জীৱ-জন্তুৰ বিষয়ে বিভিন্ন তথ্য

জীৱ-জন্তুৰ বিষয়ে বিভিন্ন তথ্য-আজব খবৰ-আচৰিত কথা-জীৱ-জন্তুৰ লগত জড়িত বহু প্রশ্ন উত্তৰ


জীৱ-জন্তুৰ বিষয়ে বিভিন্ন তথ্য-আজব খবৰ-আচৰিত কথা-জীৱ-জন্তুৰ লগত জড়িত বহু প্রশ্ন উত্তৰ
জীৱজগত


জীৱজগতৰ বিষয়ে বহু প্রশ্ন আৰু তাৰ উত্তৰ। বনৰীয়া জীৱ জন্তু, ঘৰচীয়া জীৱ জন্তু, চৰাই চিৰিকটি বোৰৰ বিশেষ বৈশিষ্ট্য। 

সকলো জীৱ জন্তুৰে কিছু মান নিজা গুণ থাকে যিবোৰে সিহঁতক জীয়াই থকাত সহায় কৰে, পৰিৱেশৰ লগত খাপ খুৱাকৈ জীৱ জন্তু বোৰৰ বৈশিষ্ট্য ভিন্ন ভিন্ন হয়। 



#জীৱ-জন্তুবিলাকক সাধাৰণতে কেইভাগত ভগাব পাৰি? 
#স্তন্যপায়ী প্রাণী কাক বােলে? 
#সৰীসৃপ কাক বােলে? 
#কোন প্রাণীৰ চকু নাই? 
#সাপৰ কাণ আছে নে? 
#সাপৰ বিষ ক'ত আছে? 
#পখিলাৰ কাণ আছে নে? 
#মকৰাৰ চকু আৰু ঠেং কেইটা? 
#চৰাইৰ দাঁত আছে নে? 
#কি চৰায়ে কাউৰীৰ বাহত কণী পাৰে?


প্র : জীৱ-জন্তুবিলাকক সাধাৰণতে কেইভাগত ভগাব পাৰি? 

উ : তিনি ভাগত। 

(১) জলচৰ, 

(২) স্থলচৰ আৰু 

(৩) উভচৰ। 



প্র : স্তন্যপায়ী প্রাণী কাক বােলে? 

উ : যিবােৰ প্ৰাণীৰ পােৱালিয়ে মাকৰ গাখীৰ খাই ডাঙৰ-দীঘল হয়, সিহঁতক স্তন্যপায়ী প্রাণী বােলে। 



প্র : সৰীসৃপ কাক বােলে ? 

উ : বুকুৰে বগােৱা প্রাণী—সাপ, কেঁচু আদিক ‘সৰীসৃপ’ বােলে। 



প্র : কোন প্রাণীৰ চকু নাই ? 

উ : কেঁচুৰ। 



প্র : সাপৰ কাণ আছে নে? 

উ : সাপে জিভাৰেহে শুনে। কাণ নাই। 



প্র : সাপৰ বিষ ক'ত আছে? 

উ : সাপৰ মুখৰ সন্মুখৰ ফালে দুটা ডাঙৰ চোকা দাঁত থাকে। এই দাঁত দুটাৰ গুৰিত বিষ জমা হৈ থাকে। 



প্র : পখিলাৰ কাণ আছে নে ? 

উ : পখিলাৰ আগ-ঠেং দুখনত শুনাৰ কৌশল আছে। সেই কাৰণে তাকেই কাণ বুলিব পাৰি।



প্র : মকৰাৰ চকু আৰু ঠেং কেইটা? 

উ : প্ৰায়বােৰ মকৰাৰ চকু আঠোটা; কিন্তু কিছুমান মকৰাৰ ছ’টা চকুও থাকে। সকলাে ধৰণৰ মকৰাৰ ঠেং আঠখন। 



প্র : চৰাইৰ দাঁত আছে নে? 

উ : কোনাে চৰাইৰে দাঁত নাই। 



প্র : কি চৰায়ে কাউৰীৰ বাহত কণী পাৰে? 

