অসমীয়া কৌতুক ২০২১

অসমীয়া কৌতুক ২০২১-নতুন অসমীয়া কৌতুক

অসমীয়া কৌতুক ২০২১-নতুন অসমীয়া কৌতুক-নতুন আৰু পুৰণি চুটি অসমীয়া কৌতুক-হাঁহিৰ ৰসঘৰা-Assamese funny jokes-short asomiya koutuk Assamese jokes
কৌতুক


 Assamese funny jokes 2021

দুজনী মহিলাই কথা পাতিছে (অসমীয়া আৰু বিহাৰী) বিহাৰী মহিলা : খানা খা লিয়া? 

অসমীয়া মহিলা : হা 

বিহাৰী মহিলা : আজ ক্যা বনায়া ? 

অসমীয়া মহিলা : আজ মুৰ পেট ভাল নহি থা...সেয়ে মাগুৰ মাছ কা জোল আৰু ভাত বনায়া 

বিহাৰী মহিলা : ক্যা???...মগৰমছ ???..কাহা মিলা ?? অসমীয়া মহিলা : কেলেই ..কিন কে আনা বজাৰৰ পৰা..একদম জীৱন্ত থা...জপিয়াতা থা .. 

বিহাৰী মহিলা : :: ফিৰ মাৰা কেইচে? 

অসমীয়া মহিলা : খুব লম্ফ জম্ফ কিআ ...সেইকাৰনে আফলিয়াই আফলিয়াই মাৰা...তাৰপিছত পাথৰ চে মাছ কা মাথা মে জুৰ চে কুবায়া...মাছেও ভালদৰে গম পাই গিয়া যে কাৰ হাতত পৰিল। 

বিহাৰী মহিলা : ( আচৰিত হৈ) অসমীয়া লােগ কেচা হয় মগৰম ভি খা লেতা হায়। 



*****


Assamese funny jokes 2021 কৌতুক

এজন ডেকাই ৰশ্মিৰেখাৰ বাপেকৰ ওচৰত বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিল। ৰশ্মিৰ দেউতাকক সেৱা জনাই ডেকাজনে নিজৰ উদ্দেশ্যৰ বিষয়ে কলে। 


প্রস্তাৱটো শুনি ছােৱালীৰ দেউতাকে ডেকাজনক ক'লে—তুমি ৰশ্মিৰ মাকক দেখা কৰিছানে ? 


ডেকা—এবাৰ দেখিছো, কিন্তু ৰশ্মিকহে মই পছন্দ কৰিছে। 



*****


Assamese funny jokes 2021 কৌতুক

এজন ভদ্রলােকৰ পত্নীগৰাকী বৰ অত্যাচাৰী আছিল। তেওঁৰ কাৰণে ভদ্রলােকজনৰ সুখ-শান্তি নাইকিয়া হৈছিল। এদিন পত্নীৰ বেমাৰ হ’ল আৰু তিনিদিনৰ পাছতে তেওঁৰ মৃত্যু হ’ল। শটো চাঙিত তুলি সৎকাৰ কৰিবলৈ নিওঁতে চাঙিখন হঠাৎ এজোপা গছত খুন্দা খােৱাত মানুহগৰাকী পুনৰ জীৱিত হৈ উঠিল। তেওঁক ঘৰলৈ আনি চিকিৎসা কৰাত আৰােগ্য লভি আৰু দুবছৰ পাছত এদিন হৃদযন্ত্ৰৰ ক্রিয়া বন্ধ হৈ মানুহগৰাকীৰ সঁচাকৈয়ে মৃত্যু হ'ল। 


এইবাৰ ওচৰ-চুবুৰীয়া আৰু সম্বন্ধীয় মানুহবােৰে চাঙি সাজি শ্মশানলৈ লৈ যােৱা সময়ত গিৰীয়েকে সকলােকে সাৱধান কৰি ক'লে—চাবা, এইবাৰ যাতে চাঙিখন গছত খুন্দা নামাৰে। গছ দেখিলেই একাষৰীয়া হৈ যাবা। 



*****


Assamese funny jokes 2021 কৌতুক

ঘৈণীয়েকে গিৰীয়েকক ক'লে—শুনিছেনে, আমাৰ পাকঘৰৰ বাঁহৰ পাৰ্টিচনখন কোনাে কামৰ নহয়। আমি পাকঘৰত কথা পাতিলে ভাৰতীয়া ঘৰে শুনি পায়। 


গিৰীয়েক— এতিয়া বহু ৰাতি হ’ল শুই থাকা। কাইলৈ পুৱা মই তাৰ ঠাইত ইটাৰ দেৱাল এখন গাঁঠিবলৈ মিস্ত্রি এটা বিচাৰিম। 


ঘৈণীয়েক—নহয় নহয়, তুমি ভুলতো তেনে কাম নকৰিবা। ইটাৰ দেৱাল হ'লে আমি সিহঁতৰ কথা কেনেকৈ শুনিম? 



