সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা

0

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা - দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে Class 10 Social Science Economics Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science Economics Previous Year Question Paper with Solution
সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 


সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা - দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে
Class 10 Social Science Economics Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science Economics Previous Year Question Paper with Solution


অর্থনীতি বিজ্ঞান 
অধ্যায় - ১ মুদ্রা আৰু বেংক ব্যৱস্থা 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

অতি চমু উত্তৰৰ প্রশ্ন 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

১। বিনিময় প্রখা কি? 

উঃ সামগ্রীৰ বিপৰীতে সামগ্ৰীৰ প্রত্যক্ষ বিনিময়েই হল বিনিময় প্রথা। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

২। মুদ্রা কি? 

উঃ বিনিময়ৰ মাধ্যম হিচাপে যাৰ সাধাৰণ গ্রহণযােগ্যতা আছে, যিয়ে একে সময়তে মূল্যৰ মাপকাঠী, সঞ্চয়ৰ বাহন আৰু ভৱিষ্যৎ দেনা-পাওনাৰ মান হিচাপে কার্য কৰে সিয়েই মুদ্রা। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

৩। মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা। 

উঃ মুদ্ৰাৰ এটা মুখ্য কাৰ্য হল- মুদ্রাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

৪। অবিহিত মুদ্ৰাৰ উদাহৰণ দিয়া। 

উঃ অবিহিত মুদ্ৰাৰ এটা উদাহৰণ হ'ল বেংকৰ চেক। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

৫। প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি?

উঃ পূর্বৰ কাগজী মুদ্রা সম মূল্যৰ সােণ বা ৰূপলৈ পৰিৱৰ্তিত হৈছিল। এনে কাগজী মুদ্রাক প্রতিনিধিত্বমূলক কাগজী মুদ্রা বােলে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

৬। বেংক কি? 

উঃ বেংক এবিধ বিত্তীয় অনুষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে। বেংকে সঞ্চয়কাৰীৰপৰা সঞ্চয় সংগ্রহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লওতাসকললৈ আগবঢ়ায়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

৭। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল? 

উঃ ১৯৩৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

৮। চলিত আমানত কি? 

উঃ যি আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে, সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনাে সময়তে চেকৰ যােগেদি উলিয়াই আনিব পাৰে তাকে চলিত আমানত বুলি কোৱা হয়।

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

চমু উত্তৰৰ প্রশ্ন

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

১। গতিৰ অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে? 

উঃ ব্যক্তি এজনে ধান উৎপাদন কৰিছে। এক নির্দিষ্ট অভাৱ পূৰণ কৰিবলৈ তেওঁৰ সৰিয়হৰ প্রয়ােজন হৈছে। তেওঁ নিজে সৰিয়হ উৎপাদন কৰা নাই। এতিয়া তেওঁৰ অভাৱ আঁতৰ হ'ব বিনিময় প্রথাৰ জৰিয়তে। আন এজন ব্যক্তিয়ে সৰিয়হ উৎপাদন কৰিছে। তেওঁক ধানৰ প্রয়ােজন হৈছে। তেওঁ ধান উৎপাদন নকৰে। প্রথম আৰু দ্বিতীয় ব্যক্তিৰ মাজত বিনিময় হব। প্রথম ব্যক্তিয়ে ধানখিনিৰ এক অংশ দ্বিতীয় ব্যক্তিক দিব আৰু তাৰ বিনিময়ত প্রথম ব্যক্তিয়ে দ্বিতীয় ব্যক্তিৰ পৰা সৰিয়হখিনিৰ এক অংশ সংগ্রহ কৰি লম্ব। ঠিক সেইদৰে দ্বিতীয় ব্যক্তিয়ে সৰিয়হৰ বিনিময়ত প্রথম ব্যক্তিৰপৰা ধানৰ এক অংশ সংগ্রহ কৰিব। প্রথম আৰু দ্বিতীয় ব্যক্তি কোনােৱেই আত্মনিৰ্ভৰশীল নহয়; তেওঁলােক দুয়াে পৰস্পৰ নিৰ্ভৰশীল। সামগ্রীৰ সলনি সামগ্রীৰ পােনপটীয়া বিনিময় কৰি দুয়াে দুয়ােৰে অভাৱ পূৰণ কৰিছে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

২। মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা? 

উঃ এজন ব্যক্তিয়ে তেওঁৰ সঞ্চয় নিজৰ লগত নাৰাখি বেংকত জমা থব পাৰে। যেতিয়াই প্রয়ােজন হয় তেতিয়াই সঞ্চয় কৰি থােৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰীসমূহ সংগ্ৰহ কৰি ল'ব পাৰে। মুদ্রা হল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ।

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা 

৩। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতােকৈ গুৰুত্বপূৰ্ণ আৰু কিয়? 

উঃ মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতাই হ'ল সবাতােকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। কাৰণ মুদ্ৰাৰ গ্রহণযােগ্যতা নাথাকিলে ই বিনিময়ৰ মাধ্যম হ'ব নােৱাৰে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৪। মুদ্রাৰ তাৰল্য গুণ কি? 

উঃ যিকোনাে মুদ্রা সমমূল্যৰ সা-সামগ্রীলৈ তৎক্ষণাৎ আৰু প্রত্যক্ষভাৱে ৰূপান্তৰিত হলেই মুদ্ৰাৰ তাৰল্য গুণ আছে বুলি কব পাৰি। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৫। মুদ্রা সা-সামগ্ৰীৰ উমৈহতীয়া মাপকাঠী—ব্যাখ্যা কৰা। 

উঃ সকলাে আর্থিক সামগ্ৰীৰ মূল্য আছে। মুক্ত সামগ্ৰীৰহে মূল্য নাথাকে। আমি সেৱন কৰা বতাহ, সূৰ্যৰ ৰশ্মি, নৈৰ পানী ইত্যাদিৰ বাবে মূল্য দিব নালাগে। যিবােৰ সামগ্রী বজাৰত বেচা-কিনা হয় সেইবােৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হল সামগ্রীটোৰ দাম। মুদ্রা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি, কাৰণ সকলাে আর্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়।

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৬। সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পার্থক্য কি? 

উঃ যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি সেই মুদ্রা সসীম বিহিত মুদ্ৰা হ'ব। এই মুদ্রা নাথাকিলে কিছুমান লেনদেনৰ ক্ষেত্ৰত আহুকালে দেখা দিব। আনহাতে, কম মূল্যৰ কাগজী বা ধাতু মুদ্রা এই ক্ষেত্ৰত সীমিত বা অসীম বিহিত মুদ্ৰা হ'ব। অধিক মূল্যৰ মুদ্ৰা হ'ব অসীম বিহিত মুদ্রা। চেক মুদ্রা এই ক্ষেত্ৰত অসীম বিহিত হ'ব পাৰে। এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৭। আঞ্চলিক গ্রাম্য বেংকে কি কার্য সম্পাদন কৰে?উঃ আঞ্চলিক গ্রাম্য বেংকে সম্পাদন কৰা মূল কাম দুটা হল- 

(ক) বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লােৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া আৰু 

(খ) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৮। অনা-বেংক প্রতিষ্ঠানকেতকৈ কি অর্থত বেলেগ?

