অসমীয়া কৌতুক Assamese Koutuk
অসমীয়া কৌতুক Latest Jokes in Assamese
😁
বিদেশত ল’ৰা পঢ়োওৱা বৰুৱা আৰু শইকীয়াই ল’ৰাৰ পঢ়া-শুনাক লৈ আলােচনা কৰিছে-
বৰুৱা: জানে শইকীয়া, ল’ৰাটোৱে চিঠি দিলেই মােৰ ভয়েই লাগে। চিঠি পঢ়িবলৈ অভিধান চাব লাগে।
শইকীয়া: সেইটো কি ডাঙৰ কথা? ভালহে, নতুন শব্দ শিকিবলৈ সুবিধা পায়। আমাৰ ল'ৰাৰ চিঠি আহিলেতো মােৰ চকু কপালত উঠে।
বৰুৱা: কিয়? কি লিখেনাে?
শইকীয়া: প্রতিবাৰেই লিখিব, "দেউতা,মােলৈ টকা বিছ হাজাৰ পঠিয়াই দিব"।
*****
😁
যদু আৰু মধুৱে কথা পাতিছে -
যদু: মধু, আমাৰ শইকীয়া ছাৰ বৰ পৰােপকাৰী লােক। তেওঁ মৃত্যুৰ পাছত তেওঁৰ সকলাে সম্পত্তি এখন অনাথ আশ্ৰমত দান দি গৈছে।
মধু: খুব ভাল মানুহ! ক'চোন বাৰু, ছাৰেনাে কি কি সম্পত্তি দি গৈছে?
যদু: দুটা ল'ৰা আৰু তিনিজনী ছােৱালী।
*****
😁
বুবুল আৰু জয়ন্ত দুয়ােনলে গলে লগা বন্ধু।
বুবুলে এদিন জয়ন্তক বন্ধুত্ব পৰীক্ষা চাবৰ বাবে কলে-
বুবুল: জয়ন্ত, মােক টকা কেই হাজাৰমান ধাৰলৈ দিবিনে?
জয়ন্ত: টকাৰে তই কি কৰিবি?
বুবুল: বহুদিনীয়া চখ এটা আছে। মটৰ চাইকেল এখন কিনিম।
জয়ন্ত: টকাই যেতিয়া নায়েই মটৰ চাইকেলখন কিনিনাে কি কৰিবি?
বুবুল: জয়ন্ত, মই তােৰপৰা টকাহে ধাৰে বিচাৰিছোঁ। উপদেশ বিচৰা নাই।
*****
😁
ছমহীয়া পৰীক্ষাত ভূগােলৰ প্রশ্ন আহিছে-“পৃথিৱীত প্রথম কেতিয়া জীৱ সৃষ্টি হৈছিল ?”
এজন ছাত্ৰই লিখিলে-“সেইকথা একমাত্র ভগৱানেহে জানে।”
পৰীক্ষকে বহী চাই শূন্য এটা দি মন্তব্য লিখিলে-“তেতিয়াহ'লে সম্পূর্ণ নম্বৰ ভগৱানকে দিলোঁ।”
*****
😁
এখন নির্বাচনী সভাত এজন নেতাই খুব চিঞৰি-চিঞৰি ভাষণ দিছে-“ৰাইজ, আপােনালােকে মােক ভােট দিয়ক। মই আপােনালােকৰ বাবে এখন দলং নির্মাণ কৰি দিম।”
সভাৰ মাজৰপৰা এজনে থিয় হৈ ক'লে-“ডাঙৰীয়া, আমাৰ ইয়াত দেখােন নদীয়েই নাই, দলং নিৰ্মাণ কৰি কি কৰিব?”
লগে লগে নেতাজনে ক'লে- ‘সেইকথা চিন্তা কৰিব নালাগে। মই প্রথমে নদী খান্দিম, তাৰপাছতহে দলং নির্মাণ কৰিম।”
*****
😁
এজন বন্ধুৱে অন্য এজন বন্ধুক সুধিছে-
প্রথম বন্ধু: বন্ধু, কোৱাচোন, দিনত যে পােহৰ থাকে, ৰাতি আন্ধাৰ হয় কিয়?
দ্বিতীয় বন্ধু: হেৰ এইটো প্রশ্ন কোনােবা পাগলক সুধিলেও সি উত্তৰ দিব পাৰিব?
