৩৫০+ মহৎ উপদেশ- মহৎ কথা

৩৫০+ মহৎ উপদেশ- মহৎ কথা- মহৎ লোকৰ মহৎ বাণী- Mohot Lukor Mohot Bani- 


৩৫০+ মহৎ উপদেশ- মহৎ কথা- মহৎ লোকৰ মহৎ বাণী- Mohot Lukor Mohot Bani- মহৎ লোকৰ বাণী
মহৎ বাণী


মহৎ লোকৰ বাণী শিক্ষা- মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Great People Great Thoughts- Assamese Quotes- Motivational Inspirational Status Quotes in Assamese


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১। মোক তেজ দিয়া ,বিনিময়ত মই তোমালোকক স্বাধীন দিম।

= সুভাষ চন্দ্ৰ বসু


২। জননীক ভালপোৱা মানে কেৱল নিজৰ প্ৰসূতিকেই ভালপোৱা নুবুজাই ,সমগ্র মাতৃজাতিক ভালপোৱা বুজায়।

= সুভাষ চন্দ্ৰ বসু


৩। দহটা পুত্ৰ জন্ম দিয়া আৰু এডাল গছ ৰোৱা একে কথা।

= হজৰত মহম্মদ


৪। ভুল জনাতকৈ একো নজনাই ভাল।

= হজৰত মহম্মদ


৫। ধৈর্যহীন ব্যক্তি কেতিয়াও প্ৰেমৰ পাত্ৰ হ’ব নোৱাৰে 

= ইটালীয় প্ৰবজন 


৬। যি মানুহে ধনী হ’বলৈ খৰধৰ লগায়, তেওঁ অপৰাধ নকৰাকৈ থাকিব নোৱাৰে

= ওল্ড টেষ্টামেন 


৭। তুমি জীৱনক ভাল পোৱানে? যদি জীৱনক ভাল পোৱা সময়ৰ অপচয় নকৰিবা ; কাৰণ সময়ৰ সমষ্টিয়েই জীৱন।

= বেঞ্জামিন ফ্ৰেংকলিন


৮। সুযোগ আৰু সম্ভাৱনা কেতিয়াও নিজে নিজে সৃষ্টি নহয়, নিজৰ প্ৰচেষ্টাৰেহে সুযোগ বা সম্ভাৱনা সৃষ্টি কৰিব লগা হয়।

= ক্ৰিছ গ্ৰোছাৰ


৯। আদৰ্শ মানুহ সেইজনেই যিজনে অন্যৰ উপকাৰ কৰি আনন্দ পায় আৰু আনৰ পৰা উপকাৰ গ্ৰহণ কৰিব লাগিলে লজ্জিত হয়।

= এৰিষ্টটল


১০। নিজক সদায় আনন্দত ৰাখিবা। আনন্দময় উৎসাহী আৰু শক্তিমানৰ কাৰণেহে পৃথিৱীখন, দুৰ্বল আৰু নিৰুৎসাহী মানুহৰ বাবে নহয়।

= ৰালফ এমাৰ্ছন


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১১। সাংসাৰিক সম্পত্তি সৰহ হ'লেই মানুহ সুখী হ'ব নোৱাৰে। মনৰ সন্তোষই সুখৰ মূল।

= হজৰত মহম্মদ


১২। পাহৰি যোৱাটো কোনো দৈৱিক ঘটনা নহয়, ই মানুহৰ মনৰ এক স্বাভাৱিক বৈশিষ্ট্য।

= মাৰ্থিন লুথাৰ কিং


১৩। কৈ পেলোৱা কথা, এৰি দিয়া শৰ, বিধিৰ বিধান, অতীত সময় এই চাৰিটা ওলোটাই আনিব নোৱাৰি।

= আৰৱী যোজনা


১৪। তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰম বিলাক আগতে স্থিৰ কৰি লোৱা, দেখিবা এক সময়ত সিয়ে তোমাক মানুহ কৰি তুলিব।

= বেনেডিক্ট


১৫। আনে কৰিবলৈ কোৱামতে বা কৰামতে নকৰি যি কাম আমি নিজে ভাবি কৰোঁ তেনে কামতহে মনৰ সুখ আৰু শান্তি নিহিত হৈ থাকে।

= মহাত্মা গান্ধী


১৬। দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত 

= বুদ্ধদেৱ


১৭। কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা = সৰ্বপল্লী ৰাধাকৃষ্ণণ


১৮। মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি 

= মহাত্মা গান্ধী


১৯। খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু 

= মহাত্মা গান্ধী


২০। মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে 

= বুদ্ধদেৱ


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২১। অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব 

= মহাবীৰ


২২। কিতাপে বিশ্ব ব্ৰহ্মাণ্ডক ইয়াৰ আত্মা প্ৰদান কৰে, মনক ডেউকা প্ৰদান কৰে, কল্পনাক উৰাৰ সক্ষমতা আৰু সকলোকে জীৱনময় কৰি তোলে।

= প্লেট’


২৩। ক্ষুদ্ৰতম কামটো কৰিবৰ সময়তো সেই কামটোতে ঢালি দিবা তোমাৰ সমস্ত হৃদয়, মন, বুদ্ধি আৰু আত্মা। কৃতকাৰ্যতাৰ সেইটোৱে হ’ল গোপন ৰহস্য।

= স্বামী বিবেকানন্দ


২৪। বিবেক হ’ল আমাৰ অন্তৰৰ বাণী যিটোৱে আমাক সাৱধান কৰি থাকে যে তুমি নিজে নজনাকৈয়ে কোনোবাই তোমাক নিৰীক্ষণ কৰি থাকিব পাৰে।

= এইচ এল মেনকেন


২৫। আনৰ সুখ হোৱাটো যদি বিচৰা তেন্তে দয়ালু হ’বলৈ যত্ন কৰা। যদি নিজেও সুখী হ’ব বিচৰা তেতিয়াও দুয়ালু হ’বলৈ চেষ্টা কৰা।

= দালাই লামা


২৬। জীৱনকৈ ভয় নকৰিবা, বিশ্বাস ৰাখা জীৱনটো ভালদৰে যাপন কৰিবৰ বাবে; তোমাৰ এই বিশ্বাসে এদিন সত্য প্ৰতিষ্ঠাত সহায় কৰিব।

= উইলিয়াম জেমছ


২৭। আমাৰ সকলো সপোনে পূৰণ হোৱাটো সম্ভৱ যদিহে এই সপোনবোৰক অনুসৰণ কৰাৰ সাহস আমাৰ থাকে।

= ৱাল্ট ডিজনী


২৮। নিজৰ কাৰণে কোনো কথা বা চিন্তা বা কাৰ্যৰ দ্বাৰা আনৰ অসন্তুষ্টি উৎপাদন নকৰাটোৰ নামেই চৰিত্ৰৰ পৱিত্ৰতা।

= অম্বিকাগিৰি ৰায়চৌধুৰী


২৯। নিৰাশ হোৱাটো অপৰাধ। দুৰ্ভাগ্যৰ পৰাই নিজৰ ভৱিষ্যতলৈ শান্তি আৰু প্ৰেৰণা আহৰণ কৰিবলৈ আমি জনা উচিত।

= উইষ্টন চাৰ্চিল


৩০। নিজৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰি ৰখাটোৱেই নৈতিক সংস্কৃতিৰ সৰ্বোচ্চ স্বৰূপ।

= ডাৰউইন


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৩১। ধন-সম্পত্তি সাগৰৰ পানীৰ দৰে যিমানেই খাওঁ সিমানেই পিয়াহ লাগে। একে কথা যশস্যাৰ ক্ষেত্ৰতো খাটে।

= আৰ্থাৰ শ্বপেনহাৱাৰ


৩২। ল’ৰা ছোৱালীক প্ৰকৃত মানুহ হ’বলৈ শিক্ষা দিব লাগে। ভদ্ৰ পুৰুষ অথবা ভদ্ৰ মহিলা হ’বলৈ নহয়।

= পদ্মনাথ গোহাঞি বৰুৱা


৩৩। সচেতনতা আৰু জাগৰণৰ মাজত পাৰ্থক্য হ’ল- সচেতনতা হ’ল ইন্ধন, জাগৰণ এক প্ৰকাৰ অগনি ; যি অগনিয়ে দুষ্কৃতিক পুৰি ন সৃষ্টিৰ ন গজালি গজাত সহায় কৰে।

= ভূপেন হাজৰিকা


৩৪। যদি তুমি কিবা বস্তু পছন্দ নকৰা তেতিয়াহ’লে সেই বস্তুটো সলাই পেলোৱা। আৰু যদিহে তাক সলাই পেলাব পৰা নাযায় তেন্তে নিজৰ দৃষ্টিভংগীক সলাই পেলাবলৈ যত্ন কৰা।

= মায়া এঞ্জেল’


৩৫। নিজ মাতৃক অৱহেলা কৰি দেশ মাতৃক সেৱা কৰাৰ চেষ্টা ভণ্ডামি মাথোন।

= তৰুণ ৰাম ফুকন


৩৬। জ্ঞানী মানুহে শত্ৰুৰ পৰাও ভালেমান কথা শিকে।= এৰিষ্ট ফেনিছ


৩৭। পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য। 

= লক্ষ্মীনাথ বেজবৰুৱা


৩৮। নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে 

= আব্ৰাহাম লিংকন


৩৯। যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ

= সৰ্ব্বপল্লী ৰাধাকৃষ্ণন


৪০। উপদেশতকৈ আৰ্হি ভাল

= হজৰত মহম্মদ


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৪১। যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই     

= মহাত্মা গান্ধী


৪২। এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল

= হজৰত মহম্মদ


৪৩। অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ 

= শংকৰদেৱ


৪৪। বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান 

= হোমাৰ


৪৫। শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে 

= মহাত্মা গান্ধী


৪৬। যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী 

= ডঃ বানীকান্ত কাকতি


৪৭। পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা 

= যীশুখৃীষ্ট


৪৮। জীৱনক সত্য সুন্দৰ আৰু মঙ্গলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য 

= নীলমণি ফুকন


৪৯। পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে 

= জৱাহৰলাল নেহৰু


৫০। যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।

= ডঃ বানীকান্ত কাকতি


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৫১। অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় 

