ভাগৱত পুৰাণ অসমীয়া ভাগৱত- মহাত্যাগী দধীচি আৰু বৃত্রাসুৰৰ মােক্ষলাভ- ভাগৱতৰ কাহিনী- Bhagwat story- Mahatyaagi Dadhisi aaru Bitrakhuror mukhyaalaav।।ইন্দ্ৰৰ অহঙ্কাৰ- Indrar ohankar

ভাগৱত পুৰাণ অসমীয়া ভাগৱত- মহাত্যাগী দধীচি আৰু বৃত্রাসুৰৰ মােক্ষলাভ- ভাগৱতৰ কাহিনী- Bhagwat story- Mahatyaagi Dadhisi aaru Bitrakhuror mukhyaalaav ইন্দ্ৰৰ অহঙ্কাৰ- Indrar ohankar

ভাগৱত পুৰাণ অসমীয়া ভাগৱত- মহাত্যাগী দধীচি আৰু বৃত্রাসুৰৰ মােক্ষলাভ- ভাগৱতৰ কাহিনী- Bhagwat story- Mahatyaagi Dadhisi aaru Bitrakhuror mukhyaalaav ইন্দ্ৰৰ অহঙ্কাৰ- Indrar ohankar
ভাগৱতৰ কাহিনী


ভাগৱতৰ কাহিনী

ভাগৱত পুৰাণ অসমীয়া ভাগৱত- মহাত্যাগী দধীচি আৰু বৃত্রাসুৰৰ মােক্ষলাভ- ভাগৱতৰ কাহিনী- Bhagwat story- Mahatyaagi Dadhisi aaru Bitrakhuror mukhyaalaav 


সনাতন বৈদিক ধর্মৰ পুৰণি শাস্ত্র নাইবা পুথিবিলাকৰ ভিতৰত পুৰাণ নামেৰে কেইবাখনাে পুথি আছে। এই পুৰাণ ওঠৰখন। ভাগৱত শাস্ত্ৰক মহাপুৰাণ নাইবা পুৰাণৰ সূর্য বুলি কোৱা হয়। এই পুৰাণবিলাক লিখিছিল মহামুনি ব্যাসদেৱে। সেয়েহে ভাগৱত শাস্ত্রখনাে ব্যাসদেৱৰ ৰচিত। ব্যাসদেৱে এই পুথি দেৱর্ষি নাৰদৰ উপদেশ পাইহে লিখিছিল। এই পুথিৰ মূল বিষয়বস্তু হ’ল এজন ভগৱন্ত অর্থাৎ এক ঈশ্বৰক উপাসনা নাইবা চিন্তা কৰা। বহুতাে কাহিনীৰ দ্বাৰা গােটেই বিশ্ব ব্রহ্মাণ্ডৰ স্ৰজন কৰােতা এক কৃষ্ণদেৱৰ অর্থাৎ ঈশ্বৰৰ গুণৰ বৰ্ণনা এই পুথিত পােৱা যায়। 


অতি পুৰণি কালত সাধুসন্ত ঋষি-মুনিসকলে অটব্য হাবিৰ মাজত নাইবা পর্বত পাহাৰৰ গুহা আদিত আশ্রম পাতি বাস ও তপস্যা কৰিছিল আৰু ঈশ্বৰৰ চিন্তা আদি ধর্মকামত সময় কটাইছিল । তেওঁলােকে হাবিৰ ফলমূল আদি খাই জীৱন ধাৰণ কৰিছিল। তেওঁলােকে আশ্রমবিলাক পাতােতে আশ্রমৰ মাজেৰে নৈ, জান, জুৰি আদি বৈ যােৱা ঠাইবিলাক বাছনি কৰি লৈছিল। কিয়নাে পানীৰ অভাৱ নাইবা অসুবিধা আদিত যাতে ভূগিবলগা নহয়। 


অতি পুৰণি কালত দধীচি নামেৰে এজন মুনি আছিল। তেওঁ সদায় ভগৱন্ত কৃষ্ণদেৱক ভকতি কৰিছিল। তেওঁ এনে এজন ভক্ত আছিল যে ঈশ্বৰ কৃষ্ণৰ চিন্তাৰ বাহিৰে আন একো চিন্তা নকৰিছিল। সকলাে জীৱৰে উপকাৰ কৰাটোৱেই তেওঁৰ জীৱনৰ ব্ৰত আছিল। দধীচি মুনি মহাত্যাগী আৰু দানী বুলি আজিকোপতি নামটো জগতত জিলিকি আছে। সেইজন ঋষিৰ জীৱনৰ লগত সাঙোৰ খাই থকা কাহিনীৰ মাজেৰে জানিব পাৰি তেওঁনাে ইমান মহান কেনেকৈ হ’ল । তেওঁ নিজৰ দেহাটোকে দান হিচাপে আগবঢ়াই দেৱতাসকলৰ পৰম উপকাৰ সাধন কৰি জগতত মহাদানী বুলি খিয়াতি লাভ কৰিব পাৰিলে।


