একে উচ্চাৰণৰ ভিন্ন অর্থবোধক শব্দ - অসমীয়া ব্যাকৰণ

4 minute read
0

একে উচ্চাৰণৰ ভিন্ন অর্থবোধক শব্দ - অসমীয়া ব্যাকৰণ 


একে উচ্চাৰণৰ ভিন্ন অর্থবোধক শব্দ Assamese Grammar অসমীয়া ব্যাকৰণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে



একে উচ্চাৰণৰ ভিন্ন অর্থবোধক শব্দ


পিত (পিত্ত, সাহ)

পীত (হালধীয়া)



পিন (আলপিন)

পীন (স্হূল, ডাঙৰ)



ফণি (মুৰ আঁচোৰা সঁজুলি)

ফণী (সাপ)



বলি (নৈবদ্য, বাৰ্ধক্যৰ বাবে হোৱা ছালৰ কোঁচ, এজন দৈত্যৰ নাম)

বলী (বলবান)



বাকি (ঢালি দি)

বাকী (উঠনা, অৱশিষ্ট)



বাগি (চাতুৰি)

বাগী (এবিধ বাহন)



বাজি (পণ)

বাঁজী (বন্ধ্যা তিৰোতা)



বানি (কাপোৰৰ পথালি দিশ)

বাণী (বাক্য, বচন)



বাৰি (পানী)

বাৰী (ঘৰৰ পিছফালৰ গছ- গছনি থকা ঠাই)



বালি (বলুকা)

বালী (কিষ্কিন্ধাৰ ৰজা)



ভৰণি (অনাহকত ব্যয়)

ভৰণী (এটা নক্ষত্রপুঞ্জ)



মহিষ (ম'হ)

মহীশ (পৃথিৱীশ্বৰ)



লিখনি (ৰচনা)

লেখনী (কলম)



শালি (এবিধ ধান)

শালী (যুক্ত, বিশিষ্ট)



শিল (প্রস্তৰ)

শীল (আচৰণ, সৎ চৰিত্ৰ)



সাৰি (সাৰু ধাতুৰ অসমাপিকা ৰূপ)

শাৰী (শ্রেণী)



সিটা (ৰস চেপি উলিওৱা জাবৰ)

সীতা (ৰামৰ পত্নী)



অনূদিত (অপ্রকাশিত)

অনূদিত (ভাঙনিকৃত)



আহুতি (হোম)

আহুতি (আহ্বান)



উচ্চল (চলনশীল)

উচ্ছল (উপচি পৰা)



গুচি (গুচ্ ধাতুৰ অসমাপিকা ৰূপ)

গুছি (কুৰিখিলা পাণৰ গোট)



চপা (চাপ্ ধাতুৰ এটা ৰূপ)

ছপা (মুদ্রিত)



চল (সুবিধা)

ছল (প্ৰৱঞ্চনা, কৌশল)



চৱাল (প্রশ্ন)

ছৱাল (ল'ৰা)



চাই (চা ধাতুৰ অসমাপিকা ৰূপ)

ছাই (ভস্ম)



চাল (ঘৰৰ ওপৰৰ আৱৰণ)

চালি (সাময়িকভাবে বা সৰুকৈ দিয়া ঘৰৰ চাল)



ছাল (চর্ম, গছৰ বাকলি)

ছালি (তামোলৰ লগত খোৱা এবিধ গছৰ ছাল)



চুটি (কম দৈৰ্ঘৰ)

ছুটী (অৱসৰ)



চেই (কুকুৰ আদি খেঁদোঁতে কৰা ধ্বনি)

ছেই (বীজৰ দীঘল আৱৰণ)



চেকনি (এছাৰি)

ছেকনি (ছেকা সঁজুলি)



চেকা (দাগ)

ছেকা (ছেকনিৰে পৰিস্ৰাৱন কৰা)



চেৰা (ওপৰেদি পাৰ হৈ যা,আধা, যেনে চেৰাবলীয়া)

