অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ চমু পৰিচয়

অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ প্ৰসিদ্ধ ব্যক্তি - অসমৰ প্ৰখ্যাত লোকৰ বিষয়ে - অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ নাম - অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ চমু পৰিচয় - অসমৰ মহান ব্যক্তি সকলৰ তালিকা

অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ প্ৰসিদ্ধ ব্যক্তি - অসমৰ প্ৰখ্যাত লোকৰ বিষয়ে - অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ নাম - অসমৰ বিখ্যাত কবি সাহিত্যিক সকলৰ চমু পৰিচয় - অসমৰ মহান ব্যক্তি সকলৰ তালিকা
অসমৰ বিশিষ্ট ব্যক্তি


Famous poet and writer of Assam - Assamese Male And Female writer - Assamese literature


আইদেউ সন্দিকৈ: Aaideo Handique
আনন্দৰাম ঢেকিয়াল ফুকন: Anandaram Dhekial Phukan
আনন্দ চন্দ্র বৰুৱা: Ananda Chandra Baruah
আনন্দ চন্দ্র আগৰৱালাৰ: Ananda Chandra Agarwala
আব্দুছ ছাত্তাৰ: Abdul Chattar
আৰিমত্ত: Arimatta
মহেন্দ্ৰ বৰঠাকুৰ: Mohendra Borthakur
ৰঘুনাথ চৌধাৰী: Raghunath Choudhary
মহেন্দ্র মােহন চৌধুৰী: Mohendra Mohan Choudhury
ৰাধানাথ চাংকাকতি: Radhanath Changkakoti
ৰুদ্ৰ বৰুৱা: Rudra Baruah
ময়িদুল ইছলাম বৰা: Moidul Islam Bora
মেদিনী চৌধুৰী: Medini Choudhury
আনন্দৰাম বৰুৱা: Anandaram Baruah
অনন্ত কন্দলী: Ananta Kandali
অতুল চন্দ্র হাজৰিকা: Atul Chandra Hazarika
অমূল্য বৰুৱা: Amulya Baruah
অম্বিকাগিৰি ৰায় চৌধুৰী: Ambikagiri Rai Choudhury
অমলপ্রভা দাস: Amalprabha Das
আব্দুল মজিদ (১৮৬৭-১৯২৪): Abdul Majid
মামনি ৰয়চম গােস্বামী: Mamoni Raisom Goswami
যাদুৰাম ডেকা বৰুৱা: Jaduram Deka Baruah
যজ্ঞেশ্বৰ শৰ্মা: Jagyashar Sharma
ৰাধা গােবিন্দ বৰুৱা: Radha Gobindra Baruah
ৰমা দাস: Roma Das
ৰবীন দে: Robin Dey
ৰমণী গাভৰু: Romoni Gabhoru
অৰুণ শৰ্মা: Arun Sharma
আজলীতৰা নেওগ: Ajalitora Neog
আদ্য শর্মা: Aadya Sharma
ৰাজবালা দাস: Rajwala Das
ৰজনীকান্ত বৰদলৈ : Rajanikanta Bordoloi
ৰাধাকান্ত সন্দিকৈ: Radhakanta Handique
আত্মাৰাম শৰ্মা: Aatmaram Sharma
ইন্দিৰা মিৰি: Indira Miri
ইন্দিবৰ বৰুৱা: Indibor Baruah
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ: Indreswar Borthakur
ইমৰান শ্বাহ: Imran Shah
কনকলতা বৰুৱা: Kanaklata Baruah


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -



আইদেউ সন্দিকৈ: Aaideo Handique

অসমৰ ৰূপালী পৰ্দাত প্রথম অভিনয় কৰা মহিলা গৰাকীয়ে হৈছে আইদেউ সন্দিকৈ। আজিৰপৰা প্ৰায় ছটা দশকৰ আগৰ অসমীয়া সমাজৰ গােড়ামি আৰু ৰক্ষণশীলতা, নাৰীৰ ওপৰত থকা নিষেধাজ্ঞাৰ শিকলি চিঙি চলচ্চিত্ৰৰ ৰূপালী পদত অভিনয় কৰি অসমীয়া জাতিৰ ইতিহাসত নাম যুগমীয়া কৰিছিল আইদেউ সন্দিকৈয়ে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচ্চিত্র জয়মতীত জয়াৰ ভাও দিয়া আইদেউ সন্দিকৈৰ জন্ম হৈছিল ১৯২০ চনত গোলাঘাটৰ মহুৰা মৌজাৰ পানী দিহিঙীয়াত। আইদেউ সন্দিকৈৰ পিতৃ আছিল নীলাম্বৰ সন্দিকৈ আৰু মাতৃ মা-লক্ষ্মী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ চলচ্চিত্রত অভিনয় কৰাৰ বাবে ৰক্ষণশীল সমাজৰ চৈধ্য বছৰীয়া যুৱতী আইদেউ সন্দিকৈক চল- চাতুৰি খটুৱাইহে নিয়া হৈছিল। এই ঘটনাই আইদেউ সন্দিকৈ প্ৰথম অসমীয়া মহিলা অভিনেত্রী হােৱাৰ গৌৰৱ আনি দিলে যদিও অন্ধবিশ্বাসী, ৰক্ষণশীল সমাজৰ বহু নির্যাতন আইদেউ সন্দিকৈয়ে ভােগ কৰিবলগীয়া হয়। ২০০২ চনত আইদেউ সন্দিকৈৰ মৃত্যু হয়। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-১৮৫৯): Anandaram Dhekial Phukan

