অসমৰ বৰণ্য সাহিত্যিকসকলৰ বিষয়ে

অসমৰ কেইগৰাকীমান বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- অসমৰ বৰণ্য সাহিত্যিকসকলৰ বিষয়ে- অসমৰ বিখ্যাত কবিসকলৰ বিষয়ে- Most famous Assamese writer and poet- 

অসমৰ কেইগৰাকীমান বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- অসমৰ বৰণ্য সাহিত্যিকসকলৰ বিষয়ে- অসমৰ বিখ্যাত কবিসকলৰ বিষয়ে - Most famous Assamese writer and poet-

     অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature



অসমীয়া সাহিত্যিকসকলৰ ছদ্মনাম আৰু অসমৰ অসমীয়া সাহিত্যিক কবিসকলৰ বৰঙনি- অসমীয়া কবি সাহিত্যিক সকলৰ চমু পৰিচয়- Assamese Literature- Assamese Writer and Poet with their Pen Names- List of Best Assamese Female writer and Male writer


১। সর্বেশ্বৰ কটকী: Harbeswar kotoki
২। হৰিনাৰায়ণ দত্নবৰুৱা: Harinarayan DuttaBaruah
৩। হৰিপ্ৰসাদ নেওগ: Hariprasad Neog
৪। হৰিবিলাস আগৰৱালা: Haribilash Agarwala
৫। হেম বৰুৱা: Hem Baruah
৬। হেমচন্দ্র বৰুৱা: Hemchandra Baruah
৭। হেমচন্দ্র গােস্বামী: Hemchandra Goswami
৮। হৰেকৃষ্ণ ডেকা: Harekrishna Deka
৯। হলিৰাম ডেকা: Holiram Deka
১০। হিতেশ্বৰ বৰবৰা: Hiteswar Borbora
১১। হিতেশ্বৰ শইকীয়া: Hiteswar Saikia
১২। হীৰেন গােহাঁই: Hiren Gohain
১৩। হােমেন বৰগােহাঞি: Homen Borgohain
১৪। স্নেহদেৱী: Snehdevi
১৫। সুধালতা দুৱৰা: Sudhalata Duwara
১৬। সূৰ্য কুমাৰ ভূঞা: Surya kumar Bhuyan
১৭। ৰুদ্ৰ বৰুৱা: Rudra Barua
১৮। ৰােযেশ্বৰ বৰুৱা: Rujeshwar Barua
১৯। ৰত্নেশ্বৰ মহন্ত: Ratneswar Mahanta
২০। ৰমাকান্ত চৌধাৰী: Ramakanta Choudhary
২১। ৰামমোহন নাথ: Rammohan Nath
২২। ৰামচৰণ ঠাকুৰ: Ramcharan Thakur
২৩। ৰুচিনাথ কামৰূপী: Ruchinath Kamrupi
২৪। ৰুদ্ৰ কন্দলী: Rudra Kandali
২৫। লক্ষ্মীৰাম বৰুৱা: Lakshmiram Baruah
২৬। লক্ষ্মীনাথ বেজবৰুৱা: Laksminath Bezbarua
২৭। লম্বোদৰ বৰা: Lambudar Bora
২৮। লক্ষ্যধৰ চৌধুৰী: Lakhyadhar Choudhury
২৯। লক্ষ্মীনন্দন বৰা: Lakshminandan Borah
৩০। লক্ষ্মীনাথ ফুকন: Lakshminath Phukan
৩১। লীলা গগৈ: Lila Gogoi
৩২। শঙ্কৰদেৱ: Sankardev
৩৩। শুচিব্রতা ৰায় চৌধুৰী: Suchibrata Raichoudhury
৩৪। হিতেশ ডেকা: Hitesh Deka
৩৫। হীৰেন ভট্টাচার্য: Hiren Bhattacharya
৩৬। শৰৎ চন্দ্র গােস্বামী: Sarat Chandra Goswami
৩৭। শৈলধৰ ৰাজখােৱা: Soilyadhar Rajkhowa
৩৮। সত্যনাথ বৰা: Satyanath Bora
৩৯। সত্যেন্দ্রনাথ শর্মা: Satyandranath Sharma
৪০। সীতানাথ ব্রহ্ম চৌধুৰী: Sitanath Brahma Choudhary



অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

সর্বেশ্বৰ কটকী: Harbeswar kotoki

সর্বেশ্বৰ কটকী তথা এইজনা প্রত্নতাত্ত্বিকে অসমৰ ভালেখিনি ঐতিহাসিক সম্পদ উদ্ধাৰ কৰে। সর্বেশ্বৰ কটকীয়ে ১৯২৮, ১৯৩০, ১৯৩৫ চনত প্রাচ্য সন্মিলনত অসমৰ প্রতিনিধিত্ব কৰে। সর্বেশ্বৰ কটকীয়ে অসম সাহিত্য সভাৰ ১৯৩৩ চনত বুৰঞ্জী শাখাৰ সভাপতিত্ব কৰে। ১৯৪৬ চনত সর্বেশ্বৰ কটকীৰ মৃত্যু হয়। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হৰিনাৰায়ণ দত্নবৰুৱা: Harinarayan DuttaBaruah

হৰিনাৰায়ণ দত্নবৰুৱা অসমৰ এগৰাকী বিশিষ্ট পুথি প্রকাশক আৰু লেখক। হৰিনাৰায়ণ দত্নবৰুৱাই ‘দত্ত বৰুৱা এণ্ড কোম্পেনী’ নাম দি এটা প্রেছ খুলিছিল। শ্রীমদ্ভাগৱত, চিত্র ভাগৱত, শ্ৰীশংকৰ বাক্যামৃত, অসমীয়া মহাভাৰত আদি সংকলন সম্পাদনা কৰাৰ উপৰিও শিশু উপযােগী কেইবাখনাে পুথি হৰিনাৰায়ণ দত্নবৰুৱাই ৰচনা কৰে। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হৰিপ্ৰসাদ নেওগ: Hariprasad Neog

