ভাগৱত পুৰাণ অসমীয়া ভাগৱত- ভাগৱতৰ কাহিনী- Bhagwat story- দীপিকা মুনিৰ শৰীৰ দান আৰু তেওঁৰ অস্থিৰ পৰা দেৱতাসকলৰ বজ্র নির্মাণ

ভাগৱত পুৰাণ অসমীয়া ভাগৱত- ভাগৱতৰ কাহিনী- Bhagwat story-  দীপিকা মুনিৰ শৰীৰ দান আৰু তেওঁৰ অস্থিৰ পৰা দেৱতাসকলৰ বজ্র নির্মাণ- Dipika munir horir daan

ভাগৱত পুৰাণ অসমীয়া ভাগৱত- ভাগৱতৰ কাহিনী- Bhagwat story-  দীপিকা মুনিৰ শৰীৰ দান আৰু তেওঁৰ অস্থিৰ পৰা দেৱতাসকলৰ বজ্র নির্মাণ- Dipika munir horir daan
ভাগৱতৰ কাহিনী-


ভাগৱতৰ কাহিনী-

দধীচি মুনিয়ে ইন্দ্ৰ আদি দেৱতাসকলৰ প্ৰাৰ্থনাৰ কথা নি চিন্তা কৰি বৃত্রাসুৰৰ কবলৰ পৰা দেৱতাসকলক ৰক্ষা কৰাৰ সংকল্প গ্রহণ কৰিলে । মহাভক্ত দধীচি মুনিয়ে একান্ত মনে অনন্ত কোটি ব্রহ্মাণ্ডৰ একমাত্ৰ অধিকাৰী সেই পৰম ব্রহ্ম কৃষ্ণদেৱৰ চৰণ চিন্তা কৰিবলৈ ধৰিলে। তেওঁ ভগৱন্তক এই নিবেদন কৰিলে যে “হে প্রভু! তােমাৰ উদ্দেশ্য যদি সেয়াই হয়, তেন্তে মােৰ এই পার্থিব শৰীৰ তােমাৰ কৰ্মৰ কাৰণে দান কৰাত মােৰ কোনাে অসুবিধা নাই। 

ভাগৱতৰ কাহিনী-

মােৰ এই ক্ষুদ্র দেহৰ দ্বাৰা যদি দেৱতাসকলৰ উপকাৰ সাধন কৰিব পাৰাে তেন্তে মােৰ এই জীৱনৰ সার্থকতা লাভ হ’ব অর্থাৎ জীৱন ধন্য হ’ব। তুমি কৃপা কৰি মােক এই শক্তি দিয়া যাতে মই এই কৰ্মৰ পৰা পিছলি নপৰি চিত্ত স্থিৰ কৰি মােৰ এই ক্ষুদ্র দেহ দান কৰি তােমাৰ চৰণ সেৱা কৰিব পাৰাে। এই বুলি মুনিয়ে কৃষ্ণৰ নাম সাবােগত কৰি যােগধ্যানত বহিল। যােগৰ সাধনা সম্পূর্ণ কৰি মুনিয়ে তেওঁৰ এই পার্থিব দেহা বিসর্জন দিলে অতি আনন্দিত মনে আৰু ভগৱন্তৰ বাসস্থান বৈকুণ্ঠধামত আৰােহন কৰিলে। দধীচি মুনিয়ে যুগজয়ী কীর্তি ৰাখি থৈ গ'ল। 

ভাগৱতৰ কাহিনী-

দধীচি মুনিৰ দেহত্যাগৰ পাছত দেৱতাসকলে মুনিৰ দেহ সৎকাৰ কৰিলে আৰু তেওঁৰ হাড়বিলাক সংগ্রহ কৰি একান্ত ভক্তিভাৱেৰে মূৰত তুলি লৈ আহিল । ইন্দ্রই বিশ্বকর্মাক মতাই আনিলে আৰু সকলাে কথা বিবৰি ক’লে । তেওঁ মহাঅস্ত্র বজ্র নির্মাণৰ কাৰণে বিশ্বকর্মাক সকলাে দায়িত্ব অর্পণ কৰিলে। বিশ্বকর্মাই তেওঁৰ ওপৰত পৰা গুৰু দায়িত্ব সোঁৱৰণ কৰি বজ্ৰ নিৰ্মাণৰ কামত নিজৰ সকলাে শক্তি প্রয়ােগ কৰি কামত আগবাঢ়ি গ'ল ।

ভাগৱতৰ কাহিনী-

ভগৱন্তৰ শক্তি আৰু ভকতৰ শক্তিৰ মিলনেৰে এদিন মহাঅস্ত্র বজ্র নির্মাণ হৈ উঠিল। দেৱতাসকলে জয় কৃষ্ণ বুলি গুৰু গম্ভীৰ ধ্বনিৰে আকাশ বতাহ কঁপাই তুলিলে। তেওঁলােকে ভাবিলে এইবাৰ অসুৰৰ পতন অনিবাৰ্য্য । ইন্দ্র আদি দেৱতাসকলে ভগৱন্ত কৃষ্ণদেৱৰ প্ৰতি তেওঁলােকৰ দৃঢ় ভক্তিত আপােনাআপুনি মূৰ দোঁখাই গল।

***

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.