১৮২৯ চনত গুৱাহাটীত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম। আনন্দৰাম ঢেকিয়াল ফুকনৰ আপ্রাণ চেষ্টাৰ ফলতেই সেই সময়ত অসমত চলি থকা বাংলা ভাষাৰ ঠাইত পুনঃ অসমীয়া ভাষা প্ৰৱর্তন হয়। আনন্দৰাম ঢেকিয়াল ফুকনকেই আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লিখক বুলি কব পাৰি। তেখেত ১৮৫২ চনত নগাৱঁত কিছুকাল এক্সট্রা এছিষ্টেন্ট কমিছনাৰ হিচাবে কটায়। ১৮৫৫ চনত 'এ নেটিভ' ছদ্ম নামেৰে 'এ ফিউ ৰিমাৰ্কচ অন আসামির লেংগুৱেজ' নামৰ পুস্তিকা ৰচনা কৰে। প্রকাশিত পুথি: ‘অসমীয়া ল'ৰাৰ মিত্র, আইন 'অৰুণােইত প্ৰৱন্ধপাতি প্রকাশিত। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

আনন্দ চন্দ্র বৰুৱা: Ananda Chandra Baruah

আনন্দ চন্দ্র বৰুৱাৰ জন্ম ১৯০৭ চনত যোৰহাটত।বকুল বনৰ 'কবিতা' নামৰ কাব্যগ্রন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৬৯ চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰে। ৰচিত কবিতাৰ পুথি সমূহ হ'ল- পৰাগ, হাফিজৰ সুৰ, পুষ্পক, ৰঞ্জন ৰশ্মি, কুমাৰ সম্ভাৱ ইত্যাদি। নাটক- কমতা কুৱঁৰী, বিজয়া, বিসর্জন, নল দময়ন্তী। আনন্দ চন্দ্র বৰুৱা ১৯৮৩ চনত মৃত্যু।


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

আনন্দ চন্দ্র আগৰৱালাৰ: Ananda Chandra Agarwala

আনন্দ চন্দ্র আগৰৱালাৰ জন্ম ১৮৭৪ চনত তেজপুৰত। আনন্দ চন্দ্র আগৰৱালাই ১৮৯৪ চনৰপৰা ১৯৩০ চনলৈ পুলিচ বিভাগত কাম কৰে আৰু ১৯০৬ চনত পুলিচ মেনুৱেল ৰচনা কৰে। আনন্দ চন্দ্র অাগৰৱালাৰ কবিতা পুথি জিলঙনি। গোৱালপাৰাৰ পুৰণি বিৱৰণ, An Account of Assam বুৰঞ্জীমুলক পুথি।আনন্দ চন্দ্র আগৰৱালাৰ মৃত্যু ১৯৩৯ চনত।


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

আব্দুছ ছাত্তাৰ: Abdul Chattar

আব্দুছ ছাত্তাৰ এজন বিশিষ্ট সাহিত্যিক, সমালােচক, শিক্ষাবিদ। আব্দুছ ছাত্তাৰ ১৯২২ চনত জন্ম আৰু ১৯৮৭ চনৰ ২৭ ফেব্ৰুৱাৰীত মৃত্যু হয়। আব্দুছ ছাত্তাৰৰ দ্বাৰা ৰচিত প্রকাশিত পুথি হল- 'প্রসঙ্গ কোষ’, ‘সংমিশ্ৰিত অসমীয়া সংস্কৃতি', 'পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ', ‘বিদেশত দুদিনমান' আদি। আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ একনিষ্ঠ কর্মী, ১৯৭১-৭২ চনত “অসম সাহিত্য সভা পত্রিকা সম্পাদক আছিল, ১৯৭৭- ৭৮ চনত সভাৰ প্রধান সম্পাদক পদত অধিষ্ঠিত হৈছিল। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

আৰিমত্ত: Arimatta

আৰিমত্ত পুৰণি কামৰূপৰ ৰজা আছিল। মাজুলীৰ ৰতনপুৰৰ ৰজা ৰামচন্দ্ৰই এবাৰ যজ্ঞ কৰিবলৈ গৈ তেওঁৰ সুন্দৰী মহিষীক ব্রহ্মপুত্রলে উছগা কৰে আৰু ব্ৰহ্মপুত্ৰৰ ঔৰসত ৰাণীৰ আৰিমত্ত নামেৰে এটি পুত্র সন্তানৰ জন্ম হয়। জনশ্রুতিমতে আৰিমত্তৰ বংশৰ মানুহে আৰি মাছ খাইছিল । পাছলৈ আৰিমত্তই কছাৰী আৰু জয়ন্তীয়াসকলক পৰাস্ত কৰি ৰাজ্য বিস্তাৰ কৰে। কামৰূপৰ বেতনাৰপৰা নগাঁৱৰ ৰহালৈকে ব্রহ্মপুত্র দুয়ােপাৰে আমিওৰ ৰাজ্য বিস্তৃত আছিল। ফেঙুৱা নামৰ হাজোৰ এজন ৰজাৰ হাতত আৰিমত্তৰ মৃত্যু হয়। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

মহেন্দ্ৰ বৰঠাকুৰ: Mohendra Borthakur

মহেন্দ্ৰ বৰঠাকুৰ এজন বিশিষ্ট নাট্যকাৰ আৰু সাহিত্যিক। মহেন্দ্ৰ বৰঠাকুৰ এজন শিক্ষক হােৱাৰ উপৰিও আকাশবাণী গুৱাহাটীত নাট বিভাগৰ প্রযােজক আৰু সহকাৰী সঞ্চালক পদতাে অধিষ্ঠিত হয়। ৭০ৰ অধিক নাট ৰচনা কৰাৰ উপৰিও মহেন্দ্ৰ বৰঠাকুৰ ২০০০ চনৰ অসম নাট্য সন্মিলনৰ সভাপতিৰূপে নির্বাচিত হয়। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ৰঘুনাথ চৌধাৰী: Raghunath Choudhary