হৰিপ্ৰসাদ নেওগ অসমৰ বিশিষ্ট সাহিত্যিক আৰু শিক্ষাবিদ। ১৯২৯ চনত যােৰহাটত জন্ম গ্রহণ কৰা হৰিপ্ৰসাদ নেওগ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি সমন্বয় সমিতিৰ সচিব আছিল। হৰিপ্ৰসাদ নেওগ ১৯৬০-ৰ পৰা ১৯৬৫ চনলৈ অসম সাহিত্য সভাৰ সহঃ সাধাৰণ সম্পাদক আৰু ১৯৬৫- ১৯৬৯ চনলৈ প্রধান সম্পাদক আছিল। হৰিপ্ৰসাদ নেওগে কেইবাখনাে জীবনী গ্রন্থ ৰচনা কৰিছিল। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হৰিবিলাস আগৰৱালা: Haribilash Agarwala

হৰিবিলাস আগৰৱালা এজন বিশিষ্ট গ্রন্থ প্রকাশক আৰু বিশিষ্ট ব্যৱসায়ী ডিব্ৰুগড়ৰ তামােলবাৰী চাহ বাগিছাৰ বাগিছাৰ প্রতিষ্ঠাতা। হৰিবিলাস আগৰৱালাই সাঁচতীয়া পুথিৰপৰা উদ্বাৰ কৰি শ্ৰীশংকৰদেৱৰ কীৰ্তনঘােষা প্ৰথমবাৰৰ বাবে ছপা কৰি উলিয়াইছিল। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হেম বৰুৱা: Hem Baruah

হেম বৰুৱা ১৯১৫ চনত জন্ম। হেম বৰুৱা প্রায় দুই বছৰ কাল এখেত লােক সভাৰ সদস্য হৈ থাকে। হেম বৰুৱা এজন সুবক্তা, শিক্ষাবিদ, ৰাজনীতিবিদ আৰু সাহিত্যিক। হেম বৰুৱা আধুনিক কবিতাৰ বাটকটীয়া, এখেত এজন প্ৰসিদ্ধ মুক্তি যুঁজাৰু, ৰাজনীতিত এজন সৰ্বভাৰতীয় সমাজবাদী নেতা হিচাবে স্বীকৃতি পাইছিল। হেম বৰুৱাৰ প্রকাশিত পুথি হৈছে- আঁচুফুল, ইজৰাইল, মনময়ুৰী, সাগৰ দেখিছা, ৰঙা কৰবীৰ ফুল, The Red River and blue Hills, Assamese Literature, Folk Songs of India, Fairs and Festivals of Assam ইত্যাদি। হেম বৰুৱাই ১৯৭৭ চনত পৰলােক গমন কৰে। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হেমচন্দ্র বৰুৱা: (১৮৩৫-১৮৯৬) Hemchandra Baruah

শিৱসাগৰৰ ৰজাবাঁহৰ গাওঁত হেমচন্দ্র বৰুৱাৰ জন্ম হয়। হেমচন্দ্র বৰুৱাৰ প্রণীত ‘হেমকোষ’ অভিধান অসমীয়া ভাষা সাহিত্যৰ শ্ৰেষ্ঠ, সম্পদ। হেমচন্দ্র বৰুৱা কিছুকাল ‘আছাম নিউজ'ৰ সম্পাদক আছিল। হেমচন্দ্র বৰুৱাৰ প্রকাশিত অনান্য পুথি হ'ল অসমীয়া ব্যাকৰণ, অসমীয়া ল'ৰাৰ আদিপাঠ, কানীয়াৰ কীর্তন, ‘বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী', আছমিছ মেৰেজ চিষ্টেম আদি। ১৮৯৬ চনত হেমচন্দ্র বৰুৱাৰ মৃত্যু হয়। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হেমচন্দ্র গােস্বামী: Hemchandra Goswami

হেমচন্দ্র গােস্বামী ১৮৭২ চনত জন্ম হয়। হেমচন্দ্র গােস্বামী এজন বিশিষ্ট সাহিত্যিক। হেমচন্দ্র গােস্বামী

কিছুদিনৰ বাবে জোনাকী আলােচনীৰ সম্পাদক আছিল। হেমচন্দ্র গােস্বামী ১৯২০ চনত অসম সাহিত্য সভাৰ সভাপতি আছিল। হেমচন্দ্র গােস্বামীৰ প্রকাশিত পুথিসমূহ হ'ল- পুৰণি অসম বুৰঞ্জী, A descriptive Cata- logue of Assamese Manuscripts. 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হৰেকৃষ্ণ ডেকা: Harekrishna Deka

হৰেকৃষ্ণ ডেকা অসমৰ আগশাৰীৰ কবি আৰু গল্পকাৰ। হৰেকৃষ্ণ ডেকা অসমৰ আৰক্ষী প্রধান হিচাবে কার্যনির্বাহ কৰি আছে। স্কুলীয়া জীৱনৰপৰা সাহিত্য চর্চা কৰা - হৰেকৃষ্ণ ডেকাই ৰামধেনু যুগৰপৰা কবি-গল্পকাৰৰূপে খ্যাতি লাভ কৰে। হৰেকৃষ্ণ ডেকাৰ প্রকাশিত পুথি হৈছে- ‘স্বৰবােৰ’, ‘ৰাতিৰ শােভাযাত্রা’, ‘আন এজন’, প্রাকৃতিক আৰু অন্যান্য আদি। হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে 'আন এজন' কাব্য গ্রন্থৰ বাবে। হৰেকৃষ্ণ ডেকাৰ ‘বন্দীয়াৰ' গল্পটোৱে ১৯৯৫ সর্বভাৰতীয় কথা বঁটা লাভ কৰে। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হলিৰাম ডেকা: Holiram Deka

