Class 10 Assamese অসমীয়া Chapter 2 Jikir Question Answer SEBA Board Assam
দশম শ্ৰেণীৰ অসমীয়া পাঠ ২ জিকিৰ প্ৰশ্ন উত্তৰ Question Bank Solutions Class 10 Assamese Chapter 2 Jikir Question Answer SEBA Board Assam khuj2
জিকিৰ
Class 10 Assamese অসমীয়া Chapter 2 Jikir Question Answer SEBA Board Assam দশম শ্ৰেণীৰ পাঠ ২
ভাব বিষয়ক প্ৰশ্নাৱলী:
১) চমু উত্তৰ দিয়া:
ক) জিকিৰৰ ৰচক কোন?
উত্তৰঃ জিকিৰৰ ৰচক আজান ফকীৰ।
খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।
গ) জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰঃ জিকিৰ শব্দটো আৰবী 'জিকৰ' শব্দৰ পৰা ওলাইছে।
২। তলৰ শব্দবোৰৰ অৰ্থ লিখা:
ৰছুল, মোমিন, ৰহম, কুটুব, বান্দা।
উত্তৰ:
ৰচুল : দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত।
মোমিন : বিশ্বাসী, মুছলমান।
ৰহম : দয়া।
কুটুব: ধ্রুৱ নক্ষত্র।
বান্দা : ভৃত্য।
৩। 'মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি।।'
উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।
উত্তৰঃ উদ্ধৃত কাব্যাংশ আজান ফকিৰৰ ৰচিত ‘ ‘জিকিৰ’ নামৰ কবিতাটোৰপৰা দাঙি ধৰা হৈছে ।
উক্ত কাব্যাংশৰ অন্তর্নিহিত ভাব হ’ল মনত বেয়া ভাব লৈ হেজাৰ বাৰ মক্কা দর্শন কৰিলেও আল্লাৰ আশীর্বাদ লাভ কৰিব নােৱাৰি । মানুহৰ অন্তৰত দয়া , প্রেম নাথাকিলে বা আমি যদি সকলাে জীৱকে সমদৃষ্টিৰে চাব নাজানাে আমি কেতিয়াও আল্লাৰ প্রিয়পাত্র হ’ব নােৱাৰোঁ। এই দুনিয়াত মানুহে কিন্তু পাপ – পুণ্যৰ সঠিক বিচাৰ কৰিব নাজানে। বহুতে ভাবে মক্কা দর্শন কৰিলে পুণ্য অর্জন কৰি বেহেস্তত জীৱই স্থান পায়। কিন্তু সেয়া এক ভ্রান্ত ধাৰণা। যিদৰে শাল মাছ এবিধ উত্তম মাছ আৰু শাল হ’ল অভক্ষ বা অখাদ্য ঠিক একেদৰে গােটেই জীৱনটো পাপ কামত লিপ্ত থাকি শেষ সময়ত মক্কা দর্শন কৰি পুণ্য অর্জন কৰা ধাৰণাও অৱাস্তৱ।
৪/ ব্যাখ্যা কৰা:
( ক ) পানী মৰে পিয়াহত , অগ্নি মৰে জাৰত ।
খােদা ৰছুল লুকাই আছে , মােমিনৰ আঁৰত ৷৷
উত্তৰ:
প্ৰসংগঃ উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত "জিকিৰ" ৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ উক্ত কাব্যাংশই সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাক বিচাৰি হাবাথুৰি খাই মৰে অথচ মানৱৰ হৃদয়তে যে আল্লা বিৰাজমান তাকে বুজাইছে ।
ব্যাখ্যা: পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে , অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে। সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে সেই কথা জুয়ে নাজানে। ঠিক একেদৰে আপােন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায়, অর্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যােৱাৰ প্ৰয়ােজন যে নাই সেই তাকেই বুজাইছে।
খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট ॥
উত্তৰঃ
প্ৰসংগঃ উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত "জিকিৰ" ৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ থাকিলে যে মক্কা বা ত্ৰিবেণীলৈ গৈয়ো মুক্তি লাভ কৰিব নোৱাৰি, সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত জিকিৰফাঁকি উল্লেখ কৰিছে।
ব্যাখ্যা: তিৰবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দু সকলৰ পৱিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পৱিত্ৰ বুলি মানি অহা গংগা, যমুনা, সৰস্বতী এই তিনিখন নদীৰ সংগম স্থলত স্নান কৰিব পাৰিলে পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পাব পাৰি বুলি বিশ্বাস কৰে। মক্কাক এই ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে। কাৰণ ত্ৰিবেণী যিদৰে হিন্দুসকলৰ পৱিত্ৰ স্থান, ঠিক সেইদৰে মক্কাও মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান। সেয়েহে মুছলমানসকলে বিশ্বাস কৰে যে এবাৰ মক্কালৈ যাব পাৰিলে পাপ খণ্ডন হয় আৰু মুক্তি লাভ কৰিব পাৰি। কিন্তু যিসকল লোক সংসাৰৰ মায়া- মোহত আৱদ্ধ তেওঁলোকে মক্কালৈ গৈয়ো মুক্তি লাভ কৰিব নোৱাৰে। কিয়নো সংসাৰৰ মায়া-মোহৰ পৰা ওলাব নোৱাৰিলে আল্লাক প্ৰকৃত অন্তৰেৰে বিচাৰিব নোৱাৰি। সংসাৰৰ মায়া মোহে তেওঁলোকক আৱদ্ধ কৰি ৰাখিছে। সেয়েহে সংসাৰৰ মায়ামোহে তেওঁলোকক মুক্তিৰ পথত বাধাহে দিয়ে। ফলত তেওঁলোকে মুক্তি বিচাৰিলে সুখৰ পৰিৱৰ্তে দুখহে পায়।
গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি॥
উত্তৰঃ
প্ৰসংগঃ উক্ত জিকিৰফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তগৰ্ত আজান ফকীৰৰ দ্বাৰা ৰচিত `জিকিৰ' ৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ মানুহৰ দেহটোৰ পৰা প্ৰাণবায়ু ওলাই যোৱাৰ পাছত যে সেই দেহটোৰ প্ৰতি থকা মৰম-চেনেহ সকলো ত্যাগ কৰে। তাকে ক'বলৈ গৈ কবিয়ে উক্ত জিকিৰফাঁকি উল্লেখ কৰিছে।
ব্যাখ্যা: মানৱ জীৱন হ'ল ক্ষন্তেকীয়া। এই আছে এই নাই। কিন্তু মানুহে এই ক্ষন্তেকীয়া জীৱনত সংসাৰৰ মায়া-মোহত আৱদ্ধ হৈ নিজৰ দেহটোক লৈ গৌৰৱ কৰে। অথচ তেওঁ কেতিয়াও ভাবি নাছাই যে মৃত্যুৰ পাছত মানুহৰ দেহটোৰ কোনো মূল্য নাথাকে। আত্মাই দেহ ত্যাগ কৰি যোৱাৰ পাছত সেই দেহ পচি এদিন মাটিৰ লগত মিহলি হৈ যাব। দেহৰ পৰা ওলাইযোৱা আত্মাই দূৰৰ পৰা দেহটোৰ অৱস্থা চাই থাকে। দেহত সোমাই থকাৰ অৱস্থাত দেহটোক লৈ গৌৰৱ কৰি ব্যস্ত থকা মানুহে দেহ এৰি যোৱাৰ লগে লগে সেইজনৰ প্ৰতি থকা সকলোৰে মৰম-চেনেহ আদি ভাগ কৰে।
Class 10 Assamese অসমীয়া Chapter 2 Jikir Question Answer SEBA Board Assam দশম শ্ৰেণীৰ পাঠ ২
জিকিৰ পাঠটিৰ লগত সংযুক্ত অন্য প্ৰশ্নাৱলী:
১) আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল?