ৰঘুনাথ চৌধাৰীৰ জন্ম হয় ১৮৭৮ চনত হাজোৰ ওচৰৰ লাওপাৰাত। নিচেই কেচুৱা কালতেই ৰঘুনাথ চৌধাৰীয়ে দুয়োখন ভৰিতেই আঘাত পায় আৰু চিৰকালৰ বাবেই ঘুণীয়া হৈ পৰে। ৰঘুনাথ চৌধাৰীয়ে ১৯২১ চনত স্বাধীনতা আন্দোলনত যােগদান কৰি পোন্ধৰ মাহ কাৰাবাস খাটে। দেশ আৰু সমাজসেবাত আত্মনিয়োগ কৰাৰ উপৰিও ৰঘুনাথ চৌধাৰী এজন একনিষ্ঠ সাহিত্য সেৱক আছিল। ৰঘুনাথ চৌধাৰী বিহগী কবি নামেৰে পৰিচিত। ৰঘুনাথ চৌধাৰীৰ ৰচিত পুথিসমূহ হ'ল সাদৰী, দহিকতৰা, কাৰবালা, কেতেকী, নৱমল্লিকা আদি। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -



মহেন্দ্র মােহন চৌধুৰী: Mohendra Mohan Choudhury

মহেন্দ্র মােহন চৌধুৰী অসমৰ প্রাক্তন মুখ্যমন্ত্রী আৰু প্রবীণ স্বাধীনতা সংগ্রামী। ১৯০৯ চনৰ ১২ এপ্রিলত জন্ম গ্রহণ কৰা মহেন্দ্র মােহন চৌধুৰীয়ে ছাত্ৰ অৱস্থাতে কেইবাবাৰাে কাৰাবৰণ কৰিবলগীয়া হয়। মহেন্দ্র মােহন চৌধুৰী ১৯৭০ চনৰ ১১ নবেম্বৰৰ পৰা ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে অসমৰ মুখ্যমন্ত্রী থকাৰ উপৰিও পাঞ্জাৱৰ ৰাজ্যপালও আছিল। বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত মহেন্দ্র মােহন চৌধুৰীৰ দেহাৱসান ঘটে ১৯৮২ চনৰ ২৭ ডিচেম্বৰত। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ৰাধানাথ চাংকাকতি: Radhanath Changkakoti

ৰাধানাথ চাংকাকতি অসমৰ প্রথম সাদিনীয়া সংবাদ পত্র ‘টাইমছ অৱ আছাম’ৰ প্ৰতিষ্ঠাপক তথা সম্পাদক। মৃত্যুৰ সময়লৈ সম্পাদক পদত থকা ৰাধানাথ চাংকাকতি ১৮৮৫ চনত পুণাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছত অসমৰ প্রতিনিধিত্ব কৰিছিল। ডিব্ৰুগড় পৌৰসভাৰ প্রথম বেচৰকাৰী সভাপতি ৰাধানাথ চাংকাকতি ডিব্ৰুগড়ৰপৰা প্ৰকাশিত মাহেকীয়া আলােচনী ‘অসমীয়া’ৰ কিছুকাল সম্পাদক আছিল। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ৰুদ্ৰ বৰুৱা: Rudra Baruah

বিশিষ্ট সংগীতজ্ঞ ৰুদ্ৰ বৰুৱাৰ জন্ম পুৰণি গুদামত। ৰুদ্ৰ বৰুৱা অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সঞ্চালক আছিল। সৰুৰেপৰা সুৰ আৰু গীত ৰচনা কৰা ৰুদ্ৰ বৰুৱাই দুখনমান অসমীয়া ছবিৰ সংগীত, পৰিচালক আছিল। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ময়িদুল ইছলাম বৰা: Moidul Islam Bora

ময়িদুল ইছলাম বৰা লণ্ডন বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্রী লাভ কৰা প্রথম অসমীয়া। ১৮৯৯ চনত শিৱসাগৰত জন্ম গ্রহণ কৰা ময়িদুল ইছলাম বৰাৰ গৱেষণাৰ বিষয় আছিল “দি লাইফ এণ্ড ৱৰ্ক অৱ হাছান ডিহলাভী”। ময়িদুল ইছলাম বৰাৰ প্রকাশিত পুথি হৈছে “বাহাৰি স্থানে গাইৰি” (অনুবাদ) “My first Reader", My second Reader” আদি। ১৯৪০ চনত অসম সাহিত্য সভাৰ যােৰহাট অধিৱেশনৰ সভাপতি ময়িদুল ইছলাম বৰাৰ মৃত্যু হয় ১৯৪৪ চনত।


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

মেদিনী চৌধুৰী: Medini Choudhury

মেদিনী চৌধুৰী এজন বিশিষ্ট ঔপন্যাসিক তথা গল্পকাৰ। ১৯২৮ চনৰ ৩১ মার্চত কামৰূপ জিলাৰ গােৰেশ্বৰৰ ৰামছাত জন্ম মেদিনী চৌধুৰীৰ প্রকাশিত পুথি হৈছে ‘বণুকাবেহাৰ’, ‘যাদুঘৰৰ কীর্তিমুখ', ‘জপনা’, 'অৰণ্য আদিম’, লুইত বৰাক আৰু ইছলাম, ‘অনন্য প্রান্তৰ’। 'তাত নদী নাছিল’, নামৰ উপন্যাসখনৰ বাবে মেদিনী চৌধুৰীয়ে ১৯৮৬ চনত অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰে। মেদিনী চৌধুৰীয়ে বিপন্ন সময়ৰ বাবে ১৯৯৯ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

