অসম কুইজ Assam GK in Assamese
অসম কুইজ Assam GK in Assamese - Assam GK MCQ - Assam GK Questions Answers - GK for APSC Exam - Assam GK for All Competitive Exam - Assam Quiz
১। আমাৰ ৰাজ্যখনৰ নাম কি?
উঃ অসম।
২। অসমৰ পুৰণি নাম কি?
উঃ কামৰূপ।
৩। পুৰণি কামৰূপৰ ৰাজধানীৰ নাম কি আছিল?
উঃ প্রাগজ্যোতিষপুৰ।
৪। আমাৰ ৰাজ্যখনৰ নাম অসম কেনেকৈ হ'ল?
উঃ এই সম্পর্কে দুটা মত আছে-
(১) আহােমসকলে ইয়াত ছশ বছৰ ৰাজত্ব কৰা কাৰণে ৰাজ্যখনৰ নাম অসম হৈছে।
(২) ৰাজ্যখনৰ ভৌগােলিক পৰিৱেশ অসমান, বহুতাে নদ-নদী আৰু পাহাৰ-পর্বতেৰে ভৰা, খলা-বমা হােৱা কাৰণে ৰাজ্যখনৰ নাম অসম হৈছে।
৫। বর্তমান অসমৰ ৰাজধানী কি?
উঃ দিছপুৰ, গুৱাহাটী।
৬। অসমৰ ৰাজ্যভাষা কি?
উঃ অসমীয়া। বড়াে আৰু বঙালী সহযােগী ভাষা।
৭। অসমৰ ভৌগােলিক অৱস্থান কি?
উঃ অসমৰাজ্য ভাৰতবৰ্ষৰ পূর্ব-প্রান্তত অৱস্থিত। ই ৯০° পূর্ব দ্রাঘিমাৰ পৰা ৯৫° পূর্ব দ্রাঘিমালৈ আৰু ২৪° উত্তৰ অক্ষাংশৰ পৰা ২৮° উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত।
৮। প্রাচীন কামৰূপক কেইটা আৰু কি কি ভাগত বিভক্ত কৰা হৈছিল?
উঃ চাৰিটা। (১) ৰত্নপীঠ, (২) কামপীঠ, (৩) সুৱর্ণপীঠ আৰু (4) সৌমাৰ পীঠ।
৯। অসমৰ বুৰঞ্জী সর্বপ্রথমে কোন সম্প্রদায়ে লিখে?
উঃ আহােমসকলে।
১০। আহােমসকল কেতিয়া অসমলৈ আহিছিল?
উঃ ইং ১২২৮ চনত।
১১। অসমৰ চাৰিসীমা কোৱা।
উঃ উত্তৰত ভূটান আৰু অৰুণাচল প্রদেশ ; পূবত অৰুণাচল প্রদেশ, নগাৰাজ্য; দক্ষিণত- নগাৰাজ্য, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয় ৰাজ্য; পশ্চিমত বাংলাদেশ আৰু পশ্চিমবংগ ৰাজ্য।
১২। অসমত ক'ত ক’ত পশু চিকিৎসা মহাবিদ্যালয় আছে?
উঃ ডিফু, আজাদ (উত্তৰ লখিমপুৰ), খানাপাৰা (গুৱাহাটী)ত।
১৩। অসমৰ ক'ত ক'ত পুলিচ প্রশিক্ষণ মহাবিদ্যালয় আছে?
উঃ দেৰগাঁও আৰু লালবস্তি (তেজপুৰ) ত আছে।
১৪। হিন্দী প্রশিক্ষণ মহাবিদ্যালয় অসমৰ ক'ত ক'ত আছে?
উঃ ডিফু আৰু উত্তৰ গুৱাহাটীত।
১৫। সংস্কৃত ভাষাৰ মহাবিদ্যালয় অসমৰ ক’ত ক'ত আছে?
উঃ গুৱাহাটী, নলবাৰী আৰু দেৰগাঁৱত।
১৬। অসমৰ ক'ত আৰৱী ভাষাৰ মহাবিদ্যালয় আছে?
উঃ ৰঙিয়াত।
১৭। অসমৰ কত কত নর্মাল স্কুল আছে?
উঃ শিলচৰ, চতিয়া, যােৰহাট, হাউলী, ৰহা আৰু বঙাইগাঁৱত।
১৮। অসমৰ ক’ত ক’ত বেছিক ট্রেইনিং স্কুল আছে?
উঃ নলবাৰী, হাউলী, দুধনৈ, দক্ষিণ শালমাৰা, গােলােকগঞ্জ, কোকৰাঝাৰ, ৰঙিয়া, শিলচৰ, উদাৰবন্দ, মির্জা, চেঙা আৰু হাইলাকান্দিত।
১৯। অসমৰ কত কত কলা-বােবাৰ স্কুল আছে?
উঃ গুৱাহাটী, নগাঁও আৰু ডিব্ৰুগড়ত।
২০। অসমৰ ক'ত ক’ত ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান (আই টি আই) আছে?
উঃ যােৰহাট, তিনিচুকীয়া, নগাঁও, গুৱাহাটী, তেজপুৰ, শিলচৰ, ডিফু, বৰপেটা, বঙাইগাঁও আৰু গড়গাঁৱত।
২১। সৈনিক স্কুল অসমৰ ক’ত আছে?
উঃ গােৱালপাৰা জিলাৰ মৰণৈত।
২২। বুনিয়াদী প্রশিক্ষণ মহাবিদ্যালয় অসমৰ ক'ত আছে?
উঃ তিতাবৰ, নলবাৰী, ৰঙিয়া, দুধাল, কোকৰাঝাৰ, মিৰ্জা, ৰহা, ডিব্ৰুগড়।
২৩। মীন প্রশিক্ষণ মহাবিদ্যালয় অসমৰ ক'ত আছে?
উঃ নগাঁও জিলাৰ ৰহাত।
২৪। চাহ-গৱেষণা কেন্দ্র অসমৰ ক'ত আছে?
উঃ যােৰহাট জিলাৰ টোকলাইত।
২৫। অসমৰ কত কত তেল শােধনাগাৰ আছে?
উঃ ডিগবৈ, নুনমাটি (গুৱাহাটী) আৰু বঙাইগাঁও, নুমলীগড়ত
২৬। অসমৰ ক'ত ৰাসায়নিক সাৰ কাৰখানা আছে?
উঃ ডিব্ৰুগড় জিলাৰ নামৰূপত।
২৭। অসমৰ কত কত কাগজ কল আছে?
উঃ বঙাইগাঁও জিলাৰ যােগীঘােপা, মৰিগাঁও জিলাৰ জাগীৰডত, কাছাৰ জিলাৰ পাঁচগ্রামত আছে।
২৮। মৰাপাটৰ কল অসমৰ ক'ত আছে?
উঃ নগাঁও জিলাৰ শিলঘাটত।
২৯। ৰেচম (ৰেচমী সূতাৰ) কাৰখানা অসমৰ ক'ত আছে?
উঃ মৰিগাঁও জিলাৰ জাগীৰােডত।
৩০। চেনিকল অসমৰ ক'ত ক'ত আছে?
উঃ বৰুৱা বামুণগাঁও (গােলাঘাট), বিশ্বনাথ চাৰিআলি (শােণিতপুৰ), কামপুৰ (নগাঁও), আৰু চৰগােলা (কাছাৰ)ত।
৩১। বিলাতী মাটি (চিমেণ্ট)ৰ কাৰখানা অসমৰ ক’ত ক'ত আছে?
উঃ বােকাজান (কার্বিআংলং), উমৰাংচু (উঃ কাছাৰ)ত, তিতাবৰ
৩২। জুইশলাৰ কাৰখানা অসমৰ ক'ত ক'ত আছে?
উঃ ধুবুৰী আৰু যােৰহাটত।
৩৩। প্লাইউডৰ কাৰখানা অসমৰ ক'ত ক'ত আছে?
উঃ মাৰ্ঘেৰিটা, তিনিচুকীয়া আৰু মৰিয়নীত
৩৪। তাপ বিদ্যুতকেন্দ্ৰ অসমৰ ক'ত ক'ত আছে?
উঃ নামৰূপ, লাকোৱা, চন্দ্রপুৰ আৰু বঙাইগাঁৱত।
৩৫। পেট্র’কেমিকেল কমপ্লেক্স অসমৰ ক’ত ক'ত আছে?
উঃ নামৰূপ আৰু বঙাইগাঁৱত।
৩৬। কপাহী সূতাকটা কল অসমৰ ক'ত ক'ত আছে?
উঃ চাৰিদুৱাৰ (শােণিতপুৰ) আৰু চন্দ্ৰপুৰ (কামৰূপ)ত।
৩৭। অসমৰ ক'ত ক'ত কঁহ-পিতলৰ বাচন বর্জন তৈয়াৰ কৰা কাৰখানা আছে?
উঃ সৰ্থেবাৰী, হাজো আৰু তিতাবৰত।
৩৮। অসমৰ কত কত এলুমিনিয়ামৰ বাচন বর্তন তৈয়াৰ কৰা কাৰখানা আছে?
উঃ বঙ্গাইগাঁও, আমিনগাঁও, মৰাণ আৰু আমগুৰিত।
৩৯। ৰেল ইঞ্জিন মেৰামতি কৰা কাৰখানা অসমৰ ক'ত আছে?
উঃ বঙাইগাঁৱত।
৪০। অসমৰ ক'ত এড়ীসূতা উৎপাদন কৰা হয়?
উঃ পলাশবাৰীত।
৪১। অসমৰ ক’ত মুগা আৰু পাটৰ কাপােৰ উৎপাদন কৰা হয়?
উঃ শুৱালকুছিত।
৪২। অসমৰ ক'ত চাহৰ নীলাম কেন্দ্র আছে?
উঃ গুৱাহাটীত (ইং ১৯৭০ চনৰ ২৫ ছেপ্টেম্বৰত নীলাম কেন্দ্র স্থাপন কৰে)।
৪৩। অসমৰ ক’ত মানসিক ৰােগৰ চিকিৎসালয় আছে?
উঃ তেজপুৰত।
৪৪। অসমৰ ক'ত চাহ পৰীক্ষা কেন্দ্র আছে?
উঃ যােৰহাট জিলাৰ চিনামৰাত।
৪৫। অসমৰ ক'ত আঞ্চলিক গৱেষণা কেন্দ্র আছে?
উঃ যােৰহাটত।
৪৬। অসমৰ ক'ত বন গৱেষণা কেন্দ্র আছে?
উঃ যােৰহাটত।
৪৭। অসমৰ ক'ত জাপি তৈয়াৰ কৰা হয়?
উঃ নলবাৰী জিলাৰ মুৰিকণাত।
৪৮। অসমৰ ক’ত হাতীদাতৰ বস্তু তৈয়াৰ কৰা হয়?
উঃ বৰপেটাত।
৪৯। অমৰ ক'ত উচ্চ ন্যায়ালয় আছে?
উঃ গুৱাহাটীত।
৫০। অসমৰ ক'ত যাদুঘৰ (মিউজিয়াম) বা সংগ্রহালয় আছে?
উঃ গুৱাহাটীত।
৫১। অসমৰ ক'ত টাই যাদুঘৰ আছে?
উঃ শিৱসাগৰত।
৫২। অসমৰ ক'ত চিৰিয়াখানা আছে?
উঃ গুৱাহাটীৰ জাপৰিগােগ পাহাৰত।
৫৩। অসমৰ ক'ত বনস্পতি কাৰখানা আছে?
উঃ আমিনগাঁও (কামৰূপ)ত।
৫৪। অসমৰ কত লাে-তীখাৰ কাৰখানা আছে?
উঃ তিনিচুকীয়া আৰু গুৱাহাটীত।
৫৫। অসমৰ ক'ত কত চাহ উৎপাদন কেন্দ্র আছে?
উঃ ডিব্ৰুগড়, লক্ষীমপুৰ, দৰং, নগাঁও, কাছাৰ আৰু শিৱসাগৰত।
৫৬। অসমৰ কত কত অনাতাঁৰ কেন্দ্র আছে?
উঃ গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত।
৫৭। অসমৰ ক'ত দূৰদৰ্শনকেন্দ্র আছে?
উঃ গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত।
৫৮। অসমৰ ক'ত কর্কটৰােগ আৰু যক্ষ্মাৰৰাগৰ চিকিৎসালয় আছে?
উঃ গুৱাহাটীত।
৫৯। অসমৰ ক'ত ফৰেষ্ট স্কুল আছে?
উঃ জালুকবাৰী (গুৱাহাটী)ত।
৬০। অসমৰ ক'ত ফৰেষ্ট কলেজ আছে?
উঃ বর্ণিহাটত।
৬১। অসমৰ ক'ত গৰমপানীৰ উহ আছে?
উঃ গােলাঘাট জিলাৰ নামৰ হাবিত।
৬২। অসমৰ প্রাকৃতিক ভাগ কেইটা আৰু কি কি?
উঃ তিনিটা। ব্রহ্মপুত্র উপত্যকা, বৰাক উপত্যকা আৰু পার্বত্য অঞ্চল।
৬৩। অসমৰ ক'ত ক'ত পেট্রল বা খনিজ তেলৰ পুং আছে?
উঃ মাৰ্ঘেৰিটা, লিডু, ৰাংৰাং, নাগিনীমৰা আৰু জয়পুৰত।
৬৪। অসমৰ ক'ত ক'ত পেট্রল বা খনিজ তেলৰ পুং আছে?
উঃ ডিগবৈ, দুলিয়াজান, নাহৰকটীয়া, হুগ্রীজান, মৰাণ, লাকোৱা, গেলেকী, ৰুদ্ৰসাগৰ, বৰহােলা আৰু নামতিত।
৬৫। অসমৰ কোন জিলাত চূণশিলৰ খনি আছে?
উঃ কাৰ্বি আংলং জিলাত।
৬৬। অসম কিহৰ কাৰণে বিখ্যাত?