উত্তৰঃ আজান ফকীৰৰ প্ৰকৃত নাম হজৰত শ্বাহ মিলন আছিল।
২) জিকিৰ গীত কোন ধৰ্মাৱলীৰ মাজত প্ৰচলিত?
উত্তৰঃ জিকিৰ গীত মুছলমান ধৰ্মাৱলীৰ মাজত প্ৰচলিত।
৩) জিকিৰত উল্লেখ থকা আদম কোন?
উত্তৰঃ আদি মানৱ, আল্লাৰ সৃষ্ট প্ৰথম মানৱ।
৪) জিকিৰত প্ৰধানকৈ কিহৰ ওপৰত গুৰত্ব দিয়া হয়?
উত্তৰঃ জিকিৰত প্ৰধানকৈ ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰক গীতৰ মাধ্যমেৰে প্ৰকাশ কৰাত গুৰুত্ব দিয়া হৈছে।
৫)মক্কা কি?
উত্তৰঃ মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ স্থান।
৬) মোমিনৰ অৰ্থ কি?
উত্তৰঃ বিশ্বাসী মুছলমান।
৭) জিকিৰ শব্দৰ অৰ্থ কি?
উত্তৰঃ যিবোৰ শব্দত পৰম কৰুনাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে।
৮) আজান ফকীৰক কি বুলি আখ্যা দিয়া হৈছে?
উত্তৰঃ আজান ফকীৰক এজন পীড় বা ধৰ্মগুৰু বুলি আখ্যা দিয়া হয়।
৯) ৰহমৰ, গিৰিহঁত শব্দ দুটাই কি বুজাইছে?
উত্তৰঃ 'ৰহম' মানে হ'ল - দয়া। 'গিৰিহঁত' মানে হ'ল –গৰাকী বা মালিক। এতেকে, ৰহমৰ গিৰিহঁত মানে হ'ল দয়াৰ গৰাকী, অর্থাৎ আল্লাক দয়াৰ গৰাকী বুলি কোৱা হৈছে ।
১০) মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?
উত্তৰঃ তিৰবেণীৰ ঘাটৰ কথা কোৱা হৈছে।
১১) তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে?
উত্তৰঃ তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে।
১২) চমুটোকা লিখাঃ
আজান ফকীৰ।
উত্তৰঃ আজান ফকীৰঃ- ইছলাম ধৰ্মৰ প্ৰচাৰক আজান ফকীৰ সুদূৰ বাগদাদ চহৰৰ পৰা ভায়েক নবী পীৰৰ সৈতে অসমত প্ৰৱেশ কৰিছিল। আনুমানিক খ্ৰীষ্টিয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকীৰে অতি কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল। তেওঁৰ আচল নাম "হজৰত শ্বাহ মিলন"। জনশ্ৰুতি মতে আজান ফকীৰেই পোন প্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আন এটা মত অনুসৰি তেওঁক অসমৰ স্থানীয় মানুহে অজান ঠাইৰ মানুহ হিচাপে গণ্য কৰি অজান ফকীৰ বা আজান ফকীৰ বুলিছিল। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসমত আজান ফকিৰে বহুত শাস্তিৰ সন্মুখীন হৈছিল। পিছত তেওঁৰ মাহাত্ম্যৰ কথা বুজি পাই আহোম ৰজা গদাধৰ সিংহই দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বাৰী দি মছজিদ সজাই দিয়ে। তাতে আজান ফকীৰে ছকুৰি ভকতৰ সৈতে ধৰ্ম-চৰ্চা আৰম্ভ কৰে। তেওঁ আঠকুৰি জিকিৰ ৰচনা কৰিছিল। সেই ঠাইতে তেওঁৰ মৃত্যু হয়।
