অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ পৰিচয়

0

অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ চমু পৰিচয় - অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ প্ৰসিদ্ধ ব্যক্তি 
অসমৰ প্ৰখ্যাত লোকৰ বিষয়ে - 

Who is the most popular person in Assam? Who is the most famous person of Assam origin? Major personalities of Assam GK Famous freedom fighters of Assam Famous sports personalities of Assam Legends of Assam A great man of Assam Famous male personalities of Assam Famous female personalities of Assam অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ নাম - অসমৰ মহান ব্যক্তি সকলৰ তালিকা - Great peoples of Assam- Assamese Culture- Assamese literature- Legends of Assam A great man of Assam - Famous male personalities of Assam - Famous female personalities of Assam
অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ চমু পৰিচয়


অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ নাম - অসমৰ মহান ব্যক্তি সকলৰ তালিকা - Great peoples of Assam- Assamese Culture- Assamese literature- Legends of Assam A great man of Assam - Famous male personalities of Assam
- Famous female personalities of Assam




কলিয়া ভােমােৰা বৰফুকন:

বদনচন্দ্ৰ বৰফুকন হােৱাৰ আগতে কলিয়া ভােমােৰাই নামনি অসমৰ বৰফুকন আছিল। কলিয়া ভােমােৰা বৰফুকনেই হৰদত্ত আৰু বীৰদত্তৰ নেতৃত্বত হােৱা দন্দুৱা দ্রোহ দমন কৰে আৰু আহােম ৰজাৰ পৰা ‘প্রতাপ বল্লভ' উপাধি পায়। এই কলিয়া ভােমােৰাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং দিবৰ কাৰণে প্রথমে চেষ্টা কৰিছিল। 



কালিদাস খাটনিয়াৰ (১৮৯৬-১৯৭৭):

অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰা এইজনা কালিদাস খাটনিয়াৰ কবিক স্বভাৱ কবিৰূপে জনা যায়। কালিদাস খাটনিয়াৰৰ ৰচিত পদ পুথিসমূহ হ’ল— পদ্মহৰণ, গৌৰী-গীতা, ফুলকলি, নাম ৰত্নপাল, ভাগৱত মাহাত্ম্য, গান্ধী গীতা আদি। কালিদাস খাটনিয়াৰৰ গদ্যত লিখা পুথি হ’ল ‘ঈশ্বৰ আৰু ধর্ম। 



কুশল কোৱঁৰ (১৯০৯-১৯৪৩):

কুশল কোৱঁৰ ত্যাগৰ প্রতীক, বিয়াল্লিচৰ শ্বহীদ। মুক্তি সংগ্ৰামৰ বীৰ কুশল কোৱঁৰে দেশৰ হকে, জাতিৰ হকে, ভাৰতৰ মুক্তি সংগ্রামত নিজকে মাতৃপূজাৰ বেদীত প্রাণ আহুতি দিলে। এইজনা নিৰপূৰাধী কুশল কোৱঁৰ বীৰে হাঁহি হাঁহি ডিঙিত ফাঁচ লৈ ফাঁচী কাঠত ওলমিছিল।



কীর্তিনাথ শর্মা বৰদলৈ (১৮৭৮-১৯৫২):

সঙ্গীতাচার্য কীর্তিনাথ শর্মা বৰদলৈ মঙ্গলদৈ মহকুমাৰ কুৰুৱাত জন্ম হয়। নাগৰা, বাঁহী আদিৰ বাদক হিচাপে কীর্তিনাথ শর্মা বৰদলৈয়ে বৰ খ্যাতি লাভ কৰিছিল। কীর্তিনাথ শর্মা বৰদলৈয়ে একেলগে সাতটা নাগাৰা বজাব পাৰিছিল। গীত গােৱা আৰু সুৰ দিয়াত কীর্তিনাথ শর্মা বৰদলৈ পাকৈত আছিল। কীর্তিনাথ শর্মা বৰদলৈয়ে অভিনয়াে কৰিছিল। ছােৱালীৰ অভিনয় যােৰহাটত কীর্তিনাথ শর্মা বৰদলৈয়ে প্রথম কৰায়। সুৰ পৰিচয় এওঁৰ সঙ্গীত শিক্ষা বিষয়ক এখন আৱশ্যকীয় পুথি। 'অসম-ৰাইজ' নামৰ এখন কাকতৰ সম্পাদনা কৰিছিল। কীর্তিনাথ শর্মা বৰদলৈ ১৯৩৮ চনত অসম সাহিত্য সভাৰ সঙ্গীত শাখাত সভাপতিত্ব কৰে। কীর্তিনাথ শর্মা বৰদলৈৰ বিশেষত্ব হল যে, এই শতিকাৰ প্ৰথম ভাগত সঙ্গীতাচার্য কাৰণেই গােৱালপাৰাত অসমীয়া গীত আৰু অভিনয় প্রচলন হয় আৰু সৰবৰাহী হৈ পৰে। 



