ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা অসমীয়া ব্যাকৰণ Bhab boholai likha bhab hompokharon kora Assamese grammar
![]() |
ভাব সম্প্ৰসাৰণ |
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"জী ভালেই জোঁৱাই ভাল আপোন ভালেই জগত ভাল"
ই এটি সচৰাচৰ অসমীয়া ভাষাত ব্যৱহৃত প্রবচন। এই সংসাৰত ভাল- বেয়া সকলো যে মানুহৰ নিজৰ ওপৰতেই নিৰ্ভৰশীল তাকে বুজাবলৈ এই প্রবচনফাঁকি ব্যৱহাৰ কৰা হৈছে। মানুহৰ সমষ্টিয়েই হ'ল সমাজ। সেয়ে মানুহৰ স্বভাব অনুযায়ী সমাজৰো ভাল-বেয়া নিৰ্ভৰশীল। ভাল মানুহে সদায় আনৰো ভালটোকেই কামনা কৰে। যিদৰে নিজৰ ছোৱালীয়ে ঘৰখনৰ বিষয়ে যি ধাৰণা দিব জোঁৱায়েও তেনে ধাৰণাকে পোষণ কৰিব, ঠিক একেদৰে নিজে ভাল হ'লেহে আন ভাল মানুহৰো সংগ লাভ কৰিব পাৰি। আমি যদি আনক নম্র ব্যৱহাৰ কৰো আনেও আমাক নম্ৰ ব্যৱহাৰেই কৰিব। সেয়ে কোৱা হয় আপোন ভালেই জগত ভাল। এই যে সমাজৰ ভাল-বেয়া নিজৰ ওপৰতেই নিৰ্ভৰ কৰে বা আপোন ভালেই জগত ভাল।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"হৰিণাৰ মাংসই বৈৰী"
হৰিণাৰ মাংস খাবৰ কাৰণে মানুহ আৰু বাঘ আদিয়ে বধ কৰে। তাৰ মাংসই তাৰ মৃত্যুৰ কাৰণ। সেয়ে তাৰ গাৰ মাংসই তাৰ প্ৰধান শত্রু। এই কথাৰ দ্বাৰা ইয়াকে ক'ব খোজা হৈছে যে নিজৰ উপার্জিত ধন-সম্পদ, অপকর্মই মানুহৰ মৃত্যুৰ কাৰণ হয়, নিজৰ ৰূপ-যৌবনেই নাৰীৰ অনেক সময়ত দাৰুণ বিপদ, আনকি মৃত্যুৰো কাৰণ হৈ পৰে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"হস্তীৰো পিছলে পাও সজ্জনৰো বুৰে নাও”
হাতী বৰ ডাঙৰ জন্তু। শকত চাৰিখন ভৰিয়ে তাৰ দেহটো ধৰি ৰাখে। গতিকে সি পিছলি পৰিব বুলি ভাব নহয়। কিন্তু কেতিয়াবা হাতীৰ ভৰিও পিছলে আৰু সি মাটিত পাক খাই পৰে। তেনেদৰে নাৱৰীয়া পাকৈত হ'লেও কেতিয়াবা তাৰ নাওঁ বুৰে। মানুহৰ জীৱনত এনেদৰে কিবা বিপদ হোৱাতো অথবা কেতিয়াবা লক্ষ্যৰ পৰা পিছলি পৰাটোও একো আচৰিত কথা নহয়। গতিকে সৎ মানুহে ভুল কৰা কথাটো গুৰুত্ব সহকাৰে গ্রহণ কৰিব নেলাগে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"যি মূলা বাঢ়ে তাৰ দুপাততে চিন"
মূলা খেতি কৰা খেতিয়কে বাঢ়ি অহা মূলাজোপালৈ চাই ধৰিব পাৰে যে মূলা ভাল হ'ব নে নহয়। দুপতীয়া মূলাৰ গছদালতেই গম পোৱা যায় ভাল মূলা হোৱাৰ কথা। ঠিক তেনেকৈ কোনোবা এজন ডাঙৰ মানুহ হ'ব নে নাই তাক তেওঁৰ সৰু কালৰ স্বভাব-চৰিত্ৰৰ পৰাই গ'ম পোৱা যায়। সৎ বা মহৎ হ'ব লগা ব্যক্তিয়ে সৰুৰেপৰা কিছুমান গুণ প্রকটিত কৰে আৰু সেইবোৰৰপৰা অনুমান কৰিব পাৰি তাৰ সেন্দুৰী ভৱিষ্যতটোৰ কথা।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"কথাত কটা যায় কথাত বঁটা পায়"
মানুহৰ মুখৰ কথাখিনিয়ে আচল বস্তু। কাৰ্য কৰা-নকৰাকৈ মুখৰ কথাৰ ওপৰতহে এজন মানুহৰ ভাল-বেয়া বিচাৰ হয়। মানুহে বিনম্রভাবে কথা ক'লে দোষ কৰিলেও তাৰ পৰা মুক্ত হ'ব পাৰে। মুখৰ মাতবোৰহে ভদ্রতাৰ পৰিচয়ক। মিঠা মাতেৰে কথা কলে ভদ্রতা প্রকাশ পোৱাৰ লগে লগে শুনোতাৰ মনো ৰঞ্জিত হয়। তেতিয়া সেই ভদ্রভাবে কথা কোৱা মানুহজনে তেওঁৰ পৰাও সৎ ব্যৱহাৰ পাব পাৰে, আনহতে মুখৰ মাত তিতা হ'লে সি ভাল কাম কৰিলেও আনৰ নিন্দা বা গৰিহণাৰ পাত্র হয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"বিদ্যা পৰম ধন"
এই সংসাৰ চলিবলৈ ধনৰ প্রয়োজনীতাৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। মানুহে এই ধন যি কোনো উপায়েৰে অৰ্জন কৰিব পাৰে। কিন্তু আচলতে বিদ্যাহে পৰম ধন। ইয়াক সহজে আয়ত্ত কৰা কঠিন। এই বিদ্যাই মানুহক ধনতকৈ বেচি মূল্যবান সম্পদ দান কৰে। বিদ্যা থাকিলে মানুহে যি কোনো উপায়েৰে ধন আৰ্জিব পাৰে। ধন থকা মানুহৰ এদিন সকলো ধন শেষ হৈ যায়, কিন্তু বিদ্যাধনৰ অধিকাৰী মানুহ কেতিয়াও দুখীয়া নহয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"মিছা কথাৰ ঠেং চুটি"
