অসম বুৰঞ্জী Assam History in Assamese

0

অসম বুৰঞ্জী Assam History in Assamese 


অসম বুৰঞ্জী অসমৰ ইতিহাসৰ ওপৰত প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়াত Most Important Assam History Questions Answers GK MCQ in Assamese‌ for various Assam Competitive Examination APSC, Assam TET Exam, Assam Police, ADRE etc.

  • অসম বুৰঞ্জী mock test
  • অসম বুৰঞ্জী সাধাৰণ জ্ঞান
  • অসম বুৰঞ্জী কুইজ



অসম বুৰঞ্জী


১। কোন আহােম ৰজাই হিন্দু ধর্ম গ্রহণ কৰে আৰু এই ধৰ্মক ৰাজধৰ্ম কৰি লয়? 

উঃ ৰজা চুহুংমুং বা দিহিঙীয়া ৰজাই হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰি হিন্দু ধর্ম ৰাজধৰ্ম কৰি লয়। ইয়াৰ আগতে আহােম ৰজা চুডাংফা বা বামুণী কোঁৱৰে প্ৰথম হিন্দুৰ আচাৰ নীতি গ্রহণ কৰে (১৩৯৭-১৪০৭ খ্রীঃ)। 



২। ৰজা চুহুংমুং (১৪৯৭-১৫৩৯ খ্রীঃ)ৰ দিনত আন আন উল্লেখযােগ্য সমাজ সংস্কাৰ আৰু পৰিবর্তনসমূহ কি কি? 

উঃ এওঁৰ দিনত বৰপাত্ৰ গােহাঁই পদৰ সৃষ্টি হয়, অসমীয়া সৈন্যই প্রথম খাৰ- বাৰুদ (আগ্নেয়াস্ত্র) ব্যৱহাৰ কৰিবলৈ শিকে, প্রথম লােকপিয়ল হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতী বৈষ্ণৱ ধর্ম প্রচাৰ কৰে, বকতালৈ ৰাজধানী স্থানান্তৰিত কৰা হয়, প্রথম অসমীয়া ভাষাত বুৰঞ্জী লিখা প্রথা চলে, আহােমসকলৰ ‘আইজোতা’ শব্দৰ সলনি শকাব্দ প্রচলন হয়। 



৩। কোন আহােম ৰজাই পিতৃহত্যা কৰি ৰাজপাটত বহে? 

উঃ চুক্লেনমুং (১৫৩৯-১৫৫২ খ্রীঃ)। এওঁ বকতাৰ পৰা ৰাজধানী তুলি নি গড়গাঁৱত ৰাজধানী পাতে। এৱেই প্ৰথম অসমত মুদ্রা প্রচলন কৰে। 



৪। স্বৰ্গদেউ প্রতাপ সিংহ (১৬০৩-১৬৪১খ্রীঃ) ৰ দিনত কি কি উল্লেখযােগ্য ৰাজনৈতিক আৰু সামাজিক সংস্কাৰ হয়? 

উঃ এওঁ বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰে। প্রথম বৰবৰুৱা মােমাই তামুলী আৰু প্ৰথম বৰফুকন লাঙি পানিছিয়া। এওঁৰ দিনত সাংগঠনিক হিচাবে মােমাই তামুলী বৰবৰুৱাই ১৬০৯ চনৰপৰাই পাইক প্রথা প্রৱর্তন কৰে। এওঁ হাট-বজাৰ, নগৰ আদি পাতি দিয়ে আৰু ভালেমান সমাজ সংস্কাৰৰ কাম হাতত লয়। 



৫। বঙালৰ অধীন হৈ থকাতকৈ মৰণহে সংগত বুলি কোনে কৈছিল? 

উঃ চক্ৰধ্বজ সিংহই (১৬৬৩-১৬৬৯)। এওঁৰ এই উক্তিৰ পিছত ১৬৬৭ খ্রীঃত লাচিত বৰফুকনে মােগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰি অসমৰ হেৰােৱা গৌৰৱ ঘূৰাই আনে। 



৬। 'দেশতকৈ মােমাই ডাঙৰ নহয়’ কোনে কেতিয়া কৈছিল? 

উঃ ১৬৭১ চনত ইতিহাস প্রসিদ্ধ শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনে এনেকৈ কৈ কর্তব্যত অৱহেলা কৰা বাবে মােমায়েকৰ শিৰচ্ছেদ কৰিছিল। 



৭। আহােম প্রথামতে সমাধা হােৱা বিয়াক কি বুলি কোৱা হয়? 

উঃ চকলং প্রথা। 



৮। কোন আহােম ৰজাৰ দিনত হিন্দুমতে শৱ সকাৰ কৰা প্ৰথা প্ৰৱৰ্তন কৰা হয় আৰু কোন আহােম ৰজাক এই প্রথামতে প্রথম সকাৰ কৰা হয়? 

উঃ বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীয়ে এই প্রথা প্রৱর্তন কৰে আৰু ৰাজেশ্বৰ সিংহ স্বৰ্গদেউক এই প্রথামতে প্রথম সৎকাৰ কৰা হয়। 



৯। মূলাগাভৰু কোন আছিল? 

উঃ বিখ্যাত আহােম সেনাপতি ফ্রাছেনমুঙৰ বিধৱা পত্নী। ১৫৩৩ চনত মুছলমান সেনাপতি তুর্বকৰ লগত হােৱা ভৰলীৰ যুদ্ধত এইগৰাকী নাৰীয়ে প্রাণ ত্যাগ কৰে। ।



১০। কোন আহােম ৰজাক 'ভগনীয়া ৰজা’ কোৱা হৈছিল? 

উঃ জয়ধ্বজ সিংহ। 



১১। মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত কোন বুৰঞ্জীবিদ অসমলৈ আহিছিল আৰু তেওঁৰ লিখনিৰ নাম কি আছিল? 

উঃ ছিহাবুদ্দিন টালিছ। ফাথিয়াই ইব্রিয়াহ। 



১২। অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? 

উঃ শিৱসাগৰৰ শিৱদ’ল। 



১৩। কাৰ দিনত লতাকটা ৰণ হৈছিল? 

উঃ ৰাজেশ্বৰ সিংহ। 


১৪। তাম্ৰশ্বৰী মন্দিৰত মানুহ বলি দিয়া প্রথা কোন আহােম ৰজাই উঠাই দিয়ে? 

উঃ গৌৰীনাথ সিংহই। 



১৫। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কোন চনত ইংৰাজে ফাঁচী দিয়ে? 

উঃ ১৮৫৭ চন। 



১৬। বৃটিছক খেদিবলৈ ষড়যন্ত্র কৰি ধৰা পৰাৰ ফলত কোন দুজন সম্রান্ত অসমীয়া বিষয়াই ফাঁচীকাঠত মৃত্যু বৰণ কৰিবলগীয়া হয়? 

উঃ জীউৰাম বৰুৱা আৰু বদন বৰফুকনৰ পুত্র পিয়লি ফুকন ১৮৩০ চন। 



১৭। কোন আহােম ৰজাই কৃষ্ণৰাম ভট্টাচার্য ন্যায়বাগীশ (পর্বতৰ ওপৰত বাস কৰিছিল বাবে তেওঁ পৰ্বতীয়া গােসাঁই বুলি জনাজাত) ৰ ওচৰত শৰণ লৈছিল আৰু বহু পৰিমাণে মাটি বৃত্তি দান কৰিছিল? উঃ শিৱসিংহই (১৭১৪-১৭৪৪)।



১৮। হাজোৰ পােৱামক্কা ইছলাম ধৰ্মীলােকৰ পবিত্র তীর্থস্থান। এই পােৱামক্কা ক'ত অৱস্থিত? পােৱামক্কাৰ মছজিদ কোনে সজায়? 