ভীমবৰ দেউৰী:

ভীমবৰ দেউৰী হৈছে ১৯৩২ চনত ডিব্ৰুগড়ত আদালত ওকালতি লীগ (Assam backword plains Tribal league) ৰ জন্ম দাতা। ১৩ বছৰে সাংস্কৃতিক সম্পাদক ৰূপে কটায় আৰু ১৯৩৯ ত বিধান পৰিষদৰ সদস্য হিচাপে মনােনীত হৈছিল। Assam Tribes and Races Fadarations বৰ্ষত আগভাগ লয়। গােপীনাথ বৰদলৈ মন্ত্রীসভাৰ সদস্য ৰূপে কটায়। 



ভূপেন হাজৰিকা:

ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনত। ভূপেন হাজৰিকা বিশ্ববিশ্রুত সংগীতজ্ঞ, শিল্পী। ভূপেন হাজৰিকাই ‘দাদা চাহেব ফাল্কে বঁটা' (১৯৯২) পােৱা প্ৰথম অসমীয়া ব্যক্তি। ভূপেন হাজৰিকা দেৱ ‘পদ্মশ্রী' উপাধিৰে বিভূষিত। ১৯৮৭ চনত শংকৰদেৱ বঁটা লাভ কৰে। ১৯৯৩ চনত অসম সাহিত্য সভাৰ সভাপতি আছিল। অসংখ্য গীত, সুৰ ৰচনা; কেবাখনাে চলচ্চিত্র নির্মাণ আৰু পৰিচালনা তেওঁ কৰি থৈ যায়। 



ভবানন্দ দত্ত (১৯১৯-১৯৫৯):

ভবানন্দ দত্ত কামৰূপ জিলাৰ বজালী অঞ্চলৰ লােক। গুৱাহাটা বিশ্ববিদ্যালয়ৰ দৰ্শনৰ অধ্যাপক হৈ থকা অবস্থাতে ভবানন্দ দত্তৰ মৃত্যু হয়। ৰবীন্দ্র সাহিত্য আৰু দৰ্শনত ভবানন্দ দত্তৰ যথেষ্ট ব্যুৎপত্তি আছিল। তাৰ পৰিচায়ক হ'ল ৰবীন্দ্র প্রতিভা নামৰ তেওঁৰ পুথিখন। 'Philosophy of Indja' ভবানন্দ দত্ত ডাঙৰীয়াৰ এখন মূল্যবান গ্রন্থ। ভবানন্দ দত্তই প্ৰবন্ধৰাজিৰ বাহিৰেও কবিতা ৰচনা কৰিছিল। 



মনচুৰ খাঁ:

লালুক সোলা বৰফুকনে যেতিয়া কু অভিপ্রায়েৰে অর্থাৎ নিজে ৰজা হােৱাৰ প্রচেষ্টা কৰি মােগলক গুৱাহাটী অঞ্চল দিছিল। তেতিয়া মােগল সেনাপতি আছিল এই মনচুৰ খাঁ। ১৬৭৯ চনত লালুক সোলা বৰফুকনে বিনা যুদ্ধে এইজন মোগল সেনাপতিকে গুৱাহাটী এৰি দিছিল। 



মাধবচন্দ্র বেজবৰুৱা: 