উঃ বেংকৰ দৰে অনা-বেংক বিত্তীয় প্রতিষ্ঠানসমূহেও সঞ্চয়কাৰীৰপৰা সঞ্চয় বা আমানত সংগ্রহ কৰে আৰু সেই সঞ্চয় বিভিন্নজনলৈ ঋণ হিচাপে আগবঢ়ায়। কিন্তু বেংকৰ ক্ষেত্ৰত যিদৰে চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে; অনা-বেংক প্রতিষ্ঠানসমূহে চেকৰ যােগান নধৰে আৰু সেয়ে চেকৰ জৰিয়তে এনেবােৰ প্ৰতিষ্ঠানৰপৰা সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুযােগ লাভ নকৰে। তদুপৰি বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনা- বেংক প্রতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

দীঘল উত্তৰৰ প্রশ্ন 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

১। বিনিময়ৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা। 

উঃ বিনিময় প্রথাৰ চাৰিটা অসুবিধা হল- 

(ক) সংগতিবিহীন অভাৱঃ 

ব্যক্তি ‘ক'ই ধান উৎপাদন কৰিছে। এক নির্দিষ্ট অভাৱ পূৰণ কৰিবলৈ তেওঁৰ মাছৰ প্রয়ােজন হৈছে। তেওঁ নিজে মাছ উৎপাদন কৰা নাই। এতিয়া তেওঁৰ অভাৱ আঁতৰ হব বিনিময় প্রথাৰ জৰিয়তে। আন এজন ব্যক্তি ‘খ'ই মাছ উৎপাদন কৰিছে। তেওঁক ধানৰ প্রয়ােজন হৈছে। তেওঁ ধান উৎপাদন নকৰে। ‘ক’ আৰু 'খ'ৰ মাজত বিনিময় হ'ব। 'ক'ই ধানখিনিৰ এক অংশ ‘খ'ক দিব আৰু তাৰ বিনিময়ত 'ক'ই 'খ'ৰপৰা মাছখিনিৰ এক অংশ সংগ্রহ কৰি ল'ব। ঠিক সেইদৰে 'খ'ই মাছৰ বিনিময়ত 'ক'ৰ পৰা ধানৰ এক অংশ সংগ্ৰহ কৰিব। 'ক’ আৰু ‘খ’ কোনােৱেই আত্মনিৰ্ভৰশীল নহয়। তেওঁলােক দুয়াে পৰস্পৰ নিৰ্ভৰশীল। সামগ্রীৰ সলনি সামগ্রী, পােনপটীয়া বিনিময় কৰি দুয়াে দুয়ােৰে অভাৱ পূৰণ কৰিছে। 


(খ) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱঃ

বিনিময়যােগ্য সামগ্ৰীৰ সংখ্যা বহুত। প্ৰতিটো সামগ্ৰীৰ মূল্য আন সামগ্রীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব। যেনে এটা আপেলৰ বিপৰীতে তিনিটা মধুৰিআমৰ বিনিময় হৈছে। গতিকে ১টা আপেলৰ সমান ৩টা মধুৰিআম। কিন্তু আপেলৰ বিনিময় হাৰ কেৱল এটাই হ'ব নোৱাৰে। বজাৰত যিমান সামগ্রী আছে সিমান সামগ্রীৰ বিপৰীতে বিনিময় হাৰ থাকিব লাগিব। বজাৰলৈ ওলাই যাওঁতে এগৰাকী ব্যক্তিৰ ইমানবােৰ বিনিময় হাৰ মনত ৰাখি যাব লাগিব। এইটো অসম্ভৱ কথা হ'ব। মুদ্রা ব্যৱস্থাত মুদ্রা হ’ল উমৈতীয় একক। বজাৰৰ প্ৰতিটো সামগ্ৰীৰ মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। একেটা সামগ্ৰীৰ বিনিময় হাৰ বেলেগ বেলেগ সামগ্ৰীৰ বিনিময় হাৰত প্ৰকাশ নকৰি সকলােবােৰ সামগ্ৰীৰ বিনিময় হাৰ কেৱল মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা বাবে বিনিময় প্রথাৰ এই অসুবিধাটো দূৰ হ'ল। 


(গ) বিভাজনীয়তাৰ অসুবিধাঃ 

কিছুমান সামগ্রী আছে যিবােৰ সৰু সৰু অংশলৈ ভাগ কৰিব নােৱাৰি। বিনিময় প্রথাত এনেবােৰ সামগ্ৰীয়ে আহুকালৰ সৃষ্টি কৰে। যেনে- হাতীটোৰ গৰাকীক এক কিলােগ্রাম চাউলৰ প্ৰয়ােজন হৈছে। এক কিলােগ্রাম চাউল আৰু হাতী এটাৰ মূল্য একে নহয়। কিন্তু হাতীটো অবিভাজনীয়, অর্থ হাতীটো সৰু সৰু অংশলৈ ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহ'ব। মুদ্রা ব্যৱস্থাত এই অসুবিধা দূৰ হ'ল। মুদ্রা বিভাজনীয়। অধিক মূলৰ লেনদেনৰ বাবে যিদৰে মুদ্রা আছে, একেবাৰে কম মুল্যৰ লেনদেনৰ বাবেও সেইদৰে মুদ্রা আছে। ১০০০ টকাৰ কাগজী নােটখন ৫০০, ১০০, ৫০, ২০, ১০ আৰু ৫ টকাৰ নােটলৈ আৰু ৫ টকীয়া নােটখন ২ টকা, ১ টকা আৰু পঞ্চাশ পইচালৈ খুচুৰা কৰি ল'ব পাৰি। ৫০ পইচাৰ লেনদেনেই হওক বা ১ কোটি টকাৰ লেনদেনেই হওক মুদ্রা ব্যৱস্থাত অবিভাজনীয়তাই সমস্যাৰ সৃষ্টি কৰিব নােৱাৰে। 


(ঘ) মূল্যৰ ভাণ্ডাৰৰ অভাৱঃ

মূল্য বুলিলে সা-সামগ্রীৰ মূল্য বুজিব লাগিব। সামগ্ৰীবােৰ বেছি দিন নিটিকে। মাছ, গাখীৰ, কণী ইত্যাদি বেছি দিন সাঁচি ৰাখিব নােৱাৰি। বেছি দিন সাঁচি থ'লে সেইবােৰ নষ্ট হৈ যাব। বিনিময় প্রথাত মূল্যৰ ৰূপত সামগ্রীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব। আনহাতে, সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক নহয়। মুদ্রাই এই অসুবিধাটো আঁতৰ কৰিলে। মুদ্রা ব্যৱস্থাত সামগ্রী সঞ্চয় কৰি থ'ব নালাগে। মুদ্ৰাৰ ৰূপত সঞ্চয় হয়। ফল-মূল, শাক-পাচলিৰ দৰে এই সঞ্চয় নষ্ট হৈ নাযায়। ব্যক্তি এগৰাকীয়ে এই সঞ্চয় নিজৰ লগত নাৰাখি বেংকতাে জমা থ'ব পাৰে। যেতিয়াই প্রয়ােজন হয় তেতিয়াই সঞ্চয় কৰি থােৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰীসমূহ সংগ্রহ কৰি ল'ব পাৰি। মুদ্রা হ’ল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ।

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

২। মুদ্ৰাৰ যিকোনাে চাৰিটা বৈশিষ্ট্য ব্যাখ্যা কৰা।

উঃ মুদ্ৰাৰ চাৰিটা বৈশিষ্ট্যৰ বিষয়ে তলত ব্যাখ্যা কৰা হল— 

(ক) মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থাকিব লাগিব, নহলে মুদ্রা বিনিময়ৰ মাধ্যম হব নােৱাৰে। মুদ্রাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতােকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। 

(খ) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হব লাগিব। আন সকলােবােৰ সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ'লে সামগ্রী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব। 

(গ) মুদ্রা সহজেই নষ্ট হৈ যােৱা সামগ্রী হ'ব নােৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদি কোনােটোৱেই মুদ্ৰা হ'ব নােৱাৰে। কাৰণ এইবােৰ সামগ্রী বেছি দিনলৈ নিটিকে। মুদ্রা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব লাগিলে মুদ্রা বেছি দিনলৈ টিকিব লাগিব। 

(ঘ) মুদ্রা সমজাতীয় বা পূর্ণ সাদৃশ্যযুক্ত হ'ব লাগিব৷ উদাহৰণস্বৰূপে, যদি এখন - ১০০ টকীয়া নােটৰ আকাৰ ডাক টিকটটোৰ দৰে একেবাৰে সৰু আৰু অান এখন ১০০ টকীয়া নােট বাতৰি কাকত এখনৰ সমান বৃহৎ আকাৰৰ তেনেহ'লে সামগ্ৰীৰ লেনদেন ক্ষেত্ৰত বেমেজালিয়ে দেখা দিব। গতিকে সকলােবােৰ ১০০ টকীয়া নােট সকলাে পিনৰ পৰা একে হ'ব লাগিব। বাকীবােৰ মুদ্ৰাৰ ক্ষেত্ৰতাে এই একেটা কথাই খাটিব। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৩। মুদ্রাই সম্পাদন কৰা চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা। 