১৩) জিকিৰৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদৰ্শ আৰু আচাৰ- নীতিৰ মৌলিক ভাৱ-চিন্তা প্ৰকাশক কিছু সংখ্যক ভক্তিমূলক গীত। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী-পাৰ্ছী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। জিকিৰ শব্দটো আৰবী "জিকৰ" শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল "ঘনে ঘনে উচ্চাৰণ কৰা"। যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ জলজ কৰা হৈছে।
১৪) প্ৰসংগ, সংগতি দৰ্শাই ব্যাখ্যা কৰা।
(ক) “আচমানৰ কুটুব তৰা আদমৰ জাত।
সজাত মইনা আছে ঘনে লগায় মাত॥"
- অন্তৰ্নিহিত অৰ্থটো বুজাই লিখা।
উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্য়পুথি 'অসমীয়া সাহিত্য় চয়নিকা'ৰ আজান ফকিৰৰ 'জিকিৰ' পাঠটিৰ পৰা তুলি লোৱা হৈছে।
সংগতিঃ ইয়াৰ জৰিয়তে মানৱ জীৱনৰ ক্ষণভংগুৰতাৰ কথা ক'বলৈ বিচাৰিছে।
ব্যাখ্যা: আচমান অৰ্থাৎ আকাশৰ তৰাৰ লগত সম্পৰ্ক আছে। আকাশ হ'ল মহাশূন্য়, তৰাইহে তাক পোহৰাই তোলে। তৰাৰ তিৰবিৰণি নহ'লে আকাশৰ উজ্জ্বলতা নাথাকিলহেঁতেন আৰু আকাশ সৌন্দৰ্যহীন তথা মূল্য়হীন হৈ পৰিলহেঁতেন। একেদৰে মইনা অবিহনে সংগীৰো সৌন্দৰ্য নাথাকে। কবিয়ে জীৱদেহৰ আত্মাক সজাত বন্দী মইনা চৰাইৰ লগত তুলনা কৰিছে। মইনা সজাত বন্দী হৈ থকাৰ দৰে মানৱ আত্মাও দেহৰ ভিতৰত বন্দী হৈ থাকে। সজাত বন্দী মইনাটোৱে ধুনীয়া মাত মতাৰ দৰে আত্মা থকা বাবেই মানুহে ধুনীয়া আচৰণেৰে স-প্ৰতিভ হৈ থাকে। মইনা সজাৰ পৰা উৰি গুচি গ'লে যেনেদৰে সজাটো মূল্য়হীন হৈ পৰে, একেদৰে আত্মা নোহোৱাত মানৱ দেহো কোনো কামৰ হৈ নাথাকে। আমাৰ দেহৰূপী সজাৰ পৰা মইনাৰূপী আত্মা ওলাই যোৱাৰ পাছত দেহটোৰ কোনো অস্তিত্ব নোহোৱা হয়। মইনাই দূৰৈৰ পৰা সজালৈ চাই মাত লগোৱাৰ দৰে আত্মাইও যেন দূৰৈৰ পৰা মৃতদেহৰ অৱস্থা চাই থাকে। আত্মা থকালৈ দেহৰ সৌন্দৰ্য থাকে। আত্মা ওলাই যোৱাৰ পাছত দেহৰ অৱস্থা ভেলৰ দৰে হয়। অৰ্থাৎ, প্ৰাণস্পন্দন থকালৈকেহে জীৱদেহৰ অস্তিত্ব থাকে। সেয়ে এনে দেহৰ সুখত মত্ত হৈ আল্লাক স্মৰণ কৰিবলৈ পাহৰি যোৱাটো অনুচিত বুলি কবিয়ে কৈছে। সৎ কৰ্ম, সৎ চিন্তাৰে আল্লাৰ নাম ল'লেহে সকলোৰে কল্য়াণ হয় বুলি কবিতাটিত কোৱা হৈছে।
খ) "মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।"
一 তিৰবেণী ঘাট কথাষাৰে কি বুজাইছে? কি কাৰণে মক্কাই বাট ভেটি ধৰে খৰচি মাৰি লিখা।
উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্য়পুথি 'অসমীয়া সাহিত্য় চয়নিকা'ৰ আজান ফকিৰৰ 'জিকিৰ' পাঠটিৰ পৰা তুলি লোৱা হৈছে।
সংগতিঃ সংসাৰৰ মায়ামোহত আৱদ্ধ হৈ থাকিলে যে মক্কা বা ত্ৰিবেণীলৈ গৈয়ো মুক্তি লাভ কৰিব নোৱাৰি, সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত জিকিৰফাঁকি উল্লেখ কৰিছে।
ব্যাখ্যা: তিৰবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দু সকলৰ পৱিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পৱিত্ৰ বুলি মানি অহা গংগা, যমুনা, সৰস্বতী যি ঠাইত মিলিত হৈছে সেই ঠায়েই হৈছে পৱিত্ৰ ত্ৰিবেণী।হিন্দুসকলে ত্ৰিবেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলত স্নান কৰিব পাৰিলে পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস কৰে। পৱিত্ৰ ত্ৰিবেণীৰ লগত মক্কাক তুলনা কৰিব পাৰি।কিয়নো হিন্দুসকলৰ বাবে যিদৰে ত্ৰিবেণী পৱিত্ৰ তীৰ্থস্থান ঠিক সেইদৰে মক্কাও মুছলমান সকলৰ বাবে পৱিত্ৰ তীৰ্থস্থান। মুছলমানসকলে বিশ্বাস কৰে যে এবাৰ মক্কালৈ যাব পাৰিলে পাপ খণ্ডন হৈ মুক্তি লাভ কৰাৰ লগতে আল্লাৰ লগত মিলন সম্ভৱ হয়। যিসকল লোক সংসাৰৰ মায়া-মোহত বন্দী, সেইসকল লোকে মক্কালৈ গ'লেও মনত সুখ-শান্তি নাপায়। কিয়নো সংসাৰ মায়ামোহৰ পৰা মুক্ত হ'ব নোৱাৰিলে আল্লাক প্ৰকৃত অন্তৰৰ পৰা বিচাৰিব নোৱাৰি। সংসাৰৰ মায়া-মোহে তেওঁলোকৰ মুক্তিৰ বাধা দিয়ে। যাৰ ফলত তেওঁলোকে সুখৰ পৰিৱৰ্তে দুখহে পায়।
গ) দেও মাৰি পাৰ হৈ জীৱই আছে চাই।
চোৱা চোৱা জীৱসকল ভেলৰে বিলাই ॥
一 দেওমাৰি পাৰ হৈ জীৱই কি চাই আছে বুজাই লিখা।
উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্য়পুথি 'অসমীয়া সাহিত্য় চয়নিকা'ৰ আজান ফকিৰৰ 'জিকিৰ' পাঠটিৰ পৰা তুলি লোৱা হৈছে।
ব্যাখ্যা: আমাৰ দেহটো এটা সঁজাৰ দৰে। যেতিয়ালৈকে এই সঁজাত অৰ্থাৎ আমাৰ দেহটোত জীৱটো সোমাই থাকে, তেতিয়ালৈকে মানুহে নিজ ইচ্ছামতে চলি থাকে আৰু নিজৰ দেহটোকলৈ গৌৰৱবোধ কৰে। মানুহে নিজৰ সংসাৰৰ মায়ামোহত বন্দী হৈ থাকে। কিন্তু মানৱ জীৱন হ'ল ক্ষন্তেকীয়া। দেহৰ পৰা যেতিয়া জীৱটো ওলাই যায় তেতিয়াই জী
ৱনকাল শেষ হয়। দেহৰ পৰা ওলাই যোৱা জীৱই আঁতৰৰ পৰাই চাই থাকে। দেহত জীৱটো সোমাই থকাৰ অৱস্থাত দেহটোক লৈ গৌৰৱ কৰি ব্যস্ত থকা মানুহে, দেহৰ পৰা ওলাই যোৱাৰ পাছত দেহটোৰ প্ৰতি থকা মৰম- চেনেহো ত্যাগ কৰে।
Class 10 Assamese অসমীয়া Chapter 2 Jikir Question Answer SEBA Board Assam দশম শ্ৰেণীৰ পাঠ ২
*********