ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story-ইন্দ্ৰৰ দ্বাৰা ব্ৰহ্মহত্যা আৰু সেই পাাপ মােচনই-ইন্দ্র বধৰ বাবে বিশ্বৰূপ মাতৃ ত্বষ্টাৰ যজ্ঞ আৰম্ভ আৰু বৃত্রাসুৰৰ জন্ম

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story-৫ আৰু ৬-ইন্দ্ৰৰ দ্বাৰা ব্ৰহ্মহত্যা আৰু সেই পাাপ মােচনই-ইন্দ্র বধৰ বাবে বিশ্বৰূপ মাতৃ ত্বষ্টাৰ যজ্ঞ আৰম্ভ আৰু বৃত্রাসুৰৰ জন্ম 

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story-ইন্দ্ৰৰ দ্বাৰা ব্ৰহ্মহত্যা আৰু সেই পাাপ মােচনই-ইন্দ্র বধৰ বাবে বিশ্বৰূপ মাতৃ ত্বষ্টাৰ যজ্ঞ আৰম্ভ আৰু বৃত্রাসুৰৰ জন্ম
ভাগৱতৰ কাহিনী-


ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story-ইন্দ্ৰৰ দ্বাৰা ব্ৰহ্মহত্যা আৰু সেই পাাপ মােচন-


বিশ্বৰূপ মুনিয়ে দেৱতাসকলৰ গুৰু হৈ দেৱতাসকলৰ যজ্ঞৰ ভাগ পাবলৈ ধৰিলে। মুনিয়ে দেৱতাসকলক অংশ দিয়াৰ লগতে মনে মনে দৈত্যসকলকো তাৰ অংশ দিবলৈ। ধৰিলে। মাক দৈত্যৰ জীয়ৰী হােৱা হেতু দৈত্যসকলৰ প্রতিও বিশ্বৰূপ মুনিৰ ভালপােৱাৰ ভাব বাঢ়িবলৈ ধৰে । এই ভালপােৱাই মুনিৰ কাল হ’ল । 


বিশ্বৰূপ মুনিৰ তিনিখন মুখ আছিল। এখন মুখেৰে অমৃত খায়, এখন মুখেৰে অন্ন ভােজন কৰে আৰু আনখন মুখেৰে সুৰাপান কৰে অর্থাৎ মদ খায়। সুৰাপানৰ অভ্যাস বাঢ়ি যােৱাৰ লগে লগে বিশ্বৰূপ মুনিৰ ধৰ্মকামত বেমেজালি আহিবলৈ ধৰিলে। ভগৱন্তৰ প্ৰতি থকা সম্ভাৱ তেওঁৰ কমি যাবলৈ ধৰাত তেওঁৰ আচাৰ ব্যৱহাৰ আদিত কুপ্রভাৱে ঠাই ললে । ইফালে মুনিয়ে দৈত্যসকলক দেৱতাসকলৰ যজ্ঞৰ ভাগ মনে মনে খুৱাই থাকিল । মুনিৰ চৰিত্ৰত এইবিলাক দোষে নানা ধৰণৰ ক্ৰিয়া কৰিবলৈ ধৰিলে । যিজন মুনিয়ে কৃষ্ণভক্তিৰ মহিমাৰে বলীয়ান হৈ মৃতজনকো জীয়াই দিব পাৰিছিল, সেইজন মুনিৰ অধঃপতন ঘটিল। তেওঁ পাপত ডুব গল । 


দেৱৰাজ ইন্দ্ৰৰ কাণত পৰিল যে বিশ্বৰূপ মুনিয়ে মনে মনে দেৱতাসকলৰ যজ্ঞৰ অংশ দৈত্যসকলক খুৱাই আছে। এই কথাত দেৱৰাজ ইন্দ্ৰৰ মুনিৰ ওপৰত বৰ খং উঠিল । বিশেষকৈ দেৱতাসকলৰ পুৰােহিত হৈ দেৱতাসকলে বেয়া। পােৱা কাম কৰাত ইন্দ্রই মুনিক ক্ষমা কৰিব পৰা নাছিল । বিশ্বৰূপ মুনিৰ নিচিনা এজন সাধু পুৰুষৰ এই পৰিবর্তন সঁচাকৈয়ে দুখ লগা আছিল। দেৱৰাজ ইন্দ্ৰই নিজৰ খং দমন কৰিব নােৱাৰিলে। তেওঁ খেদি গৈ বিশ্বৰূপ মুনিৰ ডিঙি কাটি পেলালে । খং মাৰ যােত ইন্দ্ৰই কৃতকর্মৰ বাবে অনুতাপ কৰিবলৈ ধৰিলে। 


