সকলো ৰােগ নিৰাময় ঘৰুৱা উপায়েৰে চিকিৎসা

আমৰ অমৃতত্ত, ৰহৰ দালি,তিতাকেৰেলা, জালুক, চিৰতা, বটগছ, হালধী, ব্ৰাহ্মীশাক, বহুগুণী বেঙেনা, লাজুকীলতা, তেতেলীৰ আৱশ্যকতা, ব্যবহাৰ, উপকাৰিতা, ঘৰুৱা উপায়েৰে চিকিৎসা, ঘৰুৱা ঔষধ


চিকিৎসা বিজ্ঞানত (Medicinal uses of) আমৰ অমৃতত্ত, ৰহৰ দালি,তিতাকেৰেলা(bitter gourd), জালুক( pepper), চিৰতা, বটগছ, হালধী, ব্ৰাহ্মীশাক, বহুগুণী বেঙেনা(brinjal), লাজুকীলতা, তেতেলীৰ ব্যবহাৰৰ পৰিসীমা অপৰিসীম। এইবোৰৰ ব্যবহাৰে মানুহৰ সময় সাপেক্ষে হৈ থকা বিভিন্ন বেমাৰ আজাৰ তথা ভিন্ন ৰোগৰ পৰা ৰোগ মুক্তি কৰে। আমৰ অমৃতত্ত, ৰহৰ দালি,তিতাকেৰেলা, জালুক, চিৰতা, বটগছ, হালধী, ব্ৰাহ্মীশাক, বহুগুণী বেঙেনা, লাজুকীলতা, তেতেলীৰ আৱশ্যকতা,ব্যবহাৰ, উপকাৰিতাসমূহৰ বিষয়ে দিয়া হৈছে-



আমৰ অমৃতত্ত গুণাগুণ, ৰােগ নিৰাময়ত আমৰ অমৃতত্তৰ ব্যবহাৰ তথা উপকাৰিতা-
ঘৰুৱা ঔষধ


আমৰ অমৃতত্ত গুণাগুণ, ৰােগ নিৰাময়ত আমৰ অমৃতত্তৰ ব্যবহাৰ তথা উপকাৰিতা-

বমিভাব হলে আমৰ অমৃতত্তৰ ব্যবহাৰ-

বমিৰ উদ্রেক হলে কেইটিমান আমৰ পাত সিজাই সেই আমৰ পাত সিজোৱা পানী গােটেই দিন খালে উপকাৰ পােৱা যায়। 


গ্রহণী হলে আমৰ অমৃতত্তৰ ব্যবহাৰ-

গ্ৰহণী হলে কেইটিমান আমৰ কুঁহিপাত আৰু জামৰ কুঁহিপাত একেলগে বটি তাৰ ৰস এচামুচকৈ খালে উপকাৰ পােৱা যায়। 


তেজ গ্ৰহণী হলে আমৰ অমৃতত্তৰ ব্যবহাৰ-

তেজ গ্রহণী হলে আম গছৰ ছাল পানীত ধুই বটি তাৰ সৈতে ছাগলীৰ গাখীৰ মিহলাই চেকিলৈ খালে উপকাৰ পােৱা যায়। মৌ বা চেনি মিহলাইও খাব পাৰে। 



ৰহৰ দালিৰ গুণাগুণ, ৰহৰ দালিৰ ব্যবহাৰ তথা উপকাৰিতা
ঘৰুৱা ঔষধ


ৰহৰ দালিৰ গুণাগুণ, ৰহৰ দালিৰ ব্যবহাৰ তথা উপকাৰিতা

ডায়াবেটিচ হলে ৰহৰ দালিৰ ব্যবহাৰ-

ৰহৰ দালিৰ পাতৰ ৰস বা তাৰ শিপাৰ ৰস অলপ গৰম কৰি খালে ডায়াবেটিচ ৰােগত উপকাৰ পােৱা যায়। এচামুচকৈ ৰাতিপুৱা আৰু সন্ধ্যা খাব লাগিব। 