= হেম বৰুৱা


৫২। যি জনে মানুহৰ চিন্তা কৰিব নাজানে তেওঁ জীয়াই থাকিব নাজানে 

= ভল্টেয়াৰ


৫৩। ভূল জনাতকৈ নজনাই ভাল 

= শ্বেক্সপীয়েৰ


৫৪। যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি 

= প্লেটো


৫৫। ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয় 

= মহাত্মা গান্ধী


৫৬। প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে ।

= এ. পি. জে. আব্দুল কালাম


৫৭। সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই 

= উইলিয়াম জেমছ


৫৮। যদি এজন মানুহে আনতকৈ এখন উৎকৃষ্টতৰ কিতাপ লিখে, বা এটা উৎকৃষ্টতৰ ধৰ্মোপদেশ ৰচনা কৰে, বা আনকি এখন উন্নততৰ নিগনি-ধৰা ফান্দো সাজিব পাৰে, তেন্তে তেওঁ অটব্য অৰণ্যৰ মাজত ঘৰ সাজি থাকিলেও মানুহে তেওঁক বিচাৰি উলিয়াবই আৰু তেওঁৰ ঘৰৰ দুৱাৰদলিলৈকে এটা বাট সজাব।

= ৰালফ্ ৱাল্ডো এমাৰছন।


৫৯। কেতিয়াবা তুমি আনৰ চকুতহে নিজক পৰিষ্কাৰকৈ দেখা পাব পাৰা। সেইবাবে আমাৰ জীৱনত সমালোচক সকলৰ এটা ভূমিকা থাকে। তেওঁলোকৰ চকুতহে আমাৰ ভুল শুদ্ধ ধৰা পৰে।

= এলেন ডিজেনাৰ্ছ


৬০। ব্যৰ্থতাৰ বহুতো কাৰণৰ ভিতৰত এটা অতি সাধাৰণ কাৰণ হ’ল মানুহে সমসাময়িকভাবে পৰাজয়ৰ সন্মুখীন হ’লেই মানুহে কামটো কৰিবলৈ এৰি দিয়ে। কম বেছি পৰিমাণৰ সকলো মানুহে এইটো কৰে।

= নেপোলিয়ন হিল


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৬১। যদিহে এজন মানুহে তেওঁৰ সঙ্গীসকলৰ লগত তাল মিলাব পৰা নাই, তেতিয়াহ’লে বোধকৰোঁ তেওঁ বেলেগ এজন বাদকৰ বাদন শুনিছে। তেওঁ শুনা সঙ্গীত সি যিমানেই ছন্দোবদ্ধ বা দূৰৰ হওক, তাৰ লগতে তেওঁক তাল মিলাবলৈ দিয়ক। 

= থৰো


৬২। আমি অভিজ্ঞতাৰ পৰা সতৰ্কভাৱে জ্ঞান আহৰণ কৰিব লাগে। আমি গৰম ষ্ট’ভৰ ঢাকনিৰ ওপৰত বহা মেকুৰীটোৰ নিচিনা হ’ব নালাগে। ই গৰম ষ্ট’ভৰ ঢাকনিৰ ওপৰত পুনৰ নবহেগৈ। সেইটো বাৰু ভাল কথা; কিন্তু ই ঠাণ্ডা ঢাকনি এখনৰ ওপৰতো কোনোদিন নবহিবগৈ। 

= মাৰ্ক টোৱেইন


৬৩। মোক এটি মাছ দিয়া মই এদিন খাম- মোক মাছ ধৰিবলৈ শিকোৱা- মই জীৱনজুৰি খাই থাকিম। 

= চীনা প্ৰবচন


৬৪। যিজনে প্ৰশ্ন সোধে তেওঁ পাঁচ মিনিটৰ বাবে মূৰ্খ হয়, কিন্তু যিজনে প্ৰশ্ন নোসোধে তেওঁ চিৰজীৱনলৈ মূৰ্খ হৈয়ে ৰয়। 

= চীনা প্ৰবচন


৬৫। কাৰোবাক এপাহ গোলাপ দিয়া হাতখনত অলপ হ’লেও সুগন্ধ লাগি ৰয়। 

= চীনা প্ৰবচন


৬৬। কোঠা এটাত নীৰৱে বহিব নোৱাৰাৰ পৰাই মানুহৰ সকলো দুৰ্দশাৰ আৰম্ভণি। 

= ব্লেইজ পাস্কেল


৬৭। মই যদি পৰকালৰ কথা ভাবি সময় কটালোঁহেঁতেন, তেনেহ’লে এইখন পৃথিৱীৰ পৰা মই যিমান জ্ঞান আৰু আনন্দ আহৰণ কৰিছোঁ সিমানখিনি কেতিয়াও কৰিব নোৱাৰিলোঁহেঁতেন।

= জন বাৰোজ


৬৮। জ্ঞান শ্ৰেষ্ঠ নে কল্পনা ? মোৰ বোধেৰে কল্পনাৰ গুৰুত্ব মানুহৰ জীৱনত আটাইতকৈ বেছি। 

= এলবাৰ্ট আইনষ্টাইন


৬৯। জীৱনত তুমি কি কি পালা সেয়া প্ৰশ্ন নহয়; তুমি কি কি কৰ্ম কৰিলা সেয়াহে আচল কথা। 

= টমাছ কাৰ্লাইল


৭০। পৃথিৱীৰ আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা 

= ৰামকৃষ্ণ পৰমহংস


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৭১। মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্র মানুহ 

= গুৰুনানক


৭২। অহিংসা পৰম ধৰ্ম 

= মহাত্মা গান্ধী


৭৩। মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন 

= নেপোলিয়ন


৭৪। এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে - অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ 

= ৰাজা ৰামমোহন ৰায় 


৭৫। কাইলৈ কি হ'ব তাক লৈ অনাহকত উৎকণ্ঠিত নহ'বা। এটা দিন নিজৰ ওচৰতে ভাৰাক্ৰান্ত। সেই দিনটোৰ বেদনা সেই দিনটোৰ বাবেই যথেষ্ট। 

= বাইবেল


৭৬। কৰ্তব্যজ্ঞানে লোকক উদাৰ, মহৎ কৰে। এলাহে অধম কৰে। 

= সত্যনাথ বৰা


৭৭। কণ্ঠস্বৰ আৰু মৌনতা- সদায়ে মৌন হৈ থকাজনৰ আমি যিমান নিৰাপদ অনুভব কৰোঁ, তাতোকৈ নিৰাপদ অনুভৱ কৰোঁ মুখৰজনৰ ওচৰত। = ই এম চিয়ৰণ


৭৮। চিৰকালৰ বাবে তুমি জীয়াই থাকিবা সেই ভাবি শিকিবা আৰু কাইলৈকে তোমাৰ মৃত্যু ঘটিব, সেই ভাবি জীয়াই থাকিবা।

= মহাত্মা গান্ধী


৭৯। চোৱা, এটা সমাধিয়ে আজি তেওঁৰ কাৰণে পৰ্যাপ্ত, অথচ জীয়াই থাকোঁতে তেওঁক গোটেই জগতখনেও অটা নাছিল। 

= মহামতি আলেকজেণ্ডাৰ


৮০। চিৰদিন জীয়াই থাকিবা বুলি ভাবি তুমি সপোন দেখিবা। কাইলৈৰ দিনটোৱেই তোমাৰ শেষ দিন এই ভাবি জীয়াই থাকিবা। 

= জেমছ ডিন


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৮১। চিঞৰ-বাখৰ একো প্ৰমাণ নকৰে । কুকুৰাই কণী এটা পাৰিবৰ সময়ত এনে চিঞৰ-বাখৰ কৰে, যেন তাই গোটেই পৃথিৱীখনকে প্ৰসৱ কৰিব। 

= মাৰ্ক টোৱেইন


৮২। চকুলো দেখিলে আচৰিত নহ'বা। হাঁহি-চকুলোত থাকে প্ৰত্যাশা আৰু কান্দোনৰ চকুপানীত থাকে প্ৰতিশোধ পৰায়ণতা। 

= অজ্ঞাত


৮৩। চাৰি প্ৰকাৰৰ ব্যক্তিয়ে ভগৱানক ভক্তি কৰে। সেইকেইজন হ'ল- অৰণ্যত থকাজন, জ্ঞানৰ হাবিয়াসীজন, অৰ্থ লাভৰ ইচ্ছুকজন আৰু জ্ঞানীজন।

= গীতা


৮৪। মই যেতিয়াই কেবা এক জটিল বিষয়ৰ ওপৰত লেখিব লগীয়াত পৰো, তেতিয়া আঁচনি তৈয়াৰ কৰি লওঁ ৷ যিমান পাৰি সিমান দ’কৈ বিষয়টোৰ সম্পৰ্কত কেইবা ঘণ্টা, আনকি বহু দিন পৰ্যন্তও চিন্তা কৰো আৰু শেষত বিষয়টোৰ চিন্তা সমূলি পৰিত্যাগ কৰো। আকৌ কেইমাহমানৰ পাছত বিষয়টোলৈ যেতিয়া পুনৰ সচেতনভাৱে ঘূৰি যাওঁ তেতিয়া দেখো যে সমস্যাটোৰ সমাধান হৈয়েই আছে ৷ এই কৌশলটো উদ্ভাৱন কৰাৰ আগতে মই প্ৰায়েই কাম অকণো আগবঢ়া নাই বুলি দুচিন্তাত ভুগি থাকিছিলো৷ ফলত মোৰ কে’বাটাও দিন অথবা মাহ অবাবতে নষ্ট হৈছিল।

= নৰ্মেন ভিনচেণ্ট পীল ৷


৮৫। প্ৰতিজন মানুহৰ মাজতেই আছে অসীম সম্ভাৱনা৷ নিজৰ শক্তি – ক্ষমতাৰ ওপৰত আস্থা ৰাখিলে আৰু নিজৰ অন্তৰত চিৰ তাৰুণ্যৰ সোঁত বোৱাই ৰাখিলে মানুহে জীৱনত স্থিৰ কৰি থোৱা লক্ষ্যত উপনীত নোহোৱাৰ কোনো কাৰণ নাই ৷ নিজকে বাৰম্বাৰ এই কথাটোকেই ক’ব যে – এইটো নিৰ্ভৰ কৰে একান্তই মোৰ নিজৰ ইচ্ছা – অভিপ্ৰায়ৰ ওপৰত ৷  

= আঁদ্ৰে জিদ ৷


৮৬। জীৱনটোক বুজি পাবলৈ হ’লে পিছলৈ ঘূৰি চাব লাগিব সচাঁ কিন্তু জীৱন পথত আগুৱাই যাবলৈ হ’লে সদায় আগলৈহে দৃষ্টি ৰাখিব লাগিব ৷ 

= চোৰেন কিয়েকগাৰ্ড ৷


৮৭। সুযোগবোৰ কঠিন কাৰ্যৰ ৰূপ ধৰিহে দেখা দিয়ে৷ সেয়েহে এলেহুৱা লোকে সুযোগ বৰকৈ হেৰুৱাই ৷ 

