ডালিমৰ গুণাগুণৰ বিষয়ে সম্পূৰ্ণ অসমীয়াত

3 minute read
0

ডালিমৰ গুণাগুণৰ বিষয়ে সম্পূৰ্ণ অসমীয়াত


ডালিমৰ গুণাগুণৰ বিষয়ে সম্পূৰ্ণ অসমীয়াত ডালিমৰ উপকাৰিতা আৰু অপকাৰিতা About the Quality Types Health Benifits of Pomegranate in Assamese



ডালিম Pomegranate 


ডালিম স্বাদযুক্ত পৰিপুষ্টিয়ে সমৃদ্ধ এবিধ ফল।


ডালিমৰ বিভিন্ন নাম: হিন্দী-অনাৰ, সংস্কৃত- জাদিম, তামিল-মাদুলাই


মাৰাঠি-ডালিম্ব, পমেগ্রেনট


ডালিমৰ বৈজ্ঞানিক নাম-পুনিকা গ্রেনাটম (Punica granatum)


উদ্ভিদ বিজ্ঞানৰ শ্ৰেণীবৰ্গীকৰণৰ মতে ডালিম লাহটথ্রায়েচি গোত্ৰৰ অন্তৰ্গত।


ডালিমৰ পৰিচয়: ডালিম জোপোহা জাতীয় গছ। প্রায় ১২-১৫ ফুট পর্যন্ত ওখ হয়। ভাৰতবৰ্ষৰ সকলো ঠাইতে হয়। গছৰ বাকলি মটিয়া বা মুগাবৰণীয়া পাতল। পাত বিপৰীত মুখী। এপ্রিল- মে' মাহত ফুল ফুলে। ফুল ৰঙা নলীকা সহ ৫/৭ টা পাহী থাকে।


ডালিমৰ ব্যৱহাৰ হোৱা অংশ: ফল, ফলৰ বাকলি, গুটি, গছৰ ছাল, শিপা, ফুল কলি, পাত, আদি ঔষধ হিচাপে ব্যৱহাৰ হয়।


ডালিমৰ প্ৰকাৰ: ডালিম দুই প্ৰকাৰ যেনে টেঙা ডালিম আৰু মিঠা ডালিম।


ৰোগ প্ৰতিৰোধক হিচাবে ডালিম : গ্রহণী, ডায়েৰিয়া, পেটৰ ৰোগ, কুকুৰী কণা, ৰোগ প্ৰতিৰোধ কৰিব পাৰে।


ডালিমৰ ঔষধি গুণ: ডালিম হৈছে স্তন সৌন্ধৰ্যবর্ধক আৰু পেটৰ ৰোগ নাশক। ডালিমৰ ছালৰ ৰস ১০ চামুচ গুড়ৰ লগত‌ খালে সকলো প্ৰকাৰৰ অজীর্ণ ৰোগ ভাল হয়। শৌচত তেজ পৰিলে ডালিম এটা পুৰি চাৰি চামুচকৈ দিনে দুবাৰকৈ তিনিদিনমান খালেই তেজ পৰা বা তেজ গ্ৰহণী ৰোগ ভাল হয়। ডালিম গছৰ ছালৰ ৰস তিনি চামুচকৈ দিনে ৩/৪ বাৰকৈ ১০ দিন খালেই গ্রহণী ৰোগীয়ে আৰোগ্য লাভ কৰে। । ২/৩ চামুচ ডালিমৰ ৰস আধা চামুচ চেনিৰ লগত মিহলাই খালে হেকেটি ভাল হয়।


ডালিমৰ ৰসে যিকোনো ৰোগীৰ পিয়াহ দূৰ কৰিব পাৰে। বৃহদান্ত ফুলিলে ডালিমৰ ৰস দিনে একাপকৈ খোৱা উচিত। পিত্তৰসত বমি বা পিত্তৰস নিসৃত হৈ বুকুৰ বিষ হ'লে এচামুচ ডালিমৰ ৰস এচামুচ মৌ মিহলি কৰি খাব লাগে। চকু ৰঙা পৰি খচ খচনি হোৱা ৰোগত ডালিমৰ পৰা ৰস উলিয়াই পৰিস্কাৰ কাপোৰেৰে চেকি চকুৰ কোণত এটা টোপোলাকৈ দিব লাগে। ডালিমৰ গুড়া আধা চামুচত সমপৰিমাণৰ মহানিম পাতৰ গুড়া আৰু জালুকৰ গুড়া মিহলি কৰি দাঁত মাজিলে দাঁত মজবুত হয় আৰু পায়োৰিয়া নাশ হয়।


ডালিমৰ গছৰ শিপাত পিউনচাইন নামৰ যি উপক্ষাৰ থাকে ই ফিটা পেলু সম্পূর্ণ নাশ কৰিব পাৰে। এবাৰত ৩/৪ চামুচকৈ ডালিমৰ শিপাৰ ৰস দিনটোত ২০/২৫ চামুচকৈ খালে আৰু বাকলিৰ পৰা ৰস উলিয়েই দিনে পাঁচ চামুচকৈ সাত দিন খালে ফিটা পেলু মৰে।