উঃ মুদ্রাই প্রধানকৈ চাৰিটা কার্য সম্পাদন কৰে 

(ক) মুদ্রাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে। বিনিময় প্রথাত সামগ্ৰীৰ ৰিপৰীতে - সামগ্রী প্রত্যক্ষ বিনিময় হৈছিল। মুদ্রা ব্যৱস্থাত সামগ্রীৰ পৰিৱর্তে সামগ্রীৰ পৰােক্ষ বিনিময় হয়। চাউল উৎপাদন কৰা ব্যক্তিগৰাকীয়ে বজাৰত চাউল বিক্ৰী কৰি মুদ্রা অর্জন কৰে। আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ কুঁহিয়াৰ ক্ৰয় কৰিব। বিনিময় প্রথাৰ এটা লেনদেন মুদ্রা। ব্যৱস্থাত দুটা লেনদেনলৈ পৰিৱর্তিত হ'ল। মুদ্রা হৈ পৰিল বিনিময়ৰ মাধ্যম। যি মুদ্রাই বিনিময়ৰ মাধ্যম হিচাপে কার্য সম্পাদন কৰিব নােৱাৰে সি মুদ্রা হব নােৱাৰে। 

(খ) মুদ্রাই সা সামগ্রীৰ মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে সকলাে আর্থিক সামগ্ৰীৰ মূল্য আছে। মুক্ত সামগ্ৰীৰহে মূল্য নাথাকে। আমি সেৱন কৰা বতাহ, সূৰ্যৰ ৰশ্মি, নৈৰ পানী ইত্যাদিৰ বাবে মূল্য দিব নালাগে। যিবােৰ সামগ্ৰীৰ বজাৰত বেচা- কিনা হয় সেইবোৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্রীৰ বিনিময় মূল্যই হ'ল সামগ্রীটোৰ দাম। মুদ্রা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি, কাৰণ সকলাে আর্থিক সামগ্রীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। 

(গ) মুদ্রাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কার্য সম্পাদন কৰে। কিছুমান। সামগ্রী আৰু পৰিসম্পদ বেচা-কিনাৰ সময়ত দামটো লগে লগে পৰিশােধ করা। নহয়। ঋণৰ ক্ষেত্ৰতাে ঋণ লওঁতই ঋণদাতাক ঋণ পৰিশােধ কৰােতে সময় লয়। এনেবােৰ ক্ষেত্ৰত ধন আদায় প্রক্রিয়াটো তৎকালীন নহয়, প্রক্রিয়াটো স্থগিত কৰি ৰখা হয়। সকলােবােৰ স্থগিত দেনা-পাওনাৰ হিচাপ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়।। 

(ঘ) মুদ্রাই মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰিব লাগে। সামগ্রী সঞ্চয় কৰি ৰাখিব নােৱাৰে। সামগ্রীবােৰ সােনকালে নষ্ট হৈ যায়। বিনিময় প্রথাত সেয়ে সঞ্চয়ৰ ভাণ্ডাৰ নাছিল মুদ্রা ব্যরস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্রা প্রয়ােজন অনুসৰি সামগ্রী ব্রয় কৰােতে ব্যরহাৰ কৰিব পাৰি । এই অর্থত মুদ্রা সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি ক'ব পাৰি। অৱশ্যে বিশেষ একোটা পৰিস্থিতিত মুদ্ৰাৰ মূল্যৰ স্থিৰতা সম্পূর্ণকৈ হেৰাই গ'লে (উদাহৰণস্বৰূপে অভাৱনীয়ভাবে অবিৰাম সা সামগ্ৰীৰ মূল্য বৃদ্ধি হলে) মুদ্রাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰিব নােৱাৰিব। তেনে পৰিস্থিতিত সাধাৰণতে সােণ বা ভূমি বা অন্যান্য পৰিসম্পদহে সঞ্চয়ৰ ভাণ্ডাৰ হৈ পৰিব।

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৪। চেক এখন মুদ্রা নে? তােমাৰ উত্তৰ সপক্ষে যুক্তি দর্শোৱা। 

উঃ প্রকৃততে চেক মুদ্রা নহয়; মুদ্রা পৰিশােধৰ এটা আদেশহে মাথােন। চেক একোখনৰ সাধাৰণ গ্রহণযােগ্যতা নাথাকে। উদাহৰণস্বৰূপে কিতাপ এখন ক্ৰয় কৰা হৈছে। কিতাপখনৰ দাম ২০০ টকা। দুশ টকাৰ চেক এখন লিখি দোকানীক দিলে দোকানীয়ে সেয়া গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে। যদিহে নকৰে দোকানীজনক কাঠগড়ালৈ নিব নােৱাৰি। কাৰণ চেকখন বিহিত মুদ্রা নহয়। ইয়াক ধনাদেশ বা নিকট মুদ্ৰা বুলিও কোৱা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৫। মুদ্রাই সৃষ্টি কৰিৰ ৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা। 

উঃ মুদ্ৰাৰ সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা হল (ক) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবােৰ জটিল সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্রাস হ'লে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্রী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয়। বিশেষকৈ সীমিত আয়ৰ লােকসকল আর্থিকভাৱে জুৰুলা হয়। ঠিক সেইদৰে সামগ্ৰীৰ মূল্য অতিপাত কমি গ'লে অর্থাৎ মুদ্ৰাৰ মূল্য বৃদ্ধি হলে উৎপাদনকাৰীয়ে লােকচান ভৰিবলগীয়া হয় আৰু উৎপাদন হ্রাস হলে নিবনুৱাৰ সৃষ্টি হয়। 

(খ) মুদ্রা অর্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে। মুদ্রা সর্বস্ব অর্থনীতিত মুদ্রা অর্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক বৈষম্য সৃষ্টি কৰে। 

(গ) মুদ্ৰাৰ প্ৰতি থকা দুর্বলতাই সামাজিক মূল্যবােধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে। দুর্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্রা বুলি ক'লে অত্যুক্তি কৰা নহ'ব। 

(ঘ) মুদ্ৰাৰ পৰা ক'লা মুদ্ৰাৰ সৃষ্টি হয়। কলা মুদ্রা অর্থনৈতিক অপৰাধ (যেনে আয়কৰ ফাঁকি)ৰ সৈতে জড়িত। এনেবােৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৬। কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা।

উঃ কেন্দ্রীয় বেংকে কেইবাটাও কার্য সম্পাদন কৰিব লাগে। তাৰে চাৰিটা প্রধান কার্যৰ বিষয়ে তলত ব্যাখ্যা কৰা হ'ল- 

(ক) কেন্দ্রীয় বেংকে বেংকে কাগজী মুদ্রা ছপা কৰে। কেন্দ্রীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ। বাকী কোনাে বেংকৰ এই অধিকাৰটো নাই। 

(খ) কেন্দ্রীয় বেংকে আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰে। এই মুদ্রা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ। বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্রীয় বেংকে ঋণ নিয়ন্ত্রম ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্রদান ক্ষমতা নিয়ন্ত্রণ কৰিব পাৰে। 

(গ) কেন্দ্রীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কার্য সম্পাদন কৰিব লাগে। গােটেইবােৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্রীয় বেংকে পৰীক্ষা কৰে। কেন্দ্রীয় বেংক অন্যান্য বেংকৰ বিপদৰ বন্ধু। আর্থিক সংকটৰ সময়ত কেন্দ্রীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্রয়স্থল। 

(ঘ) কেন্দ্রীয় বেংক চৰকাৰৰ বিত্তৰ যােগান ধৰােতা। বাজেটত দেখুওৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হলে বাজেট ঘাটিয়ে দেখা দিয়ে। বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্রীয় চৰকাৰে (ৰাজ্য চৰকাৰসমূহে নহয়) কেন্দ্রীয় বেংকৰ বিত্তীয় সাহায্য ল'ব পাৰে। কেন্দ্রীয় বেংকে নতুন মুদ্রা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়। কেন্দ্রীয় বেংক চৰকাৰৰ পৰামৰ্শদাতাও। চৰকাৰৰ আয় নীতি, ৰাজহ নীতি, বাণিজ্য নীতি আদিৰ বিষয়ে কেন্দ্রীয় বেংকে নিজৰ পৰামৰ্শ আগবঢ়ায়। কেন্দ্রীয় বেংকে চৰকাৰৰ প্রতিনিধি হিচাপে সকলাে চৰকাৰী আয় আৰু ব্যয়ৰ হিচাপ ৰাখে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৭। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যা কৰা। 