মিছা কথা কোৱাটো বৰ বেয়া অভ্যাস। মিছা মাতি কিবা এটা সমস্যা দূৰ কৰিব পাৰি বা কিবা এটা বিপদৰ পৰা সাৰিব পাৰি ঠিকেই কিন্তু সেই মিছা কথা কোৱাৰ কাৰণে আৰু বহুতো মিছা মাতিবলগীয়া হয়। মিছা কথাৰে প্ৰকৃত সত্যক ঢাকি ৰাখিবলৈ চেষ্টা কৰিলে এদিন সি ধৰা পৰিবই। সেয়ে মিছা কথাৰ ঠেং চুটি বুলি কোৱা হয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"জাগি শুবা বাছি খাবা"
সকলো কথাতে সজাগ হৈ থকাতো জ্ঞানী মানুহৰ লক্ষণ। সজাগতা নহ'লে কোনো কামতে সফলতা লাভ কৰিব নোৱাৰি। এই সজাগতা খোৱা-লোৱা সকলো ক্ষেত্রতো থকাতো বাঞ্চনীয়। সজাগ হৈ খোৱা- লোৱা কৰিলে বেমাৰ-আজাৰৰ ভয় নেথাকে। তেনেকৈ জাগি শুলে চোৰ-ডকাইতৰ ভয়ৰপৰা সাৱধান হৈ থাকিব পাৰি। নিচিন্ত মনে শুলে কিবা বিপদ-আপদ হ'লেও গম পোৱা নেযায়। সেয়ে সাৱধানে শোৱা উচিত। এই দুটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত চকু দিলে মানুহে জীৱনত উন্নতি লাভ কৰিব পাৰে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"দেহা থাকিলেহে বেহা"
শৰীৰেই সকলো ধৰ্মৰ মূল বুলি সংস্কৃতত এষাৰ কথা আছে। এই শৰীৰ ভালে নেথাকিলে একো কামকে কৰিব নোৱাৰি। সকলোধৰণৰ প্রয়াসৰ মূলতে হ'ল শৰীৰটো। শৰীৰ ভালে নেথাকিলে পঢ়া-শুনা কৰিব নোৱাৰি, ধন, আর্জিব নোৱাৰি। সেয়ে শৰীৰৰ প্ৰতি বিশেষভাৱে মনোনিৱেশ কৰা দৰকাৰ। শৰীৰক কষ্ট দি ধন অৰ্জন কৰিবলৈ যোৱাটোও উচিত নহয়। কাৰণ শৰীৰ ভালে নেথাকিলে সেই ধন কেনেকৈ ভোগ কৰিব পৰা যাব? গতিকে শৰীৰটোলৈ লক্ষ্য ৰাখিহে বেহা কৰিব লাগে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"হলা গছত আটায়ে বাগি কুঠাৰ মাৰে"
গছ সাধাৰণতে থিয় হৈ থাকে। এই থিয় হৈ থকা গছ কটা টান আৰু সময়ো বেছি লাগে। কিন্তু বতাহ বা আন কাৰণত হালি থকা গছ থিয়কৈ থকা গছৰ তুলনাত কম কষ্ট আৰু কম সময়তে কাটি বগৰাই পেলাব পাৰি। সেয়ে থিয়কৈ থকা গছ কটা মানুহ পাবলৈ টান যদিও হলা গছ কটা মানুহৰ অভাৱ নাই। ইয়াৰ প্ৰকৃত অর্থ হ'ল এয়ে যে, দুর্বল বা দুখীয়া লোকৰ ওপৰত বৰ মতা দেখুওৱা সহজ কিন্তু সম্পদশালী বা ক্ষমতাবান মানুহৰ ওপৰত বৰ মতা দেখুওৱা সহজ নহয়। ইয়াৰ তাৎপর্য হ'ল কেতিয়াও দুর্বল লোকৰ দুৰ্বলতাৰ সুযোগ গ্রহণ কৰা অনুচিত।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"একতাই পৰম শক্তি"
গাইগুটীয়াকৈ কোনো কাম কৰাতকৈ কেইবাজনো লগ হৈ কৰা কাম সহজতৰ আৰু অধিক ফলদায়ক হয়। সৰু সৰু কৰি থোৱা মৰাপাটৰ আঁহ যি কোনো বলৱান লোকেই চিঙিব পাৰে। কিন্তু সেই একেই সৰু সৰু মৰাপাটৰ আঁহেৰে তৈয়াৰী ৰচী এডাল শক্তিশালী হাতীয়েও চিঙিব নোৱাৰে। একেদৰে গাইগুটীয়াভাবে সমাজ বা ৰাষ্ট্ৰৰ উন্নতি কৰা টান যদিও সকলোৱে সমূহীয়া শক্তিৰে সমাজ তথা দেশৰ উন্নতি সাধন কৰা সম্ভৱপৰ। সেয়েহে একতাকে পৰম শক্তি বুলি গণ্য কৰা হয়। এই শক্তিৰ বিকল্প নাই।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"অচিন কাঠৰ থোৰা নলগাবা"
