অসমৰ চাহ বাগিচা- অসমীয়া ৰচনা

অসমৰ চাহ বাগিচা - অসমৰ উদ্যোগিক চাহ শিল্প অসমৰ চাহ বাগিচা - অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমীয়া ৰচনা 

অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম অসমীয়া ৰচনা - Assamese Essay for HSLC / HS students - SEBA BOARD - Tea Garden of Assam - Largest Tea Garden of Assam - First Tea Garden of Assam - History of tea in Assam - Tea Industry in Assam

অসমৰ চাহ বাগিচা - অসমৰ উদ্যোগিক চাহ শিল্প মৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

অসমৰ চাহ বাগিচা 

অসমৰ উদ্যোগিক চাহ শিল্প 

অসমৰ চাহ বাগিচা - অসমৰ উদ্যোগিক চাহ শিল্প মৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

অসমৰ চাহ বাগিচাৰ কথাই কিছু সুকীয়া। চাহ বাগিচাবোৰ বিস্তৃত সেউজীয়া। চকুৰ মণিত থাকে সেউজীয়া। সৰু সৰু গছৰ শৰীৰ জুৰি থাকে কোমল কুঁহিপাত। অসমৰ চাহ পৃথিৱীবিখ্যাত সম্পদ। পুৱা উঠি চাহকাপ নােখােৱা মানুহ অসমত প্রায়েই নগন্য। অসমৰ চুকে-কোণে, পাহাৰে কৰি থকা চাহ বাগিচাবােৰে ঘােষণা কৰে আমাৰ অস্তিত্ব, ঐতিহ্য। ই আমাৰ সমাজৰ এক অভিন্ন অংগ। অভিজাত্যৰ লগতে চাহ হৈ উঠিছে জীৱন আৰু জীৱিকাৰৰ সাধন। চাহ গছবােৰৰ প্ৰতিপালক, বনুৱা শ্রমিক আৰু চাহ বাগানৰ স্বত্বাধিকাৰীসকল আমাৰ ভাই- সহােদৰ। ব্রিটিছ আমােলত অসমত চাহ খেতি আৰম্ভ হয়। সেইদিনৰ পৰা আজিলৈকে চাহে দখল কৰিছে এক সম্ভ্রান্ত আসন। চাহ খেতি আমাৰ বাবে সেয়ে উদ্যোগ মাথােন হৈ থকা নাই, ই হৈ পৰিছে শতিকাজোৰা ঐতিহ্য। চাহ বা চা চীনা ভাষাৰ শব্দ। এসময়ত চাহক টি (Te) বুলি জনাজাত আছিল। ইংৰাজ সদাগৰসকলে চীন প্রদেশৰ এময় (Amoy) বন্দৰৰ মাজেদি বেহা-বেপাৰ কৰোতে চাহৰ সংস্পৰ্শলৈ আহে। এই টি অৰ্থাৎ চাহ শব্দটোৰে অপভ্রংশ ইংৰাজী ভাষাৰ টি (Tea) শব্দ। যাক অসমীয়া আৰু আন ভাৰতীয় ভাষাত চাহ বােলা হয়। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

