দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA

সমাজ বিজ্ঞান দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA Assamese Medium HSLC অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA সমাজ বিজ্ঞান দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA Assamese Medium HSLC অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ ১ম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে Class 10 Social Science Geography Bhugul Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science Geography Previous Year Question Paper with Solution
দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ


দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ ১ম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে Class 10 Social Science Geography Bhugul Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science Geography Previous Year Question Paper with Solution all geography class 10 notes in Assamese khuj2



অধ্যায়ঃ -১ অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese

১। অর্থনৈতিক ভূগােল কাক বােলে? ইয়াৰ মূল বিষয়বস্তু কি? অর্থনৈতিক ভূগােলৰ প্রধান শাখাসমূহ উল্লেখ কৰা।
উত্তৰঃ ভূগােলৰ যি শাখাত সম্পদৰ উৎপাট, বিতৰণ, উপভােগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কার্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ণ কৰা হয়, তাকে অর্থনৈতিক ভূগােল বােলে।

এটি বহল বিষয় হিচাপে অর্থনৈতিক ভূগােল কেইবাটাও পদ্ধতিৰে অধ্যয়ন কৰা হয়। তাৰ ভিতৰত আঞ্চলিক বিষয়ৰ সম্বন্ধীয় বা পণ্যদ্রব্য সম্বন্ধীয়, আচৰণগত, নীতি-নিয়ম, তন্ত্র-বিশ্লেষণ আৰু প্রতিষ্ঠানীয় অধ্যয়নেই বিশেষভাবে উল্লেখযােগ্য। সম্প্রতি অর্থনৈতিক ভূগােলৰ ব্যৱহাৰিক অধ্যয়নত সাংখ্যিক পদ্ধতি প্রয়ােগৰ লগতে ভৌগােলিক তথ্য বিশ্লেষণ পদ্ধতি আৰু বিভিন্ন সূত্র-নিদর্শ আদিও ব্যৱহৃত হয়। সেয়ে বহু ক্ষেত্ৰত ব্যৱহাৰিক অর্থনৈতিক ভূগােলত সমস্যা সমাধান পদ্ধতি ব্যৱহাৰ কৰা হয়।

মানুহৰ অর্থনৈতিক কার্যকলাপ যিদৰে বিভিন্ন, ঠিক সেইদৰে অর্থনৈতিক ভূগােলৰৰ বহুতাে বিশেষ শাখা-প্রশাখাই গঢ় লৈ উঠিছে। এইবােৰৰ ভিতৰত কৃষি ভূগােল, ঔদ্যোগিক ভূগােল, সম্পদ ভূগােল, পৰিবহণ ভূগােল, বজাৰ ভূগােল, পৰিকল্পনা আৰু উন্নয়ন ভূগােল, পর্যটন ভূগােল আদি বিশেষভাবে উল্লেখযােগ্য।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese

২। অর্থনৈতিক ভূগােলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ অর্থনৈতিক ভূগােলত প্রধানকে মানুহৰ অর্থনৈতিক কার্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰত্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্রশ্নকেইটাৰ ওপৰত প্রতিষ্ঠিত
(ক)  অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত?
(খ) অথনৈতিক কাৰ্যটোৰ বৈশিষ্টাবােৰ কি কি?
(গ) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত?
(ঘ) অর্থনৈতিক কার্যটো যত আছে তাতে কিয় হৈছে?
(ঙ) অথনৈতিক কার্যটো যত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হলে বেছি ভাল হলহেঁতেন নেকি?

উক্ত পাঁচটা প্রশ্ন প্রথম তিনিটাৰ লগত পৰম্পৰাগত অর্থনৈতিক ভূগােল জড়িত। কিন্তু পাছৰ দুটা প্রশ্নই বিশেষকৈ আধুনিক অর্থনৈতিক ভূগােলৰ ভেটি ৰচনা কৰিছে। আধুনিক অর্থনৈতিক ভূগােলৰ পিতৃস্বৰূপ জৰ্জ ছিজহমৰ মতে এখন ঠাইৰ অর্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নির্ণয় কৰাটোৱেই অর্থনৈতিক ভূগােলৰ মূল উদ্দেশ্য। আন দুজন অর্থনৈতিক ভূগােলবিদ জন্স, অাৰু ডার্কেনৱাল্ডৰ মতে আকৌ অর্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কার্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়-বাণিজ্যত আগবঢ়া এনে প্রশ্নবােৰৰ উত্তৰ উগঘাটনত সহায় কৰে। অর্থাৎ অৰ্থনৈতিক ভূগােলে মূলতঃ মানুহ উৎপাদনক্ষম কার্যবােৰ আৰু পাৰিপাৰ্শ্চিক অৱস্থাৰ লগত এইবোৰৰ সম্পর্ক অধ্যয়ন কৰে।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


