GK in Assamese
General Knowledge GK Questions and Answers in Assamese - Tet exam question paper with answer pdf download - Tet exam model question paper - Tet exam old question paper with answer- Most Important questions answers for Tet exam Assam
GK in Assamese
১। জীৱ কাক বােলে?
উঃ যাৰ জীৱন আছে তাক জীৱ বােলে।
২। পৰুৱা এটাই কিমান গধুৰ বােজা কঢ়িয়াব পাৰে?
উঃ নিজৰ ওজনৰ চাৰিগুণ গধুৰ।
৩। কণী পৰা প্রাণীক কি বােলে?
উঃ অণ্ডজ।
৪। কি প্রাণীয়ে যৌন আৰু অযৌন উভয় ক্ৰিয়াৰে প্ৰজনন ঘটায়?
উঃ হাইড্রা।
৫। সন্তান প্রসৱ কৰা প্রাণীক কি বােলে?
উঃ জৰায়ুজ।
৬। গছ বন আৰু প্রাণীদেহৰপৰা উৎপন্ন হােৱা এচিডক কি বােলে?
উঃ জৈৱ এচিড।
৭। কি প্রাণীৰ ঠেঙত চকু থাকে?
উঃ ফৰিঙৰ।
৮। এজনী ৰাণী মৌ কিমান দিন জীয়াই থাকে আৰু এদিনত কিমান কণী পাৰিব পাৰে?
উঃ ৩/৪ বছৰলৈকে জীয়াই থাকে আৰু দিনে প্রায় ২০০০ টা কণী পাৰে।
৯। কি মাছ আটাইতকৈ বিষাক্ত?
উঃ ষ্টোন ফিছ।
১০। বিশ্বৰ আটাইতকৈ ডাঙৰ স্থলচৰ জন্তু কি?
উঃ আফ্রিকাৰ হাতী।
১১। কি চৰাইৰ পাখি নাই?
উঃ টাকাহে (নিউজিলেণ্ড)।
১২। কি সাপ আটাইতকৈ বেগী?
উঃ আফ্রিকাৰ “ব্লে মাম্বা”।
১৩। কি চৰাই আটাইতকৈ বেগী?
উঃ স্পিন টেইড চুইফট।
১৪। পানীত থকা আটাইতকৈ ডাঙৰ আৰু দীঘল সাপৰ নাম কি?
উঃ এনকোণ্ডা (ANOCONDA)।
১৫। প্রাণীদেহত হৰমােন সৃষ্টিকৰী গ্রন্থিক কি বােলে?
উঃ এণ্ডোক্রিন গ্রন্থি।
১৬। জীৱ-জগতক প্ৰধানকৈ কেইটাভাগত ভাগ কৰা হৈছে?
উঃ দুটা। উদ্ভিদ আৰু প্রাণী।
১৭। কি প্রাণী উভয় লিঙ্গ?
উঃ কেঁচু।
১৮। ম’ৰা চৰাইৰ নেজত কেইখিলা পাখি থাকে?
উঃ ১৮ খিলা।
১৯। আটাইতকৈ সাহসী জন্তু কি?
উঃ বনৰীয়া গাহৰি।
২০। কি জন্তুৱে থিয় হৈ শােৱে?
উঃ ঘোঁৰাই।
২১। মৌমাখিৰ চকু কেইটা?
উঃ পাঁচটা।
২২। অক্টোপাছ কি?
উঃ এবিধ সামুদ্রিক প্রাণী। ইহঁতৰ ৮ ডাল শূৰ থাকে।
২৩। কি জন্তুৱে মুখেৰে মাতিব নােৱাৰে?
উঃ- জিৰাফে।
২৪। কোন-কোন প্রাণীক লৈ ‘চিদি পৰিয়াল’ গঠিত হৈছে?
উঃ- গৰিলা, চিম্পাঞ্জী, ওৰাংওটাং আৰু গিবন।
২৫। ঘাঁহ খােৱা গাইগৰুৰ গাখীৰত চৰ্বিৰ পৰিমাণ কেতিয়া বাঢ়ে?
উঃ জহ কালত।
২৬। কি স্তন্যপায়ী প্রাণীয়ে কণী পাৰে?
উঃ প্লেটিপাচ।
২৭। বাঘ আৰু সিংহৰ বৰ্ণসংকৰ পােৱালিক কি বােলে?
উঃ টাইগন।
২৮। হাঁহ-কুকুৰাৰ কণী-উমনি দিবলৈ কিমান উত্তাপৰ প্রয়ােজন?
উঃ ১০১ ডিগ্রী ফাৰেণ হাইট
২৯। কৃত্রিমভাৱে কণী উমনি দিয়া যন্ত্ৰটোৰ নাম কি?
উঃ ইনকুৱেটৰ।
৩০। মাছৰ বয়স কেনেকৈ নির্ণয় কৰিব পাৰি?
উঃ মাছৰ বাকলিৰ ওপৰত সৃষ্টি হােৱা ঘূৰণীয়া দাগবােৰৰ সহায় লৈ।
৩১। আটাইতকৈ ডাঙৰ প্ৰাণী-কোষ কি?
উঃ উট পক্ষীৰ কণী।
৩২। কি মাছে উৰিব পাৰে?
উঃ ফ্লিপাৰ।
৩৩। মাতৃ আৰু গৰ্ভস্থ সংযােগী অংশটিক কি বােলা হয়?
উঃ প্লেচেন্টা।
৩৪। কণীৰ বগা বিজলুৱা অংশত থকা প্ৰটিনৰ নাম কি?
উঃ এলবুমেন।
৩৫। শামুক কিমান বেগেৰে যাব পাৰে?
উঃ শামুক অতি লাহে লাহে যায়। এক কিলােমিটাৰ বাট যাবলৈ শামুক প্রায় ১৫ দিন সময় লাগে।
৩৬। অলপ পানীত মাছ মৰে কিয়?
উঃ কম পানীত থকা অক্সিজেন শেষ হৈ যায় কাৰণে।
৩৭। চৰাইৰ দাঁত আছে নে?
উঃ কোনাে চৰাইৰে দাঁত নাই।
৩৮। কি জন্তু আটাইতকৈ বেগী?
উঃ নাহৰফুটুকী বাঘ।
৩৯। তিমি কিমান দিন জীয়াই থাকে?
উঃ তিমি প্রায় ৫০০ বছৰ।
৪০। সৰীসৃপ কাক বােলে?
উঃ বুকুৰে বগােৱা প্রাণী—সাপ, কেঁচু আদিক ‘সৰীসৃপ’ বােলে।
৪১। শগুণ কিমান দিন জীয়াই থাকে?
উঃ শগুণ প্রায় ১২০ বছৰ
৪২। প্রাণীয়ে চকু নুমুদাকৈ শােৱে?
উঃ মাছ। চকু মুদিবলৈ মাছৰ চকুত পতা নাই।
৪৩। হাতী কিমান দিন জীয়াই থাকে?
উঃ হাতী প্রায় ৬০ বছৰ।
৪৪। কাছ কিমান দিন জীয়াই থাকে?
উঃ কাছ প্রায় ১০০ বছৰ।
৪৫। গড় কিমান দিন জীয়াই থাকে?
উঃ গড় প্রায় ৫০ বছৰ।
৪৬। জীৱ-জন্তুবিলাকক সাধাৰণতে কেইভাগত ভগাব পাৰি?
উঃ তিনি ভাগত।
(১) জলচৰ, (২) স্থলচৰ আৰু (৩) উভচৰ।
৪৭। আটাইতকৈ ওখত বাস কৰা জন্তুৰ নাম কি?
উঃ তিবৃতৰ ইয়ক বা কুঁৱৰি পহু।
৪৮। কি জন্তুৱে পােৱালি জন্ম দি দুমাহলৈকে শুই থাকে?
উঃ ভালুক।
৪৯। স্তন্যপায়ী প্রাণী কাক বােলে?
উঃ যিবােৰ প্ৰাণীৰ পােৱালিয়ে মাকৰ গাখীৰ খাই ডাঙৰ-দীঘল হয়, সিহঁতক স্তন্যপায়ী প্রাণী বােলে।
৫০। কি স্তন্যপায়ী জন্তুৱে কণী পাৰি পােৱালি জগায়?
উঃ অষ্ট্রেলিয়া আৰু নিউগিনিৰ প্লাটিপাছ।
GK in Assamese
৫১। কি জন্তু নিশাচৰ, সৰ্বভােজী, স্তন্যপায়ী আৰু মাটিত গাত খান্দি বাস কৰে?
উঃ দক্ষিণ আমেৰিকাৰ আর্মাডিল।
৫২। এটা পূর্ণবয়স্ক উটৰ কুঁজটোৰ ওজন কিমান?
উঃ ৪৫ কিলােগ্রাম পর্যন্ত।
৫৩। কোন প্রাণীৰ চকু নাই?
উঃ কেঁচুৰ।
৫৪। সাপৰ কাণ আছে নে?
উঃ সাপে জিভাৰেহে শুনে। কাণ নাই।
৫৫। আটাইতকৈ ডাঙৰ স্থলচৰ জন্তু কি?
উঃ আফ্রিকাৰ বুশ্ব হাতী। ওখ ১১ ফুট আৰু ওজন ৭ টন পর্যন্ত।
৫৬। আটাইতকৈ ডাঙৰ কলিজাৰ জন্তু কি?
উঃ জিৰাফ। ব্যাসার্ধ ২ ফুট আৰু ওজন ১২ কিলােগ্রাম পর্যন্ত।
৫৭। কি জন্তুৰ দাঁত নাই?
উঃ উত্তৰ আমেৰিকাৰ শ্লথৰ দাঁত নাই।
৫৮। ফেঁচা আৰু বাদুলি দিনত নােলায় কিয়?
উঃ ফেঁচা আৰু বাদুলিৰ চকুৱে সূৰ্য্যৰ ৰশ্মি সহ্য কৰিব নােৱাৰে, সেইবাবে দিনত আন্ধাৰ ঠাইত লুকাই থাকে।
৫৯। জন্তুৱে গছত তলমূৰকৈ ওলমি পাত খাই ফুৰে?
উঃ উত্তৰ আমেৰিকাৰ শ্লথ।
৬০। কি জন্তুৱে জঁপিয়াই যায়?
উঃ অষ্ট্রেলিয়াৰ কেন্সাৰু।
৬১। হাঁহৰ পাখি পানীত নিতিতে কিয়?
উঃ হাঁহৰ পাখিত এবিধ তেল-জাতীয় পদার্থ থাকে কাৰণে পানীত নিতিতে।
৬২। কোন দেশৰ গঁড়ৰ পিঠিত নােম আছে?
উঃ সুমাত্রা (ইন্দোনেচিয়া)।
৬৩। মেকুৰীয়ে পানীলৈ ভয় কৰে কিয়?
উঃ মেকুৰীৰ নােমত কোনাে তেল জাতীয় পদার্থ নথকাৰ কাৰণে পানী পৰিলে ছাললৈকে তিতে। সেই কাৰণে মেকুৰীয়ে পানীলৈ ভয় কৰে।
৬৪। জন্তুৰ জিভা তাৰ শৰীৰতকৈও ডাঙৰ?
