? 
#ৰবৰ কিহৰপৰা হয়? 
#কোন ৰঙৰ ফুল নাই?

অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

প্র : কফি কিহৰপৰা হয়? 

উ : এবিধ ফল ভাজি গুড়ি কৰি কফি তৈয়াৰ কৰা হয়। ইথিওপিয়া (আফ্রিকা) দেশৰ কাফা’ নামৰ এখন ঠাইত এই ফলৰ গছ প্রচুৰ পৰিমাণে পােৱা যায় কাৰণেই ইয়াৰ নাম কফি হৈছে। 



প্র : কোকো কিহৰপৰা হয়? 

উ : ‘কোকো’ এবিধ ফলৰ সাহ ভাজি তৈয়াৰ কৰে। 



প্র : কিছমিছ কি? 

উ : শুকান আঙুৰ। 



প্র : ৰবৰ কিহৰপৰা হয়? 

উ : ৰবৰ গছৰ আঠাৰপৰা। ৰবৰ গছৰ ছাল কাটিলে এবিধ ৰস ওলায় আৰু সেই ৰসৰপৰাই ৰবৰ তৈয়াৰ হয়। 



প্র : কোন ৰঙৰ ফুল নাই? 

উ : ক'লা ৰঙৰ ফুল নাই। 


অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

#কোন ৰঙৰ ফুল আটাইতকৈ সৰহ? 
#ফুলৰ গােন্ধ কেনেকৈ পােৱা যায়? 
#গছ-গছনিয়ে পৃথিৱীৰ কিমান অংশ আবৰি আছে? 
#কপূৰ কিহৰ পৰা হয়? 

অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা

প্র : কোন ৰঙৰ ফুল আটাইতকৈ সৰহ? 

উ : ৰঙা ৰঙৰ ফুল। 



প্র : ফুলৰ গােন্ধ কেনেকৈ পােৱা যায়? 

উ : গছৰ গাৰপৰা কিছু ৰস আহি ফুলত গােট খায়। এই ৰস তেলেতীয়া আৰু বতাহে কিছু অংশ শুহি নিয়ে। এই ৰসৰপৰাই বতাহে ফুলৰ গােন্ধ বিলায়।



প্র : গছ-গছনিয়ে পৃথিৱীৰ কিমান অংশ আবৰি আছে? 

উ : প্রায় পাঁচ ভাগৰ এভাগ। 



প্র : কপূৰ কিহৰ পৰা হয়? 

উ : এবিধ গছৰ নিৰ্যাসৰপৰা কপূৰ তৈয়াৰ হয়। 


🖊সংগৃহীত


অসমৰ গছ গছনিৰ নাম- গছ গছনিৰ ৰচনা- গছ গছনিৰ প্রয়োজনীয়তা তথা গছ গছনিৰ উপকাৰিতা


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.