আনন্দৰাম বৰুৱা: Anandaram Baruah

আনন্দৰাম বৰুৱা অসমৰ প্রথম স্নাতক, বেৰিষ্টাৰ আৰু আই,ডি,এছ। আনন্দৰাম বৰুৱাৰ জন্ম ১৮৫০ চনৰ ১৩ মে'ত উত্তৰ গুৱাহাটীত। আনন্দৰাম বৰুৱাৰ প্রকাশিত গ্রন্থ হৈছে- এ প্রেক্টিকেল ইংলিচ সংস্কৃত ডিক্‌চনেৰী, ভৱভূতিজ, মহাবীৰ চৰিতম, ভৱভূতি এণ্ড হিজ প্লেচ ইন সংস্কৃত, হায়াৰ সংস্কৃত গ্রামাৰ 'নানার্থ সংগ্রহ' নামৰ বৃহৎ সংস্কৃত ব্যাকৰণ। আনন্দৰাম বৰুৱা, এই বিশিষ্ট সংস্কৃত পণ্ডিতজনৰ ১৮৮৯ চনৰ ১৯ জানুৱাৰীত মৃত্যু হয়। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

অনন্ত কন্দলী: Ananta Kandali

অনন্ত কন্দলী শঙ্কৰদেৱৰ সমসাময়িক এজন প্রখ্যাত কবি। অনন্ত কন্দলীৰ জন্ম হাজোত, অনুমানিক ১৫২০ চনত। পিতৃদত্ত নাম হৰিচৰণ। তর্কত পাণ্ডিত্য লাভ কৰি অনন্ত কন্দলী নাম পায়। পাছলৈ অনন্ত কন্দলীদেৱ শ্রীচন্দ্রভাৰতী, ভাগৱত ভট্টাচার্য উপাধিৰে বিভূষিত হয়। সাহিত্য কৃতি: কাব্য- কুমাৰহৰণ, বৃত্রাসুৰ বধ, মহীৰাবণ বধ। নাটঃ সীতাৰ পাতাল প্ৰৱেশ আদি। অনন্ত কন্দলী মাধৱ কন্দলীৰ দ্বাৰা প্ৰভাৱিত হৈ ৰামায়ণ ৰচনা আৰু শঙ্কৰদেৱৰ নিৰ্দেশত ভাগৱতৰ মধ্য আৰু শেষ দশমৰ অনুবাদ কৰিছিল। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

অতুল চন্দ্র হাজৰিকা: Atul Chandra Hazarika

অতুল চন্দ্র হাজৰিকাৰ জন্ম ১৯০৩ চনত। অতুল চন্দ্র হাজৰিকা একেৰাহে কবি, শিশুসাহিত্যিক, নাট্যকাৰ, শিক্ষাব্রতী। ১৯৫৯ চনত অসম সাহিত্য সভাৰ সভাপতি হয়। অতুল চন্দ্র হাজৰিকাই 'মঞ্চলেখা’ৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। প্রকাশিত কবিতা পুথি-মণিমালা, পাঞ্চজন্য, মুকুতামালা, মনমাধুৰী, মণিকূট, তপােবন, নাটক-নৰকাসুৰ, বেউলা, কনৌজ কুঁৱৰী, শকুন্তলা, ছত্রপতি শিবাজী, অশ্রুতীর্থ, মর্জিয়ানা, কুৰুক্ষেত্র। শিশু-সাহিত্য-ঈছপৰ সাধু, ল’ৰাৰ জাতক, কথা দশম, অপেশ্বৰীৰ দেশ, কথা কীৰ্ত্তন, ৰামায়ণৰ ৰহঘৰা আদি। পদ্মশ্রী, সাহিত্যাচার্য উপাধি লাভ। অতুল চন্দ্র হাজৰিকাই ১৯৮৬ চনত মৃত্যু বৰণ কৰে। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

অমূল্য বৰুৱা (১৯২২-১৯৪৬): Amulya Baruah

অসমীয়া কবিতাৰ গতানুগতিকতাক পৰিহাৰ কৰি প্রগতিবাদৰ প্রথম কবিতা কৰোতাসকলৰ ভিতৰত কবি-সাহিত্যিক অমূল্য বৰুৱা আছিল অগ্রগণী। অমূল্য বৰুৱাৰ প্রগতিবাদী প্রথম কবিতাটো হ’ল ‘কয়লা'। ইয়াৰ উপৰি কুকুৰ, বেশ্যা, আন্ধাৰৰ হাহাকাৰ আদি অমূল্য বৰুৱাৰ প্রখ্যাত কবিতা।


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

অম্বিকাগিৰি ৰায় চৌধুৰী (১৮৮৫-১৯৬৭): Ambikagiri Rai Choudhury

অম্বিকাগিৰি ৰায় চৌধুৰীৰ জন্ম হয় বৰপেটাৰ ৰায়পাৰাত। অম্বিকাগিৰি ৰায় চৌধুৰী একেধাৰে কবি, নাট্যকাৰ আৰু দেশপ্রেমিক। জাতীয় আন্দোলনত যােগদান কৰি অম্বিকাগিৰি ৰায় চৌধুৰীয়ে কাৰাবাস খাটিবলগীয়া হয়। এখেতে ‘অসম সংৰক্ষিনী সভা' আৰু ‘অসম জাতীয় মহাসভা প্রতিষ্ঠা কৰে।অম্বিকাগিৰি ৰায় চৌধুৰীৰ উল্লেখযােগ্য ৰচনা সমূহ হল- তুমি কাব্য, আহুতি, জয়দ্রথ বধ, বীণা, অনুভূতি, বন্দো কি ছন্দেৰে, বেদনাৰ উল্কা। অম্বিকাগিৰি ৰায় চৌধুৰীক ‘অসম কেশৰী’ বুলি কোৱা হয়। ১৯৫০ চনত অম্বিকাগিৰি ৰায় চৌধুৰী অসম সাহিত সভাৰ সভাপতি হয়। অম্বিকাগিৰি ৰায় চৌধুৰী ‘চেতনা' আৰু ডেকা অসমৰ সম্পাদক আছিল। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