কাঠ মানুহৰ এবিধ লাগতিয়াল বস্তু। বহু সাঁ-সজুলি, ঘৰ-দুৱাৰ কাঠেৰে সজাই লয়। ধানৰ পৰা চাউল উলিয়াবৰ বাবে অসমীয়া মানুহে ঢেঁকী সাজি লয়। থোৰা ঢেঁকীৰ এটা প্রয়োজনীয়, কিন্তু সৰু অংশ। এই সৰু অংশ হিচাপে ব্যৱহাৰ কৰা থোৰাটোকো মানুহে নিচিনা-নজনা কাঠেৰে নাসাজে। এই প্রবচনৰ দ্বাৰা এক গভীৰ অৰ্থ প্ৰকাশ কৰা হৈছে। আতি- গুৰি নজনা বস্তু, মানুহ, কথা আদিক বিশ্বাস নকৰিবলৈ এই সাধু বাক্যটিৰ দ্বাৰা মানুহক সাৱধান কৰি দিয়া হৈছে। আমি যিজন মানুহক ভালকৈ চিনি নাপাওঁ তেওঁক ততালিকে বিশ্বাসত ল'ব নালাগে। কোনো লোকৰ বিষয়ে খৰচি মাৰি জনাৰ পিছত প্রয়োজনীয় ক্ষেত্ৰত আমি বিশ্বাসত লোৱাৰ বাবে সচেতন কৰি দিবলৈ এই প্রবচনটিৰ উদ্ধৃতি দিয়া হয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"য'তে বাঘৰ ভয়, ততে ৰাতি হয়"
পুৰণি কালত আজিকালিৰ দৰে যাতায়াতৰ সুচলৰ বাবে বিবিধ যান- বাহন নাছিল। সেই কালত অতি বেছি ঘোঁৰাত উঠি মানুহে দূৰৰ ঠাইলৈ যাতায়াত কৰিছিল। এনে যাতায়াতৰ ক্ষেত্ৰত অতিক্ৰম কৰিব লগা পথত ভয় কৰিব লগা কোনো ঠাই অতিক্ৰম কৰাৰ বাবে হাটৰুৱা-বাটৰৱা সকলোৱে যত্ন কৰিছিল। কিন্তু দুর্ভাগ্যই লগ দিলে বাঘ বা হিংস্র জন্তুৰ ভয় থকা ঠাইতেই ৰাতি হয়। ইয়াৰ দ্বাৰা যি বিপদ এৰাই চলাৰ যত্ন কৰা হয়, সেই বিপদতে পৰাৰ কথা বুজাবলৈ যত্ন কৰা হৈছে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"চোৰেহে চোৰৰ ঠেং দেখে"
চোৰ সমাজৰ অনিষ্টকাৰী ব্যক্তি। চোৰৰ অনিষ্টৰ পৰা হাত সাৰিবৰ বাবে মানুহে চোৰক ধৰা পেলাবলৈ যত্ন কৰে। কিন্তু সাধাৰণ মানুহৰ মাজতে থকা চোৰজনক মানুহে চিনিব নোৱাৰে। পিছে এজন চোৰে আনজন চোৰক চিনি উলিয়াব পাৰে। আনে তৰকিব নোৱাৰাকৈ চোৰে চোৰক চিনি পোৱা অৱস্থাটোকে চোৰে চোৰৰ ঠেং দেখা বুলি কোৱা হয়। চোৰৰ দৰে সমাজত থকা আন আন দুষ্ট বা অনিষ্টকাৰী বিচাৰি ল'ব পাৰে বা চিনিব পাৰে। লোকসকলেও নিজৰ স্বভাৱৰ লগত মিল থকা দুষ্ট বা অনিষ্টকাৰীলোক।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"উপকাৰীক অজগৰে খায়”
অজগৰ হৈছে এবিধ বিষাক্ত সাপ আৰু ই অতি শক্তিশালী। মানুহ, জীৱ-জন্তু সকলোকে ই ভক্ষণ কৰে। ইয়াৰ পতিপাল কৰিলেও ই মানুহক দংশন নকৰাকৈ নাথাকে। অর্থাৎ উপকাৰীজনকো অপকাৰ কৰাটো অজগৰৰ স্বভাৱ। ঠিক তেনেদৰে পৃথিৱীত এনে কেতবোৰ লোক আছে, যাক উপকাৰ কৰাৰ পিছতো সি উপকাৰীৰ শলাগ নলয়, বৰঞ্চ উপকাৰ কৰাজনৰ অপকাৰ কৰিবলৈকো চেলু বিচাৰি ফুৰে। গতিকে তেনে অপকাৰী লোকৰ পৰা সততে সজাগ হোৱা উচিত।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি"
সময়ৰ কাম সময়ত নকৰি পিছত তাৰ বাবে অনুতাপ কৰাৰ পৰা একো ফল নহয়। এনে অর্থ বুজাবলৈ এইফাঁকি প্রবচন প্রয়োগ কৰা হয়। বহু সময়ত দেখা যায় যে দূৰদৰ্শিতাৰ অভাৱত বা অসতর্কতাৰ বাবে কেতিয়াবা কিছুমান ঘটনা ঘটে। ঘটনাটো ঘটাৰ পিছতহে মানুহে তাৰ পৰা উদ্ধাৰ পোৱাৰ বুদ্ধি আহে নাইবা ভুলটো বুজি পায়। যেনেকৈ বৰষুণত নিতিতিবলৈ হ'লে আগতীয়াকৈ জাপিৰ যোগাৰ কৰি ৰাখিব লাগিব, বৰষুণ যোৱাৰ পিছত জাপি এটা আনি মূৰত লোৱাৰ পৰা একো ফল নহয়; তেনেকৈ চোৰৰ পৰা হাত সাৰিবলৈ আগতীয়াকৈ সতর্কতা অৱলম্বন নকৰি চোৰ পলোৱাৰ পিছত তাক ধৰিবলৈ খাপ লৈ থকাৰ পৰা একো লাভ নহয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"আঁঠুৱা চাই ঠেং মেলা”
আঁঠুৱাৰ ভিতৰত আঁঠুৱা যিমান দীঘল সেই হিচাপেহে ভৰি মেলি শুব লাগে; নহ'লে ভৰি লাগি আঁঠুৱা ফাটিব পাৰে অথবা দাং খাই মহ সোমাব পাৰে; এনে হ'লে আঠুৱা তৰাৰ কোনো অর্থই নাথাকিব। ঠিক এনেদৰে যাৰ যিমান সামৰ্থ তেনেদৰে কাম কৰিব লাগে অথবা যাৰ যিমান আয় সেইদৰেহে ব্যয় কৰিব লাগে। আগ-গুৰি ভাবি চাই কাম নকৰিলে বিপদহে মাতি অনা হ'ব।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"বুঢ়াৰ কথা নুশুনা ডেকা টানত পৰি কিয় কেঁকা”
