সমাজ বিজ্ঞান - দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায়

0

সমাজ বিজ্ঞান - দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায়

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ প্রশ্ন উত্তৰ অধ্যায় ১ ভাৰতীয় গণতন্ত্র 

Class 10 Social Science Political Science Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution

সমাজ বিজ্ঞান - দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ প্রশ্ন উত্তৰ অধ্যায় ১ ভাৰতীয় গণতন্ত্র  Class 10 Social Science Political Science Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution

সমাজ বিজ্ঞান - দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায়


ৰাজনীতি বিজ্ঞান
অধ্যায় - ১ ভাৰতীয় গণতন্ত্র 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র প্ৰশ্ন উত্তৰ Class 10 Social Science Political Science Chapter 1 SEBA Assamese Medium HSLC Question Answer Notes

অতি চমু উত্তৰৰ প্রশ্ন 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

১। ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? 

উত্তৰ: ১৯৪৫ চনত অনুষ্ঠিত হােৱা নির্বাচনত ইংলেণ্ডত শ্রমিক দল জয়ী হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

২। কেবিনেট মিচন ভাৰতলৈ কেতিয়া আহিছিল? 

উঃ ১৯৪৫ চনৰ মাৰ্চ মাহত কেবিনেট মিচন ভাৰতলৈ আহিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৩। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? 

উঃ সংবিধান সভাৰ প্রথম সভাপতি আছিল সচ্ছিদানন্দ সিনহা। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৪। খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম কি? 

উঃ খচৰা সমিতিৰ অধ্যক্ষ জনৰ নাম- ড° বি আৰ আম্বেদকাৰ। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৫। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশােধনী - মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? 

উঃ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হােৱা সংবিধানৰ ৪২ তম সংশােধনী মতে প্রতাৱনাত সন্নিৱিষ্ট হৈছিল। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৬। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? 

উঃ ইংৰাজী Federation শব্দটো লেটিন শব্দ Foedus ৰ পৰা আহিছে। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৭। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? 

উঃ আমেৰিকাক যুক্তৰাষ্ট্রৰ গৃহভূমি বুলি কোৱা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? 

উত্তঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকৰ ব্যৱস্থা নাই। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৯। ভাৰতবর্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো কোনখন দেশৰ সাংবিধানৰপৰা অনুকৰণ কৰা হৈছে? 

উঃ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধান পন্থা অনুকৰণ কৰা হৈছে। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র প্ৰশ্ন উত্তৰ Class 10 Social Science Political Science Chapter 1 SEBA Assamese Medium HSLC Question Answer Notes

চমু উত্তৰৰ প্রশ্ন

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

১। ব্রিটিছ 'কেবিনেট মিছন' কিয় ভাৰতলৈ পঠাইছিল? 

উঃ ১৯৪৫ চনৰ জুলাই মাহত ইংলেণ্ডত শ্রমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ল'লে। সেই অনুসৰি নতুন গণতান্ত্রিক ৰাষ্ট্ৰখনৰ বাবে প্রয়ােজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা প্রয়োজনীয় পৰিৱেশ আৰু প্রস্তুতি চলাবৰ বাবে ব্রিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠালে। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

২৷ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইন কোনে প্রস্তুত কৰিছিল? 

উঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত আইনৰ ভিত্তিত চলিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৩। প্রস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে? 

উঃ প্রস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৪। ‘সার্বভৌম’ মানে কি বুজা? 

উঃ ‘সার্বভৌম’ মানে হল কোনাে বিদেশী শক্তিৰ তলতীয়া নােহােৱা আৰু আভ্যন্তৰীণভাৱেও কোনাে শক্তিৰ দ্বাৰা পৰিচালিত নােহােৱা। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৫। কোন চনৰ কিমান সংশােধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী আৰু ধর্মনিৰপেক্ষ' শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে? 