উঃ বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য হ'ল- 

(ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্রহ কৰে। এই সঞ্চয় তিনি প্রকাৰৰ চলিত আমানত, স্থিৰ আমানত বা কাল আমানত আৰু সঞ্চয় আমানত। চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে, সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনাে সময়তে চেকৰ যােগেদি উলিয়াই আনিব পাৰে। স্থিৰ বা কাল আমানতৰ ক্ষেত্ৰত এনে কৰিব নােৱাৰি। এই আমানত উলিয়াই আনিবলৈ হ'লে আমানতকাৰীয়ে। বেংকক আগতীয়াকৈ জনাব লাগিব। সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাৰ এটা অংশ আমানতকাৰীয়ে প্রয়ােজন - অনুসৰি উলিয়াই আনিব পাৰিব কিন্তু আনটো অংশ উলিয়াবলৈ হ'লে বেংকৰ আগতীয়া অনুমতি প্রয়ােজন হ'ব। 


(খ) বাণিজ্যিক বেংকসমূহে ঋণৰ যােগান ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলাচালক, ৰিক্সাচালককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লােকে বাণিজ্যিক বেংকৰ পৰা ঋণ লাভ কৰে। ঋণৰ উচিত ব্যৱহাৰৰ ফলত ঋণ লওঁতাৰ আর্থিক স্থিতি কিছু সবল হয়। ২০০১ চনৰ লােকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ৩৬ শতাংশইহে বেংকত হিচাপ খুলিছিল। ২০১১ চনত ই বৃদ্ধি পালে ৫৯ শতাংশলৈ। ২০১৪ চনৰ আগষ্ট মাহলৈ মুঠ ২১০.৫ নিযুত লােকে বেংকৰ হিচাপ খুলিছে। সাধাৰণতে বাণিজ্যিক বেংকে দীর্ঘকালীন ঋণ আগবঢ়ায়। ইয়াৰ কাৰণ হল এয়ে যে দীর্ঘকালৰ বাবে (৫, ১০, ১৫ বছৰৰ বাবে) বেংকে ঋণ আগবঢ়ালে ঋণ পৰিশােধনকৰা পর্যন্ত বেংকে সঞ্চয় ঘূৰাই নাপাব। তেনে পৰিস্থিতিত আমানতকাৰীসকলে। নিজৰ সঞ্চয় উলিয়াই আনিব বিচাৰিলে বেংকে সেই সঞ্চয় মােকলাই দিয়াত বিফল হয়। এনে হ'লে বেংকৰ ওপৰতৰাইজৰ আস্থা হেৰাই যাব আৰু আনকি সময়ৰ মূৰকত বেংকটো বন্ধ হৈয়াে যাব পাৰে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৮। তলত উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা । 

(ক) আই ডি বি আই

উঃ আই ডি বি আই বেংক অৰ্থাৎ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ মূল কাৰ্যসমূহ হ'ল 

(১) ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰা। 

(২) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা। এই বেংকটোরে উদ্যোগসমূহলৈ ঋণ আদিৰ ৰূপত প্রত্যক্ষভাৱে আর্থিক সাহায্য আগবঢ়ায়। বেংকটোৱে পৰােক্ষভাৱেও উদ্যোগসমূহলৈ সাহায্য আগবঢ়ায়। যেনে বেংকটোৱে ৰাজ্যিক বিত্তীয় নিগম, ঔদ্যোগিক উন্নয়ন নিগম, বাণিজ্যিক বেংকসমূহলৈ বিত্তীয় সাহায্য আগবঢ়ায় আৰু এই অনুষ্ঠানসমূহে ৰাজ্যৰ ঔদ্যোগিক খণ্ডলৈ বিত্তীয় সাহায্য আগবঢ়ায়। 

(৩) অর্থনৈতিকভারে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়। 

(৪) বেংকটোৱে প্রশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়। 


(খ) আঞ্চলিক গ্রাম্য বেংক 

উঃ আঞ্চলিক গ্রাম্য বেংকে সম্পাদন কৰা মূল কাম দুটা হল-

(১) বেপাৰী মহাজনসকলৰ পৰা অত্যধিক সুদ দি ঋণ লােৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া 

(২) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা। 


(গ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক 

উঃ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক অর্থাৎ নাবার্ডে সম্পাদন কৰা মূল কাৰ্যবােৰ হল 

(১) গাঁও অঞ্চলত যিমানবােৰ অনুষ্ঠান বিনিয়ােগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবােৰৰ শীর্ষ বিত্ত যােগানকাৰী প্রতিষ্ঠান হল নাবার্ড। 

(২) ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালােচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবার্ডে ব্যৱস্থা গ্ৰহণ কৰে। 

(৩) সকলােবােৰ বিত্তীয় প্রতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবার্ডে সমন্বয় ৰক্ষা কৰে। 


(ঘ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক 

উঃ ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক অর্থাৎ ছিদবিৰ মুখ্য কার্যাৱলী হ'ল— 

(১) ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা; 

(২) ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া; 

(৩) অর্ধনগৰ এলেকাত ক্ষুদ্র উদ্যোগসমূহত অধিক নিয়ােগৰ ব্যৱস্থা কৰি গাঁও আৰু অর্ধনগৰ এলেকাৰ পৰা চহৰলৈ জনসংখ্যাৰ বহির্গমণ ৰােধ কৰা আৰু (৪) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহলৈ অর্থ সাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যােগেদি ক্ষুদ্র উদ্যোগলৈ ঋণ আগবঢ়োৱা। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

অতিৰিক্ত প্রশ্নোত্তৰ

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

১। আই ডি বি আই বেংক অৰ্থাৎ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক কেতিয়া স্হাপন কৰা হয়? 

উঃ আই ডি বি আই বেংক অৰ্থাৎ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ১৯৬৪ চনত স্হাপন কৰা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

২। আঞ্চলিক গ্রাম্য বেংক কেতিয়া স্হাপন কৰা হয়?

উঃ আঞ্চলিক গ্রাম্য বেংক ১৯৭৫ চনত স্হাপন কৰা হয়। প্রথমতে ৫টা আঞ্চলিক গ্রাম্য বেংক স্হাপন কৰা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৩। ভাৰতবৰ্ষত ২০১৪ চন লৈকে কেইটা আঞ্চলিক গ্রাম্য বেংক কাৰ্যকৰী হৈ আছে? 

উঃ ভাৰতবৰ্ষত ২০১৪ চন লৈকে ৫৭টা আঞ্চলিক গ্রাম্য বেংক কাৰ্যকৰী হৈ আছে? 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৪। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক অর্থাৎ নাবার্ডৰ স্হাপন কেতিয়া কৰা হৈছিল? 

উঃ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক অর্থাৎ নাবার্ডৰ স্হাপন ১৯৮২ চনত কৰা হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৫। ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক অর্থাৎ ছিদবি কেতিয়া স্হাপন কৰা হয়? 

উঃ ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক অর্থাৎ ছিদবি  

আইন ১৯৮৯ চনত গৃহীত কৰা হয় আৰু ১৯৯০ চনৰ পৰা ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক অর্থাৎ ছিদবি কাৰ্যকৰী হৈ উঠে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৬। ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক অর্থাৎ ছিদবিৰ মূখ্য কাৰ্যালয় কত অৱস্থিত? 

উঃ ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক অর্থাৎ ছিদবিৰ মূখ্য কাৰ্যালয় লক্ষ্মৌত অৱস্থিত। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৭। বেংকৰ উৎপত্তি কেনেকৈ হৈছিল? 

