দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
দশম শ্রেণীৰ সমাজ বিজ্ঞান অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন |
দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ প্রশ্ন উত্তৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Economics Chapter 2 Question Answer in Assamese Class 10 Social Science Question Answer Notes SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer Social Science Class 10 Question Bank Solution Economics Question Answer In Assamese Suggestion book Social Science book download Pdf
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ অধ্যায় - ২ অর্থনৈতিক উন্নয়ন
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
অতি চমু উত্তৰৰ প্রশ্ন
(ক) অর্থনৈতিক বিকাশ
উত্তৰঃ অর্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমুৰি আয় বৃদ্ধি।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
(খ) অর্থনৈতিক উন্নয়ন
উত্তৰঃ দেশৰ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ মাধ্যমেৰে উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰে অর্থনৈতিক উন্নয়ন বুলি কোৱা হয়।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
(গ) মান উন্নয়ন
উত্তৰঃ মানব উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হােৱাটো বুজায়।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
(ঘ) অর্থনৈতিক পৰিকল্পনা
উত্তৰঃ নির্ধাৰিত এছােৱা সময়ৰ ভিতৰত কেতবােৰ সুনির্দিষ্ট লক্ষ্যত উপনীত , হােৱাৰ উদ্দেশ্যে এক কেন্দ্রীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্রণ আৰু দিগদর্শনেই হল অর্থনৈতিক পৰিকল্পনা।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
(ঙ) গণতান্ত্রিক পৰিকল্পনা
উত্তৰঃ যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পর্যায়ত ৰাইজৰ অংশগ্রহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হল গণতান্ত্রিক পৰিকল্পনা।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
(চ) উদাৰীকৰণ
উত্তৰঃ দেশৰ আর্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্রৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল উদাৰীকৰণ।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
(ছ) ব্যক্তিগতকৰণ
উত্তৰঃ চৰকাৰী নিয়ন্ত্রণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হল ব্যক্তিকৰণ।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
(জ) গােলকীকৰণ বা বিশ্বায়ন
উত্তৰঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযােগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হল গােলকীকৰণ বা বিশ্বায়ন।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
চমু উত্তৰৰ প্রশ্ন
২। অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ দুটা প্রধান পার্থক্য উল্লেখ কৰা।
উত্তৰঃ যেতিয়া বর্ধিত জনমূৰি আয়ৰ বৃহৎ অংশটো মুঠ জনসংখ্যাৰ নগণ্য অংশ এটাৰ হাতত কেন্দ্রীভূত হয় আৰু সৰু অংশ এটা জনসংখ্যাৰ বৃহৎ অংশটোলৈ যায়। তেতিয়া অর্থনৈতিক বিকাশ হৈছে বুলি ক'লেও অর্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব লােৱাৰি। অর্থাৎ জাতীয় আয় বৃদ্ধিৰ ফলত চহকী আৰু দুখীয়া শ্ৰেণীৰ মাজত ব্যৱধান বৃদ্ধি হলে অর্থনৈতিক বিকাশৰ ফলত এচাম লােকহে উপকৃত হ'ব আৰু অধিকাংশ লােকেই বিকাশৰ সুফলৰ পৰা বঞ্চিত হব লাগিব। যি অর্থনৈতিক বিকাশৰ প্রক্রিয়াত জাতীয় আয় বৃদ্ধিকেই অধিক গুৰুত্ব দিয়া হয় আৰু আয় বিতৰণৰ প্রসংগটোরে গুৰুত্ব নাপায় সেই বিকাশে প্ৰকৃততে অর্থনৈতিক উন্নয়নক নুবুজায়। অর্থনৈতিক বিকাশৰ অৰ্থ সীমিত, অর্থনৈতিক উন্নয়নৰ অৰ্থ বহূল। অর্থনৈতিক বিকাশ হলেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নােৱাৰি কিন্তু অর্থনৈতিক উন্নয়ন হব লাগিলে অর্থনৈতিক বিকাশ হব লাগিব। অর্থনৈতিক বিকাশ অর্থনৈতিক উন্নয়নৰ অংশ মাত্র।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৩। মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?
উত্তৰঃ মানৱ উন্নয়নৰ তিনিটা সূচক হৈছে—প্রত্যাশিত আয়ু, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৪। সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা।
উত্তৰঃ বাস্তৱিকততে মানৱ উন্নয়নে জনসাধাৰণৰ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হােৱাটো বুজায়। বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দ অথবা ভাল-বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নির্ণয় কৰা হয়। ওপৰত উল্লিখিত তিনিটা সূচক হল এই পছন্দৰ মুল, কথা। মানব উন্নয়নৰ মধ্যবিন্দু হল জনসাধাৰণ, কাৰিকৰী সূত্র বা ধাৰণাসমূহ নহয়। অর্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পার্থক্য হল এয়ে যে অর্থনৈতিক বিকাশে কেৱল মাত্র এটা পছন্দৰ উল্লেক কৰিছে আৰু সেইটো হৈছে আয় কিন্তু মানৱ উন্নয়নৰ ধাৰণাটোৱে সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে।এই সমষ্টিগত পছন্দই অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লৈছে। দেশ। এখন প্রকৃত সম্পদ হল দেশখনৰ জনসাধাৰণ আৰু সেয়ে পণ্য উৎপাদনৰ ওপৰতেই অধিক গুৰুত্ব প্রদান কৰিলে জনসাধাৰণৰ জীৱন। সমৃদ্ধ কৰাৰ লক্ষ্যটো বৈশিষ্ট্যহীন হৈ পৰিব—মানৱ উন্নয়নৰ ধাৰণাটোৰ এইটোৱেই মানুহৰ সামূহিক অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাত্ৰাৰ মান বৃদ্ধিত গুৰুত্ব আৰােপ কৰা ।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনি লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্য সমূহ হৈছে অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্রতৰক, আর্থ-সামাজিক বৈষম্য দূৰ কৰা, দৰিদ্রতা নিমূল কৰা, নিয়ােগ সা- সুবিধাসমূহ বৃদ্ধি কৰা, আঞ্চলিক বৈষম্য আঁতৰ কৰা, পৰিৱেশ দূষিতকৰণ ৰােধ কৰা, আত্মনিৰ্ভৰশীলতা অর্জন কৰা ইত্যাদি।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৬। NITI আয়ােগৰ সদস্যসকল কোন কোন?