প্রথম বন্ধু: সেই বাবেই তাে তােক সুধিছে।
*****
😁
অসমীয়া পঢ়ুৱাৰ পাছত শিক্ষকে ল'ৰা- ছােৱালীবােৰক হঠাৎ সুধিলে-
কোৱাচোন কোনবিধ গছৰ পাত আমাৰ সকলােতকৈ বেছি প্রয়ােজনীয়?
কোনােৱে ক'লে কলগছৰ পাত, কোনােৱে ক'লে তুলসী পাত, কোনােৱে কলে পদুমৰ পাত।
শ্ৰেণীৰ ভিতৰতে সকলােতকৈ বুদ্ধিমান বুলি ভবা শুভমে থিয় হৈ ক'লে-
- ছাৰ, ইয়াৰ এটাও নহয়। পাণহে বেছি প্রয়ােজনীয়। কিয়নাে, আপুনি সদায়ে শ্রেণীলৈ পাণ খাই আহে।
*****
😁
চম্পাই পঢ়াৰ মাজতে বন্ধুলৈ চিঠি এখন লিখিছে। তেনে সময়তে ককায়েক আহি তাইৰ ওচৰত থিয় হ’লহি। সেয়ে তাই লিখিব পৰা নাই।
বাধ্য হৈ চম্পাই লিখিলে-“তােলৈ বহু কথাই লিখিবলৈ মন আছিল; কিন্তু এজন নির্লজ আৰু অসভ্য মানুহ আহি মােৰ ওচৰত থিয় হৈ আছে। সেয়ে আজিলৈ ইমানতে সামৰিলোঁ।”
*****
😁
বদনে ঘোঁৰাৰ পিঠিত উঠি ঘূৰি ফুৰোঁতে টলৌক লগ পালে।
টলৌ: ঐ বদন তোক পুলিচে ধৰিব।
বদন: কিয়?
টলৌ: তই হেলমেট পিন্ধা নাই
বদন: আৰে বুৰ্বক! তললৈ চা, four wheeler
*****
😁
বেংক কৰ্মীৰ পত্নী: হে'ৰা শুনিছানে, মোৰ মা-দেউতা আহিছে।
বেংক কৰ্মী (পতি): তেঁও লোকক লাইনত আহিবলৈ কোৱা।
*****
😁
ঠিকাদাৰ দেউতাকক পুতেকক প্রশ্ন: দেউতা, মোক এটা অংক কৰি দিব লাগে
দেউতাক: কি অংক?
পুতেক: এজন বনুৱাৰ দিনে ৩০ টকা হাজিৰা দিলে ১০ জন বনুৱাৰ চাৰি দিনত কিমান টকা দিব লাগিব?
দেউতাক: এইটো অংক নহয় বুৰঞ্জীহে, এতিয়া ২০০ টকাৰ তলত কাম নকৰে।
*****
😁
অতুলে শ্ৰেণীকোঠাত ছোৱালী এজনীক I LOVE YOU ক'লে।
ছোৱালী: মই এতিয়াই গৈ ছাৰক কৈ দিম
অতুল: ছাৰক নকবা পাগলী, একো লাভ নাই, ছাৰে বিয়া কেতিয়াবাই কৰালে।
*****
😁
খুৰা: কি কৰি আছা আজিকালি?
দেবেন: Facebook, Instagram, WhatsApp
খুৰা: মোৰ কোৱাৰ অৰ্থ যে জীয়াই থাকিবৰ কাৰণে কি কৰা?
দেবেন: উশাহ লওঁ
*****
😁
শিক্ষক: হৰি, তুমি ক্রক'ডাইল বানানটো কেনেকৈ উচ্চাৰণ কৰা বৰ্ডত লিখা চোন।
হৰি: KROKODIAL (বৰ্ডত লিখিলে)
শিক্ষক: এইটো একেবাৰেই ভুল।
হৰি: ভুল হব পাৰে কিন্তু মই এনেকৈয়ে উচ্চাৰণ কৰোঁ।
*****
😁
ৰতন: যদিহে বজাৰত নীৰৱতা কিনিবলৈ পোৱা গ'লহেঁতেন!
