Class 10 Assamese Chapter 3 Question Answer SEBA Board Assam অসমীয়া পাঠ ৩ প্ৰশস্তি
দশম শ্ৰেণীৰ অসমীয়া পাঠ ৩ প্ৰশস্তি প্ৰশ্ন উত্তৰ Question Bank Solutions Class 10 Assamese Chapter 3 Question Answer SEBA Board Assam khuj2
প্ৰশস্তি
ভাব বিষয়ক প্ৰশ্নাৱলী:
১/ অতি চমু উত্তৰ দিয়া:
(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰঃ বিহগী কবি ।
(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ সাদৰী, কেতেকী।
(গ) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তৰঃ নতুন কুঁহিপাতে।
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰঃ ৰবাব ফুলে।
(ঙ) জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰঃ অন্তৰীক্ষত।
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰঃ কীচক বেণুৱে।
২/ কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উত্তৰঃ প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। এনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বহুতো উপাদান টানি আনিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে-বনে ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলবোৰ জকমকাই ফুলি উঠিছে। চৰাই-চিৰিকটিয়ে সুললিত গীত গাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনেদৰে কবিয়ে কবিতাটোত প্ৰকৃতিৰ উপাদানবোৰ টানি আনিছে।
৩/ কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?
উত্তৰঃ `প্ৰশস্তি' কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। যি আৰাধনাৰ আঁৰত সোমাই আছে ঈশ্বৰৰ ভক্তি স্বৰূপ। কবিয়ে সৃষ্টি কৰ্তাৰ সন্ধান বিচাৰিছে আৰু তেনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ভগৱানৰ স্বৰূপ উপলব্ধি কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত তেওঁ বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ প্ৰশস্তিৰ মাজেৰে ভগৱানৰ প্ৰশস্তি কৰিছে।
৪/ কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিবৰি লিখা ।
উত্তৰঃ প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবি ৰঘুনাথ চৌধাৰীৰ 'প্ৰশস্তি’কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে। প্রকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে। কালৰাত্ৰিৰ অন্তত যিদৰে পূৱাৰ সূৰুয়ে পোহৰৰ সম্ভাৰ কঢ়িয়াই আনি সর্বত্রতে বিলাই দিয়ে , জল – স্থল আনকি অন্তৰীক্ষও জিলিকি উঠে, ঠিক সেইদৰে গছ বন , ফুল – ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে , চৰাই – চিৰিকটি আদিয়েও সকলােতে দেৱতাৰ সন্ধান কৰিছে।
৫/প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰঃ প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে-বনে ন সাজেৰে সজাই তুলিছে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰায় আনন্দৰে ভৰি পৰিছে। চৰাই-চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান দিছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কবিয়ে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে । প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰৰ ভক্তি স্বৰূপ সোমাই আছে। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাঁহক কৰি তুলিছে। সৃষ্টিকৰ্তাৰ সন্তানে কবিতাটোক ৰহস্যবাদী ধাৰাৰ ওচৰ চপাই নিছে।
৬/ উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী।"
- কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰঃ জীৱশ্ৰেষ্ঠ মানুহে সংসাৰৰ সাগৰত নিমগ্ন হৈ থাকি শেষত মুক্তিৰ পথ বিচাৰি হাহাকাৰ কৰে। মুক্তিৰ বাবে তেওঁলোকে কঠোৰ ধ্যান সাধনাত ব্যস্ত হয় আৰু বহুতো তীৰ্থস্থান ভ্ৰমণ কৰে, যাতে তেওঁলোকে মুক্তি লাভ কৰিব পাৰে। তেওঁলোকে ভগৱানক পাবলৈ বিচাৰে যাতে তেওঁলোকৰ মুক্তিৰ এটা প্ৰশস্ত হয়। কিন্তু কবিৰ মতে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজতেই ভগৱানৰ অস্তিত্ব পাব পাৰি। ভগৱানক পাবলৈ বেলেগে ধ্যান কৰাৰ প্ৰয়োজন নাই। একান্তচিন্তে প্ৰকৃতিক ভাল পাব পাৰিলে, প্ৰকৃতিক মৰম কৰি, প্ৰকৃতিৰ উপাদানবোৰক নষ্ট নকৰি, তাৰ যত্ন লব পাৰিলে, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিব পাৰিলে তাৰ মাজতেই ভগৱানৰ অস্তিত্ব বিচাৰি পাব পাৰি। সেয়েহে কবিয়ে মুক্তি পথৰ যাত্ৰী সকলো মানৱকেই প্ৰকৃতিৰ মাজলৈ আহিবলৈ, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে। কাৰণ প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই ভগৱানৰ নিৱাস।
৭/ সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।
উত্তৰঃ প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই সত্য সুন্দৰ। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। এনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব অৰ্থাৎ ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। পুৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে প্ৰকৃতিক আদৰিহে আনিছে। চাৰিওফালে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন-প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰহে সন্ধান দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এনেদৰে কবিয়ে প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে ভগৱানক বিচাৰি ফুৰা ভক্তসকলোকো কবিয়ে তন্দ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কাৰণ কবিয়ে বিশ্বাস কৰে যে প্ৰকৃতিৰ উপাদান বোৰক মৰম চেনেহ কৰি সেইবোৰ উপাদানক নষ্ট নকৰি সেই উপাদান বোৰক যন্ত্ৰ কৰিলে সেই উপাদান বোৰৰ মাজতেই ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি।
৮/ ) ব্যাখ্যা কৰা।
(ক) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান,
জল, স্থল ,অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।।
উত্তৰঃ
প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ জল, স্থল, অন্তৰীক্ষ সকলোতে যে ভগৱানৰ অস্তিত্ব পাব পাৰি। সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
ব্যাখ্যা: কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। যি আৰাধনাৰ আঁৰত সোমাই আছে ঈশ্বৰৰ ভক্তি স্বৰূপ। কবিয়ে সৃষ্টি কৰ্তাৰ সন্ধান বিচাৰিছে আৰু তেনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। গছৰ শিৰে শিৰে বন বিহংগৰ সুমধুৰ সংগীতে যেন জল, স্থল আৰু অন্তৰীক্ষ সকলোতে যেন দেৱতাৰহে সন্ধান দিছে। সেয়েহে কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে আৰু লগতে প্ৰকৃতিৰ উপাদানবোৰক উপভোগ কৰিবলৈ আহ্বান জনাইছে।
খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ
শেষ হ'ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী।
উত্তৰঃ
প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই ভগৱানৰ অস্তিত্ব বিচাৰি পাব পাৰি, সেইকথা ক'বলৈ গৈ কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
ব্যাখ্যা: জীৱশ্ৰেষ্ঠ মানুহে সংসাৰৰ সাগৰত মত্ত হৈ থাকি যে শেষত মুক্তি বিচাৰি হাবাথুৰি খায়। মুক্তিৰ বাবে তেওঁলোকে কঠোৰ ধ্যান সাধনাত ব্যস্ত হয় আৰু তেওঁলোকে বহুতো পৱিত্ৰ তীৰ্থস্থানলৈ যায়, ভগৱানক লাভ কৰি মুক্তি পাবৰ বাবে। তেওঁলোকে ভগৱানক পাবলৈ বিচাৰে যাতে তেওঁলোকৰ মুক্তিৰ পথ প্ৰশস্ত হয়। কিন্তু কবিৰ মতে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই সত্য সুন্দৰ। পুৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে প্ৰকৃতিক আদৰিহে আনিছে। চৌদিশে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰ সন্ধান হে দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। ক্লেদযুজ পৰিৱেশ আতৰাই প্ৰকৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰিছে। মহা কালৰাত্ৰিৰ শেষ হৈ পৃথিৱীত নতুন ৰূপ উজ্বলি উঠিছে। কবিয়ে এই প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত ভগৱানৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে প্ৰকৃতিপ্ৰেমী কবিয়ে ক'বলৈ বিচাৰিছে যে ভগৱানক পাবলৈ বেলেগে ধ্যান সাধনা কৰাৰ প্ৰয়োজন নাই। একান্ত চিত্তে প্ৰকৃতিক ভাল পাব পাৰিলে, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিব পাৰিলে তাৰ মাজতেই ভগৱানৰ অস্তিত্ব পাব পাৰি। সেয়েহে কবিয়ে মুক্তি পথ যাত্ৰী সকলো মানৱক প্ৰকৃতিৰ মাজলৈ আহিবলৈ, প্ৰকৃতিৰ সৌন্দৰ্যক প্ৰাণ ভৰি উপভোগ কৰিবলৈ আহ্বান জনাইছে।
গ) মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰৰ কৰা ৰূপধ্যান।
উত্তৰঃ
প্ৰসংগ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত ৰঘুনাথ চৌধাৰী দেৱৰ দ্বাৰা ৰচিত "প্ৰশস্তি" নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ সকলোকে এলাহ ভাৱ ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্যক উপভোগ কৰাৰ প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰিছে।
ব্যাখ্যা: প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজতেই লুকাই আছে সুন্দৰৰ স্বৰূপ। ভগৱানেই হৈছে সত্য সুন্দৰ। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ আৰাধনা কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। পুঁৱাৰ সূৰুযৰ ৰাঙলী কিৰণে উদ্ভাষিত কৰি তোলা বসুধালৈ যেন গছৰ নতুন সেউজীয়া কুঁহিপাতে যেন আদৰিহে আনিছে। চৌদিশে জকমকাই ফুলি উঠা ফুলবোৰে সকলোৰে মন প্ৰাণ হৰি নিছে। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে যেন সকলোতে দেৱতাৰ সন্ধানহে দিছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান গাইছে। এইদৰেই কবিয়ে সন্মোহিনী সুধাৰ মাজত বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব বিচাৰি পাইছে। সেয়েহে কবিয়ে ভগৱানক বিচাৰি ফুৰা ভক্তসকলক তন্দ্ৰা ত্যাগ কৰি প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে।
প্ৰশস্তি পাঠটিৰ লগত সংযুক্ত অন্য প্ৰশ্নাৱলী:
১/ ৰঘুনাথ চৌধাৰীৰ জন্ম ক'ত হৈছিল?
উত্তৰঃ নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত।
২/ ৰঘুনাথ চৌধাৰীৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ ১৮৭৯ চনত।
৩/ ৰঘুনাথ চৌধাৰীয়ে কোনখন কাকতেৰে কবিতা লিখিবলৈ লৈছিল?
উত্তৰঃ 'জোনাকী' কাকতেৰে।
৪/ ৰঘুনাথ চৌধাৰীৰ গল্পপুথি দুখনৰ নাম লিখা।
উত্তৰঃ মনাই বৰাগী আৰু পচতীয়া।
৫/ ৰঘুনাথ চৌধাৰীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে?
উত্তৰঃ ১৯৬৮ চনত।
৬/ প্ৰশস্তিৰ অৰ্থ কি?
উত্তৰঃ আৰাধনা বা গুণানুকীৰ্তন কৰা।
৭/ 'প্ৰশস্তি' কবিতাটোত কাক অমৃতৰ সন্তান বুলি কৈছে?
উত্তৰঃ মানুহক কৈছে।
৮/ আনন্দত কাৰ প্ৰাণ টলমল হৈছে?
উত্তৰঃ চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ টলমল হৈছে।
৯/ 'ঊষাৰ কঙ্কুম ৰাগে ৰঞ্জিলে বসুধা' - কবিতাটোত 'ঊষা' বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ সূৰ্যৰ কথা কোৱা হৈছে।
১০/ ৰঘুনাথ চৌধাৰীক "বিহগী কবি" বুলি কিয় কোৱা হয়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে চৰাইক বিষয়বস্তু হিচাপে লৈ কবিতা লিখিছিল বাবে তেওঁক "বিহগী কবি" বুলি কোৱা হয়।
১১/ ৰঘুনাথ চৌধাৰী কোনকেইখন কাকতৰ লগত জড়িত আছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰী জোনাকী কাকতৰ লগত জড়িত আছিল।
১২/ ৰঘুনাথ চৌধাৰীৰ কেইখনমান কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ সাদৰী, কেতেকী, কাৰবালা, দহিকতৰা আদি।
১৩/ 'প্ৰশস্তি' কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?