*****


Assamese funny jokes 2021 কৌতুক

বাপেকে ডেকা পুতেকক ক'লে—পাপু, আজিকালি আৰু আগৰ দিন নাই। পৃথিৱীখন বহু সলনি হ’ল। এতিয়া তুমি নিজৰ কাৰণে এগৰাকী যােগ্য গাভৰু বিচাৰি লােৱা। 


দেউতাকৰ আদেশ পােৱাৰ দিনাৰ পৰা ডেকা পুতেকে সদায় নিয়মিতভাৱে ঘৰৰ বেলকনিত বহি গাভৰু ছােৱালী চাবলৈ আৰম্ভ কৰিলে। 



*****


Assamese funny jokes 2021 কৌতুক

দুগৰাকী যুৱতীয়ে বহি কথা পাতি আছে। এনেতে হঠাৎ এজনীৰ চকু আনজনীৰ হাতৰ ওপৰত পৰিল। তেওঁ ক'লে—এইবােৰ তুমি কি কৰিছা? তুমি বিয়াৰ আঙঠিটো দেখােন ভুলকৈ পিন্ধিছা ? 


আনগৰাকী যুৱতীৰ উত্তৰ—মই ইচ্ছা কৰিয়েই ভুল পিন্ধিছো, কাৰণ মােৰ বিয়াও এজন ভুল মানুহৰ লগতহে হৈছে। মানুহজন মােৰ বাবে মুঠেও যােগ্য নহয়। 



*****


Assamese funny jokes 2021 কৌতুক

গ্রাহক এজনে হােটেলখনৰ কাউন্টাৰলৈ গৈ ক'লে—ভাই, আজি বৰ ভাল লাগিল। আপােনালােকৰ আইচ-ক্রীম খাই মােৰ দেহা-মন শাঁত পৰি গ'ল, মগজটোও বহুত ঠাণ্ডা হ’ল। এতিয়া পুনৰ দেহ-মগজ গৰম কৰিবলৈ কিবা এটা দিয়ক? 


মেনেজাৰে দিছে: এয়া লওক আপােনাৰ বিল। এশ বিছ টকা দিয়ক। 



*****


Assamese funny jokes 2021 কৌতুক

এজন কেৰাণী এদিন অফিচলৈ বহু পলমকৈ আহিল। তেওঁ কোঠাত সােমােৱা মাত্রেই বৰ-কেৰাণীজনে ক'লে যে তেওঁক মেনেজাৰে এতিয়াই মাতিছে। 


ভয়তে কঁপি কঁপি কেৰাণীজনে মেনেজাৰৰ কোঠাত সােমােৱাত মেনেজাৰে তেওঁক বহুত ধমক দিলে, আনকি ভৱিষ্যতলৈ আৰু এনেকৈ দেৰিকৈ অফিচলৈ আহিলে নিলম্বিত কৰাৰাে কথা ক'লে। তাৰ পাছত সুধিলে- সঁচা কথা ক’বা, তােমাৰ ইমান পলম হ'ল কিয় ? 


কেৰাণীজনে উত্তৰ দিলে— ছাৰ, আজি শুই উঠোঁতে নটা বাজিল। সেয়ে পলম হ'ল। 


কেৰাণীজনৰ উত্তৰ শুনি মেনেজাৰৰ খং পাতলিল। তেওঁ আচৰিত হৈ কেৰাণীজনৰ মুখলৈ চাই ক'লে—তােমাৰ নিচিনা সুখ আমিনো ক'ত পাম? ঘৰত ঘৈণী থাকোঁতেও তুমি নটা বজালৈকে শুব পাৰিছা। তােমাৰেই ভাগ্য। 



*****


Assamese funny jokes 2021 কৌতুক

নাৰীবর্ষ চলি আছে। বিবেকানন্দই তেওঁৰ খুলশালীয়েকক কৈছে—এইটো বৰ দুখৰ কথা যে আমাৰ দেশৰ কোনাে মহিলা ৰাষ্ট্রপতি হােৱাৰ যােগ্য নহয়। 


-কিয় যােগ্য নহয় ? 


