Class 10 Assamese Chapter 14 Question Answer SEBA Board Assam অসমীয়া পাঠ ১৪ ধৰ ঝাড়ু ধৰ ভাই
দশম শ্ৰেণীৰ অসমীয়া পাঠ ১৪ ধৰ ঝাড়ু ধৰ ভাই প্ৰশ্ন উত্তৰ Question Bank Solutions Class 10 Assamese Chapter 14 Question Answer HSLC SEBA Board Assam khuj2
পাঠ ১৪
ধৰ ঝাড়ু ধৰ ভাই
অম্বিকাগিৰী ৰায়চৌধুৰী
ভাব বিষয়ক প্রশ্নোত্তৰ:
১। অতি চমুকৈ উত্তৰ লিখা—
(ক) অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উত্তৰঃ ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।
(খ) সাতামপুৰুষীয়া ‘সোণৰ চোতাল – ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?
উত্তৰঃ সময়ৰ তৰপে তৰপে গোট খাই থকা জাবৰ- জোঁথৰ, মলি, ভেৰণি অর্থাৎ সময়ে সময়ে বান্ধি ৰখা পৰাধীনতাৰ কালিমাৰে সাতামপুৰুষীয়া ‘সোণৰ চোতাল – ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে।
(গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
উত্তৰঃ বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।
(ঘ) কবিয়ে চাই থাকোঁতে মূখ কিহেৰে ভৰি পৰিল বুলিছে?
উত্তৰঃ কবিয়ে চাই, থাকোঁতে কাজল-ছাই অর্থাৎ পৰাধীনতাৰ কলঙ্ক, কালিমাৰে মুখ ভৰি পৰিল বুলি কৈছে।
২। ‘হ’ল এৱে তােৰ সময় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।’
—ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ হােৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে?
উত্তৰঃ বহু বছৰ ধৰি ভাৰতীবাসীয়ে ব্রিটিছৰ গােলামী কৰি ‘ ধাৰে – ঋণে জীৱন দিয়ে ‘ হিনে – ঘিণে তেওঁলােকৰ চৰণৰ পূজা কৰি থাকিল । ভাৰতবাসীৰ মাজত ‘ হিংসা – দ্বেষৰ , ভেদাভেদৰ , ঘৃণা – ঘৃণিৰ ভেমৰ কত কি যে মলি মামৰ পৰি ‘সােণৰ চোতাল – ঘৰ’ত ক’ত যুগৰ ভূহৰ পৰি ’ পােত খালে , মুখত ‘কাজল – ছাই ’ পৰিল ।
এইবােৰ সাৰি – পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে । নহ’লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গােলামি কৰি দুর্বিসহ জীৱন কটাব লাগিব ।
৩। ‘নহ’লে যে বিশ্বসভাত
নহ’ব তােৰ বহাৰ ঠাই।’
–বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে?
উত্তৰঃ কবিতাটি ৰচনাৰ সময়ত ভাৰতবর্য ব্রিটিছৰ অধীনত আছিল । পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযােগ নাপায় ৷ সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাব , হিংসা – দ্বেষৰ ভেদাভেদৰ , ঘৃণা – ঘৃণিৰ , স্বার্থ – ভেমৰ মলি – মামৰবােৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি চিঙি জাতিৰ জীৱন মনােহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ’ব বুলি কবিয়ে সকীয়াই দিছে ।