উঃ 'সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ’ শব্দ দুটা ১৯০৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হােৱা সংবিধানৰ ৪২ তম সংশােধনী মতে প্রস্তাৱনাত সন্নিবিষ্ট কৰা হৈছে। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৬। অৰ্ধ যুক্তৰাষ্ট্র কাক বােলে? 

উঃ যি যুক্তৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থকাৰ উপৰি এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্টও দেখা যায় তাকে অর্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৭। কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্ৰৱৰ্তন কৰিছিল? 

উঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র প্ৰশ্ন উত্তৰ Class 10 Social Science Political Science Chapter 1 SEBA Assamese Medium HSLC Question Answer Notes

সমাজ বিজ্ঞান - দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ প্রশ্ন উত্তৰ অধ্যায় ১ ভাৰতীয় গণতন্ত্র  Class 10 Social Science Political Science Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution
সমাজ বিজ্ঞান - দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায়

দীঘল উত্তৰৰ প্রশ্ন

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

১। ভাৰতবৰ্ষৰ সংবিধান প্রস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্রকাশ পাইছে আলােচনা কৰা। 

উঃ কোনাে এখন গ্রন্থৰ পাতনি যেনকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ সকলাে কথা উল্লেখ থাকে, ঠিক একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাতাে সংবিধানৰ মূল বিষয়বস্তু (আদর্শ আৰু লক্ষ্য) সম্পর্কে বিৱৰণ আছে। সেই বাবেই বহুতে প্রস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি অভিহিত কৰে। প্ৰকৃতাৰ্থত প্রস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখন জনাটো সম্ভৱ। কাৰণ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদর্শ, দর্শন আৰু লক্ষ্য। আমি ভাৰতীয় জনসাধাৰণ বুলি আৰম্ভ হােৱা প্ৰস্তাৱনাত থকা প্রতিটো শব্দত নিহিত হৈ আছে নির্দিষ্ট আদর্শ। 

উল্লেখযােগ্য যে সংবিধান প্রণেতাসলে প্রস্তুতকালত প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতি গুৰুত্ব দিছিল আৰু তেনে আদর্শ সংবিধানৰ পাতত প্রস্ফুটিত হােৱাটো বিচাৰিছিল। প্রস্তাৱনাত থকা গুৰুত্বপূর্ণ শব্দকেইটা হল— সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক আৰু গণতন্ত্র।

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

২। সার্বভৌম, সমাজবাদ, ধর্মনিৰপেক্ষ, গণতান্ত্রিক আৰু গণৰাজ্য বুলিলে কি বুজা বহলাই লিখা। 

উঃ সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক আৰু গণৰাজ্য— এই আটাইকেইটা শব্দৰ মাজত সংবিধানৰ আদর্শ প্রতিফলিত হৈছে। 

সার্বভৌমঃ ভাৰতবৰ্ষ এখন সার্বভৌম ৰাষ্ট্র। সার্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা। অর্থাৎ বাহ্যিক ভাবে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনাে শক্তিৰ দ্বাৰা পৰিচালিত নহয়। 

সমাজবাদীঃ ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্র। সংবিধানৰ ৪২ নং সংশােধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই শব্দটো প্রস্তাৱনাত সংযােজন কৰা হৈছে। ভাৰতবৰ্ষত মানুহৰ আয়, মর্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ'ব। জাতীয় আয়ৰ সমবিতৰণ ব্যৱস্থাৰে আৰু মিশ্র অর্থনীতিৰ জৰিয়তে সমাজবাদ প্রতিষ্ঠা হব। দেশৰ অর্থনীতি জনসাধাৰণে নির্ধাৰণ কৰিব। কোনাে পুঁজিপতিৰ দ্বাৰা দেশৰ অর্থনীতি নির্ধাৰণ নহ'ব। 

ধৰ্মনিৰপেক্ষঃ ভাৰতবৰ্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ হব। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনাে ধর্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলাে ধর্ম সমান আৰু ধৰ্মৰ নামত কোনাে বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনাে ধর্ম প্রতি বিশেষ অনুগ্রহ প্রদর্শন নকৰিব। উল্লেখ্য যে এই শব্দটা প্রস্তারত ৪২ নং সংশােধনী মতে সন্নিৱিষ্ট হৈছে। 