উঃ নীলগিৰি পৰ্বতৰ অৰণ্য অঞ্চলত থকা তেজপিয়াৰ।
৬৫। কি জন্তুৰ তেজ আটাইতকৈ তপত?
উঃ সিন্ধু ঘােটক।
৬৬। কি পহুৰ শিং নাই?
উঃ শহাপহু আৰু কস্তুৰী পহুৰ শিং নাই।
৬৭। মেকুৰীৰ চকু ৰাতি জিলিকে কিয়?
উঃ মেকুৰীৰ চকুৰ ভিতৰত ‘পেটাম’ নামৰ এবিধ পদার্থ আছে। এইবিধ পদাৰ্থৰপৰাই ৰাতি উজ্জ্বল পােহৰ ওলাই চকুৰ মণিত প্রতিফলিত হয় আৰু চকু দুটা জিলিকি উঠে। সেই কাৰণেই মেকুৰীয়ে ৰাতিও দেখে।
৬৮। সাপৰ বিষ ক'ত আছে?
উঃ সাপৰ মুখৰ সন্মুখৰ ফালে দুটা ডাঙৰ চোকা দাঁত থাকে। এই দাঁত দুটাৰ গুৰিত বিষ জমা হৈ থাকে।
৬৯। কি এন্দুৰে বছৰত কেইটাকৈ পােৱালি জন্ম দিয়ে?
উঃ ৬০ ৰ পৰা ৭০ টাকৈ।
৭০। গৰুৰ গাৰ কোন অংশত ঘামে?
উঃ নাকত; কাৰণ গৰুৰ নাকতহে ঘাম-গ্রন্থি আছে।
৭১। মকৰাৰ চকু আৰু ঠেং কেইটা?
উঃ প্ৰায়বােৰ মকৰাৰ চকু আঠোটা; কিন্তু কিছুমান মকৰাৰ ছ’টা চকুও থাকে। সকলাে ধৰণৰ মকৰাৰ ঠেং আঠখন।
৭২। কুকুৰে জিভা উলিয়াই ফেঁপায় কিয়?
উঃ ভাগৰ লাগিলে শৰীৰ শীতল কৰিবলৈ ঘাম-গ্রন্থিৰ আৱশ্যক। কিন্তু কুকুৰৰ ভৰিৰ তলুৱাৰ বাহিৰে শৰীৰৰ অইন ঠাইত ঘামগ্ৰন্থিৰ ভাল ব্যৱস্থা নাই। সেই কাৰণেই কুকুৰে ভাগৰত জিভা উলিয়াই উশাহ লৈ নিজৰ শৰীৰ শত পেলায়।
৭৩। কি প্রাণীয়ে শীতকালত আহাৰ নােখােৱাকৈ থাকে?
উঃ ভেকুলী।
৭৪। কোনবিধ সামুদ্রিক প্রাণীয়ে উদ্ভিদৰ দৰে একে ঠাইতে থাকে?
উঃ স্পঞ্জ।
৭৫। কোনবিধ জলচৰ প্ৰাণীয়ে সাঁতুৰিবলৈ এৰিলে পানীত উপঙি থাকিব নােৱাৰে?
উঃ হাঙ্গ।
৭৬। কি কি সাপে কণী নাপাৰে, পােৱালি জগায়?
উঃ ভাইপাৰ আৰু জুনজুনি।
৭৭। পখিলাৰ কাণ আছে নে?
উঃ পখিলাৰ আগ-ঠেং দুখনত শুনাৰ কৌশল আছে। সেই কাৰণে তাকেই কাণ বুলিব পাৰি।
৭৮। কি প্রাণীয়ে শস্যৰ অনিষ্টকাৰী পােক-পৰুৱা খায়?
উঃ বাদুলী।
৭৯। কি মাছৰ দাঁতত ব্লেডৰ দৰে ধাৰ থাকে?
উঃ পিন্হা।
৮০। কি চৰায়ে কাউৰীৰ বাহত কণী পাৰে?
উঃ কুলি-চৰায়ে। কুলি চৰায়ে বাহ সাজিব নাজানে।
৮১। কোনবিধ সামুদ্রিক প্রাণীৰ মুখখন দেখা নাযায়? উঃ অক্টোপাছৰ। ইয়াৰ ঠেং আঠখন।
৮২। কি প্রাণীয়ে নিজৰ গাৰ বিন্ধাৰে পানী খায়?
উঃ ভেকুলী।
৮৩। কি মাছে কণী পাৰিবৰ সময়ত বাহ সাজে?
উঃ- ষ্টিকিলবেক।
৮৪। কি জন্তুৱে পানী নাখায়?
উঃ আফ্রিকাৰ কৃষ্ণকায় মৃগই।
৮৫। আটাইতকৈ খকুৱা মাংসহাৰী জন্তু কি?
উঃ কুকুৰনেচীয়া বাঘ।
৮৬। বাদুলি চৰাই নেকি?
উঃ বাদুলি চৰাই নহয়। ইহঁত স্তন্যপায়ী প্রাণী। বাদুলিয়ে কণী নাপাৰে, পােৱালিহে জগায়।
৮৭। কি জন্তুরে মানুহৰ নিচিনাকৈ হাঁহিব পাৰে?
উঃ হায়েনা।
৮৮। কি কুকুৰে ভুকিব নােৱাৰে?
উঃ দক্ষিণ আফ্রিকাৰ ৱাঞ্চি কুকুৰে।
৮৯। কি জন্তুৰ ছাল বা চামৰ আটাইতকৈ ডাঠ?
উঃ গড়। ১ ইঞ্চি পর্যন্ত।
৯০। পানীত মাছে উশাহ লয় কেনেকৈ?
উঃ সকলাে প্রাণীকে জীয়াই থাকিবলৈ ‘অক্সিজেন লাগে। মাছে গলত থকা ফুলৰ সহায়েৰে পানীৰপৰা অক্সিজেন গ্ৰহণ কৰি উশাহ লয়।
৯১। কি কুকুৰ আটাইতকৈ সৰু?
উঃ মেক্সিকোৰ চিহুৱা হুৱা। ইহঁতৰ ওজন ১ পাউণ্ডৰ পৰা ৬ পাউণ্ড পর্যন্ত হয়।
৯২। কি কি চৰাইৰ দৃষ্টিশক্তি অতি চোকা?
উঃ ঈগল, শগুণ, চিলনী আৰু কুৰুৱাৰ।
৯৩। পৰুৱা ভােজী আটাইতকৈ ডাঙৰ প্রাণী কি?
উঃ মাইৰমিকোফেগা।
৯৪। কি প্রাণীয়ে পানী নাখায়?
উঃ কৃষ্ণকায় মৃগ আৰু কোৱালা।
৯৫। আটাইতকৈ সাহসী জন্তু কি?
উঃ বনৰীয়া গাহৰি।
৯৬। জোনাকি-পৰুৱা ৰাতি জিলিকে কিয়?
উঃ জোনাকি-পৰুৱাৰ গাত ‘লুচিফেৰিণ’ নামৰ এবিধ পদার্থ উৎপন্ন হয় আৰু উশাহৰ অম্লজান’ৰ লগত ৰাসায়নিক ক্রিয়া ঘটি ই জিলিকি উঠে।
৯৭। কি জন্তুৱে পানীৰ তলত আহাৰ খায় ?
উঃ ঘঁৰিয়াল।
৯৮। কি চৰাই আটাইতকৈ ডাঙৰ?
উঃ উটপক্ষী।
৯৯। মৌ-মাখিয়ে জাকপাতি উৰি ফুৰে কিয়?
উঃ হাজাৰ হাজাৰ মৌ-মাখিৰ মাজত মাত্ৰ এজনীয়ে ৰাণী থাকে। মৌচাকত নতুন মৌ-মাখিৰ জন্ম হলেই ৰাণীজনীয়ে চাক এৰি গুচি যায় আৰু ৰাণীৰ লগতে গােটেইজাক মৌ-মাখি উৰি যায়।
১০০। 'মৰুভূমিৰ জাহাজ’ মানে কি?
উঃ উট।
GK in Assamese
১০১। ভালুক কিমান দিন জীয়াই থাকে?
উঃ ভালুক প্রায় ৩৫ বছৰ।
১০২। কি চৰাই আটাইতকৈ সৰু?
উঃ আমেৰিকাৰ হামিংবার্ড। ই দেখাত মৌ-মাখিৰ দৰে।
১০৩। উট কিমান দিন জীয়াই থাকে?
উঃ উট প্রায় ৩০ বছৰ।
১০৪। ক্যাঙ্গাৰুৰ বিষয়ে কি জানা?
উঃ ক্যাঙ্গাৰু এবিধ অদ্ভুত ধৰণৰ প্রাণী। ইয়াৰ পেটত এখন জোলােঙা থাকে। সেই জোলােঙাত সিহঁত পােৱালি ভৰাই লৈ ফুৰে। ক্যাঙ্গাৰুৰ আগ ঠেং দুখন নিচেই সৰু; সেইবাবে পাছ ঠেং দুখন আৰু নেজৰ ওপৰত ভৰ দি জঁপিয়াই খােজ কাঢ়ে।
১০৫। ৰাজহাঁহ কিমান দিন জীয়াই থাকে?
উঃ ৰাজহাঁহ প্রায় ২৫ বছৰ
১০৬। কি প্রাণীয়ে কেইবাদিনাে নােখােৱাকৈ আৰু উশাহ নােলােৱাকৈ জীয়াই থাকিব পাৰে?
উঃ কাছই।
১০৭। ৰাজহাঁহ কিমান দিন জীয়াই থাকে?
উঃ বাঘ প্রায় ২০ বছৰ।
১০৮। উটপক্ষী কিমান দিন জীয়াই থাকে?
উঃ উটপক্ষী প্রায় ২৫ বছৰ
১০৯। সিংহ কিমান দিন জীয়াই থাকে?
উঃ সিংহ প্রায় ২০ বছৰ।
১১০। জেঠী আৰু মাখিয়ে বেৰত বগাই ফুৰোঁতে পৰি নাযায় কিয়?
উঃ জেঠীৰ ঠেঙৰ পতাত কোমল মাংস থাকে আৰু তাৰ মাজত অলপ গাঁত আছে। বেৰত ঠেঙৰ হেচা পৰাৰ লগে লগে সেই গাঁত বায়ুশূন্য হয়; গতিকে বায়ুৰ হেঁচাত ঠেং বেৰত লাগি ধৰে। ইয়াৰ উপৰিও ঠেঙৰপৰা এবিধ আঠা ওলায়; সেই আঠায়াে বেৰত ঠেং লাগি ধৰাত সহায় কৰে। মাখিৰ ঠেঙৰ আগ সৰু কঁইটৰ দৰে আৰু অলপ বেঁকা; ইয়াৰ উপৰিও সিহঁতৰ ঠেঙত এবিধ আঠাৰ দৰে পদার্থ আছে; এই দুয়ােটাৰে সহায়ত সিহঁত পৰি নােযােৱাকৈ বেৰত বগাব পাৰে।
১১১। ঘোঁৰা কিমান দিন জীয়াই থাকে?