উ : কুলি-চৰায়ে। কুলি চৰায়ে বাহ সাজিব নাজানে। 


#বাদুলি চৰাই নেকি?
#ফেঁচা আৰু বাদুলি দিনত নােলায় কিয়?
#হাঁহৰ পাখি পানীত নিতিতে কিয়? 
#মেকুৰীয়ে পানীলৈ ভয় কৰে কিয়? 
#মেকুৰীৰ চকু ৰাতি জিলিকে কিয়? 
#গৰুৰ গাৰ কোন অংশত ঘামে? 
#কুকুৰে জিভা উলিয়াই ফেঁপায় কিয়? 
#জোনাকি-পৰুৱা ৰাতি জিলিকে কিয়?
#শামুক কিমান বেগেৰে যাব পাৰে? 
#পানীত মাছে উশাহ লয় কেনেকৈ? 


প্র : বাদুলি চৰাই নেকি?

উ : বাদুলি চৰাই নহয়। ইহঁত স্তন্যপায়ী প্রাণী। বাদুলিয়ে কণী নাপাৰে, পােৱালিহে জগায়। 



প্র : ফেঁচা আৰু বাদুলি দিনত নােলায় কিয় ? 

উ : ফেঁচা আৰু বাদুলিৰ চকুৱে সূৰ্য্যৰ ৰশ্মি সহ্য কৰিব নােৱাৰে, সেইবাবে দিনত আন্ধাৰ ঠাইত লুকাই থাকে।



প্র : হাঁহৰ পাখি পানীত নিতিতে কিয় ? 

উ : হাঁহৰ পাখিত এবিধ তেল-জাতীয় পদার্থ থাকে কাৰণে পানীত নিতিতে। 



প্র : মেকুৰীয়ে পানীলৈ ভয় কৰে কিয় ? 

উ : মেকুৰীৰ নােমত কোনাে তেল জাতীয় পদার্থ নথকাৰ কাৰণে পানী পৰিলে ছাললৈকে তিতে। সেই কাৰণে মেকুৰীয়ে পানীলৈ ভয় কৰে। 



প্র : মেকুৰীৰ চকু ৰাতি জিলিকে কিয়? 

উ : মেকুৰীৰ চকুৰ ভিতৰত ‘পেটাম’ নামৰ এবিধ পদার্থ আছে। এইবিধ পদাৰ্থৰপৰাই ৰাতি উজ্জ্বল পােহৰ ওলাই চকুৰ মণিত প্রতিফলিত হয় আৰু চকু দুটা জিলিকি উঠে। সেই কাৰণেই মেকুৰীয়ে ৰাতিও দেখে। 



প্র : গৰুৰ গাৰ কোন অংশত ঘামে? 

উ : নাকত; কাৰণ গৰুৰ নাকতহে ঘাম-গ্রন্থি আছে।



প্র : কুকুৰে জিভা উলিয়াই ফেঁপায় কিয়? 

উ : ভাগৰ লাগিলে শৰীৰ শীতল কৰিবলৈ ঘাম-গ্রন্থিৰ আৱশ্যক। কিন্তু কুকুৰৰ ভৰিৰ তলুৱাৰ বাহিৰে শৰীৰৰ অইন ঠাইত ঘামগ্ৰন্থিৰ ভাল ব্যৱস্থা নাই। সেই কাৰণেই কুকুৰে ভাগৰত জিভা উলিয়াই উশাহ লৈ নিজৰ শৰীৰ শত পেলায়। 



প্র : জোনাকি-পৰুৱা ৰাতি জিলিকে কিয়? 

উ : জোনাকি-পৰুৱাৰ গাত ‘লুচিফেৰিণ’ নামৰ এবিধ পদার্থ উৎপন্ন হয় আৰু উশাহৰ অম্লজান’ৰ লগত ৰাসায়নিক ক্রিয়া ঘটি ই জিলিকি উঠে। 



প্র : শামুক কিমান বেগেৰে যাব পাৰে? 

উ : শামুক অতি লাহে লাহে যায়। এক কিলােমিটাৰ বাট যাবলৈ শামুক প্রায় ১৫ দিন সময় লাগে। 



প্র : পানীত মাছে উশাহ লয় কেনেকৈ? 

