কৰ্কট ৰােগৰ সঙ্কেত,লক্ষণ,চিকিৎসা,প্ৰতিৰােধৰ উপায়,cancer treatment therapy

কৰ্কট ৰােগ কি_কেন্চাৰৰ লক্ষণ,সঙ্কেত,কাৰণ,চিকিৎসা,প্ৰতিৰােধৰ উপায়_all about cancer  treatment, symptoms and cancer disease therapy, precautions in Assamese language

কৰ্কট ৰােগ_কৰ্কট ৰােগে শৰীৰৰ কি ধৰণে ক্ষতি কৰে_সঙ্কেত হিচাপে জানিব পৰা কৰ্কট ৰােগৰ কাৰণ_কৰ্কট ৰােগৰ লগত জড়িত বহু জানিবলগীয়া তথ্য_all about cancer  treatment therapy
কৰ্কট ৰোগ




কৰ্কট ৰােগ কি||কৰ্কট ৰােগে শৰীৰৰ কি ধৰণে ক্ষতি কৰে||সঙ্কেত হিচাপে জানিব পৰা কৰ্কট ৰােগৰ কাৰণ||কৰ্কট ৰােগৰ লগত জড়িত বহু জানিবলগীয়া তথ্য||কৰ্কট ৰােগ  হলে কি কি নীতি নিয়ম মানি চলা উচিত।। কেন্চাৰৰ নিৰাময়


কর্কট (cancer) ৰােগ অতি পুৰণি দিনৰ পৰা মানৱ সমাজত হৈ থকা ৰােগ। ইয়াৰ সংস্কৃত নামাে কৰ্কট ৰােগ। ইংৰাজীত ইয়াৰ নাম কেনচাৰ। কেনচাৰ লেটিন শব্দ, ইয়াৰ অর্থ- ক্ৰেৱ (crab) মানে কেঁকোৰা (বা, কুটিল)। ইয়াৰ অন্য মেডিকেল নাম কাৰ্চিনমা (carcinoma) এটা গ্রীক শব্দ। কর্কট ৰােগ মানৱ শৰীৰত কিছুমান মাংসপেশীৰ অনুৰূপ টেমুনা। দেখাত যি ঠাইত হৈছে তাৰে মাংসপেশীৰ দৰে। কিন্তু ই মাংসপেশীৰ দৰে শৰীৰৰ আৱশ্যকীয় কোনাে কাম নকৰে। বৰং যি ঠাইত হৈছে সেই মাংসপেশীৰ ক্ষতি কৰি ই বাঢ়ে। মনত ৰাখিবলগীয়া কথা হৈছে যে টেমুনা হলেই কৰ্কট ৰােগ বুলি ভাবিব নালাগে। সকলাে টেমুনাই কৰ্কট ৰােগ নহয়। 


কিন্তু কৰ্কট (cancer) ৰােগ হলে টেমুনা হৈয়ে হয়। কর্কট এবিধ অস্বাভাৱিক, ক্ষতিকাৰক নতুনকৈ হ'ব ধৰা টেমুনা (neoplasm)। জৈৱিক লক্ষণ আৰু ক্লিনিকেল অন্বেষণ অনুসৰি কৰ্কট ৰোগ ১০০ বিধমান আছে। কিন্তু এইবােৰক প্ৰধানকৈ দুভাগত বিভক্ত কৰি বিচাৰ কৰা হয়; কাৰ্চিনমা (carcinoma) আৰু চাৰকমা (sarcoma)। কাৰ্চিনমা হৈছে এটা নতুনকৈ উৎপন্ন হােৱা, শৰীৰৰ বাহিৰৰ অংশৰ সৈতে বিয়পি থকা অথবা শৰীৰৰ ভিতৰৰাে ফোঁপােলা অঙ্গৰ বাহিৰৰ অংশৰ মাংসপেশী উফন্দি উঠা এক ধৰণৰ টেমুনা। ই মাংসপেশীবােৰক ৰােগগ্রস্ত কৰি পেলায় আৰু ওচৰৰ চাৰিওফালৰ মাংসৰ আঁহবােৰৰ মাজেৰে লাহে লাহে বিয়পি থাকি সেই মাংসপেশীবােৰকো ৰুগীয়া কৰি তােলে। ইয়াৰ ৰােগকাৰক বীজাণু দেখা টেমুনাৰ পৰা বহুত দূৰলৈ বিয়পি থাকে। 