= টমাচ আলভা এডিচন ৷


৮৮। নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ অসম্ভৱ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰিবা ৷ 

= আব্ৰাহাম লিংকন ৷


৮৯। আমি জীৱনটো ভাল পাওঁ এই কাৰণেই কাৰণ আমি প্ৰত্যেকেই প্ৰেমত অভ্যস্ত ৷ সকলো ধৰণৰ প্ৰেমতেই উন্মাদনা আছে আৰু আছে যুক্তি ৷ 

= নীৎসে


৯০। আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা৷ 

= চক্ৰেটিচ


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৯১। মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে 

= জৱাহৰলাল নেহৰু


৯২। আমি যি জানো সি অতি সামান্য৷ আমি যি নাজানো তাৰ সীমা নাই৷ 

= পাৰলেচ


৯৩। সত্যত থকাতকৈ সত্যৰ অন্বেষণ অধিক মূল্যৱান 

= আইনষ্টাইন 


৯৪। তৰাবোৰ বহু দূৰত থাকে কাৰণেই আমি সিহঁতক সুন্দৰ আৰু নিষ্কলংক যেন দেখোঁ । কাৰণ সিহঁতৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি একো নাজানোঁ 

= হাইনৰিখ হাইনে 


৯৫। এজন পূৰুষ বা মহিলাৰ বংশ - পৰিচয় জনাৰ একমাত্ৰ উপায়টো হ'ল কাজিয়াৰ সময়ত তেও দেখুওৱা আচৰণখিনি 

= জৰ্জ বানাৰ্ড শ্ব 


৯৬। নিজৰ বিষয়ে ভবাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে । মই এটা কথা সদায় জানোঁ , প্ৰকৃততে নিজৰ বিষয়ে নভবা মানুহজনে একোকেই নাভাবে 

= অস্কাৰ ৱাইল্ড 


৯৭। প্ৰত্যেক ধৰ্মই আমাক কয় কৰ্ম, বিশ্বাস , অৰ্চনা – এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু।

= ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ


৯৮। শিশু জন্মে, কিন্তু মানুহ গঢ়া হয় 

= ৰুছ পটন্তৰ 


৯৯। এজন এলেহুৱা মানুহ আজীৱন মৃত হৈ থাকে  

= থমাচ মুলাৰ 


১০০। সমাজৰ অধিকাংশ লোকেই তেওঁলোকৰ কর্মৰাজিৰ লগত অকণো সম্পর্ক নথকা বিষয়বোৰক লৈ অপ্ৰয়োজনীয়ভাৱে অধিক জিজ্ঞাসা প্ৰকাশ কৰে

= জর্জ বার্নার্ড শ্ব


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১০১। এটা সিংহৰ নেতৃত্বত থকা এশটা গাধয়ো কর্মক্ষেত্ৰত সিংহৰ দৰে ব্যৱহাৰ কৰে; আনপিনে এটা গাধৰ নেতৃত্বত থকা এশটা সিংহও ক্ৰমাৎ গাধত পৰিণত হয় ৷  

= গুজৰাটী পটন্তৰ 


১০২। যিবোৰ কথা কোৱা নাই তুমি সেইবোৰৰ গৰাকী, কোৱা কথাবোৰ তোমাৰ গৰাকী

= বৌদ্ধ প্ৰৱাদ 


১০৩। সফলতা এক যাত্ৰাহে, গন্তব্য স্থান নহয়  

= আফ্ৰিকীয় পটন্তৰ 


১০৪। যি মানুহে তোষামোদ কৰিব জানে, সেই একেজন মানুহে তোমাৰ বদনামো কৰিব পাৰে

= নেপোলিয়ন


১০৫। অসৎ কল্পনা অসৎ কৰ্মৰ দৰে বেয়া, অৰ্থাৎ অসৎ চিন্তাই পাপ। সংযত বাসনাই আমাক উচ্চস্তৰলৈ নিয়ে।

= স্বামী বিবেকানন্দ


১০৬। প্ৰশংসা কৰোঁতে সংযত হ’বা তাতকৈ বেছি সংযত হ’বা নিন্দা কৰোঁতে।

= উইলিয়াম লেংলেণ্ড


১০৭। যি মানুহে আন মানুহৰ বিষয়ে বেছি কথা জানে তেওঁ এজন বিদ্বান। যি মানুহে আনক শাসন কৰে তেওঁ ক্ষমতাশালী ; কিন্তু যিজন মানুহে নিজক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পাৰিছে তেওঁ হ’ল আটাইতকৈ শক্তিশালী মানুহ।

= লাও জু


১০৮। সাহসেই হৈছে প্ৰথম আৰু প্ৰধান মানৱীয় যোগ্যতা। কাৰণ ইয়াৰ পৰাই আন সকলো যোগ্যতা আৰু সম্ভাৱনাৰ সৃষ্টি হয়।

= উইনষ্টাইন চাৰ্চিল


১০৯। আমাৰ জীৱনলৈ কিছুমান মানুহ আশীৰ্বাদ হৈ আহে আৰু কিছুমান মানুহ আহে শিক্ষা হৈ।

= মাদাৰ টেৰেছা


১১০। শান্তি বলপূৰ্বকভাবে প্ৰতিষ্ঠিত কৰিব নোৱাৰি, ইয়াক কেৱল পাৰস্পৰিক বুজাপৰাৰ মাজেৰেহে পাব পাৰি

= এলবাৰ্ট আইনষ্টাইন


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১১১। ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে। কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয়।

= ডেভিড বেইলী


১১২। একান্তই আপোনজনৰ বাবে মই কিবা কামনা কৰিব লগা হ’লে এয়াকে কামনা কৰিম যাতে তেওঁ জীৱনৰ প্ৰতিটো দিনে জীয়াই থাকিব পাৰে।

= জনাথন ছুইথ


১১৩। এজন সফল মানুহ তেৱেঁই যিজনে আনে তেওঁলৈ মাৰি পঠিওৱা শিল ইটাৰ টুকুৰা লৈ এটা ঘৰৰ ভেটি নিৰ্মাণ কৰিব পাৰে। অৰ্থাৎ আনৰ সমালোচনাকো যোগাত্মক ভাবে গ্ৰহণ কৰাজনহে সফল হব পাৰে।

= ডেভিদ ব্ৰিংকলে


১১৪। সদায় নিজৰ শত্ৰুক মই ক্ষমা কৰি দিওঁ। কাৰণ ইয়াৰ সমান অসহজ অৱস্থা তেওঁৰ কাৰণে আনএকোৱেই নহয়। মোক অস্থিৰ কৰিব নোৱাৰিলে শত্ৰুৰ সাৰ্থকতা ক’ত।

= অস্কাৰ ৱাইল্ড


১১৫। নিজকে কেতিয়াও সীমাবদ্ধ নকৰিবা। তোমাৰ মনটোৱে যিমান দূৰলৈ যাব পাৰে তুমিও সিমান আগবাঢ়িব পাৰা। কেৱল বিশ্বাস কৰিব লাগে যে তুমিও কৰিব পাৰা।

= মেৰি কে আশ্ব


১১৬। সফল হ’বলৈ বিচাৰিলে তোমাৰ জীৱনৰ সকলো প্ৰত্যাহ্বানক গ্ৰহণ কৰিবলৈ সাজু থাকিব লাগিব। এই প্ৰত্যাহ্বানবোৰৰ মাজৰ পৰা কেৱল নিজৰ পচন্দৰবোৰহে বাচি ল’লে নহব।

= মাইক গাফকা


১১৭। কেতিয়াও সন্দেহ নকৰিবা যেএটি সৰু চিন্তাশীল, কৰ্ত্তব্যনিষ্ঠ নাগৰিক গোটে পৃথিৱীখন সলাব নোৱাৰিব| আচলতে ইয়েই এক চিৰসত্য

= মাৰ্গাৰেট মিড


১১৮। বন্দৰত জাহাজ সদায় সুৰক্ষিত, কিন্তু ই ইয়াৰ বাবে নিৰ্মিত নহয়

= উইলিয়াম শ্বেদ্দ


১১৯। নিৰাশাবাদী কাক কয় সেই বিষয়ে মোৰ নিজৰ এটা ধাৰণা আছে। দুটা অমংগলীয়া বস্তুৰ ভিতৰত যিকোনো এটাক বাছি ল’বলৈ এজন মানুহৰ অধিকাৰ আছে। কিন্তু যি মানুহে দুয়োটাকে বাছি লয়, তেৱেঁই হ’ল নিৰাশাবাদী

= অস্কাৰ ৱাইল্ড


১২০। যি সকলে সত্যক কৰ্তৃত্বৰূপে গ্ৰহণ কৰাৰ পৰিৱৰ্তে কৰ্তৃত্বক সত্যৰূপে গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে জটিল পৰিস্থিতি অপেক্ষা কৰিছে

= গেৰাল্ড মেছি


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১২১। আমি আমাৰ শতৰুক ভাল পাব লাগে; কিন্তু তেওঁলোকৰ সৈতে কোনোধৰণৰ সন্ধি কৰিব নালাগে

= পাবলো কোৱেলহো


১২২। আপুনি কোন? আপুনি নিজক যেনেদৰে চাব বিচাৰে, আনেও আপোনাক তেনেদৰেই চায় নে? তেনে হ’বলৈ হ’লে আপুনি আপোনাৰ চৰিত্ৰ, নিয়মানুৱৰ্তিতা আৰু দৃঢ়তাৰ প্ৰতি নজৰ দিবই লাগিব— লাগিলে আপোনাৰ চৌপাশৰ পৃথিৱীখন যিমানেই নিৰ্দয় আৰু যিমানেই কৰ্কশ নহওক কিয়, মৰ্যাদা সহকাৰে জীৱন যাপন কৰিবলৈ আপুনি তাকেই কৰিব লাগিব।আপুনিয়েই সেই মানুহজন হয় নে? যদি নহয়, তেনেহ’লে আপুনি সেইজন মানুহেই হ’বলৈ বিচাৰেনে?