উঃ ঘোঁৰা প্রায় ২০ বছৰ
১১২। মৌমাখিয়ে গুণ-গুণকৈ শব্দ কৰে কেনেকৈ?
উঃ মৌ-মাখিয়ে মাতিব নােৱাৰে আৰু কোনাে ধৰণৰ শব্দও কৰিব নােৱাৰে; কিন্তু উৰিবৰ সময়ত পাখিৰপৰা গুণ-গুণনি শব্দ হয়।
১১৩। গৰু কিমান দিন জীয়াই থাকে?
উঃ গৰু প্রায় ২০ বছৰ
১১৪। তিমি প্ৰকৃততে মাছ নে?
উঃ তিমি মাছ নহয়। ই স্তন্যপায়ী, কণীও নাপাৰে। পােৱালিয়ে জগায়।
১১৫। ছাগলী কিমান দিন জীয়াই থাকে?
উঃ ছাগলী প্রায় ১৫ বছৰ
১১৬। উটৰ পিঠিত কুঁজ থাকে কিয়?
উঃ উটৰ খাদ্যৰ চৰ্বী-অংশ পিঠিত জমা হৈ কুঁজৰ সৃষ্টি হয়। সেই কাৰণে উটে কেইবাদিনাে একো নােখােৱাকৈ থাকিব পাৰে। কাৰণ কুঁজৰ চবীয়ে শৰীৰৰ ক্ষয় অংশ পূৰ কৰে।
১১৭। মেকুৰী কিমান দিন জীয়াই থাকে?
উঃ মেকুৰী প্রায় ১২ বছৰ
১১৮। স্তন্যপায়ীৰ ভিতৰত আটাইতকৈ ডাঙৰ প্রাণী কি?
উঃ তিমি।
১১৯। কুকুৰ কিমান দিন জীয়াই থাকে?
উঃ কুকুৰ প্রায় ১০ বছৰ।
১২০। মানৱ শৰীৰৰ খাদ্যনলী বা ইচোফেগাচ নলীডালৰ দৈর্ঘ্য কিমান?
উঃ- প্রায় ৩০ মিটাৰ দীঘল।
১২১। মানুহৰ লেক্রিমেল গ্রন্থি কেতিয়া কার্যক্ষম হৈ উঠে?
উঃ- কান্দোনৰ সময়ত।
১২২। এজন সুস্থ মানুহৰ মগজুৰ ওজন কিমান?
উঃ চাৰি পাউণ্ড।
১২৩। মানুহৰ তেজলৈ কিহে অক্সিজেন বহন কৰে?
উঃ হিমােগ্লোবিনে।
১২৪। জীৱিত মানুহৰ শৰীৰৰপৰা বিকিৰিত হােৱা ৰশ্মিৰ নাম কি?
উঃ অৱলােহিত ৰশ্মি।
১২৫। মানুহৰ শৰীৰৰ কোন অংশৰ পৰা বাইল ৰস ওলায়?
উঃ লিভাৰৰপৰা।
১২৬। মানুহৰ বৈজ্ঞানিক নাম কি?
উঃ হােমােছেপিয়ান।
১২৭। মানুহৰ চুলি ক’লা হােৱাৰ কাৰণ কি?
উঃ চুলিত মেলানিন নামৰ এবিধ ৰঞ্জক পদার্থ থকা কাৰণে।
১২৮। মানুহৰ শৰীৰৰ ছালত কিমান বিন্ধা আছে?
উঃ দুই লাখতকৈও অধিক।
১২৯। মানৱদেহৰ পঞ্চইন্দ্ৰিয়ৰ নাম কি কি?
উঃ চকু, কাণ, নাক, জিভা আৰু ছাল।
১৩০। মানুহৰ শৰীৰত থকা সৰ্বমুঠ হাড়ৰ সংখ্যা কিমান?
উঃ ২০৬ ডাল।
১৩১। প্লীহা আমাৰ দেহৰ কোন অংশত থাকে?
উঃ তলপেটৰ বাওঁ অংশত।
১৩২। যকৃত (Liver) মানৱ শৰীৰৰ ক’ত থাকে?
উঃ তলপেটৰ সোঁ ফালে।
১৩৩। দাঁত কি জাতীয় পদার্থ?
উঃ ই হাড় নহয়। চুণ জাতীয় পদার্থ, কেলচিয়াম জাতীয়।
১৩৪। ইনচুলিনৰ কাম কি?
উঃ তেজত গ্রুকজৰ মাত্রা নিয়ন্ত্রণ কৰা।
১৩৫। এজন সুস্থ মানুহৰ নাড়ীৰ গতি প্রতি মিনিটত কিমান?
উঃ ৭৫ বাৰ।
১৩৬। মানুহৰ কোনটো অঙ্গ আটাইতকৈ ডাঙৰ?
উঃ গাৰ ছাল।
১৩৭। মানুহৰ দেহ-কোষত কিমান ক্রমােজম থাকে?
উঃ ২৩ যােৰ।
১৩৮। মানুহৰ মূৰৰ লাওখােলাটো কিমানডাল হাড়েৰে তৈয়াৰী?
উঃ ২৯ ডাল।
১৩৯। মানুহৰ দেহত তেজ কিহৰ মাজেৰে চলাচল কৰে?
উঃ ধমনী আৰু কিছুমান শিৰাৰ মাজেৰে
১৪০। এজন পূর্ণবয়স্ক সুস্থ মানুহৰ দেহত কিমান তেজ থাকে?
উঃ তিনি লিটাৰ সাতশ পঞ্চাছ গ্রাম।
১৪১। শৰীৰৰ কোন অংশত স্নায়ু নাই?
উঃ নখ আৰু চুলিত।
১৪২। পিটুইটাৰী গ্রন্থি মানৱ দেহত ক'ত থাকে?
উঃ মগজুৰ তৃতীয় গহ্বৰৰ তলত।
১৪৩। মানৱদেহৰ আটাইতকৈ চুটি হাড়ডালৰ নাম কি?
উঃ ষ্টেপ।
১৪৪। তেজৰ শ্বেতকণিকাত নিউক্লিয়াচ থাকে নে?
উঃ থাকে।
১৪৫। তেজৰ শ্বেতকণিকাসমূহৰ মৃত্যু হলে কি বস্তুৰ সৃষ্টি হয়?
উঃ পুঁজ।
১৪৬। মানুহৰ শৰীৰৰ হৃৎপিণ্ডৰ যি অংশত তেজ সংগৃহীত হয় সেই অংশটোৰ নাম কি?
উঃ অলিন্দ।
১৪৭। মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?
উঃ প্রায় ৮,০০০ নিযুত।
১৪৮। মানুহৰ শৰীৰত থকা পেশীৰ সংখ্যা কিমান?
উঃ ৩০০ ৰপৰা ৪০০ৰ ভিতৰত।
১৪৯। সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান?
উঃ ৯৭.৪°
১৫০। সুস্থ প্রাপ্তবয়স্ক মানুহ এজনৰ দাঁতৰ সংখ্যা কিমান?
উঃ ৩২ টা।
GK in Assamese
১৫১। প্রাপ্তবয়স্ক মানুহ এজনৰ শৰীৰত থকা হাড়ৰ সংখ্যা কিমান?
উঃ ২০৬ ডাল।
১৫২। প্রতি মিনিটত সুস্থ মানুহ এজনৰ নাড়ীৰ স্পন্দন কিমান?
উঃ ৭৮ বাৰ।
১৫৩। মানুহৰ জ্ঞানকেন্দ্র ক’ত থাকে?
উঃ মগজুত।
১৫৪। মানুহৰ শৰীৰৰ প্রধান চাৰিটা পৰিচালক ইন্দ্রিয় কি কি?
উঃ চিত্ত, বুদ্ধি, অহঙ্কাৰ আৰু মন।
১৫৫। তেজৰ বৰণ ৰঙা কিয়?
উঃ তেজত চকুৰে মণিব নােৱাৰা নিচেই অকণি অকণি ৰঙা আৰু বগা দুই প্রকাৰৰ কণিকা আছে। কণিকাবােৰৰ লগতে হিমােগ্লোবিন নামৰ এবিধ ৰঙা পদার্থ থাকে কাৰণেই তেজ ৰঙা দেখি।
১৫৬। 'কলিজা’ বা ‘হৃৎপিণ্ড' কি?
উঃ মাংসপেশীৰে গঠিত তেজ শােধন কৰা যন্ত্ৰটোৰ নাম কলিজা বা হৃৎপিণ্ড। ই বুকুৰ বাঁওফালে কামিহাড়ৰ তলত থাকে। হৃৎপিণ্ডতেই শৰীৰৰ দূষিত
তেজ শােধিত হয়।
১৫৭। উশাহ লােৱা যন্ত্ৰটোৰ নাম কি আৰু ক'ত থাকে?
উঃ হাওঁফাওঁ। ই বুকুৰ দুয়ােফালে কামিহাড়ৰ তললৈ থাকে।
১৫৮। মানুহৰ শৰীৰৰ স্বাভাৱিক উত্তাপ কিমান?
উঃ সাধাৰণতে মুখৰ ভিতৰত ৯৮.৪ ডিগ্রী ফাৰেণহাইট; কিন্তু কাষলতিৰ তলত এক ডিগ্রী কম থাকে।
১৫৯। চকুৰ নিমিষ পৰে কিয়?
উঃ ধূলি, বালি আৰু অতিমাত্রা পােহৰৰপৰা ৰক্ষা পৰিবলৈ চকুৱে নিমিষ পেলায়। ইয়াৰ উপৰিও চকুৰ মণিটোক তিয়াই ৰাখিবলৈ চকুৰ নিমিষে চকুৰ পানী উলিওৱাত সহায় কৰে।
১৬০। খােৱাৰ সময়ত গাঁঠি খাওঁ কিয়?
উঃ খােৱাৰ সময়ত কথা কওঁতে কিম্বা অন্যমনস্ক হলে খােৱা বস্তু খাদ্য নলীয়েদি নগৈ হঠাৎ শ্বাস নলীত (উশাহ-নিশাহ লােৱা নলী) পৰিলেই আমি গাঁঠি খাওঁ।
১৬১। হাত-ভৰি হঠাৎ জিজিনাই কিয়?
উঃ হাত ভৰিৰ কোনাে অংশ একেৰাহে কিছু সময় হেঁচা খাই থাকিলে, সেই ঠাইত ভালদৰে তেজ চলাচল কৰিব নােৱাৰে আৰু স্নায়ুবােৰ চাপত পৰি থেতেৰা খােৱাৰ কাৰণেই মগজুৱে উমান নাপায়। গতিকে ভালদৰে তেজ চলাচল কৰি স্নায়ুবােৰ সবল নােহােৱালৈকে ঠাইডােখৰ জিজিনাই থাকে।
১৬২। আমাৰ টোপনি ধৰে কিয়?
উঃ অনৱৰত কাম কৰি ভাগৰত স্নায়ুবােৰ অৱশ হয় আৰু স্নায়ুৰ লগে লগে মগজুও অৱশ হৈ পৰে, তেতিয়াই আমাৰ টোপনি ধৰে। কিছু সময় টোপনি আহিলে, বিশ্রাম লৈ স্নায়ু আৰু মগজু আকৌ সজাগ হয়, তেতিয়া আমি সাৰ পাওঁ।
১৬৩। চুলি পকে কিয়?
