Bhobai nasilu song Lyrics of Deeplina Deka-ভবাই নাছিলো

0

Bhobai nasilu song Lyrics of Deeplina Deka-ভবাই নাছিলো-Assamese song 2020


ভবাই নাছিলোঁ মোৰ দৰে


তোমাৰ বুকুৰ সপোনবোৰো যে 


সাৰে থাকে




জনাই নাছিলোঁ মোৰ বাবে


তোমাৰ হিয়াত


প্ৰীতিৰ ঢৌ বোৰেও খেলি থাকে 




ভবাই নাছিলোঁ মোৰ দৰে


তোমাৰ চকুৰ


পিয়াঁহ টুপিও হয় মোৰে




জনাই নাছিলোঁ মোৰ বাবে


তোমাক নিমাত


জোনাক বোৰেও খেদি ফুৰে




লিখি লিখি থোৱা


অলেখ অকবিতাৰ


শব্দ তোমাৰ আবেগৰে




ভবাই নাছিলোঁ মোৰ বাবে


তোমাৰ বুকুৰ


সপোনবোৰো যে সাৰে থাকে



তুমি চুলে সোণ


মায়া জাগি উঠে


তুমি প্ৰজাপতি ৰ'দে জানে



তুমি চালে চোন


জোন তৰা বোৰে


পোহৰ সামৰে আউসীতে




শেষ উশাহেও


লৱ তোমাতেই জিৰণি 


তুমি যে মোৰ 


আধা লিখা জীয়া কাহিনী




মোৰ মন তোমাতেই শেৱালি


মোৰ প্ৰাণ তোমাতেই আজৰি


মোৰ মন তোমাতে অভিমানী


মোৰ প্ৰাণ তোমাতেই শান্তি




জনাই নাছিলোঁ মোৰ বাবে


তোমাৰ হিয়াত


প্ৰীতিৰ ঢৌ বোৰেও খেলি থাকে 




ভবাই নাছিলোঁ মোৰ বাবে


তোমাৰ বুকুৰ


সপোনবোৰো যে সাৰে থাকে ।।

Post a Comment

0Comments
Post a Comment (0)