উঃ অর্থনীতিবিদ ক্রাউথাৰৰ মতে বেপাৰী, সােণাৰী আৰু ক্ষণ দিও মহাজনসকলেই হ’ল বেংকৰ পূৰ্বপুৰুষ। মধ্যযুগত ইটালীত বেংক অব ভেনিচ স্থাপন হােৱাৰ লগে লগে বেংক শব্দটোৱে বহুল প্রচাৰ লাভ কৰে বুলি কোনাে কোনােৱে ক'ব খােজে। ইটালীৰ ক্ষুদ্র ক্ষুদ্ৰ ৰাজ্য সমুহৰ মাজত যুদ্ধ-বিগ্রহ চলি থকাত কর্তৃপক্ষৰ ধনৰাশিৰ প্রয়ােজন হৈছিল। তেনে ধনৰাশি সংগ্ৰহ কৰিবলৈ কেতবােৰ আয়ুক্ত নিয়ােগ কৰা হৈছিল। এই আয়ুক্তসকলক মন্তে (Monte) বুলি কোৱা হৈছিল। সেই সময়ত ইটালীৰ বৃহৎ অঞ্চল জার্মানসকলৰ দখলত আছিল। মন্তে শব্দটোৰ ঠাইত জার্মানসকলে banck শব্দটো ব্যৱহাৰ কৰিছিল। ইটালীত এই শব্দ banco, ফৰাচী ভাষাত banke আৰু ইংলেণ্ডত bank হৈ পৰিল। 

ভাৰতত ১৭৭০ চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল। এই বেংকটোৰ নাম আছিল বেংক অব হিন্দুস্তান। থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক হ’ল গুৱাহাটী বেংক। এই বেংক ১৯২৬ চনত স্থাপিত হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৮। বেংকৰ শ্ৰেণীবিভাজন কৰি বহলাই লিখা। 

উঃ বেংক কেইবা প্ৰকাৰৰ আছে। তাৰে ভিতৰত আমি জানিবলগীয়া বেংককেইটা হ'ল– (১) কেন্দ্রীয় বেংক (২) বাণিজ্যিক বেংক (৩) আঞ্চলিক গ্রাম্য বেংক, (৪) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক (৫) ভাৰতীয় ক্ষুদ্র উদ্যোগ বিকাশ বেংক আৰু (৬) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বাষ্ট্ৰীয় বেংক (বার্ড)। ইয়াৰ বাহিৰেও আৰু কেতবোৰ বেংক আছে (যেনে- এছীয় উন্নয়ন বেংক, বিশ্ব বেংক ইত্যাদি)। 

(১) কেন্দ্রীয় বেংকঃ

কেন্দ্রীয় বেংক হ'ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক। এই বেংকৰ নীতি- নির্দেশনা অনুসৰি অন্যান্য বেংকসমূহে কার্য সম্পাদন কৰিব লাগে। ছুইডেনৰ ৰিক্স বেংক সবাতােকৈ পুৰণি কেন্দ্রীয় বেংক। এই বেংক স্থাপিত হৈছিল ১৬৫৬ চনত। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হ'ল ভাৰতীয় ৰিজার্ভ বেংক (Reserve Bank of India)। এই বেংক স্থাপিত হয় ১৯৩৫ চনত। 

কেন্দ্রীয় বেংকে কেইবাটাও কার্য সম্পাদন কৰিব লাগে। তাৰে প্রধান কার্যকেইটা তলত ব্যাখ্যা কৰা হ'ল। 

(ক) কেন্দ্রীয় বেংকে আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰে। এই মুদ্রা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ। বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্রীয় বেংকে ঋণ নিয়ন্ত্রম ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্রদান ক্ষমতা নিয়ন্ত্রণ কৰিব পাৰে। 

(খ) কেন্দ্রীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কার্য সম্পাদন কৰিব লাগে। গােটেইবােৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্রীয় বেংকে পৰীক্ষা কৰে। কেন্দ্রীয় বেংক অন্যান্য বেংকৰ বিপদৰ বন্ধু। আর্থিক সংকটৰ সময়ত কেন্দ্রীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্রয়স্থল। 


(২) বাণিজ্যিক বেংকঃ

যিবিলাক বেংকে কেন্দ্রীয় বেংকৰ নির্দেশনা মানি জনসাধাৰণৰ লগত প্রত্যেক্ষ আৰু পৰােক্ষভারে সঞ্চয়, ঋণ, বেপাৰবাণিজ্য আদিত জড়িত কার্য সম্পন্ন কৰে, তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্যিক বেংক বােলা হয়। বর্তমান কালত বাণিজ্যিক বেংকৰ কাৰ্যৰ পৰিসৰ দিনক-দিনে বৃদ্ধি পাই আহিছে। তলত বাণিজ্যিক বেংকৰ কার্যাৱলী আলােচনা কৰা হ'ল-

(ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্রহ কৰে। এই সঞ্চয় তিনি প্রকাৰৰ চলিত আমানত, স্থিৰ আমানত বা কাল আমানত আৰু সঞ্চয় আমানত। চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে, সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনাে সময়তে চেকৰ যােগেদি উলিয়াই আনিব পাৰে। স্থিৰ বা কাল আমানতৰ ক্ষেত্ৰত এনে কৰিব নােৱাৰি। এই আমানত উলিয়াই আনিবলৈ হ'লে আমানতকাৰীয়ে। বেংকক আগতীয়াকৈ জনাব লাগিব। সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাৰ এটা অংশ আমানতকাৰীয়ে প্রয়ােজন - অনুসৰি উলিয়াই আনিব পাৰিব কিন্তু আনটো অংশ উলিয়াবলৈ হ'লে বেংকৰ আগতীয়া অনুমতি প্রয়ােজন হ'ব। 

(খ) বাণিজ্যিক বেংকসমূহে ঋণৰ যােগান ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলাচালক, ৰিক্সাচালককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লােকে বাণিজ্যিক বেংকৰ পৰা ঋণ লাভ কৰে। ঋণৰ উচিত ব্যৱহাৰৰ ফলত ঋণ লওঁতাৰ আর্থিক স্থিতি কিছু সবল হয়।


(৩) আঞ্চলিক গ্রাম্য বেংক 

উঃ আঞ্চলিক গ্রাম্য বেংকে সম্পাদন কৰা মূল কাম দুটা হল-

(ক) বেপাৰী মহাজনসকলৰ পৰা অত্যধিক সুদ দি ঋণ লােৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া 

(খ) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা। 


(৪) আই ডি বি আই বেংক 

উঃ আই ডি বি আই বেংক অৰ্থাৎ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ মূল কাৰ্যসমূহ হ'ল 

(ক) ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্রদান কৰা। 

(খ) অর্থনৈতিকভারে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়। 


(৫) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক 

উঃ ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক অর্থাৎ ছিদবিৰ মুখ্য কার্যাৱলী হ'ল— 

(ক) ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা; 

(খ) ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া; 


(৬) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক 

উঃ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক অর্থাৎ নাবার্ডে সম্পাদন কৰা মূল কাৰ্যবােৰ হল 

(ক) গাঁও অঞ্চলত যিমানবােৰ অনুষ্ঠান বিনিয়ােগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবােৰৰ শীর্ষ বিত্ত যােগানকাৰী প্রতিষ্ঠান হল নাবার্ড। 

(খ) ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালােচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবার্ডে ব্যৱস্থা গ্ৰহণ কৰে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

৯। মুদ্রাৰ ভূমিকা সম্পর্কে বুজাই লিখা। 

উঃ মুদ্রাৰ ভূমিকা সমূহ তলত উল্লেখ কৰা হল-

(১) মুদ্রাই বিনিময় ব্যৱস্থাটো সহজ কৰি তুলিলে। মুদ্রা ব্যৱস্থাত বিনিময় প্রথাৰ অসুবিধাবােৰ আঁতৰ হ'ল। মুদ্রাই বিনিময়ব মাধ্যম হিচাপে কাম কৰে। 

(২) যি ব্যৱস্থাত বজাৰৰ চাহিদা আৰু যােগানে উৎপাদন প্রক্রিয়াটো নিয়ন্ত্রণ কৰে, চৰকাৰী নীতি-নির্দেশনাই নকৰে সেই ব্যৱস্থাটোৱেই হ'ল বজাৰকেন্দ্রিক অর্থনীতি। বজাৰকেন্দ্রিক অর্থনীতিৰ দৰ ব্যৱস্থা হ'ল এক প্রধান বৈশিষ্ট্য। দৰ ব্যৱস্থা মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল। অর্থাৎ বস্তুৰ দৰ বা দাম মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা এটা বিনিময় মূল্য। 

(৩) যি ব্যৱস্থাত চৰকাৰী সিদ্ধান্তইহে উৎপাদন প্রক্রিয়া নির্ধাৰণ কৰে, বজাৰে নকৰে সেই ব্যৱস্থাতাে সম্পদৰাজিৰ মূল্য মুদ্ৰাৰ মাধ্যমতহে প্রকাশ করা হয়। মুদ্রা অবিহনে যিকোনাে আর্থিক ব্যৱস্থাই অচল হৈ পৰিব।

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

১০। মুদ্রা সাধাৰণতে কেই প্ৰকাৰৰ? 