অতীজৰপৰা অসমৰ বিভিন্ন ঠাইৰ হাবি-পর্বতত চাহ গছ বনৰীয়াভাৱে গজি আছিল। অসমীয়া মানুহে পানী লগা অসুখ আদি আৰোগ্যৰ বাবে ৰাগিয়াল দ্রব্য হিচাপে হাবিৰ পৰা চাহ গছৰ পাত আনি টেকেলীত পানী দি সিজাই বা চাহপাত ৰ'দত শুকুৱাই ঢেকীত খুন্দি সেই পাত গৰম পানীত জুবুৰিয়াই তাৰ পানী খাইছিল। অৱশ্যে আজিকালি আমি খােৱাৰ দৰে আগৰ মানুহে চাহ খােৱা নাছিল। চাহ চিংফৌ সকলৰ বৰ প্রিয়। চাহক এওঁলােকে 'ফানাপ’ বুলিছিল। এতিয়াও ফানাপ বুলি সমাজত বহু জনপ্রিয় এইবিধ চাহ। ১৮২৩ চনত বার্ট ব্রুনামৰ এজন ইংৰাজ সামৰিক বিষয়াই উজনি অসমৰ হাবি- কত ঘুৰি ফুৰোঁতে এজন চিংফৌ গামৰ পৰা সেই অঞ্চলত চাহৰ অক্তি বিষয়ে সম্ভেদ পায। অৱশ্যে ৰবার্ট ব্রুচৰ ভায়েক চার্লচ আলেকজেণ্ডাৰ ক্ৰকো কোনাে কোনােৱে অসমত চাহ আৱিষ্কাৰক বুলি ক'ব খােজে। গতিকে চাহৰ আৱিষ্কাৰক বুলি দুয়ােজনকে ইংলেণ্ডৰকলা পৰিষদে (English Society of Arts) এটা সােণৰ পদক যুটীয়াভাৱে প্ৰদান কৰে। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

কিন্তু ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী (British East India Company)ৰ চাকৰিয়াল মেজৰ জেনকিন্স (Major Jenkins) আৰু কেপ্তেইন চার্লটনে(Captain Charlton)ও চাহৰ আৱিষ্কাৰকৰূপে দাবী কৰাত বংগদেশৰ কৃষি পৰিষদে (Agricultural and Horticultural Society of Bengal) তেওঁলােককো একোটাকৈ পদক প্রদান কৰে। ১৮৩৯ চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীৰ তত্ত্বাৱধানত অসমত ব্যৱসায়িক ভিত্তিত চাহ খেতি কৰাৰ বাবে ‘আছাম কোম্পানী’ (Assam Company) নামৰ এটা ব্যবসায়িক প্রতিষ্ঠান গঠন হয় আৰু এইটোৱেই অসমত ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰা প্রথম চাহ কোম্পানী। আছাম কোম্পানীৰ সদৰ কার্যালয় আছিল নাজিৰাত। উল্লেখযােগ্য যে এই কোম্পানীটোৱেই ভাৰতৰ সর্বপ্রথম যুটীয়া মূলধনৰ ব্যক্তিগত খণ্ডৰ কোম্পানী। ইয়াৰ পিছত ১৯৫৯ চনৰ ২৯ জুনত যােৰহাট টি কোম্পানী (Jorhat Tea Company) নামৰ দ্বিতীয়টো চাহ কোম্পানী আৰম্ভ কৰা হয়। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

অসমত চাহ উৎপাদনৰ প্ৰথম ব্যৱসায়িক প্রতিষ্ঠান আছাম কোম্পানী দেৱান হিচাপে বছৰ কাল (১৮৩৯-৪৫) চাকৰি কৰি মণিৰাম দেৱানে চাহ শিল্পৰ বিষয়ে যথেষ্ট অভিজ্ঞতা অর্জন কৰে। মণিৰাম দেৱানে ১৮৫৩ চনত যােৰহাটৰ চিনামৰাইয়াত চীনা বনুৱাৰ দ্বাৰা চাহপাত মৰােৱা হৈছিল বাবে এই বাগিচাৰ নাম চিনামৰা হয়। অর্থাৎ, চীনাই মৰা চাহ বাগিচা চিনামৰা বাগিচা আৰু সােণাৰীৰ ওচৰত চিংলৌ নামে দুখন চাহ বাগিচা খােলে। কিন্তু ইংৰাজ খেতিয়কসকলে এজন থলুৱা লােকে অসমত চাহ খেতি আৰকৰা ভালপােৱা নাছিল। ফলস্বৰূপে চিপাহী বিদ্ৰোহৰ লগত জড়িত বুলি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ইংৰাজ চৰকাৰে মণিৰাম দেৱানক ফাঁচী দিয়ে। এই কার্যত ইংৰাজ চাহ খেতিয়কসকলৰ ব্যৱসায়িক আক্রোশ আৰু দুৰভিসন্ধি স্পষ্টকৈ প্ৰকাশ পাইছিল। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

