মনালিছা ছবিখন কোনে অঁকা।।লিঅনার্ড দা ভিন্সি।।Leonardo da Vinci

মনালিছা ছবিখন কোনে অঁকা।।লিঅনার্ড দা ভিন্সি The most famous painting Monalisa by Leonardo da Vinci
মনালিছা

মনালিছা ছবিখন কোনে অঁকা।।লিঅনার্ড দা ভিন্সি
The most famous painting Monalisa by Leonardo da Vinci





লনিকৈ মুখখনি, দুটি নীলা চকু, পাবুলি পাবুলি আঙুলিৰে সোঁহাতখন আৰু মুখত ভুবন ভুলােৱা হাঁহি, এয়ে মনালিছা। পৃথিৱীৰ বিখ্যাত ছবিকেইখনৰ ভিতৰত মনালিছা ছবিখনাে এখন। স্মৃতিৰ বুকুত ৰৈ যােৱা এই ছবিখন কোন শিল্পীৰ হাতৰ তুলিকাৰ পৰশ লাগি সজীৱ হৈ উঠিছিল? 


মনালিছাৰ দৰে ধুনীয়া মুখ, দুবাহুলৈকে বৈ পৰা কেঁকোৰা সােণালী চুলি, কার্তিক হেন সুঠাম দেহা, মুখত মধুৰ হাঁহি আৰু সুন্দৰ মাতটিৰে সৈতে এই ডেকা শিল্পীজন আছিল লিঅ'নার্ড দা ভিন্সি। ফ্লোৰেঞ্চ চহৰত জন্ম লভি লিঅ'নার্ডে হাতৰ তুলিকাৰে ফ্লোৰেঞ্চ চহৰ সজীৱ কৰি তুলিলে, লগে লগে সজীৱ কৰি তুলিলে গােটেই পৃথিৱীখনকে। শিল্পীৰ কলা সাধনাই প্রাণ পালে মানৱ জাতিৰ অনুপ্ৰেৰণাত। 


লিঅনার্ড অকল সুকুমাৰ শিল্পীয়েই নাছিল। কলা সাধনাতেই কেৱল তেওঁৰ জানাে গুণ গৰিমা প্রকাশ পাইছিল ? সুকুমাৰ কলাৰ সাধক হিচাপে তেওঁ আছিল গায়ক, শিল্পী, ভাস্কৰ আৰু কবি। ইয়াৰ উপৰি, য'তেই বুদ্ধিৰ বিকাশৰ থল, জীৱনৰ সাধনাৰ আৱশ্যক, তাতেই আছিল লিঅ'নার্ড। 


বুদ্ধিৰ বিকাশৰ থলিত তেওঁ আছিল দার্শনিক, ইঞ্জিনিয়াৰ আৰু বিভিন্ন ক্ষেত্ৰৰ বৈজ্ঞানিক। কলা সাধনাৰ পৰা আৰম্ভ কৰি বিজ্ঞানৰ গৱেষণালৈকে একেজন মানুহৰ গাতে সকলাে গুণ থকা মানৱ জীৱনৰ ইতিহাসত বিৰল। ইতিহাসত উদাহৰণ বিৰল হলেও লিঅ'নাৰ্ডৰ জীৱনত এই সকলােবিলাক গুণৰেই সমাবেশ হৈছিল। 


পৃথিৱীত যুগে যুগে বৈজ্ঞানিকৰ জন্ম হৈছে, কলা-সাধকৰাে জন্ম হৈছে; কিন্তু দুয়ােবিধ সমানে খ্যাতি অর্জা পুৰুষ লিঅ'নাৰ্ডৰ দৰে দুই এজনকহে চিৰকলীয়া পৃথিৱীখনে দেখিছে। এই খ্যাতিসম্পন্ন পুৰুষৰ জন্ম হয় ফ্লোৰেঞ্চ চহৰত ১৪৫২ চনত। সেই সময়ত ফ্রোঞ্চে চহৰত নৱন্যাস যুগৰ জোৰ বাঁতি দাঙি ধৰি পৃথিৱীৰ বুকুত ফ্লোঞ্চেৰ নাম জিলিকাই তােলাসকলৰ ভিতৰত লিঅ'নার্ড দা ভিন্সি অন্যতম। 


