ভাগৱত পুৰাণ অসমীয়া ভাগৱত- ভাগৱতৰ কাহিনী- Bhagwat story- দেৱতাসকলৰ ভগৱন্তৰ দৰ্শনলাভ আৰু উপদেশ প্রাপ্তি-শৰীৰ দানৰ কাৰণে দধীচি মুনিক দেৱতাৰ প্রার্থনা

ভাগৱত পুৰাণ অসমীয়া ভাগৱত- ভাগৱতৰ কাহিনী- Bhagwat story- দেৱতাসকলৰ ভগৱন্তৰ দৰ্শনলাভ  আৰু উপদেশ প্রাপ্তি-শৰীৰ দানৰ কাৰণে দধীচি মুনিক দেৱতাৰ প্রার্থনা 

ভাগৱত পুৰাণ অসমীয়া ভাগৱত- ভাগৱতৰ কাহিনী- Bhagwat story- দেৱতাসকলৰ ভগৱন্তৰ দৰ্শনলাভ  আৰু উপদেশ প্রাপ্তি-শৰীৰ দানৰ কাৰণে দধীচি মুনিক দেৱতাৰ প্রার্থনা
ভাগৱতৰ কাহিনী-




ভাগৱত পুৰাণ অসমীয়া ভাগৱত- ভাগৱতৰ কাহিনী- Bhagwat story- দেৱতাসকলৰ ভগৱন্তৰ দৰ্শনলাভ  আৰু উপদেশ প্রাপ্তি-


দেৱতাসকলে বৃত্রাসুৰৰ পৰা নিস্তাৰ পাবলৈ কৃষ্ণদেৱক ভকতি কৰিবলৈ ধৰিলে। দেৱতাসকলৰ কাতৰ প্ৰাৰ্থনাত ভগৱন্ত কৃষ্ণদেৱ সন্তুষ্ট হ’ল আৰু ভকতৰ মনােবাঞ্ছা পূৰণ কৰিবলৈ চতুর্ভুজ ৰূপ ধাৰণ কৰি দেৱতাসকলৰ সন্মুখত উপস্থিত হ’ল । ভগৱন্তই ক'লে –“শুনা ইন্দ্র ! মই তােমালােকৰ কীর্তন শুনি বৰ আনন্দ আৰু তৃপ্তি লাভ কৰিছাে। এই কথা সাৰকৈ জানিবা যে কীর্তনেহে ভকতি বঢ়ায়। মই তুষ্ট হলে এই বিশ্বব্রহ্মাণ্ডত কোনাে বস্তুৱেই দুর্লভ নহয়। যি ভক্তই যেনেদৰে কামনা কৰে মই তেনেদৰে সেই ভক্তৰ মনৰ কামনা পূৰণ কৰে। 


মই সদায় ভকতৰ অধীন। শুনা ইন্দ্র, তােমালােক দেৱতাসকলে বৃত্রাসুক নিধন কৰিবলৈ মােৰ ওচৰত উপায় বিচাৰিছা। কিন্তু, এই কাম ইমান সহজসাধ্য নহয়। কিয়নাে, সি অসুৰ হলেও সদায় মােক ভক্তি কৰে। সেই কাৰণে তােমাললাকে আন এটা উপায় ল’ব লাগিব । তেহে তােমালােকে বৃত্রাসুৰক বধ কৰিব পাৰিবা। নহ’লে বৃত্রাসুৰক মাৰিব পৰা শকতি কাৰাে নাই। সি মােক ভক্তি কৰে যদিও, তােমালােক অন্যায় কৰাৰ চিন্তা কৰি আছে। 


গতিকে তাক বধ কৰাৰ কাৰণে মােৰ বুদ্ধিমতে কাম কৰিব লাগিব। তােমালােকে দধীচি মুনিৰ ওচৰলৈ যাব লাগিব আৰু দধীচি মুনিৰ দেহাটো দান হিচাপে বিচাৰিব লাগিব। দধীচি মুনি মােৰ পৰম ভক্ত। তেওঁ পৰম সত্যবাদী। তেওঁ মৰিলেও সত্যৰ পৰা আঁতৰি নাযায়। তেওঁ মহাদানী আৰু পৰােপকাৰী। তেওঁক যদি ভক্তিভাৱে সন্তুষ্ট কৰিব পাৰা তেন্তে তেওঁ তােমালােকৰ সুখ আৰু উপকাৰৰ কাৰণে তােমালােকক তেওঁৰ দেহা দান কৰিব। 


সেই কাম তােমালােকৰ ভকতিৰ ওপৰতহে নিৰ্ভৰ কৰিব। যদি তেওঁ তােমালােকক তেওঁৰ দেহা দান কৰে তেন্তে তেওঁৰ দেহৰ সৎকাৰ তােমালােকে কৰিব লাগিব । দেহৰ অস্থি অর্থাৎ হাড়খিনি সযতনে সংগ্রহ কৰি মূৰত তুলি আনিব লাগিব। সেই হাড়ৰ পৰা বিশ্বকৰ্মাৰ হতুৱাই বজ্র নির্মাণ কৰিব লাগিব। সেই বজ্ৰৰ দ্বাৰাইহে বৃত্রাসুৰৰ নিধন সম্ভৱপৰ হ’ব। আন কোনাে উপায়ৰ দ্বাৰা সেই কাম কৰা সম্ভৱ নহ’ব। বৃত্রাসুৰ বধ হলে তােমালােক দেৱতাসকলৰ তথা জগতৰ কল্যাণ হ’ব। এই বুলি ভগৱন্ত সেই ঠাইৰ পৰা অন্তর্ধান হ’ল। ভগৱন্ত অন্তর্ধান হােৱাৰ পাছত দেৱতাসকল দধীচি মুনিৰ ওচৰলৈ গল আৰু তেওঁলােকৰ সৎ অভিপ্রায় মুনিৰ আগত ক’লেগৈ। 