গণতান্ত্রিকঃ ভাৰতবর্ষ এখন গণতান্ত্রিক ৰাষ্ট্র। দেশৰ শাসন ব্যবস্থা জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা পৰিচালিত হব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্রশাসন জনসাধাৰণৰ দায়বদ্ধ হব।

গণৰাজ্যঃ ভাৰতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ ৰাষ্ট্রপ্রধানজন (ৰাষ্ট্রপতি) জনসাধাৰণৰ দ্বাৰা নির্বাচিত ব্যক্তি হ'ব। ৰাষ্ট্রপ্রধানৰ পদবীটো বংশানুক্রমিক নহ'ব অথবা কোনােবাই বাচনি কৰা বিশেষ ব্যক্তি নহ'ব। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাৱকেইটা আলােচনা কৰা। 

উঃ নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱৰ মূল বিষয়সমূহ আছিল তলত দিয়া ধৰণৰ 

(ক) সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, সার্বভৌম, গণৰাজ্য হিচাপে ঘােষণা কৰিবলৈ দৃঢ়প্রতিজ্ঞ (পিছলৈ স্কাধীন শব্দটো বাদ দিয়া হয়)। 

(খ) ব্রিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তর্ভুক্ত হব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হব। 

(গ) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধর্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্রকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা হ'ব। 

(ঘ) অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব। 

(ঙ) দেশৰ স্বাধীনতা, সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হ'ব। 

(চ) আন্তর্জাতিক সম্পর্ক, বিশ্বশান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰবৰ্ষই সম্পূর্ণ সহযােগিতা আগবঢ়াব। 

(ছ) জনসাধাৰণেই হব সকলাে ক্ষমতাৰ উৎস। সার্বভৌম দেশৰ চৰকাৰ আৰু সকলাে অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব। 

(জ) সংঘত যােগ দিয়া সহযােগী দেশীয় ৰাজ্যসমূহে অবশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মর্যাদা লাভ কৰিব। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা।  

উঃ যুক্তৰাষ্ট্ৰ হ'ল পাৰম্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সম্মিলিত হােৱা কিছুমান ৰাজ্যৰ গােট অথবা সমষ্টি। ইয়াত ৰাজ্যসমুহে এখন কেন্দ্রীয় চৰকাৰৰ সার্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্রতা আৰু স্বকীয়তা অক্ষুন্ন ৰাখে। অৱশ্যে যুক্তৰাষ্ট্রীয় পদ্ধতিটোৱে ভিন্ন ৰাষ্ট্ৰত ভিন্ন ৰূপগ্ৰহণ কৰিছে। আমাৰ দেশত অংগৰাজ্যসমূহে সার্বভৌম ক্ষমতা কেন্দ্রীয় চৰকাৰৰ ওচৰত অৰ্পণ কৰিছে। 

ভাৰতবর্ষ স্বাধীন হােৱাৰ পূর্বে ইংলেণ্ডৰ সংসদে প্রণয়ন কৰা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্ট্রীয় পদ্ধতিৰ প্রৱৰ্তন কৰিছিল। দুখলীয়া চৰকাৰ (কেন্দ্ৰ আৰু ৰাজ্য), ক্ষমতাৰ ভাগ-বিতৰণ আদি নীতিৰ আলমত এই আইনে পৰাধীন ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে। সেইবাবেই আমাৰ দেশৰ নতুন সংবিধানে আৰম্ভ কৰা যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো ভাৰতৰ জনগণৰ বাবে সম্পূর্ণ অচিনাকি পদ্ধতি নাছিল।