৪। ‘ ধৰ ঝাড়ু ধৰ ভাই ‘ — কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ দেশপ্রেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধনীতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল। তােমাৰ ভিতৰত ঝাড়ু ধৰি তেওঁ পায়খানা আদি সাৰি – পূচি ঘৰ দুৱাৰ চিকুণাই তােলাৰ দৰে ইমান দিনে ব্রিটিছৰ গােলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা – দ্বেষৰ, ভেদা – ভেদৰ, ঘৃণা – ঘৃণিৰ, ভেম – অহংকাৰৰ যিবােৰ মলি – মামৰ গােট খালে তাক সকলােৱে মিলিজুলি, সাৰি – পুছি আমাৰ অন্তৰখন, আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে। তেতিয়াহে আমাৰ গােলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব , বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযােগ লাভ কৰিব । সেয়ে সকলােকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ.কবিয়ে আহ্বান জনাইছে।
৫/ ব্যাখ্যা কৰা:
( ক ) ‘ হিংসা – দ্বেষৰ , ভেদা – ভেদৰ,
ঘৃণা – ঘৃণিৰ , স্বার্থ ভেমৰ
কত যে কি মলি – মামৰ
ভৰি জাতিৰ জীৱন য়ায়।
উত্তৰঃ
প্ৰসংগ: উদ্ধৃত কবিতাফাকি ‘অসম কেশৰী’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ বচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ অন্তৰ্গত।
সংগতিঃ দেশপ্রেমিক কবিয়ে দেশক পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জন – গণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ উদাত্ত কণ্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে কবিতা ফাঁকিৰ উল্লেখ কৰিছে।
ব্যাখ্যা: বহু বছৰ ধৰি ব্রিটিছৰ গােলামী কৰি ভাৰতৰ জন – গণ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে পৰস্পৰৰ ভিতৰত হিংসা – দ্বেষৰ , ভেদা – ভেদৰ, ঘৃণা – ঘৃণিৰ, স্বার্থপৰতা, ভেম – অহংকাৰ আদি কার্য মলি স্বৰূপ আবৰণে গােটেই জাতিটোকে নিঃশেষ কৰি ৰাখিছে। জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে। সেয়ে এইবােৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলােকে আহ্বান জনাইছে।
( খ ) ‘ধৰ ঝাড়ু ধৰ ভাই !
আৰু চাবৰ সময় নাই
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল ছাই।”
উত্তৰঃ
প্ৰসংগ: উদ্ধৃত কবিতাফাকি ‘অসম কেশৰী’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি অন্তর্গত।
সংগতিঃ পৰাধীনতাৰ কৱলত পৰি হিংসা – দ্বেষৰ , ভেদা – ভেদ আদিৰ মলি – মামৰে কদর্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে।
ব্যাখ্যা: কবিয়ে অন্তৰেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কৱলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা – দ্বেষৰ, ভেদা – ভেদৰ, ঘৃণা – ঋণিৰ, স্বার্থ – ভেমৰ মলি – মামৰেৰে নিজেই ডুব গৈছে। দেশ – জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা। এই অৱস্থা চাই থাকিও যেন জন – গণৰ জ্ঞান অহা নাই; মুখত ‘কাজল – ছাই’ পৰা মানুহৰ দৰে নিবােকা হৈ চাই আছে। এই দেশ জাতি নিঃশেষ হ’বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময় নাই । ঝাড়ুৰে অপৰিষ্কাৰ ঠাই সাৰি – মছি পৰিষ্কাৰ কৰাৰ দৰে বীৰ – বেশেৰে সকলােৱে ওলাই আহি আমাৰ মাজত থকা হিংসা – দ্বেষ, ভেদা – ভেদ, ঘৃণা – ঘৃণি, মিছা ভেম অহংকাৰবােৰ আঁতৰ কৰিবৰ হ’ল বুলি কবিয়ে সকলােকে সকীয়াই দিছে।
৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।
উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰীক এগৰাকী বিপ্লৱী কবি বুলি কোৱা হয়। তেওঁ বিপ্লৱ কৰিছিল স্বদেশ প্রেমত বলিয়ান হৈ স্বদেশৰ স্বাধীনতাৰ কাৰণে। এই বিপ্লৱী ভাব তথা স্বদেশ প্ৰেমৰ ভাব তেওঁৰ প্ৰায়বােৰ কবিতা, লিখনিৰ আৰু কাৰ্য-কৰণৰ মাজেৰে পৰিস্ফুট হৈ আহিছে। তেওঁৰ তেনে এটি কবিতা হ’ল ‘ধৰ ঝাড়ু ধৰ ভাই’।
স্বদেশ প্রেমৰ কাৰণে হক কথা কওঁতে , কাম কৰোঁতে তেওঁ সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল আৰু সেই কাৰাবাসৰ সময়ত পায়খানা আদি ঝাড়ুধৰি সাৰি – পুছি পৰিষ্কাৰ কৰিব লগীয়া হােৱা অৱস্থাতেই তেওঁৰ এই কবিতাটিৰ সৃষ্টি হৈছিল । এই কথাৰ পৰাই বুজিব পাৰি কবিতাটিত স্বদেশ প্রেমৰ সুন্দৰ ভাব – ৰাশি নিহিত হৈ আছে ।
ঝাডুৰে মলি – মামৰ সাৰি – পুছি পৰিষ্কাৰ কৰাৰ বাবে তেওঁ পৰাধীনতাৰ কৱলত থকা নজৰ দেশখনকো হিংসা – দ্বেষ , ভেদা – ভেদ , ঘৃণা – ঘৃণি , ভেম – অহংকাৰ আদিৰ মলি – মামৰবােৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ জনগণক কবিতাটিৰ আৰম্ভণিতেই আহ্বান জনাইছে ।
ধৰ ঝাড়ু ধৰ ভাই
আৰু চাবৰ সময় নাই—
চাই থাকোঁতে মুখত কেৱল
ভৰিল কাজল – ছাই ।
স্বদেশৰ এনে দুর্গতি , ধ্বংসলীলা কবিয়ে আৰু চাই থাকিব নােৱৰা হৈছে । অজ্ঞান আন্ধাৰত ডুব গৈ এনেদৰে চাই থাকোতেই চাৰিওফালে যেন স্বদেশৰ , স্বদেশবাসীৰ মুখত ছাই পৰি লেতেৰা কৰি পেলাইছে । এসময়ৰ গৌৰৱময় ভাৰত আজি নিঃস্ব , নিঃশেষ হ’বলৈ ধৰিছে । তেওঁ খেদ কৰি কৈছে –
সাতাম পুৰুষৰ
আহা ! সােণৰ চোতাল – ঘৰ
ক’ত যুগৰ ভূহৰ পৰি
আছে যে পােত খাই ।
সেই কাৰণেই তেওঁ ব্যথিত অন্তৰেৰে আমাৰ মাজত থকা সকলাে প্ৰকাৰৰ হিংসা দ্বেষৰ , ভেদা – ভেদ , ঘৃণা – ঘৃণিৰ , স্বার্থ ভেমৰ ভাব পাহৰি একগােট হৈ নিজৰ দেশ , জাতি উদ্ধাৰ কৰিবলৈ জনগণক উদাত্ত কণ্ঠেৰে আহ্বান জনাইছে–
বীৰ বেশেৰে ধৰ ঝাড়ু ধৰ
জাতিৰ জীৱন কৰ মনােহৰ
তেতিয়াহে ভাৰতবাসীয়ে বিশ্বৰ সভ্য সমাজৰ সভাত একেলগে বহাৰ ঠাই পাব । ইয়াৰ ব্যতিক্রম হলেই আমাৰ বিপদ –
নহ’লে যে বিশ্বসভাত
নহ’ব তােৰ বহাৰ ঠাই–বুলি সকীয়াই দিছে ।
ভাষা বিষয়ক প্ৰশ্নাৱলী:
১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰা:
(ক) হীনে-ঘিণে।
(খ) ধাৰে-ঋণে।
(গ) ঘৃণা-ঘৃণি।
(ঘ) জাহি-জাবৰ।
(ঙ) সাৰি-পুছি।
(চ) মলি-মামৰ।
উত্তৰ:-
(ক) হীনে-ঘিণে : উপায় বিহীন লোকেহে হীনে-ঘিণে হ’লেও আনৰ জেলামি কৰিবলৈ বাধ্য হয়।
(খ) ধাৰে-ঋণে : ক্ষুধা আছে বাবেই মানুহে ধাৰে-ঋণে হ’লেও পেটৰ ক্ষুধা নিবাৰণ কৰিবলগাত পৰে।
(গ) ঘৃণা-ঘৃণি : আনৰ প্রতি ঘৃণা-ঘৃণি কৰাটো সজ লোকৰ কৰ্ম নহয়।
(ঘ)জাহি জাবৰ : বহুদিন পৰিয়ালটো ঘৰত নথকাত চোতালখন জাহি-জাবৰে ভৰি পৰিছে।
(ঙ) সাৰি-পুছি : পুৱা-গধূলি মানুহে ঘৰ-চোতাল সাৰি-পুছি ঘৰখন পৰিষ্কাৰকে ৰাখে।
(চ) মলি-মামৰ : অস্ত্র-শস্ত্ৰৰ মলি-মামৰ গুচাই নাথাকিলে অস্ত্রশস্ত্ৰ ভোটা হৈ পৰে।
২। তলৰ শব্দবোৰৰ মূর্ধন্য ‘ণ’ হোৱাৰ কাৰণ দর্শানা:
(ক) সোণ।
(খ) ঘৃণা।
(গ) ঋণ।