৩৷ মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অর্থনৈতিক বৃত্তিবােৰ কি কি?
উত্তৰঃ যিবােৰ কার্যকলাপৰ দ্বাৰা মানুহে সম্পদ আহৰণ কৰিব পাৰে তাকে মানুহৰ অৰ্থনৈতিক কার্যকলাপ বা বৃত্তি বােলে।
মানুহৰ অর্থনৈতিক বৃত্তি বা কার্য চাৰি প্ৰকাৰৰ-
(ক) প্রাথমিক বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্রাথমিক বৃত্তি বােলে। যেনে- কৃষিকার্য, মাছ ধৰা, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।

(খ) দ্বিতীয় বৃত্তি: যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্রযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰােপযোগী কৰি তােলা হয় তাকে দ্বিতীয় বৃত্তি বােলে৷ যেনে—শিল্পোৎপাদন প্রক্ৰিয়া, বিভিন্ন নির্মাণ তথা পুনৰ নিৰ্মাণ আদি।

(গ) তৃতীয় বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যােগেদি উৎপাদিত সামগ্ৰীসমূহ উপভােক্তাৰ ওচৰ পায় তাকে তৃতীয় বৃত্তি বােলে। যেনে- যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুলা ছিল, পর্যটন, যােগাযোেগ আদিৰ লগত জড়িত অর্থনৈতিক কার্যসমূহ।

(ঘ) চতুর্থক বৃত্তিঃ যি কার্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয়ক বৃত্তি সমূহ অধিক সুচল তথা ফলপ্রসূ কৰি তােলাত সহায় কৰে তাকে চতুর্থক বৃত্তি বােলে। যেনে— বেংক বা অন্য বিত্তীয় প্রতিষ্ঠান, প্রচাৰ মাধ্যম, প্রশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কার্যসমূহ।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


৪। অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ মানুহৰ অর্থনৈতিক কার্যকলাপ যিদৰে বিভিন্ন, ঠিক সেইদৰে অর্থনৈতিক ভূগােলৰাে বহুতাে শাখা-প্রশাখাই গঢ় লৈ উঠিছে। এইবােৰৰ ভিতৰত কৃষি ভূগােল, ঔদ্যোগিক ভূগােল, সম্পদ ভূগােল, পৰিবহণ ভূগােল, বজাৰ ভূগােল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগােল ইত্যাদি বিশেষভাৱে উল্লেখযােগ্য। তলত অর্থনৈতিক ভূগােল এই প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ আলােচনা কৰা হল। -
(ক) কৃষি ভূগােলঃ
কৃষি ভুগােলত কৃষিকাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষি প্রকাৰ, কৃষিকার্য বিতৰণ আৰু পদ্ধতি, শস্য উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্র, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(খ) ঔদ্যোগিক ভূগােলঃ
ঔদ্যোগিক ভূগােলত উদ্যোগ স্থাপনৰ লগত জড়িত অর্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদোগৰ প্ৰকাৰ আৰু ভৌগােলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্র, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

(গ) সম্পদ ভূগােলঃ
সম্পদ ভূগােলত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ সম্পদ আৰু উন্নয়ন সম্পর্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। 

(ঘ) পৰিবহণ ভূগােলঃ
পৰিবহণ ভূগােলত পৰিবহণ ব্যবস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমি, মানুহৰ যাতায়াত তথা অর্থনৈতিক কার্যকলাপত পৰিবহণৰ ভূমিকা, অর্থনৈতিক উন্নয়ন, যেনে- ঔদ্যোগিক উন্নয়ন, কৃষিক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।

(৬) বজাৰ ভূগােলঃ
বজাৰ ভূগােলত বজাৰ স্থাপন প্রয়ােজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্রসমূহ অধ্যয়ন কৰা হয়।

(চ) পৰিকল্পনা আৰু উন্নয়ন ভূগােলঃ
পৰিকল্পনা আৰু উন্নয়ন ভূগােলত অর্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উৎপাদানভিত্তিক উন্নয়ন প্রক্রিয়া আদি অধ্যয়ন কৰা হয়।

(ছ) পর্যটন ভূগোলঃ
পর্যটন ভূগােলত পর্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পর্যটনৰ প্ৰকাৰ, পর্যটন ব্যৱস্থাৰ উন্নয়ন প্রক্রিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


৫। সম্পদ ভূগােলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূর্ণ শাখা বােলা হয়?
উত্তৰঃ এখন দেশত থকা সম্পদৰ গুণাগুণ, সম্পদৰ পৰিমাণ আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ লগত দেশখনৰ উন্নয়ন বহুলাংশে জড়িত হৈ থাকে। তদুপৰি, অর্থনৈতিক ভূগােল আৰু বিভিন্ন শাখা আৰু উপ-শাখাসমূহৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত জড়িত। সেই কাৰণে সম্পদ ভূগােলক অর্থনৈতিক ভূগােল এটি গুৰুত্বপূর্ণ শাখা বােলা হয়।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


৬। সম্পদ বুলিলে কি বুজা? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ যিবােৰ বস্তুৰে মানুহৰ অভাৱ পুৰণ কৰে আৰু মানুহৰ বাবে অতি প্রয়ােজনীয় সেইবােৰকে সম্পদ বােলে৷ সম্পদৰ প্রধান বৈশিষ্ট্যসমূহ হল-

