অসমীয়া ৰচনা- সমাজ আৰু সাহিত্য - সাহিত্য আৰু বিজ্ঞান

অসমীয়া ৰচনা- সমাজ আৰু সাহিত্য - সাহিত্য আৰু বিজ্ঞান - Assamese Essay - Assamese Rosona - Axomiya Roxona


HSLC Examination Assamese Rosona Topic- HS Examination Assamese Roxona Topic- Assamese Rosona for Students of Assamese- 

= সমাজ আৰু সাহিত্য 
= সাহিত্য আৰু বিজ্ঞান 



অসমীয়া ৰচনা- সমাজ আৰু সাহিত্য 

অসমীয়া ৰচনা- সমাজ আৰু সাহিত্য - সাহিত্য আৰু বিজ্ঞান - Assamese Essay - Assamese Rosona - Axomiya Roxona Assamese grammar HSLC HS rosona topic Matric exam Roxona


সমাজ আৰু সাহিত্য 


সাহিত্য সমাজৰ দাপােন। বহুল অর্থত এখন সমাজ বৰ্তি থকাৰ প্রমান হিচাপেই সাহিত্যই আত্মপ্রকাশ কৰে। সমাজৰ অন্তপ্রবাহিত গতি প্রকৃতিয়েই নিয়ন্ত্রণ কৰে সাহিত্যক। সেয়েহে সমাজ আৰু সাহিত্যৰ এক এৰাব নােৱাৰা সম্পর্ক আছে। মানুহ সমাজবদ্ধ প্রাণী। সমাজৰ বুকুত থাকি মানুহে নিজৰ মন, বােধ, বুদ্ধি, চিন্তা আদিৰ ব্যৱহাৰ কৰি নতুন নতুন সৃষ্টিৰে জীৱনক সমৃদ্ধ কৰি তােলে। এনে ধৰণৰ সৃষ্টিয়ে হ’ল সংস্কৃতি। যদিও এনে সৃষ্টিৰ ক্ষেত্ৰত আমি ব্যক্তি বিশেষে প্রাধ্যন্য দিওঁ তথাপিও আমি পাহৰিলে নহ’ব যে এনে সৃষ্টিৰ আৰত থকা এটা অন্যতম কাৰক হ'ল সমাজখন। সমাজবদ্ধ জীৱ নােহােৱা হ'লে মানুহৰ বাবে এনে সৃষ্টি সম্ভৱ নহ'লহেতেন। 


মানৱ মনৰ এনে অলেখ সৃষ্টিৰ ভিতৰত সাহিত্যও এবিধ আৰু অন্যতম। গতিকে স্বাভাৱিক ভাৱে সাহিত্যৰ লগত সমাজৰ এক সম্পর্ক আছে। সাহিত্য আৰু সমাজৰ বিশেষালােচনাৰ গভীৰতালৈ যােৱাৰ আগতে যদি কেতবােৰ প্রাথমিক উপদানৰ বিষয়ে বিচাৰ কৰোঁ তেতিয়াও এই সম্পর্কটোৰ ভালেমান দিশ আমাৰ চকুত পৰিব। সাহিত্য প্রকাশৰ মাধ্যম হ’ল ভাষা। ভাষা আচলতে এক ধৰণৰ সামাজিক দান। সমাজৰ পৰা বিচ্ছিন্ন হৈ থাকি কোনেও ভালদৰে এটা ভাষা আয়ত্ব কৰিব নােৱাৰে। সমাজৰ বুকুতে ভাষা লালিত-পালিত হয় আৰু সমাজৰ সদস্য হিচাপেই লিখকে তাক আহৰণ কৰি সাহিত্য প্রকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে। সাহিত্য সৃষ্টিৰ বাবে লিখকক লাগে নানান অভিজ্ঞতা আৰু লিখকে এই অভিজ্ঞতা আহৰণ কৰে সমাজৰ পৰা। কেৱল লিখকেই সাহিত্য নপঢ়ে। 