উত্তৰঃ `প্ৰশস্তি' কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। যি আৰাধনাৰ আঁৰত সোমাই আছে ঈশ্বৰৰ ভক্তি স্বৰূপ। কবিয়ে সৃষ্টি কৰ্তাৰ সন্ধান বিচাৰিছে আৰু তেনে কৰিবলৈ যাওঁতে তেওঁ প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত ভগৱানৰ স্বৰূপ উপলব্ধি কৰিছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত তেওঁ বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। সেয়েহে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ প্ৰশস্তিৰ মাজেৰে ভগৱানৰ প্ৰশস্তি কৰিছে।
১৪/ ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি?
উত্তৰঃ ৰঘুনাথ চৌধাৰী ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল।
১৫/ ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক 'বিহগী কবি' বুলি জনা যায় ।
১৬/ ৰঘুনাথ চৌধাৰীক কিয় বিহগী কবি আখ্যা দিয়া হৈছে?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক 'বিহগী কবি' বুলি জনা যায়, কাৰণ তেওঁ চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল।
১৭/ মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম-পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম-পৰিমল যচা বুলি কবিয়ে কৈছে।
১৮/ ৰঘুনাথ চৌধাৰীদেৱৰ পিতৃৰ নাম কি?
উত্তৰঃ ভোলানাথ চৌধাৰী।
১৯/ ৰঘুনাথ চৌধাৰী কোন কেইখন আলোচনীৰ সম্পাদক আছিল?
উত্তৰঃ মইনা, জয়ন্তী, সুৰভী
২০/ অসম সাহিত্য সভাৰ কোন খন অধিবেশনত ৰঘুনাথ চৌধাৰীদেৱে সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা অধিবেশনত।
২১/ ৰঘুনাথ চৌধাৰীদেৱৰ বিষয়ে লিখা:
উত্তৰ: বর্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাবা গাঁৱত কবি চৌধাৰীৰ জন্ম ১৮৭৯ চনত হয়। তেওঁৰ পিতৃৰ নাম ভোলানাথ চৌধাৰী। সৰুতেই ভৰিত দুখ পাই চিবৰদিনৰ কাৰণে ভৰি ঘূণীয়া হয়। ঘৰুৱা অসুবিধাৰ কাৰণে সম্পর্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধাৰীক গুৱাহাটীলৈ লৈ আহে। ইয়াত তেওঁক বিদ্যালয়ত নামভর্তি কৰি দিয়ে। অষ্টম শ্রেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ বিদ্যালয়লৈ যাবলৈ এৰি দিয়ে। ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ লয়। পিছত কেইবছৰমান শিক্ষকতা কৰি এৰি পেলায়। শেষত খেতি-বাতি কৰিবলৈ লয় আৰু তাৰ লগে লগে সাহিত্য সেৱাও কৰি থাকে। তেওঁ গুৱাহাটীৰ পৰা প্রকাশিত 'জোনাকী' কাকতৰ সহকাৰী সম্পাদক আৰু 'মইনা', 'জয়ন্তী' আৰু 'সুৰভি' নামৰ আলোচনীৰো সম্পাদক আছিল। ৰঘুনাথ চৌধাৰীয়ে 'জোনাকী' কাকতেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু 'আলোচনী', 'বাঁহী' আদিতো বহুতো কবিতা প্রকাশ পায়। প্রথম স্তৰত লিখা কবিতাবোৰ 'সাদৰী' (১৯১০) পুথিত সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ পিছত ক্রমে 'কেতেকী' (১৯১৮), 'কাৰবালা' (১৯২৩), 'দহিকতৰা' (১৯৩১), 'নরমল্লিকা' (১৯৫৮) আৰু মৰণোত্তৰ কালত 'মনাই বৰাগী' (কবিতা) তথা 'পচতীয়া' নামে গল্পৰ পুথি প্রকাশ পায়। চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক 'বিহগী কবি' আখ্যা দিয়া হৈছে। তেওঁ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হোৱা 'অসম সাহিত্য সভা'ৰ অধিৱেশনৰ সভাপতি আছিল। ৰঘুনাথ চৌধাৰীদেৱৰ ১৯৬৮ চনত মৃত্যু হয়।
দশম শ্ৰেণীৰ অসমীয়া পাঠ ৩ প্ৰশস্তি প্ৰশ্ন উত্তৰ Question Bank Solutions Class 10 Assamese Chapter 3 Question Answer SEBA Board Assam khuj2
*******