উঃ চুলিৰ গুৰিত এবিধ ৰঞ্জক পদার্থ থাকে আৰু এই পদার্থই চুলি ক'লা কৰি ৰাখে। কিন্তু বয়স বঢ়াৰ লগে লগে এই ৰঞ্জক পদার্থ ক্রমান্বয়ে শুকাই যায় আৰু চুলি পকিবলৈ ধৰে।
১৬৪। বায়ুৰপৰা আমি কি পাও?
উঃ বায়ুত 'অক্সিজেন’ নামৰ এবিধ গ্যাচ থাকে। এই অক্সিজেন নহ'লে কোনাে প্রাণীয়েই জীয়াই থাকিব নােৱাৰে। অক্সিজেনে বিশেষকৈ দূষিত তেজ শােধন
কৰাত সহাত কৰে। আমি উশাহ লওঁতে বায়ুৰপৰা এই গ্যাচ গ্ৰহণ কৰে।
১৬৫। আমি হামিয়াওঁ কিয়?
উঃ শৰীৰৰ তেজত ‘অক্সিজেনৰ অভাৱ হ'লে আমাৰ মুখ, বুকু আৰু ডিঙিৰ মাংসপেশীবিলাক সঙ্কুচিত হয় আৰু তেতিয়াই আমি মুখ মেলি হামিয়াওঁ। গতিকে মুখেৰেই বায়ুৰপৰা শৰীৰত অক্সিজেন প্রৱেশ কৰে।
১৬৬। আমাৰ দুটা চকুৰ প্রয়ােজন কিয়?
উঃ কেৱল এটা চকুৰে ভালকৈ নেদেখি কাৰণেই দুটা চকুৰ প্রয়ােজন।
১৬৭। জাৰৰ দিনত পচম নাইবা ঊণসূতাৰ কাপােৰে গা গৰম ৰাখে কিয়?
উঃ পচম নাইবা ঊণসূতাৰ কাপােৰৰ মাজেদি সাধাৰণতে তাপ চলাচল কৰিব নােৱাৰে। সেয়েহে এনে ধৰণৰ কাপােৰৰ মাজেদি শৰীৰৰ তাপ বাহিৰলৈ ওলাব নােৱাৰে আৰু বাহিৰৰ ঠাণ্ডা বতাহাে শৰীৰত লাগিব নােৱাৰে। সেই কাৰণেই জাৰৰ দিনত পচম নাইবা ঊণসূতাৰ কাপােৰে গা গৰম কৰি ৰাখে।
১৬৮। ‘সিৰা’ আৰু 'ধমনী’ কি?
উঃ আমাৰ শৰীৰত তেজ চলাচলৰ কাৰণে কিছুমান সৰু সৰু নলী আছে। যিবােৰ নলীয়েদি দূষিত তেজ শৰীৰৰ নানা অংশৰ পৰা কলিজালৈ ঘূৰি আহে, সেইবােৰ নলীক ‘সি’ বােলে আৰু যিবােৰ নলীয়েদি কলিজাৰপৰা বিশুদ্ধ তেজ শৰীৰৰ বিভিন্ন অংশলৈ যায়, সেইবােৰ নলীক ‘ধমনী’ বালে।
১৬৯। স্নায়ু কি আৰু ইয়াৰ কাম কি?
উঃ চুলিৰ নিচিনা সূক্ষ্ম পদার্থ কিছুমানে গােটেই শৰীৰটোক আবৃত কৰি ৰাখিছে। এই বােৰকেই স্নায়ু বােলে। স্নায়ুবােৰৰ কেন্দ্ৰ হ’ল মগজু। স্নায়ুৰ কাম হ’ল শৰীৰৰ বিভিন্ন অংশৰ খবৰ মগজুলৈ অনা-নিয়া কৰা।
১৭০। নখ আৰু চুলি কাটিলে ভেজ নােলায় কিয়?
উঃ নখ আৰু চুলিত স্নায়ু নথকাৰ কাৰণে কাটিলেও তেজ নােলায় আৰু দুখে নাপাওঁ।
১৭১। আমাৰ ভােক লাগে কিয়?
উঃ আমি খােৱা বস্তুবােৰ পাকস্থলীলৈ যায়। পাকস্থলীটো পেটৰ বাঁওফালে হৃৎপিণ্ডৰ তলত থাকে। পাকস্থলীত খাদ্যৰ অভাৱ হ'লে স্নায়ুৰ সহায়েৰে মগজুৱে গম পায় আৰু সেই সময়তে, আমি তােক অনুভৱ কৰোঁ। এই অনুভূতি বা সঙ্কেতটোৰ নাম হৈছে ‘ভােক’ ।
১৭২। আমাৰ পিয়াহ লাগে কিয়?
উঃ শৰীৰৰ তেজ পৰিষ্কাৰ কৰিবলৈ আৰু খাদ্য জীণ নিয়াবলৈ পানীৰ বিশেষ প্রয়ােজন। ইয়াৰ উপৰিও ঘাম আৰু মল-মূত্ৰৰ দ্বাৰা শৰীৰৰ বহুত পানী বাহিৰলৈ ওলাই যায়। গতিকে শৰীৰত যেতিয়া পানীৰ অভাৱ হয় তেতিয়াই স্নায়ুৰ সহায়েৰে মগজুৱে গম পায় আৰু লগে লগে আমি পিয়াহ অনুভৱ কৰোঁ।
১৭৩। গছৰ বয়স কেনেকৈ জুখিব পাৰি?
উঃ গা-গছৰ বছৰেকীয়া তৰপৰ আঙুঠিবােৰ গণনা কৰি।
১৭৪। উদ্ভিদৰ প্রধান ভাগ কেইটা আৰু কি কি? প্রত্যেকেৰে প্রধান কাম কি?
উঃ উদ্ভিদৰ প্রধান ভাগ তিনিটা।
(১) গা-গছ, (২) শিপা আৰু (৩) পাত।
১৭৫। উদ্ভিদে কিহৰ সহায়ত শ্বাস-প্রশ্বাস কার্য চলায়?
উঃ উদ্ভিদৰ পাতত থকা বিন্ধাৰ সহায়ত।
১৭৬। গুটিৰপৰা কেনেকৈ গছৰ জন্ম হয়?
উঃ গুটি মাটিত পৰিলে মাটিৰ পনীয়া ভাপৰ সংশ্ৰৱত গুটিৰ খােলা বা কেঁকোৰা ফাটি অঙ্কুৰ বা গজালি ওলায়। গুটিৰ ভিতৰত থকা শাহ খাই অঙ্কুৰ ক্ৰমান্বয়ে ওপৰলৈ উঠে আৰু তললৈ এডাল শিপা বাঢ়ি যায়। শিপাই যেতিয়ালৈকে মাটিৰপৰা ৰস টানিব নােৱাৰে, তেতিয়ালৈকে গুটিৰ ভিতৰত থকা শাহখিনি খাই অঙ্কুৰ বাঢ়িবলৈ ধৰে। কেইদিনমানৰ পিছতেই শিপাই মাটিৰপৰা ৰস টানিবলৈ সক্ষম হয় আৰু ইতিমধ্যে অঙ্কুৰ বা গজালিৰপৰা পাত ওলায়। পাত ওলালেই শিপাই মাটিৰপৰা আৰু পাতে সূৰ্য্যৰ ৰশ্মি আৰু বায়ুৰপৰা আৱশ্যকীয় আহাৰ সংগ্ৰহ কৰে আৰু ক্ৰমান্বয়ে গছ বাঢ়িবলৈ ধৰে। এনেদৰেই গুটিৰপৰা গছৰ জন্ম হয়।
১৭৭। 'উদ্ভিদ’ বুলিলে কি বুজা?
উঃ মাটি ফুটি ওলােৱা গছ, লতা, বন, শস্য আদিয়েই উদ্ভিদ।
১৭৮। আফিং (OPIUM) কেনেকৈ প্ৰস্তুত কৰা হয়?
উঃ আফুগছৰ আঠাৰপৰা।
১৭৯। মৰুভূমিত সৰহকৈ কি গছ জন্মে?
উঃ নাগফেনা জাতীয় গছ।
১৮০। বর্ষণ-গছ (বৰষুণ দিয়া গছ) কি?
উঃ দক্ষিণ আমেৰিকাৰ পেৰু দেশত আম গছৰ দৰে এবিধ ডাঙৰ গছ আছে। প্রখৰ ৰ'দত এই গছৰপৰা বৰষুণ দিয়াৰ দৰে পানী পৰে। এই পানী খাবলৈ সােৱাদ আৰু পুষ্টিকৰ।
১৮১। কর্কস(CORK) কি, কিহৰপৰা প্ৰস্তুত কৰা হয় আৰু কি কামত ব্যৱহাৰ কৰে?
উঃ কর্ক এবিধ গছৰ শুকান ছাল। স্পেইন আৰু পর্তুগালৰ ওক জাতীয় গছৰপৰা তৈয়াৰ কৰে। ইয়াক বিশেষকৈ বটলৰ সাঁফৰ (সােপা বা খিলা) দিয়া কামত ব্যৱহাৰ কৰে।
১৮২। অক্সিন কি?
উঃ এবিধ উদ্ভিদ হৰমােন।
১৮৩। ধূনা কিহৰ পৰা হয়?
উঃ ধূনা গছৰ আঠাৰপৰা।
১৮৪। কিছুমান গছৰ কাইট থাকে কিয়?
উঃ আত্মৰক্ষাৰ কাৰণে। কাইট থকা গছৰ পাত আদি গৰু-ছাগলীয়ে খাব নােৱাৰে।
১৮৫। উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি?
উঃ আর্ক ইণ্ডিকেট।
১৮৬। কি উদ্ভিদৰ বৃদ্ধিৰ হাৰ আটাইতকৈ বেছি?
উঃ লেবেন।
১৮৭। আটাইতকৈ লাগতিয়াল গছ কি?
উঃ নাৰিকল গছ।
১৮৮। কোকো কিহৰপৰা হয়?
উ : ‘কোকো’ এবিধ ফলৰ সাহ ভাজি তৈয়াৰ কৰে।
১৮৯। উদ্ভিদৰ কাৰণে কি কি মৌল অপৰিহার্য?
উঃ নাইট্রজেন, ফচফৰাচ, পটাচিয়াম, কেলচিয়াম, মেগনেচিয়াম, গন্ধক, লাে আদি।
১৯০। কি গছৰপৰা সৰহ পৰিমাণে খাদ্য (ফল) পােৱা যায় ?
উঃ কলগছৰপৰা।
১৯১। দুগ্ধ পাদপ (গাখীৰ গছ) কি?
উঃ এই গছ উত্তৰ আমেৰিকাত পােৱা যায়। এই বিধ গছৰপৰা গাখীৰৰ দৰে এবিধ ৰস ওলায়। ইয়াৰ সােৱাদ গাখীৰৰ দৰেই আৰু এইবিধ গছৰ ছালৰপৰা ৰুটীও তৈয়াৰ কৰি খায়।
১৯২। উদ্ভিদৰ প্রাণ আছে নে?