মানুহৰ আদিস্তৰ হৈছে ভ্রণ। ভ্ৰণত তিনিটা মূল বস্তু থাকে। তাৰ পৰাই মানুহৰ অস্থি, মাংস, নাড়ী-ভঁৰু তেজ আদিৰ উৎপন্ন হয়। সেইবােৰ হৈছে, একটোডার্ম, এনটোডার্ম আৰু মেজোডার্ম। চাৰকমা হৈছে এই মেজোডার্ম মূলবস্তুৰ পৰা উদ্ভুত এবিধ ক্ষতিকাৰক টেমুনা। 


আৰম্ভ হােৱা ঠাইৰ পৰা বহুদূৰলৈ ক্ষতিকাৰক টেমুনা আগবাঢ়ি যােৱাৰ যিটো পদ্ধতি, ই তেজৰ সোঁতৰ সৈতে, তৰল পদার্থবাহিকা নাড়ীৰ মাজেৰে (lymphatic system) আৰু শৰীৰৰ আভ্যন্তৰীণ সুৰুঙাবােৰেৰে (across body cavities) বিস্তাৰিত হয় আৰু দেখা দিয়া টেমুনাৰ পৰা দূৰত, বিশেষজ্ঞসকলেহে ধৰিব পৰা ধৰণৰ টেমুনাৰ (secondary  tumours) সৃষ্টি কৰে। কর্কট ৰােগ যিকোনাে বয়সতে হ'ব পাৰে। কিন্তু সাধাৰণতে ৪০ বছৰ বয়সৰ পাছত হােৱাই দেখা যায়। 


কৰ্কট ৰােগ||কৰ্কট ৰােগে শৰীৰৰ কি ধৰণে ক্ষতি কৰে||সঙ্কেত হিচাপে জানিব পৰা কৰ্কট ৰােগৰ কাৰণ||কৰ্কট ৰােগৰ লগত জড়িত বহু জানিবলগীয়া তথ্য||কৰ্কট ৰােগ হলে কি কি নীতি নিয়ম মানি চলা উচিত। । কেন্চাৰৰ চিকিৎসা


জীৱবােৰৰ উৎপত্তি আৰু বাঢ়নৰ নিয়ম অনুসৰি জীৱৰ শৰীৰৰ কোষবােৰ, টিস্যুবােৰ (মাংসপেশী) তেজৰ কণিকাবােৰ, তেজৰ কাঁহীৰ দৰে চেপেটা কণিকা (প্লেটলেট) বােৰ আকাৰত ডাঙৰ হৈ, আকৌ দুভাগত বিভক্ত হৈ সংখ্যাটো বাঢ়ি থাকে। যাৰ ফলত জন্মৰ সময়ৰ অকণমানি পােৱালি এটা পাছলৈ বিপুল আকাৰৰ হয়গৈ। আচলতে কোষ ভাগি দুভাগ হােৱাৰ যিটো নিয়ম, সেই নিয়ম মতে এটা কোষ দুভাগ হােৱাৰ পাছত তাৰ এটা ভাগ নাভাগে আৰু স্থায়ীভাৱে ৰৈ যায়। বাকীটো ফাল আকৌ দুভাগ হয়। তাৰাে এটা ফাল স্থায়ীভাৱে ৰৈ যায় আৰু বাকীটো ফালে আকৌ দুভাগ হয়। এই নিয়মত কোষবােৰ বিভাজন হৈ হৈ শৰীৰটো বঢ়াই নি থাকে। এই হিচাপত কোষ বিভাজনতাে কিছু পৰিমাণে (এটা অংশত) বাধ্যবাধকতা আছে। কিন্তু কৰ্কট ৰােগৰ ক্ষেত্ৰত কোষ বিভাজন আৰু বৃদ্ধিত (সংখ্যাত) কোনাে বাধা নাথাকে। অর্থাৎ বিভাজন এবাৰ হােৱাৰ পাছত দুয়ােটা ভাগেই আকৌ দুভাগ দুভাগ হয় আৰু আক্রান্ত ঠাইৰ টেমুনাটো ডাঙৰ হৈ থাকে। 