বিখ্যাত কলাকাৰ লিঅ'নাৰ্ডৰ জীৱনৰ সোঁৱৰণি সহজ নাছিল। সমাজৰ কঠোৰ দৃষ্টিৰ ফালৰ পৰা চালে তেওঁৰ জীৱনৰ বুৰঞ্জীত কেৰােণ আছিল। লিঅ'নাৰ্ডৰ বাপেক আছিল ফ্লোৰেঞ্চৰ বিখ্যাত উকীল এণ্টনিঅ’ দা ভিন্সি, কিন্তু মাক? মাক, লিঅ'নাৰ্ডৰ মাক হলেও এণ্টনিঅ'ৰ আইনতঃ পত্নী নাছিল। আইনতঃ মাক নােহােৱাৰ কাৰণেই নেকি লিঅনার্ড ডাঙৰ নৌ হওঁতেই তেওঁৰ মাক কাথৰিনাই অন্য এজনৰ লগত ঘৰ-সংসাৰ আৰম্ভ কৰি দিলে। মাকৰ লালন-পালনতকৈ লিঅনার্ড ডাঙৰ দীঘল হয় বাপেকৰ লালন-পালন আৰু মৰমত। মাকৰ অৱহেলিত ল’ৰাটোৱে স্কুলত দিয়াৰ লগে লগে ভৱিষ্যৎ উজ্জ্বল জীৱনৰ পৰিচয় দিছিল। 


সৰুকৈ ধুনীয়া লৰাটি, মুখত ইটালিয়ান গীতৰ সুৰ, হাতত ৰূপৰ বাঁহীটি। এয়া হ’ল সুকুমাৰ কলাৰ সাধক লিঅ'নাৰ্ভৰ জীৱনৰ জয়যাত্ৰাৰ প্রথম সােপান। বিজ্ঞানৰ সাধক লিঅ'নাৰ্ডৰ পৰিচয়াে সৰুতে দিয়া নাছিল জানাে? পৰিচয় নিশ্চয় দিছিল—নহলেনাে ইটো অংকৰ পিছত সিটো অংক চকুৰ পচাৰতে নির্ভুলকৈ কৰি শ্ৰেণীত শিক্ষককো সন্দেহত পেলাইনে? অংক কৰা এই চোকা লৰাটিলৈ শিক্ষকৰাে ভয়, জানােচা বুজোৱাত ক'ৰবাত ভুল ধৰে ! 


সুকুমাৰ সূক্ষ্ম অনুভূতি আৰু বিজ্ঞানৰ কঠোৰতা এই দুয়ােবিধ ভাবধাৰাই লিঅ'নাৰ্ডৰ মনত বিকাশৰ সুবিধা পায়। পাল তৰি দিয়া নাওখন বতাহৰ সহায়ত নৈৰ বুকুত পাৰি দিয়াৰ দৰে লিঅ'নাৰ্ডৰাে কলাসম্পন্ন মনটো কলা-সাধনাৰ বহল বুকুত পাৰি দিলে বাপেকৰ অনুপ্ৰেৰণাৰ সহায়ত। হােৱাই নােহােৱাই ছবি আঁকি, পুতলা সাজি সময় নিওৱা সৰু লৰা লিঅ'নার্ডটোক বাপেকে ফ্লোঞ্চেৰ ভেৰচিঅ' নামে এজন কলাসাধকৰ তত্ত্বাৱধানত থৈ দিলে। 


সৰু শিল্পীৰ সন্ধানী মন, সাধক ভেৰচিঅ'ৰ উৎসাহ-উদ্দীপনাত সাধনাৰ পথত আগ বাঢ়িল। ভেৰচিঅ'ৰ তলত থাকোতে থাকোতেই লিঅনার্ডে ‘দি ফল’ আৰু ‘মেডুচা’ নামে দুখন ছবি আঁকে। এই দুয়ােখন ছবিৰ যােগেদি ডেকা লিঅ'নার্ডে প্রকৃত সুকুমাৰ মনৰ পৰিচয় দিয়ে। ইয়াৰ উপৰি ভাস্কৰ হিচাপে নানান মূর্তি তেওঁ তৈয়াৰ কৰে। 