অমলপ্রভা দাস: Amalprabha Das

বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা প্ৰথম গৰাকী অসমীয়া নাৰী আছিল অমলপ্রভা দাস। ১৯১১ চনৰ নৱেম্বৰ মাহত জন্ম লাভ কৰা অমলপ্রভা দাসৰ পিতৃ আছিল কর্মযােগী আখ্যা পােৱা ডাঃ হৰেকৃষ্ণ দাস। আৰু মাতৃ হেম প্রভা দাস। নৈতিক আদৰ্শৰে প্রভাবান্বিতা অমলপ্রভাই ১৯৩৯ চনত মাতৃ হেম প্রভাৰ সৈতে গান্ধীজীৰ সংস্পৰ্শলৈ আহে। পিছলৈ গান্ধীজীৰ প্রিয় শিষ্যা হৈ পৰা অমল প্রভাই আজীৱন দেশ সেৱাকে ব্রত হিচাপে গ্ৰহণ কৰিছিল। অসমত বুনিয়াদী শিক্ষাৰ ভেটি স্থাপন কৰাত অমলপ্রভা দাসৰ নাম প্রথমেই স্মৰণীয়। পিতৃয়ে দান কৰা মাটিত ১৯৪৬ চনৰ ৯ জানুৱাৰীত অমলপ্রভা দাসে কস্তুৰবা স্মাৰক নিধি আঁচনিৰ বিদ্যালয়খন আৰম্ভ কৰে আৰু মহাত্মা গান্ধীয়ে এই বিদ্যালয়খন উদ্বোধন কৰে। ব্যক্তিগত জীৱনত ত্যাগ আৰু সেৱাৰ মহান আদর্শ অনুসৰণ কৰা অমল প্রভা দাস ১৯৯৪ চনত ৩০ ডিচেম্বৰত পৰলােকগামী হয়। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

আব্দুল মজিদ (১৮৬৭-১৯২৪): Abdul Majid

অসমীয়াৰ ভিতৰত পোন প্রথম কলিকতা হাইকোর্টৰ বিচাৰক নিযুক্ত হােৱা আব্দুল মজিদ চাহেবে কলিকতাত কিছুদিন বেৰিষ্টাৰী কৰি থকা অৱস্থাত ‘অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা' আৰু অসমীয়া চাতৰৰ সাহিত্যচর্চাৰ সভা' - এই দুয়োখনি সভাৰ যােগেদি নিস্বার্থভাৱে অসমীয়া জাতি, ভাষা আৰু সাহিত্যৰ কেনেকৈ উন্নতি হয় তাৰ বাবে যত্ন কৰিছিল। আব্দুল মজিদে 'নিম্ন প্রাইমেৰী পাঠ' নামৰ দুখনি অসমীয়া স্কুলীয়া পুথিও লিখিছিল। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

মামনি ৰয়চম গােস্বামী: Mamoni Raisom Goswami

যিসকল অসমীয়া মহিলাই শিক্ষা আৰু সাহিত্যৰে অসমীয়া জনমানসক সর্বভাৰতীয় পর্যায়ত প্রতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে তেওঁলােকৰ ভিতৰত মামনি ৰয়চম গােস্বামী অন্যতম। অসাধাৰণ প্রতিভাৰ অধিকাৰিণী এইগৰাকী লেখিকা দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ মূৰব্বী অধ্যাপিকা। তুলসীদাসৰ ৰাম চৰিত মানসক লৈ মামনি ৰয়চম গােস্বামীয়ে কৰা গৱেষণা পত্রই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। অসংখ্য লিখনীৰে অসমীয়া সাহিত্যক চহকী কৰা মামনি ৰয়চম গােস্বামীৰ উপন্যাস, চিনাবৰ সোঁত, নীলকণ্ঠী ব্রজ, অহিৰণ, মামৰে ধৰা তৰােৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে খােৱা হাওদা, সংস্কাৰ আৰু উদয়ভানুৰ চৰিত্র ইত্যাদি। মামনি ৰয়চম গােস্বামীৰ গল্পপুথি হৈছে- চিনাকি মৰম, কইনা, হৃদয় এক নদীৰ নাম আৰু আত্মজীৱনীমূলক উপন্যাস আধালেখা দস্তাবেজ। মামনি ৰয়চম গােস্বামীয়ে অসম সাহিত্যসভা বঁটা, সাহিত্য একাডেমী বঁটা, ভাৰত নির্মাণ বটা, সৌহার্দ্য বঁটা, কথা পুৰস্কাৰ, কর্ণাটক সংঘ সন্মান, কমল কুমাৰী ফাউণ্ডেচন বঁটা আদি অসংখ্য সন্মানেৰে বিভূষিত হৈছে। মামনি ৰয়চম গােস্বামীৰ দঁতাল হাতীৰ উঁয়ে খােৱা হাওদা উপন্যাসৰ ভিত্তিত নির্মিত চলচ্চিত্র অদাহ্য দেশে-বিদেশে খ্যাতি অর্জন কৰে। মামনি ৰয়চম গােস্বামীয়ে ২০০০ চনৰ ভাৰতীয় 'জ্ঞানপীঠ বঁটাও লাভ কৰে। তেওঁ ২০০৫ বৰ্ষত আলফা চৰকাৰৰ মাজত আলােচনাৰ মধ্যস্থতাকাৰী হিচাপে দায়িত্ব পালনো কৰে। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