উঃ চাহপাত, খনিজ তেল আৰু কাজিৰঙাৰ দুর্লভ এটা খড়া থকা গঁড়ৰ বাবে বিখ্যাত।
৬৭। অসমৰ প্ৰধান ৰপ্তানি বস্তু কি কি?
উঃ চাহপাত, খনিজ তেল, কয়লা, চূণশিল, মৰাপাট, কাঠ, বাঁহ-বেত, সৰিয়হ, নানাবিধ মাহ আদি।
৬৮। অসমৰ ক'ত কত অভয়াৰণ্য আছে?
উঃ , পাভ (লক্ষীমপুৰ), সােণাইৰূপা (দৰং), ওৰাং, লাওখােৱা (নগাঁও) আৰু মানাহ (বৰপেটা)ত
৬৯। অসমৰ ক’ত প্রজেক্ট টাইগাৰ আঁচনি ৰূপায়িত কৰা হৈছে?
উঃ বৰপেটা জিলাৰ মানাহ অভয়াৰণ্যত।
৭০। অসমৰ ব্ৰহ্মপুত্র নদৰ ওপৰত কেইখন আৰু কি কি দলং হৈছে?
উঃ গুৱাহাটীৰ ওচৰৰ পাণ্ডু আৰু আমিনগাঁৱৰ মাজত (শৰাইঘাট দলং), তেজপুৰৰ ওচৰৰ ভােমােৰাগুৰি আৰু শিলঘাটৰ মাজত কলীয়াভামােৰা দলং), গােৱালপাৰাৰ ওচৰৰ পঞ্চৰত্ন আৰু যােগীঘােপাৰ মাজত (নৰনাৰায়ণ সেতু), ডিব্ৰুগড়ৰ ওচৰৰ বগীবিলত, নতুন শৰাইঘাট দলং, গুৱাহাটী।
৭১। অসমৰ ক'ত ক'ত বিমান ঘাটি আছে?
উঃ ৰূপচী (ধুবুৰী), বৰঝাৰ (গুৱাহাটী), শালনী। (তেজপুৰ), ৰৰৈয়া (যােৰহাট), মােহনবাৰী (ডিব্ৰুগড়), লীলাবাৰী (লক্ষীমপুৰ) আৰু কুম্ভীৰগ্রাম (শিলচৰ)ত।
৭২। অসমত থকা ৰেলপথটোৰ নাম কি?
উঃ উত্তৰ-পূর্ব সীমান্ত ৰেলপথ। ইয়াৰ সদৰ কার্যালয় মালিগাঁও (গুৱাহাটী)ত আছে।
৭৩। অসমৰ কত কত জলপ্রপাত আছে?
উঃ নগাঁও জিলাৰ ‘চাপানলা’ আৰু গােলাঘাট জিলাৰ ফটাশিল
৭৪। অসমৰ ক'ত বিশ্ব স্বাস্থ্যকেন্দ্র আছে?
উঃ চাবুৱাত।
৭৫। অসমৰ ক'ত চিনেমা ষ্টুডিঅ আছে?
উঃ জ্যোতি চিত্রবন (গুৱাহাটীত) কাহিলীপাৰাত।
৭৬। অসমৰ ক'ত মুগাপাম আছে?
উঃ ৰাইদঙিয়াত।
৭৭। অসমত থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি কি?
উঃ কাজিৰঙা, মানাস, নামেৰী, ওৰাং, ডিব্ৰু-চৈখোৱা, ৰাইমনা, দিহিং পাটকাই।
৭৮। অসমত মুঠ গাঁৱৰ সংখ্যা কিমান?
উঃ প্ৰায় ২৫,৫৯০ খন।
৭৯। অসমৰ লােকসভাৰ আসন কিমান?
উঃ ১৪ খন।
৮০। অসমৰ ৰাজ্যসভাৰ আসন কিমান?
উঃ ৭ খন।
৮১। অসমৰ ৰাজ্য বিধানসভাৰ আসন কিমান?
উঃ ১২৬ খন।
৮২। অসমৰ কোনখন নগৰ আটাইতকৈ জনবহুল ?
উঃ গুৱাহাটী।
৮৩। আয়তনৰ ফালৰপৰা অসমৰ কোনখন জিলা আটাইতকৈ ডাঙৰ?
উঃ কাৰ্বি আংলং।
৮৪। অসমৰ কোনখন জিলাৰ জনসংখ্যা আটাইতকৈ বেছি?
উঃ কামৰূপ জিলাৰ।
৮৫। দানৱ বংশৰ শ্রেষ্ঠ ৰজা দুজনৰ নাম কি কি?
উঃ নৰকাসুৰ আৰু ভগদত্ত।
৮৬। কোচৰজা নৰনাৰায়ণৰ সেনাপতিৰ নাম কি?
উঃ চিলাৰায়।
৮৭। বাণ ৰজাই ক'ত ৰাজত্ব কৰিছিল?
উঃ শােণিতপুৰত।
৮৮। বাণ ৰজাৰ জীয়েকৰ নাম কি?
উঃ উষা।
৮৯। ভীষ্মক ৰজাই ক'ত ৰাজত্ব কৰিছিল?
উঃ বিদর্ভ ৰাজ্যত। তেওঁৰ ৰাজধানী আছিল কুণ্ডিল নগৰী।
৯০। ঘটোৎকোচ কোন ৰাজ্যৰ অধিবাসী আছিল?
উঃ হিড়িম্বাপুৰ।
৯১। অসমৰ জলপথত কেতিয়াৰপৰা জাহাজ চলাচল আৰম্ভ হয়?
উঃ ইং ১৮৪৭ চনৰপৰা।
৯২। অসমত কেতিয়াৰপৰা ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়?
উঃ ইং ১৮৮২ চনৰ মে’ মাহৰ ১ তাৰিখৰপৰা।
৯৩। অসমত টেলিগ্রাফ সেৱা কেতিয়া প্ৰৱর্তন হয়?
উঃ ইং ১৮৬৬ চনৰপৰা।
৯৪। অমৃতপ্রভা কোন? তেওঁক কোনে বিয়া কৰাইছিল?
উঃ কামৰূপৰ ৰজা বলবৰ্মনৰ জীয়েক। তেওঁক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল।
৯৫। মােগল সম্রাট আওৰংজেৱৰ পুতেক আজমতই বিয়া কৰােৱা আহােম কুঁৱৰীগৰাকীৰ নাম কি?
উঃ ৰমণী গাভৰু। বিয়াৰ পিছত তেওঁ নাম লৈছিল ‘বেগম ৰহমৎ বাণু'।
৯৬। অসমৰ পঢ়াশালী আৰু আদালতত কেতিয়াৰপৰা অসমীয়া ভাষাৰ প্ৰৱৰ্তন হৈছিল?
উঃ ইং ১৮৭১ চনত। গৱৰ্ণৰ কেম্বেলৰ আমােলত।
৯৭। কোনে আৰু কেতিয়া অসমত চাহ গছৰ আৱিষ্কাৰ কৰে?
উঃ চি এ ব্ৰুচ চাহাবে ইং ১৮২৩ চনত।
৯৮। অসমত প্ৰথমটো তেল শােধনাগাৰ কেতিয়া আৰু ক'ত স্থাপন কৰা হয়?
উঃ ইং ১৯০১ চনত, ডিগবৈত।
৯৯। অসমত স্থাপিত প্রথম কলেজখনৰ নাম কি?
উঃ কটন কলেজ (ইং ১৯০১ চনত স্থাপিত)।
১০০। অসমৰ আটাইতকৈ ডাঙৰ ৰেল-জংচনটোৰ নাম কি?
উঃ লামডিং।
অসম কুইজ Assam GK in Assamese
১০১। অসম চৰকাৰৰ প্রতীক কি?
উঃ গড় ।
১০২। অসমৰ জাতীয় সঙ্গীত কি?
উঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘অ’
মােৰ আপােনাৰ দেশ'।
১০৩। অসমৰ প্রধান কৃষিজাত উৎপন্ন বস্তু কি কি?
উঃ ধান, চাহ, মাহ, সৰিয়হ, মৰাপাট, কপাহ, কুঁহিয়াৰ আদি।
১০৪। অসমৰ প্রধান-প্রধান বনজ সম্পদ কি কি?
উঃ শাল, চেগুন, নাহৰ, সােণাৰু, বনচোম, আজাৰ, শখ, বাঁহ-বেত, হাতী, গড়, হৰিণা আদি।
১০৫। অসমত কেইটা ৰাষ্ট্ৰীয় পথ আছে?
উঃ তিনিটা। ৩১ নং, ৩৭ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় পথ ।
১০৬। অসমৰ সহযােগী ৰাজ্যিক ভাষা দুটা কি কি?
উঃ বঙালী আৰু বড়াে।
১০৭। মুছলমানসকলে প্রথমে কেতিয়া অসম আক্ৰমণ কৰিছিল?
উঃ ইং ১২০৬ চনত।
১০৮। ছশ বছৰ অসমত ৰাজত্ব কৰা আহােমসকলৰ প্ৰথম আৰু শেষ ৰজা দুজনৰ নাম কি কি?
উঃ প্রথম চুকাফা আৰু শেষ- পুৰন্দৰ সিংহ।
১০৯। আহােমসকলে প্রথমে আৰু শেষত ৰাজধানী কত ক’ত পাতিছিল?
উঃ প্রথম—চৰাইদেউত আৰু শেষত-ৰংপুৰত।
১১০। অসম কেতিয়া আৰু কেনেকৈ ইংৰাজৰ হাতলৈ গৈছিল?
উঃ ১৮২৬ চনত, ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে।
১১১। শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ আমােলত হৈছিল?
উঃ ইং ১৬৭১ চনত। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত।
১১২। অসমৰ মাটি পােনপ্ৰথমে কোনে জৰীপ কৰাইছিল?
উঃ স্বৰ্গদেউ গদাধৰ সিংহই।
১১৩। কোচ ৰাজ্য কোনে প্রতিষ্ঠা কৰিছিল?
উঃ মহাৰাজ বিশ্ব সিংহই।
১১৪। কোন আহােম ৰজাক ইংৰাজে বন্দী কৰি নি কলিকতাৰ আলিপুৰ জেলত ৰাখিছিল?
উঃ পুৰন্দৰ সিংহক।
১১৫। কোনে প্রথমে প্রাগজ্যোতিষপুৰত ৰাজত্ব কৰিছিল?
উঃ দানৱ বংশৰ ৰজা মহীৰঙ্গ দানৱে।
১১৬। প্রথম অসমীয়া মুখ্যমন্ত্রী কোন?
উঃ গােপীনাথ বৰদলৈ।
১১৭। প্রথম অসমীয়া মহিলা মুখ্যমন্ত্রী কোন?
উঃ চৈয়দা আনােৱাৰা টাইমুৰ।
১১৮। প্রথম অসমীয়া আই এ এছ কোন?
উঃ অচ্যুত কুমাৰ শইকীয়া।
১১৯। প্রথম অসমীয়া মহিলা আই এ এছ কোন?
উঃ পাৰুল দাস।
১২০। প্রথম অসমীয়া মহিলা এ চি এছ কোন?
উঃ শুচিত্ৰতা ৰায় চৌধুৰী।
১২১। প্রথম অসমীয়া মহিলা পাইলট কোন?
উঃ ধীৰা হাজৰিকা (চলিহা)।
১২২। প্রথম অসমীয়া মহিলা ডাক্তৰ কোন?
উঃ ৰজনীপ্রভা শইকীয়া।
১২৩। বিলাতলৈ ডাক্তৰী পঢ়িবলৈ যােৱা প্ৰথম অসমীয়া মহিলা কোন?
উঃ নির্মলপ্রভা চলিহা।
১২৪। প্রথম অসমীয়া বুৰঞ্জী লিখক কোন?
উঃ হলিৰাম ফুকন।
১২৫। প্রথম অসমীয়া মহিলা লেখিকা কোন?
উঃ পদ্মাৱতী দেৱী ফুকননী।
১২৬। প্রথম অসমীয়া মহিলা ডক্টৰেট কোন?
উঃ ড° লক্ষ্মী দেৱী।
১২৭। কোন অসমীয়াই প্রথমে ভাৰতৰ কেন্দ্রীয় মন্ত্রী পৰিষদত স্থান লাভ কৰে ?
উঃ সুৰেন্দ্ৰনাথ বুঢ়াগােহাঁই।
১২৮। কোন অসমীয়াই প্রথমে ভাৰতৰ কেন্দ্রীয় মন্ত্রী সভাত কেবিনেট পর্যায়ৰ মন্ত্রীপদ লাভ কৰে?
উঃ ফকৰুদ্দিন আলী আহমেদ।
১২৯। কোন অসমীয়া মহিলাই প্রথমে ৰাষ্ট্ৰীয় সন্মান লাভ কৰে?
উঃ নলিনীবালা দেৱী (পদ্মশ্রী)।
১৩০। কোন অসমীয়াই প্রথমে অভিধান ৰচনা কৰে?
উঃ যদুৰাম ডেকাবৰুৱা।
১৩১। কোন অসমীয়াই প্রথমে দেশৰ কাৰণে ইংৰাজৰ বিচাৰত প্রাণ বিসর্জন দিছিল?
উঃ মণিৰাম দেৱান।
১৩২। মেডিকেল কলেজৰ প্রথম মহিলা অধ্যক্ষ কোন?
উঃ ডাঃ দীপালী দত্ত।
১৩৩। পৰাধীন অসমৰ শেষ আৰু স্বাধীন ভাৰতৰ অঙ্গৰাজ্য অসমৰ প্রথম গৱৰ্ণৰ কোন আছিল?
উঃ ছাৰ আকবৰ হায়দৰী।।
১৩৪। অসমৰ প্রথম গ্রেজুৱেট কোন?
উঃ আনন্দৰাম বৰুৱা।
১৩৫। অসমৰ প্রথম মহিলা গ্রেজুৱেট কোন?
উঃ সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।
১৩৬। উজনি অসমৰ প্রথম গ্রেজুৱেট কোন?