= ই. আৰ. ব্ৰেইথৱেইট


১২৩। নিৰাশাবদী কাক কয় সেই বিষয়ে মোৰ নিজৰ এটা ধাৰণা আছে। দুটা অমংগলীয়া বস্তুৰ ভিতৰত যিকোনো এটাক বাছি ল’বলৈ এজন মানুহৰ অধিকাৰ আছে। কিন্তু যি মানুহে দুয়োটাকে বাছি লয়, তেৱেঁই হ’ল নিৰাশাবাদী

= অস্কাৰ ৱাইল্ড


১২৪। জীৱনৰ মাজেদি লৰা-ঢপৰা কৰি গৈ থাকি আমি যিখিনি সময় বচাওঁ, সেইখিনি সময় কটাবলৈ কাম বিচাৰি আমি জীৱনৰ আধা সময় পাৰ কৰি দিওঁ

= উইল ৰ'জাৰ্ছ


১২৫। জীৱনত ভাল-বেয়া দুয়োটাই আছে, বেয়াটো ত্যাগ কৰি ভালটো গ্ৰহণ কৰিলেই শিক্ষাৰ পথ সুগম হয়

= ভল্টেয়াৰ


১২৬। জ্ঞানীজনে প্ৰথমে উচিত-অনুচিত বিচাৰ কৰে। নীচজনে প্ৰথমেই বিচাৰ কৰে লাভ-লোকচানৰ

= কনফুছিয়াছ


১২৭। জন্মভূমিৰ স্বাধীনতা ৰক্ষাতকৈ কোনো মূল্যই ডাঙৰ বা বেছি হ'ব নোৱাৰে

= ছক্ৰেটিছ


১২৮। জীৱনত সকলোৱে জ্ঞানী আৰু পণ্ডিত হ'বলৈ বিচাৰে। কিন্তু, তাৰ মূল্য দিবলৈ আগবাঢ়ি অহা লোকৰ সংখ্যা তেনেই তাকৰ

= জুভেনাল


১২৯। জীৱনটো এটা ভায়োলিনৰ দৰে। আমি প্ৰতিদিনে এই ভায়োলিনত সুৰ তুলিবলৈ চেষ্টা কৰোঁ। কেতিয়াবা সফল হওঁ, কেতিয়াবা ই হৈ পৰে বেসুৰা

= ছেমুৱেল ৱাটলাৰ


১৩০। আমি প্ৰত্যেকেই নিজৰ মাজতে এক নিৰ্বাসিত জীৱন কটাওঁ। আৰু লগত কঢ়িয়াই লৈ ফুৰোঁ বিধ্বংসী চিন্তা আৰু পাপবোধ। কিন্তু এই নিৰ্বাসিত জীৱনৰ উপলব্ধি, বিধ্বংসী চিন্তা আৰু পাপবোধক মুক্ত কৰোৱাটো আমাৰ কাম নহয়। আমাৰ কাম হৈছে নিজৰ ভিতৰতে এইবোৰৰ বিৰুদ্ধে যুদ্ধ কৰা

= আলবেয়াৰ কেমু


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১৩১। কেৱল জীৱনেই হৈছে এনে এক কলা, যিটো কোনো আগতীয়া প্ৰস্তুতি নোহোৱাকৈ আমি অনুশীলন কৰিবলগীয়া হয়। জীৱনৰ বিফলতা, ঘাত-প্ৰতিঘাত আৰু ধৈৰ্যই হৈছে ইয়াৰ শিকনি। 

= লিৱিছ মামফৰ্ড


১৩২। আমাৰ কাষতে থকা আৰু কাষতে পোৱা সকলোখিনিয়েই সুন্দৰ। চকুৰ জেউতি, সুন্দৰ জলবায়ু, মনোমোহা প্ৰকৃতি, হাতৰ মুঠিতে পোৱা সুযোগখিনি, হেঁপাহখিনি— এই সকলোৱেই সুন্দৰ। এইবোৰ চেৰাই দূৰৰ তৰলৈ দৃষ্টি নিক্ষেপ নকৰি জীৱনটোক পোৱা ধৰণেই আঁকোৱালি লোৱা উচিত। 

= আৰ এল ষ্টিভেনছন


১৩৩। কি কৰা উচিত , সেইটো সুকলমে সম্পন্ন কৰা সময়খিনিয়েই হ'ল জীৱনৰ সৰ্বোত্তম সময় 

= এমাৰ্ছন 


১৩৪। নিজৰ কৰ্মশক্তি বৃদ্ধি কৰিবলৈকে অসম্ভৱ কামো কৰিবলৈ চেষ্টা চলোৱা উচিত 

= বেট ডেভিছ 


১৩৫। উপহাৰতকৈ উপহাৰ দিয়াৰ বাবে যি মানসিকতাৰ প্ৰয়োজ ন , সেয়াহে অধিক মূল্যৱান 

= কৰ্নেইল 


১৩৬। যন্ত্ৰণা ভোগ মনকৰাকৈ মানুহে নিজকে নতুনকৈ নিৰ্মাণ কৰিব নোৱাৰে , কাৰণ মানুহ নিজেই পাথৰ আৰু নিজেই ভাস্কৰ 

= এলেক্সিছ কেৰেলা 


১৩৭। পাপী আৰু সাধুৰমাজত থকা একমাত্ৰ পাৰ্থক্যটো হ'ল - প্ৰতিজন সাধুৰে এটা অতীত আছে আৰু প্ৰতিজন পাপীৰে ভৱিষ্যত আছে 

= অস্কাৰ ৱাইল্ড 


১৩৮। আনে দেখা বস্তুবোৰ তুমিও দেখা , কিন্তু সেই বস্তুবোৰৰ বিষয়ে আনে চিন্তা নকৰা কথাবোৰ তুমি চিন্তা কৰা – তেতিয়া তুমি এটা নতুন বস্তু আৱিস্কাৰ কৰা 

= এলবাৰ্ট গিয়ৰগাই 


১৩৯। তুমি যদি সদায় কেৱল বৰ্তমানৰ ওপৰত মনোযোগ নিবদ্ধ কৰিব পাৰা, তেন্তে তুমি এজন সুখী মানুহ হ’বা ৷ তুমি দেখিবা যে মৰুভূমিত জীৱন আছে , আকাশত তৰা আছে, জীৱনটো এটা উৎসৱ , কাৰণ আমি কেৱল এই মুহূৰ্তটোৰ কাৰণেহে জীয়াই আছো 

= পল ৰবচন 


১৪০। এটা কথা মনত ৰাখিবা তুমি কি বা তোমাৰ কি আছে, তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে ৷ তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে 

= ডেল কাৰ্নেগী 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১৪১। ভালভাৱে জীৱন যাপন কৰিব বিচাৰিছা যদি সত্যক আকোঁৱালি লোৱা 

= প্লেটো 


১৪২। অতি সাধাৰণ যেন লগা দৈনন্দিন জীৱনৰ সৰু সৰু ঘটনাৰাজিয়েই হ’ল জ্ঞানৰ প্ৰকৃত উৎস 

= জেমছ এলেন 


১৪৩। ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে

= বাইবেল


১৪৪। সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা

= যতীন্দ্র নাথ দুৱৰা


১৪৫। সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। 

= মহাত্মা গান্ধী


১৪৬। অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে। 

= ছিডনি স্মিথ


১৪৭। যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়। 

= বাইৰণ


১৪৮। অধ্যয়নে এজন মানুহক সম্পূৰ্ণ মানৱ হিচাপে গঢ়ি তোলে 

= ফ্ৰান্সিচ বেকন 



১৪৯। ক্ষমাৰে খঙক প্ৰতিহত কৰিবা 

= মহাত্মা গান্ধী 


১৫০। মনত কিবা ক্ষোভ থকা মানেই জীৱনৰ কিবা এটা উদ্দেশ্য থকা 

= এৰিক হফাৰ 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১৫১। কু - সংস্কাৰ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ বোজা 

= সৰ্বপল্লী ৰাধাকৃষ্ণন 


১৫২। সত্য - সুন্দৰৰ বোলে সনা জীৱন - অভিজ্ঞতা প্ৰকাশেই সাহিত্য 

= ড মহেন্দ্ৰ বৰা 


১৫৩। পৰিশ্ৰমেৰে সকলোৰে মন জয় কৰিব পাৰি 

= হোমাৰ  


১৫৪। গৃহ বা পৰিয়ালেই হৈছে শিক্ষাৰ আৰম্ভণিৰ প্ৰথম খােজ

= ৰােজেন ক্রেজ


১৫৫। ক্রোধৰ ফলতেই জগত ধ্বংস হয়

= যুধিষ্ঠিৰ


১৫৬। পাপী যিমান ডাঙৰ সন্যাসীও সিমানেই ডাঙৰ।”  

= মহাত্মা গান্ধী


১৫৭। পৰােপকাৰেই পুণ্য আৰু পৰৰ ওপৰত অত্যাচাৰেই পাপ

= বেদব্যাস


১৫৮। মৃত সিংহ এটাতকৈ জীয়া কুকুৰ এটা বেচি ভাল।

= বাইবেল


১৫৯। জ্ঞানীলােক অসম্ভৱৰ ফালে ধাৱিত নহয়।

= মেচিজাৰ


১৬০। জ্ঞান মানুহক দিব নােৱাৰি উপলব্ধি কৰিব পাৰি।

= চক্ৰেটিছ


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১৬১। মানুহৰ মন সদায় একে ঠাইতেই থাকে৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে৷

= কবি জন মিল্টন


১৬২। স্বীকাৰ কৰাত মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দ'ৰেই মোৰ শৈশৱ আৰু কৈশোৰৰ সময়ছোৱা পাৰ হৈছে৷ কেতিয়াবা মই মজদুৰৰ কাম কৰিছো, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰ নাৱৰীয়াৰ কাম৷ অতীত যিয়েই নহওঁক লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে৷ 

= আব্ৰাহাম লিংকন


১৬৩। জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷ 

= নেপোলেয়ঁ বোনাপাৰ্ট


১৬৪। প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে, যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে৷ 

= উইলিয়াম এ ৱাৰ্ড


১৬৫। মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন৷ 

= প্ৰখ্যাত দাৰ্শনিক হেনৰি ডেভিদ থৰো


১৬৬। প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ৷ 

= উইলিয়াম শ্বেইক্সপীয়েৰ


১৬৭। তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত৷ 

= ফ্ৰান্সিছ থমছন


১৬৮। মই মাথোঁ জ্ঞানৰ অনুৰাগী৷ জ্ঞানৰ বৃত্তিধাৰী মই নহয়৷ সচাঁ কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদক অনুশীলনকাৰীহে৷ যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাসক আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বত:সিদ্ধ বিষয়ত, তেতিয়াই দৰ্শনে পাতনি মেলে৷ 

= গ্ৰীচৰ মহান দাৰ্শনিক ছক্ৰেটিছ


১৬৯। সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে৷ 

= অভিনয় শিল্পী মৰিচ চেভালিয়া


১৭০। জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ৷ 

= এমাৰছন


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১৭১। প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা৷ 