ভাল সাহিত্যৰ সৃষ্টিৰ ক্ষেত্ৰত পাঠকেও অৰিহণা যােগায়। পাঠক লােকলৈ সাহিত্যৰ ৰস বিচাৰ কৰি লিখক উত্তম সৃষ্টিৰ বাবে প্রেৰণা দিয়ে। তদুপৰি ভাল লিখক সকলেও নিজকে পুষ্ট কৰে আন আন বিশিষ্ট লিখক সকলৰ সাহিত্য কর্মৰ অধ্যয়নৰ মাজেৰে। সেয়েহে সাহিত্য এটা এক পক্ষীয় ব্যৱস্থা নহয়। পাঠক আৰু লিখকৰ মাজত হােৱা এক সামাজিক আদান প্রদানৰ বলতহে সাহিত্য গতিশীল হৈ থাকে। সাহিত্য কর্মত এজন লিখকৰ চিন্তা কল্পনা বা মতামতে ঠাই পায়। কিন্তু উল্লেখনীয় বিষয় এইটোৱে যে এই চিন্তা, কল্পনা, মতামত আদিও গঢ় লৈ সামাজিক প্রেক্ষাপতৰ ওপৰতে। তদুপৰি তেওঁ সাহিত্যত যিবােৰ বিষয় লৈ আলােচনা কৰে এই সকলােবােৰেই সমাজৰে বিষয়। 


মানৱ জীৱনৰ প্রেম-প্রীতি, আশা-আকাংশা, হা-হতাশা, সমস্যা-সমাধান আদিয়েই হ’ল সাহিত্যৰ বিষয়। সেয়েহে সাহিত্যক সমাজৰ দাপােন বুলি কোৱা হয়।সাহিত্যই যিদৰে সমাজক প্রতিফলিত কৰে সেইদৰে সমাজক পথাে দেখুৱাই। যুগে যুগে। সৃষ্টি হােৱা বিভিন্ন জনৰ চিন্তা ভাৱনাৰ লগত পৰিচয় ঘটে সাহিত্য অধ্যায়নৰ মাজেৰে। কাৰণ সাহিত্যৰ মাজতে একো একোটা যুগৰ ঘটনাৱলীয়ে প্রকাশ লাভ কৰে। সেয়েহে এইবােৰৰ অধ্যায়নৰ মাজেৰে জীৱন আৰু জগৎ সম্পর্কে এক ধাৰণা গঢ় দিয়াত সহায় হয়। যুগে যুগে সাহিত্য চর্চাই মানুহক উন্নত ৰুচি, সুক্ষ্ম আবেগ-অনুভূতি আৰু মহৎ নৈতিকবােধ অর্জন কৰাত সহায় কৰি আহিছে। সাহিত্য এক শিল্প। এই শিল্পৰ মাজেৰে মানুহে ৰূপান্তৰৰ এই সাধনাই সমাজক যে প্রভাৱিত কৰিব ই খাটাং ।



*****



অসমীয়া ৰচনা- সাহিত্য আৰু বিজ্ঞান 



অসমীয়া ৰচনা- সমাজ আৰু সাহিত্য - সাহিত্য আৰু বিজ্ঞান - Assamese Essay - Assamese Rosona - Axomiya Roxona Assamese grammar HSLC HS rosona topic Matric exam Roxona