ছেৰা (পথাৰত এৰি যোৱা শস্য)



চোৱা (দৰ্শন কৰা)

ছোৱা (খণ্ড, খণ্ডিত কৰা)



বেচ (দাম, বিক্ৰী কৰ)

বেছ (এটা সন্তুষ্টিবাচক প্রত্যয়)



বেচি (বিক্ৰী কৰি)

বেছি (সৰহ)



কুজন (চৰাইৰ মাত)

কুজন (বেয়া মানুহ)



কুট (টুকুৰা টুকুৰ কৰ)

কূট (অসত্য)



আস্তিক (ঈশ্বৰ বিশ্বাসী)

আস্তীক (এজন মুনিৰ নাম)



এৰি (এৰ ধাতুৰ অসমাপিকা ৰূপ)

এৰী (এবিধ পলু আৰু পৰা হোৱা সূতা আদি)



কড়ি (এবিধ সৰু শামুক)

কৰী (হাতী)



কলি (এটা যুগ, কুমলীয়া গুটি, ইত্যাদি)

ক'লী (ক'লাৰ স্ত্রীলিংগ)



কানি (কাপোৰ, আফিং)

কাণী (অন্ধ তিৰোতা)



কাজি (মুছলমানসকলৰ ধৰ্মীয় বিচাৰক)

কাজী (পাকৈত তিৰোতা)



কাঁহি (কাঁহ ধাতুৰ অসমাপিকা ৰূপ)

কাঁহী (কাঁহেৰে সজা থালি)



কৃতি (কার্য)

কৃতী (কৃতকর্ম)



খৰচি (মাৰি) (সম্যকৰূপে)

খৰচী (খৰচ সাধ্য)



গণ্ডি (চৌহদ)

গণ্ডী (খৰচ সাধ্য)



গিৰি (পৰ্বত, এটা বিদেশী প্রত্যয়)

গিৰী (গৰাকী)



ঘাটি (কম, গোট খোৱা ঠাই)

ঘাতী (বধ কৰোতা)



চিন (চিহ্ন)

চীন, (এখন দেশ)



চকি (পৰ দিয়া ঠাই)

চকী (এখন আসন)



ছুটি (ঢাপলি, ঢেঁকুৰ)

ছুটী (কামৰ পৰা সাময়িক অৱসৰ)



চেকনি (এছাৰি)

ছেকনী, ছেকনি (ছেকা সঁজুলি)



জালি (চিত্রাদি কটা, ধাতর পদার্থ)

জালী (পূৰথ নোহোর, ফল)



টিকা (তিলক, ঔষধ প্রয়োগ)

টীকা (ব্যাখ্যা, ভাষ্য)



ঠগি (ঠগ, ধাতুৰ অসমাপিকা ৰূপ) 

ঠগী (থাপনা)



তলি (তলৰ অংশ)

তলী (স্থলী)



তুলি (দাঙি)

তুলী (তুলা ভৰোৱা ডাঙৰ গাদী)



দিন (দিৱস)

দীন (দুখীয়া)



দ্বিপ (হাতী)

দ্বীপ (পানীৰে আগুবা ভূখণ্ড)



ধ্বনি (শব্দ)

ধনী (চহকী)



পকি (পক্ ধাতুৰ অসমাপিকা ৰূপ)

পকী (ইটা আদিৰে নিৰ্মিত)



পৰিক্ষিৎ (মহাভাৰতত উল্লিখিত এজন ৰজা)

পৰীক্ষিত (পৰীক্ষাসিদ্ধ)



পানী (জল)

পাণি (হাত)



কুল (জাতি)

কুল (নদীৰ পাৰ)



গুড় (এবিধ মিঠা দ্রব্য)

গূঢ় (গোপন)



চুবা (কোৰাণৰ অংশবিশেষ)

চূড়া (কোনো ঠাইৰ ওখ ভাগ)