= মাৰ্গাৰেট বুনেন


১৭২। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়।

= আনন্দচন্দ্ৰ আগৰৱালা


১৭২। আনে মােৰ বিষয়ে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। মই পিচে কি কৰিম আৰু কম সেইটোহে গুৰুত্বপূর্ণ।

= ৰবীন্দ্রনাথ ঠাকুৰ


১৭৩। যি মানুহে কেতিয়াও ভুল নকৰে তেওঁ জীৱনত আন একোৱে নকৰে।

= ফেলপছ


১৭৪। প্রত্যেক ধর্মই আমাক কয়, কর্ম, বিশ্বাস আৰু অৰ্চনা— এই তিনিটা মানুহৰ প্ৰধান লাগতিয়াল বস্তু।

= ৰাধাকৃষ্ণন


১৭৫। আগলৈ চোৱাতো সদায়ে বুদ্ধিমানৰ কাম । কিন্তু নিজৰ দৃষ্টিয়ে ঢুকি পোৱাতকৈ আগলৈ চোৱাতো বৰ টান 

= চাৰ্চিল 


১৭৬। আনক জনাজন শিক্ষিত । নিজক জনাজন জ্ঞানী 

= লাও চুন 


১৭৭। মোৰ পিতৃ - পিতামহ কোন আছিল মই নাাজানোঁ । কিন্তু তেওঁৰ নাতিৰ কি দশা হ'ব তাক ললৈহে মই চিন্তিত 

= আব্ৰাহাম লিংকন 


১৭৮। কোনো মহত লোকে কেতিয়াও জীৱনত সুযোগৰ অভাৱ ঘটিছে বুলি অভিযোগ কৰা নাই 

= ইমাৰ্ছন 


১৭৯। জীৱনটো এক মহৎ উপহাৰ৷ যিসকলে জীৱনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণৰ অনুপযুক্ত৷ 

= ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ


১৮০। তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই৷ সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি? 

= নেপ'লিয়ান বোনাপাৰ্টি


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১৮১। ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে৷ 

= জন ষ্টুৱাৰ্ট মিল


১৮২। সত্যৰ মুখামুখি হ'বলৈ ভয় নকৰিবা, যি কাপুৰুষ তেওঁহে সত্যৰ মুখামুখি হ'ব নোৱাৰে৷ 

= মহাত্মা গান্ধী


১৮৩। সৰু বুলি কাকো অৱহেলা নকৰিবা৷ তুমি সৰু বুলি উলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে৷ 

= গ্যেটে


১৮৪। বহু কথা জনা জনকেই জ্ঞানী বুলি নকয়৷ জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰা জনহে জ্ঞানী৷

=লেনিন


১৮৫। পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ফুল , কিন্তু তাৰ শিপা মাটি আৰু গোবৰতহে থাকে 

= ডি . এইছ . লৰেঞ্চ 


১৮৬। ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা । তুমি ভবাতকৈ ই অতি গধুৰ বোজা 

= মেডাম দ্য চেভিন 


১৮৭। ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয় 

= গ্যেটে 


১৮৮। কামতো হৈ যোৱাৰ পাছত মুৰ্খও জ্ঞানী হৈ পৰে 

= হোমাৰ 


১৮৯। মহত লেখকৰ প্ৰধান লক্ষণ হ'ল ভাষাৰ সৰলতা আৰু স্পষ্টতা 

= ফ্ৰেডেৰিক আমিয়েল 


১৯০। নিজৰ ইচ্ছাক অনুসৰণ কৰাজনেই সম্ৰাট 

= আইৰিছ প্ৰবচন 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

১৯১। টেঙৰালিক লুকুৱাই ৰাখিব জনাটোৱেই হ'ল আটাইতকৈ ডাঙৰ টেঙৰালি 

= ফৰাচী পটন্তৰ 


১৯২। অপেক্ষা আৰু আশা - এই শব্দ দুটাতেই মানৱ বুদ্ধিমত্তাৰ সকোখিনি নিহিত হৈ আছে 

= আলেকজেণ্ডাৰ ডুমা 


১৯৩। মজলীয়া প্ৰতিভা বা বুদ্ধিবৃত্তিৰ মানুহে আটাইতকৈ বেছি জ্ঞান আহৰণ কৰিব পাৰে 

= ক্লড বানাৰ্ড 


১৯৪। মাতৃৰ কিঞ্চিত স্নেহ হাজাৰজন ধৰ্মগুৰুৰ শিক্ষাতকৈ বহু ঊধবৰ্ত 

= স্পেনিছ প্ৰবচন 


১৯৫। এজন বন্ধুক ক্ষমা কৰাতকৈ এজন শত্ৰুক ক্ষমা কৰাতো অধিক সহজ 

= উইলিয়াম ব্ৰেক 


১৯৬। মানুহ এদিন মৰিবই ,দোষ কৰি মৰাতকৈ বিনাদোষে মৰাই ভাল

= ছক্ৰেটিছ


১৯৭। ভুল আঁতৰাই সত্যৰ প্ৰতিস্থা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য

= ছক্ৰেটিছ


১৯৮। কিতাপ পঢ়ি নিজৰ উন্নতি কৰিবলৈ চেষ্টা কৰিবা।আনৰ কঠোৰ পৰিশ্ৰমৰ ফল তুমি বিনা পৰিশ্ৰমে পাবা

= ছক্ৰেটিছ


১৯৯। সূৰ্যমূখী ফুলে প্ৰতিপলতে সূৰ্যকেই অনুসৰণ কৰে , সূৰ্য ডাৱৰৰ আঁৰতে নাথাকক কিয় 

= লেইটন 


২০০। সকলো কাহিনীয়ে আমাক কিবা নহয় কিবা এটা প্ৰতিশ্ৰুতি দিয়ে - সেই কাহিনী সঁচা বা কল্পিত বা জনশ্ৰুতিয়েই নহওক কিয় 

= ষ্টিৱাৰ্ট অ ' . নান 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২০১। তুমি তপা হোৱাৰ পাছত জীৱনে তোমাক যিখন ফণি উপহাৰ দিয়ে , তাকেই অভিজ্ঞতা বুলি কোৱা হয় 

= জুডিফ ষ্টাৰ্ন ।


২০২। শব্দই হ'ল মানুহে এতিয়ালৈকে ব্যৱহাৰ কৰা আটাইতকৈ শক্তিশালী ঔষধ 

= ৰুডিয়াৰ্ড কিপলিং 


২০৩। লুভুকা কুকুৰ আৰু লৰচৰ নোহোৱা প্ৰাণীৰ পৰা সাৱধান হ'বা 

= পতুৰ্গীজ প্ৰবচন 


২০৪। বন্ধুত্ব ধনৰ দৰে - ঘটিবলৈ সহজ , কিন্তু ৰাখিবলৈ টান 

= ছেমিয়েল বাটলাৰ 


২০৫। কেতিয়াবা এটা চিঞৰৰ মূল্য এখন গৱেষণা পত্ৰতকৈও অধিক মূল্যৱান হৈ পৰে 

= এমাৰ্ছন 


২০৬। শত্ৰুক সদায় ক্ষমা কৰিবা । কিন্তু তেওঁলোকৰ নাম কেতিয়াও নাপাহৰিবা 

= জন . এফ . কেনেডী


২০৭। কৌতূহলেই সুখী হোৱাৰ মূলমন্ত্ৰ 

= নমাৰ্ন ডগলাছ 


২০৮। শিক্ষাই জ্ঞান জ্ঞানেই শক্তি 

= ছক্ৰেটিছ


২০৯। প্ৰথমে নিজক বুজি লোৱা ,তেতিয়াহে নিজক বুজিব পাৰিবা

= ছক্ৰেটিছ


২১০। ধন হেৰালে একোৱেই নেহেৰায় ।স্বাস্থ্য হেৰালে সম্পদ হেৰায় ।কিন্তু চৰিত্ৰ হেৰালে সকলোখিনিৱেই হেৰায় 

= ছক্ৰেটিছ


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২১১। নিজৰ ভালপোৱাই হ'ল এক দীৰ্ঘদিনীয়া ৰোমান্টিক জীৱনৰ আৰম্ভণী 

= অস্কাৰ ৱাইল্ড 


২১২। মহৎ কাৰ্য শক্তিৰে নহয় , অধ্যৱসায়েৰেহে সম্পন্ন হয় 

= ছেমুৱেল জনছন 


২১৩। হিংসাই হিংসা আঁতৰাব নোৱাৰে, প্ৰেমৰেহে হিংসা আঁতৰাব পাৰি।

= মহাত্মা গান্ধী   


২১৪। শিশু হ'ল একোখন কিতাপ ,ইয়াৰ প্ৰতিটো পৃষ্ঠাই শিক্ষকে অধ্যয়ন কৰিব লাগে

= ৰুছোঁ


২১৫। অধ্যয়নে মানুহক পূৰ্ণ কৰি তোলে আৰু লিখাৰ আভাসে মানুহক অতি মানৱীয় মৰ্যদা প্ৰদান কৰে।

= ৰুছোঁ


২১৬। নাৰীয়ে পুৰুষক যিদৰে গঢ়িব খোজে, তেওঁ (পুৰুষে)সেইদৰে লয়।

= ৰুছোঁ


২১৭। কম কথা জনা লোক সাধাৰণতে বহুবল্কী হয়। আনহাতে যিজনে বহু কথা জানে তেওঁ কথা কোৱাত মিতব্যয় হয়।

= ৰুছোঁ


২১৮। শত্ৰুৰ সৰু - বৰ নাই । তোমাৰ যদি শত্ৰু নাই , জানিবা ভাগ্যই ইতিমধ্য এৰা দিছে 

= থমাছ ফুলাৰ 


২১৯। স্বাধীনতাৰ অৰ্থ হ'ল দায়বদ্ধতা । অধিকাংশ লোকেই স্বাধীনতাক ভয় কৰাৰ সেয়াই কাৰণ 

= জৰ্জ বানাৰ্ড শ্ব 


২২০। ৰুগীয়াৰ কাৰণে জীৱন মানেই প্ৰত্যাশা 

= চিচাৰু 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২২১। দেশ যিমানেই দুৰ্নীতিগ্ৰস্ত হ'ব , সিমানেই আইনৰ  সংখযা বৃদ্ধি পায় 