অর্শৰােগ হলে ৰহৰ দালিৰ ব্যবহাৰ-

ৰহৰ দালিৰ পাতৰ ৰস এচামুকৈ ৰাতিপুৱা আৰু সন্ধ্যা খালে অর্শৰােগত উপকাৰ পােৱা যায়।


অৰুচি ভাব হলে ৰহৰ দালিৰ ব্যবহাৰ-

ৰহৰ দালিৰ ৰস খালে অৰুচি দূৰ হয়। জিভাৰ ঘা ৰহৰ দালিৰ পাত ধুই লৈ চোবাই খালে জিভাৰ ঘা ভাল হয়। 



তিতাকেৰেলাৰ গুণাগুণ, তিতাকেৰেলাৰ ব্যবহাৰ তথা উপকাৰিতা
ঘৰুৱা ঔষধ


তিতাকেৰেলাৰ গুণাগুণ, তিতাকেৰেলাৰ ব্যবহাৰ তথা উপকাৰিতা

ৰক্তপিত্ত হলে তিতাকেৰেলাৰ ব্যবহাৰ-

তিতা কেৰেলাৰ ফুল ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধ্যা চোবাই খালে ৰক্তপিত্ত ৰােগ দূৰ হয়। 


বাত -বিষ হলে তিতাকেৰেলাৰ ব্যবহাৰ- 

তিতা কেৰেলাৰ পাতৰ ৰস গৰম কৰি ৰাতিপুৱা আৰু সন্ধ্যা খালে বাত বিষ নিৰাময় হয়। 


প্লীহা হলে তিতাকেৰেলাৰ ব্যবহাৰ-

তিতা কেৰেলাৰ পাতৰ ৰস গৰম কৰি লৈ ঠান্ডা পানী মিহলাই খাব। 


দূষিত ঘাত তিতাকেৰেলাৰ ব্যবহাৰ-

তিতা কেৰেলাৰ গছ শিপাসহ উভালি ৰ'দত শুকাই সেয়া সিদ্ধ কৰি সেই পানীৰে ঘা ধুলে দূষিত ঘা সােনকালে শুকায়। 


আদকপালি ৰোগত তিতাকেৰেলাৰ ব্যবহাৰ-

তিতা কেৰেলাৰ পাত ভালদৰে মােহাৰি লৈ এখন কানিত বান্ধি নাকেৰে টানিলে আদকপালি ৰােগ দূৰ হয়। 


কৃমি হলে তিতাকেৰেলাৰ ব্যবহাৰ-

তিতা কেৰেলাৰ পাতৰ ৰস শিশুক এচামুচ আৰু প্রাপ্তবয়স্কক দুচামুচ কৈ ৰতিপুৱা খালিপেটে খুৱালে উপকাৰ পােৱা যায়। 


ভিটামিনৰ অভাব হলে তিতাকেৰেলাৰ ব্যবহাৰ-

৪/৫ টা তিতা কেৰেলাৰ গুটি মিহিকৈ বটি আধা কাপ পানীত গুলি খালে ভাল ফল পােৱা যায়। 



জালুকৰ গুণাগুণ, জালুকৰ ব্যবহাৰ তথা উপকাৰিতা
ঘৰুৱা ঔষধ


জালুকৰ গুণাগুণ, জালুকৰ ব্যবহাৰ তথা উপকাৰিতা

গনােৰিয়া হলে জালুকৰ ব্যবহাৰ-

৫০০ মিলিগ্রাম জালুক গুড়ি কৰি লৈ মৌৰে সৈতে মিহলাই ৰাতিপুৱা আৰু ৰাতি চেলেকি খালে উপকাৰ পােৱা যায়। 


অনিদ্রা হলে জালুকৰ ব্যবহাৰ-

জালুকৰ গুড়ি মুখৰ লালেৰে সানি কাজলৰ নিচিনাকে চকুত লগালে অনিদ্রা ৰােগ নিৰাময় হয়। 


যি কোনাে বেদনাত জালুকৰ ব্যবহাৰ-

৮/১০ টা জালুক গুড়ি কৰি ৰাতিপুৱা আৰু সন্ধ্যা পানীৰে সৈতে খালে বিষ বেদনা দূৰ হয়। 


প্ৰস্ৰাৱৰ জ্বালা আৰু টোপ টোপকৈ প্ৰস্ৰাৱ হলে জালুকৰ ব্যবহাৰ-

৭/৮ টা জালুক মিহিকৈ বটি মিছৰিৰ সৈতে মিহলাই চবৎ কৰি প্রতিদিন আবেলি খালে প্রস্রাৱ জ্বালা আৰু টোপ টোপকৈ প্ৰস্ৰাৱ পৰা ৰােগ নিৰাময় হয়। 