হলিৰাম ডেকা অসমৰ এগৰাকী বিশিষ্ট গল্পকাৰ, হলিৰাম ডেকা পেচাত ওকালতি কৰিছিল। গুৱাহাটীত ওকালতিৰে কৰ্মজীৱ আৰম্ভ কৰা হলিৰাম ডেকাই কলিকা উচ্চ ন্যায়ালয়ত ওকালতি কৰিছিল। হলিৰাম ডেকা অধ্যাপক, অসম ৰেভিনিউ ট্রিবিউনেলৰ সদস্য, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক আছিল। হলিৰাম ডেকা ১৯৬১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছিল আৰু তেৱেঁই এনে পদত অধিষ্ঠিত হােৱা প্ৰথম অসমীয়া। 'অলকালৈ চিঠি' আৰু 'যৎকিঞ্চিৎ' হলিৰাম ডেকাৰ দুখন বিখ্যাত গল্প সংকলন। হলিৰাম ডেকাৰ ১৯৬২ চনত মৃত্যু হয়। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হিতেশ্বৰ বৰবৰা: Hiteswar Borbora

হিতেশ্বৰ বৰবৰা অসমৰ এগৰাকী বিশিষ্ট কবি, সাহিত্যিক। হিতেশ্বৰ বৰবৰাৰ ১৮৭৬ চনত যােৰহাটৰ সৰু চৰাইবাহীত জন্ম হয়। হিতেশ্বৰ বৰবৰাৰ কর্মজীৱন বিভিন্ন চাহবাগানত কাম কৰােতে পাৰ হয়। হিতেশ্বৰ বৰবৰাদেৱে ৰচনা কৰা পুথি বোৰ হৈছেঃ ‘টোপাকলি’, ‘কমতাপুৰ ধ্বংস বা সদৰী’, ‘মালিতা’, ‘মালচ’, ‘যুদ্ধক্ষেত্র আহােম ৰমণী বা মূলাগাভৰু' আদি। হিতেশ্বৰ বৰবৰা ১৯২৪ চনত অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনৰ বুৰঞ্জী শাখাৰ সভাপতি আছিল। ১৯৩৯ চনত মৃত্যু হিতেশ্বৰ বৰবৰাৰ মৃত্যু হয়। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হিতেশ্বৰ শইকীয়া: Hiteswar Saikia

হিতেশ্বৰ শইকীয়া অসমৰ প্রাক্তন মুখ্যমন্ত্রী। (১৯৮৩ ৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ২৩ ডিচেম্বৰ আৰু ১৯৯১ চনৰ ৩০ জুনৰপৰা ১৯৯৬ চনৰ ২২ এপ্রিললৈ) ৰাজনীতিত এক বিতর্কিত ব্যক্তিত্বৰূপে পৰিগণিত হৈছিল। হিতেশ্বৰ শইকীয়া ১৯৭২ চনত বিধান সভাৰ সদস্য আৰু মন্ত্রী সভাৰ সদস্য পদো লাভ কৰিছিল। প্রাক্তন প্রদেশ কংগ্রেছৰ সম্পাদক হিতেশ্বৰ শইকীয়াৰ মৃত্যু হয় মুখ্যমন্ত্রী কার্যকালৰ (১৯৯৬, ২২ এপ্রিল) ভিতৰতে।


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হীৰেন গােহাঁই: Hiren Gohain

হীৰেন গােহাঁই এজন বিশিষ্ট অসমীয়া লিখক আৰু চিন্তাবিদ। হীৰেন গােহাঁইয়ে ইংৰাজ কবি মিল্টনৰ বিষয়ে গৱেষণা কৰি কেমব্রীজ বিশ্ববিদ্যালয়ৰ পৰা পি, এইচ, ডি, ডিগ্রী লাভ কৰে। হীৰেন গােহাঁইয়ে অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীর্ষক গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। হীৰেন গােহাঁই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্রাক্তন মূৰব্বী অধ্যাপক আছিল। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হােমেন বৰগােহাঞি: Homen Borgohain

হােমেন বৰগােহাঞি বিশিষ্ট সাংবাদিক আৰু সাহিত্যিক। হােমেন বৰগােহাঞিৰ জন্ম ১৯৩২ চনত। হােমেন বৰগােহাঞি ১৯৫৮ চনত সাপ্তাহিক ‘নীলাচল’ৰ সম্পাদক। হােমেন বৰগােহাঞিদেৱ ১৯৭৭ চনত ‘নাগৰিক’ সম্পাদক কিছুকাল ‘আজকাল’ৰ সংবাদদাতা : বর্তমান ‘আমাৰ অসম'ৰ সম্পাদক। হােমেন বৰগােহাঞিৰ প্রকাশিত পুথিসমূহ হ'ল : সুবালা, পিতা-পুত্র, সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, তান্ত্রিক, মােৰ সাংবাদিক জীৱন, আত্মানুসন্ধান আদি। হােমেন বৰগােহাঞিয়ে ‘পিতা-পুত্র’ৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডমী বঁটা লাভ কৰে। ২০০১-২০০৩ চনৰ বাবে হােমেন বৰগােহাঞি অসম সাহিত্য সভাৰ সভাপতি হয়। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