কৰ্কট ৰােগ||কৰ্কট ৰােগে শৰীৰৰ কি ধৰণে ক্ষতি কৰে||সঙ্কেত হিচাপে জানিব পৰা কৰ্কট ৰােগৰ কাৰণ||কৰ্কট ৰােগৰ লগত জড়িত বহু জানিবলগীয়া তথ্য|| কি কি নীতি নিয়ম মানি চলা উচিত। । কেন্চাৰৰ লক্ষণ

সঙ্কেত হিচাপে জানিব পৰা কৰ্কট ৰােগৰ কাৰণ : 


আজিৰ চিকিৎসা জগতত ৰােগৰ কাৰণ আৰু চিকিৎসাৰ ব্যৱস্থা সম্পর্কে জানিবলৈ অত্যাধুনিক যন্ত্রপাতি আৰু প্ৰযুক্তি কৌশলৰ আৱিষ্কাৰ হৈছে। ৰােগৰ পৰা আৰােগ্য লাভৰ ক্ষেত্রত প্রায় নিশ্চিত হ’ব পৰা হৈছে। কৰ্কট ৰােগৰ টেমুনা কিয় হয়, কিয় তেনেকৈ বাধাহীনভাৱে কোষবােৰ বিভাজন হয় আৰু ৰুগীয়া হৈ কোষবােৰ মৰি যায়, জানিব পৰা হােৱা নাই আৰু তাৰ কাৰণেই কৰ্কট ৰােগৰ আৰােগ্যৰ পথ নিশ্চিত হােৱা নাই। কিন্তু চিকিৎসক-গৱেষক কিছুমানৰ উচৰ্গাকৃত জীৱনৰ সাধনা আৰু পৰিশ্ৰমৰ  ফলত কিছুমান সঙ্কেতজ্ঞাপক কাৰণৰ উদ্ভাৱন হৈছে। এইবােৰ ৰাসায়নিক, যান্ত্রিক, পাৰিপাৰ্শিক। আৰু ৰােগকাৰক বীজাণু ভাইৰাচৰ পৰা কৰ্কট ৰােগ হয় বুলি ধাৰণা কৰা হৈছে। কর্কট ৰোগ হয়নে নহয় খাটাংকৈ জনাৰ উপায় হৈছে “বায়’পচি পৰীক্ষা। আক্রান্ত ঠাইৰ পৰা অকণমান মাংস কাটি নি পৰীক্ষা কৰা হয়। 


ৰোগী এজন আৰােগ্য হব নে নহয় নিৰ্ভৰ কৰে ৰােগ কিমান বাঢ়িছে তাৰ ওপৰত। সাধাৰণতে লােৱা চিকিৎসাৰ ব্যৱস্থাবােৰ হৈছে, অপাৰেচন, ৰঞ্জনৰশ্মিৰ চিকিৎসা (x-rays, beta rays, gamma rays radiation)  ৰসায়ন চিকিৎসা, হৰম'ন চিকিৎসা বা এন্ড'ক্ৰাইন থেৰাপি, ইমমুন’ থেৰাপি আৰু এন্টিবায়টিক। বিশ্বাস কৰা হয় যে আৰম্ভণিতে জানি চিকিৎসা কৰিলে কৰ্কট ৰােগীক আৰােগ্য কৰিব পাৰি। কৰ্কট ৰােগৰ আগজাননী হিচাপে ৭ বিধ সঙ্কেতৰ ওপৰত নিৰ্ভৰ কৰা দেখা যায়। সেইবােৰ হৈছে- 