উঃ মুদ্রা সাধাৰণতে দুই প্ৰকাৰৰ-

ক) হিচাপ নিকাচৰ মুদ্রা

খ) প্রকৃত মুদ্রা

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

১১। প্রকৃত মুদ্রা কেই প্ৰকাৰৰ আৰু কি কি? প্রতিটো মুদ্রাৰ বিষয়ে লিখা। 

উঃ বিভিন্ন সময়ত বিভিন্ন সামগ্ৰীয়ে প্রকৃত মুদ্ৰাৰ ভূমিকা পালন কৰি আহিছে আৰু লগে লগে সেই সামগ্ৰীয়ে হিচাপ-নিকাচৰ মুদ্ৰাৰ দায়িত্বও পালন কৰি আহিছে। 

প্রকৃত মুদ্রা কেইবাপ্ৰকাৰৰ হ'ব পাৰে। সেইবােৰ হ'ল— (১) সামগ্রী মুদ্রা 

(২) জন্তু মুদ্রা

(৩) ধাতুগত মুদ্রা

(৪) কাগজী মুদ্রা 

(৫) বিহিত মুদ্রা 

(৬) অবিহিত মুদ্রা

(৭) আদেশী মুদ্রা 

(৮) প্রতীক মুদ্রা 

(৯) চেক মুদ্রা 

(১০) মান মুদ্রা 

(১১) তপত মুদ্রা 

(১২) সংকুচিত মুদ্রা 

(১৩) সুলভ মুদ্রা 

(১৪) কলা মুদ্রা আৰু 

(১৫) উচ্চ ক্ষমতাসম্পন্ন মুদ্রা 


(১) সামগ্রী মুদ্রাঃ

বিনিময় প্রথাত সামগ্ৰীয়েই আছিল বিনিময়ৰ মাধ্যম। সামগ্ৰীয়েই আছিল হিচাপ-নিকাচৰ মুদ্ৰা আৰু লগতে প্রকৃত মুদ্রাও। 


(২) জন্তু মুদ্রাঃ

জন্তু একোটা (বিশেষকৈ ছাগলী) বিনিময়ৰ মাধ্যম হলে জন্তু মুদ্ৰাৰ সৃষ্টি হয়। 


(৩) ধাতুগত মুদ্রাঃ

সােণ বা ৰূপৰ গ্রহণযােগ্যতা আছে। এই দুয়ােবিধ ধাতু বেলেগে বেলেগে বা একেলগে বিনিময়ৰ মাধ্যম হলে ধাতুগত মুদ্ৰাৰ প্ৰচলন হয়। 


(৪) কাগজী মুদ্রাঃ

কাগজী মুদ্রাই ধাতুগত মুদ্ৰাৰ স্থান অধিকাৰ কৰিছে। বিনিময় মাধ্যম হিচাপে কাগঞ্জী মুদ্ৰাৰ ব্যৱহাৰ হৈছে। পূর্বৰ কাগজী মুদ্রা সম মুল্যৰ সােণ বা ৰূপলৈ পৰিৱৰ্তিত হৈছিল। উদাহৰণস্বৰূপে ১০০ টকাৰ কাগজী মুদ্রা ১০০ টকা মূল্যব সােণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল। এনে কাগজী মুদ্রাক প্রতিনিধিত্বমূলক (সােণ বা ৰূপৰ প্রতিনিধি) বা পৰিৱৰ্তনীয় কাগজী মুদ্রা বােলা হৈছিল। বৰ্তমানৰ কাগজী মুদ্ৰা হ'ল অ-প্রতিনিধিত্বমূলক বা অপৰিৱর্তনীয় কাগজী মুদ্রা। এই মুদ্রা পূর্বৰ দৰে সােণ বা ৰূপলৈ ৰূপান্তৰ নহয়। 


(৫) বিহিত মুদ্রাঃ

যি মুদ্ৰাৰ গ্রহণযােগ্যতা বিধিসম্মত সেই মুদ্রাই বিহিত মুদ্রা। এনে মুদ্রা গ্ৰহণ কৰিবলৈ আপত্তি দর্শোৱাজন আইনমতে দণ্ডনীয় হ'ব। ভাৰতবৰ্ষত বর্তমান প্রচলিত কাগজী মুদ্রা আৰু ধাতুমুদ্রা বিহিত মুদ্রা। 

বিহিত মুদ্রা দুই প্রকাৰৰ— সসীম বিহিত মুদ্রা 

অসীম বিহিত মুদ্রা। 

যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি সেই মুদ্রা সসীম বিহিত মুদ্ৰা হ'ব। এই মুদ্রা নাথাকিলে কিছুমান লেনদেনৰ ক্ষেত্ৰত আহুকালে দেখা দিব। ধৰি লােৱা যে তুমি এডৰা ভূমি বিক্ৰী কৰিছা। ভূমিডৰাৰ মূল্য ১০ লাখ টকা। ভূমি ক্রয় কৰােতাজনে ১০ লাখ টকা কম মূল্যৰ মুদ্ৰাৰ ৰূপত আদায় দিলে তােমাৰ অসুবিধা নহ'ব জানাে? গতিকে কম মূল্যৰ কাগজী বা ধাতু মুদ্রা এই ক্ষেত্ৰত সীমিত বা অসীম বিহিত মুদ্ৰা হ'ব। অধিক মূল্যৰ মুদ্ৰা হ'ব অসীম বিহিত মুদ্রা। মুদ্রা এই ক্ষেত্ৰত অসীম বিহিত মুদ্রা হ'ব পাৰে। এই মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পাদন কৰিব পাৰি। উদাহৰণটোত উল্লেখ কৰা ১০ লাখ টকা এই মুদ্ৰাৰ ৰূপতেই আদায় দিব পাৰি। 


(৬) অবিহিত মুদ্রাঃ 

যি মুদ্ৰাৰ গ্রহণযােগ্যতা আইনসংগত নহয়, অর্থাৎ যি মুদ্রা গ্রহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় সেই মুদ্রাই হব অবিহিত মুদ্রা। (যেনে চেক মুদ্রা)। 


(৭) আদেশী মুদ্রাঃ

চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্রা বিনিময়ৰ মাধ্যম হিচাপে গ্রহণ করা হয় সেই মুদ্রাই হ’ব আদেশী মুদ্রা। কাগজী বা ধাতু মুদ্রা আদেশী মুদ্ৰাৰে উদাহৰণ। চৰকাৰী কর্তৃত্বৰ দ্বাৰা এই মুদ্রা সমর্থিত। 


(৮) প্রতীক মুদ্রাঃ

যি মুদ্রাৰ প্রদর্শিত মূল্য বা খােদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তর্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক সেই মুদ্রাই হ’ব প্রতীক মুদ্রা। মুদ্ৰাৰ ওপৰত যিটো সংখ্যা লিখা থাকে সেইটো হ’ল প্রদর্শিত মূল্য। যেনে ১০০ টকাৰ নােট এখনৰ ওপৰত ভাৰতীয় সংবিধানৰ অষ্টম অনুসুচীত উল্লেখিত ২২টা ভাষাত ১০০ শব্দটো লিখা থাকে। কিন্তু ১০০ টকীয়া নােটখন যি কাগজেৰে তৈয়াৰী সেই কাগজ টুকুৰাৰ মূল্য ১০০ টকাতকৈ বহুত কম হ'ব। ঠিক সেইদৰে ৫ টকীয়া ধাতু মুদ্ৰা এটাৰ ওপৰত খােদিত কৰা থাকে ৫ সংখ্যাটো। কিন্তু সেই মুদ্রাটো যি ধাতুৰে তৈয়াৰ কৰা হৈছে সেই ধাতুৰ মূল্য ৫ টকাতকৈ কম হ'ব। বর্তমান আমি দেখা প্রায় সকলােবােৰ ধাতু মুদ্রা প্রতীক মুদ্রা। 