দেৱৰাজ ইন্দ্র ব্রহ্মহত্যা পাপত পতিত হ’ল । তেওঁ পাপ মােচনৰ বাবে চিন্তা কৰিবলৈ ধৰিলে। দেৱৰাজ ইন্দ্ৰই এবছৰ কাল কঠোৰ ব্রত পালন কৰিলে, তথাপিও তেওঁৰ পাপমােচন নহ'ল। তেওঁ তেতিয়া একমাত্র কৃষ্ণদেৱক চিন্তা কৰিবলৈ ধৰিলে। কাৰণ সেইজন কৃষ্ণ দেৱতাইহে একমাত্র পাপমােচনৰ গৰাকী। সেই কৃষ্ণ দেৱতাৰ বাহিৰে অন্য কোনােৱে পাপমােচনৰ গৰাকী হ’ব নােৱাৰে। কৃষ্ণদেৱক চিন্তা কৰােতে কৰােতে দেৱৰাজ ইন্দ্ৰৰ সকলাে পাপ দূৰ হৈ গল। হৰিৰ প্ৰসাদত পাপমােচন হােৱাত তেওঁৰ ভকতিৰ ভাব বাঢ়িবলৈ ধৰিলে আৰু জানিলে যে কৃষ্ণইহে সর্বশ্রেষ্ঠ দেৱতা। 


***


ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story- ইন্দ্র বধৰ বাবে বিশ্বৰূপ মাতৃ ত্বষ্টাৰ যজ্ঞ আৰম্ভ আৰু বৃত্রাসুৰৰ জন্ম 


বিশ্বৰূপ মুনিৰ মাক ত্বষ্টাই পুতেকৰ মৰণৰ বাতৰি পাই অন্তৰত বৰ আঘাত পালে। তেওঁৰ পুতেকে দেৱৰাজ ইন্দ্ৰৰ পুৰােহিত হৈ ইন্দ্ৰৰ হেৰােৱা ৰাজ্য ধন সম্পত্তি আদি ঘূৰাই পােৱাত ইমান সহায় কৰিলে অথচ সেইজন ইন্দ্ৰই নিজৰ গুৰু তথা পুৰােহিতক হত্যা কৰি দুৰ্ঘোৰ মহাপাপত লিপ্ত হল। বিশ্বৰূপৰ মাকৰ ইন্দ্ৰৰ ওপৰত ভীষণ খং উঠিল। তেওঁ ইন্দ্ৰৰ ওপৰত ইয়াৰ পােতক তুলিবৰ কাৰণে দৃঢ় সংকল্প কৰিলে। তেওঁ ইন্দ্রবধৰ কাৰণে এক যজ্ঞৰ আয়ােজন কৰিলে। যথা সময়ত সেই যজ্ঞ আৰম্ভ হল।


কিন্তু কালৰ কুটিল গতি - সেই যজ্ঞৰ মন্ত্র উচ্চাৰণত বেমেজালি ঘটিল। মন্ত্র ভুল হােৱা কাৰণে ইন্দ্র বধৰ কাৰণে নহৈ সেই মন্ত্রই ওলােটা ক্রিয়া কৰিলে। সেই যজ্ঞৰ ধোঁৱাৰ পৰা এক বিৰাট আকাৰৰ অসুৰৰ জন্ম হল। জন্ম হৈ সি মাকৰ ওচৰত অর্থাৎ ভ্ৰষ্টাৰ ওচৰত কি কাম সমাধা কৰিব লাগিব সুধিলে। ত্বষ্টাই ক’লে, “চা বােপাই, তােৰ ককায়েৰেই ইন্দ্ৰৰ পুৰােহিত হৈ ইন্দ্ৰৰ ধন সম্পত্তি, ৰাজ্য আদি ঘূৰাই পােৱাত বহুতাে সহায় কৰিলে তথাপি ইন্দ্রই সেই সকলােবিলাক পাহৰি মােৰ পুত্র বিশ্বৰূপক হত্যা কৰি মােক বৰ আঘাত দিলে । তই সেই ইন্দ্ৰক বধ কৰিলেহে মােৰ মনলৈ শান্তি আহিব। অসুৰে মাকৰ ইচ্ছাৰ কথা জানিব পাৰি সেই কর্ম সম্পাদন কৰাত নিমগ্ন হ’ল। সি স্বর্গ, মর্ত্য আৰু পাতাল তিনিও লােকত তাৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ল। এইজন অসুৰেই বৃত্রাসুৰ নামেৰে জনাজাত হৈ পৰিল । 


বৃত্রাসুৰৰ ভয়ত স্বর্গ, মর্ত্য, পাতালৰ লােকসকল পেপুৱা লাগিল। দেৱৰাজ ইন্দ্রই বহু চেষ্টা কৰিও এইজন বৃত্রাসুৰক দমন কৰিব নােৱাৰিলে। ইন্দ্ৰই ইয়াৰ উপায় চিন্তা কৰিবলৈ ধৰিলে। তেওঁ মনতে ভাবিলে একমাত্র ভগৱন্ত কৃষ্ণদেৱেহে ইয়াৰ উপায় দিব পাৰিব। আন কাৰৰ দ্বাৰা এই কাম সম্ভৱ নহ'ব। ইন্দ্রই ভগৱন্ত কৃষ্ণদেৱক চিন্তা কৰিবলৈ ধৰিলে। কৃষ্ণৰ কৃপা নহলে কোনােকালে এই বৃত্রাসুৰক পৰাজয় কৰিব পৰা নহ’ব বুলি ইন্দ্ৰৰ বিশ্বাস দৃঢ় হ’ল। ইন্দ্রই একমাত্র ভগৱন্ত কৃষ্ণদেৱত শৰণাপন্ন হল।


***

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.