সমাজ বিজ্ঞান দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান দ্বিতীয় অধ্যায় আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

0

সমাজ বিজ্ঞান দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান দ্বিতীয় অধ্যায় আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য 

Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Class X Political Science Suggestion and notes - Assam SEBA Board Examination - Previous Year Class 10 Social Science Political Question Paper with Answer
সমাজ বিজ্ঞান দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান দ্বিতীয় অধ্যায় আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে আৰু লগতে অতিৰিক্ত প্রশ্নোত্তৰৰ সমাধান
Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Class X Political Science Suggestion and notes - Assam SEBA Board Examination - Previous Year Class 10 Social Science Political Question Paper with Answer

 

দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান 
অধ্যায় - ২ আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

অতি চমু উত্তৰৰ প্রশ্ন 

১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল? 

উঃ দ্বিতীয় বিশ্বযুদ্ধই অনা ভয়াবহতা আৰু অবর্ণনীয় ধ্বংসলীলাই বিশ্ববাসীক ভয়ার্ত কৰি তােলাৰ বাবেই 'ৰাষ্ট্ৰসংঘ’ অনুষ্ঠানটোৰ জন্ম হল। 


২। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা। 

উঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হল-

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু 

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা । 


৩৷ ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা। 

উঃ ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম হ'ল— 

সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অর্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যাসৰক্ষী পৰিষদ, আন্তর্জাতিক ন্যায়ালয় আৰু সচিবালয়।


৪। ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা। 

উঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সি হ'ল— আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংঘ আৰু বিশ্ব স্বাস্থ্য সংস্থা। 


৫। নিৰস্ত্ৰীকৰণৰ সম্পর্কত সম্পাদিত হােৱা দুখন চুক্তিৰ নাম লিখা। 

উঃ নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হােৱা দুখন চুক্তিৰ নাম হ'ল-

পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি আৰু সমুদ্রতলি নিয়ন্ত্রণ চুক্তি। 


৬। মানৱ অধিকাৰ মানে কি বুজা? 

উঃ বিশ্বৰ প্রত্যেকজন ব্যক্তিয়ে মর্যাদাপূর্ণ জীৱন-যাপনৰ বাবে প্রয়ােজন হােৱা অধিকাৰক মানৱ অধিকাৰ বােলে। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

দীঘল উত্তৰৰ প্রশ্ন

১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা। 

উঃ ৰাষ্ট্ৰসংঘৰ চনত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্রথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য সন্নিৱিষ্ট হৈছে। উদ্দেশ্যকেইটা হ'ল-

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা। 

(গ) আন্তঃৰাষ্ট্রীয় সহযােগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভােগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। 

(ঘ) উল্লিখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্র হিচাপে কার্য সম্পাদন কৰা। 


ৰাষ্ট্ৰসংঘৰ প্রধান নীতিসমূহ তলত দিয়া ধৰণৰ-

(ক) সকলাে সদস্য ৰাষ্ট্রৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ'ব। 

(খ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলাে সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব।। (গ) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনাে আঘাত নােহােৱাকৈ সকলাে সদস্য ৰাষ্ট্ৰই সকলাে ধৰণৰ বিবাদ শান্তিপূর্ণভারে মীমাংসা কৰিব লাগিব। 

(ঘ) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনাে সদস্য ৰাষ্ট্রই শক্তি প্রয়ােগ কৰিব নােৱাৰিব। 

(ঙ) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনাে ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য রাষ্ট্রসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্রসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নােৱাৰিব। 

(চ) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা 

উঃ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূর্ণ অংগটোৱেই হল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হােৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছজন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনৰ ২৩ নং অনুচ্ছেদ সংশােধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয় । নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হল—আমেৰিকা, গ্রেট বৃটেইন, ফ্রান্স, বাছিয়া আৰু চীন। কোনাে গুৰুত্বপূর্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯ জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যসকলৰ ‘ভেটো' প্রয়ােগৰ ক্ষমতা আছে। সেইবাবে কোনাে বিষয়ত স্থায়ী সদস্যই ভেটো দিলে সিদ্ধান্ত গ্রহণ নহয়। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৩। বিশ্বশক্তিৰ বৰ ৰাষ্ট্ৰসংঘই লােৱা পদক্ষেপসমূহ আলােচনা কৰা। 