যাদুৰাম ডেকা বৰুৱা: Jaduram Deka Baruah

যাদুৰাম ডেকা বৰুৱাৰ জন্ম ১৮০১ চনত। যাদুৰাম ডেকা বৰুৱা অসমীয়া ইংৰাজী অভিধান প্রণেতা। 

অভিধানখন অৱশ্যে ছপা হৈ নুঠিল। সমাচাৰ চন্দ্রিকা আৰু সমাচাৰ দৰ্পণৰ নিয়মীয়া লিখক আছিল। যাদুৰাম ডেকা বৰুৱাৰ মৃত্যু ১৮৬৯ চনত।


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

যজ্ঞেশ্বৰ শৰ্মা: Jagyashar Sharma

যজ্ঞেশ্বৰ শৰ্মাৰ জন্ম ১৯০৮ চনত। যজ্ঞেশ্বৰ শৰ্মা ১৯৭৬ চনত অসম সাহিত্য সভাৰ সভাপতি আছিল। যজ্ঞেশ্বৰ শৰ্মা আছিল প্রসিদ্ধ সাহিত্য সমালােচক; শিক্ষাবিদ, কবি। যজ্ঞেশ্বৰ শৰ্মাৰ প্রকাশিত পুথি হৈছে- সাহিত্য আৰু সংস্কৃতিৰ প্রবাহ লেফাফা, কবিতাৰ পুথি-শতপত্র। যজ্ঞেশ্বৰ শৰ্মাৰ মৃত্যু হয় ১৯৯৮ চনত। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ৰাধা গােবিন্দ বৰুৱা: Radha Gobindra Baruah

ৰাধা গােবিন্দ বৰুৱাৰ জন্ম হয় ১৯০০ চনত। আধুনিক অসমৰ সংবাদ সেৱা, ক্রীড়া, সংস্কৃতি, উদ্যোগ আদি ক্ষেত্ৰত ৰাধা গােবিন্দ বৰুৱা খনিকৰস্বৰূপ। ৰাধা গােবিন্দ বৰুৱা ‘আসাম ট্রিবিউন' গােষ্ঠী কাকতসমূহৰ প্রতিষ্ঠাতা। ৰাধা গােবিন্দ বৰুৱা গুৱাহাটী পৌৰ নিগমৰ প্রথম মেয়ৰ আছিল। গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম ৰাধা গােবিন্দ বৰুৱাৰেই অৱদান বুলি কব পাৰি। ৰাধা গােবিন্দ বৰুৱাৰ মৃত্যু হয় ১৯৭৭ চনত। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ৰমা দাস: Roma Das

ৰমা দাস ১৯০৯ চনত বৰপেটাত জন্ম। ৰমা দাস আৱহন যুগৰ বিশিষ্ট গল্প লেখক। আধুনিক অসমীয়া গল্পত ৰােমান্টিক ভাৱধাৰাৰ প্রৱর্তক। ৰমা দাসৰ প্রকাশিত গল্পৰ পুথিসমূহ হল-অচল টকা, ৰমা দাসৰ শ্রেষ্ঠ গল্প ইত্যাদি। ৰমা দাসৰ মৃত্যু ১৯৮১ চনত। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ৰবীন দে: Robin Dey

ৰবীন দে ১৯২১ চনত নাজিৰাত জন্ম। ৰবীন দে অসমীয়া সাহিত্যত 'ৰংমন' নামেৰে পৰিচিত। ৰবীন দে ৰহস্যমূলক শিশু সাহিত্যৰ বাটকটীয়া। 'দস্যু ভাস্কৰ' নামৰ সর্বজন পঠিত চিৰিজৰ লেখক। ডাকু, পৱন কোঁৱৰ, পর্বতৰ ৰিঙণি ইত্যাদি ৰবীন দেৰ অন্যান্য গ্রন্থ। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ৰমণী গাভৰু: Romoni Gabhoru

আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজকুমাৰী ৰমণী গাভৰুৰ প্রকৃত নাম আছিল ‘নাংচেন গাভৰু'। ৰমণী গাভৰুক মীৰজুমলাৰ লগত হােৱা সন্ধি অনুসৰি ঔৰংগজেৱেৰ তৃতীয় পুত্র বংগৰ শাসনকর্তা মহম্মদ আজম ওৰফে আজতৰালৈ বিয়া দিয়ে। বিয়াৰ পাছত ৰমণী গাভৰুৰ নাম হয় ৰহস্য বাণু বেগম। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

অৰুণ শৰ্মা: Arun Sharma

অৰুণ শৰ্মাৰ জন্ম শােণিতপুৰ জিলাৰ ঘাঁহি গাঁৱত। বৰঙাবাৰী এম, চি, ডি প্রধান হাইকুলত সহকাৰী শিক্ষকৰূপে চাকৰি জীৱন আৰম্ভ কৰা অৰুণ শৰ্মাই ‘দ্য আছাম ট্রিবিউন'ত ‘চাব এডিটৰ হিচাপেও কাম কৰে। অৰুণ শৰ্মা আকাশবাণী ডিব্ৰুগড় কেন্দ্রৰ সঞ্চালক আছিল। অৰুণ শৰ্মা নাট্যকাৰ হিচাবে প্রসিদ্ধি লাভ কৰিলেও অৰুণ শৰ্মা এজন উপন্যাসিকো। নিবাৰণ ভট্টাচার্য্য, কুকুৰ নেছীয়া মানুহ, আহাৰ, আদি জনপ্রিয় নাট। উপন্যাস “আশীর্বাদৰ ৰং’ৰ বাবে ' ১৯৯৮ চনত অৰুণ শৰ্মাই সাহিত্য অকাডেমী বঁটা লাভ কৰে। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