উঃ বি এ জগন্নাথ বৰুৱা।
১৩৭। কোন অসমীয়াই প্রথমে পি এইচ ডি লাভ কৰে?
উঃ ড° মইদুল ইছলাম ।
১৩৮। প্রথম অসমীয়া চিভিলিয়ান কোন?
উঃ আনন্দৰাম বৰুৱা।।
১৩৯। প্রথম অসমীয়া বিলাত যাত্রী কোন?
উঃ আনন্দৰাম ঢেকিয়াল ফুকন।
১৪০। প্রথম অসমীয়া চাহ খেতিয়ক কোন?
উঃ বি এ জগন্নাথ বৰুৱা।
১৪১। কোন কোন অসমীয়াই প্রথমে মেডিকেল ছাৰ্ভিচ প্ৰীক্ষা পাছ কৰে?
উঃ কর্ণেল জালনুৰ আলি আহমেদ আৰু কর্ণেল শিৱৰাম বৰা।
১৪২। কোন অসমীয়াই প্রথমে চিকিৎসাবিজ্ঞান অধ্যয়নৰ বাবে বিলাতলৈ গৈছিল?
উঃ ডাঃ আওৰ চাহ।
১৪৩। ব্রিটিছ আমােলত প্রথম অসমীয়া একজিকিউটিভ কোন আছিল?
উঃ আব্দুল মজিদ।
১৪৪। কোন অসমীয়াই প্রথমে বিলাতৰপৰা ইঞ্জিনিয়াৰিঙৰ উপাধি লাভ কৰে?
উঃ বালিনাৰায়ণ বৰা।
১৪৫। প্রথম অসমীয়া গদ্য লেখক কোন?
উঃ ভট্টদেৱ (বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য)।
১৪৬। প্রথম অসমীয়া উপাচার্য কোন?
উঃ কৃষ্ণকান্ত সন্দিকৈ।
১৪৭। প্রথম অসমীয়া ৰাজ্যপাল কোন?
উঃ বিষ্ণুৰাম মেধি।
১৪৮। প্রথম অসমীয়া ৰাষ্ট্রপতি কোন?
উঃ ফকৰুদ্দিন আলী আহমেদ।
১৪৯। কোন অসমীয়াই প্রথমে কথাছবি নির্মাণ কৰে?
উঃ জ্যোতিপ্ৰসাদ আগৰৱালা।
১৫০। কলেজ অধ্যক্ষ হােৱা প্ৰথম অসমীয়া মহিলা কোন?
উঃ ৰাজবালা দাস।
১৫১। অসমীয়া চুটিগল্পৰ জনক কোন?
উঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।
১৫২। ডাক টিকটত ছবি প্রকাশ হােৱা প্ৰথম অসমীয়া সাহিত্যিক কোন?
উঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ।
১৫৩। প্রথম অসমীয়া সাহিত্যিক পেঞ্চনাৰ কোন?
উঃ পদ্মনাথ গােহাঞি বৰুৱা।
১৫৪। অসমীয়া ভাষাত কোনে প্রথম চিকাৰ কাহিনী ৰচনা কৰে?
উঃ দেশভক্ত তৰুণৰাম ফুকনে।
১৫৫। অসমৰ শক্তিমার্গৰ প্ৰধান মন্দিৰ দুটা কি?
উঃ গুৱাহাটীৰ কামাখ্যা আৰু শদিয়াৰ কেঁচাইখাতী।
১৫৬। অসমৰ ডাঙৰ সত্ৰসমূহ কি কি?
উঃ পাটবাউসী, বৰপেটা, বহৰি, গড়মূৰ, কুৰুৱাবাহী, আউনীআটী, দক্ষিণপাট, বৰদোৱা, বেঙেনাআটী, চমৰীয়া, গােবিন্দপুৰ।
১৫৭। অসমৰ প্ৰধান তীর্থস্থানসমূহ কি কি?
উঃ কামাখ্যা, ভুৱনেশ্বৰী, উমানন্দ, নবগ্রহ, শুক্ৰেশ্বৰ, হয়গ্ৰীৱ-মাধৱ আৰু কেদাৰ (হাজো), পােৱামক্কা (মুছলমানসকলৰ), পৰশুৰাম কুণ্ড, বৰপেটা, পাটবাউসী, বৰদোৱা, বশিষ্ঠাশ্রম।
১৫৮। অসমৰ কেইখনমান ঐতিহ্যপূর্ণ নগৰ আৰু স্থান কি কি?
উঃ প্রাগজ্যোতিষপুৰ (বর্তমান বৃহত্তৰ গুৱাহাটী), ডিমাপুৰ, শিৱসাগৰ (গড়গাঁও), গৌৰীসাগৰ, শােণিতপুৰ (বর্তমান তেজপুৰ), খাছপুৰ, সূৰ্য্যপাহাৰ, বৰপেটা, বৰদোৱা, হাজো, শদিয়া, মধুপুৰ, কোচবিহাৰ (বর্তমান পশ্চিমবংগত), নুমলীগড়, পঞ্চৰত্ন, যােগীঘােপা, জোঙালবলহু, ছয়গাওঁ ইত্যাদি। প্রঃ বুৰঞ্জীৰ পাতত কেইগৰাকীমান অসমীয়া নাৰী? উঃ ভানুমতী (ৰজা ভগদত্তৰ জীয়েক, দুর্যোধনৰ পত্নী), অমৃতপ্রভা, (কামৰূপৰ ৰজা বলবৰ্মনৰ জীয়েক কাশ্মীৰৰ ৰজা মেঘবাহনৰ পত্নী), ঊষাদেৱী (বাণ ৰজাৰ জীয়েক —শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰায়), ৰমণী গাভৰু (জয়ধ্বজ সিংহৰ জীয়েক—(ঔৰংজেৱৰ পুতেক আজমতৰাই বিয়া কৰায়), মূলাগাভৰু, জয়মতী (গদাধৰ সিংহৰ ভার্যা), কনকলতা, ভােগেশ্বৰী ফুকননী (স্বাধীনতা সংগ্রাম বীৰাঙ্গনা)।
১৫৯। শংকৰদেৱে ল'ৰাকালতে লিখা প্রথম কবিতাটোৰ বৈশিষ্ট্য কি আছিল?
উঃ কবিতাটোত স্বৰবৰ্ণৰ ব্যৱহাৰ কৰা নাছিল। (কতল কমল কমল দল নয়ন ইত্যাদি)
১৬০। শংকৰদেৱৰ পত্নী, পুত্ৰ আৰু কন্যাৰ নাম কি? উঃ প্রথম পত্নী সূর্যৱতী, দ্বিতীয় পত্নী কালিন্দী। কন্যা মনু আৰু পুত্ৰ ৰামানন্দ
১৬১। শংকৰদেৱৰ মৃত্যু কেতিয়া হয়?
উঃ ১৫৬৮ চনত।
১৬২। অসমৰ পঢ়াশালি আৰু আদালতত কেতিয়াৰ পৰা অসমীয়া ভাষা প্রচলন হৈছিল?
উঃ ১৮৭১ চনত গভৰ্ণৰ কেম্বেল চাহাবৰ দিনৰ পৰা।
১৬৩। ১৮৭১ চনৰ আগতে অসমৰ পঢ়াশালি আৰু আদালতত কি ভাষা চলিছিল?
উঃ ১৮৩৬ চনৰ এপ্রিল মাহৰপৰা বঙালী ভাষা চলিছিল।
১৬৪। অসমত প্রথম ইংৰাজী শিক্ষাৰ স্কুল ক’ত আৰম্ভ হয়?
উঃ ১৮৩৫ চনত অসমৰ কমিছনাৰ কেপ্তেইন জেনকিন্স চাহাবে গুৱাহাটীৰ ৰাইজৰ পৰা ১৭৪০ টকা বৰঙণি তুলি গুৱাহাটীত (গৌহাটী চেমিনাৰ) কলেজিয়েট স্কুল। স্থাপন কৰে। ১৮৫৮ চনত কলিকতা বিশ্ববিদ্যালয়ে এন্ট্রেল পৰীক্ষা দিবলৈ স্কুলখনক স্বীকৃতি দিয়ে।
১৬৫। অসমত আইন মহাবিদ্যালয় কেতিয়া স্থাপন হয়?
উঃ ১৯১৪ চনত কমিছনাৰ আৰ্চভেল আর্লে অসমত (গুৱাহাটীত) আর্ল ল কলেজ স্থাপন কৰে। জ্ঞানদাভিৰাম বৰুৱা এই কলেজৰ প্রথম অধ্যক্ষ।
১৬৬। অসমত চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ কেতিয়া পাতনি মেলা হয়?
উঃ ডাঃ বেৰী হােৱাইট নামৰ সমাজসেৱী ডাক্তৰ এজনৰ অৰ্থৰ সাহায্যেৰে ১৮৯৯ চনত ডিব্ৰুগড়ত বেৰী হােৱাইট মেডিকেল স্কুল স্থাপন কৰা হয়।
১৬৭। নগাওঁ আৰু শিৱসাগৰত কেতিয়া প্রথম ইংৰাজী শিক্ষাৰ স্কুল স্থাপন হয়?
উঃ যথাক্রমে ১৮৪১ আৰু ১৮৬৫ চন।
১৬৮। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক’ত, কেতিয়া, কাৰ সভাপতিত্বত বহে?
উঃ ১৯১৭ চনৰ ২৬ ডিচেম্বৰ তাৰিখে শিৱসাগৰত পদ্মনাথ গােহাঞিবৰুৱাৰ সভাপতিত্বত বহে।
১৬৯। অসম সাহিত্য সভাৰ প্ৰধান সাধাৰণ সম্পাদক কোন আছিল, অভ্যর্থনা সমিতিৰ সভাপতি কোন আছিল?
উঃ শৰৎ চন্দ্র গােস্বামী। অভ্যর্থনা সমিতিৰ সভাপতি গুঞ্জনন বৰুৱা।
১৭০। অসম সাহিত্য সভাৰ বাবে বৰঙণি কোনে প্রথম আগবঢ়ায়?
উঃ গুৱাহাটীৰ ডাঃ হৰেকৃষ্ণ দাসে ১৯১৭ চনৰ ২৬ ডিচেম্বৰ তাৰিখে ১০ টকা বৰঙণি আগবঢ়ায়। এয়া সভাৰ প্রথম পুঁজি।
১৭১। অসম সাহিত্য সভা চৰকাৰীভাৱে কেতিয়া পঞ্জীয়ন কৰা হয়?
উঃ ১৯২৪ চনৰ ১৭ মার্চত।
১৭২। বিহুত মহিলাৰ চুলিৰ খােপাক কি বিশেষ নামেৰে নামকৰণ কৰে?
উঃ নেঘেৰি খােপা।
১৭৩। মিচিং বিহুগীতৰ জনপ্রিয় নাম কি?
উঃ উই নিট্রাম’ বা ‘ঔনিতাম’ আৰু তামিলনাড়ুত ‘পােঙ্গাল’, কেৰালাত ওনাম, পাঞ্জাৱত বৈশাখী।
১৭৪। কোন বিদেশী মহিলাই অসমীয়া বিহু নৃত্যক কিছু উন্নত মানৰ কৰি নতুনকৈ গঢ় দি বিশ্ব মঞ্চত তুলি ধৰিবলৈ চেষ্টা কৰিছিল?
উঃ জার্মানী মহিলা এৰিকা নন্দী।
১৭৫। সাঁচিপাতত লিখা আহােম বুৰঞ্জীমতে কোনে প্রথমতে বিহুৰ উদ্ভাৱন কৰিছিল?
উঃ কেঁচাইখাতী বা কলিমতি।
১৭৬। অসমৰ কোনটো ৰেলষ্টেচন ‘ডিল ছে' কথাছবিখনৰ আৰম্ভণি?
উঃ হাফলং।
১৭৭। কোনখন অসমীয়া চিনেমাত প্রথম বিহুগীত সংযােজন কৰা হয়?
উঃ স্মৃতিৰ পৰশ।
১৭৮। অসমৰ প্ৰধান সাংস্কৃতিক অনুষ্ঠান কি কি?
উঃ ভাওনা, থিয়েটাৰ, যাত্রা, ওজাপালি, ভাৱৰীয়া, ঢুলীয়া, গায়ন-বায়ন, পুতলা নাচ, বিহুনাচ ইত্যাদি।
১৭৯। অসমৰ প্রধান বাদ্যযন্ত্র কি কি?
উঃ তাল, ভােৰতাল, খােল, দোতােৰা, নাগাৰা, খঞ্জী, ঢােল, টকা, পেঁপা, গগনা, চিফুং বাঁহী, বীণ বা বেলা, শিঙা, বালিছানাই ইত্যাদি।
১৮০। ৰিহা-মেখেলা-চাদৰ অসমীয়া যুৱতী মহিলাৰ বৈশিষ্ট্যপূর্ণ সাজপাৰ। ৰিহা- মেখেলা কিন্তু অসমীয়াৰ প্ৰাচীন বস্ত্র নহয়। এই সাজ-পাৰ প্ৰথমতে কোন দেশৰ পৰা গ্ৰহণ কৰা হৈছিল?
উঃ তিব্বত-বর্মী গােষ্ঠীৰ তিৰােতাসকলৰ পৰা।
১৮১। বিবি গাছেং অসমৰ কোন জনজাতীয় সম্প্রদায়ৰ সাজপাৰ?
উঃ মিচিং জনগােষ্ঠী।
১৮২। 'বাকু’ ভাৰতৰ এখন ৰাজ্যৰ মহিলাসকলে পৰিধান কৰা বস্ত্র।কোন ৰাজ্য?
উঃ ছিকিম।
১৮৩। উত্তৰ পূব সীমান্ত ৰেলৱে সংমণ্ডল কেতিয়া মুকলি কৰা হয়?
উঃ ১৯৫৮ চনৰ ১৫ জানুৱাৰীত। সদৰ মালিগাঁও।
১৮৪। অসম ৰেলৱেজ এণ্ড ট্রেডিং কোম্পানী কেতিয়া গঠন হয়?