দুৰ (এটা উপসর্গ)

দূৰ (আঁতৰ)



পুতি (পোত ধাতুৰ অসমাপিকা ৰূপ) 

পুতি (বেয়া গোন্ধ)



পুৰা (মাটিৰ এটা জোখ)

পূৰা (সম্পূর্ণ)



বিদুৰ (ধৃতৰাষ্ট্ৰৰ ভায়েক)

বিদূৰ (অতি দূৰ)



সুকৰ (সহজে কৰিব পৰা)

শূকৰ (গাহৰি)



শুচি (পৱিত্র)

সূচি (নির্ঘণ্ট, বেজী)



শুড় (হাতীৰ নাক) 

শুৰ (বীৰ)



সূত (পুত্র, সুদ)

সূত (সাৰথি)



সুৰ (গীতৰ ধ্বনি, দেৱতা)

সূৰ (সূর্য)



আচাৰ (নীতি-নিয়ম, মুখ ৰুচিকৰ বস্তু) 

আছাৰ (কাপোৰ আদি কোনো বস্তুক দ্রুতভাৱে সঞ্চালন কৰ)



বাৰী (গছ-গছনি থকা ঠাই)

বাঁৰী (বিধৱা)



বাও (এবিধ ধান)

বাঁও (বাম), বাওঁ (বা ধাতুৰ ৰূপবিশেষ)



বাহ (চৰাই-চিৰিকতি থকা ঠাই, এটা সন্তুষ্টিবাচক প্রত্যয়)

বাঁহ (এবিধ তৃণ)



বাহী (পিছদিনাকৈ থোৱা আগদিনাৰ বস্তু)

বাঁহী (বংশী)



ভাজ (জুইৰ তাপত সিদ্ধ কৰ)

ভাঁজ (বেঁকা, ভাল বস্তুৰ লগত মিহলোৱা বেয়া বস্তু)



ভেটি (ভিত্তি)

ভেঁটী/ভেঁটি (ঘোচ)



শাও (অভিশাপ)

শাঁও (কফৰ দৰে লেতেকীয়া বিষ্ঠা)



সাচ (পোছাক, সজ্জিত বস্তু, নিৰ্মাণ কৰ)

সাঁজ (সন্ধিয়া, আহাৰ)



হত (নিহত)

হঁত (বোৰ, সমূহ)



সংকৰ (সংমিশ্রণ)

শংকৰ (শিব)



সৎ (সাধু, বিদ্যমান)

শত (শত)



সমতা (সাম্য)

শমতা (শান্তি)



সৰণ (স্থানান্তৰ)

শৰণ (আশ্রয়)



সাপ (সর্প)

শাপ (শাও)



সৰ (সৰি পৰ, গাখীৰৰ চামনি)

শৰ (কাঁড়, এবিধ পহু)



সাৰ (মূলভাগ, শস্যত দিয়া ঔষধ)

ষাঁড় (ঋষভ)



সাৰি (সার্ ধাতুৰ অসমাপিকা ৰূপ)

শাৰী (লানি)



সাহ (সাহস)

শাঁহ (ফলৰ মূল ভাগ)



সুকৰ (সহজে কৰিব পৰা)

শুকৰ (গাহৰি)



সুভাস (স্পষ্টকৈ প্রকাশিত),

সুভাষ (মিষ্টভাষী)



সুৰ (দেৱতা, সললিত স্বৰ)

ওঁৰ (হাতীৰ নাক)



সূচি (নির্ঘণ্ট)

শুচি (পবিত্র)



সোঁতা (সুতি)

শোটা (ঘৰ সৰা সঁজুলি)



সোধা (প্রশ্ন কৰা)

শোধা (চমজাই দে)



স্ৰৱণ (ক্ষৰণ)

শ্ৰৱণ (শুনা কার্য)



স্রোতা (সোঁত থকা)

শ্রোতা (শুনোতা)