উঃ গড়ুৰাচল হাজোৰ আটাইতকৈ ওখ পাহাৰ। ইয়াতেই অবস্থিত পােৱামক্কা। পােৱামক্কাত গিয়াছুদ্দিন আউলীয়া নামৰ এগৰাকী পীৰৰ সমাধি আছে। সমাধিৰ কাষত থকা মছজিদটো সম্রাট শ্বাহজাহানৰ পুত্ৰ চুজাউদ্দিনে বংগৰ নবাব হৈ থকা সময়ত ১৬৫৭ চনত নির্মাণ কৰে। 



১৯। হাঁজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ কেতিয়া প্রথম নির্মাণ কৰা বুলি জনা যায়? পুনর্নির্মাণ কোনে কৰে? হাজো নামৰ ধর্মীয় নগৰখনক পঞ্চতীর্থ বােলা হয় কিয়? 

উঃ হয়গ্ৰীৱ মাধৱ মন্দিৰ প্রথম ষষ্ঠ-সপ্তম শতিকাত নির্মাণ কৰা হৈছিল। কিন্তু কালৰ সোঁতত ই ধ্বংসপ্রাপ্ত হয়। পিছত কোচৰজা শুক্ৰধ্বজৰ পুত্ৰ ৰঘুদেৱে ১৫৮৩ চনত শ্ৰীধৰ নামৰ কাৰিকৰ (ইঞ্জিনীয়াৰ) এজনৰ হতুৱাই পুনর্নির্মাণ কৰােৱায়। বৌদ্ধধর্মীলােকে এই মন্দিৰক বৌদ্ধধৰ্মৰ তীর্থস্থান বুলিহে ভাবে। হাজোক পঞ্চতীর্থ বােলা হয়। হয়গ্ৰীৱ, মাধৱ, কেদাৰেশ্বৰ, কমলেশ্বৰ, কামেশ্বৰ, গণেশ মন্দিৰ আদি তীর্থ থকা বাবে। 



২০। কোচ ৰাজ্য কোনে প্রতিষ্ঠা কৰে? 

উঃ কমতাপুৰ ৰাজ্যৰ ভগ্নাৱশেষৰ বুকুত ১৫১৫ খ্রীঃত বিশ্বসিংহই কোচ ৰাজ্য প্রতিষ্ঠা কৰে। 



২১। কোন কোচ ৰজাই আহােমক পৰাজিত কৰিছিল? 

উঃ কোচ বংশৰ শ্ৰেষ্ঠ ৰজা মহাৰাজ নৰনাৰায়ণে তেওঁৰ সুযােগ্য ভাতৃ সেনানায়ক বীৰ চিলাৰায়ৰ সহায়ত ১৫৬৩ খ্রীঃত আহােমসকলক পৰাজিত কৰে। 



২২। গৌড় আক্রমণ কৰাৰ সময়ত চিলাৰায় গৌড়ৰ নবাৰৰ হাতত বন্দী হয়; এই বন্দিত্বৰ পৰা তেওঁ কেনেকৈ মুক্তি পায়? 

উঃ গৌড়ৰ নবাবৰ মাতৃক সর্পদংশনৰ পৰা আৰােগ্য কৰাত নবাবে তেওঁক মুক্তি দিয়ে। 



২৩। কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল? 

উঃ হিড়িম্বাপুৰ (বর্তমান ডিমাপুৰ)। পিছত মাইবং আৰু শেষত খাচপুৰ। 



২৪। প্রথম আহােম ৰজা চুকাফাই ক'ত ৰাজধানী পাতিছিল? 

উঃ শিৱসাগৰ জিলাৰ চৰাইদেউত, ১২৫৩ খ্রীঃত।



২৫। কামাখ্যা মন্দিৰটো প্ৰথমতে কোনে পুনর্নির্মাণ কৰে? 

উঃ ৰজা বিশ্বসিংহই। তেওঁ এই মন্দিৰ সজোৱাৰ আগতে মাটিৰ তলত মহামায়াৰ মূর্তি এটাহে আছিল। 



২৬। বংগদেশৰ ৰাজীৱ লােচন ৰায় নামৰ এজন ব্রাহ্মণ জমিদাৰৰ লগত কামাখ্যা মন্দিৰৰ সম্পর্ক কি আছিল? 

উঃ ৰাজীৱ লােচন ৰায়ে ইছলাম ধর্ম গ্রহণ কৰি কালাপাহাৰ নাম লৈ ১৫৫৩ চনত কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰ ধ্বংস কৰে। (ৰাজীৱ লােচনে। মুছলমান ছােৱালী বিয়া কৰাই পুৰীৰ ব্ৰাহ্মণসকলৰ ওচৰ চাপিছিল তেওঁৰ হিন্দুত্ব বজাই ৰাখিবলৈ। কিন্তু ব্রাহ্মণসকলে তেওঁৰ হিন্দুত্বক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছিল)। 



২৭। কামাখ্যা মন্দিৰ আকৌ কোনে কেতিয়া পুনর্নির্মাণ কৰে? 

উঃ ১৫৬৫ চনত কোচৰজা মহাৰাজ নৰনাৰায়ণৰ নির্দেশ অনুযায়ী তেওঁৰ ভায়েক চিলাৰায় বা শুক্ৰধ্বজৰ নেতৃত্বত নৰনাৰায়ণৰ সেনাধ্যক্ষ মেঘাকুমুদমে নির্মাণ কৰি উলিয়ায়। 



২৮। কামাখ্যা মন্দিৰলৈ উঠি যােবা খটখটি প্রথমে কোনে নির্মাণ কৰিছিল? 

উঃ নৰকাসুৰে। 



২৯। কামাখ্যা, নৱগ্ৰহ আৰু উমানন্দ কোন পাহাৰৰ ওপৰত? 

উ : কামাখ্যা-নীলাচল, 

নৱগ্রহ—চিত্ৰাচল আৰু

উমানন্দ ভস্মাচল পাহাৰৰ ওপৰত। 



৩০। কোন কাশ্মীৰৰ ৰজাই প্রাচীন কামৰূপ ৰাজ্যৰ ৰাজকুমাৰীক বিয়া কৰাইছিল? 

উঃ কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপৰ ৰজা বলবর্মণৰ জীয়েক অমৃতপ্রভাক। বিয়া কৰাইছিল। 



৩১। গােহাইকমল আলিৰ প্ৰথমতে দৈর্ঘ্য কিমান আছিল? 

উঃ কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ ৩৫০ মাইল। 



৩২। অসমত মুছলমান বসতি কেতিয়াৰ পৰা আৰম্ভ হয়? 

উঃ বংগৰ নবাব হুছেইন ছাহে ১৪৯৮ খ্রীঃত ৰজা নীলাম্বৰৰ দিনত কমতা ৰাজ্য আক্ৰমণ কৰি ৰাজধানী কমতাপুৰ ধ্বংস কৰে আৰু পুতেক ডানিয়েলক। কমতাপুৰৰ শাসনকর্তা পাতে। এই ডানিয়েলৰ দিনত অসমত প্রথম মুছলমান। বসতি আৰম্ভ হয়।



৩৩। প্রাচীন কামৰূপৰ প্ৰথম অসুৰ ৰজা কোন আছিল? 

উঃ মহীৰংগদানৱ।



৩৪। ভৌম কাৰ নাম? 

উঃ ৰাহৰূপী বিষ্ণুৰ পৰা পৃথিৱীৰ গৰ্ভত জন্ম হােৱা বাবে নৰকাসুৰৰ আন এটা নাম। এওঁ ঘটকাসুৰক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হয়। 



৩৫। কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ ফলীয়া হৈ যােগ দিওঁতে ৰজা ভগদত্তৰ সৈন্যবাহিনী কি সেনাৰে গঠিত আছিল? এই যুদ্ধত কেনেকৈ অংশ গ্রহণ কৰিছিল? উঃ ভগদত্তৰ সেনাবাহিনী কিৰাত আৰু চীন সৈন্যৰে গঠন কৰা হৈছিল। যুদ্ধত তেওঁ হস্তীবাহিনী পৰিচালনা কৰিছিল। 



৩৬। ভগদত্তৰ পিছত কামৰূপৰ ৰজা কোন হয়? 