১। শৌচ-প্ৰস্ৰাৱৰ ধাৰাবাহিক নিয়মৰ পৰিবর্তন। 


২। গলত ছাল যােৱা ধৰণৰ অসুখ কিন্তু আৰােগ্য নহয়। 


৩। অস্বাভাৱিক ৰক্তক্ষৰণ। 


৪। শৰীৰৰ স্তনত বা যিকোনাে ঠাইত মাংসপেশী ডাঠ হৈ উখহি উঠা। 


৫। খােৱাবস্তু গিলিবলৈ অসুবিধা পােরা। 


৬। হঠাৎ শৰীৰৰ কাঠ আচিনাই, তিল আদি দাগৰ কোনাে পৰিবর্তন হােৱা। 


৭। বিৰক্ত কৰি থকা কাহ বা মাত ভাগি যােৱা অৱস্থা হােৱা। 


কৰ্কট ৰােগ||কৰ্কট ৰােগে শৰীৰৰ কি ধৰণে ক্ষতি কৰে||সঙ্কেত হিচাপে জানিব পৰা কৰ্কট ৰােগৰ কাৰণ||কৰ্কট ৰােগৰ লগত জড়িত বহু জানিবলগীয়া তথ্য|| কি কি নীতি নিয়ম মানি চলা উচিত

কৰ্কট ৰােগে শৰীৰৰ কি ধৰণে ক্ষতি কৰে:


কৰ্কট ৰােগৰ বিশেষভাৱে নির্দিষ্ট কাৰণ যদিও নির্ধাৰিত হােৱা নাই, ডাঃ নৰমান বাৰকাৰ, এম.ডি.য়ে অস্বাস্থ্যকৰ জীৱনযাপনৰ ফলতেই এই ৰােগ হয় বুলি কৈছে। মেক্সিক'ৰ অধ্যাপক আদিলেচে কয়, ৯৯% ৰােগীয়েই শৌচ কচা অসুখত ভুগী থকা লােক। শৌচ কচাৰ প্রকোপ যিমানেই বেছি কাৰচিন মাও সিমানেই অধিক হােৱাৰ সম্ভাৱনা থাকে। বহুবােৰ পৰীক্ষা নিৰীক্ষাৰ পাছত দেখা গৈছে যে কৰ্কট ৰােগীৰ তেজ আৰু প্ৰস্ৰাৱত বিকৃতাৱস্থা বিশেষভাৱে দেখা যায়। প্রস্রাৱত ক্লৰাইড আৰু ফচফেট নাথাকে। ইফালে কার্বনেট অধিক পৰিমাণে থাকে। তেনেকৈ তেজ পৰীক্ষা কৰিলে দেখা যায়- ফচফেট, ক্ল'ৰাইড, আৰ বি.চি, অক্সিহিমগ্লবিন বহুত কম থাকে কিন্তু কার্বনেট বহুত বাঢ়ি যায়। সেই হিচাপে দেখা যায়, কর্কট ৰােগ হােৱাৰ সৈতে শৰীৰৰ খনিজ লােণ আৰু অম্লজানৰ ঘনিষ্ঠ সম্বন্ধ আছে।


বহুদিনৰ  বেছিকৈ নিমখ খােৱাৰ অভ্যাস আৰু চডিয়াম বাইকার্বনেট, চডিয়াম ছালফেট খাদ্যবস্তু তৈয়াৰ কৰোঁতে আৰু সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰি সেই খাদ্যবস্তু খাই থকা অভ্যাসৰ ফলত কৰ্কট ৰােগ হােৱাৰ সম্ভাৱনা বাঢ়ি যায়। Dr. E.H. Smalpage এ কৈছে যে অধিক কার্বনেট কৰ্কট ৰােগৰ আহ্বায়ক হৈ থাকে। তেনে অৱস্থাত প্রাকৃতিক খাদ্য খায় আৰু হােমিঅ'পেথিক ঔষধ খাই শুধৰাব লাগে। অর্থাৎ শৰীৰৰ কার্বনেট কমাব লাগে। শৰীৰৰ অঙ্গ-প্রত্যঙ্গ, মাংসপেশী, মাংসপেশীৰ তৰল পদার্থবােৰ সকলােতে যাতে অক্সিজেন বৃদ্ধি হয় তাৰ বাবে পটাচিয়াম যথেষ্টভাৱে পাই থকা আৱশ্যক। পটাচ্ এন্টিচেণ্টিক (পচনৰােধক) আৰু আৰােগ্যদায়ক। 