স্বন (শব্দ)

শ্বন (কুকুৰ)



আচল (প্রকৃত)

আঁচল (কাপোৰৰ আগ)



আহ (ওচৰ চাপ, দুখব্যঞ্জক অব্যয়)

আঁহ (মঙহ বা গছৰ ছাল আদিৰ মিহি সূতাৰ নিচিনা ভাগ)



আহত (আঘাতপ্রাপ্ত)

আঁহত (অশ্বত্থ গছ)



কথা (বাক্য, আলাপ)

কথা (ফটা কাপোৰেৰে তৈয়াৰী নিহালি)



কাচ (কাপোৰ থুকুচি ধো)

কাঁচ (চিচা)



কোচ (এটা উপজাতি)

কোঁচ (কুঞ্চন)



খাটি (কষ্ট কৰি)

খাঁটি (নির্ভেজাল)



অটল (স্থিৰ)

অতল (তল নথকা)



আঁট (টানকৈ বান্ধ)

আঁত (সুতাৰ আগ)



আটা (ঘেঁহুৰ গুৰি)

আতা (মান্যজন)



খাট (কাঠেৰে সজা শয্যাধাৰ)

খাত (দূৰৈত থকা মাটি-বাৰী, কষ্ট কৰ)



ঘাটি (কম হোৱা, মানুহ-দুনুহ, যান-বাহানাদি গোট খোৱা ঠাই)

ঘাতী (বধ কৰোতা)



ছাটি (আবৰি ধৰি)

ছাতি (ৰ'দ-বৰষুণৰ পৰা ৰক্ষা পাবৰ বাবে লোৱা এবিধ সঁজুলি)



তট (নৈৰ দাঁতি)

তত্ (চেতনা, বোধ)



টান (কঠিন)

তান (সুৰৰ আলাপ)



নটী (নাচনী)

নতি (হেলনীয়া অৱস্থা, পৰাভৱ)



পটা (মচলা আদি পিহা সঁজুলি)

পতা (চকু ঢকা ছাল)



পটি (কাপোৰৰ পাৰি; ঘৰ আদিৰ লানি)

পতি (স্বামী, শুশ্রূষা)



পুট (পাত্র, আধাৰ)

পুৎ (নৰক বিশেষ)



বাত (এবিধ বেমাৰ)

বাট (ৰাস্তা)



ভাটি (নৈ সোঁতৰ দিশ)

ভাতী (কমাৰৰ জুই শাল)



মিটা (প্রয়োজন পূৰণ কৰ)

মিতা (সখি)



শকট (গাড়ী)

শকত (ডাঙৰ পুষ্ট)



সিটা (ৰস চেপাৰ পিছত থাকি যোৱা অংশ) 

সীতা (ৰামৰ পত্নী)



হাটী (ঘৰ আদিৰ লানি)

হাতী (এবিধ জন্তু)



অণু (পদাৰ্থৰ ক্ষুদ্র অংশ)

অনু (এটা উপসর্গ)



কাণ (কর্ণ)

কান (গান্ধ)



কাণী (কণাৰ স্ত্রীলিংগ)

কানি (কাপোৰ)



কোণ (দুডাল ৰেখা বা পৃষ্ঠই কৰা চুক) 

কোন (এটা প্রশ্নবোধক শব্দ)



পাণ (এবিধ লতাৰ পাত)

পান (জুলীয়া দ্রব্য খোৱা কার্য)



পোণ (কুৰি গণ্ডা, আশী)

পোন (বেঁকা নোহোৱা)



বাণ (কাঁড়, এজন ৰজাৰ নাম)

বান (বানপানী)



বাণী (বাক্য, বচন)

বানি (প্রস্থ, খুন্দি)



বীণা (এবিধ বাদ্যযন্ত্র)

বিনা (ব্যতিৰেকে)



কড়ি (এবিধ শামকুৰ খোল)

কৰী (হাতী)