উঃ ১৮৩১ চনৰ ৩০ জুলাইত।
১৮৫। অসমৰ আটাইতকৈ ওখ পাহাৰ কি?
উঃ বৰাইল পাহাৰ। ইয়াৰ এটা শৃংগ সাগৰ পৃষ্ঠৰপৰা প্রায় ৫০০০ ফুট ওখ।
১৮৬। লামডিং-বদৰপুৰ শাখাত ৰেল লাইনত কিমানটা সুৰংগ আছে। আটাইতকৈ দীঘল সুৰংগটোৰ দৈর্ঘ্য কিমান?
উঃ ৩৭ টা। আটাইতকৈ দীঘল সুৰংগটো ১৯২২১/২ ফুট।
১৮৭। অসমক প্রকৃতিয়ে কেইভাগত বিভক্ত কৰিছে আৰু নাম কি কি?
উঃ তিনি ভাগত। নাম-(১) ব্রহ্মপুত্র উপত্যকা, (২) বৰাক উপত্যকা আৰু (৩) পার্বত্য অঞ্চল
১৮৮। অসমৰ আটাইতকৈ ওখত থকা ৰেলষ্টেচনটো কি?
উঃ জাতিংগা। সাগৰ পৃষ্ঠৰ পৰা ২১৫৬.৬৫ ফুট ওখত।
১৮৯। অসমৰ ৰাজধানী শ্বিলঙত কেতিয়া পাতে?
উঃ ১৮৬৪ চনত। ।
১৯০। অসমত কেতিয়া টেলিগ্রাফ প্ৰৱর্তন হয়?
উঃ ১৮৬৬ চনত।
১৯১। মণিপুৰ ভাৰতৰ লগত কেতিয়া চামিল হয়?
উঃ ১৯৪৯ চনৰ ১৫ অক্টোবৰত।
১৯২। অসমৰ প্রথম ব্যৱসায়িক ভিত্তিত চাহ খেতি কৰা খেতিয়ক কোন?
উঃ মণিৰাম দেৱান। তেওঁৰ দুখন চাহ বাগিচা আছিল।
১৯৩। গুৱাহাটী চাহ নিলাম কেন্দ্র কেতিয়া স্থাপন হয়?
উঃ চেপ্তেম্বৰ, ১৯৭০। চি টি চি চাহৰ বৰ্তমান এইখন বিশ্বৰ বৃহত্তম নিলাম বজাৰ।
১৯৪। ১৯৭০ চনৰ আগতে অসমৰ চাহ ক’ত বিক্ৰী হৈছিল?
উঃ ১৮৩৯ চনৰ পৰা ১৮৬১ চনলৈ লণ্ডনত। ১৮৬১ চনৰ পৰা ১৯৭০ চনলৈ কলিকতাত। ১৮৩৯ চনৰ ১০ জানুৱাৰীত প্রথম অসমৰ চাহ লণ্ডনত বিক্রী হয়।
১৯৫। অসমত তথা ভাৰতত প্রথম বিদেশীয়ে স্থাপন কৰা ডাঙৰ চাহ বাগিচা কোনখন?
উঃ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৮৩৭ চনত স্থাপন কৰা চাবুৱা চাহ বাগিচা।
১৯৬। বর্তমান ভাৰতৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন?
উঃ যােৰহাট জিলাৰ কাকজান টি ইষ্টেট। ১৩৭৩ হেক্টৰ মাটিত চাহ খেতি কৰা হয়।
১৯৭। অসমত চাহ উৎপাদন কেন্দ্র ক’ত ক'ত আছে? উঃ অসমৰ প্ৰায় সকলাে জিলাতেই চাহ উৎপাদন হয় যদিও ডিব্ৰুগড়, যােৰহাট, শােণিতপুৰ, শিৱসাগৰ, লক্ষীমপুৰ আৰু কাছাৰ জিলাত অধিক চাহ উৎপাদন হয়।
১৯৮। ইং ১৯৯১ চনৰ পিয়লমতে জৈনধর্মৰ লােকৰ সংখ্যা কিমান?
উঃ ১২,৯১৪ জন।
১৯৯। ইং ১৯৯১ চনৰ পিয়লমতে অসমত অনুসূচিত জাতিৰ লােকৰ সংখ্যা কিমান?
উঃ ১৭,০৬,৪৮ জন।
২০০। ইং ১৯৯১ চনৰ পিয়লমতে অসমৰ অনুসূচিত জনজাতিৰ লােকৰ সংখ্যা কিমান?
উঃ ২৮,৭৪,৪৪১ জন।
অসম কুইজ Assam GK in Assamese
২০১। ইং ১৯৯১ চনৰ পিয়লমতে অসমত পুৰুষ আৰু মহিলাৰ সংখ্যা কিমান?
উঃ পুৰষ-১,১৬,৫৭, ৯৮৯ জন আৰু মহিলা ১,০৭,৫৬,৩৩৩ জনী।
২০২। ব্রহ্মপুত্ৰৰ ওপৰত প্রথম দলং শৰাইঘাট কেতিয়া মুকলি কৰা হৈছিল?
উঃ ইং ১৯৬২ চনত।
২০৩। পৰৱৰ্তী কালত কোনে কোনে ‘অৰুণােদই 'ৰ সম্পাদকৰ দায়িত্ব বহন কৰিছিল?
উঃ ডাঃ নাথান ব্রাউন, এপলটোন হাও ডেনফোর্থ, ৰেৰেণ্ড চেমুৱেল, এম হােৱাইটিং, ডাঃ মাইলচ ব্রনচন, মিচেচ চুচান, মিচেচ ৱার্ড, ৰেৰেণ্ড ই ক্লার্ক আৰু ৰেৰেণ্ড এ. কে. গাণী।
২০৪। আহােমসকলৰ শেষ ৰজা কোন?
উঃ চন্দ্রকান্ত সিংহ।
২০৫। কামাখ্যাদেৱীৰ মঠ-মন্দিৰ আৰু খটখটী কোনে নির্মাণ কৰাইছিল?
উঃ নৰকাসুৰে।
২০৬। কাৰেং ঘৰ আৰু তলাতল ঘৰ কোন আহােম স্বৰ্গদেউৱে নির্মাণ কৰাইছিল?
উঃ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ।
২০৭। ৰংঘৰ কোন আহােম স্বৰ্গদেউৱে নিৰ্মাণ কৰাইছিল?
উঃ স্বৰ্গদেউ প্রমত্ত সিংহ।
২০৮। অসমীয়া ভাষাৰ বাবে শ্বহীদ হােৱা ব্যক্তিসকল কোন কোন?
উঃ ৰঞ্জিত বৰপূজাৰী, সূৰ্য বৰা, অনিল বৰা, মােজাম্মিল হক আৰু নবেন মহন্ত।
২০৯। জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া সাহিত্যিক গৰাকীৰ নাম কি?
উঃ ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য।
২১০। “দাদা চাহেব ফালকে" বটা বিজয়ী অসমীয়া কোন?
উঃ ড° ভূপেন হাজৰিকা ।
২১১। কোন অসমীয়াক ‘কলাগুৰু’ বােলা হয়?
উঃ বিষ্ণুপ্ৰসাদ ৰাভাক ।
২১২। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
উঃ খ্রীষ্টিয় নৱম-দশম শতিকাত।
২১৩। জোনাকী কাকতখন প্রথমে কেতিয়া আৰু ক'ৰপৰা প্ৰকাশ হৈছিল?
উঃ ইং ১৮৮৯ চনৰ ১৩ জানুৱাৰীত কলিকতাৰপৰা।
২১৪। “জোনাকী"ৰ প্রথম সম্পাদক কোন আছিল?
উঃ চন্দ্ৰকুমাৰ আগৰৱালা।
২১৫। বাঁহীৰ প্রথম সম্পাদক কোন আছিল?
উঃ লক্ষ্মীনাথ বেজবৰুৱা।
২১৬। আৱাহন’ৰ প্রথম সম্পাদক কোন আছিল?
উঃ দীননাথ শর্মা।
২১৭। ৰামধেনুৰ প্রথম সম্পাদক কোন আছিল?
উঃ ইন্দ্ৰকমল বেজবৰুৱা।
২১৮। প্রথম অসমীয়া দৈনিক কাকতখনৰ নাম কি?
উঃ নীলমণি ফুকন সম্পাদিত দৈনিক বাতৰি।
২১৯। অসমীয়া ভাষাত প্রকাশিত প্রথম তিনদিনীয়া বাতৰি কাকতখনৰ নাম কি?
উঃ চন্দ্ৰকুমাৰ আগৰৱালা সম্পাদিত অসমীয়া।
২২০। অসমীয়া ভাষাত প্রথম প্রকাশিত সাদিনীয়া বাতৰি কাকতখনৰ নাম কি?
উঃ চিদানন্দ দাস সম্পাদিত ‘আসাম মিহিৰ'।
২২১। অসমীয়া ভাষাত প্রথম প্রকাশিত মহিলা আলােচনীখনৰ নাম কি?
উঃ কনকলতা চলিহা আৰু কমলালয়া কাকতি সম্পাদিত ‘ঘৰ জেউতি।
২২২। অসমীয়া ভাষাত প্রথম প্রকাশিত শিশু আলােচনীখনৰ নাম কি?
উঃ কৰুণাভিৰাম বৰুৱা সম্পাদিত ‘ল’ৰা বন্ধু'।
২২৩। অসমীয়া ভাষাত প্রথম প্রকাশিত ডাইজেষ্ট আলােচনীখনৰ নাম কি?
উঃ তফজ্জুল আলী সম্পাদিত 'সঙ্গম'।
২২৪। অসমীয়া ভাষাত প্রথম প্রকাশিত পষেকীয়া আলােচনীখনৰ নাম কি?
উঃ সিংহদত্ত গােস্বামী আৰু পদ্মধৰ চলিহা সম্পাদিত—“অর্ঘ্য"।
২২৫। অসমীয়া ভাষাত প্রকাশিত প্রথম সাপ্তাহিক আলােচনীখনৰ নাম কি?
উঃ ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য সম্পাদিত—নৱযুগ।
২২৬। মানসকল ক'ৰপৰা আহিছিল?
উঃ ব্রহ্মদেশৰ পৰা।
২২৭। অসমীয়া ভাষা-সাহিত্যৰ জনক কোন?
উঃ শ্ৰীমন্ত শঙ্কৰদেৱ।
২২৮। শঙ্কৰদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?
উঃ নগাঁও জিলাৰ বৰদোৱাত, ইং ১৪৪৯ চনত।
২২৯। শঙ্কৰদেৱৰ মাক আৰু দেউতাকৰ নাম কি কি?
উঃ মাকৰ নাম সত্যসন্ধ্যা আৰু দেউতাকৰ নাম কুসুম্বৰ ভূঞা।
২৩০। শঙ্কৰদেৱৰ পত্নী, পুত্ৰ আৰু জীয়েকৰ নাম কি কি?
উঃ প্রথমা পত্নী— সূর্যৱতী, দ্বিতীয়া পত্নী– কালিন্দী, পুতেকৰ নাম— ৰামানন্দ আৰু জীয়েকৰ নাম—মনু।
২৩১। শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি?
উঃ একশৰণ ভাগৱতী বৈষ্ণৱ ধর্ম।
২৩২। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাস কি?
উঃ পদ্মনাথ গােহাঞি বৰুৱাৰ ভানুমতী।
২৩৩। অসমীয়া ভাষাত প্রকাশিত (পুথিৰ আকাৰত ছপা হােৱা) প্রথম উপন্যাস কি?
উঃ পদ্মনাথ গােহাঞি বৰুৱাৰ লাহৰী (১৮৯২)।
২৩৪। জনজাতীয় জীৱনৰ ওপৰত ৰচিত প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?
উঃ ৰজনীকান্ত বৰদলৈৰ মিৰি জীয়ৰী।
২৩৫। প্রথম অসমীয়া চৰিত পুথিৰ লেখক কোন?
উঃ দৈত্যাৰি ঠাকুৰ।
২৩৬। শঙ্কৰদেৱৰ জীৱনৰ ওপৰত ৰচিত প্রথম অসমীয়া উপন্যাসখনৰ নাম কি?
উঃ চৈয়দ আব্দুল মালিক ৰচিত ‘ধন্য নতনু ভাল।
২৩৭। অসমীয়া ভাষাত প্ৰচাৰ হােৱা প্ৰথম অনার্তাৰ নাটখনৰ নাম কি?
উঃ কলিকতা অনাৰ্তাৰ কেন্দ্ৰৰপৰা প্ৰচাৰ হােৱা প্রফুল্ল চন্দ্ৰ বৰুৱা ৰচিত বীণ বৈৰাগী।
২৩৮। অসমীয়া ভাষাৰ প্রথম ৰেকৰ্ড নাটিকাখনিৰ নাম কি?
উঃ মিত্ৰদেৱ মহন্ত ৰচিত ৰুক্মিণী হৰণ।
২৩৯। কথাছবি নির্মাণ হােৱা প্ৰথম অসমীয়া নাটকখনৰ নাম কি?
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ 'জয়মতী কুঁৱৰী'।
২৪০। কথাছবি নির্মাণ হােৱা প্ৰথম অসমীয়া চুটিগল্পৰ নাম কি?
উঃ কমলেশ্বৰ চলিহা ৰচিত ৰূপহী।
২৪১। প্রথম অসমীয়া ৰহস্য কাহিনীৰ লেখক কোন?
উঃ কুমুদেশ্বৰ বৰঠাকুৰ।
২৪২। কোন আহােম ৰজাই প্রথমে হিন্দু ধর্ম গ্রহণ কৰিছিল?
উঃ স্বৰ্গদেউ প্রতাপ সিংহ।
২৪৩। শৰাইঘাটৰ যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?
উঃ ইং ১৬৭১ চনত। আহােম আৰু মােগলৰ মাজত।
২৪৪। শৰাইঘাটৰ যুদ্ধত আহােম আৰু মােগল পক্ষৰ প্রধান সেনাপতি কোন আছিল?