উঃ ভগদত্তৰ পুত্র বজ্রদত্ত। 



৩৭। কামৰূপ ৰাজ্যৰ অন্ধকাৰ যুগ বুলি কোন সময়ছােৱাক ক'ব পাৰি? 

উঃ বজ্রদত্তৰ পিছত চতুর্থ শতিকাত পুষ্য বর্মণে বর্মণ অংশ প্রতিষ্ঠা কৰালৈকে প্রায় দুহেজাৰ বছৰৰ এই সময়ছােৱাত কামৰূপৰ ৰজা বা ৰাজ্য শাসন সম্পর্কে কোনাে সম্ভেদ পােৱা নেযায়। সেয়ে এই সময়ছােৱাক প্রাচীন কামৰূপ বুৰঞ্জীৰ অন্ধকাৰ যুগ বুলি ক'ব পাৰি। 



৩৮। কোন কামৰূপৰ ৰজাই উত্তৰ ভাৰতৰ প্রখ্যাত ৰজা হর্ষবর্ধনৰ লগত মিত্রতা কৰিছিল? 

উঃ ভাস্কৰ বৰ্মণ (৫৯৪-৬৫০ খ্রীঃ)। 



৩৯। চীনা পৰিব্রাজক হিউয়েন চাং কেতিয়া কামৰূপলৈ আহিছিল? 

উঃ ৬৪২ খ্রীঃত ভাস্কৰ বৰ্মণৰ দিনত। 



৪০। কামাখ্যা মন্দিৰ প্রথম কোনে প্রতিষ্ঠা কৰা বুলি ধাৰণা কৰা হয়? 

উঃ কামদেৱে। 



৪১। অসমলৈ অহা প্রথম প্ৰব্ৰজনকাৰী জনগােষ্ঠী কোনটো? তেওঁলােকৰ বর্তমান বংশধৰ কোন বুলি চিনাক্ত কৰা হৈছে? 

উঃ অষ্ট্ৰিকগােষ্ঠী। বর্তমান বংশধৰ—খাছিয়া আৰু জয়ন্তীয়াসকল। 



৪২। অষ্ট্ৰিকসকলৰ পিছত অসমলৈ কোন জনগােষ্ঠীয়ে প্ৰব্ৰজন কৰিছিল; সেইসকলৰ বর্তমান উত্তৰাধিকাৰী কোন? 

উঃ মংগােলীয়সকল। এওঁলােক 'বর্তমান অকা, ডফলা, মিচিং (মিৰি), আদি (আবৰ), চিংফৌ, খামটি, নগা, কাৰ্বি, লুচাই, গাৰাে আদি পৰ্বতীয়া জনজাতিসকল আৰু কোচ, কছাৰী, বড়াে মেছ, আহােম, চুতীয়া আদি ভৈয়ামৰ জাতি- উপজাতিবিলাক। 



৪৩। শালস্তম্ভী ৰজাসকলৰ ভিতৰত শ্রেষ্ঠ ৰজা কোন আছিল? 

উঃ শ্রীহর্ষ বা শ্রীহর্ষদেৱ (৭২৫–৭৫০ খ্রীঃ) 



৪৪। কামৰূপ ৰাজ্যৰ নাম পূর্বতে কি আছিল? 

উঃ প্রাগজ্যোতিষপুৰ। নৰকাসুৰে নীলাচল পাহাৰত কামাখ্যাৰ পূজা প্রচলন কৰাৰ পিছৰেপৰা এই ৰাজ্যৰ নাম কামৰূপ আৰু ৰাজধানী প্রাগজ্যোতিষপুৰ (বর্তমান গুৱাহাটী) বুলি অনুমান কৰা হৈছে। 



৪৫। নৰকাসুৰৰ দিনত প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ উত্তৰ-পূবত কোন ৰাজ্য আছিল? 

উঃ বাণ ৰজাৰ ৰাজ্য শােণিতপুৰ। 



৪৬। প্রাচীন কামৰূপ ৰাজ্য কেইভাগত বা পীঠত বিভক্ত আছিল? পীঠবােৰ কি কি? 

উঃ চাৰিভাগত। (১) ৰত্নপীঠ, (২) কামৰূপ বা কামপীঠ (৩) স্বর্ণপীঠ আৰু (৪) সৌমাৰপীঠ।



৪৭। অসমত শিক্ষাৰ মাধ্যম অসমীয়া কৰা আন্দোলনৰ প্ৰথম শ্বহীদ দুজন কোন? ভাষা আন্দোলনৰ কোন? 

উঃ অনিল বৰা আৰু মােজাম্মিল হক। ভাষা আন্দোলনৰ সূৰ্য বৰা। 



৪৮। অসমৰ ছবছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ প্রথম শহীদ কোন? 

উঃ খৰ্গেশ্বৰ তালুকদাৰ। 



৪৯। অসমৰ ভাষা-আন্দোলনৰ প্ৰথম শ্বহীদ দুজন কোন? 

উঃ ৰঞ্জিত বৰপূজাৰী আৰু সূৰ্য বৰা।



৫০। ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লােৱা বাবে এহাল বাই-ভনীক নগাঁৱত পিকেটিং কৰা বাবে ইংৰাজ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। এওঁলােকেই অসমত কাৰাদণ্ডিত হােৱা প্রথম মহিলা আছিল। এওঁলােকৰ নাম কি? 

উঃ গুণেশ্বৰী আৰু মুক্তেশ্বৰী দেৱী। 



৫১। চৈয়দ ছাহ মিলান কোন আছিল? 

উঃ আজান ফকীৰ নামৰ এজন চুফি ধর্ম সংস্কাৰক। 



৫২। আহােমৰ সৈতে মােগলৰ শেষ ৰণ কেতিয়া হৈছিল? 

উঃ গদাধৰ সিংহৰ দিনত ১৬৮১ চনত, ইটাখুলিত। 



৫৩। ল’ৰা ৰজা কাক কোৱা হৈছিল? 

উঃ চুলিফা বা ৰত্নধ্বজ সিংহক। 



৫৪। সূর্যসিদ্ধান্ত' নামৰ জ্যোতিষ শাস্ত্ৰৰ কিতাপখন কোনে লিখা? 

উঃ কবিৰাজ চক্ৰৱৰ্ত্তী। 



৫৫। ‘খােৰাৰজা কাক কোৱা হৈছিল? 

উঃ আহােম স্বৰ্গদেও চুখাম্ফাক। 



৫৬। ধােদৰ আলি কাৰ দিনত বন্ধা হয়? 

উঃ গদাধৰ সিংহৰ দিনত (১৬৮১-১৬৯৬)। 



৫৭। অসমত নামঘৰৰ প্রৱর্তক কোন? 

উঃ শ্ৰীশংকৰদেৱ। 



৫৮। কোন আহােম ৰজাই তামৰ ফলিত লিখি দি দেৱােত্তৰ আৰু ব্ৰহ্মোত্তৰ ভূমি দান কৰিছিল? 

উঃ স্বৰ্গদেও জয়ধ্বজ সিংহই। 



৫৯। কমতাপুৰ ৰাজ্যৰ খেন বংশৰ প্ৰথম আৰু শেষ ৰজা কোন আছিল? 

উঃ প্রথমজন নীলধ্বজ আৰু শেষজন নীলাম্বৰ। 



৬০। মহবন্ধা আলি, কমাৰবন্ধা আলি, বাহাৰ আলি আৰু ন-আলি কাৰ দিনত বন্ধা হৈছিল? 

উঃ কমলেশ্বৰ সিংহৰ দিনত।



৬১। বদন বৰফুকনক কোনে হত্যা কৰিছিল? 

উঃ ৰং সিং চুবেদাৰে। 



৬২। আহােম ৰজাৰ দিনত নৌ বিভাগৰ সেনাধ্যক্ষজনক কি কোৱা হৈছিল? 