কেঁচা চাহপাতৰপৰা আমি খােৱা কলা চাহ কেইবাটাও প্রক্রিয়াৰ সহায়ত প্রস্তুত করা হয়। চাহ বাগিচাত উৎপন্ন হােৱা চাহ প্ৰাহকক নি দিওঁতা একশ্রেণী মধ্যস্থ ব্যৱসায়ী আছে যাক ব্ৰকাৰ (Broker) বোলা হয়। বাগিচাৰপৰা অতি কম চাহহে পােনে পােনে বিক্রী হয়।ব্ৰকাৰে বাগিচাই পঠিওৱা চাহ ৰে'ল, জাহাজেৰে নি গুদামত থয়। তাৰ পিছত প্রতিবিধৰ নমুনা আনি চাহ পৰীক্ষা (Tea Testing) কৰি চায়। চাহ পৰীক্ষক অতি অভিজ্ঞ ব্যক্তি আৰু চাহ পৰীক্ষা কৰাৰ বিভিন্ন নিয়ম আছে। তেওঁলােকে চাহ পৰীক্ষা কৰি তাৰ গুণাগুণ নির্ণয়ৰ অন্তত বিভিন্ন বাগিচাৰপৰা অহা চাহৰ দাম নির্ধাৰণ কৰি তালিকা প্রস্তুত কৰে। এই তালিকাবােৰৰ পৰা গ্ৰাহকসকলে কেনেধৰণৰ চাহ বজাৰত আছে জানিব পাৰে। এইদৰে কৰা তালিকাৰ চাহ নির্ধাৰিত দিনৰ মূৰে মূৰে কিনা-বেচাৰ বাবে নিলাম হয়। নিলাম কেন্দ্ৰৰ নিয়ম অনুসৰি চাহৰ দাম নির্দিষ্ট সময়ৰ মূৰত গ্ৰাহকে জমা দিযে। চাহ বিক্ৰীৰ ওপৰত ব্ৰকাৰে এটা কমিছন পায। অসমত কেইবাটাও থলুৱা ব্ৰকাৰ কোম্পানী গঢ়ি উঠাটো আনন্দৰ কথা। অসম তথা উত্তৰ-পূর্বাঞ্চলত উৎপাদিত চাহৰ সঠিক বিপণনৰ বাবে ১৯৭০ চনত গুৱাহাটীত এটা চাহ নিলাম কেন্দ্র স্থাপন কৰা হয়। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

বর্তমান এইটো পৃথিৱীৰ ভিতৰতে সর্ববৃহৎ চি টি টি চাহ নিলাম কেন্দ্র, সর্বমুঠ চাহ নিলামৰ ক্ষেত্ৰত ইয়াৰ স্থান পৃথিৱীৰ ভিতৰতু দ্বিতীয়। গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰই বছৰি ১৫ কোটি কিলােগ্রাম চাহ নিলাম কৰে, যাৰ অর্থমূল্য ৫৫০ কোটি টকাৰাে অধিক। সুদীর্ঘ কালজুৰি অসমে ভাৰতৰ মুঠ চাহ উৎপাদনৰ শতকৰা ৫০ ভাগতকৈও অধিক চাহ উৎপাদন কৰি আহিছে। ১৯৬১ চনত অসমত চাহ উৎপাদনৰ মুঠ পৰিমাণ আছিল প্রায় ১৮ কোটি কিলােগ্রাম। ১৯৭১ চনত ই ২২ কোটি কিলােগ্রামলৈ বৃদ্ধি পায়। ১৯৮০ চনত অসমে মুঠ ৩০ ৫ কোটি কিলােগ্রাম চাহ উৎপাদন কৰে। ১৯৯১ চনত ই পৰিমাণ হযগৈ প্রায় ৪০ কোটি কিলােগ্রাম। ১৯৯৮ চনৰ শেহতীয়া পৰিসংখ্যা অনুসৰি অসমৰ প্ৰায ৮০০ খন চাহ বাগিচাৰ ২,৩০,৯৭৮ হেক্টৰ মাটিত ৪,৬২,৭৮৩ হাজাৰ কিলােগ্রাম চাহ উৎপাদন হয। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা উভযতে চাহ উৎপাদন হয। চাহ উৎপাদন হােৱা অসমৰ প্রধান জিলাকেইখন হ'ল দৰং, ডিব্ৰুগড, শিৱসাগৰ, গােৱালপাৰা, কামৰূপ, লখিমপুৰ, নগাঁও, কাছাৰ,কাৰ্বি আংলং আৰু উত্তৰ কাছৰ পাহাৰ জিলা। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