উঃ আহােম পক্ষৰ—লাচিত বৰফুকন আৰু মােগল পক্ষৰ ৰজা ৰামসিংহ।
২৪৫। উচ্চ ন্যায়ালয়ৰ প্রথম মহিলা ন্যায়াধীশ কোন?
উঃ মীৰা শর্মা।
২৪৬। অসমীয়া ভাষাত প্রকাশিত প্রথম বাতৰি কাকতখনৰ নাম কি?
উঃ অৰুণােদয় (অৰুণােদই)।
২৪৭। অৰুণােদয় কাকতৰ প্রথম সম্পাদক কোন?
উঃ অলিভাৰ টি, কট্টৰ (আমেৰিকাৰ ব্যাপ্টিষ্ট মিছনাৰী)।
২৪৮। অসমীয়া ভাষাত প্রকাশিত প্রথম আলােচনীখনৰ নাম কি?
উঃ ইং ১৮৪৬ চনত প্রকাশিত ‘অৰুণােদই।
২৪৯। অসমীয়া ভাষাৰ প্রথম ব্যাকৰণ লেখক কোন?
উঃ উইলিয়াম ৰবিনচ।
২৫০। অসমীয়া ভাষাৰ প্রথম অভিধান ৰচক কোন?
উঃ মাইল ব্রনচন।
২৫১। অসমত প্রথমে কোনে আৰু কেতিয়া ছপাশাল স্থাপন কৰে?
উঃ ইং ১৮৪০ চনত আমেৰিকান মিছনাৰীসকলে শিৱসাগৰত স্থাপন কৰে।
২৫২। অৰুণােদই যুগৰ খ্ৰীষ্টিয়ান লেখকসকলৰ নাম কি কি?
উঃ ডাঃ নাথান ব্রাউন, ডাঃ মাইল ব্রনচন, এ. কে. গাণি, নিধিৰাম ফাৰৱেল, মিচেচ ৰাষ্ট্র, মিচেচ কট্টৰ আৰু মিচেচ গার্ণি।
২৫৩। অসমীয়া ভাষাত সর্বপ্রথমে ছপা হােৱা বুৰঞ্জীখনৰ নাম কি?
উঃ ৰাধানাথ বৰুৱা আৰু কাশীৰাম তামুলী ফুকন ৰচিত- অসম বুৰঞ্জী |
২৫৪। ভগদত্ত কোন?
উঃ মহাভাৰত প্রসিদ্ধ কামৰূপৰ ৰজা নৰকাসুৰৰ পুতেক।
২৫৫। ভানুমতী কোন?
উঃ কামৰূপৰ ৰজা ভগদত্তৰ জীয়েক আৰু জ্যেষ্ঠ কৌৰৱ দুর্যোধনৰ পত্নী।
২৫৬। আহােমসকলৰ ৰ্বশ্রেষ্ঠ ৰজা কোন?
উঃ স্বৰ্গদেউ ৰুদ্ৰ সিংহ।
২৫৭। আহােম ৰাজত্বৰ পতনৰ কাৰণ কি?
উঃ গৃহকন্দ।
২৫৮। সতী জয়মতী কোন আছিল?
উঃ গদাপানি বা গদাধৰ সিংহৰ ভার্যা।
২৫৯। কোন ৰজাৰ শাসনকালত আৰু ক'ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰে?
উঃ ল’ৰাৰজা চুলিকাৰ শাসনকালত, জেৰেঙা পথাৰত।
২৬০। কাৰ শাসনকালত বদন বৰফুকনে অসমলৈ মান আনিছিল?
উঃ স্বৰ্গদেউ চন্দ্রকান্ত সিংহৰ দিনত।
২৬১। আহােমসকল ক'ৰপৰা আহিছিল?
উঃ থাইলেণ্ড বা শ্যাম দেশৰপৰা।
২৬২। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?
উঃ খ্রীষ্টিয় নবম দশম শতিকাত।
২৬৩। জোনাকী কাকতখন প্রথমে কেতিয়া আৰু ক'ৰপৰা প্ৰকাশ হৈছিল?
উঃ ইং ১৮৮৯ চনৰ ১৩ জানুৱাৰীত কলিকতাৰপৰা।
২৬৪। জোনাকী যুগৰ ‘ত্রি মূর্তি’ কোন কোন?
উঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গােস্বামী।
২৬৫। জোনাকীৰ প্রথম সম্পাদক কোন আছিল?
উঃ চন্দ্ৰকুমাৰ আগৰৱালা।
২৬৬। বাঁহীৰ প্রথম সম্পাদক কোন আছিল?
উঃ লক্ষ্মীনাথ বেজবৰুৱা।
২৬৭। আৱাহন’ৰ প্রথম সম্পাদক কোন আছিল?
উঃ দীননাথ শর্মা।
২৬৮। ৰামধেনুৰ প্রথম সম্পাদক কোন আছিল?
উঃ ইন্দ্ৰকমল বেজবৰুৱা।
২৬৯। প্রথম অসমীয়া দৈনিক কাকতখনৰ নাম কি?
উঃ নীলমণি ফুকন সম্পাদিত দৈনিক বাতৰি।
২৭০। অসমীয়া ভাষাত প্রকাশিত প্রথম তিনদিনীয়া বাতৰি কাকতখনৰ নাম কি?
উঃ চন্দ্ৰকুমাৰ আগৰৱালা সম্পাদিত ‘অসমীয়া”।
২৭১। অসমীয়া ভাষাত প্রথম প্রকাশিত সাদিনীয়া বাতৰি কাকতখনৰ নাম কি?
উঃ চিদানন্দ দাস সম্পাদিত ‘আসাম মিহিৰ'।
২৭২। অসমীয়া ভাষাত প্রথম প্রকাশিত মহিলা আলােচনীখনৰ নাম কি?
উঃ কনকলতা চলিহা আৰু কমলালয়া কাকতি সম্পাদিত ‘ঘৰ জেউতি।
২৭৩। অসমীয়া ভাষাত প্রথম প্রকাশিত শিশু আলােচনীখনৰ নাম কি?
উঃ কৰুণাভিৰাম বৰুৱা সম্পাদিত ‘ল’ৰা বন্ধু।
২৭৪। অসমীয়া ভাষাত প্রথম প্রকাশিত ডাইজেষ্ট আলােচনীখনৰ নাম কি?
উঃ তফজ্জুল আলী সম্পাদিত ‘সঙ্গম।
২৭৫। অসমীয়া ভাষাত প্রথম প্রকাশিত পষেকীয়া আলােচনীখনৰ নাম কি?
উঃ সিংহদত্ত গােস্বামী আৰু পদ্মধৰ চলিহা সম্পাদিত-‘অর্ঘ্য।
২৭৬। অসমীয়া ভাষাত প্রকাশিত প্রথম সাপ্তাহিক আলােচনীখনৰ নাম কি?
উঃ ড° বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য সম্পাদিত—নৱযুগ।
২৭৭। গােৱালপাৰা জিলাৰ কোনে কোনে অসম সাহিত্য সভাৰ সভাপতি হােৱাৰ গৌৰৱ অৰ্জন কৰিছে?
উঃ নগেন্দ্রনাৰায়ণ চৌধুৰী আৰু সীতানাথ ব্ৰহ্মচৌধুৰীয়ে।
২৭৮। মানসকল ক’ৰপৰা আহিছিল?
উঃ ব্রহ্মদেশৰ পৰা।
২৭৯। অসমীয়া ভাষা-সাহিত্যৰ জনক কোন?
উঃ শ্ৰীমন্ত শঙ্কৰদেৱ।
২৮০। শঙ্কৰদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?
উঃ নগাঁও জিলাৰ বৰদোৱাত, ইং ১৪৪৯ চনত।
২৮১। শঙ্কৰদেৱৰ মাক আৰু দেউতাকৰ নাম কি কি?
উঃ মাকৰ নাম সত্যসন্ধ্যা আৰু দেউতাকৰ নাম কুসুম্বৰ ভূঞা।
২৮২। শঙ্কৰদেৱৰ পত্নী, পুত্ৰ আৰু জীয়েকৰ নাম কি কি?
উঃ প্রথমা পত্নী— সূর্যৱতী, দ্বিতীয়া পত্নী– কালিন্দী, পুতেকৰ নাম- ৰামানন্দ আৰু জীয়েকৰ নাম—মনু।
২৮৩। শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি?
উঃ একশৰণ ভাগৱতী বৈষ্ণৱ ধর্ম।
২৮৪। অসমীয়া নাট্য-সাহিত্যৰ জনক কোন? তেওঁৰ প্রথম নাটকখনৰ নাম কি?
উঃ শ্ৰীমন্ত শঙ্কৰদেৱ। তেওঁৰ প্রথম নাটখনৰ নাম আছিল—“চিহ্ন যাত্রা।”
২৮৫। অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্রধান গ্রন্থ কেইখন আৰু কি কি?
উঃ চাৰিখন। কীৰ্ত্তন, দশম, নামঘােষা আৰু ভক্তিৰত্নাৱলী।
২৮৬। শঙ্কৰদেৱৰ আগৰ অসমীয়া কবিসকলৰ নাম কি কি?
উঃ হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী।
২৮৭। মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্রন্থখনৰ নাম কি?
উঃ সপ্তকাণ্ড ৰামায়ণ।
২৮৮। শঙ্কৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?
উঃ ২৪০ টা।
২৮৯। অসমীয়া জিকিৰৰ ৰচক কোন?
উঃ হজৰত শ্বাহ মিলন বা আজান পীৰ বা আজান ফকিৰ ।
২৯০। অসম সাহিত্য সভাৰ প্রথম অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?
উঃ শিৱসাগৰত।
২৯১। অসম সাহিত্য সভাৰ প্রথম অধিৱেশন কেতিয়া আৰু কাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল?
উঃ ইং ১৯১৭ চনত, পদ্মনাথ গােহাঞি বৰুৱাৰ সভাপতিত্বত।
২৯২। আমেৰিকান ব্যাপ্টিষ্ট মিছন প্রথমে কেতিয়া অসমলৈ আহে?
উঃ ইং ১৮৩৬ চনত।
২৯৩। অসমত কেতিয়াৰপৰা কেতিয়ালৈ পঢ়াশালী, অফিচ-আদালতত বঙালী ভাষা চলে?
উঃ ইং ১৮৩৬ চনৰপৰা ইং ১৮৭৩ চনলৈ।
২৯৪। অসমীয়া নাট্য-সাহিত্যৰ জনক কোন? তেওঁৰ প্রথম নাটকখনৰ নাম কি?
উঃ শ্ৰীমন্ত শঙ্কৰদেৱ। তেওঁৰ প্রথম নাটখনৰ নাম আছিল—“চিহ্ন যাত্রা।”
২৯৫। অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্রধান গ্রন্থ কেইখন আৰু কি কি?
উঃ চাৰিখন। কীৰ্ত্তন, দশম, নামঘােষা আৰু ভক্তিৰত্নাৱলী।
২৯৬। শঙ্কৰদেৱৰ আগৰ অসমীয়া কবিসকলৰ নাম কি কি?
উঃ হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী।
২৯৭। মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্রন্থখনৰ নাম কি?
উঃ সপ্তকাণ্ড ৰামায়ণ।
২৯৮। শঙ্কৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?
উঃ ২৪০ টা।
২৯৯। অসমীয়া জিকিৰৰ ৰচক কোন?
উঃ হজৰত শ্বহ মিলন বা আজান পীৰ বা আজান ফকিৰ ।
৩০০। অসম সাহিত্য সভাৰ প্রথম অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?
উঃ শিৱসাগৰত।
৩০১। অসম সাহিত্য সভাৰ প্রথম অধিৱেশন কেতিয়া আৰু কাৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল?
উঃ ইং ১৯১৭ চনত, পদ্মনাথ গােহাঞি বৰুৱাৰ সভাপতিত্বত।
৩০২। আমেৰিকান ব্যাপ্টিষ্ট মিছন প্রথমে কেতিয়া অসমলৈ আহে?
উঃ ইং ১৮৩৬ চনত।
৩০৩। অসমৰ প্রথম (পুৰুষ) ডক্টৰেট/পি এইচ ডি লাভ কৰোঁতা কোন?
উ: ময়িদুল ইছলাম বৰা
৩০৪। অসমৰ প্রথম মহিলা ডক্টৰেট/পি এইচ ডি লাভ কৰোঁতা কোন?
উ: ডাঃ কমলা ৰায়, তিলােত্তমা গগৈ
৩০৫। কোন অসমীয়া 'লােকপ্রিয়’ নামেৰে খ্যাত?
উ: ভাৰতৰত্ন গােপীনাথ বৰদলৈ
৩০৬। কোন অসমীয়া 'কর্মবীৰ' নামেৰে খ্যাত?
উ: নবীন চন্দ্র বৰদলৈ
৩০৭। কোন অসমীয়াক ‘দেশভক্ত’ বােলা হয় ?
উ: তৰুণৰাম ফুকন
৩০৮। ‘নটসূৰ্য’ নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন?
উ: ফণী শর্মা
৩০৯। অসমীয়া সাহিত্যত 'ভাঙনি কোঁৱৰ’ নামে কোন জনাজাত?
উ: আনন্দ চন্দ্ৰ আগৰৱালা
৩১০। ‘বিহগী কবি' বুলিলে কোন অসমীয়া কবিক বুজায়?
উ: ৰঘুনাথ চৌধাৰী
৩১১। অসমীয়া চুটিগল্পৰ জনক কোন?
উ: সাহিত্যৰথী,ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
৩১২। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
উ: পদ্মনাথ গােহাঞি বৰুৱাৰ ‘ভানুমতী'
৩১৩। অসম সাহিত্য সভাৰ প্রথম সভাপতিজনৰ নাম, ঠাই আৰু কিমান চনত হৈছিল?
উ: পদ্মনাথ গােহাঞি বৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।
৩১৪। বড়াে সাহিত্য সভা কেতিয়া গঠন হয়?