***


ভাগৱত পুৰাণ অসমীয়া ভাগৱত- ভাগৱতৰ কাহিনী- Bhagwat story-শৰীৰ দানৰ কাৰণে দধীচি মুনিক দেৱতাৰ প্রার্থনা 


দেৱতাসকল দধীচি মুনিৰ ওচৰ পাই তেওঁক সেৱা জনালে । মুনিয়ে ইন্দ্ৰ আদি দেৱতাসকল সদলবলে তেওঁৰ ওচৰলৈ অহা দেখি পৰম আনন্দিত হৈ দেৱতাসকলক আসন বসন দি যথাসাধ্যে, সৎকাৰ জনালে। মুনিয়ে দেৱতাসকলৰ কুশল মঙ্গল বতৰা লৈ আগমনৰ উদ্দেশ্য সুধিলে। 


দেৱৰাজ ইন্দ্ৰই ক’বলৈ ধৰিলে – “হে মুনিবৰ ! আমি দেৱতাসকলে দানৱ অসুৰ আদিৰ পৰা বহুতাে কষ্ট পাবলগীয়া হৈছে। পদে পদে দৈত্য-দানৱৰ ভয়ে আমাৰ পিছ এৰা নাই ভগৱন্তই। আমাক কিয় ইমান দুৰ্বল কৰি স্ৰজিলে, আমি নাজানাে। তুমি আমাৰ উপকাৰ সাধি দেৱতাসকলক ৰক্ষা কৰা, নহ'লে বৃত্রাসুৰৰ প্ৰকোপতত দেৱতাসকল চিৰদিনৰ কাৰণে জাহ যাব লাগিব। তুমি কৃষ্ণৰ পৰম ভকত। তুমি মহান সত্যবাদী আৰু পৰােপকাৰী। 


হে মুনিবৰ ! আমাৰ মঙ্গলৰ কাৰণে তােমাৰ এই পার্থিব দেহাটো আমাক দান কৰা। তােমাৰ দেহত্যাগৰ পাছত তােমাৰ দেহৰ হাড়বিলাকৰ পৰা মহাঅস্ত্র বজ্র নির্মাণ কৰিব লাগিব। সেই অস্ত্ৰৰ দ্বাৰাইহে বৃত্রাসুৰক বধ কৰিব পৰা যাব। দধীচি মুনিয়ে ক'লে – “হেৰা ইন্দ্র ! প্রাণৰ মােই সকলাে প্রাণীৰেই আছে। এই কথা জানিও তােমালােকে মােক মােৰ শৰীৰ দান হিচাপে বিচাৰিছা। কাৰণ দেৱতা কিয় স্বয়ং ভগৱন্তই খুজিলেও কোনেও নিজৰ শৰীৰ দান কৰি মৃত্যুক আকোৱালি ল’বলৈ ইচ্ছা নকৰে। তেনে অৱস্থাত তােমালােকে যে মােৰ দেহাটো দান বিচাৰিছা, এই কথাত মই আচৰিত হােৱা নাই। কাৰণ জন্ম হলে এদিন নহয় এদিন মৰিবই লাগিব। এই কথা অতি সত্য। 


ইন্দ্রই পুনৰ ক'লে – “হে মুনিবৰ ! তুমি পৰম কৃষ্ণভক্ত বৈষ্ণৱ। ভকতে নিজৰ সুখৰ কথা নাভাবি আনৰ উপকাৰ সাধন কৰে। গতিকে তােমাৰ এই উপকাৰৰ দ্বাৰা সমস্ত দেৱকুল ৰক্ষা পৰিব। হে পুণ্যাত্মা ! তুমি আমাৰ প্রার্থনা মঞ্জুৰ কৰা।” দেৱতাসকলৰ কথাত দধীচি মুনি পৰম সন্তুষ্ট হ’ল। এই বিষয়ে তেওঁৰ মনত বহুতাে প্রশ্নৰ উদয় হ’ল আৰু তেওঁ চিন্তা কৰিবলৈ ধৰিলে। 


বৃত্রাসুৰ অসুৰ হ’লেও কৃষ্ণৰ পৰম ভকত আছিল। সেইবাবে বৃত্রাসুৰক মাৰিবলৈ দেৱতাসকলৰ পক্ষে সহজ কথা নাছিল। দেৱতাসকলে বৃত্রাসুৰৰ ভয়ত মহা চিন্তা কৰি দিন নিয়াব লগা হৈছিল। তেওঁলােকৰ যেন দিন নাযায় ৰাতি নুপুৱায় অৱস্থা হৈছিল। 


***


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.