কৰ্কট ৰােগ||কৰ্কট ৰােগে শৰীৰৰ কি ধৰণে ক্ষতি কৰে||সঙ্কেত হিচাপে জানিব পৰা কৰ্কট ৰােগৰ কাৰণ||কৰ্কট ৰােগৰ লগত জড়িত বহু জানিবলগীয়া তথ্য|| কি কি নীতি নিয়ম মানি চলা উচিত

কৰ্কট ৰােগৰ অন্যান্য চিকিৎসা আৰু প্ৰতিৰােধৰ উপায়:


কর্কট ৰােগত মৃত্যু হয় বুলিয়ে যদিও ভবা হয় Dr. Hastings Cliford এ বহুত ৰােগীক আৰােগ্য কৰিবলৈ সক্ষম হৈছিল। তেওঁ মানুহক প্রাকৃতিক পৰিবেশত জীৱন-যাপন কৰিবলৈ উপদেশ দিছে। প্ৰদূষণমুক্ত বায়ুমণ্ডল, অকৃত্রিম প্রাকৃতিক আৰু অধিক পৰিমাণে খনিজ লােণযুক্ত খাদ্য মানৱদেহৰ বাবে অতি আৱশ্যক আৰু তেনে পৰিবেশত থাকিবলৈ তেওঁ উপদেশ দিছে। তেওঁ আৰু কৈছে যে বেছি ৰক্তক্ষৰণ আৰু লঘােণে থকাৰ ফলতাে “কেনচাৰা গ্র’থ’ নহয়। লঘােণে থাকিলে শৰীৰৰ বিষাক্ত বস্তু (toxicity) কমি যায়। সেইকাৰণে ভাল মানুহৰ দৰে কেনচাৰ ৰােগীয়ে বেছিকৈ একো খাব নালাগে। মাজে মাজে লঘােণ দিয়া ভাল। J.w. Armstrong-এ লিখা তেওঁৰ কিতাপ The Water of Life-ত কৈছে যে তেওঁ মহিলাৰ বুকুৰ (স্তনৰ) কেনচাৰ ৰােগীক লঘােণ দিয়াই (সঘনে) আৰু ৰােগীৰ নিজৰ প্ৰস্ৰাৱ নিয়মিতভাৱে খুৱাই আৰােগ্য কৰিছে। স্বমূত্র আমাৰ ভাৰতৰ ঋষি- মুনিসকলেও আৰােগ্যদায়ক বুলি কৈছে। মােৰাৰজী দেশাই মহােদয়ে (এসময়ৰ ভাৰতৰ প্রধানমন্ত্রী আৰু ভাৰতীয় সংস্কৃতিত বিশ্বাসী) প্রতিদিনে ১৯০ ৰ পৰা ২২৭ মিলিলিটাৰ স্বমূত্র সেৱন কৰি নিজকে বহু ৰােগৰ পৰা আৰােগ্য কৰি ৰখা বুলি তেখেতে নিজে কৈ গৈছে। (শৌচ কচা ৰােগতো চাওক)। 