উত্তৰঃ NITI আয়ােগৰ অধ্যক্ষ হল প্রধানমন্ত্রী। আয়ােগৰ অন্যান্য সদস্যসকল হ'ল। এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকল, চাৰি গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
দীঘল উত্তৰৰ প্রশ্ন
৭। ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ প্ৰথমছােৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয় (১৯৯১ ৰ পৰা বৰ্তমানলৈ) ৰ মাজত থকা এটা মূল পার্থক্য ব্যাখ্যা কৰা।
উত্তৰঃ ছয় দশকতকৈ অধিক সময় সামৰি লােৱা ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়ন ব্যাখ্যা দুটা ভাগত আগবঢ়াব পাৰি- প্রথমে ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনলৈ আৰু দ্বিতীয়তে ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ।
১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ সময়ছােৱাত ভাৰতীয় অর্থনীতিৰ উন্নয়ন। গুৰিবঠা ধৰিছিল ৰাজহুৱা খণ্ডই; ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ উল্লেখযােগ্য যে গুৰিৰে পৰা ভাৰতবৰ্ষৰ আর্থিক ব্যৱস্থাই হল মিশ্রিত আর্থিক ব্যৱস্থা যি আর্থিক ব্যৱস্থতি ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰুব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতবৰ্ষৰ ঔদ্যোগিক নীতিয়ে সমাজবাদী সমাজ প্রতিষ্ঠা কৰাটো এক প্রধান লক্ষ্য হিচাপে গ্রহণ কৰিছিল। স্বাভাৱিকতেই অর্থনৈতিক উন্নয়নত ৰাষ্ট্রৰ ভূমিকাই প্রাধান্য লাভ কৰিছিল।।
ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ দ্বিতীয়ছােৱাই ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈ সামৰি লৈছে। মন কৰবলগীয়া যে এই সময়ছােৱাত ভাৰতীয় অর্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধিত হল।উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গােলকীকণবা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্রাস পালে। এই তাৎপর্যপূর্ণ পৰিৱৰ্তনৰ তিনিটা মূল কাৰণ আছে। প্রথম, চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম। হােৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল । ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়ােগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লােকচান। ভৰিবলগীয়া হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহ ২৪৪ টা ৰাজহুৱা খণ্ডৰ লােকচান ভৰা। উদ্যোগৰ ভিতৰত ৫৮ টাইৰুগ্ন পৰিছিল।
দ্বিতীয়তে, প্রধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হােৱা মুদ্রাস্ফীতি বা সা সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লােকক বাৰুকৈয়ে জুৰুলা কৰিলে। তৃতীয়তে, ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ। উদ্বেগজনক হৈ পৰিছিল৷এনে এক দুর্যোগপূর্ণ সময়ত বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয় অর্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তন হ'ব লাগে। এনে এক পটভূমিতেই সেই সময়ত পি ভি নৰসিংহ ও নেতত্ত্বধীন কেন্দ্রীয় চৰকাৰে অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্রৱর্তন কৰিলে।এই কাৰ্যসূচীয়ে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গােলকীকৰণ বা বিশ্বায়নৰ কার্যসূচীক উদগনি যােগাইছিল।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৮৷ ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰৱর্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ তিনিটা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা হ'ল।
(ক) চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হােৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়ােগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লােকচান ভৰিবলগীয়া হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪ টা ৰাজহুৱা খণ্ডৰ লােকচান তৰা উদ্যোগৰ ভিতৰত ৫৮ টাই ৰুগ্ন হৈ পৰিছিল।