উঃ জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকা আতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিৱী গঢ়াৰ লক্ষ্যৰে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্রতিষ্ঠা হােৱা ৰাষ্ট্ৰসংঘই সমস্যা জর্জৰিত বিশ্বত শান্তি বাতাবৰণ আনি সকলাে ধৰণৰ সমস্যাকে বুজাবুজি আৰু আলােচনাৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই লৈ অহা ভূমিকা নিশ্চয়কৈ আশাপ্রদ আৰু ইতিবাচক। আমেৰিকা নিৰস্ত্রীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্রসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই যােৱা দিনবিলাকত লােৱা পদক্ষেপ গুৰুত্বপূর্ণ। 

১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰীকৰণ আয়ােগ গঠন কৰে। ৰাষ্ট্ৰসংঘৰ তৎপৰতাত ১৯৬৩ চনৰ ‘আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি', ১৯৬৭ চনত 'বহিঃমহাকাশ চুক্তি’, ১৯৬৮ চনত পাৰমাণবিক অস্ত্র সংকোচন চুক্তি, ১৯৭১ চনত 'সমুদ্রতলি নিয়ন্ত্রণ চুক্তি’, ১৯৭২ চনত ছল্ট-১ চুক্তি’, ১৯৭৯ চনত ছল্ট-২ চুক্তি, ১৯৯৩ চনত ‘পাৰমাণৱিক অস্ত্র নিয়ন্ত্রণ চুক্তি’, ১৯৯১ আৰু ১৯৯৩ চনত স্টার্ট- ১ আৰু স্টার্ট-২, ১৯৯৬ চনত ১৫৮ খন ৰাষ্ট্রৰ সমৰ্থনত সম্পাদিত হােৱা পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধণ চুক্তিকে ধৰি বৰ্তমানলৈকে ভালেমান চুক্তি স্বাক্ষৰ হােৱা ঘটনাই নিশ্চয়কৈ বিশ্বলৈ শান্তি বাতাৱৰণ অনাত বিশেষ বৰঙণি যােগাইছে। ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতিৰােধমূলক কূটনীতিৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশ অনাত আগভাগ লােৱাটোও এটা গুৰুত্বপূর্ণ পদক্ষেপ। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগ সম্পৰ্কত এটা টোকা লিখা। 

উঃ ১৯৬৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্রস্তাৱ গ্ৰহণ কৰি সদস্য ৰাষ্ট্ৰবিলাকত মানৱ অধিকাৰ গঠনৰ বাবে ৰাষ্ট্রসমূহৰ পৰা পৰামৰ্শ বিচাৰিছিল। ১৯৭০ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ােগে সদস্য ৰাষ্ট্রসমূহৰ মানৱ অধিকাৰ আয়ােগ গঠনৰ বিষয়টোত গুৰুত্ব দি সদস্য ৰাষ্ট্রসমূহলৈ আগবঢ়াই দিলে।ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্রপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগ গঠন কৰে। এই বছৰৰে ১৮ ডিচেম্বৰত আগৰ অধ্যাদেশৰ ঠাইত সংসদত, এখন বিধেয়ক উত্থাপিত হয়। ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰঅনুমােদন লাভ কৰি আইনত পৰিণত হয়। এই আইনখনক মানৱ অধিকাৰ সুৰক্ষা আইন নামে জনা যায়। এই আইন মতে ৰাজ্যবিলাকতত ৰাজ্যিক মানৱ অধিকাৰ আয়ােগ গঠন হয়। 

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব। সদস্যসকলৰ ভিতৰত 

(ক) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্রাক্তন ন্যায়াধীশ, 

(খ) এজন সদস্য কোনাে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্রাক্তন মুখ্য ন্যায়াধীশ আৰু 

(গ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সংখ্যালঘু আয়ােগৰ সভাপতি, অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়ােগৰ সভাপতিও আয়ােগৰ সদস্য পদত থাকিব! সকলাে সদস্যকে ভাৰতৰ ৰাষ্ট্রপতিয়ে ৫ বছৰৰ বাবে নিযুক্তি দিয়ে। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লােৱা পদক্ষেপ আলােচনা কৰা। 