আজলীতৰা নেওগ: Ajalitora Neog

১৯১৩ চনত জন্ম গ্রহণ কৰা আজলীতৰ নেওগ আছিল প্রবীণ সাহিত্যিক বেণুধৰ ৰাজখোৱাৰ জীয়াৰী আৰু ইন্দ্রধনু কবি স্বর্গীয় ডিম্বেশ্বৰ নেওগ ডাঙৰীয়াৰ সুযােগ্যা পত্নী। যি সময়ত আমাৰ শিশু সাহিত্য একেবাৰে নিঃকিন আছিল সেই সময়ত আজলীতৰা নেওগৰ 'অৰবীয় আৰু অন্যান্য সাধুমালা' আৰু 'অসম গৌৰৱ সাহিত্য জীৱনী মালা’ ই বিশেষ অভাৱ পূৰ কৰিছিল। ভৰ বয়সতে শ্ৰীমতী আজলীতৰা নেওগৰ মৃত্যু হয়। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

আদ্য শর্মা: Aadya Sharma

অসমৰ শিল্পজগতৰ এগৰাকী নীৰৱ কৰ্মী আদ্য শর্মাৰ ঘৰ আৰু কর্মস্থলী নলবাৰী। নাটকত কাৰিকৰী কৌশলৰ জনক আৰু সেইবােৰ ব্যৱহাৰৰ নিপুন শিল্পী আদ্য শৰ্মাই কহিনুৰ থিয়েটাৰৰ আলােড়ন সৃষ্টিকাৰী টাইটেনিক নামৰ নাটখনিৰ সাফল্যৰ মূল ব্যক্তি। ভ্রাম্যমান নাট্যদলৰ জন্মৰ আগৰেপৰাই মঞ্চ আৰু নাটকৰ সৈতে জড়িত আদ্য শর্মাই নিজস্ব উদ্ভাবনী শক্তিৰে মঞ্চৰ কাৰিকৰী দিশত প্রত্যেক বছৰেই চমকৰ সৃষ্টি কৰি আহিছে। আদ্য শর্মাই নাটকৰ কাৰিকৰী দিশৰ উন্নতি সাধনৰ উপৰিও নতুন পুৰুষক চিত্রশিল্পৰ ক্ষেত্রলৈ আগবঢ়াই নিয়াত উল্লেখযােগ্য ভূমিকা পালন কৰিছে। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী আদ্য শর্মা, এইগৰাকী কলা- কৌশলী শিল্পী প্রচাৰবিমুখ আৰু নীৰৱ শিল্পী যাৰ বাবে কর্মই জীৱনৰ ধৰ্ম। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ৰাজবালা দাস: Rajwala Das

যিসকলৰ অক্লান্ত চেষ্টা আৰু সীমাহীন ত্যাগৰ বিনিময়ত আমি স্বাধীনতা লাভ কৰিলো। সেইসকলৰ অন্যতম হল 'ৰাজবালা দাসদাস’।১৮৯২ চনত জন্ম লাভ কৰা ৰাজবালা দাসে কৰা অহােপুৰুষার্থৰ বাবেই কটন কলেজ ছাত্রীসকলেও শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰে। ৰাজবালা দাসৰ অৱদান সন্দিকৈ ছােৱালী মহাবিদ্যালয় স্থাপনতো অনবদ্য। অসমত নাৰী জাগৰণৰ এগৰাকী মূল হােতা ৰাজবালা দাস আছিল কৰ্মৰ পূজাৰিণী। স্ত্রী শিক্ষা আৰু স্ত্রী জাগৰণেৰে ৰাজবালা দাসে সমাজ সেৱিকাৰ অগ্রণী ভূমিকা পালন কৰিছিল। সন্দিকৈ ছােৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপিকা অধ্যাপিকাৰূপে শিক্ষা ক্রীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত মহাবিদ্যালয়খনক আগবঢ়াই কৃতিত্ব সভাত সহায় কৰা শ্ৰীমতী দাসৰ মৃত্যু হয় ১৯৮৫ চনত।


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ৰজনীকান্ত বৰদলৈ (১৮৬৮-১৯৩৯ ) : Rajanikanta Bordoloi

ৰজনীকান্ত বৰদলৈ অসমীয়া উপন্যাস সম্রাটৰূপে পৰিচিত। ১৯২৫ চনত ৰজনীকান্ত বৰদলৈ অসম সাহিত্য সভাৰ সভাপতি হয়। ৰজনীকান্ত বৰদলৈ জোনাকী যুগৰ অন্যতম সাহিত্যিক। ৰজনীকান্ত বৰদলৈয়ে লিখা উপন্যাসবােৰ হ'ল- মনোমতী, মিৰিজীয়ৰী, ৰঙ্গিলী, ৰহদৈ, লিগিৰী, তাম্ৰেশ্বৰী মন্দিৰ আদি। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ৰাধাকান্ত সন্দিকৈ: Radhakanta Handique

ৰাধাকান্ত সন্দিকৈ অসমৰ এগৰাকী বিশিষ্ট চাহ খেতিয়ক আৰু সমাজসেৱক। ১৮৪৭ চনত যােৰহাটত জন্ম ৰাধাকান্ত সন্দিকৈয়ে তেওঁৰ পুত্র চন্দ্রকান্তৰ অকাল বিয়ােগ হােৱাত পুত্ৰৰ স্মৃতি ৰক্ষার্থে দিয়া দানেৰে যােৰহাটৰ অসম সাহিত্য সভাৰ মুখ্য কার্যালয় স্থাপন কৰা হয় আৰু চন্দ্রকান্ত অভিধান প্রকাশ কৰা হয়। 'পদার্থ বিজ্ঞান' আৰু 'মূলাগাভৰুৰ গীত' নামৰ দুখন কিতাপ ৰচনা কৰে। ৰাধাকান্ত সন্দিকৈ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ পিতৃ আছিল। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