(খ) প্রধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হােৱা মুদ্রাস্ফীতি সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লােকক বাৰুকৈয়ে জুৰুলা কৰিলে।
(গ) ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াবহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰ পৰা মূলধনৰ বহির্গমণ হৈছিল।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৯। অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ তিনিটা সুফল উল্লেখ কৰা হল
(ক) অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে। প্রকৃততে ২০০৫-০৬, ২০০৬-০৭ আৰু ২০০৭-০৮ চনত বার্ষিক উন্নয়নৰ হাৰ আছিল যথাক্রমে ৯.৫ শতাংশ, ৯.৭ শতাংশ আৰু ৯.২ শতাংশ। ১৯৫১ চনৰে পৰা এতিয়ালৈকে ভাৰতীয় অর্থনীতি উন্নয়নৰ হাৰে পূর্বে এই উচ্চতা স্পর্শ কৰিব পৰা নাছিল। ২০০৯-১০ চনৰ পৰা ২০১২-১৩ চনলৈ গড় - হিচাপত বার্ষিক উন্নয়নৰ হাৰ আছিল ৬.৭ শতাংশ। শেহতীয়া অর্থনৈতিক সমীক্ষা অনুসৰি ২০১৩-১৪ চনত বার্ষিক উন্নয়নৰ হাৰ আছিল ৭.২ শতাংশ।
(খ) পাইকাৰি মূল্যসূচী পূর্বৰ তুলনাত হ্রাস হৈছে। অৱশ্যে খুচুৰা মূল্যসূচী সেই একে হাৰত কমি অহা নাই।
(গ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হােৱা বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। এই পৰিমাণ বর্তমান ৩২৮.৭ বিলিয়ন (১ বিলিয়ন ১০০ কোটি বা ১০০০ নিযুত) ডলাৰ হৈছে। এই জমাৰ পৰিমাণে ভাৰতবৰ্ষৰ অহা ৭ মাহৰ আমদানিৰ মূল্য সামৰি ল'ব। উল্লেখযােগ্য যে ১৯৯০-৯১ চনৰ ৰিজাৰ্ভ বেংকত জমা থকা এনে মুদ্রা মাত্র ১৫ দিনৰ আমদানিৰ বাবেহে যথেষ্ট আছিল।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১০। অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হােৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ অর্থনৈতিক সংস্কাৰ প্রৱর্তনৰ ফলত সৃষ্টি হােৱা অসুবিধাসমূহ হ'ল
(ক) এই সংস্কাৰ নীতিয়ে প্রতিযােগিতাৰ প্ৰসাৰ আৰু তীব্রতা দুয়ােটাই বৃদ্ধি কৰিছে। বিভিন্ন ধৰণৰ সা-সামগ্রী বজাৰলৈ আহিব ধৰিছে। এই প্রতিযােগিতা সুস্থ হ'ব লাগিলে। জনসাধাৰণৰ ক্রয় ক্ষমতাৰ পৰিমাণ বৃদ্ধি হ'ব লাগিব। পণ্যৰ প্রতি অতি আসক্তিয়ে ভােগবাদী অর্থনীতি সৃষ্টি কৰিলে সি নৈতিকতাৰ প্রতি এক ভাবুকি হ'ব পাৰে।
(খ) গােলকীকৰণৰ ফলত দেশখনে বা সমূহ জনসাধাৰণে নিজৰ পৰিচয় হেৰুৱাব নালাগিব। বজাৰকেন্দ্রিক অর্থনীতিয়ে যাতে দৰিদ্ৰসকলক বঞ্চিত কৰিব নােৱাৰে সেইটো নিশ্চিত কৰিবলৈ হলে সুপ্রশাসন ব্যৱস্থা এটা বাহাল থকাটো প্রয়ােজনীয়।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১১। অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ ছটা প্রধান লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাৰ প্রধান লক্ষাসমূহ আছিল—
(ক) দেশৰ উন্নতি উন্নতৰাজ্যসমূহৰ সম-পর্যায়লৈ আহিবলৈ অহা দুই-তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশলৈ বৃদ্ধি কৰা।
(খ) দৰিদ্ৰতা আৰু অর্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ।
(গ) শেহতীয়া প্রযুক্তিবিদ্যা আৰু বিজ্ঞান সন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা
(ঘ) দক্ষতা বৃদ্ধিৰ আঁচনিৰ জৰিয়তে স্ব-নিয়ােগৰ বাট মুকলি কৰা আৰু সেই মর্মে অতি ক্ষুদ্র ক্ষুদ্র আৰু মজলীয়া উদ্যোগ আৰু গাঁও অঞ্চলৰ পৰম্পৰাগত কুটিৰ শিল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা।
(ঙ) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অর্জন কৰা আৰু শক্তি পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্রযুক্তিবিদ্যা প্রয়ােগ কৰা।
(চ) অসমৰ মানৱ উন্নয়ন সূচকাংকৰ মান উৰ্ধ্বগামী কৰা আৰু সেই উদ্দেশ্যে স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিনিয়ােগৰ পৰিমাণ বৃদ্ধি কৰা যাতে শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাত আৰু শিক্ষক প্রশিক্ষণৰ বাবে পুঁজিৰ অভাৱ নহয়
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
অতিৰিক্ত প্রশ্ন:
১। কিমান চনত প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰা হয়?