উঃ নাওবৈচা ফুকন। 



৬৩। গুৱাহাটীৰ দীঘলীপুখুৰী কাৰ ৰাজত্বকালত খন্দা বুলি জনা যায়? 

উঃ ৰজা ভগদত্ত। জীয়েক ভানুমতীৰ বিয়াৰ সময়ত ৰজা ভগদত্তই সজায়। ভানুমতীক কুৰু ৰজা দুর্যোধনে বিয়া কৰায়।



৬৪। অসমৰ বুৰঞ্জীপ্ৰসিদ্ধ অসমীয়া মহিলা কোন কোন বুলি জনাজাত? 

উঃ ক। উষাদেৱীঃ শােণিতপুৰৰ বাণ ৰজাৰ জীয়েক উষাক শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই বিয়া কৰাইছিল। 

খ। ৰুক্মিণী: বর্তমান শদিয়াৰ ওচৰৰ কুণ্ডিল ৰাজ্যৰ ৰজা ভীষ্মকৰ জীয়েক ৰুক্মিণীক শ্রীকৃষ্ণই বিয়া কৰাইছিল।

গ। ভানুমতীঃ প্রাগজ্যোতিষৰ ৰজা ভগদত্তৰ জীয়েক ভানুমতীক জ্যেষ্ঠ কৌৰৱ দুর্যোধনে বিয়া কাৰইছিল। 

ঘ। অমৃতপ্রভা: কামৰূপৰ ৰজা বলবর্মণৰ জীয়েক অমৃতপ্রভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। 

ঙ। ৰমণী গাভৰু: স্বৰ্গদেউ জয়ধ্বজ সিংহৰ জীয়েক ৰমণী গাভৰুক মােগল সম্রাট আওৰঙ্গজেৱৰ পুতেক আজমতই বিয়া কৰাইছিল। বিয়াৰ পিছত তেওঁৰ নাম হৈছিল ৰহমত বানু। মােগল হেমেত স্থান লাভ কৰি ৰমণী গাভৰুৱে আৰৱী, পাৰ্চী আৰু উর্দু সাহিত্যত পাণ্ডিত্য অর্জন কৰিছিল। 

চ। মুলাগাভৰু: ফ্রাচেংমুং বৰগােহাঁইৰ জীয়েক মুলাগাভৰুৱে মােগল সেনাপতি তুবকৰ অসম আক্ৰমণৰ সময়ত ঘোঁৰাত উঠি মােগলৰ সৈতে যুদ্ধ কৰি ছহিদ হয়। 

ছ। জয়মতী কুঁৱৰী: গিৰিয়েক গদাপাণি কেঁৰৱক ল’ৰাৰজাৰ কোপদৃষ্টিৰপৰা নিৰাপদে নগাপাহাৰলৈ পলুৱাই পঠোৱাৰ পিছত গদাপাণিৰ বাতৰি ল'ৰা ৰজাক জনাবলৈ অস্বীকাৰ কৰে। ফলত ল’ৰাৰজাই জয়মতী কুঁৱৰীক ধৰাই নি চাউডাঙৰ হতুৱাই জেৰেঙা পথাৰত অশেষ নির্যাতন কৰে। সেই অবর্ণনীয় নির্যাতনতে সতী জয়মতীয়ে প্রাণত্যাগ কৰে। 



৬৫। কাৰেংঘৰ, তলাতল ঘৰ কোনে সজায়? 

উঃ আহােম ৰজা ৰাজেশ্বৰ সিংহই (১৭২১-১৭৬৯)। 



৬৬। শিৱসাগৰৰ ৰংঘৰ কোনে সজায়? 

উঃ আহােম ৰজা প্রমত্ত সিংহই (১৭৪৪-১৭৫১)। 



৬৭। গুৱাহাটীৰ উগ্ৰতাৰ মন্দিৰ কোনে সজাইছিল? উঃ শিৱসিংহই, ১৭৭২ চনত। ৰাণী ফুলেশ্বৰীয়ে যােৰপুখুৰী খন্দায়। 



৬৮। মুছলমানসকলে কেইবাৰ অসম আক্ৰমণ কৰে—প্রথম আক্ৰমণকাৰী কোন? 

উঃ ওঠৰবাৰ। মহম্মদ ইবন্ বখটিয়াৰ বা বখটিয়াৰ খিলিজীয়ে ১২০৬ চনত প্ৰথম কামৰূপ ৰাজ্য আক্রমণ কৰে। কিন্তু কামৰূপৰ ৰজা পৃথুৰ হাতত পৰাজিত হয়। 



৬৯। প্রথম মােৱামৰীয়া যুদ্ধ কাৰ দিনত হয়? 

উঃ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। ১৭৬৯ চন। 



৭০। দন্দুৱা বিদ্ৰোহৰ নেতা কোন আছিল—কাৰ দিনত দন্দুৱা বিদ্রোহ হৈছিল? 

উঃ কামৰূপৰ হৰদত্ত আৰু বীৰদত্ত নামৰ দুই ভাই ককাই। আহােম ৰজা কমলেশ্বৰ সিংহ (১৭৯৫-১৮১১) ৰ দিনত। 



৭১। দন্দুৱা বিদ্রোহ কিয় হৈছিল? 

উঃ আহােমৰ বৰফুকন কলিয়াভােমােৰাই কামৰূপত বৰ অসৎ ব্যৱহাৰ আৰু অত্যাচাৰ কৰিছিল কাৰণে। 



৭২। কছাৰী ৰাজ্যৰ সর্বশ্রেষ্ঠ ৰজাজন কোন আছিল? উঃ শত্রুদমন। 



৭৩। কোন আহােম কুঁৱৰীয়ে মহন্তসকলক বলিৰ তেজেৰে ফেঁট দিছিল? 

উঃ ৰাণী ফুলেশ্বৰী কুঁৱৰীয়ে। 



৭৪। কোন আহােম স্বৰ্গদেৱক মােৱামৰীয়াসকলে জয়দ’লত বন্দী কৰি থৈছিল? 

উঃ লক্ষ্মীসিংহক। 



৭৫। অসমৰ মাটিৰ জৰীপ সর্বপ্রথম কোনে কৰে? 

উঃ তুংখুঙীয়া বংশৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ গদাধৰ সিংহই। 



৭৬। বিখ্যাত নামদাং দলংখন কাৰ দিনত সজোৱা হৈছিল? 

উঃ ৰুদ্ৰসিংহৰ দিনত। (১৬৯৬-১৭১৪) 



৭৭। কোন টি কোম্পানীয়ে পােনপ্ৰথমবাৰৰ বাবে অসমৰ বাহিৰৰ পৰা বনুৱা (কুলি) আনি চাহ খেতিত লগায়? 

উঃ আসাম কোম্পানী। ১৮৫৩ চন।



৭৮। অসমলৈ মান কোনে আনিছিল? 

উঃ স্বৰ্গদেউ চন্দ্রকান্ত সিংহৰ দিনত বদন বৰফুকনে অসমলৈ প্রথম মান আনিছিল। ১৮১৫ চনৰ শেষৰ ফালে। 



৭৯। ইয়াণ্ডাবু সন্ধি কেতিয়া হয়। ইয়াৰ ফল কি হয়? 

উঃ ১৮২৬ চনৰ ২৪ ফ্রেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবু নামে ঠাইত মান ৰজাৰ বৃটিছৰ লগত সন্ধি হয়। ফলত অসম ইংৰাজৰ অধীনলৈ আহে। 



৮০। বৃটিছ চৰকাৰে অসমৰ শাসনকাৰ্য প্ৰথমতে কলিকতাৰ পৰা চলাইছিল। অসমৰ বাবে সুকীয়া চীফ কমিছনাৰ কেতিয়া নিয়ােগ কবে? 

উঃ ১৮৭৪ চনত। 



৮১। অসমত প্রথম ধর্মঘট কেতিয়া হয়? 