(ক) উপযােগিতাঃ সম্পদৰ উপযোগিতা গুণ থাকিব লাগিব। অর্থাৎ মানুহৰ অভাৱ পূৰণ কৰাৰ লগতে ই মানুহৰ কল্যাণ সাধন কৰিব পাৰিব লাগিব।

(খ) কার্যকাৰিতাঃ যিটো কামৰ বাবে কোনাে এবিধ সম্পদ ব্যৱহাৰ কৰা হয়, সেই কামটোত সম্পদটো কার্যকৰী হব লাগিব।

(গ) পৰিৱৰ্তনশীল ধর্মঃ সম্পদ পৰিৱৰ্তনশীল। আজি কোনাে এটা সামগ্রী - মানুহৰ দ্বাৰা ব্যৱহৃত নহলেও বা মানুহৰ বাবে অপকাৰী হলেও ভৱিষ্যতে সেই একেটা সামগ্রী মানৱ কল্যাণত ব্যৱহৃত হব পাৰে। উপযুক্ত বৈশিষ্ট্যকেইটা থাকিলেহে কোনাে এবিধ সামগ্রী সম্পদ হব পাৰে।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


৭৷ সম্পদ পৰিৱৰ্তনশীল- ব্যাখ্যা কৰা।
উত্তৰঃ সম্পদ পৰিৱৰ্তনশীল। আজি কোনাে এটা সামগ্রী মানুহৰ দ্বাৰা ব্যৱহৃত নহলেও বা মানুহৰ বাবে অপকাৰী হলেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানুহৰ কল্যাণত ব্যৱহৃত হ'ব পাৰে। ইয়াৰে পৃথিৱীত পােৱা সামগ্ৰীসমূহৰ যিবােৰে মানুহৰ কোনাে ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে, সেইবােৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বােলে। উদাহৰণস্বৰূপে, মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবােৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। আনহাতে, যিবােৰ সামগ্রী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবােৰক প্ৰতিৰােধক বােলা হয়। উদাহৰণস্বৰূপে, অনুৰ্বৰ মাটি, বানপানী জৰ্জৰিত অঞ্চল আজি একো একোটা প্রতিৰোধক। আনহাতে পশ্চিমবঙ্গত সঘনে বানপানী সৃষ্টি কৰা দামােদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰালৈকে দামােদৰ নদীক প্ৰতিৰােধক হিচাপে গণ্য কৰা হৈছিল। গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্রযুক্তি উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰােধক মানুহৰ সুপ্রচেষ্টাত সম্পদলৈ ৰূপান্তৰিত কৰা হৈছে। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্য বাবেই আজি উপকাৰী বুলি গণ্য হােৱা এটা সামগ্রী বা পৰিঘটনাৰ সময়ৰ গতিত অপকাৰী বা নিষ্ক্রিয় হিচাপে ৰূপান্তৰ ঘটিব পাৰে।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


৮। সম্পদৰ প্ৰয়োজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলােচনা কৰা।
উত্তৰঃ মানুহৰ জীৱন- ধাৰণৰ বাবে প্রয়ােজনীয় সকলােবােৰ বস্তুকেই সম্পদ বােলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সৌৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ আদি আটাইবােৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবােৰ সম্পদ। এই সম্পদসমূহ মানুহে প্রধানকে প্রকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে। প্রকৃতিৰ পৰা লাভ কৰা এই বোৰ মানুহে নিজৰ শক্তি, বিদ্যা বৃদ্ধি আৰু কৌশল প্রয়ােগ কৰি ব্যৱহাৰ কৰে। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্রয়ােজন খাদ্য, আশ্ৰয় আৰু বস্ত্রকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পর্কৰ বিষয়ে লিখা।
উত্তৰঃ সম্পদৰ লগত মানুহৰ সম্পর্ক আছে। মানুহ, প্রকৃতি খা বিজ্ঞান-প্রযুক্তি আন্তঃক্রিয়াৰ ফলত সম্পদৰ সৃষ্টি হয়। মানুহ সম্পদৰ লগত দুই থাকে-সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচান্দে। মানুছে নিজস্ব জ্ঞান আৰু কৌশলৰ যােগেদি সম্পদ গঢ় দি লয়। ঠিক সেইদৰে সম্পদ উঘাটন কৰা হয় মানুহৰ জ্ঞানৰ জৰিয়তে। ইয়াৰ লগতে মানুহে সম্পদ নিজা কল্যাণৰ আৰ্থ ব্যৱহাৰ কৰে। গ্রানহাতে মানুহাে একোজন সম্পদ। যিবােৰ মানুহে দেশৰ উৎপাদন কালৈ বৰঙণি আগবঢ়াব পাৰে বা আগবঢ়োৱাৰ সম্ভাৱনা থাকে তেনে মানুহক মানৱ সম্পদ বুলি কোৱা হয়। সম্পদৰ সদ্বাৱহাৰ শ্ৰাৰু প্রাচুর্যই এখন সমাজৰ আর্থ- সামাজকি অরস্থাটোক বহু পৰিমাণে সবল কৰি তােলে। সেই দৃষ্টিৰে সম্পদৰ লগত মানুহৰ সম্পৰ্ক অতি গঢ়।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