উঃ ১৯৯০ চনত প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰা হয়।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
২। মানৱ উন্নয়ন প্রতিবেদনত উল্লেখ থকা তিনিটা সূচকৰ বিষয়ে বুজাই লিখা।
উঃ মানৱ উন্নয়ন প্রতিবেদনত উল্লেখ থকা তিনিটা সূচক হ’লঃ (১) প্রত্যাশিত আয়ুস, (২) শিক্ষা আৰু (৩) জীৱন-যাত্ৰাৰ মান। জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি যি আশা কৰা যায় সেইটোৱেই হ’ব প্রত্যাশিত আয়ুস। এই আয়ুসৰ গড় হিচাপ উলিওৱা হয়। উন্নত দেশত এই আয়ুস বেছি আৰু অনুন্নত দেশত কম হ'ব। উন্নত দেশত স্বাস্থ্য সেৱা অধিক উন্নত; অনুন্নত দেশত প্রয়ােজনীয় স্বাস্থ্য সেৱাৰ অভাৱ হয়। শিক্ষাৰ ক্ষেত্ৰত প্রাপ্তবয়স্কৰ সাক্ষৰতা আৰু প্রাথমিক, মাধ্যমিক আৰু অন্যান্য প্রশাখাসমূহৰ সৰ্বমুঠ নামভৰ্তিকৰণৰ অনুপাত নির্ণয় কৰি সেই অনুপাতৰ ভিত্তিত শিক্ষাৰ বা জ্ঞানৰ স্তৰ নিৰ্ধাৰণ কৰা হয়। অনুন্নত দেশৰ তুলনাত উন্নত দেশত শিক্ষা ব্যৱস্থা অধিক উন্নত। তৃতীয়টো সূচক জীৱন-যাত্ৰাৰ মান। দৰিদ্রতা, অনুন্নত শিক্ষা ব্যৱস্থা আৰু প্ৰয়ােজনীয় স্বাস্থ্য সেৱাৰ অভাৱে জীৱন-যাত্ৰাৰ মান উন্নীতকৰণত বাধ্যৰ সৃষ্টি কৰে।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৩। মানৱ উন্নয়ন সম্পর্কে বহলাই লিখা।
উঃ অর্থনৈতিক উন্নয়নৰ মাপকাঠী হিচাপে কেৱল সৰ্বমুঠ ৰাষ্ট্ৰীয় আয় গ্রহণযােগ্য নহয়। ইয়াৰ বিকল্প হিচাপে মানৱ উন্নয়ন সূচকাংক নির্ধাৰণ কৰা হৈছে। ১৯৯০ চনত প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰা হয়। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কার্যসূচী অন্তৰ্গত এই প্রতিবেদন প্রতি বছৰেই প্রকাশ কৰা হয়। এই প্রতিবেদনত মানৱ উন্নয়নৰ তিনিটা সূচক উল্লেখ কৰা হৈছে। সংক্ষেপতে এই সূচককেইটা হ’লঃ (১) প্রত্যাশিত আয়ুস, (২) শিক্ষা আৰু (৩) জীৱন-যাত্ৰাৰ মান। জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি যি আশা কৰা যায় সেইটোৱেই হ’ব প্রত্যাশিত আয়ুস। এই আয়ুসৰ গড় হিচাপ উলিওৱা হয়। উন্নত দেশত এই আয়ুস বেছি আৰু অনুন্নত দেশত কম হ'ব। উন্নত দেশত স্বাস্থ্য সেৱা অধিক উন্নত; অনুন্নত দেশত প্রয়ােজনীয় স্বাস্থ্য সেৱাৰ অভাৱ হয়। শিক্ষাৰ ক্ষেত্ৰত প্রাপ্তবয়স্কৰ সাক্ষৰতা আৰু প্রাথমিক, মাধ্যমিক আৰু অন্যান্য প্রশাখাসমূহৰ সৰ্বমুঠ নামভৰ্তিকৰণৰ অনুপাত নির্ণয় কৰি সেই অনুপাতৰ ভিত্তিত শিক্ষাৰ বা জ্ঞানৰ স্তৰ নিৰ্ধাৰণ কৰা হয়। অনুন্নত দেশৰ তুলনাত উন্নত দেশত শিক্ষা ব্যৱস্থা অধিক উন্নত। তৃতীয়টো সূচক জীৱন-যাত্ৰাৰ মান। দৰিদ্রতা, অনুন্নত শিক্ষা ব্যৱস্থা আৰু প্ৰয়ােজনীয় স্বাস্থ্য সেৱাৰ অভাৱে জীৱন-যাত্ৰাৰ মান উন্নীতকৰণত বাধ্যৰ সৃষ্টি কৰে।
বাস্তৱিকতে মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হােৱাটো বুজায়। বিভিন্ন ব্যক্তিৰ পছন্দ-অপছন্দ অথবা ভাল-বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নির্ণয় কৰা হয়। মানৱ উন্নয়নৰ মধ্যবিন্দু হ'ল জনসাধাৰণ, কাৰিকৰী সূত্র বা ধাৰণাসমূহ নহয়। অর্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পার্থক্য হল এয়ে যে অর্থনৈতিক বিকাশে কেৱল মাত্র এটা পছন্দৰ উল্লেখ কৰিছে আৰু সেইটো হৈছে আয় কিন্তু মানৱ উন্নয়ন ধাৰণাটোৱে সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে। এই সমষ্টিগত পছন্দই অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লৈছে। দেশ এখন প্রকৃত সম্পদ হ'ল দেশখনৰ জনসাধাৰণ আৰু সেয়ে পণ্য উৎপাদনৰ ওপৰতেই অধিক গুৰুত্ব প্রদান কৰিলে জনসাধাৰণৰ জীৱন সমৃদ্ধ কৰাৰ লক্ষ্যটো বৈশিষ্ট্যহীন হৈ পৰিব— মানৱ উন্নয়নৰ ধাৰণাটোৱে মানুহৰ সামূহিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাপনৰ মান বৃদ্ধিত গুৰুত্ব আৰােপ কবে।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৪। ২০১০ চনৰ মানৱ উন্নয়ন প্রতিবেদনখনত মানৱ উন্নয়নৰ তিনিটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে। সেইকেইটা কি কি? উল্লেখ কৰা।