(৯) চেক মুদ্রাঃ 

প্ৰকৃততে চেক মুদ্রা নহয়; মুদ্রা পৰিশােধৰ এটা আদেশহে মাথােন। চেক একোখনৰ সাধাৰণ গ্রহণযােগ্যতা নাথাকে। উদাহৰণস্বৰূপে কিতাপ এখন ক্ৰয় কৰা হৈছে। কিতাপখনৰ দাম ২০০ টকা। দুশ টকাৰ চেক এখন লিখি দোকানীক দিলে দোকানীয়ে সেয়া গ্ৰহণ কৰিবও পাৰে বা নকৰিবও পাৰে। যদিহে নকৰে দোকানীজনক কাঠগড়ালৈ নিব নােৱাৰি। কাৰণ চেকখন বিহিত মুদ্রা নহয়। ইয়াক ধনাদেশ বা নিকট মুদ্ৰা বুলিও কোৱা হয়। 


(১০) মান মুদ্রাঃ

মান মুদ্রা হ’ল দেশখনৰ মুদ্ৰাৰ এটা একক। এই এককৰ সৈতে বাকীবােৰ এককৰ মূল্য সম্পর্কিত। ভাৰতবৰ্ষৰ মান মুদ্রা হ’ল টকাটো। এক পইচা হ'ব টকাটোৰ ১০০ ভাগৰ এভাগ। 


(১১) তপত মুদ্রাঃ

গভীৰ অর্থনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্যলৈ যেতিয়া জল্পনা-কল্পনাৰ অন্ত নাথাকে তেতিয়া দেশখনৰপৰা মূলধনৰ বহির্গমন হয়। মূলধনৰ বহির্গমনে তপত মুদ্ৰাৰ সৃষ্টি কৰে। 


(১২) সংকুচিত মুদ্রাঃ

কেন্দ্রীয় বেংকৰ কাৰ্যৰ জৰিয়তে সংকুচিত মুদ্ৰাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে ভাৰতীয় বিজার্ভ বেংকে সুদৰ হাৰ বৃদ্ধি কৰিলে সদস্য বেংকসমূহে কম পৰিমাণ ঋণ ল’ব। ফলস্বৰূপে সদস্য বেংকসমূহেও সুদৰ হাৰ বৃদ্ধি কৰিব। যাব ফলস্বৰূপে ঋণ লওঁতাই কম পৰিমাণে সদস্য বেংক সমুহৰ পৰা ঋণ ল'ব। ইয়াৰ ফলস্বৰূপে মুদ্ৰাৰ যােগান কমি যাব। এইদৰেই সংকুচিত মুদ্ৰাৰ সৃষ্টি হ'ব। 


(১৩) সুলভ মুদ্রাঃ

কেন্দ্রীয় বেংকে সুদৰ হাৰ হ্ৰাস কৰিলে ঋণ লওতাই অধিক ঋণ ল’ব আৰু মুদ্ৰাৰ যােগান বৃদ্ধি হ'ব। এইদৰেই সুলভ মুদ্ৰাৰ সৃষ্টি হ'ব। 


(১৪) ক'লা মুদ্রাঃ

ক’লা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হ'ল অর্থনৈতিক অপৰাধ। যেনে আয়কৰ ফাকি দিয়াটো অর্থনৈতিক অপৰাধ। এই অপৰাধে ক'লা মুদ্ৰাৰ সৃষ্টি কৰিব। ধৰি লােৱা হ'ল যে সকলােবােৰ ৰেহাই পােৱাৰ পিছত (বিভিন্ন ধৰণৰ বিনিয়ােগৰ ক্ষেত্ৰত কৰ ৰেহাই) এজন ব্যক্তিয়ে চৰকাৰক ৫ লাখ টকা আয়কৰ দিব লাগে। কিন্তু আয়কৰৰ বিবৃতি ব্যক্তিগৰাকীয়ে এইদৰে তৈয়াৰ কৰিলে যে ব্যক্তিজনে ১ লাখ টকা দিলেই হ'ল। এতিয়া (৫—১ লাখ টকা) ৪ লাখ টকা চৰকাৰৰ ঘৰলৈ যাব লাগিছিল যদিও নগ'ল। এই ৪ লাখ টকা হ'ব ক'লা টকা বা হিচাপবিহীন টকা। 


(১৫) উচ্চ ক্ষমতাসম্পন্ন মুদ্রাঃ

দেশ এখনত যােগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্রীয় বেংকে প্রত্যক্ষভাৱে নিয়ন্ত্রণ কৰে সেই অংশটোৱেই হ'ল উচ্চ ক্ষমতাসম্পন্ন মুদ্রা। এই মুদ্রা নিয়ন্ত্ৰণৰ জৰিয়তে কেন্দ্রীয় বেংকে মুদ্ৰাৰ যােগান কম-বেচি কৰিব পাৰে।

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

১২। মুদ্রাৰ মূখ্য কাৰ্য্য দুটা লিখা। 

উঃ মুদ্রাৰ মূখ্য কাৰ্য্য দুটা হল-

(ক) মুদ্রাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে। বিনিময় প্রথাত সামগ্ৰীৰ ৰিপৰীতে - সামগ্রী প্রত্যক্ষ বিনিময় হৈছিল। মুদ্রা ব্যৱস্থাত সামগ্রীৰ পৰিৱর্তে সামগ্রীৰ পৰােক্ষ বিনিময় হয়। চাউল উৎপাদন কৰা ব্যক্তিগৰাকীয়ে বজাৰত চাউল বিক্ৰী কৰি মুদ্রা অর্জন কৰে। আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ কুঁহিয়াৰ ক্ৰয় কৰিব। বিনিময় প্রথাৰ এটা লেনদেন মুদ্রা। ব্যৱস্থাত দুটা লেনদেনলৈ পৰিৱর্তিত হ'ল। মুদ্রা হৈ পৰিল বিনিময়ৰ মাধ্যম। যি মুদ্রাই বিনিময়ৰ মাধ্যম হিচাপে কার্য সম্পাদন কৰিব নােৱাৰে সি মুদ্রা হব নােৱাৰে। 

(খ) মুদ্রাই সা সামগ্রীৰ মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে সকলাে আর্থিক সামগ্ৰীৰ মূল্য আছে। মুক্ত সামগ্ৰীৰহে মূল্য নাথাকে। আমি সেৱন কৰা বতাহ, সূৰ্যৰ ৰশ্মি, নৈৰ পানী ইত্যাদিৰ বাবে মূল্য দিব নালাগে। যিবােৰ সামগ্ৰীৰ বজাৰত বেচা- কিনা হয় সেইবোৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্রীৰ বিনিময় মূল্যই হ'ল সামগ্রীটোৰ দাম। মুদ্রা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি, কাৰণ সকলাে আর্থিক সামগ্রীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

১৩। মুদ্রাৰ গৌণ কাৰ্য্য দুটা লিখা। 

উঃ মুদ্রাৰ গৌণ কাৰ্য্য দুটা হল-

(ক) মুদ্রাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কার্য সম্পাদন কৰে। কিছুমান। সামগ্রী আৰু পৰিসম্পদ বেচা-কিনাৰ সময়ত দামটো লগে লগে পৰিশােধ করা। নহয়। ঋণৰ ক্ষেত্ৰতাে ঋণ লওঁতই ঋণদাতাক ঋণ পৰিশােধ কৰােতে সময় লয়। এনেবােৰ ক্ষেত্ৰত ধন আদায় প্রক্রিয়াটো তৎকালীন নহয়, প্রক্রিয়াটো স্থগিত কৰি ৰখা হয়। সকলােবােৰ স্থগিত দেনা-পাওনাৰ হিচাপ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়।

(খ) মুদ্রাই মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰিব লাগে। সামগ্রী সঞ্চয় কৰি ৰাখিব নােৱাৰে। সামগ্রীবােৰ সােনকালে নষ্ট হৈ যায়। বিনিময় প্রথাত সেয়ে সঞ্চয়ৰ ভাণ্ডাৰ নাছিল মুদ্রা ব্যরস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্রা প্রয়ােজন অনুসৰি সামগ্রী ব্রয় কৰােতে ব্যরহাৰ কৰিব পাৰি । এই অর্থত মুদ্রা সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি ক'ব পাৰি। অৱশ্যে বিশেষ একোটা পৰিস্থিতিত মুদ্ৰাৰ মূল্যৰ স্থিৰতা সম্পূর্ণকৈ হেৰাই গ'লে (উদাহৰণস্বৰূপে অভাৱনীয়ভাবে অবিৰাম সা সামগ্ৰীৰ মূল্য বৃদ্ধি হলে) মুদ্রাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰিব নােৱাৰিব। তেনে পৰিস্থিতিত সাধাৰণতে সােণ বা ভূমি বা অন্যান্য পৰিসম্পদহে সঞ্চয়ৰ ভাণ্ডাৰ হৈ পৰিব।