উঃ আছে।
১৯৩। সালােক সংশ্লেষণ কাক বােলে?
উঃ যি ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা উদ্ভিদে নিজৰ শৰীৰত আহাৰ প্রস্তুত কৰি লয় তাকে সালােক সংশ্লেষণ বােলে।
১৯৪। দিশ দর্শন গছ কি?
উঃ উত্তৰ আমেৰিকাত থকা এবিধ বিশেষ শ্ৰেণীৰ গছৰ পাতবােৰ সদায় উত্তৰমুৱা হৈ থাকে। এই শ্রেণীৰ গছেই হ’ল দিক দর্শন গছ। ইয়াৰ সহায়ত বিশেষকৈ ৰাতি দিশ নির্ণয় কৰিব পাৰি।
১৯৫। কিছমিছ কি?
উঃ শুকান আঙুৰ।
১৯৬। উদ্ভিদ সালােক সংশ্লেষণ-প্রক্রিয়াৰ বাবে কি কি বস্তুৰ প্রয়ােজন?
উঃ কার্বন-ডাই-অক্সাইড, পানী, ক্লোৰােফিল আৰু পােৰ।
১৯৭। সালােকসংশ্লেষণ প্রক্রিয়া উদ্ভিদৰ কোন অংশত ঘটে?
উঃ পাতত।
১৯৮। গছ-গছনিৰ প্রাণ আছে বুলি কোনে প্রমাণ কৰিছে?
উঃ গছ-গছনিৰাে প্ৰাণ আৰু সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা আছে বুলি বিজ্ঞানী জগদীশ চন্দ্র বসুৱে প্ৰমাণ কৰিছে।
১৯৯। চাগু কিহৰপৰা হয়?
উঃ তালজাতীয় এবিধ গছৰ ভিতৰত কোমল অংশ পানীত সিজাই মাৰৰ দৰে কৰি লৈ চাগু তৈয়াৰ কৰে।
GK in Assamese
২০০। কি গছৰ পাত নাই?
উঃ কেটাচৰ।
২০১। কি লতাগছৰ এটা পাত চুলেই আটাইবোৰ পাত জাপ খাই যায়?
উঃ লাজুকী লতা।
২০২। কুইনাইন কিহৰপৰা হয় ?
উঃ ‘চিনকোনা’ নামৰ এবিধ গছৰ ছালৰ ৰসেৰে কুইনাইন' তৈয়াৰ কৰে। ই মেলেৰিয়া জ্বৰৰ প্রধান ঔষধ।
২০৩। কি জাতীয় উদ্ভিদ সবাতােকৈ সােনকালে বাঢ়ে?
উঃ বাঁহ জাতীয়।
২০৪। উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰমােনৰ নাম কি?
উঃ অক্সিন।
২০৫। সৰহভাগ গছ-গছনিৰ পাত সেউজীয়া কিয়?
উঃ গছৰ পাতত ‘হৰিৎকণা' নামেৰে এবিধ পদার্থ থাকে।
২০৬। চেলুলােজৰ উৎস কি?
উঃ উদ্ভিদৰ কোষপ্রাচীৰ
২০৭। ৰবৰ কিহৰপৰা হয়?
উঃ ৰবৰ গছৰ আঠাৰপৰা। ৰবৰ গছৰ ছাল কাটিলে এবিধ ৰস ওলায় আৰু সেই ৰসৰপৰাই ৰবৰ তৈয়াৰ হয়।
২০৮। কোন ৰঙৰ ফুল নাই?
উঃ ক'লা ৰঙৰ।
২০৯। কি ৰঙৰ ফুল আটাইতকৈ সৰহ?
উঃ ৰঙা ৰঙৰ।
২১০। ৰ’দ নপৰা ঠাইৰ গছৰ পাত প্রায় বগা হয় কিয়?
উঃ সূৰ্য্যৰ তাপ নাপালে গছৰ পাতত সেউজীয়া ৰঙৰ হৰিকণা’ নামৰ পদার্থবিধ উৎপন্ন হ'ব নােৱাৰে। গতিকে ৰ'দ নপৰা ঠাইৰ গছৰ পাত শেঁতা পৰি বগা বৰণীয়া হয়।
২১১। কপূৰ কিহৰ পৰা হয়?
উঃ এবিধ গছৰ নিৰ্যাসৰপৰা কপূৰ তৈয়াৰ হয়।
২১২। ভেঁকুৰ কি?
উঃ অতি নিম্নখাপৰ অসেউজীয়া উদ্ভিদ। ই পৰনিৰ্ভৰশীল।
২১৩। চাহগছৰ বৈজ্ঞানিক নাম কি?
উঃ কেমেলিয়া চাইনেনচিচ।
২১৪। উদ্ভিদ দেহৰ হৰমােন তিনিটা কি কি?
উঃ অক্সিন, ফাইনিন আৰু জিৰলিন।
২১৫। ইলাচি কি?
উঃ এবিধ গছৰ ফল।
২১৬। লং আৰু ডালচেনি কি?
উঃ ‘লং’ এবিধ গছৰ শুকান ফুল আৰু ‘ডালচেনি’ এবিধ গছৰ ছাল।
২১৭। কফি কিহৰপৰা হয়?
উঃ এবিধ ফল ভাজি গুড়ি কৰি কফি তৈয়াৰ কৰা হয়। ইথিওপিয়া (আফ্রিকা) দেশৰ 'কাফা’ নামৰ এখন ঠাইত এই ফলৰ গছ প্রচুৰ পৰিমাণে পােৱা যায় কাৰণেই ইয়াৰ নাম কফি হৈছে।
২১৮। কাঠফুলা কি?
উঃ জেকা মাটিত হােৱা আৰু শিপা তথা ফুল নথকা এবিধ উদ্ভিদ।
২১৯। অক্সিন ক’ত থাকে?
উঃ উদ্ভিদৰ অগ্ৰ মুকুলত।
২২০। ফুলৰ গােন্ধ কেনেকৈ পােৱা যায়?
উঃ গছৰ গাৰপৰা কিছু ৰস আহি ফুলত গােট খায়। এই ৰস তেলেতীয়া আৰু বতাহে কিছু অংশ শুহি নিয়ে। এই ৰসৰপৰাই বতাহে ফুলৰ গােন্ধ বিলায়।
২২১। গছে কেনেদৰে আহাৰ গ্ৰহণ কৰে?
উঃ শিপাৰ সহায়ত মাটিৰপৰা।
২২২। শেলাই কি?
উঃ শেলাই এবিধ অতি নিম্নখাপৰ উদ্ভিদ। এনে জাতীয় উদ্ভিদ পানী নাইবা সেমেকা ঠাইত জন্মে।
২২৩। গছ-গছনিয়ে পৃথিৱীৰ কিমান অংশ আবৰি আছে?
উঃ প্রায় পাঁচ ভাগৰ এভাগ।
২২৪। চোৰাত গছৰ পাতত কি এচিড থাকে?
উঃ ফর্মিক এচিড।
২২৫। কি গছে সবাতােকৈ অধিক দিন ফল দিয়ে?
উঃ নাচপতি গছে। প্রায় ৩০০ বছৰ।
২২৬। অর্কিড কাক বােলে?
উঃ যিবােৰ গছ অইন গছত গজে তাক অর্কিড বােলে।
২২৭। কি উদ্ভিদৰ মূল, কাণ্ড আৰু পাত নাই?
উঃ লেচিয়া।
২২৮। কি যন্ত্ৰৰ সহায়ত উদ্ভিদৰ জীৱনী শক্তিৰ পৰিচয় পােৱা যায়?
উঃ ক্রেস্কোগ্রাফ।
২২৯। পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ বেছি?
উত্তৰ: জাপান।
২৩০। কোনবিধ উচ্চ উৎপাদনক্ষম গম ধানৰ প্ৰজাতি ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰত শেহতীয়াভাৱে উদ্ভাৱন কৰা হৈছে?
উত্তৰ: গংগা HD 2643।
২৩১। কোনটো পৰিৱেশত আটাইতকৈ কম পৰিমাণৰ জৈৱ পদাৰ্থ প্ৰতি বছৰে উৎপন্ন হয়?
উত্তৰ: গভীৰ সমুদ্ৰ।
২৩২। পৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছ হৈছে?
উত্তৰ: শাল গছ।
২৩৩। বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগ ভাগ লোৱা সংগঠন?
উত্তৰ: কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম।
২৩৪। অসমৰ আটাইতকৈ পুৰণি তেল শোধানাগাৰ কোনটো?
উত্তৰ: ডিবগৈ।
২৩৫। বিশ্বখাদ্য আৰু কৃষিসংস্থাৰ(FAO) মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰি খাদ্য গ্ৰহণ কৰিব লাগে?
উত্তৰ: 2500 কেলৰি।
২৩৬। বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চলে কি ৰক্ষা কৰে?
উত্তৰ: জনসমতা ৰক্ষা কৰে।
২৩৭। খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী নহয়?
উত্তৰ: উত্তৰ প্ৰদেশ।
২৩৮। দেহত আইৰণৰ অভাৱত হোৱা ৰোগবিধ কি?
উত্তৰ: এনিমিয়া।
২৩৯। আয়’ডিনৰ অভাৱত কি ৰোগ হয়?
উত্তৰ: গৰল।
২৪০। কোনবিধ কয়লা সৰ্বোত্তম?
উত্তৰ: এনথ্ৰাচাইট।
২৪১। এজন সুস্থ মানুহক দৈনিক কিমান লিটাৰ খোৱা পানী লাগে?
উত্তৰ: ২.৭।
২৪২। জলমণ্ডলৰ শতকৰা কিমান ভাগত মহাসাগৰ আছে?
উত্তৰ: ৯৭।
২৪৩। ভাৰতৰ কোনখন তৈলক্ষেত্ৰত খাৰুৱা তেলৰ ভাণ্ডাৰ সৰ্ববৃহৎ?
উৎস: বোম্বে হাই।
২৪৪। তলত দিয়া কোনবিধ সজুঁলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰৱলতা জোখা হয়?
উত্তৰ: চিস্ম’গ্ৰাফ।
২৪৫। তলত দিয়া কোনবিধ লৱণৰ বাবে সাগৰৰ পানী অধিক লুণীয়া হয়?
উত্তৰ: চোডিয়াম ক্ল’ৰাইড।
২৪৬। পৃথিৱীৰ কম উন্নত(LDC) দেশবোৰৰ মুঠ জনসংখ্যা পৃথিৱীৰ মুঠ জনসংখ্যাৰ শতকৰা প্ৰায় কিমান ভাগ?
উত্তৰ: 78।
২৪৭। পৰুৱাবোৰ কি?
উত্তৰ: মৃতভোজী বা উচ্ছিষ্টভোজী।
২৪৮। পৃথিৱীৰ বায়ুমণ্ডলৰ বহিৰ্ভাগত আপতিত হোৱা মুঠ সৌৰ বিকিৰণৰ শতকৰা কিমান ভাগ বায়ুমণ্ডলৰ দ্বাৰা শোষিত হয়?
উত্তৰ: 20।
২৪৯। গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত?