উঃ ২০১০ চনৰ মানৱ উন্নয়ন প্রতিবেদনখনত মানৱ উন্নয়নৰ তিনিটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে। সেইকেইটা হ'ল–
(১) বৈষম্য সাপেক্ষ মানৱ উন্নয়ন সুচকাংক,
(২) লিংগ বৈষম্য সূচকাংক আৰু
(৩) বহুমাত্রীয় দৰিদ্ৰ সূচক
প্ৰথমটো সূচকাংকত মানৱ উন্নয়নৰ প্ৰভাৱ বিভিন্ন শ্ৰেণীৰ লােকৰ ওপৰত কিদৰে পৰিছে সেইটো নির্ণয় কৰে।
দ্বিতীয়টোৱে মানব উন্নয়ন ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতা প্রতিফলিত কৰে।
তৃতীয়টো সূচকাংকই দৰিদ্ৰতাৰ বহুৰূপী চৰিত্ৰ দাঙি ধৰে। এই সূচকাংকই ব্যক্তি, পৰিয়াল আৰু তাতােকৈ বৃহৎ গােষ্ঠীৰ লােকসকল কিদবে আর্থ-সামাজিক সুবিধাসমূহৰপৰা বঞ্চিত হ'বলগীয়া হয় তাৰ ইংগিত বহন কৰে। মানৱ দৰিদ্ৰতা সূচকাংকই দৰিদ্ৰতাৰ এনেবােৰ আয়তন বা মাত্রা প্রতিফলিত নকৰে আৰু গড় ভিত্তিত দৰিদ্ৰতাৰ ছবি এখনহে সামগ্রিকভাবে দাঙি ধৰে।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৫। অর্থনৈতিক পৰিকল্পনা বুলিলে কি বুজা?
উঃ নির্ধাৰিত এছােৱা সময়ৰ ভিতৰত কেতবােৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্যে এক কেন্দ্রীয় কর্তৃপক্ষৰ দ্বাৰা দেশ অর্থনীতিৰ নিয়ন্ত্রণ আৰু দিগদর্শনেই হ'ল অর্থনৈতিক পৰিকল্পনা।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৬। পঞ্চবার্ষিক পৰিকল্পনা বুলিলে কি বুজা? পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ কি কি?
উঃ প্রতি পাঁচ বছৰৰ মূৰে মূৰে যুগুত কৰা বাবে আমাৰ দেশৰ পৰিকল্পনা হ’ল পঞ্চবার্ষিক পৰিকল্পনা।
সামগ্রিকভাৱে পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ হৈছে অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্রতৰ কৰা, আর্থ- সামাজিক বৈষম্য দূৰ কৰা, দৰিদ্ৰতা নির্মুল কবা, নিয়ােগৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা, আঞ্চলিক বৈষম্য আঁতৰ কৰা, বহনক্ষম উন্নয়ন সুনিশ্চিত কৰা, পৰিৱেশ দূষিতকৰণ বােধ কৰা, আত্মনির্ভশীলতা অর্জন কৰা ইত্যাদি।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৭। ভাৰতবৰ্ষৰ পৰিকল্পনা আয়ােগৰ মূল দায়িত্ব কি আছিল?
উঃ ভাৰতবৰ্ষৰ পৰিকল্পনা আয়ােগৰ মূল দায়িত্ব আছিল- প্রথম পৰিকল্পনাৰ আৰম্ভণিৰেপৰা দ্বাদশ পৰিকল্পনালৈ পৰিকল্পনাৰ লক্ষ্যসমূহ নির্ধাৰণ কৰা, সেইমতে বিনিয়ােগৰ কৌশল উদ্ভাৱন কৰা, বিনিয়ােগৰ বাবে সম্পদ আহৰণৰ উপায়সমূহ নির্ধাৰণ কৰা আৰু কাৰ্যকৰী হােৱা আঁচনিসমূহৰ নিয়মীয়া পুনৰীক্ষণ আৰু মূল্যায়ন কৰা।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৮। ভাৰতবৰ্ষৰ প্রথম খন পৰিকল্পনা আয়ােগ কিমান চনত আৰম্ভ কৰা হৈছিল?
উঃ ভাৰতবৰ্ষৰ প্রথম খন পৰিকল্পনা আয়ােগ ১৯৫১ চনত আৰম্ভ কৰা হৈছিল।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
৯। নিটি (NITI) আয়ােগ কি?
উঃ নিটি NITI আয়ােগ হ’ল ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান (National Institution for Transforming India Aayog or NITI)।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১০। কিমান চনত নিটি (NITI) আয়ােগ গঠন কৰা হৈছিল?
উঃ ২০১৫ চনৰ ১ জানুৱাৰীত নিটি (NITI) আয়ােগ গঠন কৰা হৈছিল।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১১। NITI আয়ােগৰ অধ্যক্ষ কোন?
উঃ NITI আয়ােগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্রী।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১২। NITI আয়ােগৰ অন্যান্য সদস্যসকল কোন কোন?
উঃ NITI আয়ােগৰ অন্যান্য সদস্যসকল হ'ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১৩। মিশ্রিত আর্থিক ব্যৱস্থা কি?
উঃ যি আর্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আর্থিক ব্যৱস্থাই হ’ল মিশ্রিত আর্থিক ব্যৱস্থা।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১৪। ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্যসমূহ কি কি?