গ্রহণী ৰোগত জালুকৰ ব্যবহাৰ-

৭/৮ টা জালুক বটি প্রতিদিন ৰাতিপুৱা আৰু সন্ধ্যা পানীৰে সৈতে খালে গ্রহণী ৰােগ নিৰাময় হয়। 



চিৰলগৰী চিৰতাৰ গুণাগুণ, চিৰতাৰ ব্যবহাৰ তথা উপকাৰিতা
ঘৰুৱা ঔষধ


চিৰলগৰী চিৰতাৰ গুণাগুণ, চিৰতাৰ ব্যবহাৰ তথা উপকাৰিতা

যকৃতৰ ৰােগত চিৰতাৰ ব্যবহাৰ-

চিৰতাৰ ক্কথ নিয়মিতভাবে এমাহ খালে যকৃতৰ ৰােগত উপকাৰ পােৱা যায়। 


কৃমি হলে চিৰতাৰ ব্যবহাৰ-

ৰাতি চিৰতা তিয়াই থৈ ৰাতিপুৰা তাৰ পানী খালীপেটে খালে কৃমি নাশ হয়। 


কুষ্ঠ ৰােগত চিৰতাৰ ব্যবহাৰ-

চিৰতাৰ ক্কথ প্রতিদিন খালে কুষ্ঠৰােগত ভাল ফল পােৱা যায়। 


সাধাৰণ জ্বৰ হলে চিৰতাৰ ব্যবহাৰ-

চিৰতাৰ ক্কথ সেৱন কৰিলে সাধাৰণ জ্বৰ ভাল হয়। 


সন্নিপাত জ্বৰ হলে চিৰতাৰ ব্যবহাৰ-

চিৰতাৰ ক্কথ খালে সন্নিপাত জ্বৰত উপকাৰ পােৱা যায়। 


বহুদিনীয়া জ্বৰত চিৰতাৰ ব্যবহাৰ-

চিৰতাৰ ক্কথৰ সৈতে মিছৰি মিহলাই নিয়মিত এমাহ খালে ৰােগ দূৰ হয়।  


অভোক ভাব হলে চিৰতাৰ ব্যবহাৰ-

চিৰতাৰ ক্কথ খালে ভোক বাঢ়ে। 


পিত্ত ৰােগত চিৰতাৰ ব্যবহাৰ-

ৰাতি চিৰতা তিয়াই থৈ ৰাতিপুৱা সেই পানী খালে ৰােগ দূৰ হয়। 


খজুৱতি বা ব্ৰণ হলে চিৰতাৰ ব্যবহাৰ-

চিৰতাৰ ক্কথত মিছৰিৰ গুড়ি মিহলাই খালে উপকাৰ পােৱা যায়। 


গৰ্ভাৱস্থাত বমি ভাব হলে চিৰতাৰ ব্যবহাৰ-

চিৰতাৰ পাত শুকাই গুড়ি কৰি তাৰ সৈতে মিছৰিৰ গুড়ি আৰু মৌ মিহলাই খালে উপকাৰ পােৱা যায়। 


স্তনদুগ্ধ বিস্বাদ হলে চিৰতাৰ ব্যবহাৰ-

চিৰতাৰ ক্কথ খালে স্তনদুগ্ধৰ স্বাদ পুনৰ ঘূৰি আহে। 


শ্বাসকষ্টত ভুগিলে চিৰতাৰ ব্যবহাৰ-

ৰাতি চিৰতা তিয়াই থােৱা পানী খালে শ্বাস কষ্ট দূৰ হয়। 


শােথ, কফ আৰু পিত্তৰােগ হলে চিৰতাৰ ব্যবহাৰ-

ৰাতিপুৱা উঠি চিৰতাৰ পানী খালে ৰােগ ভাল হয়। তেজৰ দোষ চিতা তিয়াই থােৱা পানী খালে তেজৰ দোষ দূৰ হয়। 