উত্তৰ: দ্বিতীয়।
২৫০। বায়ুমণ্ডলত নাইট্ৰ’জেনৰ শতকৰা পৰিমাণ কিমান?
উত্তৰ: ৭৮ ভাগ।
GK in Assamese
২৫১। পৰিস্থিতি তন্ত্ৰ(ecosystem)নামটো কোনে দিছিল?
উত্তৰ: Hackel
২৫২। নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়?
উত্তৰ: প্ৰবাহমান জলজ।
২৫৩। তলত দিয়া কোনবিধ উপাদান স্বপোষী?
উত্তৰ: সেউজীয়া উদ্ভিদ।
২৫৪। কি অনুজীৱ নাইট্ৰ’জেন স্থিৰীকৰণৰ সৈতে জড়িত?
উত্তৰ: নীলা সেউজীয়া শেলাই, এনাবিনা।
২৫৫। কোনো এটা নিৰ্দ্ধাৰিত অঞ্চলত(যেনে: এটা হ্ৰদত) থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদক একেলগে কি বুলি কোৱা হয়?
উত্তৰ: বায়’ম।
২৫৬। এশিঙীয়া গঁড় কোন অঞ্চলৰ থলুৱা প্ৰাণী?
উত্তৰ: অসম।
২৫৭। বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ থকা নিজম উপত্যকা(Silent Valley) ক’ত অৱস্থিত?
উত্তৰ: কেৰেলা।
২৫৮। বহি:স্থানিক সংৰক্ষণ ব্যৱস্থাৰ উদাহৰণ কি?
উত্তৰ: চিৰিয়াখানা।
২৫৯। ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?
উত্তৰ: উদ্ভিদ আৰু প্ৰাণী।
২৬০। কি ধৰণৰ প্ৰাণী সংৰক্ষণ কৰা উচিত?
উত্তৰ: অৱলুপ্ত হৈ যাব ধৰা প্ৰাণী।
২৬১। কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে?
উত্তৰ: সৰীসৃপ।
২৬২। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন?
উত্তৰ: কৰ্বেট।
২৬৩। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী কি?
উত্তৰ: বাঘ।
২৬৪। উত্তৰ-পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় প্ৰাণী হৈছে-
উত্তৰ: কলচী উদ্ভিদ।
২৬৫। সৰ্পগন্ধা কি?
উত্তৰ: এবিধ বনৌষধি।
২৬৬। মৰিচাছ দ্বীপত এসময়ত সততে দেখা পোৱা ডড’ চৰাই এতিয়া-
উত্তৰ: লুপ্ত প্ৰজাতি।
২৬৭। জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ আছিল-
উত্তৰ: জল প্ৰদূষণ।
২৬৮। ইউক্ৰেইনত অৱস্থিত চেৰ্ন’বিল নিউক্লীয় ৰিয়েক্টৰত কোন চনত দুৰ্ঘটনা ঘটিছিল?
উত্তৰ: ১৯৮৬।
২৬৯। উদ্ভিদ আৰু প্ৰাণীৰ মাজত থকা সম্পৰ্কৰ এটা মুখ্য কাৰণ হ’ল-
উত্তৰ: খাদ্য।
২৭০। ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?
উত্তৰ: ড° এম.এচ.স্বামীনাথন।
২৭১। বিশ্ব পৰিৱেশ দিৱস-
উত্তৰ: ৫ জুন।
২৭২। ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস-
উত্তৰ: ৩০ জানুৱাৰী।
২৭৩। বিশ্ব জল দিৱস-
উত্তৰ: ২০ মাৰ্চ।
২৭৪। বিশ্ব বন দিৱস(World Forest Day)-
উত্তৰ: ২১ মাৰ্চ।
২৭৫। বিশ্ব স্বাস্থ্য দিৱস-
উত্তৰ: ৭ এপ্ৰিল।
২৭৬। বসুধা দিৱস(Earth Day)-
উত্তৰ: 22 এপ্ৰিল।
২৭৭। বিশ্ব জনসংখ্যা দিৱস-
উত্তৰ: ১১ জুলাই।
২৭৮। ধপাত নিষিদ্ধ দিৱস(World No-Tobacco Day)-
উত্তৰ: ৩১ মে’।
২৭৯। ভূপাল গেছ দুৰ্ঘটনা কেতিয়া ঘটিছিল?
উত্তৰ: ১৯৮৪ চনৰ ২ ডিচেম্বৰ।
২৮০। ভূপাল গেছ দুৰঘৰ্টনাত কোনবিধ বিষাক্ত গেছৰ কাৰণে প্ৰায় ৫১০০ লোক মৃত্যু মুখত পৰিছিল?
উত্তৰ: MIC
২৮১। ৰিখটাৰ স্কেলত যি ভূমিকম্পৰ প্ৰাবল্য 7 আৰু 7.9ৰ ভিতৰত থাকে তাকে বোলে-
উত্তৰ: বৃহৎ ভূমিকম্প।
২৮২। উইলি উইলি কি?
উত্তৰ: অষ্ট্ৰেলীয়াৰ চক্ৰবাত।
২৮৩। ইন্দোনেচিয়াৰ কোন দ্বীপত 2004 চনৰ 26 ডিচেম্বৰত হোৱা বৃহৎ ভূমিকম্পৰ বাবে চুনামী হৈছিল?
উত্তৰ: সুমাত্ৰা।
২৮৪।ষ্ট্ৰেট’সফিয়াৰত থকা কি গেছে অতি বেগুনী ৰশ্মি শোষণ কৰে?
উত্তৰ: অ’জন।
২৮৫। তলত দিয়া কোনবিধ গেছক সেউজ গৃহ গেছ নোবোলে?
উত্তৰ: অক্সিজেন।
২৮৬। ফ্ল’ৰাইড প্ৰদূষণৰ দ্বাৰা মানুহৰ দেহৰ অংগ প্ৰথমে প্ৰভাৱিত হয়?
উত্তৰ: দাঁত।
২৮৭। কোনবিধ প্ৰদূষকৰদ্বাৰা তাজমহলৰ ক্ষতি হ’ব পাৰে বুলি আশংকা কৰা হৈছে?
উত্তৰ: চালফাৰ ডায়’ক্সাইড।
২৮৮। কোনবিধ প্ৰদূষকৰ কাৰণে মিনামাটা ৰোগ হয়?
উত্তৰ: পাৰা।
২৮৯। কি এককৰ দ্বাৰা কোলাহল প্ৰদূষণ জোখা হয়?
উত্তৰ: ডেছিবেল।
২৯০। এলনিন(EL Nimo)কি?
উত্তৰ: গৰম পানীৰ সাগৰীয় সোঁত।
২৯১। সেউজগৃহ পৰিঘটনা-
উত্তৰ: J.Fourier
২৯২। এন্টাৰ্কটিকাত অ’জন হোল-
উত্তৰ: J.C.Farman
২৯৩। কলাকৰ্ষণ(Tissue Culture)-
উত্তৰ: Harrison
২৯৪। তলত দিয়া কোনবিধ গেছে অ’জন বিনষ্ট নকৰে?
উত্তৰ: হাইড্ৰ’জেন।
২৯৫। বসন্ত ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: ভেৰিছেলা জ’ষ্টাৰ ভাইৰাছ।
২৯৬। জলাতংক ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: ৰেবিজ ভাইৰাছ।
২৯৭। কলেৰা ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: ভিব্ৰিঅ’ক’লেৰি।
২৯৮। কুষ্ঠ ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: মাইক’ বেক্টেৰিয়াম লেপ্ৰি।
২৯৯।মেলেৰীয়া ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: প্লাজম’ডিয়াম।
৩০০। এমিবিক গ্ৰহণীৰ বীজাণু কি?
উত্তৰ: এন্টামিবা হিষ্ট’লাইটিকা।
৩০১। প্লেগ ৰোগৰ বীজাণুৰ নাম কি?
উত্তৰ: পেষ্টিঅ’ৰেলা পেল্টিছ।
৩০২। কোনবিধ ৰোগ বেক্টেৰিয়া সংক্ৰমণৰ দ্বাৰা নহয়?
উত্তৰ: বসন্ত।
৩০৩। কোনবিধ ৰোগ ভাইৰাছ সংক্ৰমণৰ দ্বাৰা নহয়?
উত্তৰ: কলেৰা।
৩০৪। কোনবিধ ৰোগ পৰজীৱীৰ সংক্ৰমণৰ দ্বাৰা হয়?
উত্তৰ: মেলেৰিয়া।
৩০৫। তলত দিয়া কোনবিধ ৰোগ সংক্ৰামক নহয়?
উত্তৰ: হৃদৰোগ।
৩০৬। তলত দিয়া কোনবিধ ৰোগ বংশানুক্ৰমে আহে?
উত্তৰ: বৰ্ণান্ধতা।
৩০৭। জনসংখ্যা বৃদ্ধি হোৱাৰ কোনটো কাৰব নগণ্য?
উত্তৰ: উচ্চ শিক্ষা।
৩০৮। নিজম উপত্যকা আন্দোলনৰ(Silent Valley Movement) গুৰি ধৰোতা কোন আছিল?
উত্তৰ: কেৰেলা শাস্ত্ৰ পৰিষদ।
৩০৯।শব্দ প্ৰদূষণৰ দ্বাৰা মানুহৰ কি শক্তি হ্ৰাস হয়?
উত্তৰ: শ্ৰৱণ।
৩১০। কোনো স্থানত পানী বন্ধ হৈ থাকিলে মাটিৰ গুণাগুণ-
উত্তৰ: নষ্ট হয়।
৩১১। সেউজ গৃহ প্ৰভাৱত কাৰ্বন ডাই অক্সাইডৰ অৱদান-
উত্তৰ: সৰ্বোচ্চ।
৩১২। 1972 চনত বিশ্ব পৰিৱেশ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: ষ্ট’কহ’ম।
৩১৩। মাটিৰ বিকল্প-
উত্তৰ: নাই।
৩১৪। কোনটো উৎসৰ পৰা মিথেন গেছ পোৱা নাযায়?
উত্তৰ: গৰুৰ গাখীৰ।
৩১৫। নাইট্ৰাছ অক্সাইডৰ পৰা
উত্তৰ: এচিড বৰষুণ হয়।
৩১৬। খাদ্য শৃংখল যিমানে দীঘল হয় সিমানে-
উত্তৰ: শক্তিৰ অপচয় বৃদ্ধি হয়।
৩১৭। সালোক সংশ্লেষণ বিক্ৰিয়াত কোনবিধ গেছে মুখ্য ভূমিকা লয়?
উত্তৰ: কাৰ্বন ডায়’ক্সাইড।
৩১৮। কোন চনৰ পৰা ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় পৰ্য্যাৱৰণ পুৰস্কাৰ দি অহা হৈছে?
উত্তৰ: 1987।
৩১৯। নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ: মেধা পাটেকাৰ।
৩২০। কোনবিধ ভাইৰাছৰ কাৰণে পক্ষীজ্বৰ(Bird’s flu) হয়?
উত্তৰ: H1N1
৩২১। ভাৰত চৰকাৰৰ পৰিৱেশ বিজ্ঞান বিভাগ কোন চনত স্থাপন কৰা হৈছিল?
