ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story- দৈত্যৰ হাতত দেৱতাৰ পৰাজয় আৰু ব্ৰহ্মাৰ ওচৰলৈ গমন- বিশ্বৰূপ মুনিক দেৱতাৰ গুৰু বৰণ আৰু নাৰায়ণ কৱচ লাভ

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story-দৈত্যৰ হাতত দেৱতাৰ পৰাজয় আৰু ব্ৰহ্মাৰ ওচৰলৈ গমন- বিশ্বৰূপ মুনিক দেৱতাৰ গুৰু বৰণ আৰু নাৰায়ণ কৱচ লাভ 

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story- দৈত্যৰ হাতত দেৱতাৰ পৰাজয় আৰু ব্ৰহ্মাৰ ওচৰলৈ গমন- বিশ্বৰূপ মুনিক দেৱতাৰ গুৰু বৰণ আৰু নাৰায়ণ কৱচ লাভ
ভাগৱতৰ কাহিনী



ভাগৱতৰ কাহিনী-

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story-দৈত্যৰ হাতত দেৱতাৰ পৰাজয় আৰু ব্ৰহ্মাৰ ওচৰলৈ গমন- 

বৃহস্পতি গুৰুৱে দেৱতাসকলক এৰি দিয়াৰ কথা লাহে লাহে দৈত্যসকলৰ কাণত পৰিলগৈ। দৈত্যসকলে ভাবিলে এয়া আমাৰ কাৰণে সােণালী সুযােগ। গুৰু বৃহস্পতি সহায় নাথাকিলে আমি দেৱতাসকলক সহজভাৱে যুদ্ধত হৰুৱাব পাৰিম। গতিকে এই সুযােগ গ্ৰহণ কৰা বুদ্ধিমানৰ কাম হ’ব। দৈত্যসকলে স্বৰ্গৰাজ্য আক্রমণ কৰিবলৈ সকলাে ব্যৱস্থা সম্পূর্ণ কৰিলে । 

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story

দৈত্যসকলে স্বৰ্গৰাজ্য আক্রমণ কৰাত দেৱতাসকলৰ লগত ভয়ঙ্কৰ যুদ্ধ আৰম্ভ হ’ল। এই যুদ্ধত দেৱতাসকল হাৰিল আৰু দৈত্যসকলে স্বৰ্গৰাজ্য দখল কৰি ললে। ইয়াৰ পাছত দেৱতাসকলৰ দুখৰ দিন আহিল। তেওঁলােকে অনাই- বনাই ঘুৰি ফুৰিব লগা হ’ল। ইন্দ্ৰই তেতিয়া দেৱতাসকলৰ লগত কথা-বতৰা পাতি তেওঁলােকৰ দুখৰ দিনৰ কেনেকৈ অন্ত হয় ভাবিবলৈ ধৰিলে। দেৱতাসকলে সৃষ্টিকর্তা ব্রহ্মাদেৱৰ ওচৰলৈ যাবলৈ স্থিৰ কৰিলে । কিয়নাে তেৱেঁইহে আমাক কিবা এটা উপায় দিব পাৰিব। এই বুলি দেৱতাসকল ব্রহ্মাৰ ওচৰলৈ গ'ল।