উক্ত প্রবচনফাঁকি অসমীয়া সমাজত সচৰাচৰ ব্যৱহৃত এটি ফকৰা যোজনা। এই প্রবচনফাঁকিৰ জৰিয়তে ডেকা কালত বয়োজ্যেষ্ঠজনৰ কথা আওকাণ কৰি পিছত বিপদত পৰি পুনৰ জ্যেষ্ঠজনৰ পৰামৰ্শ বিচৰা বা অনুশোচনা কৰা বুজাইছে। সংসাৰৰ দীঘলীয়া যাত্ৰাত মানুহে বিভিন্ন অভিজ্ঞতা লাভ কৰি সংসাৰৰ জ্ঞান যথেষ্ট পৰিমাণে লাভ কৰে। বয়সৰ অভিজ্ঞতাই তেওঁলোকক যি জ্ঞান প্রদান কৰে বিশ্ববিদ্যালয়ৰ বহু মূল্যৱান শিক্ষায়ো হয়তো দিব নোৱাৰিব পাৰে। সেয়ে এনে বয়োজ্যেষ্ঠসকলৰ দিহা-পৰামৰ্শ গ্রহণ কৰি আমিও লাভৱান হ'ব পাৰোঁ।কিন্তু বহুতে ডেকা কালত মদ্দ্গবী গৈ এনে বয়োজ্যেষ্ঠসকলৰ দিহা- পৰামৰ্শ আওপুৰণি বা অপ্রয়োজনীয় বুলি বিবেচনা কৰি তেওঁলোকৰ পৰামৰ্শক গুৰুত্ব নিদি নিজস্ব চিন্তাধাৰাৰে কামত আগবাঢ়ে। ফলত কেতিয়াবা বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে সমাজৰো বিশেষ ক্ষতি সাধন হোৱাত শেষ সময়ত এওঁলোক অনুশোচনাত দগ্ধ হয়। সমাজৰ উতনুৱা ডেকাসকলৰ এনে অহং মনোভাৱক ব্যংগ কৰিয়েই উক্ত প্রবচনফাঁকিৰ ব্যৱহাৰ কৰা হয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"অভ্যাসৰ নৰ, কৰ্ণ পথে কৰে শৰ"
অভ্যাসেই কৃতকাৰ্য্যতাৰ মূল। অভ্যাসৰ বলত মানুহে কেতিয়াও নকৰা কামটোও পাৰদৰ্শিতাৰে কৰিব পাৰে। অভ্যাস কৰিলে মানুহে লক্ষ্যভেদ কৰিব পৰা হয়। আনকি কাণৰ ফুটাৰে শৰ মাৰিব পাৰে। অভ্যাসে সকলো প্ৰকাৰৰ কঠিন কামকে সম্ভৱপৰ কৰি তোলে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"বহিব জানিলে মাটিয়েই পীৰা খাব জানিলে চাউলেই চিৰা"
উক্ত প্রবচনফাঁকিৰ জৰিয়তে সকলো কথা বা কাম যে মানুহৰ নিজৰ চিন্তাধাৰা বা দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰশীল তাকে বুজাবলৈ ব্যৱহাৰ কৰা হয়। যিকোনো কাম কৰিবলৈ প্রথমে প্রয়োজন আমাৰ বিষয়বস্তুৰ ধাৰণা আৰু তাক কৰাৰ কৌশল প্রয়োগ কৰি কঠিন কামো সহজ কৰি তুলিব পাৰি। যিদৰে মাটিত বহিলে আমাৰ কাপোৰ-কানি লেতেৰা হোৱাটো স্বাভাৱিক। কিন্তু অগত্যা বহিব লগা হ'লে মাটিত লেপেটাকাঢ়ি নবহি ভৰি দুখনত ভৰ দি মাটিত বহিলে কাপোৰ কানি লেতেৰা নহয়। অর্থাৎ বুদ্ধিৰে কৰিলে কঠিন কামো সহজ হৈ পৰা কথাটো বুজাবলৈকে উক্ত প্রবচনফাঁকিৰ ব্যৱহাৰ কৰা হয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"অতি ভক্তি চোৰৰ লক্ষণ"
অসমীয়া ভাষাত ব্যৱহৃত ই এটা প্রবচন। উক্ত প্রবচনৰ জৰিয়তে মানুহৰ ভণ্ড স্বভাৱটোৰ কথা ক'বলৈ বিচাৰিছে।কিছুমান মানুহে দেখাত মুখৰ আগত ভাল ব্যৱহাৰ কৰিলেও ভিতৰি ভিতৰি অসৎ কামত লিপ্ত থাকে। অর্থাৎ দেখাত সৎ ব্যক্তিয়েও অসৎ কাম কৰিব পাৰে। বাহিৰত অযথা নম্রতা প্ৰদৰ্শন কৰি বা নিজৰ দোষ ঢাকিবলৈ ডাঙৰজনৰ আগত বেছিকৈ সম্মান প্রদর্শন কৰাজনৰ অন্তৰত কিবা উদ্দেশ্য নিহিত থাকে। সেয়ে প্রয়োজনতকৈ বেছি সম্মান প্রদর্শন কৰা ব্যক্তিৰ কথাত পতিয়ন নাযাবলৈ সাৱধান কৰি দিয়াৰ উদ্দেশ্যে উক্ত প্রবচনফাঁকি অসমীয়াত ব্যৱহাৰ কৰা হয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"ৰাইজে নখ জোকাৰিলে নৈ বয়"
উক্ত প্রবচনফাঁকি অসমীয়া ভাষাত ব্যৱহৃত এটি প্রবচন। উক্ত প্রবচনফাঁকিৰ জৰিয়তে একতাৰ জোৰ বা একেলগে কৰিলে ডাঙৰ কামো সহজে কৰিব পাৰি তাকে বুজোৱা হৈছে। উক্ত প্রবচনফাঁকিৰ জৰিয়তে ৰাইজৰ উমৈহতীয়া শক্তিৰ অপাৰ মহিমাকে বুজাব বিচাৰিছে। ৰাইজৰ সকলোৱে আগবঢ়োৱা সামান্য বৰঙণিৰেই আমি বহু মূল্যৰ কামো কৰিব পাৰো। এজনৰ বাবে কঠিন কামটো দহজনৰ সহায়ত অতি কম সময়তে কৰিব পৰা যায়। অর্থাৎ এখন নৈ হ'বলৈ বহু পানীৰ প্রয়োজন যি পানী বৰষুণে যোগান ধৰে। কিন্তু এটুপ এটুপকৈ পানী জমা কৰিও আমি পানীৰ যোগান বৃদ্ধি কৰিব পাৰোঁ। উদাহৰণস্বৰূপে সামাজিক অনুষ্ঠানবোৰো ৰাইজৰ বৰঙণিৰেই গঢ়ি তোলা হয়। যিটো এজনৰ পক্ষে সহজসাধ্য নহয়। উক্ত প্রবচনফাঁকিয়ে- ৰাইজৰ ঐক্যতা আৰু ঐক্যতা থাকিলে কোনো কামেই যে দুঃসাধ্য নহয় তাকে বুজোৱা হৈছে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"তুলসীৰ লগত কলপটুৱাৰ মুক্তি"