বর্তমান অসমে ভাৰতৰ চাহ উৎপাদনৰ ৫৫ শতাংশ আৰু পৃথিৱীৰ মুঠচাহ উৎপাদন ১/৬ অংশ চাহ উৎপাদন কৰে। এই শিল্পই অসমৰ অর্থনীতিলৈও প্রভুত বৰঙণি যােগাই আহিছে। বর্তমানে অসমৰ চাহ শিল্পত প্রায় ৮ লাখ লােক প্রত্যক্ষভাৱে আৰু প্রায় ১০ লাখ লােক পৰােক্ষভাৱে জড়িত। তদুপৰি ৰাজ্যখনৰ প্ৰায় ২০ শতাংশ লােক চাহ শিল্পৰ ওপৰত নিৰ্ভৰশীল। চাহ শিল্পৰ পৰা অসমে বছৰি প্ৰায ১,৭০০ কোটি টকা উপার্জন কৰে, সেইদৰে প্রায় ৬০০ কোটি টকাৰ বিদেশী মুদ্রা অর্জন কৰে। তদুপৰি কেইবালাখাে কৰ্মচাৰীৰ সংস্থানে চাহ শিল্পই অসমৰ এক বিপুল পৰিমাণৰ নিবনুৱা সমস্যা দূৰ কৰিছে। অসমত চাহ খেতিৰ ব্যৱসায় আটাইতকৈ পুৰণি আৰু ই এক সু-সংগঠিত বিজ্ঞানসম্মত ব্যৱসায় বুলি পৰিগণিত হৈ আহিছে। আধুনিক ভাৰত ব্যৱসায় উদ্যোগসমূহত আজি কিছু দিনৰপৰাহে গৱেষণা আৰু উন্নয়ন'(Resarch & Development, সংক্ষেপে R&D) আৰু গুণাগুণ নিয়ন্ত্রণ (Quality control) প্রচলিত হৈছে যিটো অসমৰ চাহ শিল্পত বহুদিনৰপৰা ব্যৱহৃত হৈ আহিছে। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