উঃ ১৮৪৬ চনত আসাম কোম্পানীৰ কছাৰী বনুৱাসকলে দুমাহৰ বাকী থকা মহা আদায় দিবলৈ ধর্মঘট কৰে। তেওঁলােক কৃতকার্য হয়। 



৮২। অসমত চাহ গছৰ খেতি আৰু ব্যৱহাৰ কোনে প্রথম কৰে? 

উঃ চিংফৌসকলে ঘৰুৱাভাৱে খেতি কৰি ঔষধ হিচাপে ব্যৱহাৰ কৰিছিল। 



৮৩। ৰবার্ট ব্রুচে অসমত প্রথম চাহ গছ আৱিষ্কাৰ কৰিছিলনে? 

উঃ নাই কৰা। তেওঁ মাথোঁ অসমত বহল ব্যৱসায়িক ভিত্তিত চাহ খেতি কৰাৰ সম্ভাৱনীয়তা আৱিষ্কাৰ কৰে। 



৮৪। অসমত ফুলগুৰিৰ বিদ্রোহ কেতিয়া হৈছিল? কোন বৃটিছ বিষয়াক হত্যা কৰা হৈছিল? 

উঃ ১৮৬১ চনত। লেঃ চিংগাৰক। 



৮৫। অসমত ছােৱালীৰ বাবে ক’ত প্রথম মিছনেৰী স্কুল স্থাপন কৰে? 

উঃ মিছেছ ব্রাউন আৰু মিছেছ কট্টৰে শিৱসাগৰত। 



৮৬। অসম প্রদেশ কংগ্রেছৰ প্রথম সভাপতি কোন আছিল? 

উঃ কুলধৰ চলিহা। 



৮৭। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথম অসম ভ্ৰমণ কৰিছিল? 

উঃ ১৯২১ চনত। 



৮৮। অসমত প্রথম কংগ্ৰেছ মহাসভা ক’ত কেতিয়া বহিছিল, সভাপতি কোন আছিল? 

উঃ ১৯২৬ চনত পাণ্ডুত। সভাপতি—এছ শ্রীনিবাস আয়েংগাৰ। 



৮৯। গােপীনাথ বৰদলৈয়ে কেতিয়া প্রথম অসমত মন্ত্রীসভা গঠন কৰে অসমত প্রথম মন্ত্রীসভা কোনে গঠন কৰে? 

উঃ ১৮৩৮-৩৯ চনত। প্রথম ছাৰ চৈয়দ ছাদুল্লাই ১৯৩৭ চনত গঠন কৰে। 



৯০। চুটিয়া ৰাজ্য কোন শতিকাত ক’ত প্রতিষ্ঠা হৈছিল? 

উঃ তেৰশ শতিকাত; শদিয়াত। 



৯১। মানে কোন কোন চনত অসম আক্ৰমণ কৰিছিল? 

উঃ প্রথম ১৮১৫, দ্বিতীয় ১৮১৯ আৰু তৃতীয়বাৰ ১৮২১ চনত।



৯২। উত্তৰ কাছাৰ জিলাত থকা কছাৰীসকলক কি বুলি কোৱা হয়? 

উঃ ডিমাচা। 



৯২। আহােমসকলৰ কবৰ দিয়া স্মৃতি সৌধবােক কি কোৱা হয়? 

উঃ মৈদাম। 



৯৩। গুৱাহাটীৰ নৱগ্রহ দেবালয় কোন আহােম ৰজাৰ দিনত সজোৱা হৈছিল? 

উঃ ৰাজেশ্বৰ সিংহ। 



৯৪। প্রথম অসমীয়া খ্রীষ্টিয়ান কোন? 

উঃ নিধি লেৱী ফাৰওৱেল। 



৯৫। আহােমসকলে কেতিয়াৰ পৰা অসমত ৰাজত্ব কৰে? 

উঃ ১২২৮ খৃষ্টাব্দৰ পৰা। 



৯৬। আহােমৰ শেষ ৰজা কোন? 

উঃ চন্দ্রকান্ত সিংহ। ১৮১৯ চনত দ্বিতীয়বাৰ ৰাজপাটত বহে। 



৯৭। গুৱাহাটীৰ উমানন্দ মন্দিৰ কাৰ দিনত সজোৱা হয়? 

উঃ আহােম ৰজা গদাধৰ সিংহৰ দিনত ১৬৯৪ চনত। 



৯৮। শিৱসাগৰৰ জয়দ’ল, জয়সাগৰ পুখুৰী আৰু ৰংগনাথ মন্দিৰ কোনে সজায়? 

উঃ মহাৰাজ ৰুদ্ৰসিংহই নির্মাণ কৰে। 



৯৯। কোন আহােম ৰজাৰ দিনত আহােমসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক গৌৰৱ উচ্চ শিখৰত উপনীত হয়? 

উঃ আহােমৰ সর্বশ্রেষ্ঠ ৰজা ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪) ৰ দিনত। 



১০০। কোন আহােম ৰজাই বিহুগীতক ৰাজকীয় সম্মান দিছিল? 

উঃ মহাৰাজ ৰুদ্ৰসিংহই। 



১০১। গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে স্থাপন কৰে? উঃ দৈত্যগুৰু শুক্রাচাৰ্য্যই প্রথম ইয়াত শিৱলিংগ স্থাপন কৰে বুলি কোৱা হয়। দৰাচলতে আহােম ৰজা প্রমত্ত সিংহই ১৭৪৬ চনত এই মন্দিৰ নিৰ্মাণ কৰে। ১৭২০ চনত আহােম ৰজা শিৱসিংহই অশ্বক্লান্ত অনন্তশায়ী বিষ্ণু নির্মাণ কৰে। তলত থকা জনার্দন বিষ্ণুৰ মন্দিৰটো দৰঙী ৰজাই নির্মাণ কৰা বুলি জনা যায়। 



১০২। শিৱসাগৰ পুখুৰী আৰু শিৱদ’ল কোনে নিৰ্মাণ কৰে? 

উঃ ৰজা শিৱসিংহ আৰু ভার্যা ফুলেশ্বৰী কুঁৱৰীয়ে সজায় (১৬৫৫ চন)। 



১০৩। গৌৰীসাগৰ পুখুৰী আৰু ধাই আলি কোনে সজায় ? 

উঃ শিৱসিংহ আৰু তেওঁৰ ভাৰ্য্যা ফুলেশ্বৰী কুঁৱৰীয়ে (১৭১৪-১৭৪৪)।



১০৪। তেজপুৰৰ পদুম পুখুৰীটো কোন ৰজাৰ দিনত খন্দা হৈছিল? 

উঃ বনমালা বর্মণ। 



১০৫। ভগদত্তৰ ঘোঁৰাটোৰ নাম কি আছিল? 

উঃ ঐৰাৱত। 



১০৬। ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰৰ ভিতৰত দুটা মূর্তি সজায়, এটা তেওঁৰ, আনটো কাৰ? 

উঃ চিলাৰায় বা শুক্ৰধ্বজৰ। 



১০৭। ১৬১৫ চনত কোন মােগল সেনাপতিয়ে প্রথম অসম আক্ৰমণ কৰিছিল? 

উঃ চৈয়দ আবু বকৰ।


১০৮। শৰাইঘাটৰ ৰণত মােগলৰ সেনাপতি কোন আছিল? 

উঃ মোগল সম্রাট ঔৰঙ্গজেৱৰ সেনাপতি বীৰ ৰাজপুত ৰামসিংহ। 



১০৯। কোন স্বৰ্গদেওৰ দিনত অসমত মানৰ আক্ৰমণ হৈছিল? 

উঃ স্বৰ্গদেও চন্দ্রকান্ত সিংহৰ দিনত। 



১১০। অসমত মানৰ আক্রমণ কেইবাৰ আৰু কোন কোন চনত হৈছিল? 

উঃ তিনিবাৰ। ১ম বাৰ – ১৮১৭ খ্রীষ্টাব্দত, ২য় বাৰ – ১৮১৯ খ্রীষ্টাব্দত আৰু ৩য় বাৰ - ১৮২১ খ্রীষ্টাব্দত। 



১১১। অসমলৈ কোনে মান আনিছিল? 