উত্তৰ: ১৯৮০
৩২২। কোন চনত ভাৰতৰ তলত দিয়া আইনসমূহ প্ৰণয়ন কৰা হৈছিল?
৩২৩। বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন-
উত্তৰ: ১৯৮১
৩২৪। বনসংৰক্ষণ আইন-
উত্তৰ: ১৯৮০
৩২৫। জল প্ৰদূষণ সংৰক্ষণ আইন-
উত্তৰ: ১৯৭৪
৩২৬। বন্যপ্ৰাণী সংৰক্ষণ আইন-
উত্তৰ: ১৯৭২
৩২৭। পৰিৱেশ(সংৰক্ষণ) আইন-
উত্তৰ: ১৯৮০
৩২৮। তলত দিয়াবোৰৰ ভিতৰত কোনবিধ আৱৰ্জনা আটাইতকৈ অপকাৰী?
উত্তৰ: তেজস্ক্ৰিয় আৱৰ্জনা।
৩২৯। কি যন্ত্ৰৰ দ্বাৰা বায়ুত প্ৰলম্বিত ধূলিকণাৰ পৰিমাণ জুখিব পাৰি?
উত্তৰ: কনিমিটাৰ।
৩৩০। তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য?
উত্তৰ: পানী।
৩৩১। তলত দিয়া কোনবিধ শক্তিৰ উৎস ব্যৱহাৰ কৰিলে প্ৰদূষণ নহয়?
উত্তৰ: সৌৰশক্তি।
৩৩২। মহা জৈৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান কি:
উত্তৰ: দশম।
৩৩৩। কোনবিধ জীৱ অক্সিজেঞ্জ নোহোৱাকৈও জীয়াই থাকিব পাৰে?
উত্তৰ: কিছুমান বেক্টেৰিয়া।
৩৩৪। কি ৰাসায়নিক পদাৰ্থৰ কাৰণে বায়ুমণ্ডলৰ অ’জন স্তৰ ঘাইকৈ অৱক্ষয় প্ৰাপ্ত হ’ব ধৰিছে?
উত্তৰ: ক্ল’ৰফ্ল’ৰকাৰ্বন।
৩৩৫। গ্ৰীণহাউচ গেছবোৰে ঘাইকৈ কি ৰশ্মি শোষণ কৰে?
উত্তৰ: অৱলোহিত ৰশ্মি।
৩৩৬। যি জীৱে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে সেইবোৰক বোলে-
উত্তৰ: স্বপোষী।
৩৩৭। তলত দিয়া কোনটো নদীবান্ধ হৈ উঠা নাই?
উত্তৰ: শৰাইঘাট।
৩৩৮। পশ্চিম প্ৰশান্ত মহাসাগৰ অঞ্চলত উঠা ভয়ানক ঘূৰ্ণী বতাহক কি বোলে?
উত্তৰ: টাইফুন।
৩৩৯। পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাষ্ম ইন্ধন হৈছে?
উত্তৰ: কয়লা।
৩৪০। উদ্ভিদৰ পাতত থকা ক্ল’ৰ’ফিলৰ ৰং কি?
উত্তৰ: সেউজীয়া।
৩৪১। ক্ল’ৰ’ফ্ল’ৰ কাৰ্বন কি?
উত্তৰ: ষ্টেট’সফিয়াৰত থকা অ’জন ধ্বংসকাৰী গেছ।
৩৪২। ইউক্ৰেইনত স্থাপিত 1000 MW ক্ষমতাৰ চেৰ্নবিল নিউক্লীয় ৰিয়েক্টৰৰ দুৰ্ঘটনা-
উত্তৰ: 1986 চনত হৈছিল আৰু ২০০০তকৈ অধিক লোকৰ মৃত্যু হৈছিল।
৩৪৩। তৃণভোজী প্ৰাণীক ভক্ষণ কৰি জীয়াই থকা প্ৰাণী(যেনে: ভেকুলী) বোৰক বোলে-
উত্তৰ: গৌণ উপভোক্তা।
৩৪৪। জৈৱ গেছ হৈছে এবিধ প্ৰদূষণমুক্ত ইন্ধন, ইয়াৰ প্ৰধান উপাদান হৈছে-
উত্তৰ: মিথেন, কাৰ্বন ডায়’ক্সাইড, হাইড্ৰ’জেন আৰু হাইড্ৰ’জেন চালফাইড।
৩৪৫।পানীৰ উপস্থিতিত অবায়ৱিক বেক্টেৰিয়াৰ সহায়ত পচন ঘটাই উৎপন্ন কৰা গোবৰ গেছ কি?
উত্তৰ: এবিধ প্ৰদূষণযুক্ত জৈৱ গেছ(bio gas)।
৩৪৬। অবায়ৱিক বেক্টেৰিয়াই(anaerobic bacteria)কি কৰে?
উত্তৰ: অক্সিজেনৰ অনুপস্থিতিত জৈৱ পদাৰ্থৰ(organic matter) বিযোজন ঘটায়।
৩৪৭। চুনামী(Tsunami)কি?
উত্তৰ: সমুদ্ৰত ভূমিকম্প হোৱাৰ ফলত সৃষ্টি হোৱা বিধ্বংসী সাগৰীয় ঢৌ।
৩৪৮। চিপকো আন্দোলন(Chipko Movement) কোন ৰাজ্যত হৈছিল?
উত্তৰ: উত্তৰ প্ৰদেশ।
৩৪৯। প্ৰদূষণৰ পৰা তাজমহল ৰক্ষা কৰাৰ বাবে সুদীৰ্ঘ দিন ধৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ত আইনী যুদ্ধ চলোৱা ব্যক্তিগৰাকী হ’ল-
উত্তৰ: এম চি মেহতা।
৩৫০। নিজম উপত্যকা(Silent Valley) কোন ৰাজ্যত হৈছিল?
উত্তৰ: কেৰেলাত অৱস্থিত বৰ্ষাৰণ্য(tropical rain forest)
GK in Assamese
৩৫১। ভাগীৰথী নদীত তেহৰী বন্ধাৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ নেতৃত্ব কোনে দিছিল?
উত্তৰ: সুন্দৰলাল বহুগুণা।
৩৫২। পৰিৱেশৰ ওপৰত প্ৰথম আন্তৰ্জাতিক সন্মিলন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: 1972, জুন।
৩৫৩। সুস্থ পৰিৱেশৰ বাবে কোনো এখন দেশৰ মাটিকালিৰ শতকৰা নিম্নতম কিমান ভাগত বনাঞ্চল থাকিব লাগে?
উত্তৰ: ৩৩
৩৫৪। অসমত থকা দুখন বৃহৎ কয়লা ক্ষেত্ৰৰ নাম হ’ল-
উত্তৰ: লিডু আৰু মাৰ্ঘেৰিটা।
৩৫৫। বায়ুত প্ৰলম্বিত কণাৰ(SPM) সহনযোগ্য পৰিমাণ কি?
উত্তৰ: প্ৰতি ঘনছেন্টিমিটাৰত 100 মাইক্ৰ’গ্ৰাম।
৩৫৬। ভাৰতৰ ভয়াৱহ প্ৰদূষণৰ উৎস(Red) বুলি চিহ্নিত 17টা উৎসৰ কেইটা উৎস অসমত আছে?
উত্তৰ: 7
৩৫৭। অসমৰ কোন কোন নগৰত চিকিৎসালয় আৰু নাৰ্ছিংহোমৰ পৰা নিষ্কাশিত জৈৱ-ৰাসায়নিক আৱৰ্জনাৰ সমস্যা আটাইতকৈ গুৰুতৰ?
উত্তৰ: গুৱাহাটী আৰু ডিব্ৰুগড়।
৩৫৮। ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে গুৱাহাটী মহানগৰীৰ-
উত্তৰ: উত্তৰেদি।
৩৫৯। গুৱাহাটী মহানগৰীৰ সমতল ভাগৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায়-
উত্তৰ: 55 মিটাৰ ওপৰত।
৩৬০। গুৱাহাটী মহানগৰীত বায়ুৰ প্ৰদূষণত যান-বাহনৰ যোগদান প্ৰায়-
উত্তৰ: 80%
৩৬১। গুৱাহাটী মহানগৰীৰ জনসংখ্যা-
উত্তৰ: 22 লাখৰ অধিক।
৩৬২। মানুহৰ বসতিপ্ৰধান অঞ্চলত কোলাহল প্ৰদূষণ(noise pollution) মাত্ৰা কিমানত সীমিত থাকিব লাগে?
উত্তৰ: 70 ডেচিবেল।
৩৬৩। নিৰ্বনানীকৰণৰ ফলত-
উত্তৰ: বেছি ভূমি স্খলন হয়।
৩৬৪। জল আৱদ্ধকৰণ(water logging) কিয় হয়?
উত্তৰ: অধিক বৰষুণ হোৱা আৰু অধিক পৰিমাণে জনসিঞ্চন কৰা কোনো ঠাইৰ পৰা বন্ধ পানী ওলাই যাব নোৱাৰা কাৰণে।
৩৬৫। জৈৱ গেছ(biogas)-
উত্তৰ: এবিধ প্ৰদূষণমুক্ত ইন্ধন।
৩৬৬। সাৰ ব্যৱহাৰ কৰিলে খেতি পথাৰত-
উত্তৰ: অজৈৱ আৰু জৈৱ যৌগৰ যোগান ধৰা হয়।
৩৬৭। জনসংখ্যা বাঢ়িলে কি হয়?
উত্তৰ: সীমিত ভূমি সম্পদৰ ওপৰত হেঁচা বৃদ্ধি হয়।
৩৬৮। কাগজ কলত(Peper Mill) কি বিষাক্ত পদাৰ্থ ব্যৱহাৰ কৰা হয়?
উত্তৰ: পাৰা।
৩৬৯। ঔদ্যোগিক আৱৰ্জনাবোৰ-
উত্তৰ: মাৰাত্মক জল প্ৰদূষক।
৩৭০। গংগা নদীৰ প্ৰদূষণৰ মুখ্য কাৰণ কি?
উত্তৰ: ঘৰুৱা নল-নৰ্দমা আৰু ঔদ্যোগিক আৱৰ্জনাবোৰ পেলোৱা কাৰণে।
৩৭১। তলত দিয়া কি ৰোগ পানীৰ যোগেদি সংক্ৰমিত হয়?
উত্তৰ: কলেৰা আৰু ডিছেন্ট্ৰি।
৩৭২। এয়ৰ’ছল(aerosol) কি?
উত্তৰ: বায়ুত ওপঙি থকা গোটা আৰু জুলীয়া পদাৰ্থৰ ক্ষুদ্ৰ কণিকা।
৩৭৩। কোনবিধ বিষাক্ত গেছৰ কাৰণে ভূপাল গেছ দূৰ্ঘটনাটো ঘটি বহুলোকৰ মৃত্যু হৈছিল?
উত্তৰ: মিথাইল আইচ’চায়েনেট(MIC)।
৩৭৪। মথুৰা তেল শোধনাগাৰৰ পৰা নিৰ্গত হোৱা কোনবিধ গেছে তাজমহল প্ৰদূষিত কৰিব বুলি শংকা কৰা হৈছে?