স্নেহদেৱী: Snehdevi

স্নেহদেৱীৰ জন্ম হয় ১৯১৬ চনত। স্নেহ দেৱীৰ একুঁকি গল্পৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। স্নেহদেৱীয়ে ১৯৮৭ চনত ‘বাসন্তী দেৱী বঁটা' লাভ কৰে। স্নেহদেৱীৰ মৃত্যু হয় ১৯৯০ চনত। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

সুধালতা দুৱৰা: Sudhalata Duwara

অসমীয়া প্রথম মহিলা স্নাতক সুধালতা দুৱৰাৰ জন্ম হয় ১৮৯৬ চনৰ ২৫ অক্টোবৰত কলিকতাত। প্রথম বিভাগত মেট্রিক আৰু আই এ পৰীক্ষাত উত্তীৰ্ণ হৈ সুধালতা দুৱৰা ই বি.টি. আৰু ১৯২৩ চনত এম.এ, পৰীক্ষাও সুখ্যাতিৰে পাচ কৰে। বেথুন কলেজিয়েট স্কুলত শিক্ষয়িত্ৰীৰূপে কৰ্মজীৱনৰ পাতনি মেলি ১৯২৫ চনত এলাহাবাদৰ এছৱেইট কলেজ অধ্যক্ষা হয়। অসমীয়া ৰক্ষণশীল সমাজৰ গণ্ডী পাৰ হৈ শিক্ষা আৰু কৰ্মেৰে নাৰী চেতনা জগাই তােলা সুধালতা দুৱৰা আছিল অসাধাৰণ প্রতিভাশালিনী। ভনীয়েক সুখলতা দুৱৰাৰ সৈতে একেলগে প্রথম অসমীয়া মহিলা স্নাতকৰ সন্মান অর্জন কৰা সুধালতা দুৱৰাই নিৰক্ষৰতা, অন্ধবিশ্বাস আদি স্ত্রী সমাজৰ দুর্বলতাসমূহ আঁতৰােৱাৰ বাবে যত্ন কৰিছিল। ১৯২৮ এইগৰাকী প্রতিভাময়ী নাৰীৰ অকাল বিয়ােগে অসমীয়া সমাজৰ লগতে নাৰীসকলৰাে বৃহৎ ক্ষতি সাধন কৰে।


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

সূৰ্য কুমাৰ ভূঞা: Surya kumar Bhuyan

যিসকল মনীষীৰ অহােপুৰুষাৰ্থ আৰু ত্যাগৰ বিনিময়ত অসমীয়া সাহিত্যই স্বকীয় মর্যাদা আৰু গাম্ভীর্য লাভ কৰাত সমৰ্থ হৈছে তেওঁলােকৰ ভিতৰত ড° সূৰ্য কুমাৰ ভূঞা অন্যতম। বুৰঞ্জী আৰু বুৰঞ্জীমূলক প্ৰৱন্ধৰ সুলেখক সূৰ্য্য কুমাৰ ভূঞাই জীৱনৰ প্ৰথম ভাগত কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰে। পাছলৈ ইতিহাস আৰু তত্ত্বমূলক প্ৰৱন্ধ আলােচনাৰে সাহিত্যৰ গভীৰ দিশত মনােনিৱেশ কৰা ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক

গৱেষণা কেন্দ্র প্রতিষ্ঠাত আগভাগ লয়। পুৰণি পুথি উদ্ধাৰৰ লক্ষ্য আগত ৰাখি বুৰঞ্জী আৰু পুৰাতত্ত্বাত্বিক অধ্যয়ন বিভাগৰ হৈ ড সূৰ্য কুমাৰ ভূঞাই প্রায় আঢ়ৈ হাজাৰ পুথি সংগ্রহ কৰে। জীৱনীকাৰ আৰু প্ৰাৱন্ধিকৰূপে খ্যাতি অর্জন কৰা ড° সূৰ্য কুমাৰ ভূঞা ৰচিত আৰু সুসম্পাদিত গ্রন্থসমূহে সর্বভাৰতীয় পাঠকক অসমৰ ইতিহাস আৰু সমাজ সম্পর্কে সম্যক ধাৰণা দিয়াত বৰঙণি যােগাইছে।


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

ৰুদ্ৰ বৰুৱা: Rudra Barua

ৰুদ্ৰ বৰুৱা এজন বিশিষ্ট সংগীতজ্ঞ, ৰুদ্ৰ বৰুৱাৰ জন্ম পুৰণি গুদামত। ৰুদ্ৰ বৰুৱা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক আছিল। সৰুৰেপৰা সুৰ আৰু গীত ৰচনা কৰা ৰুদ্ৰ বৰুৱাই দুখনমান অসমীয়া ছবিৰ সংগীত পৰিচালক আছিল।


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

ৰােযেশ্বৰ বৰুৱা: Rujeshwar Barua

ৰােযেশ্বৰ বৰুৱা এগৰাকী চাহ খেতিয়ক (১৭৯৮)। ৰােযেশ্বৰ বৰুৱা, সাতখন চাহ বাগিছাৰ মালিক আছিল। প্রথম চাহ খেতিয়ক ৰােযেশ্বৰ বৰুৱাই অর্থনৈতিক অবস্থা বেয়া হােৱাত বাগিছা ইংৰাজসকলৰ হাতত বেছি দিছিল। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

ৰত্নেশ্বৰ মহন্ত (১৮৬৪-১৮৯৩): Ratneswar Mahanta

গুৱাহাটীত জন্মগ্রহণ কৰা ৰত্নেশ্বৰ মহন্ত দেবৰ ভালেমান প্রবন্ধ ‘'আসাম বন্ধু” আৰু “জোনাকী'’ত প্রকাশ হৈছিল। তদুপৰি দ্রৌপদীৰ 'বেণী বন্ধন’ আৰু ‘হৰিচন্দ্র’ নাটক ৰচনা কৰি ৰত্নেশ্বৰ মহন্ত নিজে অভিনয়াে কৰে। ৰত্নেশ্বৰ মহন্ত ডাঙৰীয়াৰ বিশেষত্ব এয়েই যে— জয়জয়তে তেঁৱেই জয়মতীৰ কাহিনীটো সজাই-পৰাই প্ৰকাশ কৰে। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