পেটত দূষিত বায়ু হলে চিৰতাৰ ব্যবহাৰ-

ৰাতি চিৰতাৰ পাত তিয়াই থৈ ৰাতিপুৱা সেই পানী চেকি খালে ভাল ফল পােৱা যায়। 


বট গছৰ গুণাগুণ, বট গছৰ ব্যবহাৰ তথা উপকাৰিতা

নাকেৰে তেজ ওলালে বট গছৰ ব্যবহাৰ-

বট গছৰ ছাল, কলি, জটা প্রতিবিধৰে ৫ গ্ৰামকৈ লৈ ২ কাপ পানীত সিজাই একাপ হলে নমাই থৈ সেই পানী গাখীৰ মিহলাই খালে তেজপৰা বন্ধ হয়। 


মােচোকা খালে বট গছৰ ব্যবহাৰ-

বট গছৰ ছাল বটি মােচোকা খােৱা ঠাইত গৰম মৰি লগালে উপকাৰ পােৱা যায়। 


গাত্র দাহ ৰোগত বট গছৰ ব্যবহাৰ-

গা, হাত-ভৰি জ্বালা কৰিলে, বটগছৰ ছাল ১০০ গ্রাম ১ লিটাৰ পানীত সিদ্ধ কৰি তাৰে চাৰিভাগৰ এভাগ থাকিলে নমাই থৈ সেই পানীৰে স্নান কৰিলে আৰু তাৰ কিছু অংশ গাখীৰৰ সৈতে মিহলাই পান কৰিলে এই ৰােগ দূৰ হয়। 


ভৰি ফটা হলে বট গছৰ ব্যবহাৰ-

বট গছৰ আঠা ভৰিৰ ফটা ঠাইত লাগালে এই ৰােগ দূৰ হয়। 


শৰীৰত চর্বি হলে বট গছৰ ব্যবহাৰ-

বট গছৰ ছাল থেতেলাই গৰম পানীত তিয়াই ৰাখি পিছদিনা ৰাতিপুৱা আৰু আবেলি সেই পানী খালে শৰীৰৰ চর্বি কমে। 


হালধীৰ গুণাগুণ, ৰােগ নিৰাময়ত হালধীৰ ব্যবহাৰ তথা উপকাৰিতা-

শৰীৰৰ উজ্জ্বলতা বৃদ্ধিত হালধীৰ ব্যবহাৰ- 

হালধী বটি তাৰ সৈতে তেল মিহলাই গাত সানি স্নান কৰিলে শৰীৰৰ উজ্জ্বলতা বৃদ্ধি হয়। 


মুখৰ লাৱণ্য বৃদ্ধিত হালধীৰ ব্যবহাৰ- 

কেঁচা হালধী আৰু মচুৰ দালি একেলগে বটি মুখত সানিলে মুখৰ লাৱণ্য বাঢ়ে। 


আমবাত (এলার্জী)হলে হালধীৰ ব্যবহাৰ- 

নিমপাত আৰু কেঁচা হালধী শুকাই গুড়ি কৰি তাৰ সৈতে আমলখিৰ গুড়ি মিহলাই প্রতিদিন ৰাতিপুৱা ১ চামুচকৈ খালে উপকাৰ পোৱা যায়। 


মােচোকা খালে হালধীৰ ব্যবহাৰ- 

শৰীৰৰ কোনাে অঙ্গত মােচোকা খালে হালধী আৰু চূণ সমপৰিমাণে লৈ তপতাই মােচোকা খােৱা ঠাইত লগালে বিষ কমে। 


কৃমি হলে হালধীৰ ব্যবহাৰ-

কেঁচা হালধীৰ ৰস খালী পেটে ১০ দিনমান খুৱালে শিশুৰ কৃমি ৰােগ নাশ হয়। 


লিভাৰৰ দোষত হালধীৰ ব্যবহাৰ-

এক চামুচ কেঁচা হালধীৰ ৰসৰ সৈতে এক চামুচ মৌ মিহলাই দিনে দুবাৰকৈ এমাহ খুৱালে শিশুৰ লিভাৰৰ দোষ দূৰ হয়। 


মাত বহি গলে হালধীৰ ব্যবহাৰ-

চিঞৰ বাখৰ, গান, বক্তৃতা দিওতে মাত বহি গলে এক গিলাচ গৰম পানীত ১ চামুচ হালধীৰ গুড়ি মিহলাই সেৱন কৰিলে ডিঙি পৰিষ্কাৰ হয়। 