উঃ ভাৰতীয় অর্থনীতিৰ মূল লক্ষ্যসমূহ আছিল-
(১) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰি তােলা,
(২) আধুনিক প্রযুক্তিবিদ্যা প্রয়ােগৰ ওপৰত গুৰুত্ব প্রদান কৰা,
(৩) আত্মনিৰ্ভৰশীলতা অর্জন কৰা আৰু
(৪) সামাজিক ন্যায় প্রতিষ্ঠা কৰা।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১৫। সেউজ বিপ্লৱ কি? সেউজ বিপ্লৱৰ প্রভাব পৰা দুখন ৰাজ্যৰ নাম লিখা।
উঃ প্রযুক্তিবিদ্যা প্রয়ােগ কৰি কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ'ল সেউজ বিপ্লৱ। সেউজ বিপ্লৱৰ প্ৰভাৱ পৰা দুখন ৰাজ্য - পঞ্জাব, হাৰিয়ানা।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১৬। NITI আয়ােগৰ সমিতিখনৰ গাঁথনি সম্পৰ্কে লিখা।
উঃ অধ্যক্ষ : প্রধানমন্ত্রী। উপাধ্যক্ষ : প্রধানমন্ত্রী দ্বাৰা নিযুক্ত পূর্ণকালীন সদস্য : তিনিজন বিশেষজ্ঞ। অংশকালীন সদস্য দুজন। পদেন সদস্য : সর্বোচ্চ চাৰিজন কেন্দ্রীয় মন্ত্রী। মুখ কাৰ্যবাহী বিষয় : এজন ভাৰতীয় প্রশাসনিক বিষয়া। পৰিচালনা পৰিষদ : মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১৭। গােলকীকৰণ বা বিশ্বায়ন মানে কি?
উঃ গােলকীকৰণ বা বিশ্বায়ন হ'ল- দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযােগ স্থাপন বা সংহতি সাধন কৰা।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১৮। অর্থনৈতিক বহির্বাণিজ্যহীনতা বুলিলে কি বুজা?
উঃ যিখন দেশ বা ৰাষ্ট্রই পৃথিৱীৰ অন্যান্য দেশৰ সৈতে সংযােগ স্থাপনৰ প্রতি আগ্রহী নহয়, সেইখন ৰাষ্ট্রই অন্তর্মুখী নীতি অবলম্বন কৰা বুলি ক'ব লাগিব। এই নীতিটোক অর্থনৈতিক বহির্বাণিজ্যহীনতা বুলি কোৱা হয়।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
১৯। ভাৰতীয় অর্থনীতিত তাৎপর্যপূর্ণ পৰিৱৰ্তনৰ তিনিটা মূল কাৰণ কি?
উঃ ভাৰতীয় অর্থনীতিত তাৎপর্যপূর্ণ পৰিৱৰ্তনৰ তিনিটা মূল কাৰণ আছে-
ক) চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হােৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়ােগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লােচান ভৰিবলগীয়া হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪টা বাজহুৱা খণ্ডৰ লােকচান ভবা উদ্যোগৰ ভিতৰত ৫৮ টাই ৰুগ্ন হৈ পৰিছিল।
খ) প্ৰধানকৈ সীমিত উৎপাদন ফলত সৃষ্টি হােৱা মুদ্রাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মুলাবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুর্বল শ্ৰেণীৰ লােকক বাৰুকৈয়ে জুৰুলা কৰিছিল।
গ) ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অর্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অর্থনীতিৰপৰা মূলধনৰ বহির্গমণ হৈছিল। ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। এনে এক দুর্যোগপূর্ণ সময়ত বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয় অর্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তন হ'ব লাগে। এনে এক পটভূমিতেই সেই সময়ত পি ভি নৰসিংহ ও নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে অর্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্রৱর্তন কৰিলে। এই কাৰ্যসূচীয়ে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গােলকীকৰণ বা বিশ্বায়নৰ কাৰ্যসূচীক উদ্গনি যােগাইছিল।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
২০। চমুটোকা লিখা
ক) অর্থনৈতিক বিকাশ
উঃ অর্থনৈতিক বিকাশ হ’ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। এটা বিত্তীয় বছৰত (অর্থাৎ ১ এপ্রিলৰপৰা ৩১ মার্চলৈ) দেশ এখনত উৎপাদিত হােৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্রাগত মূল্যই হ’ল জাতীয় আয়। এই জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমূৰি আয় পােৱা যায়। উন্নত দেশসমূহত জনমূৰি আয় বেছি; অনুন্নত দেশসমূহত কম। আনহাতে, মানব উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ মানদণ্ড, আর্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নক বুজায়।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