ৰমাকান্ত চৌধাৰী (১৮৪৬-১৮৮৯): Ramakanta Choudhary

কামৰূপত জন্মগ্রহণ কৰা ৰমাকান্ত চৌধাৰী ডাঙৰীয়াক ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াই ‘অসমীয়া কাব্যৰ বাট দেখুৱাওঁতা’ বুলি অভিহিত কৰিছে। ১৮৭৫ চনত ৰমাকান্ত চৌধাৰীয়ে অমিত্রাক্ষৰ ছন্দত ‘অভিমন্যু বধ কাব্য’ উলিয়ায়। ৰমাকান্ত চৌধাৰীয়ে 'সীতাহৰণ’ নামৰ গহীন নাটকখন ৰচনা কৰে । 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

ৰামমোহন নাথ: Rammohan Nath

ৰামমোহন নাথ কাছাৰ অঞ্চলৰ আছিল। ৰামমোহন নাথে অসমৰ বুৰঞ্জীৰ ওপৰত ভালেখিনি বহুমূলীয়া প্রবন্ধ লিখি গ’ল। ৰামমোহন নাথক তত্ত্বভূষণ বুলি জনা যায়। ৰামমোহন নাথৰ বীৰ চিলাৰায় এখন অতি সুন্দৰ বুৰঞ্জীমূলক জীৱনী। 'পীতাম্বৰ ৰাজমেধি’ ছদ্মনাম লৈ পকা-মিঠৈ, টেঙা দৈ, গােট কৰাই, কাহুদি আদি পুথিও ৰচনা কৰিছিল। ১৯৬৫ চনৰ এপ্রিল মাহত ৰামমোহন নাথৰ মৃত্যু হয়। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

ৰামচৰণ ঠাকুৰ: Ramcharan Thakur

ৰামচৰণ ঠাকুৰ ডাঙৰীয়া মাধৱ দেৱৰ ভাগিন আছিল। ৰামচৰণ ঠাকুৰ চৰিত পুথিৰ লেখক। ৰামচৰণ ঠাকুৰৰ ‘শঙ্কৰ চৰিত' এখনি প্রসিদ্ধ চৰিত পুথি।


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

ৰুচিনাথ কামৰূপী: Ruchinath Kamrupi

কামৰূপ জিলাত জন্মগ্রহণ কৰা এইজনা ৰুচিনাথ কামৰূপীদেৱে ১৮১০ চনতে এখন অভিধান লিখে। অভিধানখনৰ শব্দসমূহক সংস্কৃত, অসমীয়া আৰু কামৰূপী এই তিনি ভাগ কৰা হৈছে। ২০২ পৃষ্ঠাৰ এই অভিধানখনি অপ্রকাশিত অৱস্থাত ইংলেণ্ডৰ ইণ্ডিয়া অফিচ লাইব্রেৰীত সংৰক্ষিত হৈ আছে। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

ৰুদ্ৰ কন্দলী: Rudra Kandali

ৰুদ্ৰ কন্দলী ৰজা দুলর্ভ নাৰায়ণৰ সমসাময়িক আছিল। ৰুদ্ৰ কন্দলীদেৱ পূর্ব বৈষ্ণৱ যুগৰ কবিসকলৰ ভিতৰত এজন লেখত ল'বলগীয়া কবি। ৰুদ্ৰ কন্দলীৰ লেখাত নৱ বৈষ্ণৱ যুগৰ উন্মেষ লক্ষ্য কৰা যায়। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

লক্ষ্মীৰাম বৰুৱা: Lakshmiram Baruah

উত্তৰ গুৱাহাটীৰ শিলসাকোঁত জন্মগ্রহণ কৰা লক্ষ্মীৰাম বৰুৱাদেৱক অসমীয়া সমাজত সঙ্গীতাচার্য লক্ষ্মীৰাম বুলি জনা যায়। লক্ষ্মীৰাম বৰুৱাৰ সঙ্গীত বিষয়ক পুথি হ’ল ‘সঙ্গীতকোষ' আৰু সঙ্গীত সাধনা। লক্ষ্মীৰাম বৰুৱাদেৱে ‘All India Academy of Music' ৰ পৰা ‘associate' ৰ উপাধি পাইছিল। বেহেলা আৰু চেতাৰ বাদকৰূপেও লক্ষ্মীৰাম বৰুৱাই সুখ্যাতি অর্জন কৰিছিল। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

