স্বাস্থ্য ৰক্ষাৰ যােগাসন অভ্যাসৰ আৱশ্যকতা-yoga practice-time period-attention-benifit

স্বাস্থ্য ৰক্ষাৰ বাবে যােগাসন অভ্যাসৰ আৱশ্যকতা,অভ্যাস,প্রকাৰ,আৱশ্যকীয় কথা সময়,আসন কৰা ঠাই,যােগাসন এদিনত কিমান কৰিব পাৰি-yoga practice-time period-attention-benifit-types-yoga list

স্বাস্থ্য ৰক্ষাৰ বাবে যােগাসন অভ্যাসৰ আৱশ্যকতা।।যােগৰ অভ্যাস।।যোগ সাধনা দুটা ভাগত বিভক্ত।।যােগাভ্যাসৰ কিছুমান আৱশ্যকীয় কথা সময়।। আসন কৰা ঠাই।।যােগাসন এদিনত কিমান কৰিব পাৰি
যোগাসনৰ তথ্য





স্বাস্থ্য ৰক্ষাৰ বাবে যােগাসন অভ্যাসৰ আৱশ্যকতা।।যােগৰ অভ্যাস।।যোগ সাধনা দুটা ভাগত বিভক্ত।।যােগাভ্যাসৰ কিছুমান আৱশ্যকীয় কথা সময়।। আসন কৰা ঠাই।।যােগাসন এদিনত কিমান কৰিব পাৰি

যোগাসন কি? 

মানুহৰ জীৱনৰ সকলাে দিশৰ উন্নতি সাধনৰ বাবে যােগাভ্যাস ভাৰতীয় সংস্কৃতিৰ এক প্রাচীন পদ্ধতি। প্রকৃততে যােগ, ৰোগৰ পৰা আৰােগ্য লাভৰ বাৰে কিছুমান আসন বা প্রাণায়ামেই নহয় তাতােকৈ গভীৰ অর্থবহুল জীৱনৰ উৎকর্ষ সাধনৰ এক প্রাচীনতম ব্যৱস্থা। 



যােগৰ অভ্যাস: 

যােগৰ অভ্যাস, কেইবা ভাগত বিভক্ত; কিছুমান সম্পূৰ্ণৰূপে দৈহিক অঙ্গসঞ্চালন প্রক্রিয়া যেনে- আসন, মুদ্রা আৰু কিছুমান মনােবিজ্ঞান সম্বন্ধীয় যেনে যম, নিয়ম আৰু প্ৰাণায়াম আৰু কিছুমান মন আৰু আত্মা সম্বন্ধীয় যেনে প্রাত্যাহাৰ, ধাৰণা আৰু কিছুমান আত্মা সম্বন্ধীয়, আধ্যাত্মিক, পাৰমার্থিক যেনে ধ্যান, সমাধি আদি। 



যোগ সাধনা দুটা ভাগত বিভক্ত:

কিন্তু যােগসাধনাক প্রধানকৈ দুভাগত বিভক্ত কৰা হৈছে। এবিধ হৈছে ৰাজযােগ আৰু আনবিধ হৈছে হঠযােগ। যােগৰ নিয়মানুসাৰে কর্মযােগ, যমযােগ, মন্ত্রযােগ, লয়যােগ আৰু আনবিধ হৈছে হঠযােগ। যােগৰ নিয়ামানুসাৰে, কর্মযােগ, যমযােগ, মন্ত্রযােগ, লয়যােগ আদিৰ নামবােৰ আছে যদিও মূলতঃ উপৰিউক্ত দুবিধ প্রধান যােগ সাধনাৰেই অন্তর্ভুক্ত। যােগ অভ্যাস কেৱল আধ্যাত্মিক বিকাশৰ বাবেই নহয়, পাৰ্থিৱ জীৱনৰ উন্নতিৰ বাবেও উপকাৰী। 

স্বাস্থ্য ৰক্ষাৰ বাবে যােগাসন অভ্যাসৰ আৱশ্যকতা।।যােগৰ অভ্যাস।।যোগ সাধনা দুটা ভাগত বিভক্ত।।যােগাভ্যাসৰ কিছুমান আৱশ্যকীয় কথা সময়।। আসন কৰা ঠাই।।যােগাসন এদিনত কিমান কৰিব পাৰি