আমাৰ সংবিধান প্রণেতাসকলে এটা কথা বুজি পাইছিল যে নতুনকৈ জন্ম পােৱা ভাৰতবৰ্ষত যদি অংগৰাজ্যবিলাকক অধিক স্বতন্ত্রতা দিয়া হয় আৰু আমেৰিকাৰ দৰে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা কৰা হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহ'ব। সেইবাবেই তেওঁলােকে আমেৰিকাৰ সংবিধানৰ পৰিৱর্তে কানাডাৰ সংবিধানত থকা ঢিলা যুক্তৰাষ্ট্র (Loose federation) ব্যৱস্থাৰ অনুকৰণত ভাৰতবৰ্ষত এক ব্যতিক্রমধর্মী যুক্তৰাষ্ট্র প্রবর্তন কৰিছিল। 

ভাৰতবর্ষ যুক্তৰাষ্ট্ৰৰ প্ৰকৃত চৰিত্র অথবা বৈশিষ্ট্য বিশ্লেষণ কৰিলে দেখা যায় যে এখন যুক্তৰাষ্ট্ৰত থাকিব লগা কেইবাটাও বৈশিষ্ট থকা সত্ত্বেও আমাৰ ব্যৱস্থাটো প্রকৃত যুক্তৰাষ্ট্রীয় ব্যৱস্থা নহয়। ইয়াত এককেন্দ্রিক চৰকাৰৰ বহুতাে বৈশিষ্ট্য একাত্ম হৈ আছে। সেইবাবেই সংবিধান প্রণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক অর্ধ- যুক্তৰাষ্ট্র, ব্যতিক্রমধর্মী যুক্তৰাষ্ট্ৰ, কেন্দ্রীভূত যুক্তৰাষ্ট্র’, ‘গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদর্শত এককেন্দ্রিক’ বুলি অভিহিত কৰিছে। আমেৰিকা যুক্তৰাষ্ট্রৰ দৰে আমাৰ যুক্তৰাষ্ট্ৰত অংগৰাজ্যসমূহৰ বিলগ্ন হােৱা অথবা আঁতৰি যােৱাৰ অধিকাৰ নাই।

ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্রৰাজ্যৰ সহযােগিতাৰ ওপৰত মূলতঃ নিৰ্ভৰশীল। সেইবাবে এনে যুক্তৰাষ্ট্ৰ হ'ল সহযােগিতামূলক যুক্তৰাষ্ট্র (Cooperative federation)।

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা। 

উঃ সংসদীয় গণতন্ত্র হ'ল এবিধ শাসন ব্যবস্থা যত জনপ্রতিনিধিৰ দ্বাৰা গঠিত এটা সংস্থাৰ ওচৰত শাসনৰ সর্বোচ্চ ক্ষমতা অর্পণ কৰা হয়। জনপ্রতিনিধিৰে গঠিত এনে সংস্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ আৰু ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত সংসদ বােলা হয়। ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত। লােকসভা আৰু ৰাজ্যসভা নামৰ - এই দুখন সদনৰ লগতে ভাৰতৰ ৰাষ্ট্রপতিজনাে ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ। মুঠতে সংসদক প্রাধান্য দি পৰিচালিত হােৱা গণতান্ত্রিক ব্যৱস্থাকে সহজ অর্থত সংসদীয় গণতন্ত্র বুলিব পাৰি। 

সংবিধান অনুসৰি ভাৰতবৰ্ষত প্রচলিত হােৱা সংসদীয় গণতন্ত্রই জনসাধাৰণৰ ওচৰত বিশেষভাৱে দায়বদ্ধ এখন চৰকাৰ গঠন কৰিছে। সংবিধান প্রণেতাসকলে আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰিছিল অৱশ্যে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল। যদিও ইংলেণ্ডৰ সংসদীয় পদ্ধতিৰ প্ৰভাৱ আমাৰ সংবিধানত পৰিছে তথাপি সংবিধান প্রণেতাসকলে অন্ধভাৱে ইংলেণ্ডৰ সংবিধানখন অনুকৰণ নকৰি ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থা তথা পৰিৱেশৰ প্রতি চকু দি সকলাে কথাকে ভাৰতীয়কৰণ কৰি সংবিধানৰ পাতত ঠাই দিছিল। ফলস্বৰূপে ভাৰতৰ সংসদীয় পদ্ধতি কিছু ব্যতিক্রমধর্মী হৈছে।