ডালিমৰ ফুল পিহি তাত সামান্য মৌ মিহলি কৰি স্তন মালিচ কৰিলে স্তন ওলমি নপৰে আৰু দেখনিয়াৰ হয় আনকি বৃদ্ধ অৱস্থালৈকে স্তনৰ গঠন ঠিক থাকে। ডালিমৰ ফুলৰ ৰস প্রতিদিন এক চামুচকৈ খালে (কমেও ৩ মাহ) আউৰীয়া ৰোগ ভাল হয়।


ডালিম গছৰ বাকলিত ২২-২৫% টেনিন আৰু শিপাৰ ছালত ২২-২৫% পোনিকো টেনিন এচিড আৰু এলকেলিয়ও পোৱা যায়।‌ পানী - ৭৮৬, প্রোটিন - ১৬%

চর্বি - ১%, কার্বহাইড্রেট - ১৪.৫%, খনিজ পদার্থ - ৭%, ফচফৰাচ- ৭০ মি:গ্রা:, থিয়ামইন - ০৬ মি:গ্রা:,‌ ৰিবোফ্লেডিন ১০ মি:গ্রা:, নিয়াচিন ৩ মি:গ্রা:, কেলৰি - ৬৫


ডালিমৰ ৰসে পানী পিয়াহ কমাব পাৰে। বৃহদান্ত ফুলিলে ৰস খাব লাগে। পিত্তৰসত বমি নাইবা পিত্তৰস নিসৃত হৈ বুকুৰ বিষ হ'লে এক চামুচ ডালিমৰ ৰস আৰু মৌ এক চামুচ খাব লাগে। পকা মিঠা ডালিমে শৰীৰত যথেষ্ট শক্তি প্রদান কৰে। ই শুক্র গঠন কৰাত সহায় কৰে, মিঠা ডালিমৰ ৰসে নাকেদি তেজ ওলোৱা বন্ধ কৰিব পাৰে। ই মুখৰ ঘা, পেটৰ বিষ, ৰক্তহীনতা, স্নায়ুবিক দুৰ্বলতা দূৰ কৰিব পাৰে ।


ডালিম গছৰ ৰোপন পদ্ধতি: এই খেতি কৰিবলৈ কেৱল পানী জমা হৈ নথকা ঠাই হব লাগে। অবশ্যে মাটি পলসুৱা সাৰুৱা মাটিত এই গছত জেউতী চৰে।


ডালিমৰ পুলি প্রস্তুতি :- পলসুৱা উখ চানেকীয়া মাটি নির্বাচন কৰি মাটিখিনি নিৰ্বাচন কৰি মাটিখিনি মিহি কৰি লৈ গুটিবোৰ শোধন কৰিলৈ পচাব লাগে।


গাঁত খন্দা :- মাটি দোখৰ হালবাই মৈয়াই বা কোৰ মাৰি‌ মাটি মিহি কৰি লৈ গাঁত খান্দিব লাগে। গাঁতবোৰ ৪৫×৪৫ চে:মি: কৈ খান্দি গাঁতৰ মাটিখিনি আতঁৰাই মাটি মিহলি পছনসাৰ আৰু শুকান গোৱৰ মিহলি কৰি গাঁতটো পুৰ কৰি ৰদ পৰিবলৈ এৰি দিব লাগে।


ডালিম গছৰ ৰোপন : পলিঠিনৰ ঠোঙাৰ পুলি হ'লে অতি ভাল। মৰাৰ ভয় নাথাকে। পলিঠিনৰ ঠোঙাটো পিৰিৰ মাটি নভঙাকৈ ব্লেডেৰে কাটি ঠোঙাটো আঁতৰ কৰি গাঁতৰ সোমাজত পুলিটো স্থাপন কৰি ৰুই চাৰিওফালে লাহে লাহে মাটি দি পিৰি নভঙাকৈ টিপি দিব লাগে। তাৰ পাছত কিছু পানী চটিয়াই দিব লাগে। খৰাং যেন দেখিলে পানী যোগানৰ ব্যৱস্থা কৰিব লাগে পুলি ঠন ধৰি উঠাৰ পাছত ১ বছৰীয়া হ'লে পুনৰ একোপাচিকৈ পচন সাৰ সাৰ দিয়াৰ ব্যৱস্থা কৰিলে গছজোপাৰ শ্ৰীবৃদ্ধি বাঢ়িব। পোক-পৰুৱা, বেমাৰ আজাৰে দেখা দিলে আজিকালি বজাৰত অনেক কীটনাশক দৰব কিনিবলৈ পোৱা যায়। তাৰে যিকোনো এটা বায়ু কেমিকেল জাতীয় দৰৱ ব্যৱহাৰ কৰিলেই সুফল পোৱা যাব।




******

Post a Comment

0Comments
Post a Comment (0)