স্বাস্থ্য ৰক্ষাৰ বাবে যােগাসন অভ্যাসৰ আৱশ্যকতা আৰু বিভিন্ন তথ্য

যিহেতু স্বাস্থ্য আৰু ৰােগৰ কথাই আমাৰ বিষয়বস্তু। হঠযােগৰ আসন আৰু মুদ্রাই ৰােগ নিবাৰণ আৰু আৰােগ্য লাভৰ ক্ষেত্ৰত উৎকৃষ্ট ফল প্রদর্শন কৰে। স্বাস্থ্য আৰু শাৰীৰিক বল দুয়ােটা একে বস্তু নহয়। কোনাে এজন লােকে অভ্যাস আৰু চেষ্টাৰ বলত শৰীৰৰ কোনাে অঙ্গৰ শক্তি বঢ়াই তুলিব পাৰে। 


আজিকালি যান্ত্রিক আহিলাৰ সহায়ত মাংসপেশীক শক্তিশালী কৰি তােলাৰ নানা উপায় উদ্ভাৱন হৈছে। তেনেকৈ কোনাে অঙ্গৰ বল বৃদ্ধি কৰিলেও তেওঁ সর্বাঙ্গীনভাৱে স্বাস্থ্যৱান নহ'বও পাৰে। মনােবিজ্ঞানৰ বিশেষ উন্নতি সাধন হােৱাৰ ফলত যুঁজৰ মাল বা দৈহিক শক্তিশালী লােক কিছুমানে মাংসপেশীবােৰক নিয়ন্ত্রণ কৰি খেল দেখুৱাবলৈ শিকিছে। 


যেনে বডি বিল্ডাৰসকলে, বক্সাৰ, হেভি টেলিফটাৰ সকলে, ৰেলাৰসকলে নিজৰ নিজৰ মাংসপেশী কিছুমানক শক্তিশালী কৰি গঢ়ি লৈ নিজৰ শক্তি প্রদর্শনৰ দ্বাৰা দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বিশেষ বিশেষ কিছুমান মাংসপেশীৰ অত্যধিক বৃদ্ধি ঘটাই অভাৱনীয় শক্তি প্রদর্শন কৰে যদিও তেওঁলােকৰ শৰীৰৰ সকলাে মাংসপেশীবােৰ সমানে বলশালী নহয়। 


কিন্তু যােগ পদ্ধতিৰে শৰীৰৰ ইচ্ছা কৰি লৰচৰ কৰিব নােৱাৰা অঙ্গবােৰৰাে যেনে হৃৎপিণ্ড, হাওঁফাওঁ, পাকস্থলী, অস্ত্ৰবােৰ (ক্ষুদ্রান্ত্র, বৃহদান্ত্র), কেপিলাৰিজ লিঙ্কাটিক গ্লেণ্ড, সিৰাবােৰ, পাছমূৰৰ ওচৰৰ মগজুৰ পৰা তললৈ থকা ৰাজহাড় আৰু ৰাজহাড়ৰ সৈতে লাগি থকা স্পাইনেল কর্ড (spinal cord) বা সিৰাবােৰৰ শক্তি জাগ্রত কৰি বলৱান কৰি তােলা হয় আৰু কোনাে অঙ্গৰ ওপৰতে অত্যধিক জোৰ দিয়া নহয়। 


ইচ্ছাকৃতভাবে লৰাব-চৰাব পৰা অঙ্গ-প্রত্যঙ্গ মাংসপেশীবােৰকো সমানেই যােগাসনৰ দ্বাৰা সবল কৰি তুলিব পাৰি। কিন্তু যন্ত্ৰৰ সহায়ত কৰা এক্সাচাইজবােৰত ইচ্ছাকৃতভাৱে লৰাব-চৰাব নােৱৰা বা ইনভলুনটাৰী মাংসপেশীবােৰৰ ওপৰত বিশেষ চকু দিয়া নহয়। সুস্থ শৰীৰৰ বাবে হাওঁফাওঁ, পাকস্থলীৰ সবলতা, হাত-ভৰি, বা পিঠি সবলতাতকৈ বেছি আৱশ্যক। 