সমাজ বিজ্ঞান দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র প্ৰশ্ন উত্তৰ Class 10 Social Science Political Science Chapter 1 SEBA Assamese Medium HSLC Question Answer Notes

সমাজ বিজ্ঞান - দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ প্রশ্ন উত্তৰ অধ্যায় ১ ভাৰতীয় গণতন্ত্র  Class 10 Social Science Political Science Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution
সমাজ বিজ্ঞান - দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায়

অন্যান্য প্রশ্নোত্তৰ

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

১। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো লিখা। 

উঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হ'ল—আমি ভাৰতৰ জনসাধাৰণে এখন সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য হিচাপে প্রতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলাে লােককে সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, প্রকাশ,বিশ্বাস, ধর্ম আৰু উপাসনাৰ স্বাধীনতা, সম-মর্যাদা আৰু সুযােগ দিম বুলি আৰু তেওঁলােকৰ মাজত ব্যক্তিৰ মর্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাব বৃদ্ধি কৰিবলৈ- আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্রহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অর্পণ কৰিলাে। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

২। ভাৰতীয় সংবিধান খচৰা কমিটীৰ সদস্যসকলৰ নাম লিখা।

উঃ ভাৰতীয় সংবিধান খচৰা কমিটীৰ সদস্যসকল আছিল- ড° বি.আৰ.আম্বেদকাৰ (সভাপতি), এন গােপাল আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, কে এম মুন্সি, চৈয়দ মহম্মদ চাদুল্লা, এন মাধৱ ৰাও আৰু ডি পি খৈতান। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৩। সংসদীয় গণতন্ত্রৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পার্থক্যসমূহ লিখা। 

উঃ ইংলেণ্ডৰ সংসদীয় গণতন্ত্রৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ মূল পার্থক্যকেইটা হল-

(ক) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র প্রধানতঃ এখন গণৰাজ্য। কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্র গণৰাজ্য নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্রপ্রধানজন পুৰুখানুক্রমে হোৱা ব্যক্তি নহয়। ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্রপ্রধানজন (ৰাষ্ট্রপতি) জনগণৰ দ্বাৰা নির্বাচিত হােৱা ব্যক্তি। 

(খ) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ - সদন হাউছ অব লর্ডছতকৈ বহু পৃথক।

(গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্রত সংসদখন অত্যন্ত শক্তিশালী। কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৪। চমুটোকা লিখা। 

ক) সংবিধান সভাঃ(Constituent Assembly)

১৯৪৫ চনৰ জুলাই মাহত ইংলেণ্ডত অনুষ্ঠিত হােৱা সাধাৰণ নিৰ্বাচনত শ্রমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়া সিদ্ধান্ত ল'লে। সেই অনুসৰি নতুন গণতান্ত্রিক ৰাষ্ট্ৰখনৰ বাবে প্রয়ােজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা ইংলেণ্ডৰ শ্রমিক দলৰ চৰকাৰে চিন্তা কৰিলে। ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্রয়ােজনীয় পৰিৱেশ আৰু প্রস্তুতি চলাবৰ অৰ্থে ব্রিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত ‘কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠালে। কেবিনেট মিছন' আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গােট। এই কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা গঠন হৈছিল আৰু ইয়াৰ প্ৰথমখন বৈঠক বহিছিল ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে। সংবিধান সভাৰ প্রথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য ড" সচ্ছিদানন্দ সিন্হাই। এই সভাত ড° ৰাজেন্দ্র প্রসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নির্বাচন কৰা হয়। সংবিধানখন প্রস্তুত কৰা সম্পৰ্কত এই সভাৰ মুঠ ১১খন বৈঠক বহিছিল। 