= টেছিতাচ 


২২২। এই পাৰমাণৱিক যুগত শান্তি হ'ল জীৱাই থকাৰ এটা চৰ্তহে 

= এডলাই ষ্টিভেনছন 


২২৩। আনৰ অজ্ঞতা জনাই হ'ল শ্ৰেষ্ঠ জ্ঞান 

= লাও ছে 


২২৪। মানুহৰ প্ৰত্যাশা যদি আধাও পূৰণ হয় , তেওঁৰ দুখো দুগুণ হৈ পৰিব 

= বেঞ্জামিন ফ্ৰেংকলিন 


২২৫। শীতৰ গভীৰত মই অৱশেষত আৱিস্কাৰ কৰিলোঁ যে মোৰ অভ্যন্তৰতে এক অদৃশ্যমান গ্ৰীষ্ম 

= আলবেয়াৰ কেমু 


২২৬। যাৰ দুই চকু কুটিল তেওঁ অন্ধ নহয়,যি নিজৰ দোষ ঢাকি আনৰ দোষ খুঁচৰি ফুৰে তেওঁহে প্ৰকৃত অন্ধ 

= মহাত্মা গান্ধী                                              


২২৭। সাহসী আৰু নির্ভীক হ'বলৈ শিকা আৰু তোমাৰ দেশ বাবে প্ৰাণ আহুতি দিবলৈ সাজু হোৱা।

= মহাত্মা গান্ধী


২২৮। একমাত্ৰ মৃতকেহে যুদ্ধৰ শেষ দেখিছে 

= প্লুটো 


২২৯। শান্তি ভুল সংশোধনৰ কাৰণেহে, শাৰীৰিক কষ্ট দিবৰ বাবে নহয়।

= ৰুছোঁ


২৩০। ভগৱানে তোমাক এখনহে মুখ দিছে ; আনখন মুখ তুমিহে সৃষ্টি কৰি লৈছা 

= শ্বেক্সপীয়েৰ


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২৩১। প্ৰেমবিহীন জীৱন ফুল - ফল নধৰা গছৰ দৰে = খলিল জিব্ৰান 


২৩২। মুখ জপাই থাকিবলৈ সমৰ্থ হ'লে পানীৰ তলৰ মাছো বিপদত নপৰে 

= কোৰিয়ান প্ৰবচন


২৩৩। মানুহ স্বাধীন হৈয়ে জন্ম গ্ৰহণ কৰে আৰু সকলো সময়তে সি শৃংখলিত।

= ৰুছোঁ


২৩৪। কামত নহয় , দু:চিনাতহে মানুহৰ মৃত্যু হয় । দু:চিন্তা হ'ল ব্লে 'ডৰ ওপৰত হোৱা মামৰৰ দৰে 

= হেনৰী বাৰ্ড বিচছাৰ 


২৩৫। আচলতে তেওং কোন আৰু কি - সেইটো ভালদৰে জনাটোৱেই হ'ল সুখী হোৱাৰ প্ৰথম চৰ্ত 

= ইৰাছমাছ 


২৩৬। অহিংসাই সুদীৰ্ঘ প্ৰেম । ইয়েই সৰ্বোচ্চ ন্যায় বিচাৰ ।মানৱ জাতিৰ ত্ৰাণৰ ইয়েই অস্ত্ৰ। 

= মহাত্মা গান্ধী


২৩৭। এন্ধাৰে এন্ধাৰক আঁতৰাব নোৱাৰে, পোহৰেহে এন্ধাৰ আঁতৰাব পাৰে 

= মহাত্মা গান্ধী


২৩৮। মানুহ জানো মানুহৰ পৰ? পৃথিৱী খনেই আমাৰ ঘৰ।

= মহাত্মা গান্ধী


২৩৯। যেতিয়া তোমাৰ শত্ৰুৱে ভূল কৰা তোেমাৰ চকুত পৰে , সেই কামত কেতিযাও ব্যাঘাত নজন্মাবা 

= নেপোলিয়ন বোনাপাৰ্ট 



২৪০। অতি বুদ্ধিদীপ্ত মানুহক মই কাতচিতহে সুখী হোৱা দেখিছো 

= আৰ্নেষ্ট হেমিংৱে 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২৪১। কিবা কাম কৰি পোৱাৰ বেদনাতকৈ একো নকৰাৰ বেদনা অধিক তীব্ৰতৰ আৰু যন্ত্ৰনাময় 

= উইলিয়াম ডেনিছ মেৰিনাৰ 



২৪২। সত্যক জানিবলৈ চেষ্টা কৰা ,ই তোমাক মুক্তি দিব।

= মহাত্মা গান্ধী


২৪৩। প্ৰকৃত ঐশ্বৰ্য মানহৰ হৃদয় আৰু মনৰ ভিতৰত লুকাই থাকে 

= ডব্লিউ . ক্লিমেন্টষ্ট'ন 


২৪৪। গ্ৰন্থ নথকা কোঠা আৰু প্ৰাণ নথকা শৰীৰ একেই 

= চিচাৰু 


২৪৫। দায়বদ্ধতা হ'ল মহানতাৰ মূল্য 

= চাৰ্চিল 


২৪৬। এক মাত্ৰ শিক্ষাইহে মানুহৰ পশুত্বৰ পৰা ওপৰলৈ তুলি মনৱত্ব দান কৰিব পাৰে।

= মহাত্মা গান্ধী


২৪৭। অহিংসাৰ সূৰ্যই ঘৃণা, ক্ৰোধ ,হিংসা আদি সকলো এন্ধাৰ দূৰ কৰে।

= মহাত্মা গান্ধী


২৪৮। সম্পদৰ লালসা ৰোধ কৰিবলৈ কোনো সম্পদ পৃথিৱীত সৃষ্টি হোৱা নাই 

= জেৰেমী টেইলৰ 


২৪৯। মানুহ অসুখী হোৱাৰ কাৰণ হ'ল মানুহৰ বুদ্ধি । আনহাতে , দুখেই হ'ল প্ৰজাতি হিচাপে মানুহৰ শক্তিৰ উতস 

= কাৰ্ল ছাগান 


২৫০। নিজৰ জীৱনটো চুটি কৰাৰ এটা প্ৰধান উপায় হ'ল আনক ঈৰ্ষা কৰা 

= অ'ল্ড টেষ্টামেন্ট 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২৫১। হিন্দু ধৰ্মত অস্পৃশ্যতা নাই।

= মহাত্মা গান্ধী


২৫২। আমাৰ কিমানখিনি কৰাৰ ক্ষমতা আছে তাকে ভাবি নিজকে বিচাৰ কৰাে, কিন্তু আনে আমাক বিচাৰ কৰােতে আমি কিমানখিনি কৰিলাে তালৈহে চায়

= লং ফেল

                                                             

২৫৩। সত্যক জানিবলৈ চেষ্টা কৰা, ই তােমাক মুক্তি দিব।

= মহাত্মা গান্ধী


২৫৪। আমাৰ হৃদয়ত এনে এক প্রদেশ আছে য'ত আনৰ প্রবেশ নিষিদ্ধ। সেই প্রদেশলৈ কোনাে লােকক একমাত্র আমন্ত্রণহে জনাব পাৰি।

= মেৰী ডিকচন থেয়াৰ


২৫৫। ই প্ৰতিটো বস্তু যােৰা সৃষ্টি কৰিছে যাতে তােমালােকে তাৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰা।

= কোৰান।


২৫৬। বিপদতহে প্রকৃত শিক্ষা লাভ কৰিব পাৰি।

= ডিজৰেলী।

                  

২৫৭। আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা৷ 

= হজৰত মহম্মদ 


২৫৮। পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত৷

= পিয়েৰ টেলহাৰ্ড


২৫৯। সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা -- তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা৷ দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে৷ 

= ডেভিদ ফ্ৰষ্ট 


২৬০। এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে 

= ডেল কাৰ্নেগী


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২৬১। উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়৷ 

= মেথিউ


২৬২। প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি৷ 

= ডি এইছ লৰেঞ্চ


২৬৩। কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে৷ 

= বেইলী


২৬৪। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই৷ 

= এৰিষ্ট'টল


২৬৫। মহৎ কাৰ্য সিদ্ধিৰ বাবে অকল কাম কৰাই নহয় , স্বপ্নও দেখিব লাগিব 

= আনাতোঁলা ফ্ৰা 


২৬৬। যৌৱনত মই সময় অপব্যয় কৰিছিলো । প্ৰতিদানত এতিয়া সময়ে মোক অপব্যয় কৰিছে 

= শ্বেক্সপীয়েৰ 


২৬৭। মই যুদ্ধৰ বুৰঞ্জী লিখিবলৈ নিবিচাৰোঁ- কিন্তু মই সমাজখনৰ ইতিহাস জানিবলৈ বিচাৰোঁ আৰু জানিব বিচাৰোঁ মানুহেনো তেওঁলোকৰ পৰিয়াল লৈ কেনেদৰে বাস কৰিছিল, কেনেধৰণৰ কলা-কৃষ্টি-সংস্কৃতিৰ সাধনা কৰিছিল। মই মানুহৰ চিন্তাৰ উৎকৰ্ষ সাধনৰ বিষয়ে লিখিব বিচাৰোঁ। ৰজা-মহাৰজা আৰু বৰ বৰ অমাত্যসকলৰ কাম-কাজক লৈ মই মূৰ নঘমাওঁ, কিন্তু মই জানিব বিচাৰোঁ, বৰ্বৰতাৰ পৰা মানুহে কেনেকৈ সভ্যতাৰ স্তৰলৈ উত্তীৰ্ণ হৈছিল। 

= ভল্টেয়াৰ


২৬৮। জ্ঞান গছত পোৱা ফল নহয়। মনীষীসকলে ত্যাগৰ দ্বাৰাহে ইয়াক নিজৰ লগুৱা কৰিছিল। 

= বেকন


২৬৯। জীৱনৰ তিতা-মিঠা অভিজ্ঞতা আহে বাহিৰৰ পৰা। কিন্তু যি কঠিন সি আহে ভিতৰৰ পৰা, মানুহৰ নিজৰ চেষ্টাৰ পৰা। 

= আইনষ্টাইন


২৭০। জন্মৰ পৰিচয়েই মানুহৰ প্ৰকৃত পৰিচয় নহয়; কৰ্মৰ দ্বাৰাহে মানুহৰ পৰিচয় চিনিব পাৰি। উচ্চ জাতি বুলি কেতিয়াও অহংকাৰ নকৰিবা। 

= মহাবীৰ


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২৭১। জীৱনী পাঠৰ সময়ত মনত ৰাখিবা, সঁচা কথাটো প্ৰকাশযোগ্য বুলি বিবেচিত হোৱা নাই। 