শৰীৰচৰ্চাৰ ফলত, শৰীৰৰ ইচ্ছাকৃতভাৱে লৰাব-চৰাব পৰা আৰু ইচ্ছাকৃতভাৱে লৰাব-চৰাব নােৱৰা অঙ্গ-প্রত্যঙ্গ আৰু তাৰ মাংসপেশীবােৰৰ সম্মিলিতভাৱে উন্নতি সাধন হ'ব লাগে। শৰীৰৰ হাত-ভৰি, পিঠিৰ মাংসপেশীৰ লগতে শৰীৰৰ আভ্যন্তৰীণ অঙ্গ হৃৎপিণ্ড, হাওঁফাওঁ, পাকস্থলী আৰু অন্যান্য গ্রন্থীবােৰৰ উন্নতি বা সবলতা আহিলেহে সুস্থ শৰীৰ লাভ হয় আৰু এই উদ্দেশ্য লৈয়ে যােগ সাধনাৰ সৃষ্টি হৈছে। 


যােগ এক্সাচাইজবােৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে উদ্ভাৱন কৰা হৈছে আৰু অতীতত ঋষি- মুনিসকলে যােগ সাধনাৰ দ্বাৰা শাৰীৰিক আৰু আধ্যাত্মিক অলৌকিক শক্তিৰ প্ৰদৰ্শন কৰিছিল। তেওঁলােকৰ চিন্তাধাৰাৰ বহু কথা আজিৰ সৰ্বসাধাৰণৰ বাবে বােধগম্যই নহয়। আমাৰ আজিৰ এই সময়তাে মহাঋষি মহেশ যােগী আৰু অন্যান্য দুই-চাৰিজনে ভাৰতীয় আশ্রমধর্মৰ আদৰ্শৰ প্ৰতি গােটেই পৃথিৱীৰ লোেকৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। ইউৰােপ আৰু আমেৰিকাত বহু আশ্রম স্থাপন কৰি হেজাৰ হেজাৰ শিষ্যৰ নামভৰ্তি কৰিবলৈ সক্ষম হৈছে। 


ভাৰতীয় দর্শন আৰু সত্যৰ সন্ধানত অনুধাবিত জীৱনৰ সুখ আৰু শান্তিৰ বাবে তেওঁলােক আকর্ষিত হৈছে। যৌগিক বিচাৰমতে মানুহৰ ৰােগ, অসুখ, দেহ আৰু মনৰ অনিয়মিত কর্ম সম্পাদন আদি সকলাে অনর্থৰ মূলতে হ’ল ত্রুটিপূর্ণ জীৱন নির্বাহ; জীৱনৰ সৈতে জড়িত কথাবােৰৰ বিষয়ে অজ্ঞতা, কু-অভ্যাস আৰু অনুপযুক্ত খাদ্য খােৱাৰ নিয়ম-নীতি। শাৰীৰিক অঙ্গ-প্রত্যঙ্গ কিছুমানে বহুদিন ধৰি বিকৃত ৰূপত কাজকাম কৰি থকাৰ ফলতেই মানুহৰ শৰীৰত  ৰোগ হয়। মানুহ এজনৰ কিছুমান ভুলৰ বাবে তেওঁৰ শৰীৰৰ আভ্যন্তৰীণ কোনাে ঠাইত কর্ম সম্পাদনত কিছুমান বিসঙ্গতিৰ সৃষ্টি হয় ফলত সেই ঠাইৰ অঙ্গই বিকৃত ৰূপত কর্ম সম্পাদন কৰিবলৈ ধৰে। ফলত দেহত ৰােগৰ উৎপত্তি হয়। 