১০। সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলোচনা কৰা।
উত্তৰঃ প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্রয়ােজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰােপযােগী কৰি তােলা হয়। উদাহৰণস্বৰূপে,বাঁহৰপৰা কাগজ; কপাহৰপৰা কাপােৰ; খনিজ তেলৰপৰা নানান ধৰণৰ ৰং, নেপথা, কৃত্রিম কাপােৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবােন, প্লাষ্টিক, কৃত্রিম ৰবৰ, মম আদি; গছ-গছনিৰপৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নির্মাণ সামগ্রী আদিৰ কথা ক'ব পাৰি।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


১১। উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পর্কে লিখা।
উত্তৰঃ সম্পদক বিভিন্ন ভিত্তিত শ্রেণীবিভাজন কৰা হয়।
(ক) সৃষ্টি প্রক্রিয়া অনুসৰিঃ
প্রাকৃতিক সম্পদ : সূৰ্যৰ বৰ্ম্মি, বায়ু, পানী, পলস, পছ-গহুনি, জীব-জন্তু, খনিজ পদার্থ, নদ-নদী আদি।
মানৱসৃষ্ট সম্পদ : কাপ, কাপােৰ, ৰাসায়নিক সাৰ, প্লাষ্টিক আদি।
মামৱ সম্পদ : মানুহ।

(খ) গঠন অনুসৰিঃ
জীৱীয় সম্পদ : উদ্ভিদ, প্রাণী, মাছ, শস্য আদি। অজীৱীয় সম্পদ : মাটি, শিল, পানী, বায়ু, খনিজ পদার্থ, কয়লা আদি।

(গ) উপলভ্যতা বা স্থায়িত্ব অনুসৰিঃ
নবীকৰণযোগ্য সম্পদ : সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি।

অনবীকৰণযোগ্য সম্পদ : কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদি।

(ঘ) মালিকীস্বত্বক ভিত্তি কৰিঃ
ব্যক্তিগত সম্পদ : ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ, যেনে—ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদি।

জাতীয় সম্পদ: ৰাস্তা-ঘাট, ভূমি, নদ-নদী দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থা, চৰকাৰ আদি।
আন্তর্জাতিক সম্পদ : সাগৰ-মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ জন্তু, বায়ুমণ্ডল, বনাঞ্চল আদি।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


১২। প্রাকৃতিক সম্পদ বুলিলে কি বুজা? উদাহৰণ সহ চমুকৈ লিখা। 

উত্তৰঃ যিবােৰ সম্পদ, যেনে—সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীব জন্তু, খনিজ পদার্থ, নদ-নদী আদি প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবােৰক প্রাকৃতিক সম্পদ বােলে। প্রাকৃতিক সম্পদসমূহ গােটা, জুলীয়া বা গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পােৱা যায়। এনে প্রাকৃতিক সম্পদৰ বহু সংখ্যকেই কেঁচা সামগ্রী হিচাপে উদ্যোগ, কল-কাৰখানা আদিত ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিও প্রাকৃতিক সম্পদ যিবােৰক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰো। প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্রয়ােজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰােপযােগী কৰি তোলা হয়। 

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


১৩। মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ প্রকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়েই প্রয়ােজন সাপেক্ষে বিভিন্ন প্রযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰােপযােগী কৰি তােলা হয়। উদাহৰণস্বৰূপে, বাহৰ পৰা কাগজ কপাহৰ পৰা কাপােৰ খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেথা, কৃত্রিম কাপােৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্রব্য, চাবােন, প্লাষ্টিক, কৃত্রিম ৰবৰ, মম আদি; গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, নির্মাণ সামগ্রী আদিৰ কথা কব পাৰি। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্রীবােৰকে মানৱ-সৃষ্ট সম্পদ বােলা হয়। 

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


১৪। নৱীকৰণযােগ্য আৰু অনৱীকৰণ সম্পদৰ মাজৰ পার্থক্য কি কি? উদাহৰণসহ চমুকৈ আলােচনা কৰা। 

উত্তৰঃ পৃথিৱীত উপলভ্য প্রাকৃতিক সম্পদবােৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু আন কিছুমান ক্রমান্বয়ে নিঃশেষ হৈ যায়। যিবােৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতাে নৱীকৰণ বা পুনঃ পূর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নােযােৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবােৰক নৱীকৰণযােগ্য বা পুনঃপূর্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বােলা হয়। অর্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযােগ্য সম্পদ। এই সম্পদবােৰ প্রকৃতিৰ বুকুত সহজে সৃষ্টি হয়। অৱশ্যে গছ-গছনি আৰু প্ৰাণীৰ কিছুমান প্রজাতিৰ বুকুত সহজে সৃষ্টি হয়। অৱশ্যে গছ-গছনি আৰু প্ৰাণীৰ কিছুমান প্রজাতি অতিমাত্রা ব্যৱহাৰ তথা নানান প্রাকৃতিক নাইবা মানৱ জনিত কাৰণত চিৰকালৰ বাবে বিলুপ্তি হ'ব পাৰে। 