-কাৰণ সংবিধানমতে ৰাষ্ট্ৰপতিৰ বয়স অতি কমেও পঁইত্রিছ বছৰ হ’ব লাগে। কিন্তু আমাৰ কোনাে নাৰীৰ বয়স ত্রিছৰ ওপৰ নহয়। লেঠা সেইখিনিতে। 



*****


Assamese funny jokes 2021 কৌতুক

ধৰমলালৰ ইংৰাজী কোৱা বৰ চখ। এদিন তেওঁ খুলশালীয়েকক ক'লে— আই- লাভ-ইউ। 


খুলশালীয়েক শিক্ষিত আৰু ভিনিহিয়েকক অন্তৰেৰে ভাল পায়। তেওঁ উত্তৰ দিলে আই-লাভ-ইউ-টু। 


ধৰমলালে আনন্দিত হৈ ক’লে—আই-লাভ ইউ ফাইভ। 



*****


Assamese funny jokes 2021 কৌতুক

প্রেমানন্দৰ খুলশালীয়েক হেমলতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্রী। এবাৰ বায়েকৰ ঘৰলৈ আহোঁতে ভিনিহিয়েক প্রেমানন্দই নিজ গাড়ীৰে খুলশালীয়েকক বহু ঠাই ঘূৰালে। যােৱাৰ দিনা ভিনিহিয়েকে ক'লে— গৈ পালেই ফোন কৰিবা। 


খুলশালীয়েক ফোন কৰিবই লাগিব, কাৰণ এতিয়াৰ পৰা মাহে মাহে মােক কিছু টকা দিবই লাগিব। 



*****


Assamese funny jokes 2021 কৌতুক

মালী হৰিৰামে হাতযােৰ কৰি কন্দর্পমহাজনক কৈছে—মালিক, ঠিকাটো মােকে দিয়ক। 


মালিক – কি ঠিকাৰ কথা কৈছে, হৰিৰাম। 


মানুহে কোৱা শুনিছোঁ যে আপােনাৰ ছােৱালীজনীয়ে হেনাে হাঁহিলে মুখৰ পৰা ফুল সৰে। সেই ফুলবােৰ মােকে দিয়ক। দুখীয়া মানুহক সহায় কৰিলে আপােনাৰ পুণ্য হ’ব। এই আবতৰত ফুল পাবলৈ বৰ টান। 



*****


Assamese funny jokes 2021 কৌতুক

ডাক্তৰ: আপােনাৰ যিটো বেমাৰ হৈছে মই এতিয়া ক'ব নােৱাৰিম! 


ৰোগী: কিয় কিবা নতুন বেমাৰ নেকি? 


ডাক্তৰ: নহয় যিদিনা এই lesson টো পঢ়াইছিল সিদিনা মই ক্লাচলৈ যােৱা নাছিলোঁ! 



*****


Assamese funny jokes 2021 কৌতুক

এজন মদাহীক ভদ্রলােক এজনে বুজাইছে—বুজিছা, মদ মানুহৰ প্রধান শত্রু। 


মদাহী—কিন্তু জ্ঞানীলােকে দেখােন কয় যে শত্রুকো বুকুৰ মাজত সুমুৱাই ল'ব লাগে। সেইটো হেনাে বৰ ভাল গুণ? 


ভদ্রলােক— জ্ঞানীলােকে বুকুৰ মাজত সুমুৱাইহে ল’ব কৈছে। গিলিবলৈ কোৱা নাই নহয়। 



*****


Assamese funny jokes 2021 কৌতুক

এজন বন্ধু— মই এনে এগৰাকী ছােৱালী বিয়া কৰাম যিগৰাকী ধুনীয়া, বুদ্ধিমতী আৰু শিক্ষিতা হ’ব লাগিব। 


আনজন— তেনেহ'লে তুমি তিনিগৰাকী বিয়া কৰাব লাগিব, যিটো আমাৰ সমাজে ভাল চকুৰে নাচাব। 



*****


Assamese funny jokes 2021 কৌতুক

এজন ডেকাই ডাক্তৰক ক'লে—ডাক্তৰ চাহাব, আপুনি মােক ঠিকেই আশ্বাস দিছিল যে মই এমাহমানৰ ভিতৰতে খােজ কাঢ়িব পাৰিম। আজিকালি মই সদায় খােজ কাঢ়ো, তাকে জনাবলৈ আহিলোঁ। 


ডাক্তৰ– ৰােগী আৰােগ্য হলে আমি আনন্দিত হওঁ। 


ডেকা- হ’বৰে কথা। আপােনাৰ বিলখন পােৱাৰ লগে লগে মই মােৰ বাইকখন বেচি খােজ কাঢ়িবলৈ ধৰিলোঁ। 



*****


অসমীয়া কৌতুক ২০২১-নতুন অসমীয়া কৌতুক-নতুন আৰু পুৰণি চুটি অসমীয়া কৌতুক-হাঁহিৰ ৰসঘৰা-Assamese funny jokes-short asomiya koutuk Assamese jokes

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.