উঃ বদনচন্দ্ৰ বৰফুকনে। 



১১২। অসম কেতিয়া ইংৰাজৰ অধীনলৈ যায়? 

উঃ ১৮২৬ খ্রীষ্টাব্দত। ইয়াণ্ডাবু সন্ধিমতে মান ৰজাৰপৰা ইংৰাজে অসম ৰাজ্য পায়। 



১১৩। স্বাধীনতা যুঁজৰ অসমৰ প্রথম ছহিদ কোন কোন? 

উঃ পিয়লি ফুকন আৰু মণিৰাম দেৱান। 



১১৪। প্রথম অসহযােগ আন্দোলনৰ সময়ত অসমৰ নেতা কোন কোন আছিল? 

উঃ কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ আৰু দেশভক্ত তৰুণৰাম ফুকন। 



১১৫। ১৯৪২ৰ স্বাধীনতা আন্দোলনত অসমৰ কোনে কোনে প্রাণ দিয়ে? 

উঃ কনকলতা, ভােগেশ্বৰী, কুশল কোঁৱৰ, কমলা মিৰি, মুকুন্দ কাকতি, মদন বর্মণ, ৰাউতা বড়াে, তিলক ডেকা, থানুৰাম সূত, লক্ষ্মী হাজৰিকা, বলােৰাম সূত, ৰতন কছাৰী আদিয়ে। 



১১৬। ‘জয়সাগৰ পুখুৰী আৰু জয়দ’ল’ কোনে সজাইছিল? 

উঃ স্বৰ্গদেও ৰুদ্ৰসিংহই নিজ মাতৃদেৱী সতী জয়মতীৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবৰ কাৰণে জেৰেঙা পথাৰত জয়সাগৰ পুখুৰী খনায় আৰু জয়সাগৰ পুখুৰীৰ পাৰতে ‘জয়দ’ল’ সজায়। 



১১৭। শিবসাগৰ পুখুৰী আৰু শিৱদল কোনে সজোৱাইছিল ? 

উঃ স্বৰ্গদেও শিৱসিংহই। 



১১৮। আহােম ভাস্কৰ্য্যৰ (নির্মাণ শিল্প) নিদর্শন কি কি? 

উঃ কাৰেংঘৰ, ৰংঘৰ, তলাতলঘৰ, শিৱদ’ল, জয়দল আদিয়েই আহােম ভাস্কৰ্য্যৰ নিদর্শন। 



১১৯। ভাৰতৰ মােগল সম্রাটসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? 

উঃ চৈধ্যবাৰ। 



১২০। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল আৰু কোন খ্রীষ্টাব্দত? 

উঃ মােগল আৰু আহােম সৈন্যৰ মাজত। ১৬৭১ খ্রীষ্টাব্দত। 



১২১। শৰাইঘাটৰ ৰণত আহােমৰ সেনাপতি কোন আছিল? 

উঃ স্বৰ্গদেও চক্ৰধ্বজ সিংহৰ সুযােগ্য সেনাপতি লাচিত বৰফুকন। 



১২২। প্রাগজ্যোতিষ নামৰ ইতিবৃত্ত কি? 

উঃ ‘প্রাক' মানে আগৰ বা পূবৰ আৰু 'জ্যোতিষ’ মানে আকাশৰ গ্রহ-নক্ষত্র আদিৰ গণনা-কাৰ্য। অতীজত গ্রহ-নক্ষত্র আদিৰ গণনা-কাৰ্য্যত ভাৰতবৰ্ষৰ এই পূবৰ ৰাজ্যখন প্রখ্যাত আছিল আৰু সেই কাৰণেই এই ৰাজ্যখনৰ নাম ‘প্রাগজ্যোতিষ' আৰু ৰাজধানীৰ নাম ‘প্রাগজ্যোতিষপুৰ’ হয়। বর্তমান গুৱাহাটী নগৰখনেই তাহানিৰ প্ৰাগজ্যোতিষপুৰ। 



১২৩। কামৰূপ নামৰ ইতিবৃত্ত কি? 

উঃ পৌৰাণিক আখ্যান মতে এসময়ত মহাদেৱৰ তপস্যা ভঙ্গ কৰাৰ অপৰাধত মহাদেৱৰ ক্রোধাগ্নিত কামদেৱ ভস্মীভূত হ’ল। কামদেৱৰ পত্নী ৰতিদেৱীৰ আৰাধনাত মহাদেৱ সন্তুষ্ট হৈ কামদেৱক পুনঃ জীৱন দান দিলে। কামদেৱে’ পুনঃ ৰূপ পােৱা কাৰণেই এই ৰাজ্যখনৰ নাম 'কামৰূপ’ হ'ল। 



১২৪। কামৰূপৰ আদি ৰজা কোন আছিল? 

উঃ দানৱ বংশৰ ৰজা-মহীৰঙ্গ দানৱ। তাৰ পিছত অসুৰ বংশৰ ৰজাসকলে ৰাজত্ব কৰে। তেওঁলােকৰ ভিতৰত হটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ, নৰকাসুৰ, ভগদত্ত আদিয়েই প্রধান।



১২৫। মহাভাৰতত উল্লেখ থকা অসমীয়া ৰজাজন কোন? 

উঃ কামৰূপৰ ৰজা ভগদত্ত। কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তই কৌৰৱপক্ষৰ হৈ যুঁজিছিল; কাৰণ ভগদত্তৰ জীয়েক ভানুমতীক কৌৰৱৰাজ দুৰ্য্যোধনে বিয়া কৰাইছিল। 



১২৬। শােণিতপুৰ ক'ত? 

উঃ আজিকালিৰ তেজপুৰ নগৰেই এসময়ত ‘শােণিতপুৰ' নামেৰে প্রখ্যাত আছিল। এই শােণিতপুৰতেই বাণৰজা নামেৰে দৈত্যবংশীয় ৰজা এজনে ৰাজত্ব কৰিছিল আৰু তেওঁৰেই জীয়েক উদেৱীক দ্বাৰকাৰ (বর্তমান গুজৰাট ৰাজ্যৰ ওচৰত) ৰজা শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল। 



১২৭। বিদর্ভ ৰাজ্য কত? 

উঃ বর্তমান শদিয়াৰ ওচৰতেই বিদর্ভ ৰাজ্য আছিল। বিদৰ্ভৰ ৰাজকন্যা ৰুক্মিণীদেৱীক দ্বাৰকাৰ ৰজা শ্রীকৃষ্ণই বিয়া কৰাইছিল। 



১২৮। হিড়িম্বাপুৰ ক'ত? 

উঃ আজি-কালিৰ ডিমাপুৰৰ (বর্তমান নগাভূমিৰ অন্তৰ্গত) ওচৰতেই হিড়িম্বপুৰ ৰাজ্য আছিল। এই ৰাজ্যৰ ৰজা হিড়িম্বৰ ভনীয়েক হিডিম্বাক দ্বিতীয় পাণ্ডৱ ভীমে বিয়া কৰাইছিল। এওঁলােকৰ পুত্ৰ ঘটোৎকচ কুৰুক্ষেত্ৰৰ ৰণত পাণ্ডৱৰ হৈ মহাপৰাক্ৰমেৰে যুঁজি কৰ্ণৰ হাতত নিহত হৈছিল। 



১২৯। কোঁচ ৰাজ্যৰ প্রতিষ্ঠাতা কোন আৰু কোঁচ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? 

উঃ মহাৰাজ বিশ্বসিংহ। কোঁচ ৰাজ্যৰ ৰাজধানীৰ নাম ‘কোচবিহাৰ’ (বর্জন পশ্চিমবঙ্গত)। 



১৩০। নৰনাৰায়ণ কোন আছিল? 