উ: ১৯৫৫ চনৰ ১৬ নৱেম্বৰত
৩১৫। বড়াে সাহিত্য সভাৰ প্রথমজন সভাপতিৰ নাম কি?
উ: জয়ভদ্ৰ হাগজেৰ
৩১৬। অসম সাহিত্য সভাই প্রকাশ কৰা অভিধানখনৰ নাম কি?
: 'চন্দ্রকান্ত অভিধান' (১৯৩৩ চন)
৩১৭। অসমৰ ৰাজ্যিক ভাষা কি?
: অসমীয়া
৩১৮। অসমৰ প্রথম আই.চি. এছ. (I.C.S) কোন?
: আনন্দৰাম বৰুৱা
৩১৯। অসমৰ প্রথম স্নাতক কোন?
: আনন্দৰাম বৰুৱা
৩২০। অসমৰ প্রথম মহিলা স্নাতক কোন?
: সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা
৩২১। অসমৰ প্ৰথম ভাষাতত্ত্বৰ ডক্টৰেট কোন?
: ড° বাণীকান্ত কাকতি
৩২২। অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্রথম ব্যক্তিজন কোন?
: হেমচন্দ্ৰ বৰুৱা
৩২৩। 'ৰং মিলিৰ হাঁহি’ উপন্যাসখন কোনে লিখিছিল ?
: ৰং বং টেৰাঙে (সাহিত্য অকাডেমী পুৰস্কাৰ প্রাপ্ত)।
৩২৪। লক্ষ্যধৰ চৌধাৰীৰ কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে?
: 'মানুহ বিচাৰি' নামৰ পুথিৰ বাবে।
৩২৫। ‘সাহিত্য অকাডেমী’ৰ পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখন কি?
: সৌৰভ চলিহাৰ ‘গােলাম'
৩২৬। অসম সাহিত্যসভাৰ কনিষ্ঠতম সভাপতি কোন?
: কৃষ্ণকান্ত সন্দিকৈ (৩৯ বছৰ বয়সত)
৩২৭। ২০০৮ চনৰ 'সাহিত্য অকাডেমী’ পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন?
: ৰীতা চৌধুৰী (গ্রন্থ: দেওলাংখুই)।
৩২৮। অসমীয়া ভাষাত প্রকাশিত প্রথম সাপ্তাহিক আলােচনীখনৰ নাম কি?
: ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত 'নৱযুগ'।
৩২৯। ‘জোনাকী'ৰ প্রথম সম্পাদক কোন আছিল?
: চন্দ্ৰকুমাৰ আগৰৱালা।
৩৩০। ‘বাঁহী'ৰ প্রথম সম্পাদক কোন আছিল?
: লক্ষ্মীনাথ বেজবৰুৱা।
৩৩১। আৱাহনৰ প্রথম সম্পাদক কোন আছিল?
: দীননাথ শর্মা।
৩৩২। চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি?
: প্রেম অমৃতৰ নদী
৩৩৩। 'অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম কেতিয়া ক'ত হৈছিল?
: ১৮৮৮ চনৰ ২৫ আগষ্ট, কলিকতাত।
৩৩৪। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী প্রধান সম্পাদক কোন?
: শৰৎ চন্দ্র গােস্বামী।
৩৩৫। ভাৰত ৰত্ন উপাধি লাভ কৰা অসমৰ ব্যক্তিজনৰ নাম কি?
: গােপীনাথ বৰদলৈ (১৯৯৯ চনত)।
৩৩৬। অসম সাহিত্য সভাৰ প্রতীকটো কোনে আঁকিছিল?
: যুগল দাস।
৩৩৭। ‘চিৰচেনেহী মােৰ ভাষা জননী' এই গীতটো কোনে ৰচনা কৰিছিল?
: সাহিত্যাচার্য মিত্ৰদেৱ মহন্তই
৩৩৮। 'পৃথিৱীৰ অসুখ’ নামৰ গল্প পুথিখন কোনে লিখিছিল?
: যােগেশ দাসে (সাহিত্য অকাডেমী বঁটাৰে পুৰস্কৃত)
৩৩৯। ড° ভবেন্দ্রনাথ শইকীয়াৰ সাহিত্য অকাডেমী বঁটা পােৱা পুথিখনৰ নাম কি?
: 'শৃংখল’ (১৯৭৬)
৩৪০। ‘সােণৰ খাৰু নালাগে মােক’ নামৰ উপন্যাসখনৰ লেখক কোন?
: ধীৰেন বৰুৱা
৩৪১। ‘অনুৰাধাৰ দেশ’ উপন্যাসখন কাৰ ৰচনা?
: ফণীন্দ্র কুমাৰ দেৱচৌধুৰীৰ
৩৪২। ৰামধেনুৰ সম্পাদক কোন আছিল?
: ইন্দ্ৰকমল বেজবৰুৱা।
৩৪৩। অসমীয়া ভাষা-সাহিত্যৰ জনক কোন?
: শ্ৰীমন্ত শংকৰদেৱ
৩৪৪। অসমীয়া নাট্য-সাহিত্যৰ জনক কোন? তেওঁৰ প্রথম নাটকখনৰ নাম কি?
: শ্ৰীমন্ত শংকৰদেৱ। তেওঁৰ প্রথম নাটকখনৰ নাম আছিল– “চিহ্নযাত্রা।
৩৪৫। প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি ?
: লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা'।
৩৪৬। কাক অসমীয়া ব্যাস বুলি কোৱা হয়?
: ৰাম সৰস্বতীক।
৩৪৭। ভাষা আন্দোলনৰ প্রথম শহীদ কোন?
: ৰঞ্জিত বৰপূজাৰী (১৯৬০ চনৰ ৪ জুলাই)
৩৪৮। সংবিধান স্বীকৃত সকলাে ভাৰতীয় ভাষাতে প্রকাশ পাবলগীয়া ভবেন্দ্ৰ নাথ শইকীয়াৰ গ্রন্থ দুখনৰ নাম কি কি ?
: আকাশ আৰু মৰমৰ দেউতা
৩৪৯। ড° মামণি ৰয়চম গােস্বামীয়ে সাহিত্য অকাডেমী বঁটা পােৱা গ্ৰন্থখনৰ নাম কি?
: মামৰে ধৰা তৰােৱাল (১৯৮২ চন)
৩৫০। শীলভদ্র কাৰ ছদ্মনাম?
: শ্ৰীৰেৱতী মােহন দত্ত চৌধুৰীৰ।
৩৫১। চৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি?
: ধন্য নৰ তনু ভাল
৩৫২। অসমৰ প্রথম মহিলা এ.চি.এছ (A.C.S) কোন?
: শুচিব্ৰতা ৰায়চৌধুৰী
৩৫৩। অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি ?
: তিনিটা- (১) প্রাথমিক (2) মাধ্যমিক আৰু (৩) উচ্চ শিক্ষা
৩৫৪। প্রথম অসমীয়া মহিলা কথাছবি পৰিচালিকা আৰু সংগীত পৰিচালিকা কোন?
: 'নয়নমণি’ কথাছবিৰ পৰিচালিকা সুপ্রভা দেৱী। সংগীত পৰিচালিকা মণিষা হাজৰিকা।
৩৫৫। অসমৰ ছবছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্রথম শহীদ কোন?
: খৰ্গেশ্বৰ তালুকদাৰ।
৩৫৬। কোনখন অসমীয়া ছবিৰ ইংৰাজী title দিয়া হয় catastrophe?
: হালধীয়া চৰায়ে বাওধান খায় ।
৩৫৭। প্রথম অসমীয়া গল্প সংকলনৰ নাম কি?
: লক্ষ্মীনাথ বেজবৰুৱাৰ সুৰভি, ১৯০৯
৩৫৮। কোনখন ছবিত অসমীয়া অভিনেত্রীয়ে দ্বৈত চৰিত্ৰত অভিনয় কৰে?
: ‘মেঘমুক্তি' কথাছবিত মৃদুলা বৰুৱাই।
৩৫৯। প্রাপ্তবয়স্ক চার্টিফিকেট পােৱা প্ৰথম অসমীয়া চিনেমা কি?
: মৰীচিকা
৩৬০। প্রথম অসমীয়া মহিলা পুলিচ ৰাজপত্রি বিষয়া কোন?
: মনােৰমা কাকতি আৰু ভায়ােলেট বৰুৱা।
৩৬১। প্রথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি?
: বীণ-বৰাগী।
৩৬২। অসমত শিক্ষাৰ মাধ্যম অসমীয়া কৰা আন্দোলনৰ প্ৰথম শ্বহীদ দুজন কোন? ভাষা আন্দোলনৰ কোন?
: অনিল বৰা আৰু মােজাম্মিল হক। ভাষা আন্দোলনৰ সূৰ্য বৰা।
৩৬৩। ১৯৯৫ চনত বড়াে ভাষাৰ কোনখন ছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ পায়?
: জাংদাও বড়ােছাৰ হাগ্ৰামায়াম।
৩৬৪। প্রথম অসমীয়া শিশু চিনেমা কি?
: অবুজ বেদনা (১৯৯৩)
৩৬৫। চিস্ফৌসকলৰ প্ৰধান বাছগউমে কি ধৰণে চাহ উদ্যোগৰ লগত জড়িত?
: তেৱেই প্রথম চাহ গছৰ পুলি কিছুমান ৰবার্ট ব্রুচৰ হাতত দিছিল আৰু ৰবাৰ্ট ব্ৰুচে তাকে লৈ আনুষ্ঠানিকভাৱে অসমত চাহ খেতি আৰম্ভ কৰিছিল।
৩৬৬। ড° ভবেন শইকীয়াই কোনখন ছবিত সর্বশ্রেষ্ঠ স্ক্রিপ্টৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পায়?
: অগ্নিস্নান, ১৯৮৬ চন।
৩৬৭। অসমৰ প্রথম কথাছবিৰ অভিনেত্রী কোন?
: আইদেউ সন্দিকৈ। কথাছবি— জয়মতী।
৩৬৮। ১৯৯৩ চনৰ ১৮ জুনৰ পৰা ১০ নবেম্বৰলৈ ড° ভূপেন হাজৰিকাৰ ৰুদালী চিনেমাখনৰ গানৰ কেছেটটো কিমান কপি বিক্ৰী হৈছে?
: ৫৩০০০০ কপি
৩৬৯। ভাৰতীয় টেলিগ্রাফ ‘Standard Phrases'
ক'ডবােৰৰ ৩৫ নং ক'ডটো কি?
: Wish you a Happy Bihu.
৩৭০। ভাৰতৰ ৰাষ্ট্ৰীয় সংগ্রহালয়ৰ সঞ্চালকপ্রধান কোন?
: ৰবীন দেৱ চৌধুৰী
৩৭১। অসমত মৰণােত্তৰভাৱে সাহিত্য একাডেমীৰ বঁটা লাভ কৰা প্রথম সাহিত্যিকজন কোন?
: দেবেন্দ্রনাথ আচার্য। গ্রন্থ— জঙ্গম।
৩৭২। ১৯৯৭ চনত টকিঅ'ত অনুষ্ঠিত হ'বলগীয়া আন্তর্জাতিক বােলছবি মহােৎসৱত কোনখন অসমীয়া কথাছবি প্রদর্শন কৰিবলৈ নির্বাচিত হৈছে?
: মহিলা পৰিচালকৰ একমাত্র ছবি সান্ত্বনা বৰদলৈৰ ‘অদাহ্য।
৩৭৩। পৃথিৱীৰ ভিতৰত ক'ত আটাইতকৈ বেছি বনৰীয়া প্ৰব্ৰজনকাৰী চৰাই বধ কৰা হয়?
: অসমৰ উত্তৰ কাছাৰ জিলাৰ জাতিংগাত।
৩৭৪। সাহিত্য অকাডেমী বঁটা লাভ কৰা 'ককাদেউতাৰ হাড়’ পুথিখনৰ লেখক কোন?
: নৱকান্ত বৰুৱা।
৩৭৫। ১৯৯৩ চনত সদ্ভাৱনা পুৰস্কাৰ পােৱাসকলৰ ভিতৰত এজন অসমীয়া সাংবাদিক আছে। তেওঁ কোন?
: ‘দি চেণ্টিনেল’ কাকতৰ সম্পাদক ধীৰেন বেজবৰুৱা।
৩৭৬। অসমত কেতিয়া দূৰদৰ্শন আৰম্ভ হয়? অনাতাঁৰ কেন্দ্ৰ কেতিয়া স্থাপন হয়?
: ১৯৮২ চনৰ ১৯ নৱেম্বৰত এছিয়ান গেমছ দিল্লীত অনুষ্ঠিত হােৱা সময়ত। অনাতাঁৰ কেন্দ্ৰ ১৯৪৮ চনত ১ জুলাই, গুৱাহাটী, শ্বিলং।
৩৭৭। গুৱাহাটী দূৰদৰ্শনৰ প্ৰথম অসমীয়া ধাৰাবাহিক কি?
: জীৱনৰ বাটত
৩৭৮। অসমত প্রথম কেতিয়া কুইজ প্রতিযােগিতা আৰম্ভ হয়?
: ১৯৬৫ চনত এটা আমেৰিকান দলৰ পৰিচালনাত গুৱাহাটীৰ কটন কলেজত প্রথম মুকলি কুইজ প্রতিযােগিতা হয়।
৩৭৯। গুৱাহাটী দূৰদৰ্শনত প্রথম কেতিয়া কুইজ প্রতিযােগিতা হয়?
: ১৯৮৫ চনৰ ২৪ মার্চত হয়। পৰিচালনা কৰে অধ্যাপক দিলীপ কুমাৰ বৰুৱাই।
৩৮০। গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কোন চনত স্থাপিত হয়?
: যথাক্রমে ইং ১৯৪৮ আৰু ১৯৬৫ চনত।
৩৮১। অসমৰ ভাষা-আন্দোলনৰ প্ৰথম শ্বহীদ দুজন কোন?