বােকৰা হলে হালধীৰ ব্যবহাৰ-

তাৰাতাৰি কথা কবলৈ গলে যি টি কথা বাজি যায় সেইসকলে কেঁচা হালধী শুকাই গুড়ি কৰি সেই গুড়ি ঘিউত ভাজি এচামুচকৈ ভাতৰ লগত খালে এই ধৰণৰ ৰােগ ভাল হয়। 


পকতীয়া হলে হালধীৰ ব্যবহাৰ- 

নিমপাত আৰু কেঁচা হালধী বটি গাত সানি লৈ স্নান কৰিলে এই ৰােগ ভাল হয়। 


ব্রাক্ষ্মীশাকৰ গুণাগুণ, ৰােগ নিৰাময়ত ব্রাক্ষ্মীশাকৰ ব্যবহাৰ তথা উপকাৰিতা-

ধাতু দুর্বলতাত ব্রাক্ষ্মীশাকৰ ব্যবহাৰ- 

১ কাপ গৰম গাখীৰৰ লগত ২ চামুচ ব্রাহ্মী শাকৰ ৰস মিহলাই ৰাতিপুৱা আৰু সন্ধ্যা এমাহ খালে ধাতু সবল হয়। 


স্মৃতি শক্তি বৃদ্ধিত ব্রাক্ষ্মীশাকৰ ব্যবহাৰ-

এক চামুচ ব্ৰহ্মী শাকৰ ৰস একাপ গৰম গাখীৰৰ লগত মিহলাই নিয়মিত খালে স্মৃতিশক্তি বৃদ্ধি পায়। 


শিশুৰ শ্লেষ্মা ৰোগত ব্রাক্ষ্মীশাকৰ ব্যবহাৰ-

ব্রাহ্মী শাকৰ ৰস গৰম কৰি গাখীৰৰ সৈতে মিহলাই এচামুচকৈ দিনে ৩ বাৰ খালে শিশুৰ শ্লেষ্মা ৰােগত উপকাৰ পােৱা যায়। 


ৰস বাত হলে ব্রাক্ষ্মীশাকৰ ব্যবহাৰ-

২ চামুচকৈ ব্রাহ্মী শাকৰ ৰস ৰাতিপুৱা আৰু সন্ধ্যা খালে ৰস বাত দূৰ হয়। 


উন্মাদ ৰােগত ব্রাক্ষ্মীশাকৰ ব্যবহাৰ-

ব্রাহ্মী শাক খাটি ঘিউত ভাজি ভাতৰ লগত কেইমাহমান খালে এই ৰােগত উপকাৰ পােৱা যায়। 


বহুগুণী বেঙেনাৰ গুণাগুণ, ৰােগ নিৰাময়ত বহুগুণী বেঙেনাৰ ব্যবহাৰ তথা উপকাৰিতা-

চর্বি হলে বহুগুণী বেঙেনাৰ ব্যবহাৰ-

বেঙেনা পােৰাৰে সৈতে ভাত বা ৰুটি খালে শৰীৰৰ মেদ কমে। 


অৰুচিত বহুগুণী বেঙেনাৰ ব্যবহাৰ-

বেঙেনা পাতৰ ঘন্ট খালে আৰুচি দূৰ হয়। 


ৰক্তহীনতা হলে বহুগুণী বেঙেনাৰ ব্যবহাৰ-

কোমল বেঙেনা পানীত সিদ্ধ কৰি তাত সামান্য লােণ মিহলাই সেই পানী খালে ৰক্তহীনতা দূৰ হয়। 


চায়েটিকা বাতত বহুগুণী বেঙেনাৰ ব্যবহাৰ-

বেঙেনা সিদ্ধ কৰি লৈ এৰেন্ড তেলেৰে ভাজি খালে চায়েটিকা বাতত উপকাৰ পােৱা যায়। 


লাজুকীলতাৰ গুণাগুণ, ৰােগ নিৰাময়ত লাজুকীলতাৰ ব্যবহাৰ তথা উপকাৰিতা-

গ্রহণী হলে লাজুকীলতাৰ ব্যবহাৰ-

২৫ গ্রাম লাজুকীলতাৰ ডাল পাত ৬ কাপ পানীত সিদ্ধ কৰি ২ কাপ পানী থাকোতে নমাই লৈ সেই পানী চেকি ৰাতিপুৱা আৰু সন্ধিয়া খালে এই ৰােগত উপকাৰ পােৱা যায়। 