কাঁড়ী (কাঁড় মাৰোঁতা)

কাঢ়ি (কাঢ় ধাতুৰ ৰূপবিশেষ)



কুঁড়ি (এবিধ মাছ)

কুৰি (বিশ)



খুড়া (দেউতাকৰ ভায়েক)

খুৰা (ঘোঁৰা আদি জন্তুৰ ভৰিব তলৰ ভাগ)



গড় (এবিধ জন্তু)

গঢ় (সাজ, গঢ়ন)



দ্বন্দ্ব (যুদ্ধ, যুগল)

দণ্ড (লাঠি)



গুড়ি (কঠিন পদাৰ্থৰ চূর্ণীকৃত ৰূপ) 

গুৰি (গছ-গছনিৰ তল ভাগ, উৎস)



চুড়ি (হাতত পিন্ধা গহনা)

চুৰি (চোৰ কাৰ্য)



জ্বৰ (বেমাৰৰ বাবে হোৱা শৰীৰ উত্তাপ)

জড় (নির্জীৱ)



জৰিত (বৃদ্ধ)

জড়িত (লিপ্ত)



তড়িৎ (বিদ্যুৎ)

ত্বৰিত (খৰতকীয়া)



নাড়ী (ধমনি)

নাৰী (ৰমনী)



নীড় (চৰাইৰ বাঁহ)

নীৰ (পানী)



পঢ়া (অধ্যয়ন কৰা)

পৰা (পৰি যোৱা)



পীড়া (ক্লেশ)

পীৰা (এবিধ কাঠৰ আসন)



বুঢ়া (বৃদ্ধ)

বুৰা (ডুব যোৱা)



শাড়ী (তিৰোতাৰ বস্তু)

শাৰী (লানি)



সুগঢ়ী (ভাল গঢ়)

সুগৰী (এবিধ পহু)



শুড় (হাতীৰ নাক)

সুৰ (সংগীতৰ ধ্বনি)



ষড় (ছয়)

সৰ (সৰি পৰ, গাখীৰৰ চামনি)



হাড় (অস্থি)

হাৰ (পৰাস্ত হ, ডিঙিৰ অলংকাৰ)



হাৰি (পৰাস্ত হৈ, এটা সম্প্রদায়)

হাড়ী (মাটিৰ পাত্র)



আভাস (দীপ্তি, প্রকাশ)

আভাষ (আলাপ, কিতাপৰ ভূমিকা)



বর্ষা (বাৰিষা)

বর্শা (যাঠি)



খুচি (সন্তুষ্ট)

খুঁচি (খোঁচ ধাতুৰ ৰূপ বিশেষ)



গড় (মাটিৰ ওখ চাপ)

গড় (গণ্ডাৰ)



গাঁও (গা ধাতুৰ ৰূপবিশেষ)

গাঁও (গ্রাম)



গোড়া (বগা চামৰাৰ)

গোঁড়া (মতান্ধ)



চা (দৃষ্টি কৰ)

ছাঁ (ছায়া)



চিয়াৰ (ঠাৰ, ইংগিত)

চিয়ৰ (আটাহ)



জাপ (জাপি থ, তৰপ)

জাঁপ (জাম্প)



তেও (তথাপি)

তেওঁ (এটা সর্বনাম)



ধোৱা (ধো ধাতুৰ এটা ৰূপ)

ধোঁৱা (ধূম্র)



পাও (ভৰি)

পাওঁ (পা ধাতুৰ ৰূপবিশেষ)



পাচ (পশ্চাৎ, উত্তীর্ণ)

পাঁচ (পঞ্চ)



পাজি (ধূর্ত)

পাঁজি (পঞ্জিকা, সূতা কাটিবৰ বাবে দীঘলকৈ মেৰোৱা কঁপাহ)



পুৱা (প্রভাত)

পুৱা (তাপ ল)




******



Post a Comment

0Comments
Post a Comment (0)