আনহাতে, যিবােৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নােৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবােৰক অনৱীকৰণযােগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বােলে। উদাহৰণস্বৰূপে, কয়লা, খনিজ তেল, খনিজ পদার্থ (যেনে, তাম, সােণ চূণশিল, লাে, ৰূপ আদি), প্রাকৃতিক গেছ, আদি অনৱীকৰণযােগ্য সম্পদ। এনেবােৰ সম্পদ সেয়ে এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লােপ পায়। সেয়ে এই সম্পদবোৰ যাতে সহজে শেষ নহয় তাৰ বাবে এইবােৰৰ সুপৰিকল্পিত আহৰণ আৰু ব্যৱহাৰত গুৰুত্ব প্রদান কৰিব লাগে।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


১৫। সম্পদ সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্ৰয়ােজনীয়তা কি? 

উত্তৰঃ সাধাৰণতে কোনাে ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নােহােৱাকৈ সম্পদ সম্ভাব্যপূর্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বােলা হয়। 

সম্পদ সংৰক্ষণৰ প্ৰয়ােজনীয়তা দিনক দিনে বহুত বৃদ্ধি পাইছে। সংৰক্ষণ ধাৰণাটো অনৱীকৰণযােগ্য সম্পদৰ সৈতে অতিপাত জড়িত হলেও নৱীকৰণযােগ্য সম্পদৰ সৈতেও সমানে প্রযােজ্য। উদাহৰণস্বৰূপে, আমি অৰণ্য অঞ্চলৰ দৰে নৱীকৰণযােগ্য সম্পদৰ কথাও ক'ব পাৰে। সংৰক্ষণ নকৰি মানুহে যদি অৰণ্য অঞ্চলসমূহ অনিয়ন্ত্রিতভাবে ব্যৱহাৰ কৰে তেতিয়া পৃথিৱীত পৰিৱেশিজনিত বহুতাে সমস্যাই দেখা দিব পাৰে। আনহাতে, ইয়াৰ লগতে অৰণ্য অঞ্চলৰ লগত থকা বনজ সম্পদো ধ্বংস হ'ব পাৰে। তেনেকৈ সংৰক্ষণহীন অনৱীকৰণযােগ্য সম্পদসমূহে ধ্বংস হব। মানুহৰ বিলাসী জীৱনৰ বাবে আৰু বিস্তৃত অর্থনৈতিক কার্যকলাপৰ ফলত ভূ-গর্ভস্থ সম্পদসমূহ নিঃশেষ হৈ আহিছে। ফলস্বৰূপে এটা সময়ত শক্তিৰ নাটনিয়ে দেখা দিয়াৰ আশংকা থাকে। এনে পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ মানৱ সমাজৰ সুশৃংখল ভবিষ্যতৰ বাবে সম্পদ সংৰক্ষণৰ প্ৰয়ােজনীয়তা বিদ্যমান।

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


১৬। সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা। উত্তৰঃ সম্পদ সংৰক্ষণৰ প্রয়ােজনীয়তাৰ প্রতি দৃষ্টি ৰাখি ইয়াৰ সংৰক্ষণৰ বিভিন্ন পদ্ধতি তলত আলোচনা কৰা হল- 

(ক) বিকল্প সম্পদৰ সন্ধানঃ কোনাে এটা সম্পদৰ ব্যৱহাৰ বা উৎপাদন চলাই থাকোতে অন্য এক বিকল্প সম্পদৰ সন্ধান চলাই থকা উচিত। এনে কৰিলে পূর্বৰ সম্পদৰ ওপৰত মানুহৰ হেঁচা কমিব আৰু সম্পদ সংৰক্ষিত হব। উদাহৰণস্বৰূপে, প্রাকৃতিক ৰবৰৰ সলনি কৃত্রিম ৰবৰ, কয়লাখনিজ তেলৰ পৰা সৃষ্ট শক্তিৰ সলনি জলবিদ্যুৎ শক্তি, সৌৰশক্তি আদিৰ ব্যৱহাৰৰ কথা ক'ব পাৰি। 


(খ) পুনৰাৱর্তনঃ সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযােগী বর্জিত দ্রব্য পুনৰাৱর্তন প্রক্রিয়াৰ যােগেদি পুনর্ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, পুৰণি পলিথিন বেগ, প্লাষ্টিকৰ বটল, কাগজ পুনৰাৱর্তনৰ যােগেদি সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্রী কিছু পৰিমাণে হলেও সংৰক্ষণ কৰিব পাৰি। 


