Xoixobote dhemalite Assamese Song Lyrics শৈশৱতে ধেমালিতে by Bhupen Hazarika_Assamese lyrics

0


Xoixobote dhemalite Assamese Song Lyrics শৈশৱতে ধেমালিতে by Bhupen Hazarika_Assamese lyrics



শৈশৱতে ধেমালিতে

তােমাৰে ওমলা মনত আছে।


ব'হাগ মাহৰ লুইত খনিত 


দুয়াে সাঁতােৰা মনত আছে। 


যৌৱনৰ প্ৰথম পুৱাৰ দুয়ােৰে দেহাৰ 


লাজুকী পৰশ মনত আছে। 


মােৰ অবিহনে চিপজৰী লবা 


বুলি কোৱা মােৰ মনত আছে। 


জীৱন ব'হাগ মাহৰ লগতে 


আহিল বৰদৈচিলা 


সেই ধুমুহাত কাৰােবাৰ সতে । 


তুমি দেখাে গুচি গলা ? 


মনৰ গৰাকী এৰি তুমি 


ধনৰ গৰাকী বৰিলা 


ধন ধন বুলি ধনৰ প্ৰেমেৰে 


স্বৰূপ প্ৰকাশ কৰিলা!


বহু দিন গ’ল হঠাৎ সিদিনা 


তােমাক দেখা মনত আছে। 


আঁতৰৰ পৰা দেখিলাে তােমাৰ 


স্বর্ণ গহনা জিলিকিছে। 


তােমাৰ অবিহনে চিপজৰী লম 


বুলি যদি তুমি ভাবিছা 


ভুল কৰিছা সােণজনী মােৰ 


অলীক সপােন দেখিছাঁ! 


জীয়াই থাকি এখন সমাজ 


গঢ়িবৰ মােৰ পণ আছে,


জীয়াই থাকি এখন সমাজ 


গঢ়িবৰ মােৰ মন আছে 


(যত) সােণতকৈও মানুহৰ দাম 


অলপ হলেও বেছি আছে, 


অলপ হলেও বেছি আছে।







Post a Comment

0Comments
Post a Comment (0)