সাহিত্য আৰু বিজ্ঞান 


জ্ঞানৰ বিভিন্ন শাখাসমূহৰ মাজত সংঘর্ষ আপাতদৃষ্টিত অসম্ভৱ যেন লাগিলেও শিক্ষাৰ ব্যৱহাৰিক মূল্যৰ ক্ষেত্ৰত কোনাে কোনােটো শাখাই যুগ বিশেষে অধিক প্রাধান্য দাবী কৰে। তেনে অৱস্থাৰ পৰিপ্ৰেক্ষিততে সাম্প্রতিক কালত বিজ্ঞানৰ নিৰংকুশ দাবী স্বীকৃত হৈছে। আধ্যাত্মিক বিদ্যাত বিশ্বাসী মধ্যযুগৰ মানুহতকৈ বৰ্তমানৰ মানুহৰ দৈনন্দিন জীৱন যে অধিক স্বাচ্ছন্দ্যৰে ভৰা তাত সন্দেহ নাই। সেয়েহে সাহিত্য তথা আন কলা বিষয়ত অনুশীলনৰ প্রতি মানুহৰ আগ্রহহীনতা অস্বাভাবিক নহয়। জড় বিশ্বৰ অৱগুণ্ঠন আঁতৰাই বিজ্ঞানে মানৱ জীৱনলৈ যি সমৃদ্ধিৰ প্লাৱন আনিছে, সি যিমানেই উন্নত স্তৰৰ নহওক কিয়, জৈৱিক সুখবিধানৰ সীমাৰেখা ই অতিক্ৰম কৰিব নােৱাৰে। অথচ সাহিত্য, শিল্পকলা, দর্শন, ইতিহাস আদি বিদ্যাৰ উদ্দেশ্য হ’ল মননবিলাসী মানুহৰ আত্মিক উন্নতি সাধন। ফলত, বিজ্ঞান আৰু কলা বা সাহিত্যৰ মাজত বর্তমানে যি বিবােধে গা কৰি উঠিছে, সিদৰাচলতে দেহবাদী মানুহ আৰু মননধর্মী মানুহৰেই বিৰােধ। 


কিন্তু গভীৰভাৱে চালে দেখা যায়, এই বিৰােধ জীৱনৰ উপৰিভাগতে সীমাবদ্ধ, মূল উৎস আৰু উদ্দেশ্যত ইহঁত অভিন্ন। সমাজবিজ্ঞানী, দার্শনিকসকলৰ মতে বিজ্ঞানৰ লক্ষ্য পৃথিৱীৰ মানুহৰ জীৱনক সুখী কৰি তােলা। বিজ্ঞানচর্চাত অনগ্রসৰ দেশবােৰৰ ব্যৱহাৰিক জীৱনৰ সাক্ষ্য গ্রহণ কৰিলেও ব্যাপক বিজ্ঞানপাঠৰ উপযােগিতা প্রমাণিত হয়। মধ্যযুগৰ জীৱনতকৈ যে আধুনিক জীৱন অধিক পাৰ্থিৱ সুখেৰে সুখী তাত সন্দেহ নাই। অৱশ্যে সুখ কথাটোৱেই আপেক্ষিক, সুখৰ সংজ্ঞা যুগে যুগে সলনি হৈছে। 


অতীজতে আধ্যাত্মিক সুধাপনত লাভ কৰা তৃপ্তিৰ নামেই আছিল সুখ, কিন্তু বর্তমান কালত এই সংজ্ঞা অচল। অতীজতে ভাৰতীয় সাধনাৰ একমাত্র কাম্য আছিল ব্রহ্মানুভূতি , আন সুখ তেতিয়াৰ মানুহে কামনা কৰা নাছিল। কিন্তু এনে জীৱনবােধ বর্তমান কালত স্বীকৃত নহয়, আধুনিক মানুহৰ ধাৰণাঃ পার্থিব জীৱনক বাদ দি অলীক আত্মিক সুখৰ সন্ধান কৰা নির্বুদ্ধিতাৰহে নামান্তৰ মাথাে। বিজ্ঞানে উন্নত কৰে বাহ্যিক জীৱন বিজ্ঞানৰ অৱদানে আমাৰ বাহ্যিক জীৱনক উন্নত কৰে, কিন্তু কলা বা সাহিত্যই মানুহক বিবেক-বুদ্ধিৰ বিভিন্ন দিশত সচেতন কৰি তােলে। যি সামাজিক জীৱনৰ বৈষয়িক উন্নতি বিজ্ঞানৰ কাম্য, কলা তথা সাহিত্য সেই সমাজৰে মর্মস্থলত বিদ্যমান। সকলাে শিক্ষাৰে মূল উদ্দেশ্য মানুহক পূর্ণতাৰ দিশলৈ লৈ যােৱা। 


