ক্ল’ৰফর্মৰ আবিষ্কাৰ কোনে কেনেকৈ ক'ত কেতিয়া কৰিছিল?

ক্ল’ৰফর্মৰ আবিষ্কাৰ কোনে কেনেকৈ ক'ত কেতিয়া কৰিছিল?Reason behind chloroform invention

ক্ল’ৰফর্মৰ আবিষ্কাৰ কোনে কেনেকৈ ক'ত কেতিয়া কৰিছিল?ক্ল’ৰফর্ম আচলতে কি আৰু কি কামত ব্যবহাৰ কৰে আৰু ক্ল’ৰফর্মৰ আবিষ্কাৰৰ ৰহস্য কি? Who invented chloroform? Reason behind chloroform invention- who, when, how and where
ক্ল’ৰফর্ম কি? 


ক্ল’ৰফর্মৰ আবিষ্কাৰ কোনে কেনেকৈ ক'ত কেতিয়া কৰিছিল?ক্ল’ৰফর্ম আচলতে কি আৰু কি কামত ব্যবহাৰ কৰে আৰু ক্ল’ৰফর্মৰ আবিষ্কাৰৰ ৰহস্য কি? Who invented chloroform? Reason behind chloroform invention- who, when, how and where


ক্ল’ৰফর্ম কি? 

ক্ল’ৰফর্ম এনে এবিধ ঔষধ যে ই। মানুহক অচেতন কৰি পেলাব পাৰে। ৰােগীসকলৰ অপাৰেশ্যন বা অস্ত্রোপচাৰ কৰিবৰ পৰত ৰােগীক ক্ল’ৰফৰ্মৰ দ্বাৰা অচেতন কৰি লােৱা হয়। অচেতন হৈ পৰা ৰােগীজনৰ দেহত চিকিৎসকে কটা-ছিঙা কৰিলেও কোনাে কষ্ট অনুভৱ নকৰে। ক্ল’ৰফর্ম আবিষ্কাৰৰ আগতে ৰােগীক ইথাৰ শুঙিবলৈ দি অচেতন কৰি লােৱা হৈছিল। পিছে কেতিয়াবা ইথাৰৰ পৰিমাণ কম হলে ৰােগীজন অচেতন বা সংজ্ঞাহীন নহয়। আনহাতে, ইথাৰৰ মাত্রা বেছি হ'লে ৰােগীজনে চিৰদিনৰ কাৰণে জ্ঞান হেৰুৱাই মৃত্যুৰ মুখতাে পৰিব পাৰে। 


ক্ল’ৰফর্মৰ আবিষ্কাৰক আৰু ক্ল’ৰফর্মৰ আবিষ্কাৰৰ ৰহস্য-কেনেকৈ আৰু কেতিয়া আচলতে ক্ল’ৰফর্মৰ আবিষ্কাৰ হৈছিল? 

ইথাৰ ঔষধৰ এনেবােৰ অসুবিধাৰ কাৰণে এগৰাকী বিজ্ঞানীয়ে আন এবিধ অচেতক বা চেতনানাশক ঔষধ আবিষ্কাৰ কৰিবলৈ বৰ যত্ন কৰিছিল সেই বিজ্ঞানীগৰাকীৰ নাম আছিল জেমছ ইয়ং ছিম্পছন। 


এদিনাখন বিজ্ঞানী চিম্পছনে তেওঁৰ ঘৰত বহি আন কেইগৰাকীমান বিজ্ঞানী বন্ধুৰ সৈতে অচেতক ঔষধ কেনেকৈ পাব পাৰি, সেই বিষয়ে আলােচনা কৰি আছিল। তেনেতে ছিম্পছনে তেওঁৰ ঘৰতে থকা ঔষধ এবিধ আনি সেই বন্ধুকেইজনক শুঙিবলৈ দিলে। কেৱল সেয়াই নহয়, তেওঁ নিজেও ঔষধবিধ শুঙি চালে। লগে-লগে তেওঁলোক আটায়েই অচেতন হৈ পৰিল। তেওঁলােক অচেতন হােৱা ঔষধবিধ জার্মান বিজ্ঞানী এগৰাকীয়ে আবিষ্কাৰ কৰিছিল, তেওঁৰ নাম আছিল লাইবিগ। লাইবিগে কিন্তু সেই ঔষধবিধ বেলেগ কামৰ বাবেহে আবিষ্কাৰ কৰিছিল, কোনাে অচেতক দ্রব্য হিচাপে ইয়াক ব্যৱহাৰ কৰা নাছিল। 


পিছে, বিজ্ঞানী ছিম্পছন আৰু তেঁওৰ বন্ধুকেইজনে পাছত যেতিয়া সাৰ পালে, ছিম্পছনে বন্ধুকেইজনৰ আগত ঘােষণা কৰিলে, ইথাৰতকৈ এইবিধ ঔষধ বৰ শক্তিশালী। এনেকৈয়ে তেওঁলােকে নজনাকৈয়েই ক্ল’ৰফর্ম ঔষধবিধ আবিষ্কাৰ কৰিলে। ১৮৪৭ চনৰ ৪ নৱেম্বৰৰ দিনটোতে ক্ল’ৰফৰ্ম আবিষ্কাৰ হ’ল।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.