উঃ বিশ্বত শান্তিৰ বাতাৱৰণ অনাৰ উদ্দেশ্যে আৰু ৰাষ্ট্রসমূহৰ মাজত সহযােগিতা বৃদ্ধিৰ বাবে গঠিত হােৱা ৰাষ্ট্রসংঘই অতি গুৰুত্বপূৰ্ণভাৱে মানৱ অধিকাৰ ৰক্ষাৰ দিশটোত বিশেষ গুৰুত্ব প্রদান কৰি আহিছে। বিশ্বৰ প্রত্যেকজন ব্যক্তিয়ে মর্যাদাপূর্ণ জীৱন- যাপনৰ বাবে প্রয়ােজন হােৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮ খন সদস্য ৰাষ্ট্রৰ সমৰ্থনত মানৱ অধিকাৰ ঘােষণাপত্র গ্রহণ কৰে। সেইবাবেই আজিও ১০ ডিচেম্বৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। এটা প্রস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সম্বলিত এই ঘােষণাপত্রই দুটা উদ্দেশ্য সাধন কৰিছে। 

প্রথম, বিশ্বৰ জনগণৰ বাবে প্রয়োজনীয় অধিকাৰসমূহ এই ঘােষণাপত্রত সন্নিবিষ্ট হৈছে। দ্বিতীয়, এই ঘােষণাপত্রত উল্লেখিত অধকাৰসমূহক সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। 

সদস্য ৰাষ্ট্রসমূহৰ ক্ষমতা আৰু কার্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা আনি দিছে। কাৰণনীতিগতভাৱে কোনাে ৰাষ্ট্রই এই অধিকাৰসমূহক আওকাণ কৰিব নােৱাৰে। দেশৰনাগৰিকসকলক এই অধিকাৰৰ পৰা বঞ্চিত কৰা আন্তঃৰাষ্ট্ৰীয় শাস্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘােষণাপত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে। বিশ্বৰ নাগৰিকৰ জীৱনযাত্ৰাৰ মানদণ্ড উন্নত কৰা আৰু এটা মর্যাদাপূর্ণ। জীৱন-যাপনৰ বাট মুকলি কৰাৰ বাবে ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ সম্পৰ্কত এতিয়ালৈকে লােৱা পদক্ষেপ নিশ্চয়কৈ আশাব্যঞ্জক। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Class X Political Science Suggestion and notes - Assam SEBA Board Examination - Previous Year Class 10 Social Science Political Question Paper with Answer
সমাজ বিজ্ঞান দশম শ্রেণীৰ ৰাজনীতি বিজ্ঞান দ্বিতীয় অধ্যায় আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য 

অতিৰিক্ত প্রশ্নোত্তৰ

১। ৰাষ্ট্ৰসংঘৰ প্রধান অংগসমূহৰ বিষয়ে বহলাই লিখা। 

উঃ ৰাষ্ট্ৰসংঘৰ প্রধান অংগ হ'ল- (১) সাধাৰণ সভা, (২) নিৰাপত্তা পৰিষদ, (৩) অর্থনৈতিক আৰু সামাজিক পৰিষদ, (৪) ন্যাসৰক্ষী পৰিষদ, (৫) আন্তর্জাতিক ন্যায়ালয় আৰু ৪াষ্টী পৰিষদ (৬) সচিবালয়। 

(১) সাধাৰণ সভাঃ

সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ। সকলােবােৰ সদস্য ৰাষ্ট্ৰৰে গঠিত হােৱা সাধাৰণ সভালৈ প্রত্যেক সদস্য রাষ্ট্রই পাঁচজনকৈ প্রতিনিধি পঠাব পাবে। কিন্তু প্রত্যেকখন সদস্য ৰাষ্ট্ৰই এটাকৈ ভােট প্রদান কৰিব পাৰে। সাধাৰণ সভাৰ অধিৱেশন বছৰেকত এবাৰকৈ বহে। আকাৰত বৃহৎ হােৱা বাৰে কেইবাখনাে কমিটীৰ জৰিয়তে সাধাৰণ সভাই কার্যসমূহ পৰিচালনা কৰে। 