বেছিভাগ ক্ষেত্ৰতেই, নিয়মিতভাৱে মাত্র কেইবিধমান আসন কৰিলেই ৰােগৰ পৰা আৰােগ্য লাভ কৰিব পাৰি। কিছুমান ক্ষেত্ৰত আসনৰ সৈতে প্রাণায়াম কৰাৰ আৱশ্যক হয়। কিন্তু এইটো মনত ৰাখিবলগীয়া কথা যে কেবল এবিধ আসনৰ দ্বাৰাও কোনাে ৰােগৰ পৰা আৰােগ্য লাভ নহয়। একেলগে কেইবিধমান আসন নিয়মিতভাৱে কিছুদিন কৰিব লাগে। যৌগিক থেৰাপিৰ ফলাফল কেইঘন্টামান বা দুই-এদিনতে কোনােৱে, আশা কৰা উচিত নহয়। 


পাটনাৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্‌ যােগত লক্ষ্য কৰি দেখা গৈছে যে বহুবােৰ ৰােগ দুমাহ যােগাভ্যাস কৰিলে আৰােগ্য হয়। কিছুমান ক্ষেত্ৰত চাৰিমাহমান অথবা তাতােকৈ অলপ বেছি সময়ে কেতিয়াবা লাগিব পাৰে। আৰােগ্য লাভত বেছি সময় লােৱা ৰােগবােৰ হৈছে— যেনে বহুমূত্র, পলিঅ', পক্ষাঘাত ৰােগ, শকত হৈ পৰা, ঘা আৰু মানসিক ৰােগ। খােৱা খাদ্যৰ যদি বাছ-বিচাৰ কৰি চলে তেতিয়া যােগাসনৰ ক্রিয়াই আৰু সােনকালে আৰোগ্য কৰে। কেৱল যে ৰােগৰ প্রকৃতি অনুসৰি অখাদ্য অর্থাৎ ক্ষতিকাৰক খাদ্য খাব নালাগে, সেইটোৱে নহয়, শৰীৰটো যাতে অপুষ্টিত নােভােগে তাৰ বাবে পুষ্টিকাৰক খাদ্যও খাব লাগিব। 


খােৱা খাদ্যত কার্বহাইড্রেট, প্রটিন, ফেট, ভিটামিন আৰু মিনাৰেলবােৰ সদায় থাকিব লাগে। তদুপৰি যিবােৰ খাদ্য খালে অসুখৰ পৰা আৰােগ্য লাভত সহায়ক হয় সেইবােৰ খাদ্যও খাব লাগে। উদাহৰণস্বৰূপে শৌচ কচা অসুখত থকাসকলে দৈ খােৱা আৱশ্যক। কাৰণ দৈয়ে কষ্টিপেচন গুচায়। 

স্বাস্থ্য ৰক্ষাৰ বাবে যােগাসন অভ্যাসৰ আৱশ্যকতা।।যােগৰ অভ্যাস।।যোগ সাধনা দুটা ভাগত বিভক্ত।।যােগাভ্যাসৰ কিছুমান আৱশ্যকীয় কথা সময়।। আসন কৰা ঠাই।।যােগাসন এদিনত কিমান কৰিব পাৰি

যােগাভ্যাসৰ কিছুমান আৱশ্যকীয় কথা সময় : 

ৰাতিপুৱা খালীপেটতে, কোনাে খাদ্য খােৱাৰ আগতে (before breakfast) যােগাভ্যাস কৰাৰ উত্তম সময়। অৱশ্যে গধূলিও খালীপেট থাকোঁতে কৰিব পাৰি। কোনাে গােটা খাদ্য খােৱাৰ তিনিৰ পৰা চাৰি ঘন্টা পাছত যােগাসন কৰিব পাৰি আৰু কোনাে জুলীয়া খাদ্য খােৱাৰ যেনে চাহ, কফি, পানী বা কোনাে ফলৰ ৰস খােৱাৰ আধা ঘন্টা পাছত কৰিব পাৰি। দিনত এবাৰ যােগাসন কৰিলেই হয়, কিন্তু কোনাে ৰােগৰ চিকিৎসা হিচাপে কৰিলে ভগাই লৈ ৰাতিপুৱা আৰু আবেলি দুবাৰ কৰিব পাৰি। 


নিয়মিত স্বাস্থ্য ৰক্ষা বা সৰু-সুৰা অসুখ-বিসুখৰ আৰােগ্য লাভৰ বাবে এবাৰ কৰিলেই হয়। আসন কৰি কটোৱা সময় সদায় এক নিৰিখৰ লাগে। ন-শিকাৰুসকলে আৰম্ভণিতে যােগাসন প্রেকটিচ কমকৈ কৰি এসপ্তাহমানৰ পাছত বঢ়াই যাব পাৰে। 