উ: সকলাে প্রাণীকে জীয়াই থাকিবলৈ ‘অক্সিজেন লাগে। মাছে গলত থকা ফুলৰ সহায়েৰে পানীৰপৰা অক্সিজেন গ্ৰহণ কৰি উশাহ লয়। 



#অলপ পানীত মাছ মৰে কিয়? 

#কি প্রাণীয়ে চকু নুমুদাকৈ শােৱে? 

#কোন জন্তুৱে থিয় হৈ শোৱে? 

#কি জন্তু আটাইতকৈ বেগী?

#কি চৰাই আটাইতকৈ ডাঙৰ? 

#কি জন্তুৱে পানী নাখায়? 

#কি জন্তুৱে একো শব্দ কৰিব নােৱাৰে?

#মৰুভূমিৰ জাহাজ’ মানে কি?

#উটৰ পিঠিত কুঁজ থাকে কিয়? 

#স্তন্যপায়ীৰ ভিতৰত আটাইতকৈ ডাঙৰ প্রাণী কি?


প্র : অলপ পানীত মাছ মৰে কিয় ? 

উ : কম পানীত থকা অক্সিজেন শেষ হৈ যায় কাৰণে। 



প্র : কি প্রাণীয়ে চকু নুমুদাকৈ শােৱে? 

উ : মাছ। চকু মুদিবলৈ মাছৰ চকুত পতা নাই। 



প্র : কোন জন্তুৱে থিয় হৈ শোৱে? 

উ : ঘোঁৰা। 



প্র : কি জন্তু আটাইতকৈ বেগী ? 

উ : নাহৰফুটুকী বাঘ। 



প্র : কি চৰাই আটাইতকৈ ডাঙৰ? 

উ : উটপক্ষী। 



প্র : কি জন্তুৱে পানী নাখায় ? 

উ : আফ্রিকাৰ কৃষ্ণকায় মৃগই। 



প্র : কি জন্তুৱে একো শব্দ কৰিব নােৱাৰে? 

উ : জিৰাফে। 



প্র : মৰুভূমিৰ জাহাজ’ মানে কি? 

উ : উট। 



প্র : উটৰ পিঠিত কুঁজ থাকে কিয়? 

উ : উটৰ খাদ্যৰ চৰ্বী-অংশ পিঠিত জমা হৈ কুঁজৰ সৃষ্টি হয়। সেই কাৰণে উটে কেইবাদিনাে একো নােখােৱাকৈ থাকিব পাৰে। কাৰণ কুঁজৰ চবীয়ে 

শৰীৰৰ ক্ষয় অংশ পূৰ কৰে। 



প্র : স্তন্যপায়ীৰ ভিতৰত আটাইতকৈ ডাঙৰ প্রাণী কি? 

উ : তিমি। 



#তিমি প্ৰকৃততে মাছ নে? 

#মৌ-মাখিয়ে জাকপাতি উৰি ফুৰে কিয়?

#মৌমাখিয়ে গুণ-গুণকৈ শব্দ কৰে কেনেকৈ?

#জেঠী আৰু মাখিয়ে বেৰত বগাই ফুৰোঁতে পৰি নাযায় কিয়? 

#কি প্রাণীয়ে কেইবাদিনাে নােখােৱাকৈ আৰু উশাহ #নােলােৱাকৈ জীয়াই থাকিব পাৰে? 

#ক্যাঙ্গাৰুৰ বিষয়ে কি জানা? 

#কি চৰাই আটাইতকৈ সৰু? 

#কি কি চৰাইৰ দৃষ্টিশক্তি অতি চোকা?

#কোন প্রাণী কিমান দিন জীয়াই থাকে? 



প্র : তিমি প্ৰকৃততে মাছ নে? 

উ : তিমি মাছ নহয়। ই স্তন্যপায়ী, কণীও নাপাৰে। পােৱালিয়ে জগায়। 



প্র : মৌ-মাখিয়ে জাকপাতি উৰি ফুৰে কিয় ? 

