৫৬০+ এটা শব্দত প্ৰকাশ কৰা- Ata Hobdot Prokash Kora

৫৬০+ এটা শব্দত প্ৰকাশ কৰা- Ata Hobdot Prokash Kora

এটা শব্দত প্ৰকাশ কৰা


৫৬০+ এটা শব্দত প্ৰকাশ কৰা- Ata Hobdot Prokash Kora
এটা শব্দত প্ৰকাশ কৰা

অসমীয়া ভাষাত এটা শব্দত প্ৰকাশ কৰা- One word Substitution in Assamese for Students HSLC, HS- Ata Hobdot Prokakh Kora

অসমীয়া ভাষাত এটা শব্দত প্ৰকাশ কৰা- One word Substitution in Assamese for Students HSLC, HS- Ata Hobdot Prokakh Kora
এটা শব্দত প্ৰকাশ কৰা

এটা শব্দত প্ৰকাশ কৰা:

১। যি অতিশয় দীঘ নহয়= নাতিদীর্ঘ। 

২। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে= অকৃতজ্ঞ

৩। যি মাটিৰ উৎপাদিকা শক্তি নাই= অনুৰ্বৰ

৪। যি জুইত পুৰি নাখায়= অদাহ্য

৫। যাক সহজে লাভ কৰিব নােৱাৰি বা যাক পাবলৈ টান= দুষ্প্রাপ্য, দুর্লভ

৬। যি মাগি খায়= মগনীয়া

৭। দুটা মাহৰ মাজৰ দিন= দোমাহী

৮। পনীয়া গাখীৰ দিয়া গাই= জলাহী

৯। যি নয়ম মতে খৰচ কৰে= মিতব্যয়ী

১০। এই সন্তান থকা তিৰোতা= কাকবন্ধ্যা


এটা শব্দত প্ৰকাশ কৰা:

১১। তল পাব নােৱাৰা= অতল

১২। কঁহৰ বাচন গঢ়েতা= কঁহাৰ

১৩। মাটিৰ বাচন সাজোঁতা= কুমাৰ

১৪। নাও বােৱা মানুহ= নাৱৰীয়া

১৫। যি জলত চৰে= জলচৰ

১৬। যি শত্ৰুক বধ কৰে= শত্রুঘ্ন

১৭। ব্যাকৰণত যি পাৰদশী= বৈয়াকৰণিক

১৮। যাক সহজে লঙঘন কৰিব নােৱাৰি= অলঙঘ্য ১৯। অতিশয় শীতাে নহয়, অতিশয় গ্রীষ্মও নহয়= নাতিশীতােষ্ণ

২০। যিজনে আইন জানে= আইনজ্ঞ


এটা শব্দত প্ৰকাশ কৰা:

২১। তিনিটা বাট য’ত লগ লাগিছে= তিনিআলি, তেবাটা

২২। খাবলৈ অনা কলপুলি= পচলা

২৩। যি সম্পূর্ণ দেখা নাপায়= অন্ধ

২৪। যি জন্মৰেপৰা অন্ধ= জন্মান্ধ

২৫। যি ৰাতি দেখা নাপায়= কুকুৰীকণা

২৬। যি প্রাণী স্থলত চৰে= স্থলচৰ

২৭। যি প্রাণী জল-স্থল উভয়তে চৰে= উভচৰ

২৮। যি প্ৰাণীৰ ঠেং নাই বা বুকুৰে বগাই ফুৰা প্ৰাণী= সৰীসৃপ

২৯। মাতৃৰ গাখীৰ খাই জীৱন ধাৰণ কৰা প্ৰাণী= স্তন্যপায়ী

৩০। শাস্ত্ৰত যি পাৰদৰ্শী= শাস্ত্রজ্ঞ


এটা শব্দত প্ৰকাশ কৰা:

৩১। একেলগে শ্ৰেণীত পঢ়া-শুনা কৰা বন্ধু= সহপাঠী 

৩২। গােটেই জীৱনব্যাপী= আজীৱন

৩৩। পূর্বজন্মৰ কথা যি জানে= জাতিস্মৰ

৩৪। ৰন্ধা-বঢ়া কাম কৰা তিৰােতা= ৰান্ধনী

৩৫। সৈন্য থকা ঠাই= ছাউনী

৩৬। কৰিবলগীয়া কাম= কর্তব্য

৩৭। যাক সহজে লাভ কৰা যায়= সুলভ

৩৮। যি জনে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে= ভিক্ষাৰী 

৩৯। যাৰ পুত্র নাই= অপুত্রক

৪০। যাৰ দয়া নাই= নির্দয়


এটা শব্দত প্ৰকাশ কৰা:

৪১। যাৰ হিচাপ নাই= বেহিচাপী

৪২। ভিক্ষাৰ অভাৱ= দুর্ভিক্ষ

৪৩। ঘৰ নাই যাৰ = অঘৰী

৪৪। প্ৰৱাসত থকা মানুহ= প্রৱাসী, প্রৱসুৱা

৪৫। একে গুৰুৰ শিষ্য= সতীর্থ

৪৬। সঁচা কথা কোৱা মানুহ= সত্যবাদী

৪৭। যি পূর্বে হােৱা নাছিল= অভূতপূর্ব

৪৮। ঈশ্বৰক যাৰ বিশ্বাস নাই= নাস্তিক

৪৯। যাৰ অন্ত নাই= অনন্ত

৫০। বােকাত যাৰ জন্ম= পঙ্কজ


এটা শব্দত প্ৰকাশ কৰা:

৫১। যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে= কৃতজ্ঞ

৫২। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে= অকৃতজ্ঞ, কৃতঘ্ন

৫৩। যি পুৰুষৰ ঘৈণীয়েক মৰিছে= বৰলা

৫৪। যাক দেখা নাযায়= অদৃশ্য 

৫৫। যি নাৰীৰ স্বামী মৰিছে= বিধৱা 

৫৬। ফল পকিলে যি গছ মৰি যায়= ওষধি

৫৭। বিয়া নকৰােৱা মানুহ= অবিৱাহিত

৫৮। একে মাকৰ গৰ্ভত জন্ম যাৰ= সহােদৰ 

৫৯। পৰৰ অধীন= পৰাধীন

৬০। পৰৰ মুখলৈ, অপেক্ষা কৰা মানুুহ= পৰমুখাপেক্ষী


এটা শব্দত প্ৰকাশ কৰা:

৬১। পৰৰ সৌভাগ্য দেখি যি কাতৰ হয়= পৰশ্রীকাতৰ 

৬২। যিয়ে গৰু গাড়ী চলায়= গাড়ােৱান

৬৩। কানি খােৱা মানুহ= কানীয়া

৬৪। বাটেটি যােৱা মানুহ= বাটৰুৱা

৬৫। মিছা কথা কোৱা মানুহ= মিছলীয়া

৬৬। গােপনে দিয়া উপধৌকন= ভেটি 

৬৭। যি ইন্দ্রিয় জয় কৰে= জিতেন্দ্রিয় 

৬৮। যি জানিবলৈ ইচ্ছা কৰে= জিজ্ঞাসু

৬৯। যি মাছ-মাংস খায়= আমিষাহাৰী

৭০। যি অলপতে শুনে= শহাকণীয়া 


এটা শব্দত প্ৰকাশ কৰা:

৭১। যাক ব্যৱহাৰ কৰিব নােৱাৰি= অব্যৱহার্য

৭২। ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি বা বিপদৰ সময়ত ওলোৱা বুদ্ধি= প্রত্যুৎপন্নমতি

৭৩। যি সংকল্প কৰিছে - কৃতসংকল্প

৭৪। যি অনাই বনাই ঘূৰি ফুৰে= যাযাবৰ, অঘৰী

৭৫। যাৰ মূৰত চুলি নাই= তপামূৰ

৭৬। যি মৰোঁ মৰোঁ অৱস্থাত আছে= মুমুৰ্ষু

৭৭। যি কোনো পক্ষ নলয়= নিৰপেক্ষ

৭৮। যাৰ জন্ম নাই= অজ

৭৯। যাৰ কথাৰ লাগ বান্ধ নাই= লপা, চেলেপু

৮০। যাৰ বিবেচনা শক্তি নাই= অবিবেচক


এটা শব্দত প্ৰকাশ কৰা:

৮১। সহজে যি জীণ যায়= লঘুপাকী

৮২। যাৰ কুল আৰু শীল জনা নাযায়= অজ্ঞাতকুলশীল

৮৩। সকলোকে সমানভাৱে দেখা= সমদৰ্শী

৮৪। যি জনে আনৰ বস্তু বলেৰে নিয়ে= ডকাইত 

৮৫। ফুল নুফুলাকৈ গুটি হোৱা গছ= বনস্পতি

৮৬। শত্ৰুক জয় কৰে যি= শত্ৰুঞ্জয়

৮৭। ৰিপুক জয় কৰে যি= ৰিপুঞ্জয়

৮৮। ধান থোৱা ঘৰ= ভঁৰাল

৮৯। যি মাছ-মাংস নাখায়= নিৰামিষাহাৰী

৯০। ভিক্ষা কৰে যি= ভিক্ষাৰী


এটা শব্দত প্ৰকাশ কৰা:

৯১। সীমা নথকা= অসীম

৯২। মাটিৰে নিৰ্মিত= মৃণ্ময়

৯৩।মেলত পাৰ্গত= মেলেকী

৯৪। লোকক দেখি পাছত যি কৰে= অনুকৰণ

৯৫। বাপেকৰ সখিয়েক= তাৱৈ 

৯৬। তাৱৈৰ ঘৈণীয়েক= আমৈ 

৯৭। যি আনৰ অধীন নহয়= স্বাধীন 

৯৮। বিদেশৰপৰা অহা লোক = বিদেশী

৯৯। গৰু বন্ধা ঠাই= গোহালি 

১০০। যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট 


এটা শব্দত প্ৰকাশ কৰা:

১০১। বহুতো ল'ৰা ছোৱালী একেলগে পঢ়া ঘৰ= পঢ়াশালি

১০২। বিদ্যা শিক্ষা কৰা ঘৰ= বিদ্যালয়

১০৩। পকী ঘৰ নিৰ্মাণ কৰা লোক= ৰাজমিস্ত্ৰী

১০৪। যি তিনিও কালৰ কথা জানে= ত্ৰিকালজ্ঞ

১০৫। যি নগৰত থাকে = নগৰীয়া 

১০৬। আঁঠুলৈ বৈ পৰা = আজানুলম্বিত 

১০৭। ভেকুলীৰ পোৱালি = লালুকি 

১০৮। যি ফল কাঁচাও নহয় পকাও নহয় = ডাহেচীয়া 

১০৯। দেউতাৰ ভনীয়েক = পেহী 

১১০। যাক লংঘন কৰিব নোৱাৰি= অলংঘ্য 


এটা শব্দত প্ৰকাশ কৰা:

১১১। যি ভয় নকৰে = নিৰ্ভীক

১১২। যাৰ নাম নাই= অনামী 

১১৩। যাৰ সীমা আছে= সসীম 

১১৪। যাক পৰিহাৰ কৰিব নোৱাৰি= অপৰিহাৰ্য 

১১৫। যাৰ ধাৰ আছে= ধাৰুৱা 

১১৬। যি এটা চকুৰে নেদেখে = কণা

১১৭। দুয়োটা চকুৰে নেদেখা লোক = অন্ধ

১১৮। যি কথা কব নোৱাৰে = মুক; বোবা

১১৯। যি সহ্য কৰিব পাৰে= সহনশীল 

১২০। যি শুনাও নাপায়; কথাও ক'ব নোৱাৰে = মুকবধিৰ


এটা শব্দত প্ৰকাশ কৰা:

১২১। শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী

১২২। যি সমাপ্ত হোৱা নাই= অসমাপ্ত

১২৩। যি কণীৰ পৰা জন্মে= অণ্ডজ

১২৪। য'লৈ যোৱা টান= দুৰ্গম

১২৫। যি ৰণত মতলীয়া= ৰণমত্ত

১২৬। যি বিষ্ণুক পূজা কৰে= বৈষ্ণৱ

১২৭। যি শিৱক পূজা কৰে= শৈৱ

১২৮। যি শক্তিক পূজা কৰে= শাক্ত

১২৯। স্বামী থকা তিৰোতা = সধৱা; আয়তী

১৩০। কথা কোৱাৰ যি ইচ্ছা= বিবক্ষা


এটা শব্দত প্ৰকাশ কৰা:

১৩১। যি কম কথা কয়=মিতভাষী

১৩২। যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে=একাহাৰী

১৩৩। ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা=পোহাৰী

১৩৪। নোহোৱা বস্তু সৃষ্টি কৰা= উদ্ভাৱন

১৩৫। মাটিৰে তৈয়াৰী শিল্পকৰ্ম= মৃৎশিল্প

১৩৬। নাম গোৱা তিৰোতা = নামতী

১৩৭। কাৰো নাম নোলোৱাকৈ দিয়া গালি= গুৱালগালি 

১৩৮। যি কথাৰ অৰ্থ নাই= নিৰৰ্থক 

১৩৯। ককাৰ দেউতাক=আজোককা

১৪০। যাক কল্পনা কৰিব নোৱাৰি= কল্পনাতীত


এটা শব্দত প্ৰকাশ কৰা:

১৪১। দাঁত ওলোৱা হাতী= দঁতাল

১৪২। যাক বৰ্ণনা কৰিব নোৱাৰি= অবৰ্ণনীয় 

১৪৩। যাৰ আদি নাই= অনাদি

১৪৪। যাক বাৰণ কৰিব নোৱাৰি= অনিবাৰ্য 

১৪৫। বিয়া নকৰোৱা মানুহ= অবিবাহিত, বৰলা বা ডাং বৰলা

১৪৬। মাছ মৰা লোক= মাছুৱৈ; মাছমৰীয়া

১৪৭। নিমন্ত্ৰণ নকৰাকৈ অহা আলহী= নাদৰা-দৰা

১৪৮। একেৰাহে চলি থকা= নিৰৱচ্ছিন্ন

১৪৯। বৌদ্ধ বা জৈন সন্ন্যাসী= নিৰ্গ্ৰন্থ

১৫০। যাৰ আশ্ৰয় নাই= নিৰাশ্ৰয়


এটা শব্দত প্ৰকাশ কৰা:

১৫১। যি কথা লগাই ফুৰে= খলুৱা

১৫২। যি পৰিণাম চিন্তা কৰি কাম কৰে= পৰিণামদৰ্শী

১৫৩। যি দুই হাত সমানে চলাব পাৰে= সব্যসাচী

১৫৪। যি বাঢ়িবলৈ ধৰে=বৰ্ধিষ্ণু

১৫৫। যি কৰ্তব্য স্থিৰ কৰিব নোৱাৰে= কিংকৰ্তব্যবিমূঢ়

১৫৬। যি পুৰুষে বিয়া কৰোৱা নাই= অকিঞ্চন

১৫৭। যি নিজকে পণ্ডিঈত বুলি ভাৱে= পণ্ডিতমন্য

১৫৮। আনৰ দোষ দেখা স্বভাৱ= অসূয়া

১৫৯। যাক কোনেও নাজানে= অখ্যাত

১৬০। কবনলগীয়া কথা; যাক কব নোৱাৰি= অবাচ্য; অকথ্য


এটা শব্দত প্ৰকাশ কৰা:

১৬১। হাল বোৱা গৰু= বলধ

১৬২। ঈশ্বৰক বিশ্বাস কৰা লোক=আস্তিক

১৬৩। স্মৰণ কৰিবলগীয়া= স্মৰণীয়

১৬৪। যাৰ বিয়া হৈছে= বিবাহিত

১৬৫। জিভাৰে চেলেকি চাব পৰা বস্তু= লেহ্য

১৬৬। জন্তুৰ নিচিনা যি= জান্তব

১৬৭। পনীয়া গাখীৰ দিয়া গাই= জলাহী

১৬৮। শিং নথকা গৰু= লাওমূৰা

১৬৯। যি জানিবলৈ ইচ্ছা কৰে= জিজ্ঞাসু

১৭০। আগে আগে গমন কৰে যি= অগ্ৰগামী


এটা শব্দত প্ৰকাশ কৰা:

১৭১। পিছে পিছে গমন কৰে যি= অনুগামী

১৭২। গান গোৱা লোক= গায়ক

১৭৩। খেলা ধুলা কৰা লোক= খেলুৱৈ

১৭৪। সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰা লোক=স্বৰ্ণকাৰ; সোণাৰী

১৭৫। চিকিৎসা কৰা লোক= চিকিৎসক

১৭৬। গাঁৱৰ মুখিয়াল ব্যক্তি= গাঁওবুঢ়া

১৭৭। যি উপকাৰ কৰে= উপকাৰী

১৭৮। বৰষুণ নোহোৱা বতৰ=খৰাং

১৭৯। ঘোঁৰা বন্ধা ঘৰ= অস্তাবল

১৮০। যি পথৰ পৰা বিচলিত= পথভ্ৰষ্ট


এটা শব্দত প্ৰকাশ কৰা:

১৮১। যি খুজি মাগি খায়= খোজনীয়া

১৮২। যাৰ কোনো নাই= অনাথ

১৮৩। ৰাতিপুৱাই স্মৰণ কৰাৰ যোগ্য= প্ৰাতঃস্মৰণীয়

১৮৪। যি কাৰো লগত মিলিব নোৱাৰে= অজীন-পাতকী

১৮৫। যি একো নাজানে= অজ্ঞ 

১৮৬। যি এই লোকৰ নহয়= অলৌকিক

১৮৭। যাৰ আগত জন্ম= অগ্ৰজ

১৮৮। যি নিজে নিজে হয়= স্বয়ম্ভু

১৮৯। দেৱতাৰ গুণ সমৃদ্ধ= দৈৱীয়

১৯০। য'ত কোনো মানুহ নাই= নিৰ্জন


এটা শব্দত প্ৰকাশ কৰা:

১৯১। যি ঘৰত ওপজে= ঘৰ-ওপজা 

১৯২। ৰ'দত শুকোৱা সৰিয়হৰ শুকান বঁটা= কাঁহুদি

১৯৩। দেশৰ অপকাৰ কৰা মানুহ= দেশদ্ৰোহী

১৯৪। যি ভয় নকৰে= নিৰ্ভীক 

১৯৫। আনৰ ভাল দেখিব নোৱাৰা= চকুচৰহা

১৯৬। দেশক ভাল পোৱা মানুহ= দেশভক্ত

১৯৭। মাৰিবলৈ (বা হনন কৰিবলৈ) কৰা ইচ্ছা= জিঘাংসা

১৯৮। যাৰ কোনো শত্ৰু নাই (বা শত্ৰু জন্মা নাই)= অজাতশত্ৰু

১৯৯। যি সকলো জানে= সৰ্বজ্ঞ

২০০। যি গোচৰ তৰে=গুচৰীয়া


এটা শব্দত প্ৰকাশ কৰা:

২০১। দেশৰ বাবে মৃত্যুবৰণ কৰা লোক= শ্বহীদ

২০২। গৰু চৰোৱা লোক= গৰখীয়া

২০৩। যি কথাৰ অৰ্থ নাই= অৰ্থহীন

২০৪। হাতী চৰোৱা লোক= মাউত

২০৫। যি নিজৰ ওপৰত নিৰ্ভৰ কৰে= আত্মনিৰ্ভৰশীল; স্বাৱলম্বী

২০৬। যি আগতে হৈছে বা ঘটিছে=ভূতপূৰ্ব

২০৭। যি কেবল নিজৰ কথা ভাৱে= স্বাৰ্থপৰ; আপোনপেটা

২০৮। যি আনৰ হিতৰ কথা ভাৱে= পৰহিতৈষী

২০৯। যি সকলোৰে মাজত প্ৰিয়= লোকপ্ৰিয়

২১০। যাক সকলোৱে জানে=বিখ্যাত


এটা শব্দত প্ৰকাশ কৰা:

২১১। যাৰ মাক মৰিছে= মাউৰা 

২১২। বিহুৰ আগৰ দিনটো= উৰুকা 

২১৩। যি দিনত নেদেখে= দিনকণা 

২১৪। দুই ঘৰৰ মাজৰ ঠাই= দোঘোৰা 

২১৫। ঘৰৰ চালৰ পানী পৰা ঠাই= পানী পচা 

২১৬। দুই বছৰৰ মূৰত পোৱালি দিয়া গাই= দোৰাহী 

২১৭। যাৰ বিয়া হোৱা নাই= আবিয়ৈ 

২১৮। যাক শুনিব নোৱাৰি= অশ্ৰাব্য

২১৯। যি গৰমো নহয় ঠাণ্ডাও নহয়= কুহুমীয়া 

২২০। যি বতৰ শীতো নহয় উষ্ণও নহয়= নাতিশীতোষ্ণ 


এটা শব্দত প্ৰকাশ কৰা:

২২১। যাৰ জ্ঞান আছে= জ্ঞানী

২২২। মাৰ ভনীয়েক= মাহী 

২২৩। দেউতাৰ ভনীয়েক= পেহী 

২২৪। মাৰ সতিনীয়েক= বিমাতা, মাহীমা 

২২৫। কঁঠালৰ সৰু কলি= মুচি 

২২৬। যাৰ ধন আছে= ধনী

২২৭। যাৰ মান আছে= মানী

২২৮। যাৰ ঋণ আছে= ঋণী

২২৯। যাৰ একো নাই= নিঃস্ব

২৩০। য'ত যাব পাৰি= সুগম


এটা শব্দত প্ৰকাশ কৰা:

২৩১। যি বহুত কথা কয়= বহুবল্কী

২৩২। যি কথা ক'ব জানে; কথা সজাই ক'ব পৰা লোক= কথাচহকী

২৩৩। যাৰ মৰণ নাই= অমৰ

২৩৪। যাৰ ভয় আছে= ভয়াতুৰ

২৩৫। স্কুলত পঢ়া ল'ৰা ছোৱালী= ছাত্ৰছাত্ৰী

২৩৬। শাক পাচলি কৰা ঠাই= শাকনি

২৩৭। ধান খেতি কৰা ঠাই= ধাননি

২৩৮। যাক আগতে শুনা নাই= অশ্ৰুতপূৰ্ব

২৩৯। যাক গণনা কৰিব নোৱাৰি= অগণন

২৪০। যাক কথাৰে প্ৰকাশ কৰিব নোৱাৰি= অনিৰ্বচনীয়


এটা শব্দত প্ৰকাশ কৰা:

২৪১। যি কথা বিশ্বাস কৰিব নোৱাৰি= অবিশ্বাস্য

২৪২। যি মাটি ফুটি ওলায় = উদ্ভিদ

২৪৩। যি বিদ্যালাভ কৰিছে = কৃতবিদ্য

২৪৪। বহুতৰ মাজত প্ৰধান = শ্ৰেষ্ঠ

২৪৫। যাক দিব পৰা নাযায় = অদেয়

২৪৬। যাক বধ কৰিব পৰা নাযায় = অবধ্য

২৪৭। যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ

২৪৮। যাৰ ধৰ্মত মতি আছে= ধৰ্মপৰায়ণ

২৪৯। যি সহজে জীণ নাযায় = অজীৰ্ণ; গুৰুপাকী

২৫০। যি অইন ফালে মন দিয়ে = অন্যমনস্ক


এটা শব্দত প্ৰকাশ কৰা:

২৫১। শৰৎ কালত হোৱা = শাৰদীয়

২৫২। যি গুণীৰ গুণ বুজে = গুণগ্ৰাহী

২৫৩। যাৰ ধৰ্মলৈ ভয় আছে = ধৰ্মভীৰু

২৫৪। অশেষ মূল্য যাৰ = অমূল্য

২৫৫। দৰমহা নোলোৱাকৈ কৰা কাম = অবৈতনিক

২৫৬। যোৱাৰ উচিত বা যোগ্য = গন্তব্য; গমনীয়

২৫৭। কাপোৰ বব জনা তিৰোতা = শিপীনী

২৫৮। যি কাম কাজত পাকৈত = কাজী

২৫৯। একে সময়তে হোৱা = সমসাময়িক

২৬০। ভৱিষ্যত চিন্তা কৰিব পৰা লোক = দূৰদৰ্শী


এটা শব্দত প্ৰকাশ কৰা:

২৬১। পি খোৱা বস্তু = পেয়

২৬২। যি বিশ্বজনৰ বাবে ভাল = বিশ্বজনীন

২৬৩। যি সৰ্বাংগ ব্যাপি আছে = সৰ্বাংগীণ

২৬৪। ফুল থোৱা পাত্ৰ = ফুলদানি

২৬৫। যি কথা কোৱা উচিত = বক্তব্য; বচনীয়

২৬৬। জুই ধৰি ৰখা ঠাই = জুহাল

২৬৭। নিজৰ ওপজা ঠাই = জন্মভূমি

২৬৮। বস্তু বেচা কিনা কৰা ঠাই = বজাৰ

২৬৯। যি বনত ওপজে = বনজ

২৭০। যাৰ সাহস আছে = সাহসী


এটা শব্দত প্ৰকাশ কৰা:

২৭১। যাৰ পিছত জন্ম = অনুজ

২৭২। কাৱৈ মাছৰ সৰু পোৱালী = কাৱৈচোকোৰা বা কাৱৈতিলা ৷

২৭৩। ৰৌ মাছৰ সৰু = ৰৌমণি ৷

২৭৪। মাছৰ পোৱালি = পোনা ৷

২৭৫। গৰৈ মাছৰ সৰু পনা = গৰৈচিৰিকা ৷

২৭৬। খাৰণি সনা সৰিহৰ গুৰি = খাৰলি ৷

২৭৭। দাঁত ওলোৱা হাতী = দঁতাল ৷

২৭৮। মাগুৰ মাছৰ সৰু = মাগুৰজালি 

২৭৯। শ’ল মাছৰ সৰু = শ’লঠাৰি ৷

২৮০। ধানৰ বাকলি = তুঁহ ৷


এটা শব্দত প্ৰকাশ কৰা:

২৮১। গোটেই জীৱন জুৰি = অজীৱন

২৮২। নাটক লিখা মানুহ = নাট্যকাৰ ৷

২৮৩। ছবি অঁকা মানুহ = চিত্ৰকাৰ ৷

২৮৪। চোবাই খোৱা বস্তু = চৰ্ব্য ৷

২৮৫। যি ঠাইত মানুহ নাই = জনশূন্য 

২৮৬। কাম কৰিবলৈ এলাহ কৰা মানুহ = এলেহুৱা ৷

২৮৭। কবিতা লেখা মানুহ = কবি ৷

২৮৮। চিঠি বিলাই ফুৰা মানুহ = পিয়ন 

২৮৯। ধৰ্মলৈ ভয় যাৰ = ধৰ্মভীৰু 

২৯০। যি গোন্ধ ভাল = সুগন্ধ 


এটা শব্দত প্ৰকাশ কৰা:

২৯১। বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য = খৰিচা

২৯২। যি পুৰুষ ভয়াতুৰ = কাপুৰুষ

২৯৩। নাৱত উঠি ব্যৱসায় কৰা লোক = মুদৈ

২৯৪। বহুত মানুহ একেলগে যোৱা = সমদল

২৯৫। নোহোৱা বস্তুৰ উদ্ভাৱন = আৱিস্কাৰ

২৯৬। যি মাটিত উতপাদিত শক্তি নাই = অনুৰ্বৰা

২৯৭। যাক বুজিব পাৰি = বোধগম্য

২৯৮। বৰষুণ নোহোৱা যি বতৰ = খৰাং

২৯৯। আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ 

৩০০। যি ঠাই অতি কষ্টেৰে লঙঘন কৰা যায় = দুৰ্লংঘ্য 


এটা শব্দত প্ৰকাশ কৰা:

৩০১। জুই ধৰি ৰখা যি ঠাই = জুহাল

৩০২। যি তিৰোতাই ধান ৰোৱে= ৰোৱনী

৩০৩। যি তিৰোতাই ধান দায় = দাৱনী

৩০৪। হঠাতে হোৱা যি ঘটনা = আকস্মিক ।

৩০৫। যি মাটিত সাৰ নাই = অসাৰুৱা ।

৩০৬। যি জন কৰ্মত বীৰৰ তুল্য = কৰ্মবীৰ 

৩০৭। যি জন সাহিত্যত সম্ৰাটৰ তুল্য = সাহিত্য - সম্ৰাট ।

৩০৮। নোহোৱা বস্তু উদ্ভাৱন কৰোতা = আৱিষ্কাৰক।

৩০৯। যি নিজক নিজে পণ্ডিত বুলি ভাবে = পণ্ডিতম্মন্য ।

৩১০। যি কৰ্ত্তব্য স্থিৰ কৰিব নোৱাৰে = হতবুদ্ধি


এটা শব্দত প্ৰকাশ কৰা:

৩১১। একে সময়তে হোৱা = সমসাময়িক ।

৩১২। লোকক দেখি পিছে পিছে যোৱা = অনুসৰণ ।

৩১৩। লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা ।

৩১৪। মাটিৰ নিচেই সৰু টেকেলি = ভুৰুকা ।

৩১৫। যি গুণীৰ গুণ বুজিব পাৰে = গুণগ্ৰাহী ।

৩১৬। যাক ভেদ কৰিব নোৱাৰে = অভেদ্য।

৩১৭। যাক সহজে ভেদ কৰিব নোৱাৰে = দুৰ্ভেদ্য ।

৩১৮। যি কষ্ট সহিব পাৰে = কষ্টসহিষ্ণু 

৩১৯। যাক সহজতে ভাঙিব পাৰে = ভংণ্ডৰ ।

৩২০। যি কোনো কাম কৰিব নোৱাৰে = অকৰ্মণ্য 


এটা শব্দত প্ৰকাশ কৰা:

৩২১। যি বিধিসন্মত = বৈধ ।

৩২২। গৰৈ মাছৰ সৰু= গৰৈচিৰিকা 

৩২৩। কাৱৈ মাছৰ সৰু= কাৱৈচোকোৰা 

৩২৪। বৰালি মাছৰ সৰু= বৰালিলেটা 

৩২৫। ৰৌ মাছৰ সৰু= ৰৌমণি 

৩২৬। ভকুৱা মাছৰ সৰু= ভকুৱাটেপা 

৩২৭। শ’ল মাছৰ সৰু= শ’লঠাৰি 

৩২৮। মাগুৰ মাছৰ সৰু= মাগুৰজালি 

৩২৯। মাছৰ পোৱালি= পোনা 

গৰুৰ পোৱালি= দামুৰি 

৩৩০। দাঁত ওলোৱা হাতী= দঁতাল 


এটা শব্দত প্ৰকাশ কৰা:

৩৩১। পোৱালি দিবৰ বয়স নোহোৱা মাইকী গৰু= কাঢ়লী 

৩৩২। খাৰণি সনা সৰিহৰ গুৰি= খাৰলি 

৩৩৩। যি গোন্ধ ভাল= সুগন্ধ 

৩৩৪। কবিতা লেখা মানুহ= কবি 

৩৩৫। কাম কৰিবলৈ এলাহ কৰা মানুহ= এলেহুৱা 

৩৩৬। চিঠি বিলাই ফুৰা মানুহ= পিয়ন 

৩৩৭। ছবি অঁকা মানুহ= চিত্ৰকাৰ 

৩৩৮। যি ঠাইত মানুহ নাই= জনশূন্য 

৩৩৯। ধৰ্মলৈ ভয় যাৰ= ধৰ্মভীৰু 

৩৪০। ধানৰ বাকলি= তুঁহ 


এটা শব্দত প্ৰকাশ কৰা:

৩৪১। নাটক লিখা মানুহ= নাট্যকাৰ 

৩৪২। নোহোৱা বস্তুৰ উদ্ভাৱন= আৱিস্কাৰ 

৩৪৩। নাৱত উঠি ব্যৱসায় কৰা লোক= মুদৈ 

৩৪৪। যি পুৰুষ ভয়াতুৰ= কাপুৰুষ 

৩৪৫। ব’ব কাটিব জনা তিৰোতা= শিপিনী 

৩৪৬। বহুত মানুহ একেলগে যোৱা= সমদল 

৩৪৭। পি খোৱা বস্তু= পেয়

৩৪৮। যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে= দূৰদৰ্শী

৩৪৯। যিজনে দূৰলৈ দেখে= দূৰদৰ্শী

৩৫০। দৰমহা নোলোৱাকৈ কাম কৰা মানুহ= অবৈতনিক


এটা শব্দত প্ৰকাশ কৰা:

৩৫১। ৰিৰপৰা মূৰলৈকে= আপাদমস্তক

৩৫২। বন্ধু-বান্ধৱীৰ সৈতে= সবান্ধৱে

৩৫৩। তভাগ্য যাৰ= হতভগা

৩৫৪। ধান ৰোৱা তিৰোতা= ৰোৱনী

৩৫৫। ধান দোৱা তিৰোতা= দাৱনী

৩৫৬। বীণা আছে পাণিত যাৰ= বীণাপাণি

৩৫৭। দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ= দেশকৰ্মী

৩৫৮। দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ= শ্বহীদ

৩৫৯। ৰূপেৰে নিৰ্মিত বা চৰোৱা= ৰূপোৱালী

৩৬০। সোণেৰে নিৰ্মিত বা সোণ চৰোৱা= সোণোৱালী


এটা শব্দত প্ৰকাশ কৰা:

৩৬১। দেশক ভাল পোৱা মানুহ= দেশভক্ত, দেশপ্ৰেমিক

৩৬২। নিজৰ ওপৰত যি নিৰ্ভৰ কৰে= স্বাৱলম্বী, আত্মনিৰ্ভৰশীল

৩৬৩। বহুত কলগছ থকা ঠাই= কলনি

৩৬৪। নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা= মানিনী

৩৬৫। দীৰ্ঘকাল জীয়াই থকা= দীৰ্ঘজীৱী

৩৬৬। ঠাতে হোৱা ঘটনা= আকস্মিক

৩৬৭। লোকৰপৰা নিন্দা= লোকনিন্দা

৩৬৮। অমাৱস্যা, পূৰ্ণিমা আদি তিথিত পালন কৰা ব্ৰত= নিশিপালন

৩৬৯। সামান্য নীলা= নীলচিয়া

৩৭০। মিতিৰৰ ঘৰত খোৱা ভোজ বা জলপান= নেউৰি


এটা শব্দত প্ৰকাশ কৰা:

৩৭১। দক্ষিণ-পশ্চিম কোণ বা দিশ= নৈঋত

৩৭২। অতিৰঞ্জিত কৰি কোৱা কথা= পং-কথা

৩৭৩। যি কথাৰ বিষয়ে প্ৰশ্ন কৰা অনুচিত= অজিজ্ঞাস্য

৩৭৪। পৰ্বতৰ নামনি অংশৰ প্ৰায় সমতল ভূমি= অধিত্যকা

৩৭৫। যি কন্যা আগতে অন্যই বিয়া কৰোৱা নাই- অনন্য-পূৰ্বা

৩৭৬। খোৱাৰ সময়ত একে শাৰীতে বহি খোৱাৰ যি অযোগ্য= অপাংক্তেয়

৩৭৭। পোৱালি জগাৰ সম্ভাৱনা নথকা কণী= বাওকণী

৩৭৮। জনবিশ্বাসমতে পৃথিৱী ৰজস্বলা হোৱা অশুচি কাল= ষাঁঠ বা সাঁঠ 

৩৭৯। মাটি কাটি, পুখুৰী আদি খান্দি জীৱিকা উলিওৱা বিহাৰী বনুৱা= নুনীয়া

৩৮০। যোৱা বছৰৰ আগৰ বছৰ= তেওজবেলি 


এটা শব্দত প্ৰকাশ কৰা:

৩৮১। প্রস্ৰাৱ কৰা কাৰ্য্য= মেহন

৩৮২। ভূমি বা মাটিৰ গৰাকী= ভৌমিক

৩৮৩। প্ৰাণক পণ কৰি = প্ৰাণপণে 

৩৮৪। যি ভবিষ্যত চিন্তা কৰিব নোৱাৰে = অদূৰদৰ্শী 

৩৮৫। যি বাঢ়িবলৈ ধৰিছে = বৰ্দ্ধিষ্ণু 

৩৮৬। যাৰ সকলো বস্তু অঁটাকে আছে = আটন্তিয়াৰ 

৩৮৭। এটা সন্তান হোৱাৰপৰা আন এটা হোৱালৈকে সময় = আনজ 

৩৮৮। যাৰ সীমা নাই = অসীম 

৩৮৯। যি আনফালে মন দিয়ে = অন্যমনস্ক

৩৯০। যাক কল্পনা কৰিব নোৱাৰি = অকল্পনাতীত 


এটা শব্দত প্ৰকাশ কৰা:

৩৯১। যিটো সুধিবলগীয়া = জিজ্ঞাস্য 

৩৯২। যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য 

৩৯৩। মাগিলেও ভিক্ষা নোপোৱা সময় = দুৰ্ভিক্ষ 

৩৯৪। কোনো কথাৰ নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ = সঁজাতী

৩৯৫। যাৰ আগমন আহ্বান কৰা হয়= স্বাগত 

৩৯৬। যাক বধ কৰা অনুচিত = অবধ্য 

৩৯৭। যাৰ সীমা আছে বা যি সামাবদ্ধ = সসীম 

৩৯৮। যাৰ অন্ত নাই = অনন্ত 

৩৯৯। যাৰ আশ্ৰয় নাই = নিৰাশ্ৰয় 

৪০০। যি সহ্য কৰিব পাৰে = সহিষ্ণু 


এটা শব্দত প্ৰকাশ কৰা:

৪০১। যাৰ ওপৰত গোচৰ তৰে = পদকীয়া 

৪০২। যি একো নাজানে = অজ্ঞ।

৪০৩। যি ভাষাত পাৰ্গত = ভাষাবিদ্ 

৪০৪। যি নিজৰ পেটলৈহে চিন্তা কৰে = স্বাৰ্থপৰ 

৪০৫। যি সমাপ্ত হোৱা নাই = অসমাপ্ত 

৪০৬। য'ত কোনো মানুহ নাই = জনশূন্য 

৪০৭। যি মাটি ফুটি ওলায় = উদ্ভিদ 

৪০৮। যি কথা বিশ্বাস কৰিব নোৱাৰি = অবিশ্বাস্য 

৪০৯। যাৰ কথাৰ সাঁচ নাই = লগা 

৪১০। যত মানুহ বেছি = জন-বহুল


এটা শব্দত প্ৰকাশ কৰা:

৪১১। যি ধন খৰচ নকৰে = কৃপণ 

৪১২। যি যোগৰপৰা ভ্ৰষ্ট হৈছে = যোগভ্ৰষ্ট 

৪১৩। যি অলপতে ভয় খায় = ভয়াতুৰ 

৪১৪। যি নানা অভাৱত থাকে = অভাৱী 

৪১৫। যাৰ নাম নাই = অনামা 

৪১৬। যি নিয়মমতে খৰচ নকৰে = অমিতব্যয়ী 

৪১৭। নাম নিদিয়াকৈ দিয়া = বেনামী 

৪১৮। মিলি নোহোৱা গুৰি বা বস্তুৰ লগত থকা আধাখুন্দা গুৰি = খৰচি 

৪১৯। দিনটো উপৱাসে থাকি সন্ধিয়া নিৰামিষ ভোজনেৰে ভঙা ব্ৰত= হবিছ/হৱিষ্য

৪২০। দহ হাজাৰ কোটি= নিখৰ্ব


এটা শব্দত প্ৰকাশ কৰা:

৪২১। কথা ক’ব নোৱাৰা = অঁকৰা 

৪২২। কামনা বা উদ্দেশ্য নথকা = অকামী 

৪২৩। যাক ভাগ কৰা হোৱা নাই = অখণ্ডিত 

৪২৪। যি খোৱাৰ অযোগ্য = অখাদ্য 

৪২৫। মানুহে নখন্দাকৈ স্বাভাবিকভাৱে হোৱা জলাশয় = অখাত 

৪২৬। সন্মুখত ভেটা দি অহা-যোৱা কৰা কাৰ্য = অগা-ডেৱা 

৪২৭। অন্য উপায় নথকাত = অগত্যা 

৪২৮। যাব বা সোমাব নোৱাৰা = অগম্য 

৪২৯। ইন্দ্ৰিয়ই ঢুকি নোপোৱা বা বোধ কৰিব নোৱাৰা = অগোচৰ 

৪৩০। এটাৰ পিছত আন এটাকৈ = অগা-পিচা 


এটা শব্দত প্ৰকাশ কৰা:

৪৩১। আগৰ অৱস্থাৰ সৈতে নিমিলা = অসমঞ্জস 

৪৩২। আন ঠাইলৈ নিব পৰা = অস্থাৱৰ 

৪৩৩। যাক চুব নোৱাৰি = অস্পৃশ্য 

৪৩৪। ভালকৈ দেখা নোপোৱা = অস্পষ্ট 

৪৩৫। অঙ্গ বা দেহৰ পৰা যাৰ জন্ম হয় = অঙ্গজ

৪৩৬। আগচি ধৰা কাৰ্য = আগ-ভেটা 

৪৩৭। জুয়ে ঘৰ বাৰী পুৰি কৰা দুৰ্ঘটনা = অগ্নিকাণ্ড 

৪৩৮। মৃতকৰ মুখত জুই দিওঁতা = অগ্নিদাতা 

৪৩৯। বৰ খঙাল মানুহ = অগ্নিশৰ্মা 

৪৪০। প্ৰথমে সম্ভেদ দিওঁতা = অগ্ৰদূত


এটা শব্দত প্ৰকাশ কৰা:

৪৪১। সন্তোষ নোপোৱা = অতৃপ্ত

৪৪২। আগতিয়াকে দিয়া সুবিধা = অগ্ৰধিকাৰ 

৪৪৩। বিন্ধা নথকা = অছিদ্ৰ

৪৪৪। আগতিয়াকে দিয়া = অগ্ৰিম 

৪৪৫। জ্ঞান বা বোধ নথকা = অচৈতন্য

৪৪৬। সদায় নঘটা ঘটনা = অঘটন 

৪৪৭। যাক কোনেও জয় কৰিব নোৱাৰে = অজয়

৪৪৮। অতি উচ্চ বা বিকট হাঁহি = অট্টহাস্য

৪৪৯। বিপুল আয়োজন = আড়ম্বৰ 

৪৫০। কোনো বস্তুৰ বৰ বেছি মাত্ৰা = অতিচাৰ

৪৫১। বৰ আদৰত ডাঙৰ হোৱা = আতোল-তোল 

৪৫২। জাতি নথকা বা হীন জাতিৰ মানুহ = অজাতি 

৪৫৩। ভিতৰুৱা বিবাদ = আন্তকলহ 

৪৫৪। লৰচৰ নকৰা = অচল 

৪৫৫। চলন শক্তি নথকা = অচলিত 

৪৫৬। যাৰ নাশ বা ক্ষয় নাই = অচ্যুত 

৪৫৭। ভিতৰে ভিতৰে বৈ থকা সোঁত = অন্ত:প্ৰৱাহ 

৪৫৮। সাগৰৰ মাজলৈ জোঙা হৈ আগবাঢ়ি যোৱা ভূ-ভাগ = অন্তৰীপ 

৪৫৯। পোচাকৰ তলত পিন্ধা কাপোৰ = অন্তৰ্বাস 

৪৫৯। যাৰ জন্ম নাই = অজ 

৪৬০। যাৰ মৃত্যু নাই = অমৰ 


এটা শব্দত প্ৰকাশ কৰা:

৪৬১। পেটত ৰখা খং = আক্ৰোশ 

৪৬২। তলমূৰ কৰি থকা = অধোবদন 

৪৬৩। যাৰ দ্বিতীয় নাই = অদ্বিতীয় 

৪৬৪। ব’ব কাটিব নজনা = আকাজী ৷

৪৬৫। সম্ভ্ৰান্ত আহোম মহিলাক কৰা সম্বোধন = আই চু 

৪৬৬। বেয়া বাট = আওবাট 

৪৬৭। মুখস্থ কৰিবলৈ বাৰে বাৰে আবৃতি কৰা = আওৰা 

৪৬৮। নাঙলৰ সীৰলু = আঁওচ 

৪৬৯। কথা বা কামত নিজৰ মতৰপৰা কেতিয়াও 

৪৭০। লৰচৰ নকৰা = আঁকোৰ-গোজ 


এটা শব্দত প্ৰকাশ কৰা:

৪৭১। যাৰ কোনো প্ৰতিদ্বন্দ্বী নাই = অপ্ৰতিদ্বন্দ্বী 

৪৭২। পানীৰ নামি গা ধোৱা কাৰ্য = অৱগাহন 

৪৭৩। বৰ বেছি যত্ন বা শ্ৰম কৰা কাৰ্য = অহোপুৰুষাৰ্থ 

৪৭৪। উপকাৰ স্বীকাৰ নকৰা কাৰ্য = অশলাগ 

৪৭৫। বলিয়াৰ দৰে কথাৰ লাগ-বান্ধ নথকা = অহৌবলীয়া

৪৭৬। যাক বধ কৰিব নোৱাৰি = অবধ্য 

৪৭৭। নিজ ইচ্ছামতে চলা লোক = অভং 

৪৭৮। প্ৰেমিক-প্ৰেমিকাৰ গুপ্ত স্থানলৈ গমন = অভিসাৰ

৪৭৯। কাপোৰৰ আগ = আঁচল ৷

৪৮০। বস-বাস কৰি থকা লোক = অধিবাসী 


এটা শব্দত প্ৰকাশ কৰা:

৪৮১। ঘৰৰ ভিতৰ ভাগ = অন্তপুৰ ৷

৪৮২। মনৰ সকলো ভাব বুজি পাওঁতা = অন্তৰ্যামী 

৪৮৩। মৃতদেহ সৎকাৰ কৰা কাৰ্য = অন্তোষ্টিক্ৰিয়া 

৪৮৪। ফুল নধৰা উদ্ভিদ = অপুস্পক 

৪৮৫। সৰগৰ নাচনী = অপেস্বৰা, অপেস্বৰী 

৪৮৬। আইনৰ সহায়ত দখল কৰা কাৰ্য = অধিগ্ৰহণ 

৪৮৭। তললৈ যোৱা কাৰ্য = অধোগতি 

৪৮৮। যাৰ অভিজ্ঞতা নাই = অনভিজ্ঞ 

৪৮৯। আখৰ চিনি নোপোৱা লোক = অনক্ষৰ 

৪৯০। আলতীয়া বা আঠা থকা মাটি = আঠালতীয়া 


এটা শব্দত প্ৰকাশ কৰা:

৪৯১। চকুৰে নমনা বস্তু ডাঙৰকৈ দেখুওৱা যন্ত্ৰ = অণুবীক্ষণ 

৪৯২। সীমাৰ বাহিৰলৈ যোৱা = অতিক্ৰম 

৪৯৩। নিয়মিত সীমা বা পৰিমানৰ বাহিৰ হোৱা = অতিপাত

৪৯৪। সন্তুষ্ট নোহোৱা = অতুষ্ট 

৪৯৫। যি বনত থাকে= বনৰীয়া

৪৯৬। যি মাটিৰ সাৰ নাই= অসাৰুৱা

৪৯৭। যি কাণেৰে নুশুনে= কলা

৪৯৮। একো নজনা = অজলা 

৪৯৯। যাক দমাব নোৱাৰি = অদমনীয়, অদম্য 

৫০০। যি দুটা চকুৰে নেদেখে= অন্ধ


এটা শব্দত প্ৰকাশ কৰা:

৫০১। বঢ়াই কোৱা কথা = অত্যুক্তি

৫০২। ডাঙৰ মাত বা গৰ্জন = আটাহ 

৫০৩। যাক তুলনা কৰিব নোৱাৰি= অতুলনীয়

৫০৪। কাপোৰত ফুল তুলিবলৈ ৰং দিয়া সূতা = আঁচু 

৫০৫। নিজকে লৈ কৰা অহংকাৰ = আত্ম গৌৰব, আত্মগৰ্ব 

৫০৬। যি পুৰি যায়= দাহ্য

৫০৭। জিভাৰ গুৰিত তালুৰ পৰা ওলমি থকা সৰু ৫০৮। জিভা = আলজিভা 

৫০৯। যাৰ বিৰুদ্ধে গোচৰ হয় = আচামী 

৫১০। আধা বয়স যোৱা = আদহীয়া 


এটা শব্দত প্ৰকাশ কৰা:

৫১১। জমা হোৱা ধন = আমানত 

৫১২। যি বোকাত জন্মে= পঙ্কজ

৫১৩। চিকাৰ কৰা যাৰ কাম= চিকাৰী

৫১৪। এটা সন্তান হোৱাৰ পৰা আন এটা সন্তান হোৱা লৈকে সময় = আনজ 

৫১৫। বৰষুণ নোহোৱা বতৰ= খৰাং

৫১৬। বিপ্লৱ কৰে যি= বিপ্লৱী

৫১৭। ধাৰ্মিক আত্মা যাৰ= ধৰ্মাত্মা

৫১৮। বুধি আছে যাৰ= বুধিয়ক

৫১৯। ধৰ্ম প্ৰচাৰ কৰা লোকক= ধৰ্মপ্ৰচাৰক

৫২০। যাৰ দয়া নাই= নিৰ্দয়


এটা শব্দত প্ৰকাশ কৰা:

৫২১। যি গুৰুৱে ধৰ্মশিক্ষা দিয়ে= ধৰ্মগুৰু

৫২২। পৰম আত্মা আছে যাৰ= পৰমাত্মা

৫২৩। যি খেতি কৰে= খেতিয়ক

৫২৪। সন্তান জন্ম দিয়াৰ ক্ষমতা নথকা তিৰোতা = বাঁজী 

৫২৫। আনক খেতি কৰিবলৈ দিয়া মাটিৰ শস্যৰ আধা ভাগ = আধি 

৫২৬। মহান আত্মা আছে যাৰ= মহাত্মা

৫২৭। বিনয় গুণ থকা লোক= বিনয়ী

৫২৮। মানৱৰ প্ৰতি প্ৰেম থকা লোক= মানৱপ্ৰেণী

৫২৯। উৎপন্ন শস্যৰ আধা ভাগ দিয়াৰ চুক্তিত মাটিত খেতি কৰা মানুহ = আধিয়াৰ 

৫৩০। আছুতীয়াকৈ ৰখা কাৰ্য = আৰক্ষণ 


এটা শব্দত প্ৰকাশ কৰা:

৫৩১। কোনো এটা ধৰ্ম অৱলম্মন কৰা লোক= ধৰ্মাৱলম্বী

৫৩২। যি বিধি সন্মত নহয়= অবৈধ

৫৩৩। বাঁহ-বেতৰ কাম কৰা লোক= বাঢ়ৈ

৫৩৪। কাঠৰ কাম কৰা লোক= কাঠ-মিস্ত্ৰী

চিত্ৰ আঁকোতা= চিত্ৰকৰ

৫৩৫। একে উদ্দেশ্যেৰে দল বান্ধি যোৱা মানুহ= সমদল

৫৩৬। যি কাম দোষজনক= দুষকৰ্ম, কুকৰ্ম

৫৩৭। মজিয়া, বেৰ আদিত অঁকা মাংগলিক চিত্ৰ = আলপনা 

৫৩৮। মানুহ মৰাৰ পিছত প্ৰথম শ্ৰাদ্ধ = আদ্যশ্ৰাদ্ধ 

৫৩৯। আধা নষ্ট হোৱা = আধলিকা 

৫৪০। নিজক আনৰ হাতত গতাই দিয়া = আত্ম-সমৰ্পণ 


এটা শব্দত প্ৰকাশ কৰা:

৫৪১। তেজৰ সম্বন্ধ থকা = আত্মীয় 

৫৪২। অলপ আঠা যুক্ত = আলতীয়া 

৫৪৩। নিজক নিজে আঘাত কৰা = আত্মঘাত 

৫৪৪। স্বামীৰ সৰু ভাই= দেওৰ

৫৪৫। স্বামীৰ ভনীয়েক= ননদ

৫৪৬। নিজৰ সুখ-স্বাৰ্থ এৰি দিয়া = আত্ম-ত্যাগ 

৫৪৭। নখ বা কাঁইট আদিৰ পৰা হোৱা আঘাত = আঁচোৰ 

৫৪৮। যি অস্ত্ৰৰ মুখেৰে জুই ওলায় = আগ্নেয়াস্ত্ৰ 

৫৪৯। কিবা এটা পাবলৈ কৰা যত্ন বা ইচ্ছা = আগ্ৰহ 

৫৫০। আগেয়ে গম নোপোৱাকৈ = আচম্বিত 


এটা শব্দত প্ৰকাশ কৰা:

৫৫১। যিটো পূৰণ কৰিব নোৱাৰি= অপূৰণীয়

৫৫২। যিয়ে বিমান চলোয়= বৈমানিক

৫৫৩। যিয়ে জাহাজ চলায়= নাৱিক

৫৫৪। যাক দমন কৰিব নোৱাৰি= অদমনীয়

৫৫৫। ভৰিৰ কলাফুলৰ ঠিক ওপৰৰ জোৰা = আঠু 

৫৫৬। মিচিংসকলে ঘৰত বনোৱা মদ = আপং 

৫৫৭। যি আনক ঠগে= ঠগৰীয়া

৫৫৮। সন্তোষ লগোৱা কাৰ্য = আপ্যায়ন 

৫৫৯। আফুগছৰ আঠাৰ পৰা প্ৰস্তুত কৰা ৰাগিয়াল বস্তু = আফিং 

৫৬০। মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ বিচনাৰ 

৫৬১।ওপৰত তৰি লোৱা কাপোৰৰ আৱৰণ = আঠুৱা 





Post a Comment

42 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
  1. বাছত টিকেট চোৱা লোক

    ReplyDelete
  2. একো পাবলৈ নোহোৱা।। পৰ্বত/পাহাৰৰ ওপৰৰ সমান ঠাই ।। কি হ'ব। কব চুন ছাৰ

    ReplyDelete
  3. যি ডাঙৰ কথা নুশুনে

    ReplyDelete
  4. কাপোৰ বোৱা লোক

    ReplyDelete
  5. ঘৰলৈ সুমুৱা বাট

    ReplyDelete
  6. ঢোল খোল প্ৰস্তুত কৰা লোক

    ReplyDelete
  7. যি ধাৰ কেতিয়াও পূৰণ কৰিব নোৱাৰি

    ReplyDelete
  8. ভাল পানী পোৱা ঠাই

    ReplyDelete
  9. গৰু বন্ধা ৰচী ক কি কয়

    ReplyDelete
  10. যি জনে সকলো জানে

    ReplyDelete
  11. একে মাকৰ সন্তান

    ReplyDelete
  12. যাক কোনো পৰাজয় কৰিব নোৱাৰে

    ReplyDelete
  13. কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা মানুহ কি বুলি কোৱা হয় ?

    ReplyDelete
  14. গুটিৰ পৰা হোৱা গছ

    ReplyDelete
  15. এক মোন চুপাৰি গণিব নোৱাৰি বেপাৰী

    ReplyDelete
  16. মৃত্যুৰ সৈতে যুজ দি থকা
    ,,,,,

    ReplyDelete
  17. পদূলিত সাজি থোৱা ঘৰ _____

    ReplyDelete
  18. এক হাজাৰ গুনৰ সমাহাৰ

    ReplyDelete
  19. পখিলাৰ পোৱালী

    ReplyDelete
  20. চৰাইৰ পোৱালী

    ReplyDelete
  21. লৰা মনৰ যিজন,,, তাক কি কয়,,,??

    ReplyDelete