(২) নিৰাপত্তা পৰিষদঃ

ৰাষ্ট্ৰসংঘৰ অতি গুরুত্বপূর্ণ অংগটোৱেই হ'ল নিরাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হােৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য, দুজন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনৰ ২৩ নং অনুচ্ছেদৰ সংশােধন কৰি অস্থায়ী সদস্য সংখ্যা দহজনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল— আমেৰিকা, গ্রেট বৃটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন। কোনাে গুৰুত্বপূর্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যসকলৰ ভেটো প্রয়ােগৰ ক্ষমতা আছে। সেইবাবে কোনাে বিষয়ত স্থায়ী সদস্যই ‘ভেটো' দিলে সিদ্ধান্ত গ্রহণ নহয়। 

(৩) অর্থনৈতিক আৰু সামাজিক পৰিষদঃ

ৰাষ্ট্ৰসংঘ গঠিত হােৱা সময়ত এই পৰিষদৰ সদস্য সংখ্যা আছিল ওঠৰজন। ১৯৬৫ চনত ইয়াৰ সদস্য সংখ্যা ২৭জনলৈ বৃদ্ধি কৰা হয় আৰু ১৯৭৩ চনত এই সংখ্যা ৫৪জনলৈ বৃদ্ধি কৰা হয়। তিনি বছৰীয়া কাৰ্যকালৰ বাবে ইয়াৰ সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে। ৰাষ্ট্ৰসংঘৰ চনৰ ৫৫ নং অনুচ্ছেদ মতে গঠিত হােৱা এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুসংগিক এনে সমস্যা সমাধানৰ বাবে কার্যনির্বাহ কৰে। ওপবােক্ত বিষয়বিলাক চোৱা-চিতা কৰি পৰিষদে সাধাৰণ সভালৈ প্রতিবেদন আৰু পৰামর্শ পঠাব পাৰে। 

(৪) ন্যাসৰক্ষী পৰিষদঃ

ৰাষ্ট্ৰসংঘৰ চনৰ ৭৬ নং অনুচ্ছেদত ন্যাসৰক্ষী, পৰিষদৰ কথা উল্লেখ আছে। ন্যাসৰক্ষী পৰিষদৰ অন্তর্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অর্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তােলাৰ বাবেই এই পৰিষদ গঠন হৈছিল।

ন্যাসৰক্ষী পৰিষদ তিনি ধৰণৰ সদস্যৰে গঠিত। 

(ক) ন্যাস অঞ্চল পৰিচালনা কৰা 

(খ) ন্যাস অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল আৰু 

(গ) সাধাৰণ সভাই তিনি বছৰৰ বাবে নির্বাচিত কৰি দিয়া সদস্যসকল। 

(৫) আন্তর্জাতিক ন্যায়ালয়ঃ 

ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো হ'ল— আন্তর্জাতিক ন্যায়ালয়। মুঠ ১৫জন ন্যায়াধীশৰ দ্বাৰা গঠিত এই ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূর্ণ অংগ। ৰাষ্ট্ৰসংঘৰ সকলাে সদস্য ৰাষ্ট্ৰই এই আদালতৰ সদস্য। এই ন্যায়ালয়ৰ প্ৰধান কাম হৈছে ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গােচৰসমূহ নিষ্পত্তি কৰা। এই আদালতে দিয়া বায় বিবদমান ৰাষ্ট্ৰই মানিবলৈ বাধ্য। 

(৬) সচিবালয়ঃ

সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্রাণকেন্দ্র স্বৰূপ। ই সচিবপ্রধান আৰু অন্যান্য কর্মচাৰীৰে গঠিত। এই সচিবালয়েই ৰাষ্ট্ৰসংঘৰ সকলাে সিদ্ধান্ত ৰূপায়িত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমােদন ক্রমে সাধাৰণ সভাই সচিব প্রধানক নিয়ােগ কৰে। সচিবপ্রধানজন নিয়ােগ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্রৰ ভূমিকা গুৰুত্বপূর্ণ। সচিবপ্রধান কার্যকাল ৫ বছৰ। তেওঁ পুনৰ নির্বাচিত হ'ব পাৰে। ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধানজন আছিল নৰৱেৰ ট্ৰাইভহাল্ডান লী। 