ৰতনৰ পত্নী: ১০০০ টকা দিয়া মই গোটেই দিন মনে মনে থাকিম।
*****
😁
প্ৰেমিকৰ পৰা প্ৰেমিকালৈ ডবল হাৰ্ট এটেক মেছেজ-
প্রথম মেছেজ: লেটচ্ ব্ৰেক আপ নাও, ইটচ্ অল অভাৰ।
দ্বিতীয় মেছেজ: ছৰী ছৰী ছৰী, ডেট ৱাজ নট ফৰ ইউ।
*****
😁
শিক্ষক: [আব্রাহাম লিংকনৰ বিষয়ে কৈ থকাৰ সময়ত] আব্রাহাম লিংকনে বৰ কষ্ট কৰি ডাঙৰ হৈছিল। দৈনিক সাত মাইল পথ খােজ কাঢ়ি তেওঁ স্কুললৈ গৈছিল ... এতিয়া ল’ৰাহঁত কচোন, পাঠটোৰ পৰা তহঁতে কি শিকিলি ?
ভলু: ছাৰ, তেখেতে অলপ সােনকালে উঠি স্কুল বাছ ধৰিবলৈ যােৱাটোৱেই উচিত আছিল।
*****
😁
শিক্ষক: ৰাজু, তােৰ হােমৱৰ্কৰ বহীখন ক’ত?
ৰাজু: ছাৰ, স্কুললৈ আহি থাকোতে বৰকৈ বলা বতাহ এজাকে সেইখন উৰুৱাই লৈ গ'ল।
শিক্ষক: [খঙেৰে] কি কলি? আৰু তােৰ স্কুললৈ অহাত পলম হ’ল কেলেই?
ৰাজু: ছাৰ, সেই বতাহজাক আকৌ উভতি আহিব বুলি ৰৈ আছিলোঁ।
*****
😁
শিক্ষক : যদি তােমাৰ হাতত এটকা থাকে আৰু দেউতাৰাৰ ওচৰত তুমি এটকা বিচাৰা, তেতিয়া তােমাৰ হাতত মুঠ কিমান টকা জমা হ'ব?
ছাত্র : এটকা, ছাৰ।
শিক্ষক : তুমি এই সামান্য অংকটোও নাজানা ?
ছাত্র : আপুনি মােৰ দেউতাক নাজানে, ছাৰ।
*****
😁
শিক্ষক : কোৱাচোন, হিমালয়ৰ উচ্চতা কিমান?
বিপুল : [অলপ সময় পাছত] চাৰে চাৰি ছেণ্টিমিটাৰ।
শিক্ষক : কি? কেনেকৈ জানিলা?
বিপুল : ছাৰ, এইমাত্র ভূচিত্ৰাৱলীৰ পৰা জুখি ললোঁ।
*****
😁
গৰম বন্ধৰ পাছত, স্কুল খােলাৰ সময়ত ইংৰাজী শ্ৰেণীত বিষয় শিক্ষকে অতুলক সুধিলে-
শিক্ষক : এইবাৰৰ বন্ধত মাৰা-দেউতাৰাৰ সৈতে ফুৰিবলৈ তুমি ক'লৈ গৈছিলা?
অতুল: [টপৰাই] তিৰুৱনন্তপুৰমলৈ।
উত্তৰ শুনিয়েই শিক্ষকে সুধিলে।
শিক্ষক : ঠিক আছে বাৰু, এইবাৰ ঠাইখনৰ বানানটো ইংৰাজীত কোৱাচোন!
অতুল: ছাৰ, আচলতে এইবাৰ আমি পুৰীলৈহে গৈছিলোঁ।
*****
😁
বুৰঞ্জীৰ শ্ৰেণী চলি আছে। এজন ছাত্র মাজতে ওলাই গ'ল। ভালেমান বেলিৰ পাছত সি উভতি আহিল।
ছাত্র : ছাৰ, সােমাব পাৰোনে?
শিক্ষক : তই কেতিয়া ওলাই গৈছিলি, মনত আছেনে?
ছাত্র : আছে, ছাৰ। পাণিপথৰ দ্বিতীয় যুদ্ধৰ ঠিক পাঁচ মিনিট পাছত।
*****
😁
শিক্ষক: ৰতন কোৱাচোন, গছৰ ছালক ইংৰাজীত কি বােলা হয়?