খ) অর্থনৈতিক উন্নয়ন
উঃ যেতিয়া বর্ধিত জনমূৰি আয়ৰ বৃহৎ অংশটো মুঠ জনসংখ্যাৰ নগণ্য অংশ এটাৰ হাতত কেন্দ্রীভূত হয় আৰু সৰু অংশ এটা জনসংখ্যাৰ বৃহৎ অংশটোলৈ যায় তেতিয়া অর্থনৈতিক বিকাশ হৈছে বুলি ক'লেও অর্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নােৱাৰি। অর্থাৎ জাতীয় আয় বৃদ্ধিৰ ফলত চহকী আৰু দুখীয়া শ্ৰেণীৰ মাজত ব্যৱধান বৃদ্ধি হ'লে অর্থনৈতিক বিকাশৰ ফলত এচাম লোকহে উপকৃত হ'ব আৰু অধিকাংশ লােকেই বিকাশৰ সুফলৰপৰা বঞ্চিত হ'ব লাগিব। যি অর্থনৈতিক বিকাশৰ প্ৰক্ৰিয়াত জাতীয় আয় বৃদ্ধিকেই অধিক গুৰুত্ব দিয়া হয় আৰু আয় বিতৰণৰ প্ৰসংগটোৱে গুৰুত্ব নাপায় সেই বিকাশে প্রকৃততে অর্থনৈতিক উন্নয়নক নুবুজায়। অর্থনৈতিক বিকাশৰ অৰ্থ সীমিত; অর্থনৈতিক উন্নয়নৰ অৰ্থ বহল। অর্থনৈতিক উন্নয়ন হ'ব লাগিলে অর্থনৈতিক বিকাশ হ'ব লাগিব। অর্থনৈতিক বিকাশ অর্থনৈতিক উন্নয়নৰ অংশ মাত্র। উৎপাদন বৃদ্ধি হােৱাৰ লগে লগে প্রাকৃতিক সম্পদৰাজি যদি জধেমধে ব্যৱহাৰ কৰা হৈছে আৰু তাৰ ফলস্বৰূপে পৰিৱেশ দূষিত হৈছে আৰু দূষিত পৰিৱেশে জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে তেনেহ'লে তেনে অর্থনৈতিক বিকাশ অর্থনৈতিক উন্নয়ন হ'ব নােৱাৰে। তদুপৰি সা-সামগ্ৰীৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি নােহােৱাকৈয়াে জাতীয় আয় বৃদ্ধি হ'ব পাৰে। যেতিয়া সামগ্ৰীৰ মূল্যবৃদ্ধি হয় তেতিয়া একেখিনি সামগ্ৰীৰ মুদ্ৰাগত মূল্য অধিক হ'ব আৰু জাতীয় আয় বৃদ্ধি হােৱাটো সূচাব। কিন্তু ই অর্থনৈতিক উন্নয়ন কথা নুসূচায়।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
গ) নিটি (NITI) আয়ােগ
উঃ ২০১৪ চনত গঠিত নতুন কেন্দ্রীয় চৰকাৰে পৰিকল্পনা আয়ােগৰ ঠাইত NITI আয়ােগ গঠন কৰিছে। NITI আয়ােগ হ’ল ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান (National Institution for Transforming India Aayog or NITI)। প্রধানমন্ত্রীয়ে ২০১৪ চনত দেশবাসীক উদ্দেশ্যি দিয়া স্বাধীনতা দিৱসৰ ভাষণত এই সিদ্ধান্ত ঘােষণা কৰিছিল। ২০১৫ চনৰ ১ জানুৱাৰীৰ দিনা পৰিকল্পনা আয়ােগৰ ঠাইত NITI আয়ােগ গঠন কৰা হ'ল বুলি ঘােষণা কৰা হয়। ৮ ফেব্ৰুৱাৰী ২০১৫ চনৰ দিনা NITI আয়ােগৰ প্রথমখন বৈঠক দিল্লীত অনুষ্ঠিত হয়। NITI আয়ােগৰ অধ্যক্ষ হ’ল প্রধানমন্ত্রী। আয়ােগৰ অন্যান্য সদস্যসকল হ'ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
ঘ) গণতান্ত্রিক পৰিকল্পনা
উঃ যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পর্যায়ত ৰাইজৰ অংশগ্রহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ'ল গণতান্ত্রিক পৰিকল্পনা। এই পৰিকল্পনাত সিদ্ধান্তসমূহ ওপৰৰপৰা জাপি দিয়া নহয়। এই পৰিকল্পনা ক্ষমতাৰ বিকেন্দ্রীকৰণৰ সৈতে জড়িত। ভাৰতীয় প্রশাসন ব্যৱস্থাত তিনিটা ভাব আছে কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়সমূহ (যেনে পঞ্চায়ত আৰু নগৰ পালিকা)- এই তিনিওটা ভাবতেই আলাপ-আলােচনাৰ মাজেৰে পৰিকল্পিত উন্নয়ন লক্ষ্যসমূহ নির্ধাৰণ আৰু আঁচনিসমূহ চিনাক্ত কৰা হয়। এই তিনিওটা পর্যায়ত ৰাইজৰ প্রতিনিধিসকলে এক গুরুত্বপূর্ণ ভূমিকা পালন কৰিবলগীয়া হয়। প্রশাসন ব্যৱস্থাৰ একেবাৰে নিম্ন পর্যায়তাে ৰাইজৰ প্রতিনিধিসকল স্থানীয় অভাব- অভিযােগৰ ভিত্তিত পৰিকল্পনা যুগুতকৰণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ পৰে বাবে এই পৰিকল্পনাৰ তৃণমূল পর্যায়ৰ পৰিকল্পনা বুলি অভিহিত কৰিব পাৰি।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
ঙ) উদাৰীকৰণ