এটা আসন প্রেকটিচ কৰাৰ সময় সঠিককৈ ৰাখিবলৈ এক, দুই, তিনিকৈ সংখ্যা গণনা কৰি ৫০-১০০ বা ৩০০ অথবা তাতােকৈ বেছি সংখ্যা গণনা কৰিব পাৰি। যেনে ধৰক আপুনি সর্বাঙ্গাসন কৰিছে; ভৰি ওপৰলৈ উঠাই কান্ধৰ ওপৰত শৰীৰটো থিয়কৈ ৰখাৰ পাছত আপুনি কিমান সময় তেনেকৈ থাকিব তাক নির্দিষ্ট কৰিবলৈ আপুনি এক, দুই কৈ সংখ্যাবােৰ ১০০ লৈ বা ৩০০ লৈ গণিব পাৰে। আৰু সদায় সেই সংখ্যা লৈয়ে গণনা কৰি সর্বাঙ্গাসনৰ সেই অৱস্থাত (pose) ত থাকিব লাগে। গণনা উশাহ লােৱাৰ লগে লগে কৰিব লাগে। প্রকাৰান্তৰে আপুনি সেই ‘প’জত’ কিমানবাৰ উশাহ ললে তাৰ হিচাপ ওলাব। 


এক্সাচাইজ কৰি থাকিলে সাধাৰণতে উশাহ-নিশাহ কিছু পৰিমাণে খৰ হয়। সাধাৰণতে এজন প্রাপ্তবয়স্ক লােকে মিনিটত ১৮ ৰ পৰা ২০ বাৰমান উশাহ লয়। এক্সাচাইজ কৰি থকা অৱস্থাত এই সংখ্যা বাঢ়ে। বাঢ়িলেও কিন্তু বেৰত আৰি থােৱা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ গতিতকৈ বেছি খৰ নহয়। তাতকৈ ঘন ঘনকৈ উশাহ ল'ব লাগিলে কিছু অস্বস্তি বােধ কৰা যায়। গতিকে ঘন ঘনকৈ উশাহ ল’লে মিনিটত ৬০ লৈ গণিব পাৰি। এই হিচাপত কোনটো আসনত কিমান সময় গ’ল আমি সহজেই হিচাপ ৰাখিব পাৰোঁ। মিনিটত ৬০ বাৰ উশাহ লােৱাতাে একেবাৰে স্বতঃসিদ্ধ কথা নহয়। প্রতিজন লােকেই নিজৰ সুবিধামতে উশাহ-নিশাহৰ সৈতে সময়ৰ সম্বন্ধ নিৰূপণ কৰি আসনত কটোৱা সময় নির্ধাৰণ কৰি ল'ব পাৰে। কেৱল মূল কথাটো হ’ল আসনৰ এটা ‘প’জত কটোৱা সময় সদায় একে হ'ব লাগে।



উশাহ নিশাহ:

আসন কৰি থাকোতে উশাহ-নিশাহ লােৱাটো এটা সম্পর্কীত কথা। আসনৰ মাজত সুবিধামতেহে উশাহ-নিশাহ ল'ব লাগে। সেয়েহে প্ৰতিটো আসনৰ সৈতে উশাহ-নিশাহ লােৱাৰ নির্দেশনা দিয়া থাকে, সেইবােৰ যথাযথভাৱেই পালন কৰিব লাগে। 



মনােযােগ:

আসনত মনােযােগ দি আসন প্রেকটিচ কৰিব লাগে। তেতিয়াহে আসনৰ সম্পূর্ণ উপকাৰ লাভ হয়। কোনাে এটা আসন কৰা সময়ত দেহটোক আসনত থৈ মনটোৰে অন্যান্য বিষয়ত দৌৰি ফুৰিলে যেনে ধৰক ব্যৱসায়ৰ কোনাে কথা লৈ বা কার্যালয়ৰ কাৰােবাক লগ ধৰা কথা লৈ বা কোনাে উৎসৱত যােগ দিয়া কথালৈ অথবা নিজৰ আত্মীয় কোনাে লােকক লগপােৱা কথালৈ মনটো ব্যস্ত হৈ থাকিলে আসনৰ ক্রিয়া সম্পূর্ণ নহয়। যদি আসন কোনাে ৰোগৰ পৰা আৰােগ্য লাভৰ বাবে কৰা হয় তেনেহ'লে আসন কৰি থকা সময়ত বিশেষকৈ এটা ‘পজত’ থকা সময়ত মনটোৰে ভাবিব লাগে যে সেই ৰােগাক্রান্ত ঠাইলৈ (শৰীৰৰ) তেজৰ প্রবাহ বাঢ়িছে, তেজে ৰােগকাৰী বস্তুবােৰ ধুৱাই লৈ গৈছে, ইত্যাদি। 


মনৰ দৃঢ় ভাৱনাৰ ফলত ৰােগৰ পৰাও আৰােগ্য লাভ হয় বুলি পণ্ডিতসকলে উল্লেখ কৰিছে। সেয়েহে যােগাসনৰ সময়ত সম্পূর্ণ মনোেযােগ দি আসন কৰিব লাগে, কৰি থকা আসনটোৰে শৰীৰৰ কি অঙ্গৰ উপকাৰ হ'ব, জানি লৈ সেই অঙ্গ আৰু আসনৰ তাৰ ওপৰত হ'ব পৰা শুভ প্রভাৱৰ কথালৈ মনােনিবেশ কৰিব লাগে। আসন কৰোতাই আসনটোৰ বিষয়ে ভালকৈ জানিব লাগে। আসনৰ গ'জবােৰ জানিলেই আসনটো জনা নুবুজায়। আসনটোৰে শৰীৰৰ ওপৰত কি প্ৰভাৱ পৰিব, কিয় পৰিব ইত্যাদি কথা জানিব লাগে। 


উদাহৰণস্বৰূপে- সর্বাঙ্গাসন এটা অতি উপকাৰী আসন; ই প্ৰায়বােৰ অসুখৰে আৰােগ্যদায়ক আৰু শৰীৰ সুস্থকৈ ৰাখে। শক্তিৰ ফলত আমাৰ শৰীৰৰ ওপৰ অংশৰ তেজৰ যােগান সাধাৰণতে অলপ কমকৈ হয় আৰু তলৰ অংশত অর্থাৎ ভৰিৰ ফালে তেজৰ যােগান ওপৰ ভাগতকৈ তুলনামূলকভারে অলপ বেছি হয়। ভৰিৰ কিছুমান তেজ বিশেষভাৱে লৰচৰেই নহয়। ফলত এই তেজবােৰ হাওঁফাওঁলৈ নাযায় আৰু তাত শােধন হােৱাৰ পৰা বাহিৰত থাকে। সর্বাঙ্গাসন কৰিলে ইয়াৰ পৰিবর্তন আনে। কাৰণ তেজ ভৰিৰ পৰা মূৰৰ ফালে নামি যায় আৰু শৰীৰৰ ওপৰ ভাগত তেজৰ যােগান বাঢ়ে ভৰিৰ সমস্ত তেজ তললৈ অহাৰ ফলত হাওঁফাওঁত গৈ শােধন হােৱাৰ সুবিধাও বাঢ়ি যায়। 