বয়স বঢ়াৰ লগে লগে লিঅনার্ডে স্বাধীনভাৱে নিজৰ মনৰ ভাবধাৰা প্রকাশ কৰিবলৈ ইচ্ছা কৰিলে। ফ্লোঞ্চেৰ শিল্পীসকলৰ পুৰণি ঢং, কলা সাধনাৰ পুৰণি ৰীতি- নীতি সকলাে বিসর্জন দি তেওঁ এই ক্ষেত্ৰত নতুন বাট ল'লে। জয়জয়তে তেওঁ ছাঁ আৰু পােহৰৰ প্রতিক্রিয়া সম্পর্কে চিন্তা কৰি ছবিত তাৰ ব্যৱহাৰ কৰিছিল। অকল ইয়াতে ক্ষান্ত নাথাকি তেওঁ ছাঁ আৰু পােহৰ আৰু তাৰ লগত চকুৰ সম্বন্ধ সম্পর্কীয় বিজ্ঞানৰ ফালটোও অধ্যয়ন কৰিছিল। 


জীৱনৰ চল্লিশ বছৰে কলা সাধনাৰ লগে লগে শৰীৰৰ আংগিক চালনা, উদ্ভিদৰ প্ৰাণ আদি সম্পর্কেও লিঅ'নার্ডে গৱেষণা কৰিছিল। জীৱনৰ এই চল্লিশ বছৰত একেধাৰে তেওঁ আছিল সুকুমাৰ কলা-সাধক আৰু বৈজ্ঞানিক। নিজৰ বিকাশৰ ক্ষেত্ৰ বিচাৰি লিঅনার্ডে মিলান চহৰ ওলালগৈ। সেই সময়ত শিল্পী লিঅনাৰ্ভৰ হাতত সমল আছিল তেওঁ নিজে সজা ঘোঁৰাৰ মূৰৰ আকৃতিৰ এটা ৰূপৰ বাঁহী। এই বাঁহীৰেই তেওঁ এদিন মিলান চহৰৰ ডিউকৰ ৰাজসভাত গােট খােৱা বিখ্যাত বাহীবাদকসকলক পৰাজিত কৰে। লিঅ'নাৰ্ভৰ নাম মিলন চহৰত ৰৈ বৈ যায়। তেওঁৰ ওপৰত সন্তুষ্ট হৈ ডিউকে তেওঁক ৰাজসভাতে ৰাখিলে। তেতিয়াৰে পৰা ৰাজসভাত হ’ব লগা সকলাে উৎসৱৰে সভাপতিত্ব কৰে লিঅ'নার্ডে। 


ৰাজসভাত সন্মানিত অতিথি হিচাপে থাকি তেওঁ গীত, সাধুকথা আৰু হাস্যৰসৰ গল্প আদি ৰচনা কৰিবলৈ ধৰিলে। লিঅ'নাৰ্ডৰ উৰা মনে বিকাশৰ থল হিচাপে ল'লে ডিউকৰ ৰাজসভাকেই। এই ৰাজসভাতে থাকি তেওঁ জ্যামিতি, জ্যোতির্বিদ্যা, অংকশাস্ত্ৰ আদিৰ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। আজৰি সময়ত তেওঁ নানান মডেল তৈয়াৰ কৰে। কেইবাবছৰৰ যত্ন কৰি তেওঁ এটা ২৬ ফুট ওখ মূর্তি তৈয়াৰ কৰে। দা ভিন্সিৰ এই মূর্তি, মিলান চহৰ, ফৰাচীবিলাকৰ হাতত পৰাৰ লগে লগে ধ্বংস হৈ যায়। শিল্প সাধনাই সৈনিকৰ অন্তৰ স্পৰ্শ কৰিব নােৱাৰিলে। 


পৰিকল্পনা আৰু আঁচনিত লিঅ'নার্ড বৰ সিদ্ধহস্ত আছিল। প্লেগে যেতিয়া মিলান চহৰৰ জনসাধাৰণক মৃত্যুৰ মুখলৈ টানি নিলে, তেতিয়া লিঅনার্ডে স্বাস্থ্যকৰ নগৰৰ পৰিকল্পনা কৰি এখন ডাঙৰ আঁচনি ডিউকৰ গুৰিত দাঙি ধৰিছিল আৰু সেইমতে কামাে হৈছিল। ১৪৯৪ চনত লমবার্ড সমভূমিত পানী যােগানৰ ব্যৱস্থা হিচাপে লিঅ'নার্ডে জলসিঞ্চনৰ আঁচনি কৰে। 