বৰ্তমানৰ সচিবপ্রধানগৰাকী হ’ল পর্তুগাল এনটনিও গুৱেটেৰেছ। উপৰিউক্ত ৬টা অংগৰ উপৰি ৰাষ্ট্ৰসংঘৰ অন্যান্য অভিকৰণসমূহ হ'ল 

(১) আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংঘ 

(২) বিশ্ব স্বাস্থ্য সংস্থা 

(৩) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি 

(৪) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ােগ 

(৫) ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি 

(৬) ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন

(৭) আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি 

(৮) খাদ্য আৰু কৃষি সংগঠন আদি

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

২। ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধানজন কোন আছিল? 

উঃ ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধানজন আছিল নৰৱেৰ ট্ৰাইভহাল্ডান লী। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৩। ৰাষ্ট্ৰসংঘৰ অন্যান্য অভিকৰণসমূহ কি কি? 

উঃ ৬টা অংগৰ উপৰি ৰাষ্ট্ৰসংঘৰ অন্যান্য অভিকৰণসমূহ হ'ল 

(১) আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংঘ 

(২) বিশ্ব স্বাস্থ্য সংস্থা 

(৩) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি 

(৪) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ােগ 

(৫) ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি 

(৬) ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন

(৭) আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি 

(৮) খাদ্য আৰু কৃষি সংগঠন আদি

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৪। বৰ্তমানৰ ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান গৰাকী কোন? 

উঃ বৰ্তমানৰ ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানগৰাকী হ’ল পর্তুগাল এনটনিও গুৱেটেৰেছ। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৫। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ ওপৰত এটি চমু টোকা লিখা। 

উঃ সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্রাণকেন্দ্র স্বৰূপ। ই সচিবপ্রধান আৰু অন্যান্য কর্মচাৰীৰে গঠিত। এই সচিবালয়েই ৰাষ্ট্ৰসংঘৰ সকলাে সিদ্ধান্ত ৰূপায়িত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমােদন ক্রমে সাধাৰণ সভাই সচিব প্রধানক নিয়ােগ কৰে। সচিবপ্রধানজন নিয়ােগ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্রৰ ভূমিকা গুৰুত্বপূর্ণ। সচিবপ্রধান কার্যকাল ৫ বছৰ। তেওঁ পুনৰ নির্বাচিত হ'ব পাৰে। ৰাষ্ট্ৰসংঘৰ প্রথম সচিবপ্রধানজন আছিল নৰৱেৰ ট্ৰাইভহাল্ডান লী। বৰ্তমানৰ সচিবপ্রধানগৰাকী হ’ল পর্তুগাল এনটনিও গুৱেটেৰেছ।

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৬। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ােগ কেতিয়া প্রতিষ্ঠা হৈছিল? 

উঃ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ােগ ১৯৪৬ চনৰ ১৬ ফেব্রুৱাৰী তাৰিখে প্রতিষ্ঠা হৈছিল। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৭। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ােগ কিয় গঠন কৰা হৈছিল? 

উঃ বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈকে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ােগ নামৰ এই স্থায়ী সংগঠনটোৰ গঠন কৰা হৈছিল।

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৮। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ােগৰ গঠন সম্পর্কে লিখা। 

উঃ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়ােগ ১৯৪৬ চনৰ ১৬ ফেব্রুৱাৰী তাৰিখে প্রতিষ্ঠা হৈছিল। বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈকে এই স্থায়ী সংগঠনটোৰ - জন্ম হৈছিল। সংগঠনটোৰ জন্মক্ষণত ইয়াৰ সদস্য সংখ্যা আছিল ১৮ জন। ১৯৬২ চনত আয়ােগৰ সদস্য সংখ্যা ২১ জনলৈ বৃদ্ধি কৰা হয়। পুনৰ ১৯৯০ চনত ইয়াৰ সদস্য সংখ্যা ৫৩ জন কৰা হয়। মানৱ অধিকাৰ আয়ােগৰ সদস্যসকল তিনি বছৰৰ বাবে নির্বাচিত হয়। সংখ্যাগৰিষ্ঠৰ মতৰ ওপৰত ভিত্তি কৰি আয়ােগে সিদ্ধান্ত গ্রহণ কৰে। আয়ােগে মানৱ অধিকাৰ উলংঘা সম্পর্কীয় অভিযােগ গ্রহণ কৰে আৰু তেনে অভিযােগৰ ভিত্তিত সংশ্লিষ্ট চৰকাৰৰ পৰা প্রতিবেদন বিচাৰে। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