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story


দেৱতাসকল ব্ৰহ্মাৰ ওচৰ পালেগৈ। তেওঁলােকে ব্ৰহ্মাৰ আগত তেওঁবিলাকৰ দুখ আৰু দুর্দশাৰ কথা বুজাই দিলে। ব্রহ্মাই দেৱতাসকলৰ কথা শুনি মনত বৰ দুখ পালে । তেওঁ ইন্দ্রক ক'লে, “তােমালোকে বৃহস্পতি গুৰুক অপমান কৰি ডাঙৰ ভুল কাম কৰিছা কাৰণ বৃহস্পতি গুৰু এজন কৃষ্ণভক্ত লোক । তেওঁক অৱহেলা কৰা মানে ভগৱন্তক অৱহেলা কৰা বুজায়। সেই কাৰণে দৈত্যৰ হাতত তােমালােকৰ পৰাজয় হ’ল। এতিয়া মই তােমালােকক এটা উপায় দিওঁ আৰু তােমালােকে সেই মতে কাম কৰাহঁক। সেই কামত সফলকাম হ’ব পাৰিবা বুলি মােৰ বিশ্বাস। তােমালােক সােনকালে বিশ্বৰূপ মুনিৰ ওচৰলৈ যােৱা। তেওঁক তােমালােকৰ সকলাে কথা খােলাখুলিকৈ ক’বা। বিশ্বৰূপ মুনিক গুৰু হিচাপে গ্ৰহণ কৰিবা। তেওঁক সন্তুষ্ট কৰিব পাৰিলে তােমালােকৰ দুখৰ অন্ত পৰিব । 

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story

তেওঁৰ অনুগ্রহ হলে তেওঁৰ পৰা নাৰায়ণ কৱচ লাভ কৰিব পাৰিবা। এই কৱচৰ শক্তি মহৎ। নাৰায়ণ কৱচৰ শক্তি মানে ঈশ্বৰৰ, কৃপা অর্থাৎ অনুগ্রহ লাভ। ঈশ্বৰৰ কৃপা হলে তােমালােকে দৈত্যসকলক যুদ্ধত হৰুৱাব পাৰিবা। তেতিয়াহে তােমালােকে হেৰােৱা ৰাজ্য আৰু ধন-সম্পত্তিবিলাক ঘূৰাই পাবা আৰু তােমালােকৰ দুখবােৰ শেষ হ’ব। ব্রহ্মাৰ উপদেশ পাই দেৱতাসকল গুচি আহিল ।


***


ভাগৱত পুৰাণ অসমীয়া ভাগৱত- ভাগৱতৰ কাহিনী- Bhagwaan story in Assamese language-বিশ্বৰূপ মুনিক দেৱতাৰ গুৰু বৰণ আৰু নাৰায়ণ কৱচ লাভ 

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story

সৃষ্টিকর্তা ব্রহ্মাৰ উপদেশ সাৰোগত কৰি ইন্দ্র আদি দেৱতাসকল বিশ্বৰূপ মুনিৰ ওচৰ পালেগৈ। বিশ্বৰূপ মুনি এজন কৃষ্ণভক্ত লােক। ভকতিৰ গুণতহে তেওঁ নাৰায়ণ কৱচ পাইছিল। ইন্দ্রই বিশ্বৰূপ মুনিৰ ওচৰ পাই প্রণাম জনালে আৰু সকলাে কথা মুনিক বিবৰি কলে। দেৱতাসকলে তেওঁলােকৰ গুৰু তথা পুৰােহিত হ’বৰ কাৰণে মুনিক প্রার্থনা জনালে। । বিশ্বৰূপ মুনিয়ে ক'লে, “তােমালােক দেৱতাসকল মােতকৈ বহুগুণে শ্রেষ্ঠ। মই শ্রেষ্ঠজনৰ গুৰু হম কেনেকৈ ?” তেতিয়া দেৱৰাজ ইন্দ্রই ক’লে, “কণিষ্ঠজনৰ পৰাও কৃষ্ণৰ ভকতিৰ শিক্ষা ল’ব পাৰি। তাত কোনাে দোষ নহয় বুলি শাস্ত্ৰই কৈছে। গতিকে তুমি আমাৰ অনুৰােধ ৰক্ষা কৰি আমাৰ গুৰু তথা পুৰােহিতৰ আসনখন শুৱনি কৰা। তেতিয়া তােমাৰ মান-সম্ৰম আৰু যশস্যা বৃদ্ধি পাব।” 