= জৰ্জ বাৰ্নাড শ্ব


২৭২। জ্ঞান ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে সকলো কুসংস্কাৰৰ হৈ এটি নিষ্পাপ শিশুৰ দৰে পৱিত্ৰ মন লৈ আহিলেহে প্ৰকৃত জ্ঞান লাভ কৰা সম্ভৱ হয়। 

= বেকন


২৭৩। যিবোৰ বিষয়ৰ জ্ঞান আহৰণ কৰাটো আমাৰ কাৰণে একান্ত প্ৰয়োজনীয় সেইবোৰৰ বিষয়ে পৃথিৱীত যিবোৰ সৰ্বোত্তম কথা কোৱা হৈছে বা চিন্তা কৰা হৈছে সেই আটাইবোৰ আয়ত্ব কৰি আমাৰ ব্যক্তিত্বৰ সৰ্বাঙ্গীণ বিকাশ কৰাৰ সাধনাই হ’ল সংস্কৃতি। 

= মেথ্যু আৰ্ণল্ড


২৭৪। ভুলৰ বাবে আনক ক্ষমা কৰি দিবা। কিন্তু নিজকে কোনো দিন ক্ষমা নকৰিবা 

= ছাইৰাছ 


২৭৫। ধনৰ প্ৰশ্ন যদি আহে তেন্তে পৃথিৱীত এটাই ধৰ্ম আছে। ধৰ্মৰ প্ৰসংগত আমি সকলো একে ধৰ্মালম্বী 

= ভলটেয়াৰ 


২৭৬। আপুনি সন্মান কৰা মানুহজন মোক দেখুৱাই দিয়ক , আপুনি কেনেধৰণৰ মানুহ মইআপোনাক জনাই দিম = থমাছ কাৰ্লাইন 


২৭৭। বন্ধুক সদায় এখন ছবিৰ দৰে ভাবিবা । ছবি এখন চাবলৈ যেনেদৰে উপযুক্ত পোহৰৰ দৰকাৰ , তেনেদৰে বন্ধুকো উপযুক্ত ধৰণে চাবা 

= জেনি জেৰম চাৰ্চিল 


২৭৮। শিক্ষক হ'ল এডাল মমৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে। 

= জৱাহৰলাল নেহৰু


২৭৯। যিসকলে স্বাধীনতাক ভাল পাওঁ বুলি কয় অথচ আন্দোলনৰ বিৰোধিতা কৰে, তেওঁলোক হ'ল বিজুলী-ঢেৰেকণি নোহোৱাকৈ বৰষুণ বিচৰা মানুহ। তেওঁ লোকে সাগৰ বিচাৰে , কিন্তু সাগৰৰ জলৰাশিৰ গৰ্জন নিবিচাৰে 

= ফ্ৰেডেৰিক ডগলাছ


২৮০। একমাত্ৰ প্ৰতিকাৰহীন চৰম নৈৰাশ্যৰ ভেটিতহে আত্মাৰ আৱাস আৱাস নিৰাপদভাৱে নিৰ্মাণ কৰিব পাৰি 

= বাট্ৰাণ্ড ৰাছেল 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২৮১। প্ৰেমৰ আৰম্ভণী আৰু পৰিশেষত প্ৰেমিকে সদায়েই গভীৰ নি:সংগতাবোধক অনুভৱ কৰে 

= লা ব্ৰুয়েৰ 


২৮২। খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব, অহংকাৰ নকৰিবা, পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা। 

= স্বামী বিবেকানন্দ


২৮৩। ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা।

= ৰবীন্দ্ৰনাথ ঠাকুৰ


২৮৪। মোৰ প্ৰজন্মৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ হ’ল এই যে মানুহে কেৱল নিজৰ মনোভংগী (attitude) সলনি কৰিয়েই নিজৰ জীৱনটো সলনি কৰি দিব পাৰে। 

= উইলিয়াম জেইমছ


২৮৫। বিবেক হ'ল এনে এক পৱিত্ৰ ঠাই - যত একমাত্ৰ ঈশ্বৰেহে বিচাৰক হিচাপে প্ৰৱেশ কৰিব পাৰে 

= লেমেন্নেইচ 


২৮৬। অতীতৰ ঋণ পৰিশোধ কৰাৰ একমাত্ৰ উপায় হ'ল ভৱিষ্যতটোক আমাৰ ওচৰত ঋণী কৰি ৰখা 

= জন বুকান 


২৮৭। নিজে আৰ্জি আনক পৰিপূৰ্ণ ৰূপক ভগাব পৰাতে শিক্ষিকৰ কৃতিত্ব 

= সয়ম্বৰ ঘৰফলীয়া 


২৮৮। আশা আছে বাবে পৃথিৱীখন বৰ ধুনীয়া 

= হেম বৰুৱা 


২৮৯। কামেই হ'ল জীৱনৰ শ্ৰেষ্ঠতম উপাসনা 

= হোমেন বৰগোহাঞি 


২৯০। এখন ভাল কিতাপ আপোনাৰ সৰ্বোত্তম বন্ধু আজিৰ নহয় , চিৰদিনৰ বাবে 

= মাৰ্টিন টুপাৰ 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

২৯১। বন্ধুত্ব বোলা বস্তু জমা ধনৰ দৰে , ব্যৱহাৰ নকৰিলেহে সি উচ্চ শিখৰ পায় 

= এলবাৰ্ট হাৱাৰ্ড 


২৯২। বেদনাই হ’ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ ৷ 

= কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ 


২৯৩। পৃথিৱীৰ আটাইতকৈ বেয়া কাম আনৰ সু-নাম নষ্ট কৰা 

= ৰামকৃষ্ণ পৰমংস 


২৯৪। যিহেতু যুদ্ধ আৰম্ভ হয় মানুহৰৰ মনৰ , সেয়েহে মানুহৰ মনৰ ভিতৰতে প্ৰথমে শান্তি সুৰক্ষিত কৰি তুলিব লাগিব 

= ইউনেস্ক ' ৰ সংবিধান 


২৯৫। আনৰ পৰা শুনা কথাবোৰ পুনৰ দোহাৰিবলৈ শিক্ষাৰ প্ৰয়োজন; সেই কথাবোৰক প্ৰত্যাহ্বান জনাবলৈ প্ৰয়োজন হয় চিন্তাশক্তিৰ। 

= মেৰি পেটিবন পুল


২৯৬। চৰিত্ৰ গঠন কৰাই হ'ল শিক্ষাৰ উদ্দেশ্য

= হাৰ্চলি


২৯৭। সৰু মনৰ ডাঙৰ মানুহতকৈ ডাঙৰ মনৰ সৰু মানুহ শ্ৰেষ্ঠ । 

= ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ


২৯৮। মানুহৰ মাজত দেৱতা আছে। সেই দেৱতাক কামেৰে আৰু বিশ্বাসেৰে পাব পাৰি।

= চক্রেটিছ


২৯৯। ঈশ্বৰক বিশ্বাস কৰাতো অসম্ভৱ ; অবিশ্বাস কৰাতো অদ্ভুত 

= ভলটেয়াৰ


৩০০। এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একেই কথা 

= মিল্টন


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৩০১। কাকো প্ৰবঞ্চনা বা প্ৰতাৰণা নকৰিবা, কাকো অৱহেলাও নকৰিবা৷

= গৌতম বুদ্ধ


৩০২। আনে কি কৰিছে কি কৰা নাই তালৈ চকু নিদি নিজে কি কৰিছো কি কৰা নাই তালৈহে চকু দিয়া উচিত 

= বুদ্ধদেৱ 


৩০৩। সাময়িক খং আৰু উত্তেজনাৰ বশৱৰ্ত্তী হৈ এনে কোনোধৰণৰ আচৰণ নকৰিবা যাৰ বাবে তুমি আনৰ দুখৰ কাৰণ হ’বলগা হয়৷ 

= গৌতম বুদ্ধ


৩০৪। প্রত্যেক দিনেই জীৱনৰ শেষ দিন বুলি কাম কৰি যােৱা।

= জিম কৰবেট


৩০৫। মাকে যেনেকৈ নিজৰ সৰ্বস্ব দিয়ো সন্তানক ৰক্ষা কৰে, সেই মমতা আৰু কৰুণা তুমি নিজৰ হৃদয়ত বহন কৰাৰ প্ৰয়াস কৰিবা৷

= গৌতম বুদ্ধ


৩০৬। তোমাৰ বন্ধু বা পৰিচিতসকলৰ প্ৰতিয়েই নহয়, বিশ্বজগতৰ প্ৰতিটো জীৱৰ প্ৰতি নিজৰ হৃদয়ত বহন কৰিবা অহিংসা, দ্বেষহীন সহানুভূতি, প্ৰেম তথা কৰুণা৷ 

= গৌতম বুদ্ধ


৩০৭। জ্ঞানতকৈ পবিত্ৰ বস্তু এই জগতত একো নাই

= আনন্দ চন্দ্ৰ আগৰৱালা


৩০৮। নিৰক্ষৰতা মানে জ্ঞানবিহীনতা নহয় 

= ৰবীন্দ্ৰনাথ ঠাকুৰ।


৩০৯। জীয়াই থকাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল তুমি আঁতৰি যোৱাৰ পিছতো মানুহৰ মনত তোমাৰ কৰ্মৰাজি, আদৰ্শ জীপাল হৈ থকাতোহে৷ কাল বলুকাত খোজ ৰাখি থৈ যোৱা সম্ভৱ মাথোঁ সুকৰ্মৰাজিৰ দ্বাৰাহে৷ 

= লিঅ'টলষ্টয়


৩১০। আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য৷ সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল উৎস৷ 

= এলবাৰ্ট আইনষ্টাইন


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৩১১। মৰমে মৰম জন্ম দিয়ে 

= ছফোপল্ছ 


৩১২। যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা৷ কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা৷ 

= স্বামী বিবেকানন্দ


৩১৩। মই মোৰ নিজৰ বাবে আত্মবিশ্বাস, শক্তি আৰু ক্ষমতা বিচাৰি সদায় বাহিৰলৈ চাওঁ৷ ভাবো অন্য কোনোবাই নহ’লেও উদাৰ এই প্ৰকৃতি বা ঈশ্বৰে সেয়া দিব৷ কিন্তু শেষত দেখো যে সেইবোৰ অফুৰন্তভাবে ওলাই আহে মোৰ মন আৰু হৃদয়ৰ নিভৃততম কোণৰ পৰা৷ 

= আন্না ফ্ৰয়েড


৩১৪। তোমাক মানুহে নাজানে বুলি আওকাণ নকৰিবা। এনেভাৱে তুমি কাম কৰা যাতে তুমি মানুহে জনাৰ যোগ্য হোৱা।