৯। ৰাষ্ট্ৰসংঘৰ ন্যাসৰক্ষী পৰিষদৰ বিষয়ে চমুকৈ লিখা। 

উঃ ৰাষ্ট্ৰসংঘৰ চনৰ ৭৬ নং অনুচ্ছেদত ন্যাসৰক্ষী, পৰিষদৰ কথা উল্লেখ আছে। ন্যাসৰক্ষী পৰিষদৰ অন্তর্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অর্থনৈতিক, ৰাজনৈতিক, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তােলাৰ বাবেই এই পৰিষদ গঠন হৈছিল।

ন্যাসৰক্ষী পৰিষদ তিনি ধৰণৰ সদস্যৰে গঠিত। 

(ক) ন্যাস অঞ্চল পৰিচালনা কৰা 

(খ) ন্যাস অঞ্চলৰ দায়িত্বত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল আৰু 

(গ) সাধাৰণ সভাই তিনি বছৰৰ বাবে নির্বাচিত কৰি দিয়া সদস্যসকল। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

১০। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া আৰু কেইখন সদস্য ৰাষ্ট্র সমর্থনত মানৱ অধিকাৰ ঘােষণাপত্র গ্রহণ কৰে? 

উঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮খন সদস্য ৰাষ্ট্র সমর্থনত মানৱ অধিকাৰ ঘােষণাপত্র গ্রহণ কৰে। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

১১। ভাৰতবৰ্ষত কেতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগ গঠন কৰে? 

উঃ ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্রপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগ গঠন কৰে।

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

১২। ৰাষ্ট্ৰসংঘ অনুষ্ঠানটোৰ কেতিয়া জন্ম হয়? 

উঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ অনুষ্ঠানটোৰ জন্ম হয়। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

১৩। ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? 

উঃ ২৪ অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। 

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

১৪। ৰাষ্ট্ৰসংঘৰ চনদত মুঠ কেইটা অনুচ্ছেদ আছে? 

উঃ ৰাষ্ট্ৰসংঘৰ চনদত মুঠ ১১১টা অনুচ্ছেদ আছে। ইয়াৰ প্ৰথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য সন্নিৱিষ্ট হৈছে।

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

১৫। বিশ্বত থকা কেইটামান গুৰুত্বপূৰ্ণ আন্তর্জাতিক অনুষ্ঠানৰ নাম লিখা। 

উঃ বিশ্বত থকা কেইটামান গুৰুত্বপূৰ্ণ আন্তর্জাতিক অনুষ্ঠানৰ নাম হল-

ক) জাতিসমূহৰ সংঘ, লণ্ডন 

খ) এমনেষ্টি ইণ্টাৰনেচনেল, লণ্ডন 

গ) উত্তৰ আটলান্টিক চুক্তি সংগঠন, ব্ৰুচেলচ

ঘ) আন্তঃৰাষ্ট্ৰীয় নবীকৰণযােগ্য শক্তি অভিকৰণ, সংযুক্ত আৰব এমিৰেটছ

ঙ) এছিয়া প্রশান্ত মহাসাগৰীয় অর্থনৈতিক নিগম, ছিংগাপুৰ 

চ) দক্ষিণ-পূব এছীয় জাতিসমূহৰ সংস্থা, জাকার্টা

ছ) আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ, ডুবাই

জ) আন্তঃৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন, জুৰিক 

ঝ) বিশ্ব অর্থনৈতিক মঞ্চ, জেনেভা

ঞ) আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন, লৌচেন ছুইজাৰলেণ্ড 

ট) দক্ষিণ এছীয় আঞ্চলিক সহযােগিতা সংস্থা, কাঠমাণ্ডু 


দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় Class 10 Social Science Political Chapter 2 SEBA Assamese Medium HSLC আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Post a Comment

0Comments
Post a Comment (0)