ৰক্ত পিত্ত হলে লাজুকীলতাৰ ব্যবহাৰ-

১৫ গ্রাম লাজুকীলতাৰ ডাল পাত ২ কাপ পানীত সিদ্ধ কৰি ১ কাপ থাকোতে নমাই থৈ ৰাতিপুৱা আৰু অবেলি খালে উপকাৰ পােৱা যায়। 


কাণৰ পুঁজৰ ক্ষেত্রত লাজুকীলতাৰ ব্যবহাৰ-

লাজুকীলতাৰ ক্কথ তৈয়াৰ কৰি সেয়া সৰিয়হৰ তেলত ফুটাই টোপ টোপকৈ কাণত দিলে উপকাৰ পােৱা যায়। 


দাঁতৰ আলুৰ ঘা হলে লাজুকীলতাৰ ব্যবহাৰ-

লাজুকীলতাৰ ৰূথ তৈয়াৰ কৰি বা তাৰ পাত সিদ্ধ কৰি সেই পানীৰে মুখ ধুলে দাঁতৰ আলুৰ ঘা ভাল হয়। 


অৰ্শ ৰােগত লাজুকীলতাৰ ব্যবহাৰ-

১ কাপ গাখীৰ, ১ কাপ পানী আৰু ৫ গ্রাম লাজুকীলতাৰ মূল মিহলাই সিদ্ধ কৰি ৰাতিপুৱা আৰু সন্ধ্যা খালে এই ৰােগত উপকাৰ পােৱা যায়। 


দুষিত ঘা ত লাজুকীলতাৰ ব্যবহাৰ-

মূলৰে সৈতে লাজুকীলতাৰ গছ উভালি, সেয়া সিদ্ধ কৰি সেই পানীৰে ঘা ধুলে ঘা নিৰাময় হয়। 


গ্রন্থি বাত হলে লাজুকীলতাৰ ব্যবহাৰ-

লাজুকীলতাৰ কৃথ তৈয়াৰ কৰি সেই ক্লথ গাখীৰ আৰু ঘিউৰে পাক কৰি বাত হােৱা ঠাইত মালিচ কৰিলে বাত ভাল হয়। 


তেতেলীৰ গুণাগুণ, ৰােগ নিৰাময়ত তেতেলীৰ ব্যবহাৰ তথা উপকাৰিতা-

হাত ভৰিৰ পােৰণি-

পকা তেঁতেলী তিয়াই ৰাখি ৰাতিপুৱা সেই পানী খালে হাত ভৰিৰ পােৰণি কমে। 


প্ৰস্বাৱৰ পােৰণি- 

তেঁতেলী পাত সিজোৱা পানীৰ লগত মিছৰি মিহলাই খালে প্ৰস্বাৱৰ পােৰণিৰ পৰা উপকাৰ পােৱা যায়। 


পুৰণি গ্রহণী-

তেঁতেলীৰ কুঁহিপাত ৩ গ্রাম ১ কাপ পানীত সিজাই আধা কাপ থাকোতে নমাই থৰ আৰু সেয়া | ভালদৰে মােহাৰি সেই পানী চেকি খালে এই ৰােগত উপকাৰ পােৱা যায়। 


অর্শ-

তেতেলীৰ কুঁহিপাত ৫ গ্রাম ২ কাপ পানীত সিজাই লৈ তাৰ লগত মিছৰি বা চেনি মিহলাই খালে অৰ্শ ৰােগত উপকাৰ পােৱা যায়। 


মুখৰ ঘা-

তেঁতেলীৰ কুঁহিপাত সিজোৱা পানীৰে মুখ কুলুকুলু কৰিলে মুখৰ ঘা দূৰ হয়। 


আমবাত (এলার্জী)-

তেঁতেলীৰ শাহ বটি পানীত গুলি খালে আমবাত ভাল হয়। 


বাত বিষ-

তেতেলীৰ পাত তাল গছৰ তাৰিত সিজাই লৈ বাত বিষৰ ঠাইত লগালে বাত বিষ ভাল হয়। 



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.