১৯০০ চনত চাহৰ বৈজ্ঞানিক গৱেষণাৰ বাবে যােৰহাটত টোকলাই চাহ গৱেষণা কেন্দ্র স্থাপিত হয়। ইয়েই পৃথিৱীৰ সর্বপ্রথম আৰু সর্ববৃহৎ চাহ গৱেষণা কেন্দ্র। এই কেন্দ্ৰৰ গৱেষণাৰ ফলতেই ১৯০০ চনত ভাৰতৰ উত্তৰ- পূব অঞ্চলত প্রতি হেক্টৰত উৎপন্ন হােৱা ৪২৬ কিলােগ্রাম চাহৰ বিপৰীতে ১৯৭৯ চনত প্রতি হেক্টৰত ১৫০০ কিলােগ্রাম চাহলৈ বৃদ্ধি পায়। তদুপৰি এই কেন্দ্রতে ক্লন (Clone) পদ্ধতিৰে চাহৰই সােনকালে আৰু অধিক উৎপাদনক্ষম চাহ গছ পােৱা সম্ভৱ হৈছে। চাহ বাগিচাৰ কলঘৰসমূহত প্রস্তুত কৰা ‘চি টি চি (CTC) নামৰ আধুনিক চাহবিবাে এই গৱেষণা কেন্দ্রই উন্নত কৰি পৃথিৱীত জনপ্রিয় কৰি তুলিলে। অসমৰ চাহ শিল্পত ১৮৫৯ চনলৈকে কেইজনমান চীনা কাৰিকৰৰ বাহিৰে সকলাে বনুৱা থলুৱা আছিল। প্রথমে থলুৱা বনুৱাই মাহে (দিনে নহয়) ২ ৫০ টকাৰ পৰা ৩ ৫০ টকাকৈ বানচ পাইছিল। চিপাহী বিদ্ৰোহৰ সময়ত এই পাৰিশ্ৰমিক চাৰি টকালৈ বাঢ়িছিল। বর্তমান সকলাে সা-সুবিধাসহ এজন বনুৱাৰ মজুৰি দিনে (মাহে নহয়) ৫৪ ৮০ টকা। ১৮৬১ চনৰ বংগদেশৰচৰকাৰী প্রতিবেদন মতে অসমৰ চাহ শিল্পত তেতিয়া ১০,০০০তকৈ অধিক থলুৱা বনুৱা নাছিল। চাহ খেতিয়কসকলক ১৬-২০ হাজাৰ বনুৱাৰ আৱশ্যক হােৱাত আৰকাঠী বা এজেণ্টৰ যােগেদি অসমৰ বাহিৰৰ পৰা বনুৱা আনিবলৈ আৰম্ভ কৰে। পিছত চৰ্দাৰী’ পদ্ধতিৰেও ৰাজ্যখনৰ বাহিৰৰ পৰা বনুৱা নিয়ােগ কৰিবলৈ ধৰে। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

অৱশ্যে আজি অতীজৰ বাহিৰৰ পৰা অহা বনুৱাসকলৰ বংশধৰসকলে অসমৰ জাতিয়ত্ব গ্রহণ কৰি খিলঞ্জীয়া লােকসকলৰ লগত মিলি গৈ অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগৰূপে বিবেচিত হৈছে। চাহ মজদুৰ জনগােষ্ঠীৰ কথা বাদ দি বৃহত্তৰ অসমীয়া জাতিৰ আর্থ- সামাজিক, সাংস্কৃতিক তথা ৰাজনৈতিক জীৱনৰ কথা ভাবিবই নােৱাৰি। অসমৰ চাহ শিল্পৰ আৰম্ভণিতে যথেষ্ট সংখ্যক থলুৱা বনুৱা আছিল যদিও ১৮৮৫ চনত তেওঁলােকৰ সংখ্যা হ্রাস পাই মাত্র ৫ ৫% হৈছিলগৈ। সেই সময়ৰ চাহ কৰ্মচাৰীসকলৰ অধিকাংশ, যেনেঃ কেৰাণী, মহৰী আদি বংগদেশৰ পৰা আহিছিল। অসমত ইংৰাজী শিক্ষা বিস্তাৰ হােৱাৰ লগে লগে এনে পদ বিলাকত থলুৱা কৰ্মচাৰী বৃদ্ধি পালে। মণিৰাম দেৱানৰ পিছত ৰােষেশ্বৰ বৰুৱা আৰু হেমধৰ বৰুকে প্রমুখ্য কৰি কেইবাজনাে অসমীয়াই চাহ বাগিচা খুলি চাহ খেতিৰ বাটকটীয়াৰূপে আগবাঢ়ি আহে। ৰােষেশ্বৰ বৰুৱাই ছয়-সাতখন চাহ বাগিচা খুলিছিল। তাৰ ভিতৰত লাহদৈগড়,নাগিনীজান, মাধপুৰ, দেওপানী আদিয়েই প্রধান। হেমধৰ বৰুৱাই লাহদৈগড় বাগিচাৰ পৰা গুটিস’নি লেতেকুজান চাহ বাগিচা পাতিছিল। হেমধৰ বাৰ পুত্ৰ জগন্নাথ বৰা আৰু কৃষ্ণকান্ত বৰুৰাও চাহ খেতিৰ লগত জড়িত আছিল। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