উঃ মহাৰাজ বিশ্বসিংহৰ পুতেক। নৰনাৰায়ণ কোঁচ বংশৰ শ্ৰেষ্ঠ আৰু প্ৰতাপী ৰজা আছিল। তেওঁৰ পূৰ্বৰ নাম আছিল মল্লদেৱ। 



১৩১। চিলাৰায় কোন আছিল? 

উঃ চিলাৰায় মহাৰাজ নৰনাৰায়ণৰ ভায়েক আৰু তেওঁৰ প্রধান সেনাপতি আছিল। এওঁৰ পূৰ্বৰ নাম আছিল শুক্লধ্বজ। 



১৩২। কছাৰী ৰাজ্যৰ সর্বশ্রেষ্ঠ ৰজা কোন আছি

ল? উঃ ৰজা শত্রুদমন। 



১৩৩। কছাৰীসকলৰ ইতিবৃত্ত কি? 

উঃ কছাৰীসকল অসমৰ আদি বাসিন্দা। এওঁলােক দ্বিতীয় পাণ্ডৱ ভীমৰ পুত্র ঘটোৎকচৰ বংশধৰ বুলি চিনাকি দিয়ে। এওঁলােকৰ ধাৰণা যে কছাৰী জাতিৰ নামৰপৰাই কাছাৰ জিলাৰ নাম হৈছে। এওঁলােক বড়াে বুলিও জনাজাত। কোঁচ, চুটিয়া, লালুং, ৰাভা আদি বড়াে-কঘৰী জাতিৰেই বিভিন্ন ঠাল। 



১৩৪। অসমত বর্মণ বংশৰ ধ্বশ্রেষ্ঠ ৰজা কোন আছিল? 

উঃ কুমাৰ ভাস্কৰ বৰ্মণ। এখেতৰ ৰাজত্ব কালতেই চীনদেশৰ পৰিব্রাজক (পৰ্য্যটক) হিউৱেন চাং নামৰ মানুহ এজন অসমলৈ আহিছিল। 



১৩৪। আহােমসকল অসমলৈ কেতিয়া আহে? 

উঃ ত্রয়ােদশ শতিকাৰ প্রথম ভাগত। 



১৩৫। আহোমৰ সৰ্বপ্ৰথম ৰজাজনৰ নাম কি আৰু তেওঁ কিমান দিন ৰাজত্ব কৰিছিল?

উ: চুকাফা। তেওঁ মুঠ ৪০ বছৰ ৰাজত্ব কৰিছিল।



১৩৬। আহোমৰ শেষ ৰজাজনৰ নাম কি?

উ: স্বৰ্গদেউ পুৰন্দৰ সিংহ।



১৩৭। আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল?

উ: প্রায় ৬০০ বছৰ। মুঠ ৪০ জন ৰজাই ৰাজত্ব কৰিছিল।



১৩৮। হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল?

উ: গিয়াচুদ্দিন আউলিয়াই।



১৩৯। অসমৰ মাটিৰ জৰীপ কাৰ্য প্রথমতে কোনে প্ৰৱৰ্তন কৰে?

উ: স্বৰ্গদেউ গদাধৰ সিংহই।



১৪০। হিন্দু ধর্ম গ্রহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল?

উ: চুহুং মুং (দিহিঙীয়া বজা)।



১৪১। কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহ ঘোষণা কৰিছিল?

উ: গোমধৰ কোঁৱৰে।



১৪২। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল?

উ: ইটাখুলি ৰণ (১৬৮২ খ্রীঃ)।



১৪৩। ধোদৰ আলি আৰু আঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল?

উ: স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত।



১৪৪। স্বৰ্গদেউ উপাধি গ্রহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল?

উ: চুহুং মূং (দিহিঙীয়া ৰজা)।



১৪৫। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ পূৰ্বৰ নাম কি আছিল?

উ: লাই কোঁৱৰ (চুখ্ৰামফা, ১৬৯৬-১৭১৪)।



১৪৬। কোনজন আহোম ৰজাই নিজৰ মাকৰ স্মৃতিচিহ্ন হিচাপে জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল?

উ: স্বৰ্গদেউ ৰুদ্র সিংহই।



১৪৭। আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি?

উ: চুলিকফা বা ল'ৰা ৰজা (ৰত্নধ্বজ সিংহ)।



১৪৮। অসমৰ বুৰঞ্জীত কাক নকল আহোম (জলমবঁটা) আখ্যা দিয়া হৈছে?

উ: স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজমন্ত্রী নুমলী বৰগোহাঁইয়ে তেওঁৰ ৰচিত 'চকৰি ফেঁটী' বুৰঞ্জীত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক নকল আহোম নামে আখ্যা দিছিল।



১৪৯। শিৱসাগৰৰ গড়গাওঁৰ তলাতল ঘৰ, ৰংপুৰৰ ৰংঘৰ আৰু নেঘেৰিটিঙৰ শিৱ দল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল?

উ:স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।



১৫০। শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল?

উ: স্বৰ্গদেউ প্রমত্ত সিংহই।



১৫১। কোনজন আহোম ৰজাৰ ৰাজত্ব কালত আসনত মাটিৰ প্ৰতিমা সাজি দুর্গা পূজা কৰিছিল?

উ: স্বৰ্গদেউ চুখ্রাংফা বা ৰুদ্ৰ সিংহৰ দিনত।



১৫২। নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাকোঁ নিৰ্মাণ কৰিছিল?

উ: মহাৰাজ ৰুদ্ৰ সিংহই।



১৫৩। অশ্বক্লান্ত আৰু দীর্ঘেশ্বৰী দৌল কোনজন ৰজাৰ দিনত নিৰ্মাণ হৈছিল?

উ: স্বৰ্গদেউ শিৱসিংহৰ দিনত।



১৫৪। অসমলৈ সর্বপ্রথম মানসকলক কোনে আনিছিল?

উ: বদন বৰফুকনে।



১৫৫। কেতিয়াৰ পৰা অসম বৃটিছৰ অধীনলৈ যায়?

উ: ১৮২৬ খ্ৰীঃৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা ইংৰাজ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত স্বাক্ষৰিত হোৱা ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসম ব্ৰিটিছৰ অধীনলৈ যায়।



১৫৬। কোনজন আহোম ৰজাৰ দিনত প্রথম মোৱামৰীয়া বিদ্রোহ হৈছিল?

উ: স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত।



১৫৭। কাৰ দিনত চীনা পৰিব্রাজক হিউৱেন চাং অসমলৈ আহিছিল?

উ: কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত।



১৫৮। চুকাফা কোন চনত ৰজা হয়?

উ: ১২২৮ খ্রীঃত



১৫৯। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?

উ: চৰাইদেউত।



১৬০। মুছলমানে প্রথম অসম আক্রমণ কেতিয়া কৰিছিল?

উ: ১২০৬ খ্রীঃত।



১৬১। মুছলমানে কেইবাৰ অসম আক্রমণ কৰে?

উ: ১৮ বাৰ।



১৬২। মুছলমানৰ শেষ আক্রমণ কাৰ দিনত হৈছিল?

উ: গদাধৰ সিংহৰ দিনত।



১৬৩। কোঁচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উ: নৰনাৰায়ণ।



১৬৪। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উ: কুমাৰ ভাস্কৰ বৰ্মন।



১৬৫। শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল?

উ: চক্রধজ সিংহৰ দিনত।



১৬৭। শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল?

উ: লাচিত বৰফুকন।



১৬৮। শৰাইঘাটৰ যুদ্ধত মুছলমানৰ সেনাপতি কোন আছিল?

উ: ৰাম সিংহ।



১৬৯। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উ: ১৯৮৫ চনৰ ১৫ আগষ্টত।



১৭০। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল?

উ: পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱা।



১৭১। প্রথম অসমীয়া বুৰঞ্জীবিদ কোন আছিল?