ভাগৱত পুৰাণ অসমীয়া ভাগৱত- ভাগৱতৰ কাহিনী- Bhagwat story-ইন্দ্ৰৰ অহঙ্কাৰ- Indrar ohankar 


দেৱতাসকলৰ ৰজাজনৰ নাম ইন্দ্ৰ। তেওঁ স্বর্গত বাস কৰে। সেয়েহে স্বৰ্গক ইন্দ্ৰৰ ৰাজ্য বুলি কয়। দেৱতাসকলৰ গুৰুৰ নাম বৃহস্পতি। তেওঁ ভগৱান কৃষ্ণদেৱৰ পৰম ভক্ত। বৃহস্পতি গুৰুৰ অনুগ্রহতেই দেৱতাসকলৰ জয়জয় ময়ময় অৱস্থা। ধন সম্পত্তি ইমান বেছি আছিল যে কাৰাে লগতেই তুলনা কৰিব নােৱাৰি । তেওঁলােকে সদায় আনন্দ আৰু ফুর্তিতে দিন কটাইছিল । 


এদিন বৃহস্পতি গুৰু দেৱতাসকলৰ ৰজা ইন্দ্ৰৰ ওচৰলৈ আহিল। দেৱৰাজ ইন্দ্রই বৃহস্পতি গুৰু অহা বুলি জানিও সেইফালে গুৰুত্ব নিদিলে। তেওঁ আন দেৱতাসকলৰ লগত আন কথাত ব্যস্ত হৈ পৰিল। আনকি গুৰুক বহিবলৈ আসন দিয়াৰ কথাও ইন্দ্রই নাভাবিলে। বৃহস্পতি গুৰুৱে ইন্দ্ৰৰ ব্যৱহাৰত বৰ বেজাৰ পালে। তেওঁ ভাবিলে ইন্দ্ৰৰ ধন সম্পদ বেছি হােৱাত ইন্দ্রই গর্ব অনুভৱ কৰিছে। সেই কাৰণে দেৱৰাজ ইন্দ্ৰই এনে আচৰণ কৰিব পাৰিছে। বৃহস্পতি গুৰুৱে দেৱৰাজ ইন্দ্ৰৰ অহঙ্কাৰ হােৱা বুলি জানিব পাৰি বৰ দুখ মনেৰে ঘৰলৈ গুচি গ’ল। বৃহস্পতি গুৰু মনে মনে ঘৰলৈ গুচি যােৱাৰ পাছত ইন্দ্ৰৰ মনলৈ চেতনা আহিল ।


ইন্দ্রই বুজি পালে যে তেওঁ গুৰুক অৱহেলা কৰি ভাল কাম কৰা নাই। কাৰণ বৃহস্পতি গুৰুৱে সদায় দেৱতাসকলৰ হিতৰ কাৰণেহে কাম কৰি থাকে। তেনে এজন হিতকাৰী গুৰুক অপমান কৰি ইন্দ্ৰৰ অনুশােচনা জাগিল। দেৱৰাজ ইন্দ্রই নিজৰ ভুলৰ কথা সুঁৱৰি বৃহস্পতি গুৰুৰ ঘৰলৈ যােৱাৰ কথা ভাবিলে। এই বিষয়ে তেওঁ আন আন দেৱতাসকলৰ লগতে আলােচনা কৰিলে। দেৱতাসকলে ক্ষমা খুজিবলৈ বৃহস্পতি গুৰুৰ ঘৰলৈ যাবলৈ ওলাল। 


দেৱতাসকল বৃহস্পতি গুৰুৰ ঘৰ পালেগৈ। বৃহস্পতি গুৰুৱে দেৱতাসকল তেওঁৰ ওচৰলৈ যােৱা বুলি জানিব পাৰি ঘৰৰ পৰা অন্তর্ধান হ’ল। ইন্দ্র আদি দেৱতাসকলে গুৰুক ঘৰত লগ নাপাই বৰ বেজাৰ মনেৰে ঘৰলৈ গুচি আহিল ইন্দ্ৰই বুজিব পাৰিলে যে গুৰুৱে তেওঁলােকক এৰিলে। গুৰু এৰা দিয়াত তেওঁলােকৰ নানা আহুকাল আৰু বিপদ-বিঘিনি হ’ব পাৰে বুলি তেওঁৰ অন্তৰত নানা ধৰণৰ চিন্তাই ঝুমুৰি দি উঠিল। দেৱৰাজ ইন্দ্ৰই বৰ দুখত দিন কটাব ধৰিলে। লাহে লাহে দেৱতাসকলৰ দুখৰ দিন ওচৰ চাপি আহিল।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.