উজনি অসমৰ প্ৰথম স্নাতক জগন্নাথ বৰুৱা বােধহয় তেতিয়াৰ ইংৰাজ আৰু ভাৰতীয় চাহ খেতিয়কসকলৰ ভিতৰতে প্রথম স্নাতক। এখেতসকলৰ উপৰি বিৰাম বৰুৱা, শিৱপ্ৰসাদ বৰুৱা, দেৱীচৰণ বৰুৰা, মালভােগ বৰুৱা, নাৰায়ণ চন্দ্ৰ বেজবৰুৱা, হৰিবিলাস আগৰৱালা, মৌলবী শাহনুৰআলি হাজৰিকা, ঘনশ্যাম বৰা, ৰাধাকান্ত সন্দিকৈ,নীলাম্বৰ দত্ত, সােমেশ্বৰ বৰা, পদ্মনাথ শৰ্মা, মৌলবী তফজুল হুছেইন হাজৰিকা, মিহিৰাম শইকীয়া, দেৱৰাজ ৰয়, কামাখ্যা ৰাম বৰুৱা,নন্দেশ্বৰ চক্ৰৱর্তী, যদুনাথ বৰা, ৰজনীকান্ত বৰুৱা আদিয়েও চাহ বাগিচা খুলি চাহ শিল্পটোত ঘনিষ্ঠভাৱে সােমাই পৰি শিল্পটোৰ বিকাশ, প্রকাশ আৰু প্ৰসাৰ ঘটাইছিল। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

১৯৭৮ চনৰ পৰা অসমত ক্ষুদ্ৰ চাহ খেতিও আৰম্ভ হৈছে। চাহ বােৰ্ডৰ ২০০১ চনৰ এক পৰিসংখ্যা অনুসৰি অসমত ৮৬২ খন ক্ষুদ্ৰ চাহ বাগিচা আছে আৰু এই চাহ খেতিয়ে সামৰা মাটিৰ পৰিমাণ ৩০৮৪ ০৯ হেক্টৰ। পৃথিৱীৰ মুঠ ৪০খন চাহ উৎপাদনকাৰী দেশৰ ২০৪কোটি হেক্টৰ মাটিৰ চাহ খেতিৰ ভিতৰত অসমৰ চাহতেই ঔষধীয় গুণ আটাইতকৈ বেছি। চাহ স্বৰাজোত্তৰ অসমৰ অর্থনৈতিক জাগৰণ, যাৰ প্ৰভাৱ সামগ্রিকভাৱে সমাজখনৰ ওপৰতত সুদূৰপ্ৰসাৰী হােৱাৰে কথা। সকলাে প্রতিকূলতাক নেওচি চাহখেতিৰ বিষযে কৰা অত্যাধুনিক গৱেষণা তথা সজাগতাই বহুক্ষেত্ৰত সহায়ক হ'ব। 

অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম

🖊সংগ্রহ কৰা হৈছে

অসমৰ চাহ বাগিচা - অসমৰ উদ্যোগিক চাহ শিল্প আৰু অসমৰ চাহ উদ্যোগৰ সমস্যা - অসমৰ প্ৰথম চাহ বাগিচা - অসমৰ প্ৰথম চাহ খেতিয়ক - অসমৰ চাহ উদ্যোগৰ ইতিহাস - অসমৰ চাহ বাগিচাৰ নাম অসমীয়া ৰচনা - Assamese Essay for HSLC / HS students - SEBA BOARD - Tea Garden of Assam - Largest Tea Garden of Assam - First Tea Garden of Assam - History of tea in Assam - Tea Industry in Assam 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.