লক্ষ্মীনাথ বেজবৰুৱা: Laksminath Bezbarua

ডাঙৰীয়া দীননাথ বেজবৰুৱা ঘৰৰ বৈষ্ণব পৰিৱেশৰ মাজত জন্ম গ্ৰহণ কৰি তেজপুৰ, লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ আদি বিভিন্ন ঠাইত শিক্ষা লাভ কৰা অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তি লক্ষ্মীনাথ বেজবৰুৱাই স্নাতক ডিগ্ৰী লাভ কৰে কলিকতাৰ পৰা। যিসকল অসমীয়া তৰুণৰ অহৰহ প্রচেষ্টাত বঙালী ভাষাৰ কবলৰপৰা ওলাই আহি অসমীয়া সাহিত্যই নিজক স্ব-মহিমামণ্ডিত ৰূপত পুনৰ প্রতিষ্ঠা কৰিছিল সেইসকলৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা অন্যতম। শংকৰদেৱৰ দৰেই অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰিবলৈ একান্ত যত্নপৰ হােৱা লক্ষ্মীনাথ বেজবৰুৱাৰ স্থান শংকৰদেৱৰ পাছতে। কবিতা ‘হয় যদি হওক নহয় যদি নহওঁক' বুলি কাব্য ৰচনাত হাত দিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতা পুথিখন 'কদমকলি'। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ এগৰাকী সক্রিয় কর্মী। বেজবৰুৱা অাছিল জোনকী যুগৰ ত্রিমূর্তিৰ অন্যতম। জোনাকীৰ জৰিয়তে নবন্যাসবাদী লিখকৰূপে আত্মপ্রকাশ কৰা লক্ষ্মীনাথ বেজবৰুৱা ‘পদুমকুৱৰী' উপন্যাস, 'সুৰভি', জোনবিৰি, 'সাধুকথাৰ কুঁকি' গল্প সংকলন, বুঢ়ী আইৰ সাধু’, ককা দেউতা আৰু নাতি ল'ৰা আদি গল্পপুথি, শঙ্কৰদেৱ, ‘শ্ৰীশঙ্কৰদেৱ' আৰু শ্ৰীমাধৱদেৱ , মহাপুৰুষৰ সাহিত্যিক জীবনী, তত্ত্ব কথা, 'কৃষ্ণ কথা’ আদি গভীৰ ভাৱৰ প্রবন্ধ, কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা, ওভোটনি’, ভাবৰ বুৰবুৰণি আদি হাস্য ব্যঙ্গাত্মক লিখনীৰে অসমীয়া সাহিত্যৰ প্রায় আটাইবােৰ দিশলৈকে বৰঙণি যোগাই গৈছে। মােৰ জীৱন সোৱৰণ’ তেওঁৰ আত্মকথা। শক্তিশালী অথচ হাস্য ব্যঙ্গাত্মক, তত্ত্বগধুৰ অথচ সহজ-সৰল ভাষা প্রকাশভঙ্গীৰ লিখকৰূপে লক্ষ্মীনাথ বেজবৰুৱাৰ মূল্য আছিল অসমীয়া লােকৰ সুপ্ত চেতনা জাগ্রত কৰা অসমীয়া চুটিগল্পৰ জনক। লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতিও আছিল। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

লম্বোদৰ বৰা (১৮৩০- ১৮৯১): Lambudar Bora

লম্বোদৰ বৰাৰ জন্ম তেজপুৰৰ গমিৰিত। লম্বোদৰ বৰাই প্রথম সংস্কৃত শকুন্তলা নাটক অসমীয়ালৈ অনবাদ কৰে। লম্বোদৰ বৰাই ল’ৰাবোধ, জ্ঞানোদয় আদি শিশু সাহিত্যও ৰচনা কৰে। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

লক্ষ্যধৰ চৌধুৰী: Lakhyadhar Choudhury

লক্ষ্যধৰ চৌধুৰী এগৰাকী বিশিষ্ট ৰাজনীতিবিদ, নাট্যকাৰ, অভিনেতা আৰু সাহিত্যিক। লক্ষ্যধৰ চৌধুৰীৰ জন্ম হয় ১৯১৫ চনত। লক্ষ্যধৰ চৌধুৰী ১৯৯২ চনত অসম সাহিত্য সভাৰ সভাপতি আছিল। 

লক্ষ্যধৰ চৌধুৰীৰ প্রকাশিত পুথিসমূহ হৈছে— মানুহ বিচাৰি নাটক-ঠিকনা ইত্যাদি। লক্ষ্যধৰ চৌধুৰী অসমৰ জনসাধাৰণৰ মাজত খুহুতীয়া মানুহ হিচাবে প্রখ্যাত তথা জনপ্রিয় আছিল। লক্ষ্যধৰ চৌধুৰীৰ মৃত্যু হয় ২০০০ চনত।


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

লক্ষ্মীনন্দন বৰা: Lakshminandan Borah

অসমৰ বিশিষ্ট সাহিত্যিক লক্ষ্মীনন্দন বৰাই (১৯৩১) অন্ধ্র বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্রী লাভ কৰে। অধ্যাপক হোৱাৰ উপৰিও লক্ষ্মীনন্দন বৰা ৰংপুৰ কাকতৰ সম্পাদক (১৯৯২-৯৫) আছিল। ৰামধেনুত গল্প লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা লক্ষ্মীনন্দন বৰাৰ প্রকাশিত গ্রন্থ হৈছে- ‘দৃষ্টিৰূপা’, ‘কাঁচিয়ালিৰ কুঁৱলী’, ‘মন মাটি মেঘ’, ‘এৰাবাৰীৰ লেছেৰী, ‘প্রেয়সী’, ‘পাতাল ভৈৰবী’, ‘যাকেৰি নাহিকে উপাম’, ‘গঙা চিলনিৰ পাখী’, ‘নিশাৰ পূৰবী', ‘পাখি’, ‘উত্তৰ পুৰুষ’, আদি। ১৯৮৮ চনত ‘পাতাল, ভৈৰবী' উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা, ১৯৯৫ চনত যাকেৰি নাহিকে উপাম গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা লাভ আৰু ১৯৯৫ চনত অসম সাহিত্য সভাৰ সভাপতি পদ অধিষ্ঠিত হয়। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