: ৰঞ্জিত বৰপূজাৰী আৰু সূৰ্য বৰা।
৩৮২। অসম চৰকাৰে অসম খেল দিৱস হিচাপে কোন দিনটো ঘােষণা কৰিছে?
: ৰাধাগােবিন্দ বৰুৱাৰ জন্মদিন— ১৭ অক্টোবৰ।
৩৮৩। অসমৰ এজন উদীয়মান বিজ্ঞানীয়ে জণ্ডিচ ৰােগৰ 'F' ভাইৰাছ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। গােটেই পৃথিৱীৰ বিজ্ঞানীসকলে তেওঁৰ এই আবিষ্কাৰৰ বাবে অভিনন্দন জনাইছে। এই বিজ্ঞানী ডাক্তৰজন কোন?
: নীৰেন ডেকা।
৩৮৪। গুৱাহাটীৰ প্রথম চিনেমা হল কোনটো?
: কেলভিন
৩৮৫। ১৯৯৩ চনত পুনেত অনুষ্ঠিত হােৱা টাইকোৱানডােৰ ৰাষ্ট্ৰয় গেমছত কোন অসমীয়াই স্বর্ণপদক লাভ কৰে?
: শ্যামল ৰাজখােৱাই।
৩৮৬। দূৰদৰ্শনে ৰাষ্ট্ৰীয় পৰ্যায়ত কেতিয়া প্রথম বৰদলৈ ট্ৰফী টুর্ণামেন্ট ব্রডকাষ্ট কৰে?
: ১৯৯৩ চনত।
৩৮৭। ১৯৯৩ চনত বৰদলৈ ট্ৰফী কোনে লাভ কৰে?
: মােহনবাগানক হৰুৱাই বেংককৰ পাের্ট অথৰিটিয়ে লাভ কৰে।
৩৮৮। ১৯৯৩ চনত টোকিঅ'ত অনুষ্ঠিত হােৱা এছয় পেচিফিক ফিল্ম ফেষ্টিভেক্ত বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালক বুলি কাক ঘােষণা কৰে?
: ভূপেন হাজৰিকা।
৩৮৯। অসমীয়া ৰােমাণ্টিক সাহিত্যৰ মূল গুৰি ধৰােতা কোন?
: চন্দ্ৰকুমাৰ আগৰৱালা
৩৯০। 'কোন অসমীয়াক কলাগুৰু’ বােলা হয় ?
: বিষ্ণুপ্ৰসাদ ৰাভাক
৩৯১। কোন অসমীয়াক ৰূপকোৱৰ বােলা হয়
: জ্যোতিপ্ৰসাদ আগৰৱালাক
৩৯২। ৰাষ্ট্ৰপতিৰ 'মেন অব দি নেচন’ সন্মান পােৱা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন?
: অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া।
৩৯৩। অসমৰ প্রথম মহিলা আই. এ. এছ. (I.A.S.) কোন?
: পাৰুল দাস (১৯৭৪ চন)।
৩৯৪। অসমৰ প্রথম মহিলা এ.চি.এছ (A.C.S) কোন ?
: শুচিত্ৰতা ৰায়চৌধুৰী
৩৯৫। ১৯৯২ চনত কোন অসমীয়া বােৱনীয়ে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাইছে?
: মিছ অময়া বালা ৰাভাই।
৩৯৬। ১৯৯৫ চনত বহুতাে আন্তর্জাতিক বােলছবি মহােৎসৱত প্রদর্শিত আৰু উচ্চপ্রশংসিত অসমীয়া কথাছবি জাহ্নু বৰুৱাৰ 'সাগৰলৈ বহুদূৰ'। জাহ্নু বৰুৱাই এই ছবিখনৰ বাবে শ্রেষ্ঠ ৰাষ্ট্ৰীয় পৰিচালকৰ সন্মানো পায়। একমাত্র ভাৰতীয় এই ছবিখনে চিকাগাে বােলছবি মহােৎসৱত এটা বিশেষ পুৰস্কাৰ পােৱাৰ গৌৰৱ অর্জন কৰে। সেইটো কি?
: বিশ্বশান্তিৰ ‘গেটছ' পুৰস্কাৰ। তাৰােপৰি ফ্রান্সত অনুষ্ঠিত হােৱা চলচ্ছিত্র মহােৎসৱত ‘লে প্রিজ দা পাব্লিক’ পুৰস্কাৰ পায় আৰু সংগীতৰ বাবে আন এটা পুৰস্কাৰ পায় সংগীত পৰিচালক স্বর্গীয় সত্য বৰুৱাই।
৩৯৭। ১৯৯৬ চনত ছিংগাপুৰত হােৱা বােলছবি মহােৎসৱত এজন অভিনেতাই শ্রেষ্ঠ অভিনেতাৰ সন্মান পায়, তেওঁ কোন?
: ‘সাগৰলৈ বহুদূৰ' কথাছবিৰ অভিনেতা বিষ্ণু খাৰঘৰীয়া।
৩৯৮। “All Alone If Need Be” নামৰ প্রাক্তন মুখ্যমন্ত্রী
শৰৎ চন্দ্র সিংহৰ জীৱনৰ আধাৰত কৰা ডকুমেন্টৰী ছবিখনে ১৯৯৬ চনত ৰাষ্ট্ৰীয় পুৰস্কাৰ পায়। ছবিখনৰ পৰিচালক কোন?
: ৰঞ্জিত দাস।
৩৯৯। ১৯৯৯ চনৰ নৱেম্বৰ মাহত “পঞ্চম কলিকতা ফিল্ম ফেষ্টিভেলত” প্রদর্শিত আৰু প্রশংসিত কথাছবিখন কি?
: মঞ্জু বৰাৰ ‘বৈভৱ'।
৪০০। অসমৰ কিংবদন্তি স্বৰূপ ঢুলীয়াবাদক মােহন ভাৱৰীয়া (মােহন চন্দ্র বর্মণ)ক লৈ বনােৱা বিখ্যাত তথ্যচিত্ৰখন কি?
: কৈহাটীৰ ঢুলীয়া।
৪০১। ১৯৯২ চনত কোন গান্ধীবাদী অসমী পদ্মভূষণ উপাধি পায়?
: বিজয় চন্দ্ৰ ভাগৱতী।
৪০২। কোন অসমীয়া ছবিত কোনে প্রথম দ্বৈত চৰিত্ৰত অভিনয় কৰে?
: ড° বেজবৰুৱা ছবিত ব্ৰজেন বৰুৱাই।
৪০৩। অসমৰ ৰাজ্যিক ভাষা- অসমীয়া।
৪০৪। অসমীয়া ভাষা-সাহিত্যৰ জনক- শ্রীমন্ত শংকৰদেৱ।
৪০৫। অসমীয়া নাট্য-সাহিত্যৰ জনক- শ্রীমন্ত শংকৰদেৱ।
৪০৬। শ্রীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্য- হৰিশ্চন্দ্ৰ ভপাখ্যান।
৪০৭। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখন- চিহ্নযাত্রা।
৪০৮। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্ত্তিস্তম্ভ- "কীর্ত্তন-ঘোষা”।
৪০৯। মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্রেষ্ঠ সাহিত্যকৃতি- 'নাম-ঘোষা'।
৪১০। অসমীয়া প্রথম কবিতা পুথিখন-'প্রহ্লাদ-চৰিত' (হেম সৰস্বতী)।
৪১১। অসমীয়া গদ্য-সাহিত্যৰ জনক- ভট্টদেৱ।
৪১২। অসমীয়া ব্যাস- ৰাম সৰস্বতী।
৪১৩। অসমীয়া সাহিত্যৰ বেকন- সত্যনাথ
৪১৪। অসমীয়া কথা-কবিতাৰ জনক-যতীন্দ্ৰনাথ দুৱৰা।
৪১৫। অসমীয়া প্রথম ছপা পুথিখন- ধর্মপুস্তক (আত্মাৰাম শৰ্মা)।
৪১৬। প্রথম অসমীয়া ৰোমাণ্টিক কবিতা- বনকুঁৱৰী।
৪১৭। চুটিগল্পৰ জনক- লক্ষ্মীনাথ বেজবৰুৱা।
৪১৮। প্রথম অসমীয়া গল্প সংকলনখন- 'সুৰভি' (লক্ষ্মীনাথ বেজবৰুৱা)।
৪১৯। বিভিন্ন বঁটা লাভ কৰা ৰংবং টেৰাঙৰ গ্ৰন্থখন- ৰংমিলিৰ হাঁহি।
৪২০। 'কীৰ্ত্তন-ঘোষা' সর্বপ্রথম ছপা কৰা ব্যক্তিজন- হৰিবিলাস আগৰৱালা।
৪২১। প্রথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথিখন- 'মৃত্যুঞ্জয়' (বীৰেন্দ্র কুমাৰ ভট্টাচাৰ্য্য)
৪২২। জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া মহিলা- ড" মামণি ৰয়চম গোস্বামী।
৪২৩। প্রথম অসমীয়া ব্যাকৰণখন- 'গ্রামাৰ অব্ আছামিজ লেংগুৱেজ'।
৪২৪। অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিয়া ব্যক্তিজন- হেমচন্দ্র বৰুৱা।
৪২৫। অসমীয়া প্রথম বুৰঞ্জী প্রণেতা গৰাকী- দেবেন্দ্রনাথ বেজবৰুৱা।
৪২৬। সংস্কৃতৰপৰা অনূদিত প্রথম নাটকখন- 'শকুন্তলা'
(লম্বোধৰ বৰা)
৪২৭। প্রথম অসমীয়া অনাতাঁৰ নাটক- 'বীণ-বৰাগী'।
৪২৮। অসমীয়া সাহিত্যৰ উপন্যাস সম্রাট- ৰজনীকান্ত বৰদলৈ।
৪২৯। আধুনিক যুগৰ প্ৰথম উপন্যাস-'ভানুমতী' (পদ্মনাথ গোহাঞি বৰুৱা, ১৮০৯)।
৪৩০। 'চামেলি মেমচাহাব'ৰ লিখক- নিৰোদ চৌধুৰী।
৪৩১। 'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ লেখক-আনন্দৰাম ঢেকীয়াল ফুকন (১৮৪৯ চন)।
৪৩২। 'চিৰাজ' নাটকখনৰ নাট্যকাৰ- ফণী শর্মা।
৪৩৩। অসমীয়া প্রথম ভ্রমণ কাহিনী- 'বিলাতৰ চিঠি' জ্ঞানদাভিৰাম বৰুৱা।
৪৩৪। 'পৱিত্ৰ অসম' গ্ৰন্থখনৰ লেখক- ড" মহেশ্বৰ নেওগ।
৪৩৫। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি- পদ্মনাথ গোহাঞি বৰুৱা (১৯১৭)।
৪৩৬। 'সাহিত্য অকাডেমী' পুৰস্কাৰ বিজয়ী প্রথম গল্প-সংকলন- 'গোলাম' (সৌৰভ কুমাৰ চলিহা)।
৪৩৭। 'সাহিত্য অকাডেমী' পুৰস্কাৰ প্ৰাপ্ত হীৰেণ ভট্টাচাৰ্য্যৰ কবিতা পুথিখন-'শইচৰ পথাৰ মানুহ' (১৯৯২)।
৪৩৮। মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল- ৰাম সৰস্বতীয়ে।
৪৩৯। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক- শৰৎ চন্দ্ৰ গোস্বামী।
৪৪০। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্রিমূৰ্ত্তি- লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গোস্বামী।
৪৪১। অসমীয়া প্রথম দৈনিক বাতৰি কাকতখন- 'দৈনিক বাতৰি' (১৯৩৫, সম্পাদক- নীলমণি ফুকন)।
৪৪২। প্রথম মহিলা আলোচনী- 'ঘৰ-জেউতি'।
৪৪৩। প্রথম মাহেকীয়া আলোচনী- 'অৰুণোদয়'।
৪৪৪। অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ লিখক- মাইল্ল্ফ ব্রনছন।
৪৪৫। অসমীয়া ভাষাত প্রথমে ব্যাকৰণ লিখিছিল- ইউলিয়াম ৰবিনছনে।
৪৪৬। ডঃ ভূপেন হাজৰিকাদেৱে সম্পাদনা কৰা ইংৰাজী কাকতখন- 'নিউ ইণ্ডিয়া'।
৪৪৭। অসমৰ প্ৰথম চাহ খেতিয়ক- জগন্নাথ বৰুৱা।
৪৪৮। উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট- জগন্নাথ বৰুৱা,
৪৪৯। নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট- আনন্দৰাম বৰুৱা।
৪৫০। প্রথম আই. চি. এচ- আনন্দৰাম বৰুৱা।
৪৫১। প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তি- ফকৰুদ্দিন আলি আহমেদ।
৪৫২। কংগ্ৰেছৰ সভাপতি- দেৱকান্ত বৰুৱা (১৯৭৫ চন)
৪৫৩। অসমৰ প্ৰথম ৰাজ্যপাল হোৱা ব্যক্তি- বিষ্ণুৰাম মেধি (তামিলনাডু)
৪৫৪। প্রথম পি.এইচ.ডি - ড° ময়িদুল ইছলাম বৰা।
৪৫৫। ভাৰতৰ উচ্চতম্ ন্যায়ালয়ৰ বিচাৰপতি- পাৰ্বতী কুমাৰ গোস্বামী।
৪৫৬। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি- হলিৰাম ডেকা।
৪৫৭। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য- কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮)
৪৫৮। স্বাধীন অসমৰ মুখ্যমন্ত্ৰী- গোপীনাথ বৰদলৈ।
৪৫৯। অর্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া- দৌৰবিদ্ ভোগেশ্বৰ বৰুৱা।।
৪৬০। পদ্মভূষণ উপাধি- প্রাক্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহা।
৪৬১। সংগীত নাটক একাডেমী বঁটা- শ্রীশ্রীমিত্ৰদেৱ মহন্ত।
৪৬২। সাহিত্য একাডেমী বঁটা- যতীন্দ্ৰনাথ দুৱৰা।
৪৬৩। বিলাতত শিক্ষা লাভ কৰা প্ৰথম অসমীয়া- আনন্দৰাম ঢেকীয়াল ফুকন।
৪৬৪। জ্ঞান পীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া- ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য্য।
৪৬৫। অসমীয়া টাইপ্ ৰাইটাৰৰ আৱিস্কাৰক- হৰিপ্ৰসাদ বৰুৱা।
৪৬৬। লণ্ডন বিশ্ববিদ্যালয়ৰপৰা ডি.লিট উপাধি- ড° সূর্যকুমাৰ ভূঞা।
৪৬৭। সৰ্বভাৰতীয় বিজ্ঞানী বঁটা- খনিন্দ্ৰ বৰুৱা।
৪৬৮। সৰ্বভাৰতীয় দাদাচাহেব ফাল্কে বঁটা- ড° ভূপেন হাজৰিকা।
৪৬৯। অসম আন্দোলনৰ প্ৰথম শ্বহীদ- খগেশ্বৰ তালুকদাৰ।
৪৭০। ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ- ৰঞ্জিত বৰপুজাৰী।
৪৭১। সাহিত্য সভাৰ সভাপতি- পদ্মনাথ গোহাঞি বৰুৱা (শিৱসাগৰ)।
৪৭২। বিজ্ঞান বিষয়ত ডক্টৰেট উপাধি পোৱা প্ৰথমজন অসমীয়া বিজ্ঞানী-ৰাধিকাৰাম ঢেকিয়াল ফুকন।
৪৭৩। প্রথম স্নাতক মহিলা- সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।
৪৭৪। প্রথম গ্রন্থকাৰ মহিলা- পদ্মশ্রীদেবী ফুকননী।
৪৭৫। প্ৰথম মহিলা পদ্মশ্রী - নলিনী বালা দেৱী।
৪৭৬। প্ৰথম মহিলা পি, এইচ,ডি উপাধি- ড° কমলা ৰায় (ফ্রান্স), ড° তিলোত্তম গগৈ (লন্ডন)।
৪৭৭। প্রথম মহিলা মুখ্যমন্ত্রী- ছৈয়দা আনোৱাৰ টাইমূৰ।
৪৭৮। প্ৰথম মহিলা আই, এ, এচ- পাৰুল দাস।
৪৭৯। প্ৰথম মহিলা ৰণক্ষেত্ৰলৈ যোৱা বীৰংগনা- মূলা গাভৰু।
৪৮০। প্ৰথম মহিলা এন, চি, এচ- শুচিব্রতা ৰায় চৌধুৰী।
৪৮১। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি- নলিনী বালা দেবী।
৪৮২। প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ- নলিনী বালা দেবী।
৪৮৩। অর্জুন বঁটা পোৱা প্ৰথম মহিলা- মনালিছা (বৰুবা) মেহতা।
৪৮৪। প্ৰথম মহিলা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ- মীৰা শর্মা।
৪৮৫। প্ৰথম মহিলা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা- লীলা দেবী।
৪৮৬। প্ৰথম মহিলা ভূগোলত পি, এইচ, ডি- দীপ্তি দাস।
৪৮৭। প্ৰথম মহিলা সাহিত্য একাডেমী বঁটা পোৱা- নলিনী বালা দেবী।
৪৮৮। প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী- ডঃ মামণি ৰয়চম গোস্বামী।
৪৮৯। অসমৰ প্ৰথম ৰাজ্য শাসন কৰা মহাৰাণী- ফুলেশ্বৰী কুঁৱৰী।
৪৯০। অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল?