তুলসীক পৱিত্ৰ বুলি গণ্য কৰা হয়; সকলো পূজা-পাতল আদিত তুলসীৰ প্ৰয়োজন। কলপটুৱাৰ খোল সাজি তাতে তুলসী থৈ পূজা- পাতলৰ কামত ব্যৱহাৰ কৰা হয়। কলপটুৱা সাধাৰণ বস্তু; কিন্তু তুলসীৰ নিচিনা পবিত্র বস্তুক কলপটুৱাত ৰখাৰ কাৰণে কলপটুৱাও পবিত্র হৈ মুক্তি লাভ কৰিব পৰাৰ নিচিনা হৈ পৰে। এই যোজনাই ইয়াকে বুজাইছে যে সাধাৰণ বা সামান্যজনেও সম্মানীয় বা গুণীজনৰ লগত থাকিলে সম্মান লাভ কৰিব পাৰে আৰু গৌৰৱৰো অধিকাৰী হ'ব পাৰে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"টেঙা আম এবাৰহে বেচিব পাৰি।”
টেঙা আম মানুহে নিকিনে; কেতিয়াবা টেঙা আমকে আম বেচোতাই মিঠা আম বুলি কৈ বিক্ৰী কৰে। কিন্তু মিঠা আম বুলি কিনা সেই আম টেঙা হ'লে কিনোতাই আৰু সেই আম বেচোতাজনৰ পৰা পিছত কেতিয়াও নিকিনে। গতিকে ফাঁকি দি মানুহে এবাৰহে কোনো কাম কৰিব পাৰে, অথবা মানুহক ঠগ-প্রবঞ্চনা এবাৰহে কৰিব পাৰে, সদায় কৰিব নোৱাৰে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"উলুৰ লগত বগৰী পোৰা”
য'ত উলু থাকে তাত সচৰাচৰ বগৰী গছো থাকে। খেতি কৰিবৰ কাৰণে উলুবনত জুই লগাই মাটি মুকলি কৰা হয় আৰু এনেদৰে জুই লগাওঁতে উলুৰ লগতে বগৰী গছো পোৰা যায়। সুস্বাদু ফল দিয়া বগৰী উপকাৰী গছ, কিন্তু উলু সিমান উপকাৰী নহয়। উলুৰ লগত থকাৰ কাৰণে বগৰী গছ পোৰা যাব লগা হয়। ঠিক এনেদৰে বেয়া বা অসৎজনৰ লগত থাকিলে ভাল বা সৎজনৰো অপকাৰ হয়। সংগদোষে নিৰপৰাধী বা সৎজনকো বিপদৰ পিনে লৈ যাব পাৰে। সেইকাৰণে কু বা অসৎ সংগৰ পৰা আঁতৰি থকা মংগলজনক।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"হাতী মাৰি ভুৰুকাত ভৰোৱা"
হাতী এটা প্রচণ্ড জন্তু আৰু ভুৰুকা হ'ল এধানমান পাত্র। প্রকাণ্ড হাতী এটা মাৰি ভুৰুকাৰ নিচিনা সৰু পাত্র এটাত ভৰাব নোৱাৰি; ই এক অসম্ভৱ কাম। অসম্ভৱ কাম এটা যেতিয়া সম্ভৱ কৰাৰ নিচিনা হয় তেতিয়া এই যোজনা প্রয়োগ কৰা হয়। শংকৰদেৱে ভাগৱতৰ নিচিনা প্রকাণ্ড গ্রন্থ এখনৰ সাৰমৰ্ম 'গুণমালা' নামৰ সৰু পদ-পুথি এখনত সামৰিছিল; শংকৰদেৱৰ ই আছিল হাতী মাৰি ভুৰুকাত ভৰোৱাৰ নিচিনা কাম; অসাধাৰণ প্ৰতিভা আৰু স্বকীয় দক্ষতাৰ পৰিচায়ক। এনেদৰে প্ৰতিভা আৰু দক্ষতাৰে অসম্ভৱ বা দুঃসাধ্য কাম সম্পন্ন কৰাৰ অৰ্থতে 'হাতী মাৰি ভুৰুকাত ভৰোৱা' বুলি কোৱা হয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে"
শ্রম-বিমুখ লোকৰ যে উদ্গতি নাই তাকে বুজাবলৈ এই যোজনা বাক্যটি ব্যৱহাৰ কৰা হয়। হাঁহ-কুকুৰা শিয়ালৰ খাদ্য; কিন্তু হাঁহ-কুকুৰাতো আৰু শিয়ালৰ মুখলৈ আপোনা আপুনি নাযায়, হাঁহ-কুকুৰা ধৰিবলৈও শিয়ালে যতন কৰিব লাগিব, নানা ফন্দি কৰিব লাগিব। তাকে নকৰি শুই থাকিলে শিয়ালে জানো কাহানিবা হাঁহ ধৰিব পাৰিব? মানুহৰ বেলিকাও একে কথা। দুখ নকৰাকৈ কোনো কালত, কোনো লোকে সুখ ভোগ কৰিবলৈ পোৱা নাই? আনকি, প্রভূত পৈতৃক সম্পত্তিও এলেহুৱা পুত্ৰৰ হাতত সমুলে বিনষ্ট হয়। আনহাতে, পেটৰ ভাত মুঠিয়ে মানুহৰ অকল লক্ষ্য নহয়। উদ্গতি বুলি প্রতিষ্ঠা, প্রতিপত্তিৰ প্ৰকাশ আদিকহে বুজায়। আৰু উদ্গতিহীন জীৱন অর্থহীন। উদ্গতিৰ মন্ত্ৰ হ'ল শ্রম। সেই কাৰণে জীৱনত উদ্গতি কৰিবলৈ হ'লে কঠোৰ শ্ৰম কৰিবই লাগিব।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"এশ গৰু খালে বাঘৰো মৰণ"