ইয়াৰ উপৰি গলত থকা থাইৰয়ড গ্লেণ্ডে ঠিকমতে কাম কৰি থাকিলে, শৰীৰৰ সকলাে অঙ্গ-প্রত্যঙ্গই ঠিক-ঠাকভাৱে চলি শৰীৰটো সুস্থ অৱস্থাত ৰাখে। এই গ্রন্থীটো গলত থকা ‘ভইচ বক্স'ৰ ঠিক তলতে থাকে। থাইৰইড গ্লেণ্ডে ৰক্ত চলাচলত অসুবিধা থাকিলে দূৰ কৰে আৰু মুখমণ্ডললৈ তেজৰ সোঁত বঢ়ায়। ৰক্ত সঞ্চালন প্রক্রিয়াৰ সৈতে জড়িত সকলাে সিৰা-উপসিৰাবােৰ সবল কৰি তােলে। গতিকে সর্বাঙ্গাসন কৰিলে আসনৰ সময়ত এইবােৰ কথাত মনােযােগ ৰাখিব লাগে। মনতে ভাবিব লাগে যে ভৰিৰ পৰা তেজ তললৈ নামি গৈছে, মুখমণ্ডলত তেজ বাঢ়িছে আৰু লগতে এইবােৰৰ কোনাে ঠাইত কিবা অসুখ থাকিলে যেনে চকুৰ অসুখ, দাঁতৰ অসুখ, কাণৰ অসুখ আদি থাকিলে সেইবােৰ অঙ্গত তেজৰ যােগান বাঢ়িছে আৰু অসুখবােৰ দূৰ হ'ব ধৰিছে। বেছি সচেতন লােকে তেজ নামি যােৱাটো নিজেও অনুভৱ কৰিব পাৰে। 



আসন কৰা ঠাই:

আসন কৰা ঠাই মুকলি, বতাহ চলাচল কৰা ঠাই হলে ভাল। শীতকালত কিন্তু বতাহৰ কোব গাত লগা অনুচিত। পকা কৰা মজিয়া ভাল ঠাই। সমানকৈ কাটি লােৱা মাটিৰ ঠাইতাে আসন কৰিব পাৰি। পকা কৰাই হওক বা সমান কৰি লােৱা মাটিতেই হওক, দলিচা বা ডাঠ কম্বল পাৰি ল'ব লাগে। পালেং, তক্তাগােছ বা খাট আদিত তুলীৰ ওপৰত আসন কৰিব নালাগে। অতি গৰমৰ সময়ত ফেনৰ তলত আসন কৰিব পাৰি। যদি এয়াৰ কণ্ডিছৰ্ড কোঠাৰ ভিতৰত আসন কৰিব খােজে, কোঠাটো যথেষ্ট আহল বহল হােৱা দৰকাৰ যাতে যথেষ্ট বতাহ কোঠাটোৰ ভিতৰত চলাচল কৰিব পাৰে। আসন কৰা ঠাই নির্জন বা অকলশৰীয়া হােৱাই ভাল, কাৰণ নির্জনতাত মনােনিবেশ কৰিবলৈ সুবিধা হয়। 



গাৰ কাপােৰ:

গাত কাপােৰ কম থকাই ভাল। এসময়ৰ আমেৰিকাৰ, নিউয়র্ক কলম্বিয়া বিশ্ববিদ্যালয়ৰ যােগ বিষয়ৰ প্রবক্তা আৰু কলিকতা ল' কলেজ আৰু মেডিকেল কলেজৰ ফিজিকেল ডিৰেক্টৰ স্বৰ্গীয় বিষ্ণু ঘােষ আৰু তেওঁৰ ছাত্ৰ ষ্টাৰ পিউপিল’ আৰু যােগ বিষয়ৰ বিশেষজ্ঞ বুদ্ধ বাসে লেংটি মাৰিয়ে (কৌপীন পিন্ধিয়ে) আসন কৰিছিল। নতুন দিল্লীৰ গুৰুকুল কাংগ্রী বিশ্ববিদ্যালয়ৰ উপাচার্য স্বর্গীয় সত্যব্রত সিদ্ধান্তলঙ্কাৰে ‘আন্দাৰ ৱেৰ আৰু ঢিলাকৈ চিলােৱা কাপােৰ আনকি শীতৰ দিনত আসন কৰোঁতে উলৰ চুৱেটাৰৰ ব্যৱহাৰ কৰিবলৈ কৈছে যাতে শীতৰ প্ৰবাহৰ দ্বাৰা শৰীৰৰ ক্ষতি নহয়। পাটনা আৰু ৱাশ্বিনৰ যােগ প্রতিষ্ঠানৰ (Institute of Yoga, Patna and Washington) প্রতিষ্ঠাপক সঞ্চালক ডাঃ ফালগেণ্ডা সিনহাই পায়জামা, হাফপেন্ট বা আন্দাৰ ৱেৰ পিন্ধিবলৈ উপদেশ দিছে।। আজিকালি টি.ভি.ত ঢিলাকৈ চিলােৱা কাপােৰ পিন্ধি যােগাসন কৰি দেখুওৱা দেখিছোঁ। গতিকে যিকোনাে ধৰণৰ গাত টানকৈ লাগি নথকা কাপােৰ পিন্ধি কৰিব পাৰি। মাহিলাসকলে পেটিকোট, ব্লাউজ, মেক্সি বা পাতল পেন্ট-চোলা পিন্ধিব পাৰে। শীতকালত উলৰ কাপােৰ । কিন্তু পৰাপক্ষত গাত কাপােৰ কম থকা ভাল। 