উত্তৰ:- (ক) সোণ — স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ হৈছে।
(খ) ঘৃণা — ‘ঋ’ কাৰৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
(গ) ‘ঋণ’ — ‘ঋ’ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।
৩। বিপৰীত শব্দ লিখা:
(ক) ঘৃণা।
(খ) স্বার্থ।
(গ) জীৱন।
(ঘ) বীৰ।
উত্তৰ:-
(ক) ঘৃণা — আদৰ, সমাদৰ
(খ) স্বাৰ্থ — ৰ্নিস্বার্থ
(গ) জীৱন — মৰণ
(ঘ) বীৰ — ভীৰু, কাপুৰুষ
অম্বিকাগিৰী ৰায়চৌধুৰীৰ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ লগত সংযুক্ত অন্য প্ৰশ্নাৱলী:
১/ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ কবি কোন?
উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰী।
২/ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি কবিয়ে কোন সময়ত লিখিছিল?
উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি কবিয়ে সশ্ৰম কাৰাবাস খাটি পায়খানা পৰিষ্কাৰ কৰিব লগীয়া হোৱা সময়ত।
৩/ সশ্ৰম কাৰাবাস খাটোতে কবি অম্বিকাগিৰী ৰায়চৌধুৰীক কি কাম কৰিবলৈ দিয়া হৈছিল?
উত্তৰঃ সশ্ৰম কাৰাবাস খাটোতে কবি অম্বিকাগিৰী ৰায়চৌধুৰীক পায়খানা চাফা কৰিবলৈ দিয়া হৈছিল।
৪/ অসমত ‘অসম কেশৰী’ বুলি কাক কোৱা হয়?
উত্তৰ:- অসমত ‘অসম কেশৰী’ বুলি অম্বিকাগিৰী ৰায়চৌধুৰীক কোৱা হয়।
৫/ অসম সহিত্য সভাৰ ক’ত অনুষ্ঠিত অধিৱেশনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল?
উত্তৰঃ অসম সহিত্য সভাৰ মাৰ্ঘেৰিটাত অনুষ্ঠিত অধিৱেশনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সভাপতিত্ব কৰিছিল।
৬/ কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৫০ চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল।
৭/ অম্বিকাগিৰী ৰায়চৌধুৰীৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।
উত্তৰঃ জন্ম চন ১৮৮৫, মৃত্যু চন ১৯৬৭।
৮/ অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃৰ নাম কৃষ্ণৰাম ৰায়চৌধুৰী আছিল।
৯/ অম্বিকাগিৰী ৰায়চৌধুৰীৰ কাব্যগ্ৰন্থ এখনিৰ নাম লিখা।
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ কাব্যগ্ৰন্থ এখনিৰ নাম ‘বীণা’।
১০/ ‘অম্বিকাগিৰী ৰায়চৌধুৰীক ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি কি ভাবৰ কবিতা?
উত্তৰঃ ‘অম্বিকাগিৰী ৰায়চৌধুৰীক ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি দেশপ্ৰেম ভাবৰ কবিতা।
১১/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কিমান চনত জন্ম হয়?
উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ১৮৮৫ চনত বৰপেটাত জন্ম হয়।
১২/ অম্বিকাগিৰী ৰায়চৌধুৰীৰ ক’ত জন্ম হৈছিল?
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ বৰপেটাত জন্ম হৈছিল।
১৩/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ মাতৃৰ নাম কি আছিল?
উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ মাতৃৰ নাম দেৱকী দেৱী আছিল।
১৪/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কিমান চনত মৃত্যু হয়?
উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ১৯৬৭ চনত মৃত্যু হয়।
১৫/ কিমান চনত অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল?
উত্তৰঃ ১৯২১ চনত অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্ৰম কাৰাদণ্ড বিহা হৈছিল।
১৬/ ‘ধৰ ঝাড়ু ঘৰ ভাই কবিতাটো কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ ১৯২১ চনৰ অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰা বাবে বৃটিছে অম্বিকাগিৰি ৰায়চৌধুৰীক সশ্রম কাৰাদণ্ড বিহিছিল। জেলত থাকোঁতে তেওঁক পায়খানা চাফা কৰা কাম দিয়া হৈছিল। ঝাড়ু হাতত লৈ এই কাম কৰা সময়ত কবিয়ে কবিতাটো ৰচনা কৰিছিল।
১৭/ অসমৰ সাহিত্য তথা সমাজ জীৱনত অম্বিকাগিৰি ৰায়চৌধুৰীক কি হিচাপে আখ্যা দিয়া হৈছে?
উত্তৰঃ অসম কেশৰী।
১৮/ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটো ক’ত ৰচনা কৰিছিল?
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী স্বাধীনতা সংগ্ৰামৰ কাৰণে জেলত থাকোঁতে কবিতাটো ৰচনা কৰিছিল।
১৯/ অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত পাঁচখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ
(ক) তুমি (১৯১৫)
(খ) বীণা (১৯১৬)
(গ) স্থাপন কৰ, স্থাপন কৰ (১৯৫৮)
(ঘ) বেদনাৰ উল্কা (১৯৫৪)
(ঙ) অনুভূতি (১৯৫৮)
২০/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাত কেইটা সুৰ নিশেধ্বনিত হৈছে? সুৰ দুটা কি কি?
উত্তৰঃ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাত দুটা সুৰ ধ্বনিত হৈছে।
সুৰ দুটা হ’ল –
(ক) ছপ্ত জাতীয়তাবাদৰ ছন্দভিধ্বনি।
(খ) ৰহস্যবাদ বা অতীন্দ্ৰিয়বাদৰ কোমল সুৰ।
২১/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ দ্বাৰা ৰচিত গদ্য পুথি কেইখনৰ নাম লিখা।
উত্তৰঃ (ক) আহুতি আৰু
(খ) ডেকা-ডেকেৰীৰ বেদ।
২২/ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে লিখা এখন কবিতা পুথিৰ নাম লিখা ৷
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীয়ে লিখা কবিতা পুথি হ’ল “তুমি”।
২৩/ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সম্পাদনা কৰা কাকত খনৰ নাম কি?
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সম্পাদনা কৰা কাকতখনৰ নাম হ’ল ‘চেতনা’।
২৪/ অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত এখন নাটকৰ নাম লিখা।
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ৰচনা কৰা এখন নাটক হ’ল– “জয়দ্রথ বধ’।
২৫/ অম্বিকাগিৰী ৰায়চৌধুৰীৰ এখন গদ্য পুথিৰ নাম লিখা।
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ এখন গদ্য পুথি হ’ল— ‘আহুতি’।
২৬/ অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত ‘চেতনা’ কাকত খন কেনেকুৱা প্ৰকৃতিৰ কাকত আছিল?
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত ‘চেতনা’ এখন জাতীয়তাবাদী প্ৰকৃতিৰ কাকত আছিল।
২৭/ ‘জাতিৰ ঝাডুদাৰ’ বুলি কবিয়ে কাক বুজাইছে?
উত্তৰ:- কবিয়ে পৰাধীন ভাৰতত প্ৰতিজন মানুহক জাতিৰ ঝাডুদাৰ বুলি বুজাইছে।
২৮/ অম্বিকাগিৰী ৰায়চৌধুৰীৰ তিনিখন নাটখৰ নাম লিখা।
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীৰ তিনিখন নাটক হ’ল—কল্যাণময়ী, জয়দ্রথ বধ, ভক্ত গৌৰৱ।
২৯/ অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত দুখন গদ্য পুথিৰ নাম লিখা।
উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত দুখন গদ্যপুথি হ’ল—ডেকা-ডেকেৰীৰ বেদ আৰু আহুতি।
৩০/ ‘ধৰ ঝাডু ধৰ ভাই’ কবিতাটোৰ মাজেদি কবিয়ে আমাক কি আহ্বান জনাইছে?