উঃ দেশৰ আর্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল উদাৰীকৰণ। ১৯৯১ চনৰ পূর্বে ঔদ্যোগিক খণ্ড, বিত্তীয় খণ্ড, বৈদেশিক মুদ্রাৰ আহৰণ আৰু ব্যৱহাৰ, বাণিজ্য আৰু বিনিয়ােগ খণ্ডত ৰাষ্ট্ৰই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। অনুজ্ঞাপত্র নীতিয়ে উদ্যোগ জগতখনত ৰাষ্ট্ৰীয় নিয়ন্ত্রণ সুনিশ্চিত কৰিছিল। অর্থনৈতিক সংস্কাৰ কার্যসূচী ৰূপায়ণ কৰাৰেপৰা সুৰা, চিগাৰেট, বিপদযুক্ত ৰাসায়নিক দ্রব্য, ঔদ্যোগিক বিস্ফোৰক, বৈদ্যুতিক সা-সৰঞ্জাম, ঔষধ আদি কেইবিধমান দ্রব্যৰ বাহিৰে বাকীবােৰৰ ক্ষেত্ৰত নিয়ন্ত্রণ তুলি দিয়া হ'ল। প্রতিৰক্ষা, আণবিক শক্তি উৎপাদন আৰু ৰেল পৰিবহণ ব্যৱস্থা ৰাজহুৱা খণ্ডৰ বাবে এতিয়াও সংৰক্ষিত হৈ আছে। ব্যৱসায়িক বেংক, বিনিয়ােগ বেংগ, অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ'ল বিত্তীয় খণ্ড। উদাৰীকৰণ নীতি এই খণ্ডলৈকো সম্প্রসারিত হৈছে। ইয়াৰ ফল স্বৰূপেই ভাবতী বেংক খণ্ডলৈ বৈদেশিক বেংকৰ আগমনত অনুমতি দিয়া হৈছে।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
চ) ব্যক্তিগতকৰণ
উঃ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ'ল ব্যক্তিগতকৰণ। ১৯৯১ চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ লগে লগেই ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন কৰা হ'ল। শিক্ষা, স্বাস্থ্য, উৎপাদিত সামগ্রী, বেংক ব্যবস্থা আদিৰ ক্ষেত্ৰত ব্যক্তিগতকৰণৰ প্ৰভাৱ লক্ষণীয়। ব্যক্তিগতকৰণৰ এক ক্ষুদ্র সংস্কৰণ হ'ল নির্বিনিয়ােজন নীতি। চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ অংশপত্র যেতিয়া কোনাে ব্যক্তিক কিনিবলৈ অনুমতি দিয়া হয় তেতিয়া নির্বিনিয়ােজন কার্যকৰী হয়। অর্থাৎ প্রতিষ্ঠানটোৰ সমগ্র মূলধন চৰকাৰৰপৰা সংগ্রহ নকৰি কিছু ব্যক্তিগত খণ্ডৰপৰাও সংগ্রহ কৰা হয়।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
ছ) গােলকীকৰণ বা বিশ্বায়ন
উঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযােগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ'ল গােলকীকৰণ বা বিশ্বায়ন। গােলকীকৰণক উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি বুলিও ক'ব পাৰি। যিখন দেশ বা ৰাষ্ট্রই পৃথিৱীৰ অন্যান্য দেশৰ সৈতে সংযােগ স্থাপনৰ প্রতি আগ্রহী নহয়, সেইখন ৰাষ্ট্রই অন্তর্মুখী নীতি অবলম্বন কৰা বুলি ক'ব লাগিব। এই নীতিটোক অর্থনৈতিক বহির্বাণিজ্যহীনতা বুলিও কোৱা হয়। গােলকীকৰণৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্রাস হয় আৰু এক সীমান্তবহিত বিশ্বৰ দিশে ৰাষ্ট্রসমূহ ধাৱমান হয়। প্রযুক্তিবিদ্যাৰ ক্রমবর্ধমান ব্যৱহাৰে গােলকীকৰণৰ প্রক্রিয়া অধিক খৰতকীয়া কৰি তুলিছে। বহির্মুখিতাই প্রতিযােগিতাৰ বাতাবৰণ সৃষ্টি কৰে। এই বাতাবৰণত গ্রাহক আৰু উৎপাদক এই দুয়ােটা শ্ৰেণী লাভৱান হয়। গােলকীকৰণৰপৰা ৰাষ্ট্রীয় স্বার্থৰ প্ৰতি ভাবুকি আহিব নালাগিব। গােলকীকৰণৰ প্রক্রিয়াত সােমাই পৰি কোনাে দেশেই নিজৰ অর্থনৈতিক ক্ষমতাৰ লগতে ভাষা-সাহিত্য, সংস্কৃতি বিসর্জন দিয়াটো বাঞ্ছনীয় হ'ব নােৱাৰে। ৰাষ্ট্ৰীয় স্বার্থ অক্ষুন্ন ৰাখি গােলকীকৰণৰ সুফলবােৰ লাভ কৰিব পৰা যায়।
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
২১। মানব উন্নয়নৰ চাৰিটা স্তৰ কি কি?
উঃ মানব উন্নয়নৰ চাৰিটা স্তৰ হ'ল-
ক) অর্থনৈতিক
খ) সামাজিক
গ) সাংস্কৃতিক আৰু
ঘ) ৰাজনৈতিক
দশম শ্রেণীৰ সমাজ বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায়-২ অৰ্থনৈতিক উন্নয়ন Class 10 Social Science Chapter 2 Economics Question Answer in Assamese
২২। মানব উন্নয়ন সূচকাংক কি?
উঃ উন্নয়ন ভিত্তিত মানুহৰ উন্নত জীৱন যাপনৰ বাবে প্রত্যাশিত আয়ুস, শিক্ষা আৰু জনমুৰি আয় এই তিনিটা সূচকৰ সম্মিলিত এটা পৰিসংখ্যা হ'ল মানব উন্নয়ন সূচকাংক।