মিলান চহৰত থাকোতে থাকোতেই তেওঁ যীশু খ্রীষ্টৰ ‘শেষ ভােজন’ নামে এখন ছবি অংকন কৰে। এই ছবিখনি এখন বেৰত অংকিত কৰা হৈছিল। যি ধৰণেৰে ইয়াক অংকন কৰিব লগীয়া আছিল, সেই ধৰণেৰে অংকন কৰা নহ'ল যদিও আৰু ৰঙৰ তিৰবিৰণি ক্ষণস্থায়ী হ’ল যদিও ‘শেষ ভােজন’ বিশ্বৰ বুকুত বিখ্যাত ছবিৰূপে জিলিকি উঠি লিঅ'নাৰ্ডৰ নাম মানুহৰ অন্তৰত অংকিত কৰিলে। লিঅ'নাৰ্ডৰ যশস্যা যেতিয়া চাৰিওপিনে ৰৈ ৰৈ গ'ল, নানা ঠাইৰ পৰা সুকুমাৰ শিল্পী আহি তেওঁৰ তলত শিক্ষা লাভ কৰিবলৈ ধৰিলে। শেষ ভােজন’ৰ পিছত তেওঁ তেওঁৰ ছাত্র এমব্রগিঅ'ৰ সৈতে লগ লাগি ‘শিলনিৰ কুমাৰী বুলি এখন ছবি আঁকে। তেওঁৰ এইখন ছবিও বিশ্ববিখ্যাত ছবিৰ শাৰীলৈ উঠিল। 


১৫০০ চনত শিল্পী লিঅ'নাৰ্ডৰ মনটো হঠাতে ভূগােল অধ্যয়নলৈ ঢাল খালে। তেওঁ মিলান এৰি নিজ চহৰ ফ্লোঞ্চেলৈ যাত্ৰা কৰিলে। তাত গৈ কাস্পিয়ান আৰু কৃষ্ণসাগৰৰ ঢৌ সম্পৰ্কীয় নানান প্রবন্ধ লেখিলে। দেশৰ পিছত দেশ ভ্রমণ কৰি তেওঁ চীফ ইঞ্জিনিয়াৰৰ পদত অধিষ্ঠিত হৈ ভৌগােলিক জ্ঞান অর্জন কৰি লৈ ছখন সুন্দৰ মেপ তৈয়াৰ কৰে। সেই মেপে আজিও উইণ্ডছৰৰ ৰয়েল লাইব্রেৰীত লিঅ'নাৰ্ভৰ কীর্তি জিলিকাই ৰাখিছে। ১৫০৪ আৰু ১৫০৫ চনৰ ভিতৰত লিঅ'নার্ডে ‘মনালিছা’ ছবিখনত হাত দিয়ে। বিশ্ববিখ্যাত মনালিছা’, ইয়াত ফুটি উঠা নাৰীমূর্তিয়ে লিঅ'নাৰ্ডৰ বিজয় কীর্তি আজিও সোঁৱৰায়। 


মনালিছাৰ মধুৰ হাঁহিও অমৰ আৰু লিঅ'নাৰ্ডৰ কীর্তিও অমৰ । লিঅনাৰ্ডৰ বহুমুখী প্রতিভাসম্পন্ন জীৱনৰ সমাপ্তি ঘটে ১৫১০ চনত। ইটালীৰ নৱ জাগৰণত লিঅনার্ডে নকৰিলে কি? সুকুমাৰ কলা সাধনাৰ লগে লগে ইটালীয় গদ্যৰ গঢ় দি লিঅনার্ডে সাহিত্যিক বুলিও জগতত চিনাকি দি গ'ল। বৈজ্ঞানিক হিচাপে বাষ্প কামান, জাহাজৰ চকাৰ পৰিকল্পনা আদি কৰাৰ উপৰি তেওঁ উৰাজাহাজৰ মডেল এটাও কৰিছিল। লিঅ'নাৰ্ডৰ অপ্রকাশিত ডায়েৰীখন যদি উনৈশ শতিকাৰ আগ ভাগতে প্রকাশ হ'লহেঁতেন, তেনেহ'লে পৃথিৱীৰ সুকুমাৰ শিল্পীৰ পৰা আৰম্ভ কৰি সাহিত্যিক- বৈজ্ঞানিকলৈকে সকলােৱে বহুত নতুন তথ্য পালেহেঁতেন; কিন্তু হৈ নুঠিল। সুকুমাৰ কলাৰ বিকাশ, মনৰ নীৰৱ সাধনাৰ ভিতৰেদিহে প্রকাশ পায়। লিঅ'নাৰ্ডৰ জীৱনৰ সাধনাও আছিল এয়ে।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.