অতিকৈ অন্যায় কৰা লোকৰ পৰিণামলৈ আঙুলিয়াই দিবলৈ এই প্রবচনটি ব্যৱহাৰ কৰা হয়। হিন্দুসকলৰ মতে গো হত্যা মহাপাপ। আনহাতে গৰু বাঘৰ প্ৰধান আহাৰ। প্ৰকৃতিৰ নিয়ম মতে বাচি থাকিবৰ কাৰণে বাঘে গৰু আদি জন্তু মাৰি খাবই লাগিব। সেইবাবে বাঘৰ ক্ষেত্ৰত গৰু মৰা পাপৰ কথা নহয়। তথাপি নিজৰ খাদ্য বুলিও বাৰে বাৰে গৰু মাৰিলে তাৰ পৰিণতি স্বৰূপে এদিন গৃহস্থৰ ফাণ্ডত পৰি বাঘৰো মৃত্যু হ'ব পাৰে। অর্থাৎ অধিক পাপ কৰিলে বা অধিক লোকৰ অনিষ্ট কৰিলে তাৰ পৰিণাম নিশ্চিতভাৱে ভোগ কৰিবই লাগিব। 'এশ' শব্দে ইয়াত অধিক বুজাইছে। 'বাঘ' শব্দ নৃশংস প্ৰকৃতিৰ লোকৰ প্ৰতীক স্বৰূপ। নিষ্ঠুৰ প্ৰকৃতিৰ লোকে কাৰো হাক-বচনলৈ কেৰেপ নকৰি নৃশংস কামবোৰ কৰি যায়। কিন্তু এনে লোকে প্রায়ে এদিন নিষ্ঠুৰতাৰ বলি হোৱা দেখা যায়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"আপোনৰ নাক কাটি সতিনীৰ যাত্রা ভংগ কৰা"
যাত্রাকালত অংগক্ষত মানুহ দেখিলে যাত্রা ভংগ হয় বলি বিশ্বাস কৰা হয়। তেনে অমংগলীয়া মানুহ দেখি কোনো ঠাইলৈ যাত্রা কৰা নহয়। সতিনীয়ে সতিনীয়েকক সদায় ঈর্ষা কৰে, ভাল দেখিব নোৱাৰে। ইয়াৰ দ্বাৰা ইয়াকে কোৱা হৈছে যে কোনো সতিনীয়েকে কোনো ঠাইলৈ (মাক আদিৰ ঘৰলৈ) যাত্ৰা কৰিবলৈ ওলাওঁতে অইন সতিনীয়েকে তাক সহ্য কৰিব নোৱাৰি নিজৰ নাকটোকে কাটি যাত্রা ভংগ কৰিবলৈ ওলাল। ইয়াৰে ইয়াকে বুজাইছে যে ঈর্ষাপৰায়ণ লোকে নিজৰে ঘোৰ অমংগল সাধন কৰি বা অনিষ্ট কৰিও লোকৰ সামান্য অপকাৰ কৰি আনন্দ লাভ কৰে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"সোণৰ জেউতি অমান্য কৰিলে নকমে"
সোণ উজ্জ্বল ধাতু। সকলো সময়তে ইয়াৰ জেউতি একেদৰেই থাকে। ইয়াৰ মনোমোহা আৰু আর্কষণীয় জেউতিৰ কাৰণেই ইয়াৰ মূল্য বেছি। কোনোবাই কেতিয়াবা সোণৰ জেউতি নাই বুলি কৈ অমান্য কৰিলেও ইয়াৰ জেউতি কেতিয়াও নোহোৱা হৈ নাযায়। এই কথাৰপৰা ইয়াকে বুজাব বিচাৰিছে যে গুণী আৰু সন্মানিত লোকক কোনোবাই অৱজ্ঞা কৰিলেও সেই লোকজনৰ জ্ঞান, গুণ তথা সন্মান কেতিয়াও কমি নাযায়। গুণী জ্ঞানী তথা সন্মানিত ব্যক্তি চিৰকাল সোণৰ জেউতিৰ দৰে উজ্জ্বল হৈয়ে থাকি যায়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"দুখ কৰিলেহে মুখ ভৰে"
প্রবচনফাঁকিৰ জৰিয়তে পৰিশ্ৰমৰ মৰ্যাদাৰ কথা কোৱা হৈছে। দুখ বা পৰিশ্ৰম নকৰি হাত সাবটি বহি থাকিলে কোনো কামত সিদ্ধি লাভ নহয়েই, খাবলৈ নাপায় অনাহাৰেও থাকিবলগীয়া হয়। দুখ-কষ্ট কৰি খেতি কৰিলে, কাম-বন কৰিলে কোনো মানুহে কেতিয়াও দুখত নপৰে, অভাৱত নপৰে, আনৰ ওচৰত হাত পাতিবলগীয়া নহয়। সেইকাৰণে কোৱা হয় লাগি থাকিলে মাগি নাখায় বা
দুখ কৰিলেহে মুখ ভৰে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"শ্রম সকলো সিদ্ধিৰ অমোঘ অস্ত্র"
যিকোনো কামত সিদ্ধি লাভ কৰিবলৈ হ'লে বা উত্তীর্ণ হ'বলৈ হ'লে শ্ৰম কৰিবই লাগিব। শ্রম নকৰি হাত সাবটি বহি থাকি কোনেও কোনো কালে সিদ্ধি লাভ কৰিব নোৱাৰে। বতৰৰ পৰত খেতিয়কে খেতি কৰিবৰ বাবে শ্রম নকৰিলে সময়ত ফচল চপাব নোৱাৰে, ছাত্র-ছাত্রীয়ে সময়ত শ্ৰম কৰি পঢ়া-শুনা নকৰিলে পঢ়া-শুনাত আগুৱাব নোৱাৰে। জীৱনৰ উদ্দেশ্য পূর্ণ কৰিবলৈ কঠোৰ শ্ৰমৰ প্ৰয়োজন। শ্রম নকৰিলে সফলতা অৱতাৰণা কৰা হৈছে। লাভ কেতিয়াও নহয়। এই কথা বুজাবলৈকেই উপৰোক্ত কথাষাৰি ব্যৱহাৰ কৰা হৈছে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"দেশতকৈ মোমাই ডাঙৰ নহয়"