স্বাস্থ্য ৰক্ষাৰ বাবে যােগাসন অভ্যাসৰ আৱশ্যকতা।।যােগৰ অভ্যাস।।যোগ সাধনা দুটা ভাগত বিভক্ত।।যােগাভ্যাসৰ কিছুমান আৱশ্যকীয় কথা সময়।। আসন কৰা ঠাই।।যােগাসন এদিনত কিমান কৰিব পাৰি

যােগাসন এদিনত কিমান কৰিব পাৰিঃ 

শীতকালত এদিনত (এটা সময়ত) ৪৫ মিনিট যােগাসন কৰিব পাৰি আৰু গ্রীষ্মকালত ৩০ মিনিটেই যথেষ্ট। ১৫ মিনিট সদায় আসন কৰিলেই সাধাৰণ স্বাস্থ্য ৰক্ষাৰ বাবে যথেষ্ট হয়। যদিও দিনৰ ভিতৰত এবাৰ আসন প্রেকটিচ কৰিলেই হয়, তথাপি কৰিব লগা আসন বেছি হ'লে, দুভাগত ভগাই লৈ, দিনত দুবাৰ কৰিব পাৰি। কেৱল দুয়ােবাৰ আসন কৰাৰ সময়ৰ মাজত ৮ ঘন্টাৰ ব্যৱধান থাকিব লাগে। 


নিয়মমতে যােগাসন নিতৌ কৰিব লাগে। কিন্তু বিশ্ব স্বাস্থ্যসন্থাৰ এখন নিউজ মেগাজিনত সপ্তাহত দুদিন কৰিলেও স্বাস্থ্য অটুট থাকিব বুলি কৈছে। সপ্তাহত এদিন আসন নকৰাকৈ থাকিব পাৰি বুলি। অৱশ্যে বহুতৰে মত থকা দেখা যায়। নলবাৰী জিলাৰ আল্লিবাৰী সত্ৰৰ (গন্ধীয়াৰ) মাননীয় জিতেন্দ্রনাথ গােস্বামীয়ে তেওঁ সান্নিধ্যৰ গাঁওবােৰৰ স্কুলসমূহত ল'ৰা-ছােৱালীবােৰক স্কুলে স্কুলে যােগাসন প্রদর্শন কৰি, যােগাসন শিকাই ফুৰে। তেওঁ কয়, “ছাত্র-ছাত্রীসকলে সপ্তাহত এদিন যােগাসন নকৰিলেও হয়।” ৰােগমুক্তিৰ বাবে আসন কৰিলে, যােগাসন জনা কোনাে লােকৰ সহায়ত দুহ-তিনিটিমান আসন আৰু প্রাণায়াম কৰিব লাগে। আসন বা যোগাসন যথাযথভাৱে প্রেকটিচ (practice) কৰি থাকিলে সকলােৱে সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰিব।


🖊 সংগৃহীত


স্বাস্থ্য ৰক্ষাৰ বাবে যােগাসন অভ্যাসৰ আৱশ্যকতা।।যােগৰ অভ্যাস, প্রকাৰ।।আসন বা যোগাসন কি।।যোগাসনৰ নামৰ তালিকা।।যোগ সাধনা দুটা ভাগত বিভক্ত।।যােগাভ্যাসৰ কিছুমান আৱশ্যকীয় কথা সময়।। আসন কৰা ঠাই।।যােগাসন এদিনত কিমান কৰিব পাৰি-yoga practice-time period-attention-benifit

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.