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

১৪। মুদ্রাৰ ক্রমবিকাশ সম্পর্কে বুজাই লিখা। 

উঃ আজি আমি যি মুদ্রা ব্যৱহাৰ কৰিছো সেই মুদ্রা নিশাটোৰ ভিতৰতে সৃষ্টি হােৱা নাই। কেইবাটাও পর্যায় বা অৱস্থা অতিক্ৰম কৰিহে মুদ্রাই আজিৰ ৰূপটো পৰিগ্রহণ কৰিছে। 

বিনিময় প্রথাক মুদ্ৰাৰ ক্ৰমবিকাশৰ প্রথম পর্যায় বুলি ক'ব পাৰি। এই ব্যৱস্থাত সামগ্ৰীয়েই সীমিত অৰ্থত মুদ্ৰাৰ কাম কৰিছিল। মুঠতে, মুদ্ৰাৰ ক্ৰমবিকাশৰ পাঁচটা পর্যায় আছে। সেইকেইটা হ'ল- 

(১) বিনিময় প্রথা 

(২) জমান 

(৩) অমুদ্রিত ধাতুমান 

(৪) ধাতু মুদ্রা আৰু 

(৫) কাগজী মুদ্রা। 


সামগ্রীৰ বিপৰীতে সামগ্ৰীৰ প্রত্যক্ষ বিনিময়েই হল বিনিময় প্রথা। ব্যক্তি এজনে ধান উৎপাদন কৰিছে। এক নির্দিষ্ট অভাৱ পূৰণ কৰিবলৈ তেওঁৰ সৰিয়হৰ প্রয়ােজন হৈছে। তেওঁ নিজে সৰিয়হ উৎপাদন কৰা নাই। এতিয়া তেওঁৰ অভাৱ আঁতৰ হ'ব বিনিময় প্রথাৰ জৰিয়তে। আন এজন ব্যক্তিয়ে সৰিয়হ উৎপাদন কৰিছে। তেওঁক ধানৰ প্রয়ােজন হৈছে। তেওঁ ধান উৎপাদন নকৰে। প্রথম আৰু দ্বিতীয় ব্যক্তিৰ মাজত বিনিময় হব। প্রথম ব্যক্তিয়ে ধানখিনিৰ এক অংশ দ্বিতীয় ব্যক্তিক দিব আৰু তাৰ বিনিময়ত প্রথম ব্যক্তিয়ে দ্বিতীয় ব্যক্তিৰ পৰা সৰিয়হখিনিৰ এক অংশ সংগ্রহ কৰি লম্ব। ঠিক সেইদৰে দ্বিতীয় ব্যক্তিয়ে সৰিয়হৰ বিনিময়ত প্রথম ব্যক্তিৰপৰা ধানৰ এক অংশ সংগ্রহ কৰিব। প্রথম আৰু দ্বিতীয় ব্যক্তি কোনােৱেই আত্মনিৰ্ভৰশীল নহয়; তেওঁলােক দুয়াে পৰস্পৰ নিৰ্ভৰশীল। সামগ্রীৰ সলনি সামগ্রীৰ পােনপটীয়া বিনিময় কৰি দুয়াে দুয়ােৰে অভাৱ পূৰণ কৰিছে। 


জমান স্তৰত জন্তু বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল (বিশেষকৈ ছাগলী)। এই ব্যৱস্থা আঁতৰি গ'ল দুটা প্রধান অসুবিধাৰ বাবে। প্রথম, ছাগলীবােৰ পূৰ্ণ সাদৃশ্যযুক্ত নহয়, ৰং আৰু আকাৰ বেলেগ বেলেগ হােৱা বাবে। পছন্দ-অপছন্দৰ প্রশ্ন উঠিছিল। কোনােবাই যদি পখৰাটো অপছন্দ কৰিছিল আন এজনে হয়তাে ক'লাটো পছন্দ কৰিছিল। দ্বিতীয়তে, মহামাৰীত ছাগলীৰ সংখ্যা হ্রাস হােৱাৰ লগে লগে মুদ্ৰাৰ পৰিমাণে কমি যাব। অর্থনীতিত মুদ্রা সংকটে দেখা দিব। তৃতীয়তে, ছাগলী বা জন্তু এটা ভাগ কৰি বিনিময় কৰিব নােৱাৰি। 


অমৌদ্রিক ধাতুমান ব্যৱস্থাত সােণ বা ৰূপৰ টুকুৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। ইয়াত বহুতাে অসুবিধাই দেখা দিছিল। প্রথম, সােণ বা ৰূপ। নিভাঁজ হয় নে নহয় প্রতিবাৰ লেনদেনত সেইটো নিশ্চিত কৰিবলগীয়া হৈছিল। দ্বিতীয়তে, এনেবােৰ মূল্যৱান ধাতু এঠাইৰপৰা আন এঠাইলৈ নিৰাপদে কঢ়িয়াই নিয়াটো সহজ নাছিল। 


অমৌদ্রিক ধাতুমান ব্যৱস্থাৰ বিলুপ্তি ঘটাত ধাতু মুদ্ৰাৰ সৃষ্টি হ’ল। কিন্তু এই ব্যৱস্থাতে অসুবিধাই দেখা দিলে। সােণ বা ৰূপৰ যােগান সীমাবদ্ধ বা অস্থিতিস্থাপক, প্রয়ােজন হলেই বৃদ্ধি কৰিব নােৱাৰি। তদুপৰি বেপাৰ বাণিজ্যৰ পৰিসৰ বৃদ্ধি হােৱাৰ লগে লগে মুদ্রাবােৰ দূৰৈৰ ঠাইলৈ কঢ়িয়াই নিয়াত অসুবিধাৰ সৃষ্টি হৈছিল। 


মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পর্যায়ত কাগজী মুদ্রাৰ প্রচলন হ’ল। এই মুদ্ৰা কঢ়িয়াই নিয়াটো সহজ। প্রথম অৱস্থাত কাগজী মুদ্রা সােণ বা ৰূপলৈ ৰূপান্তৰিত কৰা হৈছিল। কালক্ৰমত কাগজী মুদ্ৰাক মুদ্রা হিচাপে গ্ৰহণ কৰা হ'ল আৰু ৰূপান্তৰকৰণ অপ্রয়ােজনীয় হৈ পৰিল। এইদৰেই কাগজী মুদ্রাই বৰ্তমানৰ ৰূপ লয়। 


বর্তমান উন্নত আৰু উন্নয়নশীল সকলাে দেশতে চেক মুদ্রা প্রচলন বৃদ্ধি হৈ আহিব ধৰিছে। যদিও বেংকসমূহে গ্ৰাহকক দিয়া চেক আইনী মুদ্রা নহয়, তথাপিও চেকৰ জৰিয়তে বস্তু বেচা-কিনা কৰা হয়। অনাগত ভৱিষ্যতত চেক নিজেই মুদ্রা হৈ পৰিব বুলি অর্থনীতিবিদসকলে মত পােষণ কৰিছে।

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

১৫। ভাৰতত প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল? এই বেংকটোৰ কি নাম আছিল?

উঃ ভাৰতত ১৭৭০ চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল। এই বেংকটোৰ নাম আছিল বেংক অব হিন্দুস্তান।

সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা social science class 10 question answer notes

১৬। অসমৰ প্ৰথমটো বেংক কি? এই বেংক কিমান চনত স্থাপিত হৈছিল? 

উঃ অসমৰ প্ৰথমটো বেংক হ’ল গুৱাহাটী বেংক। এই বেংক ১৯২৬ চনত স্থাপিত হৈছিল। 




সমাজ বিজ্ঞান দশম শ্রেণীৰ অৰ্থনীতি বিজ্ঞান - প্রথম অধ্যায় মুদ্রা আৰু বেংক ব্যৱস্থা - দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে Class 10 Social Science Economics Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science Economics Previous Year Question Paper with Solution

Post a Comment

0Comments
Post a Comment (0)