কলা-সাহিত্যৰ দাপােত প্রতিফলিত জীৱনৰ অভিজ্ঞতাই মানুহক সামগ্রিক মনুষ্যত্ব অর্জনত সহায় কৰে, আনহাতে বিশ্লেষণপটু বিজ্ঞানে সকলােকে খণ্ডিত কৰি উপস্থাপন কৰে। সেয়েহে ক'ব পাৰি, বিজ্ঞানৰ বিশ্লেষণ বুদ্ধি আৰু কলা-সাহিত্য- নন্দনশিল্পৰ সামগ্রিক দৃষ্টি – এই দুয়ােটাৰে সমন্বয়তহে জীৱন পৰিপূৰ্ণ হয়। শেক্সপীয়েৰৰ আবিৰ্ভাৱত নিউটনৰ মর্যাদা হানি হােৱা নাই , বা আইনষ্টাইনে গ্যেটেক অপ্রযােজনীয় বুলি ঘােষণা কৰা নাই। কিন্তু বিজ্ঞানৰ মাত্ৰাধিক অনুশীলনে যেতিয়া হৃদয়ক গ্রাস কৰে, তেতিয়াই মানৱতাৰ বিপদ আসন্ন হৈ উঠে। বিজ্ঞানৰ এই অশুভ সম্ভাৱনাক ভিমিত কৰিবলৈ হলে কলা-সাহিত্যৰ অনুশীলন অপৰিহার্য। সেযেহে বিজ্ঞানে যি গগণচুম্বী অট্টালিকাৰ ৰচনা কৰিছে, তাত সৌন্দৰ্যৰ অনুশীলন আৰু শিল্প-সৃষ্টিৰ পােহৰ প্ৰৱেশৰ বাবে এটা বাট মুকলি কৰি ৰাখিব লাগিব। 


সৃষ্টিশীল বিদ্যা হিচাপে কলা-সাহিত্য-শিল্পকলাই বিজ্ঞানক নিষ্প্রভকৰি পেলাইছে। যন্ত্র-বিজ্ঞান আৱিষ্কৃত তথ্যৰ অনুশীলনত দক্ষ , এই দক্ষতাই ব্যৱহাৰিক উপযােগিতাও দান কৰিছে। কিন্তু শিল্প-সাহিত্যৰ স্ৰষ্টাই নিত্য নতুন সৃষ্টিশীলতাৰে নিজকে প্ৰকাশ কৰি আহিছে। দৰাচলতে বিজ্ঞান আৰু সাহিত্যৰ পাৰস্পৰিক সহযােগিতাতহে জীৱন সুন্দৰ হয। সেয়ে দেশৰ সকলাে শিক্ষাসূচীত বিজ্ঞান আৰু সাহিত্যৰ সমানুপাতিক অংশ থকা আৱশ্যক। ইয়াৰ যিকোনাে এটা প্রতি অত্যধিক গুৰুত্ব আৰু মনােযােগ দিলে জীৱন ব্যৱহাৰিক দীনতাপেংগু হৈ পৰিব অথবা সম্পদৰ ৰূপীকৰণে জীৱন দূর্বিসহ কৰি তুলিব। 
বৈজ্ঞানিক যুগত সংস্কামুক্ত নির্মোহ বুদ্ধিৰ নিৰ্দেশত সাহিত্যৰৰ ধাৰা প্রবাহিত হয় , আনহাতে হৃদয়ক স্বীকাৰ কৰি বিজ্ঞানেও নিজকে সৌন্দর্যমন্দিত কৰি তােলে। বিজ্ঞানীয়ে পদাৰ্থৰ স্বৰূপ অন্বেষণ কৰি কৰি অনু-পৰমাণুৰ চক্ৰবেহু ভেদ কৰি চেতনাৰ এনে এটা স্তৰত উপস্থিত হয়গৈ য'ত বৈজ্ঞানিক বুদ্ধিয়ে আৰু তাৰ ব্যাখ্যা কৰিব নােৱাৰা হয়। তেতিয়াই দার্শনিক তত্ত্বই বিজ্ঞানক লৈ যায় জ্ঞানবুদ্ধিৰ অগােচৰত থকা আলােকময় এক চৈতনাজগতলৈ, য'ত কেৱল হৃদয়জাত অনুভূতি আৰু কল্পনাৰহে বিচৰণ।



🖊সংগ্রহীত

Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.