(গ) অভিযােজন বা নৱপ্ৰচলনঃ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্রকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰােপযােগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযােজন, প্রক্রিয়াৰ প্ৰয়ােগ কৰিব লাগে। 


(ঘ) বর্জিত দ্রব্যৰ পৰিমাণ হ্রাসঃ কেঁচা সামগ্ৰীৰ পৰা প্রয়ােজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বর্জিত দ্রব্যৰ উৎপাদন সীমিত কৰিব পাৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষিত হয়। 


(ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণঃ সম্পদৰ উৎপাদন আৰু ব্যৱহাৰ কার্য সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্রয়ােজন। 


(চ) সংৰক্ষণ সম্পর্কীয় আইনৰ কাৰ্যকৰীকৰণঃ সম্পদ সংৰক্ষণ কার্যকৰী কৰিবলৈ সংৰক্ষণ সম্পৰ্কীয় আইনৰ ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে। 


(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়নঃ সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনাে সম্পদৰ সঞ্চিত পৰিমাণ সম্পর্কে সঠিকভাবে মূল্যায়ন কৰিব লাগে। ইয়াৰ জৰিয়তে অপ্রয়ােজনীয় ব্যৱহাৰ ৰােধ কৰিব পাৰি। 


(জ) সম্পদসমূহৰ ভৱিষ্যৎ প্রয়ােজন নির্ধাৰণঃ সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়ােজনীতা নির্ণয় কৰাটো অতি দৰকাৰ। তেতিয়াহে মানুহে সম্পদ ব্যৱহাৰ ক্ষেত্ৰত নিজকে নিয়ন্ত্রণ কৰিব পাৰিব। 

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


১৭। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা অাৰু সেইবােৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ সমগ্র বিশ্বজুৰি দেখা দিয়া জনসংখ্যা বৃদ্ধি আৰু প্রাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্রাকৃতিক সম্পদ নিঃশেষ হ'বলৈ ধৰা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিভিন্ন পর্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে কার্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পর্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্রীয় পৰিৱেশ সংৰক্ষণ সংস্থা (IUCN) বিশেষভাৱে উল্লেখযােগ্য। ১৯৪৮ চনতে UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালকপ্রধান জুলিয়ান হাক্সলেৰ (ব্রিটিছ জীৱবিজ্ঞানী) প্রচেষ্টাত ফ্রান্সত IUCN প্রতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্র বিশ্বৰ প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ-বৈচিত্র্য সম্পর্কে অধ্যয়ন, গৱেষণা আৰু প্রয়ােজনীয় ব্যৱস্থা গ্রহণ কৰা। IUCN-ৰ নেতৃত্বত WWF আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র স্থাপিত হৈছে। এইদৰে বিশেষ জীৱ-জন্তু আৰু উদ্ভিদ শ্রেণী তথা সামগ্রিকভাবে প্রাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পর্যায়ত বহু সংস্থা-সংগঠনে কাম কৰি আছে। ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰণালয় (Ministry of Environment Forests and Climate Change) গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্রাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পর্কীয় আইন প্রণয়ন কৰে। এই মন্ত্রণালয়ৰ অন্তৰ্গত স্বতন্ত্রভাবে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সভা গঠন কৰা হৈছে। ইয়াৰ উপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্র আদিৰ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্র কাম কৰি আছে। অসমতাে অসম বিজ্ঞান সমিতি, অৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ-বৈচিত্ৰ সংৰক্ষণ আদিৰ বাবে কামকাজ কৰি আছে। ৰাষ্ট্ৰসংঘৰ আহ্বানত সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পর্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্র বিশ্বজুৰি প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। 

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


১৮। চমুটোকা লিখা

(ক) সম্পদ

উত্তৰঃ যিবােৰ বস্তুৰে মানুহৰ অভাৱ পূৰণ কৰে আৰু মানুহৰ বাবে অতি প্রয়ােজনীয়, সেইবােৰকে সম্পদ বােলে। কোনাে এটা সমাগ্রী সম্পদ হ'বলৈ ইয়াৰ উপযােগিতা, কার্যকাৰীতা আৰু পৰিৱৰ্তনশীল ধর্ম—এইকেইটা প্রধান গুণ থাকিব লাগিব। 


(খ) মানৱ সম্পদ 

উত্তৰঃ প্রাকৃতিক সম্পদসমূহক বাৱহাৰৰ উপযােগী কৰিবলৈ মানুহৰ কর্মদক্ষতা, শিক্ষা, প্রযুক্তি আৰু আগ্রহৰ প্রয়ােজন হয়। এনেবােৰ গুণ থকাৰ বাবে মানুহকে সম্পদৰ অন্তর্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হয়। দৰাচলতে মানুহেই সম্পদ সৃষ্টিকর্তা। মানৱ সম্পদৰ দ্রুত বিকাশৰ বাবেই জাপান, চুইজাৰলেণ্ড, টাইৱান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আদি দেশবােৰ প্ৰয়োজনীয় বহু প্রাকৃতিক সম্পদ তথা উদ্যোগৰ বাবে প্রয়ােজনীয় নিজা কেঁচা সামগ্ৰীৰ অভাৱতাে আজি পৃথিৱীৰ একো একোখন অগ্রণী আৰু সমৃদ্ধ দেশ হিচাপে পৰিণত হৈছে। 