'দেশতকৈ মোমাই ডাঙৰ নহয়' কথাষাৰি প্ৰখ্যাত অসমীয়া বীৰ লাচিত বৰফুকনৰ। মোগলক ভেটা দিবলৈ গুৱাহাটীৰ ওচৰত এই গড় বন্ধা কামৰ দায়িত্ব লাচিতে মোমায়েকৰ ওচৰত ন্যস্ত কৰিছিল; কিন্তু কামত অবহেলা কৰাৰ দোষত লাচিতে উক্ত কথাষাৰি কৈ খঙতে মোমায়েকক একে ঘাপে কাটি পেলালে। আন বনুৱাসকলেও ভয় পাই ৰাতিৰ ভিতৰতে গড় বন্ধা কাম শেষ কৰিলে। ইয়াৰ ফলত মোগল আক্ৰমণৰপৰা অসমক বচাব পৰা গ'ল। কথাষাৰিয়ে এই কথাকে বুজাইছে যে সকলো কামতকৈ শ্রেষ্ঠ কাম হ'ল নিজ জন্মভূমিক ৰক্ষা কৰা, ৰক্ষণাবেক্ষণ দিয়া। নিজৰ আত্মীয়-স্বজন তথা নিজ প্রাণ পর্যন্ত দি হ'লেও নিজ দেশক ৰক্ষা কৰাটো শ্রেষ্ঠতম কৰ্তব্য। এই কৰ্তব্যৰ খাতিৰতেই বীৰ লাচিতে নিজৰ অতি শ্রদ্ধেয় আব্ৰু মৰমৰ মোমায়েককো কাটিবলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"আপোন ভালেই জগত ভাল"
নিজে যদি সৎ হৈ সকলোৰে লগত ভাল ভাবে চলা যায় তেতিয়া আনেও তেওঁৰ লগত সৎ হৈ ভাল ভাবেৰে চলিবলৈ বাধ্য হয়। যি কাৰো অপকাৰ নকৰে যি আনৰ ওচৰত মিষ্টভাষী আপোন নম্র হৈ চলে, যি সদায় আনৰ উপকাৰ সাধন কৰে, তেনে লোকক কোনেও অপকাৰ কৰিব নোৱাৰে। আনেও তেওঁক সদায় নম্রতাৰে ব্যৱহাৰ কৰিব আৰু তেওঁৰ আপদ-বিপদত আনেও তেওঁৰ উপকাৰ আৰু সহায়ৰ কাৰণে আগবাঢ়ি আহে। গতিকে নিজে ভাল হ'লে গোটেই জগতখনেই ভাল হৈ পৰে আৰু নিজে বেয়া হ'লে জগতখনো তেওঁৰ কাৰণে বেয়া হৈ পৰে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"ৰাইজৰ নাও বামেৰেও চলে"
যি কাম এজনে কৰিব নোৱাৰে তাক ৰাইজে লগ লাগি কৰা হ'লে সহজেই কৰিব পাৰে। অর্থাৎ এজনৰ কাৰণে অসম্ভৱ কামো ৰাইজৰ কাৰণে সম্ভৱ হৈ পৰে। বামেৰে নাও চলাই দিয়াটো অর্থাৎ নাও এখন ঠেলি নিয়াটো এজনৰ কাৰণে বৰ টান বা দুঃসাধ্য কাম। কিন্তু ৰাইজে লগ লাগিলে তেনেখন নাও বামেৰেও চলাই অর্থাৎ ঠেলি নিয়াটো কোনো দুঃসাধ্য কাম নহয়। একতাৰ বল যে অসীম এই কথাকেই ইয়াৰ দ্বাৰা বুজাব খুজিছে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"অভাৱেই আৱিষ্কাৰৰ মূল"
কোনো দিন কোনো অভাৱত নপৰা লোকে কোনো নতুন চিন্তা কৰাৰ কথা অনুভৱ নকৰে। অর্থাৎ অভাৱত পৰিলে সেই অভাৱ কেনেদৰে আঁতৰ কৰিব পৰা যায়, কি উপায়ে সেই অভাৱ পূৰণ কৰা যায় এনেবোৰ গভীৰ চিন্তা আৰু পূৰণৰ বাবে এটা নতুন উপায়, নতুন বুদ্ধি মনলৈ আহে আৰু সেই উপায় আৰু বুদ্ধিৰে কাম কৰাৰ বাবে এক নতুন উদ্যম বা প্ৰেৰণা লাভ কৰা যায়। চিন্তাশীল লোক সাধাৰণতে অতি বুদ্ধিমান আৰু ভাল-বেয়া বিবেচনা কৰিব পৰা হয়। অভাৱেই মানুহক এনে হোৱাৰ সুযোগ দিয়ে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"জাগি শুবা, বাছি খাবা। অথবা, চাই খাবা, জাগি শুবা"
শুই থাকোঁতে কোনো বিপদ-আপদ হ'ব পাৰে; গতিকে শোঁওতে জাগি শুব লাগে। যিকোনো খাদ্যই নিজস্ব স্বাস্থাৰ কাৰণে নুশুজিব পাৰে; গতিকে খোৱা খাদ্য চাই চিটি বাছি খোৱা উচিত। ইয়াৰ উপৰি এই কথাৰে এইটোও বুজাব বিচাৰিছে কোনো কাম কৰোঁতে সততে সতর্ক হৈ কৰাব উপনি বিচাৰোঁতেও এই নীতি মানিব লাগে। আগ-পিছ সকলো চিন্তা কৰিহে তাক কৰা উচিত।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"কণা হাঁহক পতান দি ভৰা"
কণা হাঁহে পতান বা ধান একো নেদেখে। গতিকে তাৰ আগত ধানৰ সলনি পতান দি ঠগ কৰিলেও সি বুজি নাপায়, ধান বুলি খাবলৈ ধৰে। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে অনেক চকুৰ মানুহে সহজ-সৰল অজ্ঞ মানুহক ভাল কথা বুলি বেয়া কথা কৈ, ভাল বস্তু বুলি বেয়া বস্তু দি, সৎ পথ বুলি অসৎ পথ দেখুৱাই ঠগে আৰু প্ররঞ্চনা কৰে। আজিৰ সমাজত অনেক ক্ষেত্রতো এই নীতিৰেই প্রাবল্যতা দেখা যায়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"মন কৰিলে চন কৰিব পাৰি"