শিৱসাগৰ জিলাত জন্ম গ্রহণ কৰা সাহিত্যিক, সাংবাদিক কর্মকুশলী মাধবচন্দ্র বেজবৰুৱা ‘ডুকাবেজ' বুলিহে অসমত পৰিচিত। ১৯৩৬ চনত মাধবচন্দ্র বেজবৰুৱা সদৌ অসম ছাত্রসন্থাৰ সম্পাদক হিচাপে নির্বাচিত হয়। তেওঁ বেজবৰুৱাৰ বাঁহীৰ সম্পাদনৰ ভাৰ লয় আৰু এহাসুধীয়া চেষ্টাৰে বাঁহী সম্পাদনা কৰি সাপ্তহিকলৈ ৰূপান্তৰ কৰে। 



কমলাকান্ত ভট্টাচার্য:
কমলাকান্ত ভট্টাচার্যৰ জন্ম ১৮৫৩ চনত। কিছুকাল ‘অসম হিতৈষী’ কাকতৰ সহযােগী সম্পাদক। কমলাকান্ত ভট্টাচার্যৰ কবিতাৰ পুথি চিন্তানল, চিন্তা তৰংগ। আন এখন প্রকাশিত পুথি- কঃ পন্থা।



কৰুণাভিৰাম বৰুৱা: ( ১৮৭৪ - ১৮৯৩ ) 


কৰুণাভিৰাম বৰুৱাৰ জন্ম ১৮৭৪ চনত। ১৮৮৮ চনত ল'ৰাবন্ধু নামৰ শিশু আলােচনীৰ প্রতিষ্ঠাতা আৰু সম্পাদক হয়। ছাত্ৰাৱস্থাত অকালতে কৰুণাভিৰাম বৰুৱাৰ মৃত্যু হয়।



কমলালয়া কাকতি:

কমলালয়া কাকতিৰ জন্ম হয় ১৮৯৬ চনত। কমলালয়া কাকতিয়ে ১৯২৮ চনত প্রথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতি'ৰ প্রকাশ আৰু সম্পাদনা কৰে। কমলালয়া কাকতিৰ ১৯৪৬ চনত মৃত্যু হয়।


কালিৰাম মেধি:

কালিৰাম মেধিৰ জন্ম ১৮৭৮ চনত। ১৯১৯ চনত ‘অসম সাহিত্য সভা'ৰ সভাপতি হয়। কালিৰাম মেধিয়ে ১৯৪৬ চনত ৰায়বাহাদুৰ উপাধি লাভ কৰে। ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব', ‘মহাপুৰুষ শংকৰদেৱৰ বাণী', 'ষ্টাডিজ অন বৈষ্ণৱ লিটাৰেচাৰ এণ্ড কালচাৰ অৱ আসাম' আদি কালিৰাম মেধিৰ প্রকাশিত গ্রন্থ। কালিৰাম মেধিৰ মৃত্যু হয় ১৯৫৪ চনত।


কুসুম্বৰ ভূঞা:

শ্ৰীশ্ৰী শঙ্কৰদেৱৰ পিতৃ আছিল কুসুম্বৰ ভূঞা। যাৰ মাতৃ আছিল খেৰসূতি আৰু পিতৃ আছিল সূৰ্যবৰ। কুসুম্বৰ ভূঞাই “শিৰােমণি ভূঞা" বাব পাইছিল। কুসুম্বৰ ভূঞাৰ প্রথম পত্নী সত্যসন্ধাৰ গৰ্ভত বহু দিনলৈ সন্তান নােহােৱা দেখি অনুষ্কৃতিক বিয়া কৰাইছিল। সত্যসন্ধাৰ গৰ্ভত জন্ম লােৱা সন্তানৰ নাম আছিল শংকৰদেৱ, অনুধৃতিৰ পুত্ৰ হ'ল বন গঞাগিৰী। শংকৰদেৱৰ সাত বছৰমান বয়সত কুসুম্বৰ ভূঞাৰ মৃত্যু হয়।



কাশীনাথ তামুলী:

কাশীনাথ তামুলী স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজবিষয়া আৰু এজন বুৰঞ্জীবিদ আছিল। কাশীনাথ তামুলীৰ ১৮১০ চনত জন্ম আৰু মৃত্যু আনুমানিক ১৮৭০- ৮০ চনত। পাৰ্চি, বাংলা আৰু আহােম ভাষাত কাশীনাথ তামুলীৰ বিশেষ জ্ঞান আছিল। স্বৰ্গদেউ পুৰন্দৰ সিংহৰ আদেশ মর্মে ৰাধানাথ বৰবৰুৱাৰ সৈতে কাশীনাথ তামুলীয়ে আহােম ভাষাৰপৰা অনুবাদ কৰি “আসাম বুৰঞ্জি পুথি” লিখি উলিয়ায়। ১৮৪৪ চনত এই পুথি শিৱসাগৰৰ বেপ্টিষ্ট মিছন প্রেছে ছপা কৰে। এইখনেই প্ৰথম অসমীয়া ছপা বুৰঞ্জী।



কীর্তিচন্দ্ৰ বৰবৰুৱা :
কীর্তিচন্দ্ৰ বৰবৰুৱা আহােম যুগৰ এজন বৰবৰুৱা আছিল। কীর্তিচন্দ্ৰ বৰবৰুৱাৰ জন্ম আনুমানিক ১৭০৯ চনত। স্বৰ্গদেউ শিৱ সিংহই বৰবৰুৱা পদ দিয়ে। তাৰ পাছৰপৰা অতিশয় দাম্ভিক আৰু ক্ষমতাশালী হৈ উঠে। চকৰি ফেটী বুৰঞ্জীত কীর্তিচন্দ্ৰ বৰবৰুৱাৰ কথা বেয়াকৈ লিখাত তেনে ধৰণৰ আটাইবােৰ বুৰঞ্জী গােটাই পুৰি পেলায়। ১৭৬৯ চনত ৰাঘ মৰাণৰ হাতত মৃত্যু হয়। কীর্তিচন্দ্ৰ বৰবৰুৱা গেন্ধেলা বৰবৰুৱা নামেৰে জনাজাত আছিল।


কুকুৰাখােৱা গোহাঁই:

কুকুৰাখােৱা গোহাঁই আহােম স্বৰ্গদেউ চুতিংফা বা নৰীয়া ৰজাৰ পূত্র। কুকুৰাখােৱা গোহাঁইৰ প্রকৃত নাম ঠানুৱা গােহাঁই। কুকুৰাখােৱা গোহাঁই অতি নিষ্ঠুৰ প্ৰকৃতিৰ আৰু অত্যাচাৰী আছিল। সৰু-বৰ সকলােৱে অত্যাচাৰত তিষ্ঠিব নােৱাৰি কুকুৰাখােৱা গোহাঁইক হত্যা কৰে।


কৃষ্ণ ভূঞা:

কৃষ্ণ ভূঞা আৱাহন যুগৰ বিশিষ্ট গল্পকাৰ। ১৯০৪ চনত যােৰহাটত কৃষ্ণ ভূঞাৰ জন্ম। কৃষ্ণ ভূঞাৰ প্রকাশিত পুথি হ'ল ৰামধেনুৰ ৰং (গল্প সংকলন ১৯৬২), উত্তৰ মেঘ (উপন্যাস, ১৯৮৪) ফুল আৰু জাবৰ (গল্প সংস্কলন, ১৯৮৮) কৃষ্ণ ভূঞাৰ গল্প সমগ্র (প্রথম খণ্ড, ১৯৮৮), কৃষ্ণ ভূঞাৰ উপন্যাস সমগ্র (১৯৯৯) আৰু জীৱৰ মৰীচিকা (কবিতা ১৯৯৮)। তাৰােপৰি অনেক গল্প, প্ৰৱন্ধ, অনার্তাৰ নাটক, কবিতা অপ্রকাশিত অৱস্থাত আছে। ২০০৫ চনৰ ৩০ মার্চত কৃষ্ণ ভূঞাৰ মৃত্যু হয়।


কুমাৰ কিশােৰ:

কুমাৰ কিশােৰ ১৯২৯ চনত নলবাৰীত জন্ম। প্রকৃত নাম কিশােৰ কুমাৰ প্রখ্যাত উপন্যাসিক। কুমাৰ কিশােৰৰ প্রকাশিত উপন্যাস হ'ল- ৰক্তবৰ হিমানী, হিল্লোল, সীমান্তৰ সূর্য, শতাব্দীৰ স্বপ্ন, সােণজুলিৰ শিলজুৰিৰ সাঁকো ইত্যাদি।






Post a Comment

0Comments
Post a Comment (0)