(গ) সম্পত্তি 

উত্তৰঃ যিবােৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবােৰক সম্পত্তি বােলা হয়। মন কৰিবলগীয়া যে ব্যৱহাৰৰ উপযােগী হােৱাৰ উপৰি সম্পত্তিৰ-যােগান তুলনামূলকভাবে সীমিত আৰু ইয়াক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। ভূমি, ঘৰ-দুৱাৰ, যন্ত্রপাতি, কোম্পানীৰ অংশ আদি সকলােবােৰ সম্পত্তি। ইয়াৰ বজাৰ মূল্য আছে। 


(ঘ) নৱীকৰণযােগ্য সম্পদ 

উত্তৰঃ যিবােৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতাে নৱীকৰণ বা পুনঃপুর্ণীকৃত প্রক্রিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নােযােৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবােৰক নৱীকৰণযােগ্য বা পুনঃপূর্ণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বােলা হয়। অর্থাৎ সূর্য্য ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযােগ্য সম্পদ। এই সম্পদবােৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। অৱশ্যে গছ-গছনি আৰু প্রাণীৰ কিছুমান প্রজাতি অতিমাত্রা ব্যৱহাৰ তথা নানা প্রাকৃতিক নাইবা মানৱজনিত কাৰ্যত চিৰকালৰ বাবে বিলুপ্ত হৈছে বা বিলুপ্ত হব পাৰে।


(ঙ) ব্যক্তিগত সম্পদ 

উত্তৰঃ মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভুমি-সা-সম্পত্তি আৰু নিজ গুণ, যেনে —ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বােলা হয়।


(চ) জাতীয় সম্পদ 

উত্তৰঃ এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা গছ-গছনি আৰু জীৱ-জন্তু শিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বােলা হয়। উদাহৰণস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ।


(ছ) জীৱীয় সম্পদ 

উত্তৰঃ প্রাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবােৰৰ জীৱ থাকে সেইবােৰক - জীৱীয় সম্পদ বোলে। যেনে—উদ্ভিদ, প্রাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। 


(জ) সম্পদ সংৰক্ষণ 

উত্তৰঃ সাধাৰণতে কোনাে ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নােহােৱাকৈ সম্পদৰ সম্ভাব্যপূর্ণ ব্যৱহাৰ কৰা কার্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বােলা হয়। অর্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হল আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়ােজনীয় সম্পদবােৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলােৱে বহু সময় ধৰি উপকৃত হব পাৰাে। সম্পদ সংৰক্ষণ বুলিলে, অৱশ্যে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল অতিমাত্রা বাবে সাঁচি ৰখা কার্যকে নুবুজায়। উদাহৰণস্বৰূপে খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা কোনাে ধৰণৰ অপচয় নােহােৱাকে মানৱ কল্যাণত সঠিক ৰূপত বহু দিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যকে বুজায়। 

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


১৯। পার্থক্য লিখা

(ক) সম্পদ আৰু সম্পত্তি 

উত্তৰঃ 

(১) মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলো বস্তুৱেই সম্পদ। কিন্তু যিবােৰ বস্তুৰ বিনিময় মূল্য আছে সেইবােৰক সম্পত্তি বােলে।  


(২) সকলােবােৰ সম্পদ সম্পত্তি নহয় কিন্তু সকলাে সম্পত্তিয়েই সম্পদ।


(৩) সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ হয় কিন্তু সম্পত্তিৰ জৰিয়তে মানুহৰ, অপকাৰ বা উপকাৰ দুয়ােটাই হ'ব পাৰে। 


(খ) অর্থনৈতিক ভূগােল আৰু সম্পদ ভূগােল 

উত্তৰঃ 

(১) অর্থনৈতিক ভূগােল ভূগােলৰ এটি শাখা কিন্তু সম্পদ ভূগােল অর্থনৈতিক ভূগােলৰ এটা শাখা। 


(২) অর্থনৈতিক ভূগােলত মানুহৰ বিভিন্ন অর্থনৈতিক কার্যাৱলী আলােচনা কৰা হয় কিন্তু সম্পদ ভূগােলত বিশেষভাৱে সম্পদৰ কথা আলােচনা কৰা হয়। 


(৩) অর্থনৈতিক ভূগােলৰ পৰিসৰ বহল কিন্তু সম্পদ ভূগােলৰ পৰিসৰ ঠেক। 


(গ) সম্পদ আৰু নিষ্ক্রিয় সামগ্রী

উত্তৰঃ 

(১) মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় সকলাে বস্তুৱেই সম্পদ কিন্তু যিবােৰ সামগ্ৰীয়ে মানুহৰ কোনাে উপকাৰ বা অপকাৰ নকৰে তাক নিষ্ক্রিয় সামগ্রী বােলে। 