: হলীৰাম ডেকা।
৪৯১। অসমৰ প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিল?
: কৃষ্ণকান্ত সন্দিকৈ।
৪৯২। অসমৰ প্ৰথম মন্ত্রীসভাৰ সদস্য কোন আছিল?
: সুৰেন বুঢ়াগোহাঞি।
৪৯৩। অসমৰ প্ৰথম উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয়?
: ১৮৪৮ খৃঃ (গুৱাহাটী হাইকোর্ট)।
৪৯৪। ইংৰাজী ভাষাত প্ৰথম অসমৰ নিৰ্ভৰযোগ্য বুৰঞ্জী প্রণেতা কোন?
: ছাৰ এডৱাৰ্ড গেইট।
৪৯৫। প্রথম অসমীয়া বিমান প্রশিক্ষণপ্রাপ্ত ব্যক্তিগৰাকী কোন?
: মহানন্দ দাস।
৪৯৬। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল?
: পাৰ্বতী কুমাৰ গোস্বামী।
৪৯৭। ৰাষ্ট্ৰপতিৰ 'পদ্ম বিভূষণ' সন্মান পোৱা প্ৰথম অসমীয়া গৰাকী কোন?
: প্রাক্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহা।
৪৯৮। প্রথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন?
: আনন্দৰাম বৰুৱা।
৪৯৯। সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্রীসভাত অসমীয়া মহিলা মন্ত্রী কোন আছিল?
: ৰেণুকা দেৱী বৰকটকী।
৫০০। অসম বিধান সভাৰ প্ৰথম মহিলা উপাধ্যক্ষাগৰাকী কোন?
: বনেলি খংমেন।
৫০১। অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল?
:মেভিচ ড্যান।
৫০২। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন?
: মীৰা শৰ্মা।
৫০৩। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
: ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী।
৫০৪। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন?
: গোপীনাথ বৰদলৈ।
৫০৫। প্রথম অসমীয়া ৰাজ্যপালজন কোন?
: বিষ্ণুৰাম মেধি (মাদ্রাজ, ১৯৫৭)।
৫০৬। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন?
: ফখৰুদ্দিন আলি আহমেদ।
৫০৭। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্রী কোন?
: চৈয়দা আনোৱাৰা টাইমূৰ।
৫০৮। ভাৰতীয় ৰিজার্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন?
: গণেশ ফুকন।
৫০৯। অসম বিধান সভাৰ আসন কেইখন?
: ১২৬ খন।
৫১০। অসমৰ লোক সভাৰ আসন কেইখন?
: ১৪ খন।
৫১১। অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰে?
: ১৮২২-২৩ চনত চি.এ. ব্রুচে।
৫১২। অসমত চাহখেতি কেতিয়াৰ পৰা হয়?
উ: ১৮২২-২৩ চনত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল। ১৮৬০ চনৰ পৰা ভালদৰে খেতি কৰিবলৈ লোৱা হয়।
৫১৩। অসমৰ প্ৰথম চাহ খেতিয়ক কোন?
উ: জগন্নাথ বৰুৱা (উজনি অসমৰ প্ৰথমগৰাকী স্নাতক)।
৫১৪। কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্র স্থাপিত হয়?
উ: ১৯৭০ চনত।
৫১৫। অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি?
উ: ধুবুৰী জিলাৰ মহামায়া পাহাৰ।
৫১৬। অসমৰ বাঁহ-বেতৰ বস্তু উৎপন্ন হোৱা ঠাইখনৰ নাম কি?
উ: নলবাৰী জিলাৰ মুগকুছি গাঁৱত।
৫১৭। হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
উ: বৰপেটা।
৪১৮। অসমৰ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি?
উ: মিকিৰ পাহাৰ।
৫১৯। এৰি, মুগা, পাট কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি?
উ: কামৰূপ জিলাৰ শুৱালকুছি।
৫২০। পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
: কামৰূপ জিলাৰ হাজো।
৫২১। কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি?
: বৰপেটা জিলাৰ সৰ্থেবাৰী।
৫২২। অসম চুক্তি অনুযায়ী অসমত প্রতিষ্ঠা হোবা উল্লেখযোগ্য প্রকল্পসমূহ কি কি?
: উত্তৰ গুৱাহাটীৰ "ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান" (L.I.T.), শংকৰদেৱ কলাক্ষেত্র, গুৱাহাটী (পাঞ্জাবাৰী) আৰু নুমলীগড় তেলশোধনাগাৰ (গোলাঘাট)।
৫২৩। নুমলীগড় শোধনাগাৰৰ ধাৰণ ক্ষমতা (Installed Capacity) আৰু মুঠ ব্যয়ৰ পৰিমাণ কিমান?
: ৩ মিটাৰ টন ধাৰণ ক্ষমতা আৰু মুঠ ব্যয়ৰ পৰিমাণ ২৩৫০ কোটি টকা।
৫২৪। অসমত প্রথমটো তেল শোধনাগাৰ কেতিয়া আৰু ক'ত স্থাপন কৰা হয়?
: ১৯০১ চনত, ডিগবৈত।
৫২৫। অসমৰ চাৰিসীমা কি?
:উত্তৰে- ভূটান আৰু অৰুণাচল প্রদেশ; পূরে- অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰ; দক্ষিণে- মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়; পশ্চিমে- বাংলাদেশ
আৰু পশ্চিমবংগ।
৫২৬। অসমৰ মাটিকালি কিমান?
: ৭৮,৪৩৮ বর্গ কিলোমিটাৰ।
৫১৭। অসমৰ প্ৰধান নদীখনৰ নাম কি?
: ব্রহ্মপুত্র।
৫২৮। অসমৰ আটাইতকৈ বহল জনবহুল ঠাইখনৰ নাম কি?
: গুৱাহাটী।
৫২৯। অসমৰ আটাইতকৈ ওখত থকা ৰে'ল ষ্টেচনটো কি?
: জাতিংগা (২১৫৬.৬৫ ফুট)।
৫৩০। অসমৰ চূণ শিল থকা ঠাই দুখনৰ নাম কি কি?
: ১। কার্বি আংলং ডিলাই পাহাৰ, ২। উত্তৰ কাছাৰ-নিউ উমৰাংচু।
৫৩১। আহোম যুগত জাতীয় খেলৰ প্ৰাণকেন্দ্ৰ- ৰংঘৰ।
৫৩২। আহোম যুগৰ আমোদজনক আৰু জনপ্রিয় খেলটোৰ নাম- শেন যুঁজ।
৫৩৩। অসমৰ পুৰণি কালৰেপৰা প্ৰচলিত এবিধ থলুৱা খেল- কড়ি খেল।
৫৩৪। অসমৰ আটাইতকৈ পুৰণি ফুটবল সংস্থা ডিব্ৰুগড় স্পর্টছ এছ'চিয়েছন গঠিত হৈছিল- ১৯১৬ চনত।
৫৩৫। অসমৰ সৰ্বপ্ৰথম ৰঞ্জীটুফী খেল অনুষ্ঠিত হোৱা ঠাইখন- যোৰহাট চিনামৰাৰ জিমখাত খেলপথাৰ।
৫৩৬। অসম মহিলা ফুটবল সংস্থা গঠন হৈছিল- ১৯৮৫ চনত।
৫৩৭। ২০০৮ চনৰ ৰাষ্ট্ৰীয় সাঁতোৰ প্রতিযোগিতাত ৫০ মিটাৰ বেকষ্ট্ৰোকত ৰাষ্ট্ৰীয় অভিলেখসহ স্বর্ণপদক অর্জন কৰিছিল- ফাৰিহা জামানে।
৫৩৮। একেৰাহে ২৬ ঘণ্টা সাঁতুৰি অভিলেখ গঢ়া অসমৰ সাতোৰবিদজন- এলভিছ আলী হাজৰিকা।
৫৩৯। অসমৰ প্ৰথম মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ লাভ কৰা খেলুৱৈজন- মহাদেৱ ডেকা (২০০৯)
৫৪০। প্রথম অর্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈজন- ভোগেশ্বৰ বৰুৱা।
৫৪১। অর্জুন বঁটা বিজয়ী অসমৰ দ্বিতীয়গৰাকী খেলুৱৈ- মনালিছা বৰুৱা।
৫৪২। অলিম্পিক খেলত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া- ড' টালিমেৰন আও।
৫৪৩। অসমৰ দ্বিতীয় অলিম্পিয়ান- দীপাংকৰ ভট্টাচাৰ্য।
৫৪৪। ভাৰত বক্সিং দলত স্থান পোরা প্রথমগৰাকী অসমীয়া খেলুৱৈজন- বিতোপন শইকীয়া।
৫৪৫। এছিয়ান গেমছত স্বর্ণপদক বিজেতা প্রথম অমসীয়া- ভোগেশ্বৰ বৰুৱা।
৫৪৬। মাউন্ট এভাৰেষ্ট শৃংগত পদার্পণ কৰা প্ৰথম অমসীয়া ব্যক্তিজন- তৰল শইকীয়া (২০১৩, ১৮ মে')।
৫৪৭। মাউন্ট এভাবেষ্ট শৃংগত পদার্পণ কৰা দ্বিতীয় অমসীয়া ব্যক্তিজন- মণিষ ডেকা (২০১৩, ২৪ মে')।
৫৪৮। ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত নটাকৈ স্বর্ণপদক লাভ কৰা অসমীয়া খেলুৱৈজন- এলভিছ আলী হাজৰিকা।
৫৪৯। অসমৰ দুজন ফুটবলাৰ- দূর্গা বড়ো আৰু এলেন দেউৰী।
৫৫০। ৩৪ তম্ তম্ ৰাষ্ট্ৰীয় ক্রীড়া ২০১১ ত (ঝাৰখণ্ড) আৰ্চাৰী শাখাত স্বর্ণপদক অৰ্জন কৰা অসমৰ খেলুৱৈ গৰাকী প্রতিভা বড়ো।।
৫৫১। বিশ্ব যুৱ বক্সিং প্রতিযোগিতা (২০১১) ত স্বর্ণপদক লাভ কৰা অসমৰ খেলুৱৈ গৰাকী- মিনু বসুমতাৰী।
৫৫২। কমনৱেলথ ভাৰোত্তোলন প্রতিযোগিতা (২০১১) ত স্বর্ণপদক লাভ কৰা অসম সন্তান- পাপুল চাংমা।
*****
অসম কুইজ Assam GK in Assamese - Assam GK MCQ - Assam GK Questions Answers - GK for APSC Exam - Assam GK for All Competitive Exam - Assam Quiz