বিকল্প চিকিৎসাত বিশ্বাসীসকলে শৰীৰবিষয়ক চিকিৎসা (constitutional treatment) ৰ কথা চিন্তা কৰে। যিকোনাে প্রাণ থকা বস্তুৰ স্বাস্থ্য ইয়াৰ শৰীৰৰ কোষবিলাকৰ জৈৱ-চুম্বক আৰু জৈৱ-ৰসায়নৰ স্থায়িত্বৰ ওপৰত নিৰ্ভৰ কৰে। কোষবােৰৰ ক্ৰম'জ'ম (দ্বিতীয় অধ্যায়ৰ বংশগত ৰােগত চাওক) বােৰে কোষৰ চুম্বক আৰু ৰসায়নৰ কার্যপদ্ধতি নির্ধাৰণ কৰে। ক্রম'জ'মত থকা জিন, যিয়ে টেমুনাৰ সৃষ্টি কৰিব পাৰে তাক অনক'জেন (oncogenes) বােলে। যেতিয়ালৈ কোবৰ কেন্দ্ৰস্থিত মূল বস্তুত জৈৱ-ৰসায়ন আৰু জৈৱ-চুম্বকৰ কাম ঠিকভাৱে চলি থাকে, এই অনক’জেনবােৰে কোনাে অসুবিধা কৰিব নােৱাৰে, আৰু ক্রম'জ'মবােৰৰ গঠন প্রক্রিয়াত কোনাে পৰিবর্তন নহয়। সকলাে ৰােগৰ বহির্লক্ষণবােৰ কিছুমান বিশেষ ধৰণৰ কোষৰ জৈৱ-চুম্বকৰ কর্মপদ্ধতিত হােৱা বিশৃঙ্খলতাৰেই ফল। জৈর- চুম্বক আৰু জৈৱ ৰসায়ন কার্যপদ্ধতিত খেলিমেলি লাগিলে, সমতা ৰক্ষা নপৰিলে, সেই নির্দিষ্ট ঠাইৰ জৈৱ-কোষবােৰে ৰােগৰ বাবে অনুকূল অৱস্থাৰ সৃষ্টি কৰে। 


কৰ্কট ৰােগ||কৰ্কট ৰােগে শৰীৰৰ কি ধৰণে ক্ষতি কৰে||সঙ্কেত হিচাপে জানিব পৰা কৰ্কট ৰােগৰ কাৰণ||কৰ্কট ৰােগৰ লগত জড়িত বহু জানিবলগীয়া তথ্য|| কি কি নীতি নিয়ম মানি চলা উচিত


Dr. Albert Roy-এ Devis Green Cove Spring আৰু Florida ত কেনচাৰ ৰােগত চুম্বক চিকিৎসাৰ প্ৰভাৱ জানিবলৈ সুদীর্ঘ ১৮ বছৰ গবেষণা চলাইছিল আৰু ৯০৭ ৰােগীৰে কৰ্কট ৰােগ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছিল বুলি কৈছে। কানপুৰৰ (উত্তৰপ্ৰদেশৰ) ডাঃ এন.এল. সিনহাই Electro Complex Homoeopathic Medicine ৰ এখন কেনচাৰ হাস্পতাল খুলি কেনচাৰ ৰােগীক চিকিৎসা কৰিছিল। Dr. Elig Jones, কেনচাৰ চিকিৎসাৰ এজন অগ্রণী লােক, তেখেতে কৈছে কেনচাৰ দেখা দিয়া ঠাইতে হৈ থকা ৰােগ নহয় (not a local disease) আৰু নির্দিষ্ট কোনাে ঔষধেৰে চিকিৎসা কৰি ভাল কৰিব নােৱাৰি। ৰােগৰ লক্ষণ, কিমান দূৰলৈ বিয়পিছে আৰু ৰােগীৰ স্বাস্থ্যৰ কথালৈ লক্ষ্য ৰাখিহে ঔষধৰ নির্বাচন কৰিব লাগে। Dr. Schussler ৰ Cell Salt Theory মতে অনুসন্ধান চলাই Professor Leob এ প্রমাণ কৰিছে যে চডিয়াম, পটাচিয়াম আৰু কেলচিয়াম, শৰীৰৰ চলন্ত তৰল পদার্থবােৰত সমানুপাতিকভাৱে নাথাকিলে শৰীৰ মাংসপেশীবােৰৰ কোষবােৰ সােনকালে মৌলিক অংশত বিভক্ত হ’ব ধৰে। সেই হিচাপে কেনচাৰ ৰােগত বায়’কেমিক ঔষধে ৰােগীক সকাহ দিয়াৰ বহুত উদাহৰণ আছে। শৰীৰৰ কোষ বিভাজন হৈ শৰীৰ ডাঙৰ হৈ অহাৰ যি প্রাকৃতিক নিয়ম, সেই কর্মপদ্ধতিত বিশৃংখলতাৰ সৃষ্টি হােৱাৰ ফলতেই কেনচাৰ ৰােগ হয়। গতিকে নিয়মিত স্বাস্থ্য ৰক্ষাৰ বাবে, কেনচাৰ ৰােগ প্ৰতিৰােধ কৰাৰ বাবে সকলাে প্রাকৃতিক নিয়ম অৱলম্বন কৰিব লাগে। এই ক্ষেত্ৰত যােগ-চিকিৎসা ব্যৱস্থাও বিশেষভাৱে সহায়ক হয়। 