উ: হলীৰাম ফুকন।



১৭২। অসমৰ প্ৰাচীনতম্ নাম- প্রাগজ্যোতিষপুৰ আৰু কামৰূপ



১৭৩। প্রাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্রন্থখন- কালিকা পুৰাণ।



১৭৪। অসমৰ প্ৰাচীনতম্ শাসকগৰাকী মহীৰংগ দানৱ।



১৭৫। প্রাগজ্যোতিষৰ পশ্চিম সীমাত- বর্তমান বাংলাদেশৰ কৰতোৱা নদী।



১৭৬। প্রাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত- বংগোপসাগৰ।



১৭৭। প্রাচীন কামৰূপ ৰাজ্যৰ চাৰিটা ভাগত বিভক্ত আছিল-



ক) কামপীঠ- (সোণকোষ বা স্বর্ণকোষ নদীৰপৰা ৰূপহী নদীলৈকে।)

খ) ৰত্নপীঠ- (পূবে স্বর্ণকোষ নদীৰপৰা পশ্চিমে বৰ্তমানৰ বাংলাদেশৰ কৰতোৱা নদীলৈকে বিস্তৃত অঞ্চল।

গ) স্বর্ণপীঠ- (ৰূপহীৰ পৰা ভৰলী নদীলৈ।)

ঘ) সৌমাৰপীঠ- (ভৰলীৰপৰা দিকৰাই বা ডিক্রঙলৈ।)



১৭৮। আহোমসকলৰ ভাষাত অসমৰ নাম- মুংদুনদুন খাম।



১৭৯। আহোমসকল অসমলৈ আহিছিল- ১২২৮ খ্রীঃত।



১৮০। আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল- স্বৰ্গদেউ চুকাফাই।



১৮১। আহোমৰ প্ৰথম ৰাজধানী- চৰাইদেউ।



১৮২। আহোমসকলৰ শ্রেষ্ঠ ৰজা আছিল- স্বৰ্গদেউ ৰুদ্ৰসিংহ।



১৮৩। আহোমৰ শেষ ৰজাজন পুৰন্দৰ সিংহ। 



১৮৪। পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন- চুক্লেনমুং।



১৮৫। আহোম প্রথামতে হোৱা বিবাহ- চকলং।



১৮৬। ল'ৰাৰজাৰ প্ৰকৃত নাম- চুলিকফা।



১৮৭। সতী জয়মতী- আহোম ৰজা গদাধৰ সিংহৰ পত্নী। এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসর্গা কৰি সতীত্বৰ খ্যাতি অর্জন কৰিছিল।



১৮৮। সতী জয়মতীক শাস্তি দিয়া পথাৰখন- জেৰেঙা পথাৰ।



১৮৯। মূলা গাভৰু- বৰগোঁহাই ফ্ৰাংচেংমুঙৰ পত্নী। তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্রু পক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল।



১৯০। শৰাইঘাটৰ যুদ্ধ হৈছিল- ১৬৭১ খ্রীঃত। (মোগল আৰু আহোমৰ মাজত হৈছিল)।



১৯১। শৰাইঘাটৰ যুদ্ধৰ দুয়োপক্ষৰ সেনাপতি আছিল- লাচিত বৰফুকন (আহোম) আৰু ৰাম সিং (মোগল)।



১৯২। প্রথম মোৱামৰীয়া বিদ্রোহ হৈছিল- ১৭৬৯ খ্রীঃত।



১৯৩। দন্দুৱা বিদ্রোহ হৈছিল- আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত।



১৯৪। দন্দুৱা বিদ্রোহ নেতা- হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই-ককাই।



১৯৫। দন্দুৱা বিদ্ৰোহৰ কাৰণ- কামৰূপত আহোম বৰফুকন কলীয়া ভোমোৰাৰ অত্যাচাৰ।



১৯৬। জলমবটা বা নকল আহোম ৰজা কীর্ত্তিচন্দ্র।



১৯৭। 'চকৰী ফেঁটী' বুৰঞ্জীৰ ৰচক- নুমলী বৰগোঁহাই।



১৯৮। মোগলসকলে অসম আক্ৰমণ কৰিছিল- ১৭ বাৰ।



১৯৯। মানৰ প্ৰথম অসম আক্রমণ হৈছিল- ১৮৭১ খ্রীঃত।



২০০। অসমলৈ মান আনিছিল- বদন বৰফুকনে।



২০১। দিহিংগীয়া ৰজাৰ প্ৰকৃত নাম- চুহুংমুং (দিহিং নদীৰ পাৰত ৰাজধানী প্রতিষ্ঠা কৰাৰ কাৰণে)।



২০২। খোৰা ৰজা- চুথ্রাংফা।



২০৩। ভগনীয়া ৰজা- জয়ধ্বজ সিংহ।



২০৪। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা- কুমাৰ ভাস্কৰ বৰ্মন।



২০৫। কুৰক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন- ভগদত্ত (কৌৰৱ পক্ষৰ হৈ)।



২০৬। বাণ ৰজাৰ ৰাজধানী- শোণিতপুৰ।



২০৭। বাণ ৰজাৰ কন্যা- উষাদেবী।



২০৮। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে নৰকাসুৰে।



২০৯। কোচ বংশৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণ।



২১০। নৰনাৰায়ণৰ সেনাপতি- মহাবীৰ চিলাৰায়।



২১১। ইয়াণ্ডাবু সন্ধি- ১৮২৬ খ্রীঃত হয়। এই সন্ধি মান ৰজা আৰু বৃটিছৰ মাজত হৈছিল। সন্ধিৰ স্বৰ্ত্তমতে অসম ইংৰাজৰ অধীনলৈ যায়।



২১২। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ- পিয়লি ফুকন।



২১৩। মণিৰাম দেৱানৰ ফাঁচি- ১৮৫৮ চনত।



২১৪। ইংৰাজে বন্দী কৰা আহোম ৰজাজন- পুৰন্দৰ সিংহ।



২১৫। অসমৰ আটাইতকৈ ওখ মন্দিৰটো- শিৱদৌল।



২১৬। অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন- বদন বৰফুকন।



২১৭। চিপাহী বিদ্রোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন- মণিৰাম দেৱান।



২১৮। ১৯৪২ চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওতে শ্বহীদ হোৱা কিশোৰীজনী- কনকলতা।



২১৯। ১৯৪২ চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন- মুকুন্দ কাকতি।



২২০। ১৯৪২ চনৰ আন্দোলনত বঢ়মপুৰত শ্বহীদ হোৱা মহিলা গৰাকী-ভোগেশ্বৰী ফুকননী।



২২১। অসমৰ কৃষক বিদ্রোহত ফুলগুৰিৰ সংঘৰ্ষত ১৮৬১ চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন- লেফটেনান্ট চিংগাৰ।



২২২। ফুলগুৰিৰ কৃষক বিদ্রোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা- ৫৪ জন।



২২৩। দিহিঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন- শ্রীমন্ত শংকৰদেৱ।



২২৪। ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভবিষ্যৎবাণী কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন-শির সিংহ।



২২৫। পথৰুঘাটৰ ৰণ হৈছিল- ১৮৯৪ চনত।



২২৬। 'অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ জন্ম- ১৮৮৮ চনৰ ২৫ আগষ্ট।



২২৭। আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠিওর সন্ধিটো- ঘিলাঝাৰী ঘাটৰ সন্ধি।



২২৮। আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ- ইটাখুলি ৰণ।



২২৯। মুছলমানসকলে প্রথম অসম আক্ৰমণ কৰিছিল- ২০৬ খ্রীঃত।



২৩০। মানৰ প্ৰথম আক্রমণ- ১৮১৭ চনত।



২৩১। মহাত্মাগান্ধী অসমলৈ আহে- ১৯২১ চনত।



২৩২। অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি- তৰুণৰাম ফুকন।



২৩৩। ১৯৪২ চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচী দিয়া অসমীয়াজন-কুশল কোঁৱৰ।



২৩৪। অসমত 'দাস প্রথা' বিলোপ হয়- ১৮৪৩ চনত।








Post a Comment

0Comments
Post a Comment (0)