= কনফুচিয়াছ


৩১৫। মদপী স্বামী থকা স্ত্রীয়েহে জানে তেওঁৰ সংসাৰত কেনে অশান্তি আৰু ধ্বংসলীলা চলি থাকে।

= মহাত্মা গান্ধী


৩১৬। বিবেক হ’ল মানুহৰ ভিতৰত ঈশ্বৰৰ উপস্থিতি।

= ই চুইডেনবার্গ


৩১৭। প্ৰকৃত সাধুতা হৈছে লগৰ মানুহক ভালপোৱাতো আৰু প্ৰকৃত জ্ঞান হৈছে পৃথিৱীৰ মানুহক জনাতো।

= কনফুচিয়াছ


৩১৮। কৰ্মশক্তিয়ে আমাক তিনিটা অতি ভয়ঙ্কৰ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে – আলস্য, বদ অভ্যাস আৰু অভাৱ৷ 

= ফৰাচী দাৰ্শনিক ভল্টেয়াৰ


৩১৯। প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে৷ 

= ৰবীন্দ্ৰনাথ ঠাকুৰ


৩২০। আন কিবা কৰিছেনে নাই সেই লৈ মূৰ ঘমোৱাতকৈ আমি নিজে কি কৰিছো সেইটোহে ভবা বেছি প্ৰয়োজন৷ প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কাম কৰি গ’লেই দহৰ তথা দেশৰ সেৱা কৰা হ’ব৷ 

= ৰাজা ৰামমোহন ৰায়


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৩২১। প্ৰেম তেওঁৰ স’তে কৰিবা যাক তুমি ভালপোৱা৷ কিন্তু বিবাহত তেওঁৰ স’তেহে বহিবা, যিয়ে তোমাক ভালপায়৷ 

= আৰবীয় প্ৰবাদ


৩২২। কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি৷ 

= এইছ জি ৱেইলছ


৩২৩। মানুহৰ কৰ্মৰাজি কিতাপ এখনৰ সূচীপত্ৰৰ দৰে। তাৰে পৰায়েই আমি বুজিব পাৰো ভিতৰত কি আছে।

= থমাচ


৩২৪। প্ৰেমৰ দ্বাৰাই সংহতি আৰু সংহতিৰ দ্বাৰাইহে এক সুন্দৰ জীৱ-জগতৰ কথা কল্পনা কৰিব পাৰি।

= বুদ্ধদেৱ

                                                             

৩২৫। ধৰ্মৰ মাজৰ মজ্জাখিনি উলিয়াই ল'ব লাগে ; হাড়খিনি কেলেই ?  

= জালানুদ্দিন ৰুমী 


৩২৬। বুদ্ধিমান হোৱাৰ বাবে আমি বহু মূল্য ভৰিবলগীয়া হয় । জ্ঞানে যন্ত্ৰণা দিয়ে 

= ইউৰিপিডিছ 


৩২৭। প্ৰকৃত বন্ধুত্ব সুস্থ স্বাস্থ্যৰ দৰে । যেতিয়ালৈকে হেৰুওৱা নাযায় তেতিয়ালৈ ইয়াৰ মূল্য বুজডা নাযায়

= চাৰ্লছ চেলিব কলটন 


৩২৮। তোমাৰ জীৱন বিষময় কৰি তুলিব 

= টনী ফলিৰ 


৩২৯। এশজন মুৰ্খ পুত্ৰ জন্ম হোৱাতকৈ বৰং এজন গুণৱান পুত্ৰ জন্ম হোৱাটোৱেই ভাল 

=  মিল্টন 


৩৩০। যাৰ আত্মসন্মান নাই তেওঁৰ নিজস্ব বুলিব একোৱেই নাই 

= মহাত্মা গান্ধী 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৩৩১। আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো সঁচা, কিন্তু এই পৃথিৱীত পৰস্পৰৰ স’তে ভাতৃৰ দৰে বসবাস কৰিবলৈ শিকা নাই৷ 

= মাৰ্টিন লুথাৰ


৩৩২। আন্ধাৰ যিমান গভীৰ হ’ব, প্ৰভাতো সিমানেই উজ্বল হ’ব৷ চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ’বই৷ 

= জ্যোতি প্ৰসাদ আগৰৱালা


৩৩৩। গভীৰ অমানিশা অথবা কালৰাত্ৰিৰ বুকুতে যেনেদৰে প্ৰভাত লুকাই থাকে, তেনেদৰেই বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভ নিশ্চিত হৈ উঠে৷ 

= ভূপেন হাজৰিকা


৩৩৪। কাহানিও ধৈৰ্য আৰু সাহস নেহেৰুৱাব৷ হতাশ নহ’ব কাহানিও, যদি হতাশো হয় তেন্তে সেই অৱস্থাতেই একাগ্ৰতাৰে যন্ত্ৰবৎ কাম কৰি যাব৷ 

= বিখ্যাত ৰাজনীতিবিদ এডমাণ্ড বাৰ্ক


৩৩৫। অতীত আৰু বৰ্তমানক লৈ তৰ্কত লিপ্ত হোৱাটোতকৈ অৰ্থহীন কথা আৰু একো নাই৷ কাৰণ তাৰ পৰা আমি হেৰুৱাও আমাৰ বৰ্তমানক৷

= উইনষ্টন চাৰ্চিল


৩৩৬। মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম৷

= নেতাজী সুভাষ চন্দ্ৰ বসু


৩৩৭। আপোনাৰ অভিজ্ঞতা, পাৰিপাৰ্শ্বিকতা আৰু বংশানুক্ৰমিক চৰিত্ৰই আপোনাক যি দিছে সেয়াই আপোন৷ ভালেই হওক, বেয়াই হওক নিজৰ বাগিচাৰ পৰিচাৰ্যা আপুনি নিজেই কৰিব লাগিব৷ সুন্দৰ হওঁক বা অসুন্দৰেই হওঁক আপোনাৰ জীৱনৰ সংগীতৰ সুৰ আপুনিয়ে সৃষ্টি কৰি বাদ্যও নিজেই বজাব লাগিব৷ 

= ডেল কাৰ্ণেগী


৩৩৮। ইচ্ছাশক্তি প্ৰৱল হ’লে জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে৷ 

= মেকিয়াভেলে


৩৩৯। ভৱিষ্যতে আমি যি হ’ব বিচাৰো, সেয়া বৰ্তমান অৱস্থাৰ কাম-কাজে নিৰূপন কৰে ৷ সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ৷ 

= স্বামী বিবেকানন্দ 


৩৪০। সাফল্য মানুহৰ জীৱনলৈ সৌভাগ্যক্ৰমে নাহে৷ সফলতা লাভৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, সাহস আৰু ত্যাগৰ৷ কিন্তু এইসমূহতকৈও গুৰুত্বপূৰ্ণ বস্তুটো হ’ল কামৰ প্ৰতি নিষ্ঠা আৰু ভালপোৱা৷ 

= মহান ফুটবলাৰ পেলে


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৩৪১। বিপ্লৱৰ আহ্বান সাহিত্যত প্রতিধ্বনিত হ'ব লাগে।

= শচন্দ্র সিংহ


৩৪২। বেলি মাৰ যায়, কিন্তু গ্রহ উপগ্রহই তাৰ প্রতিবিম্বৰেই বাটৰুৱাক পথ দেখুৱায়। কোনােবা জাতি পৃথিৱীত নাইকীয়া হয়, কিন্তু তাৰ মানসিক বিকাশৰ জেউতী বা প্রতিবিম্বই পুৰুষানুক্রমে মানৱ সমাজক পােহৰ দি থাকে।

= ড° বাণীকান্ত কাকতি


৩৪৩। ডাঙৰ আৰু যথেষ্টসৎখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান তথা সফল হ’ব নোৱাৰে৷

= উইলিয়াম শ্বেইক্সপীয়েৰ


৩৪৪। যি মানুহে নামমাত্ৰও আনৰ কথা চিন্তা কৰিব নোৱাৰে, তেওঁৰ জীৱনৰ কোনো অৰ্থ নাই ৷ 

= মণ্টেইন


৩৪৫। দৈ গাখীৰে পেটৰ ভিতৰত থকা বিভিন্ন ৰােগৰ বীজাণু আৰু সিহঁতে তাত উৎপন্ন কৰা বিহবােৰ নষ্ট কৰিব পাৰে। সেয়েহে বর্তমান দৈ গাখীৰ সর্বশ্রেষ্ঠ খাদ্য দ্রব্য বুলি পৰিগণিত।

= ক্ৰুইক চাঙ্ক এমডি


৩৪৬। প্ৰত্যকটো সমাধানৰ বীপৰীতে মই এটা সমচ্যা থিয় কৰিব পাৰাঁ , কাৰণ মই এজন দাৰ্শনিক 

= ৰবাৰ্ট জেণ্ড 


৩৪৭। যিসকল মানুহৰ হাতত থাকে প্ৰচুৰ সময়, তেওঁলোকে কাম কৰিবলৈ কাহানিও সময় নাপায়৷ অথচ যিসকল সদায় কামতেই ব্যস্ত হৈ থাকে তেওঁলোকৰ কিন্তু নতুন নতুন কাম কৰিবলৈ সময়ৰ অভাৱ নহয়৷ 

= লৰ্ড চেষ্টাৰফিল্ড


৩৪৮। কোনো সমস্যাকে তোমাৰ ওপৰত কাহানিও প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা৷ বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নি:শেষ কৰা৷

= ড০ এ পি জে আব্দুল কালাম


৩৪৯। ভাগ্য বুলি বেলেগ এটা বস্তু নাই ; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি 

= হেৰাক্লিটাছ 


৩৫০। সম্পদৰ লালসাই নহয় , হেৰোৱা সম্পদৰ দুখেহে মানুহক অধিক হতাশাগ্ৰস্ত কৰি তোলে 

= আলফ্ৰেড দ্য মছেট 


মহৎ লোকৰ অমৃত বাণী- মহৎ লোকৰ অমৰ বাণী- Assamese Quotes

৩৫১। মদ এনে এবিধ বস্তু যি জীয়াক মাৰে আৰু মৰাক সংৰক্ষণ কৰে।

= জামাকচ


৩৫২। যেতিয়ালৈকে আপুনি জীয়াই থাকে, কেনেকৈ জীয়াই থাকিব লাগে তাক আপুনি শিকি থাকক। 

= চেনেকা


৩৫৩। ঈশ্বৰকো যিজনে ছলনা কৰে, তেনেই ৰাজনীতিজ্ঞ 

= শ্বেকছপীয়েৰ



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.