ৰতন: নাজানাে, ছাৰ।
শিক্ষক: বার্ক, ৰতন বার্ক।
ৰতন: ভৌ-ভৌ-ভৌ-ভৌ-
*****
😁
হৰেণ অফিচলৈ আহি পোনেই বচৰ কোঠাত সোমাই কলে-
"মোৰ দৰমহা বঢ়াবই লাগিব। মোৰ পাছত তিনিটাকৈ কোম্পানী লাগি আছে।"
বচ্: হয় নেকি? কোন কোন কোম্পানী লাগি আছে শুনোচোন বাৰু।
হৰেণ: ইলেকট্রিক, মোবাইল ফোনৰ আৰু গেছৰ কোম্পানী।
*****
😁
পুতেকে কৃপন দেউতাকক কৈছে-
মই দূৰৰ বস্তু একেবাৰে নেদেখা হৈছো। চশমা এযোৰ কৰাই দিয়ক।
আকাশলৈ আঙুলি টোৱাই দেউতাকে পুতেকক সুধিলে-
সেইটো কি কচোন?
পুতেকে উত্তৰ দিলে- "জোন"
দেউতাক- তই আৰু কিমান দূৰলৈ চাব খোজ কচোন বোপাই?
*****
😁
ৰেষ্টুৰেণ্টৰ খােৱা মেজত বহি এগৰাকী মাকে জীয়েকক-
মাক: তুমি আধুনিক যুগৰ ছােৱালী, আধুনিক ধৰণ- কৰণেৰে খাবলৈ শিকা।
জীয়েক: কেনেকৈ?
মাক: সকলাে সময়তে কাঁটা-চামুচেৰে খাবা।
জীয়েক: সকলাে বস্তু?
মাক: অহ।
জীয়েক: পানীও?
*****
😁
পার্কৰ এখন বেন্সত এগৰাকী শকত-আবত ভদ্রলােক বেন্সখনৰ সিংহভাগ দখল কৰি বহি আছিল। এনেতে তালৈ এজন খীণ-মিন ব্যক্তিৰ আগমন ঘটিল। বেন্সত ঠাই নাই দেখি তেওঁ ক'লে—
খীন-মিন ব্যক্তি: মহাশয়, এই বেন্সখন মাথোঁ হাতীৰ পােৱালিৰ বাবেই সৃষ্টি কৰা হৈছেনে?
শকত ব্যক্তি: (অলপমান ঠাই উলিয়াই দি) নাই, নাই, ইয়াত কুকুৰৰ পােৱালিৰ বাবেও যথেষ্ট ঠাই আছে।
******
😁
কাপােৰৰ দোকানলৈ আহি এগৰাকী ভদ্রমহিলাই এখন শাৰী পছন্দ কৰি শাৰীখনৰ দাম সুধিলে।
দোকানী: এহাজাৰ টকা।
ভদ্রমহিলা: নাই, নাই, বৰ বেছি দাম কৈছে।
দোকানী: নাই কোৱা, বাইদেউ। আপুনি আমাৰ পুৰণা গ্রাহক। আপােনাক আপােন মানুহ ভাবি একেবাৰে সঠিক দামেই কৈছো!
ভদ্রমহিলা: হয় নে কি? ঠিক আছে বাৰু, আপােনাকো
আপােন মানুহ বুলি ভাবি মই এয়া পাঁচশ টকা দিছোঁ।
*****
😁
এজন ডেকা বৰ কোবেৰে গৈ এক ডাক্তৰৰ চেম্বাৰত সােমাল।
ডেকা: ছাৰ, চাওকচোন মােৰ বুকুৰ মাজত কলিজা আছেনে নাই?
ডাক্তৰ: চাম বাৰু। পিছে আগেয়ে চাই লােৱাচোন, তােমাৰ জেপত টকা আছেনে নাই?
*****
😁
সংগীতজ্ঞ স্বামীৰ সৈতে তেওঁৰ পত্নীয়ে কথা পাতি আছে।
পত্নী: আজি নিশাটোৰ বাবে মােক তােমাৰ তানপুৰাটো
দিবানে?
স্বামী: বাঃ! মােৰ লগত থাকি-থাকি তােমাৰাে গান গাবলৈ মন গৈছে, নহয়নে?
পত্নী: নহয়, এনিশা অন্ততঃ মই আৰামেৰে টোপনি যাব বিচাৰোঁ।
*****
😁
দুই বন্ধুৱে কথা পাতি আছিল—
হৰেন: বন্ধু, তােৰ প্রেমিকাই কি শক্তিৰ বলত তােক এনেকৈ বশ কৰি পেলালে অ’?
বীৰেন: জলশক্তি।
হৰেন: ধেৎ, কিনাে কৱ অ’! মই সঁচাকৈয়ে সুধিছো, কচোন!
বীৰেন: মই সঁচাকৈয়ে কৈছোঁ। মই তাইৰ চকুৰ পানী সহ্য কৰিব নােৱাৰাে।
******