(২) কিছুমান সম্পদ মানৱ-সৃষ্ট কিন্তু নিষ্ক্রিয় সামগ্রী মানৱ-সৃষ্ট হ'ব নােৱাৰে। 


(ঘ) জীৱীয় আৰু অজীৱীয় সম্পদ। 

উত্তৰঃ 

(১) যিবােৰ সম্পদত জীৱ থাকে তাক জীৱীয় সম্পদ বােলে কিন্তু যিবােৰ সম্পদত জীৱ নাথাকে তেনে সম্পদক অজীৱীয় সম্পদ বােলে। 

(২) কিছুমান জীৱীয় সম্পদৰ পৰা কালক্ৰমত অজীৱীয় সম্পদৰ সৃষ্টি হয় কিন্তু অজীৱীয় সম্পদৰ পৰা জীৱীয় সম্পদৰ সৃষ্টি নহয়।


(ঙ) নৱীকৰণযােগ্য আৰু অনৱীকৰণযােগ্য সম্পদ উত্তৰঃ 

(১) যিবােৰ সম্পদক এবাৰ ব্যৱহাৰৰ পিছতাে বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি তাক নৱীকৰণযােগ্য সম্পদ বােলে কিন্তু যিবােৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰিব নােৱাৰি তাক অনৱীকৰণযােগ্য সম্পদ বােলে।

(২) নৱীকৰণযােগ্য সম্পদ শেষ হৈ যােৱাৰ আশংকা নাথাকে কিন্তু অনৱীকৰণযােগ্য সম্পদ শেষ হৈ যায়। 


(চ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ 

উত্তৰঃ 

(১) মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভুমি-সা-সম্পত্তি আৰু নিজ গুণক ব্যক্তিগত সম্পদ বােলা হয়। আনহাতে, এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা গছ-গছনি আৰু জীৱ-জন্তু শিক্ষানুষ্ঠান, প্রশাসনিক ব্যবস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বােলা হয়।


(২) ব্যক্তিগত সম্পদ যেনে —ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বােলা হয়। আনহাতে, জাতীয় সম্পদ বুলিলে যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ।


(জ) সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযােজন 

উত্তৰঃ

(১) সম্পদৰ পুনৰাৱর্তন প্রক্রিয়াৰ যােগেদি কোনাে সম্পদৰ পুনৰ ব্যৱহাৰ কৰি পাৰি কিন্তু অভিযােজন প্রক্রিয়াৰ যােগেদি কোনাে সম্পদ বিভিন্ন প্রক্রিয়াৰ মাজেৰে ব্যৱহাৰােপযােগী অৱস্থালৈ নিব পাৰি। 

(২) পুনৰাৱৰ্তন প্রক্রিয়াৰ যােগেদি কেঁচা সামগ্রী সংৰক্ষণ কৰিব পাৰি কিন্তু অভিযােজন প্রক্রিয়াৰ যােগেদি সম্পদৰ বিকল্প ব্যৱহাৰ কৰি সম্পদৰ ঋণাত্মক প্ৰভাৱ দূৰ কৰিব পাৰি। 

দশম শ্রেণীৰ ভূগোলৰ প্রথম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ Class 10 Social Science Geography Chapter 1 SEBA All geography notes in Assamese


২০। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(ক) তলৰ কোনটো মানৱসৃষ্ট সম্পদ 

(১) নদনদী 

(২) খনিজ তেল

(৩) জলসিঞ্চন নলা 

(৪) অৰণ্য

উত্তৰঃ (৩) জলসিঞ্চন নলা। 


(খ) তলৰ কোনটো অজীৱীয় সম্পদ? 

(১) বায়ু

(২) গছ গছনি

(৩) জীৱ-জন্তু 

(৪) ভেকুৰ

উত্তৰঃ (১) বায়ু


(গ) তলৰ কোনটো অনৱীকৰণযােগ্য সম্পদ? 

(১) বায়ু

(২) পানী

(৩) শস্য 

(৪) কয়লা 

উত্তৰঃ (৪) কয়লা।। 


(ঘ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী? 

(১) এশিঙীয়া গড় 

(২) নল গাহৰি

(৩) জিৰাফ 

(৪) মিথুন 

উত্তৰঃ (৪) মিথুন। 


(ঙ) IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্রীয় সংস্থাৰ অন্তৰ্গত? 

(১) UNESCO 

(২) UNDP 

(৩) WWF 

(৪) UNEP 

উত্তৰঃ (১) UNESCO


******

দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ ১ম অধ্যায় অর্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদৰ সকলো প্রশ্ন উত্তৰৰ সমাধান ছাত্র ছাত্রী সকলৰ বাবে Class 10 Social Science Geography Bhugul Chapter 1 SEBA Assamese Medium HSLC Notes Social Science Class 10 Question Answer - Social Science Class 10 Question Bank Solution - Homaj Vigyan Class X Suggestion and Notes for all Student of SEBA Board Assam - Class X Social Science Geography Previous Year Question Paper with Solution all geography class 10 notes in Assamese khuj2

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.