উত্তৰ:- ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেদি কবিয়ে আমাৰ পৰস্পৰৰ মাজত থকা মলিস্বৰূপ হিংসা-দ্বেষ, ভেদাভেদ, ঘৃণা আদিৰ অৱসান ঘটাই সকলোৱে ঐক্যবদ্ধ হৈ দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ আহ্বান জনাইছে।
৩১/ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোত কি ভাব ফুটি উঠিছে?
উত্তৰ:- ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোত পৰাধীনতাৰ গ্লানি আৰু স্বদেশ- প্ৰীতিৰ অনুৰাগ ফুটি উঠিছে।
৩২/ ‘কৰিলিতো ইমান দিনে/পৰ গোলামি হীনে-ঘিণে’— বুলি কবিয়ে কাক, কি গোলামি কৰাৰ কথা কৈছে?
উত্তৰ:- ইংৰাজ সকলে আমাৰ দেশক পৰধীনতাৰ শিকলি পিন্ধাই দেশ শাসন কৰিছিল বাবে দেশবাসী ইংৰাজৰ শাসনাধীন হ’বলগাটোকে ইংৰাজৰ গোলামি কৰা বুলি কবিয়ে কৈছে।
৩৩/ হ’ল এৱে তোৰ সময় হ’বৰ/জাতিৰ ঝাড়ুদাৰ যে ভাই – বুলি কবিয়ে কি ভাব প্রকাশ কৰিছে?
উত্তৰ:- পৰাধীনতাই আমাৰ দেশৰ জেউতি ম্লান বা মলিন কৰি তুলিছে। সেয়ে দেশবাসীক ঝাড়ুদাৰ ৰূপে দেশৰ মলি আঁতৰাবলৈ অর্থাৎ দেশে হেৰুৱা স্বাধীনতা পুনৰ ঘুৰাই আনিবলৈ দেশবাসীক কবিয়ে আহ্বান জনাইছে।
৩৪/ ‘নহ’লে যে বিশ্ব সভাত/নহ’ব তোৰ বহাৰ ঠাই’—উক্তিটিত প্রকাশিত কথাখিনিৰ মৰ্মাৰ্থ কি?
উত্তৰ:- পৰাধীন দেশে বিশ্বৰ স্বাধীন দেশবোৰৰ সৈতে একেলগে শাৰী পূৰাব বা আসন লাভ কৰিব নোৱাৰে। সেয়ে বিশ্বৰ স্বাধীন দেশৰ সৈতে আসন লাভ কৰিবলৈ আমাৰ দেশকো স্বাধীন কৰাৰ বাবে দেশবাসীক কবিয়ে আহ্বান জনাইছে।
৩৫/ ব্যাখ্যা কৰা:
(ক) ‘সাতাম পুৰুষৰ
আহা সোণৰ চোতাল ঘৰ
ক’ত যুগৰ ভূঁহুৰ পৰি
আছে যে পোত খাই।’
উত্তৰ:-
প্ৰসংগ: ওপৰত তুলি দিয়া কবিতাংশ ‘অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ নামৰ দেশপ্ৰেম মূলক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
সংগতিঃ কবিয়ে পৰাধীন দেশ আৰু দেশবাসীয়ে ভুগি থাকিব লগা হোৱা দুৰৱস্থা তথা দেশৰ মলিন বেশক উপলক্ষ্য কৰিয়েই উদ্ধৃত কবিতাংশৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা: আমাৰ দেশ আৰু দেশবাসীৰ অতীত আছিল গৌৰবময় আৰু ঐতিহ্যময়। সাতাম পুৰুষৰ পৰা অৰ্থাৎ প্ৰাচীন কালৰ পৰাই এই দেশ ধন-সম্পদ ঐশ্বর্যশালী আছিল। দেশৰ এই