উ : হাজাৰ হাজাৰ মৌ-মাখিৰ মাজত মাত্ৰ এজনীয়ে ৰাণী থাকে। মৌচাকত নতুন মৌ-মাখিৰ জন্ম হলেই ৰাণীজনীয়ে চাক এৰি গুচি যায় আৰু ৰাণীৰ লগতে গােটেইজাক মৌ-মাখি উৰি যায়। 



প্র : মৌমাখিয়ে গুণ-গুণকৈ শব্দ কৰে কেনেকৈ? 

উ : মৌ-মাখিয়ে মাতিব নােৱাৰে আৰু কোনাে ধৰণৰ শব্দও কৰিব নােৱাৰে; কিন্তু উৰিবৰ সময়ত পাখিৰপৰা গুণ-গুণনি শব্দ হয়। 



প্র : জেঠী আৰু মাখিয়ে বেৰত বগাই ফুৰোঁতে পৰি নাযায় কিয় ? 

উ : জেঠীৰ ঠেঙৰ পতাত কোমল মাংস থাকে আৰু তাৰ মাজত অলপ গাঁত আছে। বেৰত ঠেঙৰ হেচা পৰাৰ লগে লগে সেই গাঁত বায়ুশূন্য হয়; গতিকে বায়ুৰ হেঁচাত ঠেং বেৰত লাগি ধৰে। ইয়াৰ উপৰিও ঠেঙৰপৰা এবিধ আঠা ওলায়; সেই আঠায়াে বেৰত ঠেং লাগি ধৰাত সহায় কৰে। 

মাখিৰ ঠেঙৰ আগ সৰু কঁইটৰ দৰে আৰু অলপ বেঁকা; ইয়াৰ উপৰিও সিহঁতৰ ঠেঙত এবিধ আঠাৰ দৰে পদার্থ আছে; এই দুয়ােটাৰে সহায়ত সিহঁত পৰি নােযােৱাকৈ বেৰত বগাব পাৰে। 



প্র : কি প্রাণীয়ে কেইবাদিনাে নােখােৱাকৈ আৰু উশাহ নােলােৱাকৈ জীয়াই থাকিব পাৰে? 

উ : কাছই। 



প্র : ক্যাঙ্গাৰুৰ বিষয়ে কি জানা ? 

উ : ক্যাঙ্গাৰু এবিধ অদ্ভুত ধৰণৰ প্রাণী। ইয়াৰ পেটত এখন জোলােঙা থাকে। সেই জোলােঙাত সিহঁত পােৱালি ভৰাই লৈ ফুৰে। ক্যাঙ্গাৰুৰ আগ ঠেং দুখন নিচেই সৰু; সেইবাবে পাছ ঠেং দুখন আৰু নেজৰ ওপৰত ভৰ দি জঁপিয়াই খােজ কাঢ়ে। 



প্র : কি চৰাই আটাইতকৈ সৰু? 

উ : আমেৰিকাৰ হামিংবার্ড। ই দেখাত মৌ-মাখিৰ দৰে। 



প্র : কি কি চৰাইৰ দৃষ্টিশক্তি অতি চোকা? 

উ : ঈগল, শগুণ, চিলনী আৰু কুৰুৱাৰ। 



প্র : কোন প্রাণী কিমান দিন জীয়াই থাকে? 

উ : তিমি= প্রায় ৫০০ বছৰ, 

শগুণ= প্রায় ১২০ বছৰ, 

হাতী= প্রায় ৬০ বছৰ, 

কাছ= প্রায় ১০০ বছৰ, 

গড়= প্রায় ৫০ বছৰ, 

ভালুক= প্রায় ৩৫ বছৰ, 

উট= প্রায় ৩০ বছৰ, 

ৰাজহাঁহ আৰু উটপক্ষী= প্রায় ২৫ বছৰ, 

সিংহ, বাঘ= প্রায় ২০ বছৰ, 

ঘোঁৰা আৰু গৰু= প্রায় ২০ বছৰ, 

ছাগলী= প্রায় ১৫ বছৰ, 

মেকুৰী= প্রায় ১২ বছৰ

কুকুৰ= প্রায় ১০ বছৰ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.