খ) খচৰা কমিটিঃ(Drafting Committee) 

সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্টত এখন খচৰা কমিটি গঠন কৰে। বিভিন্ন ক্ষেত্ৰৰ সাতজন বিশেষজ্ঞক লৈ গঠিত হােৱা খচৰা কমিটিক সংবিধানৰ খচৰা প্রস্তুতৰ দায়িত্ব দিয়া হয়। ড° বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটিখনৰ অধ্যক্ষ। ভাৰতীয় সংবিধান খচৰা কমিটীৰ আন সদস্যসকল আছিল- ড° বি.আৰ.আম্বেদকাৰ (সভাপতি), এন গােপাল আয়েংগাৰ, আলাদি কৃষ্ণস্বামী আয়াৰ, কে এম মুন্সি, চৈয়দ মহম্মদ চাদুল্লা, এন মাধৱ ৰাও আৰু ডি পি খৈতান। প্রায় তিনি বছৰ কাল পৰিশ্ৰমৰ অন্তত খচৰা কমিটীয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্র প্রসাদৰ ওচৰত দাখিল কৰে। সেইদিনাই ৰাজেন্দ্র প্রসাদে সংবিধানৰ খচৰা প্রতিলিপিত স্বাক্ষৰ প্ৰদান কৰাৰ লগে লগে ভাৰতবৰ্ষৰ জনগণই নিজাকৈ এখন সংবিধান লাভ কৰিলে। কিন্তু নানান প্রশাসনিক আৰু আনুসংগিক অসুবিধাৰ বাবে নতুন সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখেহে বলৱৎ কৰা হয়। ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা চলিছিল ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি।


গ) কেবিনেট মিছনঃ

ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্রয়ােজনীয় পৰিৱেশ আৰু প্রস্তুতি চলাবৰ অৰ্থে ব্রিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত ‘কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠালে। কেবিনেট মিছন' আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গােট। এই কেবিনেট মিছনৰ তৎপৰতাত সংবিধান সভা গঠন হৈছিল

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৫। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কত হৈছিল? 

উঃ পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল। সেইবাবেই আমেৰিকাক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি' বুলি কোৱা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৬। ভাৰতীয় সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্রীয় ব্যৱস্থা প্ৰৱর্তনৰ ক্ষেত্ৰত কোনখন যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুসৰণ কৰিছিল? 

উঃ সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্রীয় ব্যৱস্থা প্ৰৱর্তনৰ ক্ষেত্ৰত কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুসৰণ কৰিছিল।

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৭। কি কাৰণে আমেৰিকাৰ সংবিধানখন অনুকৰণ নকৰি সংবিধানৰ ৰচকসকলে কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিল? 

উঃ আমেৰিকাৰ সংবিধানখন অনুকৰণ নকৰি সংবিধানৰ ৰচকসকলে কানাডাৰ সংবিধানখন অনুকৰণ কৰিছিল কাৰণ- আচলতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো আছিল প্রকৃত যুক্তৰাষ্ট্ৰীয় পদ্ধতি। য'ত অংগৰাজ্যবিলাকক অধিক স্বতন্ত্রতা দিয়াৰ লগতে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা কৰা হৈছে। 

আমাৰ সংবিধান প্রণেতাসকলে এটা কথা বুজি পাইছিল যে নতুনকৈ জন্ম পােৱা ভাৰতবৰ্ষত যদি অংগৰাজ্যবিলাকক অধিক স্বতন্ত্রতা দিয়া হয় আৰু আমেৰিকাৰ দৰে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা কৰা হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহ'ব। সেইবাবেই তেওঁলােকে আমেৰিকাৰ সংবিধানৰ পৰিৱর্তে কানাডাৰ সংবিধানত থকা ঢিলা যুক্তৰাষ্ট্র ব্যৱস্থাৰ অনুকৰণত ভাৰতবৰ্ষত এক ব্যতিক্রমধর্মী যুক্তৰাষ্ট্র প্রবর্তন কৰিছিল। আমেৰিকাৰ আৰ্হিত আমাৰ দেশত প্রকৃত যুক্তৰাষ্ট্ৰৰ প্রৱর্তন নকৰাৰ বাবেই সংবিধানৰ কোনাে ঠাইতে যুক্তৰাষ্ট্ৰ শব্দটোৰ উল্লেখ নাই। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৮। সংবিধানৰ কেই নং অনুচ্ছেদত ভাৰতক এখন 'ৰাজ্যসমূহৰ সংঘ' বুলি ঘােষণা কৰা হৈছে? 