সমৃদ্ধিশালী অৱস্থাটোক বুজাবলৈকে কবিয়ে ‘সোণৰ চোতাল ঘৰ’ বাক্যাংশৰ প্ৰয়োগ কৰিছে। কবিয়ে আমাক অতীত গৌৰৱৰ বিষয়ে সজাগ কৰি দিয়াৰ লগতে সেই সোণৰ-চোতাল ঘৰ অনেক বছৰৰ ধূলি-মাকতি আবর্জনাৰে ভৰি পৰিছে বুলি কৈছে। সেয়ে অতীতৰ সোণৰ চোতাল ঘৰ পুতি পেলোৱা ধূলি মাকতি আৰু আৱৰ্জনা সমূহ আঁতৰাই ঘৰ-চোতাল পৰিষ্কাৰ কৰিবলৈ, অর্থাৎ দেশে হেৰুৱা স্বাধীনতা ঘুৰাই আনিবলৈ উদ্ধৃত কবিতাংশৰ মাজেদি কবিয়ে দেশবাসীক আহ্বান জনাইছে।
(২) ‘কৰিলিতো ইমান দিনে
পৰ গোলামি হীনে-ঘিণে
পূজা দিলি পৰ চৰণত
জীৱন ঢালি ধাৰে-ঋণে।’
উত্তৰ:-
প্ৰসংগ: ওপৰৰ কবিতাংশ বিপ্লবী কবি অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ পৰাধীন দেশৰ দেশবাসীৰ দুৰৱস্থাৰ কথা ক’বলৈ গৈয়ে কবিয়ে উদ্ধৃত কবিতাফাকিৰ অৱতাৰণা কৰিছে।
ব্যাখ্যা: ইয়াত পৰাধীন ভাৰতবাসীয়ে ইংৰাজ শাসনাধীন হৈ বিদেশী শাসকৰ হুকুম মতে চলিব লগা হোৱা অৱস্থাটোকে পৰৰ গোলামি কৰা বুলি কবিয়ে অভিহিত কৰিছে। ইংৰাজ সকলে এই দেশত শাসন চলাই এই দেশৰ ধন-সম্পদো লুটি-পুতি স্বদেশলৈ লৈ গৈ আমাৰ দেশৰ সাধাৰণ লোকৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ কৰি তুলিছে। দেশবাসীৰ এই আর্থিক দুৰৱস্থাকে কবিয়ে ধাৰে-ঋণে জীৱন নিৰ্বাহ কৰিবলগা হোৱা বুলি কৈছে। ইয়াৰ লগতে এনে অৱস্থাতো দেশবাসীয়ে হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ সজাগ হৈ নুঠা দেখি কবিয়ে খেদ প্রকাশ কৰিছে। কবিৰ আহ্বান দেশবাখিদে এই দুৰৱস্থাৰ প্ৰতি সজাগ হৈ উঠক আৰু দেশৰ স্বাধীনতা ঘুৰাই আনিবলৈ সকলোৱে একগোট হওক আৰু একতাৰ শক্তিৰে দেশৰ স্বাধীনতা ঘূৰাই আনক।
৩৬/ শব্দার্থঃ
কাজল-ছাই: কলংক, পৰাধীনতা, কালিমা
সোণৰ চোতাল: সোণ অতি মূল্যবান বস্তু। সোণৰ দৰেই মূল্যবান চোতাল এখন যি ঐতিহ্যৰে ভৰপূৰ।
যুগৰ ভূহুৰ: সময়ৰ তৰপে তৰপে গোট খাই থকা ভেৰণি। অর্থাৎ বহুদিন ধৰি গোট খাই থকা জাবৰ-জোঁথৰ, মলি ইত্যাদি, পৰাধীনতাৰ কালিমা।
গোলামি: অধীনত থকা। আনৰ তলত থকা য'ত নিজৰ কোনো ধৰণৰ স্বাধীনতা নাথাকে।
সাতাম পুৰুষীয়া: সুপ্রাচীন, বহু পুৰুষৰ পৰা চলি অহা।
হিংসা-দ্বেষ: পৰস্পৰৰ প্ৰতি হিংসা ভাব, খিয়লা-খিয়লি।
চুকে-কোণে: অতি ভিতৰুৱা ঠাইত; সকলো ঠাইতে।
*******