মন হৈছে সকলো কামৰ উৎসাহ, প্ৰেৰণা আৰু সাহসৰ থলী। মন কৰিলেই সেই কাৰণে ডাঙৰ কামো সমাধা কৰিব পাৰি। মন নকৰিলে সৰু কাম এটাও হৈ নুঠে। মন কৰিলেই কামত মনোযোগ আহে আৰু মনোযোগ আহিলে কাম হৈ নুঠাৰ কোনো কাৰণ আহি নপৰে। অসম্ভব কামো মনৰ জোৰত সম্ভৱপৰ কৰি তুলিব পাৰি। গতিকে লামৰ মূল মনক সদায় ঠিক মতে পৰিচালিত কৰিলে কার্য সমাধা হয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"ভুকুতে কলটো নপকে"
কেঁচা কল তুৰন্তে পকক বুলি কলটোত ডুকু এটা মাৰিলেই সি নপকে। ক্রমে ক্রমেহে পকি আহিব। এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে যিকোনো কাম একে তিলেই হৈ উঠক বুলি ভাবিলে হৈ নুঠে। তাক একেৰাহে কৰি থাকিলেহে সি ক্রমে ক্রমে হৈ উঠিব। একেদিনাই পণ্ডিত হওঁ বুলি কোনো হ'ব নোৱাৰে। অধ্যয়নত একেৰাহে লাগি থাকিলে ক্রমে ক্রমে বিভিন্ন জ্ঞান আহৰণ কৰি শেষত ডাঙৰ পণ্ডিত হৈ উঠিব পাৰি। আনবিলাক কার্যতো এই কথাই ফলে। যিকোনো কাম সম্পূর্ণ হ'বলৈ সময় লাগে। সেই কথা জানি ধৈর্যৰে আগবাঢ়িলে কৃতকার্য হয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"যিবিলাক ৰীতি-নীতি নৰৰ গঠিত
সকলোতে ভাবি চোৱা স্বাৰ্থ বিৰাজিত"
মানুহ সামাজিক প্রাণী। সু-শৃংখলিত সমাজ ব্যৱস্থাৰ বাবে মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰ পৰাই কিছুমান ৰীতি-নীতি সৃষ্টি কৰি মানি আহিছে। মানুহে যিহেতু নিয়মবোৰ নিজৰ সুবিধা অনুযায়ী ৰচনা কৰিছিল সেয়ে এইবোৰ পৰিৱৰ্তনশীল। প্রয়োজন সাপেক্ষে মানুহে নিজেই এইবোৰ সলনি কৰে। ভগৱানৰ সৃষ্টি ন্যায়সঙ্গত। ভগৱানে কাকো উচ্চ-নীচ বা ধনী-দুখীয়া কৰি জন্ম নিদিয়ে। কিন্তু আমি মানুহেহে উচ্চ-নীচ, ধনী-দুখীয়াৰ বিচাৰ কৰো। অর্থাৎ কম-বেছি পৰিমাণে মানুহবোৰ নিজৰ স্বাৰ্থ পূৰণত ব্যস্ত বাবে নিজৰ স্বাৰ্থ অনুযায়ী সামাজিক নিয়মবোৰো ৰচনা কৰে। উদাহৰণস্বৰূপে দৈনিক নিজৰ খাদ্য হিচাপে মানুহে অনেক জীৱ হত্যা কৰে বা নিজৰ মংগল কামনা কৰি ভগৱানক সন্তুষ্টি কৰাৰ কাৰণে মন্দিৰত জীৱ বলি দি আহিছে। কিন্তু এবাৰো মানুহে এই জীৱ হত্যাৰ বাবে অনুশোচনা নকৰে।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা"
ই এটি অসমীয়াত সচৰাচৰ ব্যৱহৃত প্রবচন। এই প্রবচনটোৱে মানুহৰ নিজ সামর্থ্য বা আত্মজ্ঞানৰ অজ্ঞতা প্রকাশ কৰে। সাধাৰণতে নিজকে জহাই ফুৰা মানুহক উপলুঙা কৰিবলৈ এই প্রবচনফাঁকি ব্যৱহাৰ কৰা হয়। আদা হ'ল এবিধ ঔষধি গুণ সম্পন্ন উদ্ভিদ। ইয়াক মচলাযুক্ত খাদ্য ৰূপেও ব্যৱহাৰ কৰা হয়। কিন্তু দেখাত শাৰীৰিক গঠন একে হ'লেও কেঁতুৰি হ'ল এবিধ অখাদ্য। অর্থাৎ দুয়োটা ভিন্ন ধৰ্মৰ। আমাৰ সমাজত এনে বহু লোক আছে যি নিজৰ শক্তি-সামর্থ্য বা জ্ঞানৰ প্ৰতি লক্ষ্য নাৰাখি দেখাক দেখি যিকোনো কাম কৰিবলৈ যায়। এনে লোকৰ বিষয়ে ক'বলৈ গৈ উক্ত প্রবচনফাঁকি ব্যৱহাৰ কৰা হয়।
*****
ভাব বহলাই লিখা ভাব সম্প্ৰসাৰণ কৰা Bhab boholai likha bhab hompokharon kora
"কটাৰীতকৈ কলম চোকা"
কটাৰীৰ ধাৰ আছে। ইয়াৰে কাৰোবাক আঘাত কৰিলে হয়তো তেওঁক কাটিব, তেওঁ বেয়াকৈ দুখ অনুভৱ কৰিব। সাময়িকভারে আঘাত অনুভব কৰিলেও ঔষধ আদি ব্যৱহাৰ কৰি তেওঁ সেই আঘাতৰ পৰা উপশম পাব, আৰোগ্য লাভ কৰিব। কিন্তু কলমে যাক এবাৰ আঘাত কৰিছে সেই আঘাত তেওঁ জীৱনৰ কাৰণে পাহৰিব নোৱাৰে, অৰ্থাৎ যাৰ বিপক্ষে এবাৰ কোনোবাই চোকা ভাষাৰে লিখিছে তেওঁ কটাৰীৰ আঘাততকৈ অধিক আঘাত অনুভৱ কৰে। আনকি কটাৰীৰ আঘাতৰ পৰা এজন মানুহ বাছি থাকিব পাৰিলেও লিখনিৰ দ্বাৰা এজন মানুহৰ দুনাম, অপযশ, কু-কর্ম আদি প্ৰচাৰ কৰি জনসমাজৰ মাজত তেওঁৰ নাম, যশ, ব্যক্তিত্ব, অস্তিত্ব একেবাবে নিঃশেষ কৰিব পাৰি। সেই কাৰণে কটাৰীতকৈ কলম চোকা বুলি কোৱা হয়।
~সংগ্ৰহীত