উঃ সংবিধানৰ ১ নং অনুচ্ছেদত ভাৰতক এখন 'ৰাজ্যসমূহৰ সংঘ’ বুলি ঘােষণা কৰা হৈছে। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

৯। সংবিধান প্রণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক কি বুলি অভিহিত কৰিছে? 

উঃ সংবিধান প্রণেতা পণ্ডিতসকলে আমাৰ ব্যৱস্থাটোক অর্ধ- যুক্তৰাষ্ট্র, ব্যতিক্রমধর্মী যুক্তৰাষ্ট্ৰ, কেন্দ্রীভূত যুক্তৰাষ্ট্র’, গঠনত যুক্তৰাষ্ট্ৰ কিন্তু আদর্শত এককেন্দ্রিক বুলি অভিহিত কৰিছে। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

১০। সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰে? 

উঃ সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্টত এখন খচৰা কমিটি গঠন কৰে। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

১১। ভাৰতৰ সংবিধানখন কেতিয়া বলৱৎ কৰা হয়? 

উঃ ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে বলৱৎ কৰা হয়। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

১২। ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা কেতিয়ালৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি চলিছিল? 

উঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰপৰা অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি চলিছিল। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

১৩। প্রস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা কি কি? 

উঃ প্রস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল— ‘সার্বভৌম’, সমাজবাদী’, ‘ধর্মনিৰপেক্ষ’, ‘গণতান্ত্রিক আৰু ‘গণৰাজ্য'। 

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

১৪। ‘ছাকাৰিয়া আয়ােগ’ (Sarkaria Commission) কিয় গঠন কৰা হৈছিল? 

উঃ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত সংশােধন আনি অংগৰাজ্যসমূহক স্বতন্ত্র প্রদানৰ দাবী সময়ে সময়ে উত্থাপিত হৈ আহিছে। এনে দাবীৰ বাবেই ১৯৮৩ চনত ‘ছাকাৰিয়া আয়ােগ’ গঠন কৰা হৈছিল।

সমাজ বিজ্ঞান দশম শ্রেণী ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র Class 10 Social Science Political Science SEBA

১৫। ভাৰতবৰ্ষৰ দৰে যুক্তৰাষ্ট্ৰক পণ্ডিতসকলে সহযােগিতামূলক যুক্তৰাষ্ট্র বুলি কিয় নামাকৰণ কৰিব বিচাৰিছে? 

উঃ ভাৰতবৰ্ষৰ দৰে যুক্তৰাষ্ট্ৰক "সহযােগিতামূলক যুক্তৰাষ্ট্র" বুলি বর্তমান সময়ত এক নতুন নামেৰে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে নামাকৰণ কৰিব বিচাৰিছে। তেওঁলােকৰ মতে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্রৰাজ্যৰ সহযােগিতাৰ ওপৰত মূলতঃ নিৰ্ভৰশীল। সেইবাবে এনে যুক্তৰাষ্ট্ৰ হ'ল সহযােগিতামূলক যুক্তৰাষ্ট্র। 


সমাজ বিজ্ঞান দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান প্রথম অধ্যায় ভাৰতীয় গণতন্ত্র প্ৰশ্ন উত্তৰ Class 10 Social Science Political Science Chapter 1 SEBA Assamese Medium HSLC Question Answer Notes


Post a Comment

0Comments
Post a Comment (0)