লক্ষ্মীনাথ ফুকন: Lakshminath Phukan

লক্ষ্মীনাথ ফুকন এজন প্রসিদ্ধ সাংবাদিক আৰু গল্পকাৰ। লক্ষ্মীনাথ ফুকনে ষ্টেটমেন’, ফৰৱাৰ্ড, ‘অসমীয়া', ‘বাতৰি’, ‘হিন্দুস্থান ষ্টেণ্ডাৰ্ড', সাংবাদিক তথা সম্পাদক ৰূপে কাম কৰে। লক্ষ্মীনাথ ফুকন ১৯৩৯ চনত ‘আছাম ট্রিবিউন’ কাকতৰ প্রতিষ্ঠাপক সম্পাদক আছিল। লক্ষ্মীনাথ ফুকনৰ প্ৰকাশিত পুথিঃ ‘মালা, ‘ওফাইদং, ‘সােণালী সপােন’, ‘মৰমৰ মাধুৰী’, ‘আশাত উৎফুল্ল প্রাণ’ আদি। লক্ষ্মীনাথ ফুকনে

১৯৭১ চনত “মহাত্মাৰপৰা ৰূপকোৱৰলৈ” পুথিৰবাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

লীলা গগৈ: Lila Gogoi

লীলা গগৈ অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক আৰু বুৰঞ্জীবিদ। লীলা গগৈ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সঞ্চালকৰূপে কাৰ্য্যনির্বাহ কৰিছিল। লীলা গগৈয়ে প্রায় তিনিকুৰি গ্ৰন্থ ৰচনা কৰিছে। ১৯৯৪ চনত সাহিত্য সভাৰ সভাপতি পদত লীলা গগৈদেৱ অধিষ্ঠিত হয়। কাৰ্যকাল চলি থকা অৱস্থাতে ১৯৯৪ চনৰ ২৩ জুলাইত লীলা গগৈৰ মৃত্যু হয়।


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

শঙ্কৰদেৱ (১৪৪৯-১৫৩৮ খ্রীঃ): Sankardev

নগাঁওৰ বৰদোৱাত শ্ৰীশঙ্কৰদেৱৰ জন্ম হৈছিল। শঙ্কৰদেৱ একেৰাহে কবি, নাট্যকাৰ, সমাজ সংস্কাৰক, নিপুণ চিত্রশিল্পী, অভিনেতা, সংগীতজ্ঞ আৰু ধৰ্মপ্ৰৱর্তক। শংকৰদেৱ আছিল অসমীয়া সমাজ, সংস্কৃতি আৰু সাহিত্যৰ প্রতিষ্ঠাতা। অসম তথা ভাৰতৰ ভিতৰত শঙ্কৰদেৱৰ ৰচনাতেই প্রথম গদ্যৰ আৰ্হিৰ চানেকী পােৱা যায়। শঙ্কৰদেৱৰ ৰচিত মূলগ্রন্থসমূহ কীর্তন, গুণমালা, ৰুক্মিণীহৰণ। কাব্য, হৰিচন্দ্ৰ উপাখ্যান, অনাদিপতন, ভক্তিপ্রদীপ, ভক্তিৰত্নাকৰ, অমৃতমন্থন, বলিছলন, গজেন্দ্ৰ উপাখ্যান। ভাগৱতৰ প্রথম, দ্বিতীয়, দশম, একাদশ, দ্বাদশ স্কন্ধৰ অনুবাদৰ লগতে শঙ্কৰদেৱে উত্তৰাকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল। শঙ্কৰদেৱৰ ৬খন অঙ্কীয়া নাট, যেনে-পত্নী প্রসাদ কেলিগােপাল, কালিয়া দমন, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। শঙ্কৰদেৱৰ মহান ৰচনাসমূহৰ উপৰিও তেওঁৰ বৰগীত আৰু ভটিমা আছিল সােণতসুৱগা চৰা। শঙ্কৰদেৱে ১৫৬৮ খ্রীঃত ইহলীলা সম্বৰণ কৰে।


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

শুচিব্রতা ৰায় চৌধুৰী: Suchibrata Raichoudhury

শুচিব্রতা ৰায় চৌধুৰী প্রসিদ্ধ অসমীয়া অম্বিকাগিৰি আৰু কৌশল্যা দেৱীৰ কন্যা। শুচিব্ৰতা ৰায়চৌধুৰীৰ জন্ম ১৯২৯ চনত। অসমৰ প্রথম গৰাকী মহিলা প্রশাসনীয় সেৱা বিষয়া। শুচিব্রতা ৰায় চৌধুৰীয়ে ১৯৪৯ চনত স্নাতক ডিগ্রী লাভ কৰে আৰু শিক্ষয়িত্রী হিচাবে কর্মজীৱনৰ পাতনি মেলে যদিও সমাজ কল্যাণ বিভাগৰ সঞ্চালিকা আৰু ৰাজহ বিভাগৰ বিশেষ বিষয়াৰূপে কার্যকাল পূর্ণ কৰি ১৯৮৯ চনত অৱসৰ গ্ৰহণ কৰে। গান্ধীৰ আদর্শ ব্যক্তিগত জীৱনত অনুসৰণ কৰা শুচিব্রতা ৰায় চৌধুৰী স্বনামধন্য লেখিকাও। হাতে লিখা আলােচনী ‘বন্তি’ৰ মাজেৰে সাহিত্যিক জীৱন আৰম্ভ কৰা শুচিব্রতা ৰায় চৌধুৰীৰ কবিতাপুথি ‘তুমি আৰু মই’ ‘মাথাে কথা আৰু ‘হাঁহাকাৰৰ গান’! গীতৰ পুথি ‘গুঞ্জন’ আৰু ‘সুহুৰি’ উপন্যাস ‘বা- মাৰলি আৰু ‘সুন্দৰ দেশ’। সন্তর্পণা’ গল্পপুথি, ‘সােণালী পেৰা অনুবাদ গল্প আৰু অনুবাদ নাটক ‘বিপদ সীমা’। নতুন সমাজৰ সপােন দেখা ৰায়চৌধুৰীৰ শিক্ষা, কর্ম আৰু আদর্শসকলাে ফালৰপৰাই অনুকৰণীয়।