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story
জন্মসূত্রে বিশ্বৰূপ মুনি দেৱতাৰ ঔৰষজাত সন্তান আছিল আৰু মাতৃ ভ্ৰষ্টা দৈত্যৰ জীয়ৰী আছিল। বিশ্বৰূপ মুনিয়ে দেৱতাসকলৰ যুক্তি খণ্ডন কৰিব নােৱাৰিলে । তেওঁ দেৱতাসকলৰ গুৰু হম বুলি দেৱৰাজ ইন্দ্ৰক আশ্বাস দিলে তেওঁ ক'লে, “শুনা ইন্দ্র, দৈত্যসকলে তেওঁলােকৰ গুৰু শুক্রাচাৰ্য্যৰ সকলাে কথা মানি চলে। এতেকে তেওঁলােকৰ সকলাে কাম গুৰুৰ কৃপাত ভালভাৱেই হৈ থাকে। যদি ভােমালােকে মােক তােমালােকৰ পুৰােহিত বুলি মানি লােৱা, তেনেহলে মই তােমালােকৰ হিতৰ কাৰণে কাম কৰিম। মই তােমালােকক এনে এটা বস্তু দিম, যাৰ প্ৰভাৱত তােমালােকে সকলাে কামতে জয়ী হ’ব পাৰিবা। সেই বস্তু হ’ল ত্রৈলােক্য বিখ্যাত নাৰায়ণ কৱচ। এই কৱচৰ শক্তি অপৰিসীম। এই শক্তিয়েই হৈছে হৰিৰ প্ৰসাদ। ইয়াৰ দ্বাৰা তােমালোকে দৈত্যসকলক মাৰিব পাৰিবা । তােমালােকৰ হেৰােৱা ৰাজ্য ধন-সম্পত্তি আদি পুনৰ ঘূৰাই পাবা। 
ইন্দ্ৰ প্ৰমুখ্যে দেৱেতাসকলে নাৰায়ণ কৱচৰ কথা জানিব পাৰি বিশ্বৰূপ মুনিক গুৰু হিচাপে বৰণ কৰি ললে । 

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story

দেৱতাসকলৰ গুৰু বৃহস্পতিৰ ঠাইত বিশ্বৰূপ মুনিয়ে সেই ঠাই দখল কৰি ললে। দেৱতাৰ গুৰু হৈ বিশ্বৰূপ মুনিয়ে দেৱতাসকলৰ উপকাৰ সাধিবলৈ যত্ন কৰিবলৈ ধৰিলে। তেওঁ দেৱতাসকলক মহাশক্তিসম্পন্ন নাৰায়ণ কৱচ দান কৰিলে। 

ভাগৱত পুৰাণ অসমীয়া ভাগৱত-ভাগৱতৰ কাহিনী- Bhagwat story
নাৰায়ণ কৱচ পাই দেৱৰাজ ইন্দ্রই লাহে লাহে হেৰােৱা সম্পদবিলাক ঘূৰাই পাবলৈ ধৰিলে। এই নাৰায়ণ কৱচৰ শক্তিৰ প্ৰভাৱৰ প্ৰমাণ পাই দেৱৰাজ ইন্দ্রই দৈত্যসকলক আক্রমণ কৰিলে। দেৱতা আৰু দৈত্যসকলৰ মাজত এখন তয়ময়া যুদ্ধ লাগিল। এই যুদ্ধত দেৱতাসকলে দৈত্যসকলক পৰাজয় কৰিব পাৰিলে আৰু ভগৱন্তৰ প্ৰতি তেওঁলােকৰ ভক্তিভাৱ বাঢ়িবলৈ ধৰিলে । লাহে লাহে দৈত্যসকল দেৱতাসকলতকৈ দুৰ্বল হৈ পৰিল । । তেওঁলােকে দেৱতাসকলৰ অৱস্থা কেনেকৈ ইমান উন্নত হ’ল সেই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈ ধৰিলে। দৈত্যসকলে দেৱতাসকলক পুনৰায় মষিমূৰ কৰিবলৈ নানা ধৰণৰ পৰিকল্পনা হাতত ল’লে। 


***

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.