যােগাভ্যাস নিয়মিত মতে কৰিলে নিয়মিত স্বাস্থ্য অক্ষুন্ন থাকে আৰু কেনচাৰ বােগ নহয়। গুৱাহাটীৰ উমাচল যােগাশ্ৰমৰ স্বামী স্বর্গীয় শিৱানন্দ সৰস্বতী মহাৰাজে কেনচাৰ ৰােগৰ পৰা আৰােগ্য লাভৰ বাবে বহুত উপদেশ দি গৈছে। তেখেতে ৰােগীক নিয়মিতভাৱে শৱাসন, সর্বাঙ্গাসন, প্রাণায়াম আৰু ভ্ৰমণ প্রাণায়ামৰ অভ্যাস কৰিবলৈ কৈছে। প্রতিদিনত যথেষ্ট পানী, কমেও ৮ গিলাচ খাবলৈ কৈছে। খাদ্যৰ প্রতি বিশেষভাৱে যত্নপৰায়ণ হ'বলৈ কৈছে। খাদ্যত সদায় নেমুটেঙাৰ ৰস, সেউজীয়া শাক-পাচলি থাকিব লাগে। মাজে মাজে লঘােণ দিব লাগে আৰু কেনচাৰ ৰােগীয়ে তােক নালাগিলে একোকে খাব নালাগে। তেখেতে কৈছে এই নিয়ম পালন কৰিলে কেনচাৰ ৰােগী আৰােগ্য হ’ব। এইবােৰ যৌগিক আসন আৰু ক্ৰিয়াৰ লগতে স্বমূত্র সেৱন (২০ মিঃলিঃ প্রতিদিনে ৰাতিপুৱা খালী পেটত) কৰিলে বিশেষ ফলদায়ক হব। 


বিশেষজ্ঞসকলে আৰু কিছুমান বদ অভ্যাস ত্যাগ কৰিবলৈ কৈছে। খুব গৰম চাই, ভাত আদি খাদ্য কেতিয়াও নাখাব। তামােল-পাণ, চুফাৰি-পাণ খােৱা আৰু চাধা-ফুণ মােহাৰি মুখত সােমাই থােৱা বা দাঁতৰ গুৰিত লগাই থােৱা অভ্যাস নকৰিব, থাকিলে এৰি দিব। চিগাৰেট, বিড়ি আদি নাখাব। খােৱা মানুহৰ, খাই থকাৰ সময়ত ওচৰলৈ নাযাব। চিগাৰেট- বিড়িৰ গােন্ধ নাকত সােমালেও খােৱাৰ দৰেই অন্যায় হয়। এইবােৰ বদ অভ্যাসৰ পৰা পােৱা আনন্দতকৈ ই শৰীৰৰ বেছি ক্ষতিকাৰক। এইবােৰৰ পৰা কেনচাৰ হৈ জীৱন দুখময় হৈ পৰাৰ সম্ভাৱনা থাকে।


কৰ্কট ৰােগ কি_কেন্চাৰ ৰোগ-কৰ্কট ৰােগে শৰীৰৰ কি ধৰণে ক্ষতি কৰে_কৰ্কট ৰােগৰ লক্ষণ,সঙ্কেত হিচাপে জানিব পৰা কৰ্কট ৰােগৰ কাৰণ_কৰ্কট ৰােগৰ লগত জড়িত বহু জানিবলগীয়া তথ্য_কৰ্কট ৰােগৰ অন্যান্য চিকিৎসা আৰু প্ৰতিৰােধৰ উপায়_all about cancer treatment, symptoms and cancer disease therapy, precautions in Assamese language


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.