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হিতেশ ডেকা: Hitesh Deka

হিতেশ ডেকা বিশিষ্ট উপন্যাসিক। ১৯২১ চনত জন্ম হিতেশ ডেকাৰ। হিতেশ ডেকা ১৯৯৫ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। হিতেশ ডেকাৰ প্রকাশিত পুথি হ'ল : আজিৰ মানুহ, এয়েতাে জীৱন, ভাড়াঘৰ, মটিকাৰ, নতুন পথ, নির্যাতিত সতী ইত্যাদি। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

হীৰেন ভট্টাচার্য: Hiren Bhattacharya

হীৰেন ভট্টাচার্য ১৯৩২ চনত যােৰহাটত জন্ম। হীৰেন ভট্টাচার্য অসমৰ জনপ্রিয় কবি। হীৰেন ভট্টাচার্য চিৰন্তন, মনন, আন্তৰিক কাকতৰ সম্পাদক। হীৰেন ভট্টাচার্যৰ কবিতা সংকলন হ’ল: ৰৌদ্র কামনা, তােমাৰ বাঁহী, সুগন্ধি পখিলা, মােৰ দেশ, বিভিন্ন দিনৰ কবিতা ইত্যাদি।


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

শৰৎ চন্দ্র গােস্বামী: Sarat Chandra Goswami

শৰৎ চন্দ্র গােস্বামীৰ জন্ম ১৮৮৭ চন। শৰৎ চন্দ্র গােস্বামীদেৱে বি.এ.পাছ কৰি স্কুলসমূহৰ ডেপুটি স্কুল ইন্সপেক্টৰৰ কামত সােমায়। শৰৎ চন্দ্র গােস্বামীদেৱে ১৯৪৩ চনত ইনপেক্টৰ হিচাবে অৱসৰ গ্রহণ কৰে। অসমীয়া গল্প সাহিত্যলৈ শৰৎ চন্দ্র গােস্বামীদেৱে অমূল্য বৰঙণি আগবঢ়ায়। শৰৎ চন্দ্র গােস্বামীদেৱৰ মৃত্যু হয় ১৯৪৪ চনত। শৰৎ চন্দ্র গােস্বামীৰ প্রকাশিত গ্রন্থ হৈছে- ময়না, বাজীকৰ ইত্যাদি। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

শৈলধৰ ৰাজখােৱা: Soilyadhar Rajkhowa

শৈলধৰ ৰাজখােৱা ১৮৯০ চনত ডিব্ৰুগড়ত জন্ম। শৈলধৰ ৰাজখােৱা নিজৰাৰ কবিৰূপে খ্যাত। শৈলধৰ ৰাজখােৱাৰ প্রকাশিত পৃথি-নিজৰা, বিদ্যাৱতী, অসম গৌৰৱ, ৰণজিৎ সিংহ ইত্যাদি। শৈলধৰ ৰাজখােৱাৰ মৃত্যু ১৯৬৮ চনত। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

সত্যনাথ বৰা: Satyanath Bora

সত্যনাথ বৰাৰ জন্ম ১৮৬০ চনত। সত্যনাথ বৰা অসমীয়া সাহিত্যৰ প্রসিদ্ধ গদ্য লিখক। সত্যনাথ বৰাৰ বহল ব্যাকৰণ অসমীয়া সাহিত্যলৈ অমূল্য অৱদান। অন্যান্য প্রণীত পুথি ‘সাৰথি’, ‘চিন্তাকলি’, আদি। সত্যনাথ বৰাৰ মৃত্যু হয় ১৯২৫ চনত। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

সত্যেন্দ্রনাথ শর্মা: Satyandranath Sharma

সত্যেন্দ্রনাথ শর্মা ১৯১৭ চনত জন্ম। সত্যেন্দ্রনাথ শর্মা ১৯৭৫ চনত অসম সাহিত্য সভাৰ সভাপতি। ১৯৯০ চনত সাহিত্যা চার্য উপাধি আৰু ১৯৯১ চনত শংকৰদেৱ বঁটা লাভ কৰে। সত্যেন্দ্রনাথ শর্মা প্রকাশিত পুথি হৈছে- অসমীয়া সাহিত্যৰ ইতিবৃত্ত, অসমীয়া নাট্য সাহিত্য, অসমীয়া উপন্যাসৰ গতিধাৰা, ৰামায়ণৰ ইতিবৃত্ত ইত্যাদি। অসম সাহিত্য সভাৰ সদস্য। সত্যেন্দ্রনাথ শর্মা মহীয়ান উপাধিৰে বিভূষিত। 


অসমৰ বিখ্যাত বিশিষ্ট প্রসিদ্ধ অসমীয়া ব্যক্তি- Assamese Literature

সীতানাথ ব্রহ্ম চৌধুৰী: Sitanath Brahma Choudhary

সীতানাথ ব্রহ্ম চৌধুৰী দেৱৰ ১৯০৮ চনত গােৱালপাৰাত জন্ম। সীতানাথ ব্রহ্ম চৌধুৰী

১৯৬২ চনত লােক সভালৈ নির্বাচিত হৈছিল। সীতানাথ ব্রহ্ম চৌধুৰী ১৯৮১ আৰু ১৯৮২ চনত অসম সাহিত্য সভাৰ দুবাৰ সভাপতি আছিল। সীতানাথ ব্রহ্ম চৌধুৰীৰ প্রকাশিত পুথি হৈছে-কদমকলি, আবেগৰ চকুলো, গাওঁ সংগঠন ইত্যাদি। সীতানাথ ব্রহ্ম চৌধুৰীৰ ১৯৮৩ চনত মৃত্যু হয়। 



Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.