আত্মাৰাম শৰ্মা: Aatmaram Sharma

আত্মাৰাম শৰ্মা নগাঁৱৰ কলিয়াবৰত জন্ম। আত্মাৰাম শৰ্মাই খ্ৰীষ্টিয়ান ধর্ম গ্রহণ কৰে। বাইবেলৰ অসমীয়া অনুবাদ ‘ধর্মপুস্তক' লিখি ১৯১৩ চনত ছপা কৰি উলিয়ায়। এইখনেই অসমীয়া ভাষাৰ প্রথম ছপা কিতাপ।


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ইন্দিৰা মিৰি: Indira Miri

গুৱাহাটীৰ শিলপুখুৰীত ১৯১০ চনত জন্মলাভ কৰা ইন্দিৰা মিৰি আছিল অসমৰ শিক্ষা জগতৰ এগৰাকী নক্ষত্র স্বৰূপা নাৰী। ইন্দিৰা মিৰিৰ পিতৃৰ নাম স্বর্গীয় সোণাধৰ সেনাপতি। কলিকতাৰ স্কটিচ চার্চ কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰি ইন্দিৰা মিৰিয়ে উচ্চ শিক্ষাৰ বাবে স্কটলেণ্ডলৈ যায় আৰু তাতে শিক্ষাৰ স্নাতক (বি.এড, ) হৈ স্বদেশলৈ প্রত্যাবর্তন কৰে। নিজে এগৰাকী প্ৰতিভাশালিনী, শিক্ষাবিদ হােৱা বাবেই অসমৰ শিক্ষাৰ অগ্ৰগতিত ইন্দিৰা মিৰিয়ে আগভাগ লৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ পিছপৰা অঞ্চলসমূহত স্কুল কলেজ প্রতিষ্ঠা কৰি শিক্ষাৰ পােহৰ বিলােৱাৰ অকুণ্ড প্রচেষ্টাৰ বাবে ইন্দিৰা মিৰিৰ জীৱন্ত কিংবদন্তি পৰিণত হৈছে। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ইন্দিবৰ বৰুৱা: Indibor Baruah

ইন্দিবৰ বৰুৱা হৈছে হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱাৰ সমসাময়িক এজন অসমীয়া লেখক। ১৮২৪ চনত জন্ম আৰু ১৯২৪ চনত মৃত্যু হয়। নীলাকুমুদ বৰুৱা নামেৰে "জীৱনাদর্শ” (১৮৯১) নামৰ এখন জীৱনী পুথি লিখিছিল। মণিৰাম দেৱানৰ জোৱায়েক আছিল ইন্দিবৰ বৰুৱা। 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ইন্দ্ৰেশ্বৰ বৰঠাকুৰ (১৮৮৭-১৯৬১): Indreswar Borthakur

ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ জন্ম শিৱসাগৰত। ইন্দ্ৰেশ্বৰ বৰঠাকুৰ কবি, আৰু নাট্যকাৰ হিচাবে প্রখ্যাত। ৰচিত কবিতা পুথি- চন্দ্র মল্লিকা, বনজুই। নাটক—শ্রীবংসস্তচিন্তা। গুদপূর্থি–সমর্পণ । 


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

ইমৰান শ্বাহ: Imran Shah

ইমৰান শ্বাহ অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰসিদ্ধ গল্পকাৰ, শিক্ষাবিদ। ইমৰান শ্বাহৰ জন্ম ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰত। শিৱসাগৰৰ পৰা প্রকাশিত সাদিনীয়া সংবাদপত্র “সােৱণশিৰী"ৰ সম্পাদক (১৯৯৪)। ইমৰান শ্বাহৰ প্রকাশিত পুথিঃ “পিয়ামুখ চন্দ”, “বন্দী বিহংগমে কান্দে", আদি। ১৯৯৭ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ।


অসমৰ বিশিষ্ট ব্যক্তি - অসমৰ বিখ্যাত কবি সাহিত্যিক - অসমৰ মহান ব্যক্তি -

কনকলতা বৰুৱা: Kanaklata Baruah

ভাৰতৰ বাধীনতা আন্দোলত প্রাণ আহুতি দিয়া কনকলতা বৰুৱা আছিল এগৰাকী প্রকৃত বীৰাংগনা। ১৯২৭ চনত শোণিতপুৰ জিলাৰ বৰঙাবাৰীত সাধাৰণ কৃষক কৃষ্ণকান্ত বৰুৱা আৰু কনকেশ্বৰী বৰুৱাৰ ঘৰত জন্ম লাভ কৰা কনকলতা বৰুৱা, মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ এগৰাকী সক্রিয় কৰ্মী আছিল। ভাৰতৰপৰা বৃটিছৰ বিদেশী শাসন আতৰাই স্বাধীনতা পুনৰ লাভৰ স্বপ্ন দেখা কনকলতা বৰুৱাই ১৯৪২ চনৰ ২৩ চেপ্তেম্বৰত গহপুৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ যোৱা সমদলৰ নেত্রীত্ব দি বৃটিছৰ গুলী বুকু পাতি লৈছিল। ইউৰােপীয় দেশপ্রেমিকা জোৱান আৰ্কৰ দৰে ফুলকুমলীয়া বয়সতে অসীম সাহস আৰু অমৰ দেশপ্ৰেমৰ চানেকি দিয়া কনকলতা বৰুৱাৰ কাহিনী প্রত্যেক ভাৰতীয়ই গৌৰৱেৰে স্মৰণ কৰা উচিত। 





Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.