উত্তৰ: চালফাৰ ডায়’ক্সাইড।
৩৭৫। কাৰ্বন ডাই অক্সাইডে-
উত্তৰ: অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে।
৩৭৬। স্মগ(smog) কি?
উত্তৰ: নগৰ অঞ্চলত ধোঁৱাৰ সৈতে মিশ্ৰিত কুঁৱলী।
৩৭৭। জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন কিয় হ’ব পাৰে?
উত্তৰ: বায়ু প্ৰদুইষণ আৰু নিৰ্বনানীকৰণৰ কাৰণে।
৩৭৮। ঔদ্যোগিক বিপ্লৱ(Industrial Revolution) কোন শতিকাত হৈছিল?
উত্তৰ: ওঠৰ।
৩৭৯। বায়ুমণ্ডলৰ কোনটো স্তৰত অ’জন তৰপ থাকে?
উত্তৰ: ষ্ট্ৰেট’সফিয়াৰ।
৩৮০। তেজস্ক্ৰিয় পদাৰ্থ-
উত্তৰ: এটুকুৰাৰ পৰা আলফা, বিটা আৰু গামা ৰশ্মি নিজে নিজে ওলাই থাকে।
৩৮১। কীটনাশক বোৰ কি?
উত্তৰ: শস্য আক্ৰমণকাৰী কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা জৈৱ বা অজৈৱ ৰাসায়নিক পদাৰ্থ।
৩৮২। অ’জন হোল(Ozone hole)-
উত্তৰ: পাৰ হৈ অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠত পৰেহি।
৩৮৩। নিউক্লীয় দ্বি-ভঙ্গন-
উত্তৰ: ঘটাৰ ফলত এটা নিউক্লিয়াছৰ পৰা দুটা নিউক্লিয়াছ উৎপন্ন হয়।
৩৮৪। অৱলোহিত ৰশ্মি হৈছে-
উত্তৰ: ৰঙা পোহৰতকৈ অধিক তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰ।
৩৮৫। ষ্ট্ৰেট’সফিয়াৰত থকা অ’জন গেছৰ-
উত্তৰ: তৰপটোৰ মাজেদি অনিষ্টকাৰী অতিবেগুনী ৰশ্মি ভূ-পৃষ্ঠলৈ আহিব নোৱাৰে।
৩৮৬। সেউজ গৃহ প্ৰভাৱৰ কাৰণে:
উত্তৰ: পৃথিৱীৰ গড় উষ্ণতা একে থাকে।
৩৮৭। কি গেছৰ কাৰণে অম্ল বৰষুণ(acid rain) পৰে?
উত্তৰ: চালফাৰ ডাই অক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড।
৩৮৮। অ’জন কি?
উত্তৰ: এবিধ গেছ।
৩৮৯। নগৰ এখনত বায়ু প্ৰদূষণৰ ঘাই উৎস কি?
উত্তৰ: যান-বাহন।
৩৯০। গাড়ীমটৰৰ পৰা ওলোৱা ধোঁৱাত কি থাকে?
উত্তৰ: হাইড্ৰ’কাৰ্বন, কাৰ্বন মন’ক্সাইড আৰু নাইট্ৰিক অক্সাইড।
৩৯১। কি কাৰণে নগৰবোৰত জনসংখ্যা বেছি হয়?
উত্তৰ: জীৱিকা উপাৰ্জনৰ পথ সহজে পায়।
৩৯২। কোনবোৰ দেশত জনসংখ্যা বিসফোৰণ ৰোধ কৰিব পৰা হৈছে?
উত্তৰ: উন্নত দেশত।
৩৯৩। বৰ্তমান পৃথিৱীৰ জনসংখ্যা-
উত্তৰ: প্ৰায় 7 বিলিয়ন।
৩৯৪। কি কি প্ৰধান কাৰকৰ বাবে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি আছে?
উত্তৰ: নিৰ্বনানীকৰণ আৰু জীৱাষ্ম ইন্ধনৰ দহন।
৩৯৫। প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি?
উত্তৰ: মিথেন।
৩৯৬। বায়ুত থকা যিবোৰ গেছে ভূপৃষ্ঠৰ পৰা অহা অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে সেইবোৰক সেউজগৃহ গেছ বোলে আৰু সেইবোৰ হৈছে-
উত্তৰ: CO2, CH4, CFC আৰু N2O ।
৩৯৭। জনসংখ্যা বৃদ্ধিৰ হাৰ ক’ত সৰ্বাধিক?
উত্তৰ: লেটিন আমেৰিকা।
৩৯৮। তলত দিয়াবোৰৰ ভিতৰত কোনটো নৱীকৰণযোগ্য?
উত্তৰ: বায়ুত থকা অক্সিজেন।
৩৯৯। বতৰৰ পৰিঘটনাবোৰ ক’ত ঘটে?
উত্তৰ: ট্ৰপ’সফিয়াৰ।
৪০০। হিউমাছ(humus) কি?
উত্তৰ: মাটিত থকা মুগাবৰণৰ এই অংশই মাটি সাৰুৱা কৰে।
৪০১। সালোক সংশ্লেষণ-
উত্তৰ: উদ্ভিদৰ সকলো অংশতে হয়।
৪০২। উৎপাদকে-
উত্তৰ: নিজে নিজৰ খাদ্য উৎপাদন কৰে।
৪০৩। বহুতো সম্প্ৰদায় বসবাস কৰা একেটা বৃহৎ অঞ্চলক কি বোলে?
উত্তৰ: বায়’ম(biome)।
৪০৪। জন্মৰ হাৰৰ পৰা মৃত্যুৰ হাৰ বিয়োগ কৰিলে কি পোৱা যায়?
উত্তৰ: জনসংখ্যাসূচক(population index)।
৪০৫। জৈৱ সম্প্ৰদায়ৰ ভিতৰত প্ৰাথমিক উপভোক্তাবোৰ-
উত্তৰ: তৃণভোজী।
৪০৬। জৈৱ নাইট্ৰ’জেন যৌগবোৰ এম’নিয়াম যৌগলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াক কি বোলে?
উত্তৰ: Ammonification.
৪০৭। খাদ্য শৃংখলত শক্তি কিদৰে প্ৰ্ৱেশ কৰে?
উত্তৰ: উৎপাদকৰ যোগেদি।
৪০৮। ভাৰতত তলত দিয়াবোৰৰ ভিতৰত কাৰ জিন বৈচিত্ৰ্য(genetic diversity) সৰ্বাধিক?
উত্তৰ: আম।
৪০৯। কৃষিভূমিৰ উৰ্বৰতা কি কাৰণে হ্ৰাস পায়?
উত্তৰ: পচিব ধৰা জৈৱ পদাৰ্থৰ কাৰণে।
৪১০। আটাইতকৈ বেছি পৰিমাণৰ পৰিস্কাৰ পানী(fresh water) ক’ত পোৱা যায়?
উত্তৰ: হ্ৰদ।
৪১১। পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল’ব লাগে?
উত্তৰ: তৰপ পদ্ধতি(terracing)।
৪১২। শস্যাৱৰ্ত্তনৰ কাৰণে(crop rotation)-
উত্তৰ: মাটিৰ উৰ্বৰতা বাঢ়ে।
৪১৩। চিনকোনা(chincona) গছৰ কোনটো অংশৰ পৰা কুইনাইন উৎপন্ন কৰা হয়?
উত্তৰ: বাকলি।
৪১৪। ভাৰতৰ গ্ৰাম্যাঞ্চলত বায়’ডিজেল(biodiesel) উৎস হিচাপে কি ব্যৱহাৰ কৰা হয়?
উত্তৰ: Pongamia
৪১৫। ভাৰতত সাম্প্ৰতিক কালত কোনবিধ প্ৰাণী বিলুপ্ত(extinct) হৈছে?
উত্তৰ: চিতা বাঘ।
৪১৬। তলত দিয়া কোনবিধ প্ৰাণী ভাৰতত সংকতাপন্ন(endangered)?
উত্তৰ: বনৰীয়া গাধ।
৪১৭। কানহা(Kanha) ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?
উত্তৰ:মধ্যপ্ৰদেশ।
৪১৮। ভাৰতৰ সংসদত জৈৱ বৈচিত্ৰ্য আইন(Biodiversity Act) কেতিয়া প্ৰৱৰ্তন কৰা হয়?
উত্তৰ: 2002
৪১৯। তলত দিয়া কোনটো যোৰ মিলিছে?
উত্তৰ: সিংহ- গিৰ ৰাষ্ট্ৰীয় উদ্যান।
৪২০। বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ-
উত্তৰ: নৰ্বনানীকৰণ(deforestation)।
৪২১। গিৰ ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্থিত?
উত্তৰ: গুজৰাট।
৪২২। নাগাৰ্জুন সাগৰ অভয়াৰণ্য(sanctuary) ক’ত অৱস্থিত?
উত্তৰ: অন্ধ্ৰ প্ৰদেশ।
৪২৩। "ভাৰত ৰত্ন” পোৱা দ্বিতীয়জন অসমীয়া হ’ল-
উত্তৰ: ভূপেন হাজৰিকা
৪২৪। "তানচেন” ৰ অন্য এটা নাম কি?
উত্তৰ:-ৰামাতানু পান্ডে
৪২৫। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোন?
উত্তৰ:- ফুলগুৰিৰ ধোৱা
৪২৬। "সত্ৰীয়া নৃত্যক” Classical Dance হিচাপে স্বীকৃতি দিয়া হয়-
উত্তৰ: ২০১৮ চনত
৪২৭। অসম সাহিত্য সভাৰ মূখ্য কাৰ্যালয়টোৰ নাম কি?
উত্তৰ: চন্দ্ৰকান্ত সন্দিকৈ ভৱন
৪২৮। Pyramid of Assam” বুলি কাক কোৱা হয়?
উত্তৰ: চৰাইদেউ মৈদাম
৪২৯। ভাৰতৰ প্ৰথম ভাইচৰয় কোন?
উত্তৰ: লৰ্ড কেনিং
৪৩০। “আগষ্ট বিপ্লৱ” কাক বুলি কোৱা হয়?
উত্তৰ: ভাৰত ত্যাগ আন্দোলন
৪৩১। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
উত্তৰ: আৰ্যভট্ট
৪৩২। প্রটনৰ ওজন ইলেকট্রনতকৈ কিমান গুণ অধিক?
উঃ- ১,৮৩৬ গুণ।
৪৩৩। কার্বন কি কি ৰূপত পােৱা যায় ?
উঃ– স্ফটিক (crystal) আৰু নিৰাকাৰ (formless) ৰূপত।
৪৩৪। হীৰা আৰু গ্রেফাইটৰ দহনত কি গেছ উৎপন্ন হয় ?
উঃ- কার্বন-ডাই-অক্সাইড।
৪৩৫। মৌলিক পদার্থ নিজ গুণ, ধর্ম অটুট ৰাখিবপৰা আটাইতকৈ ক্ষুদ্রতম কণাটোৰ নাম কি?
উঃ- পৰমাণু।
৪৩৬। অক্সিজেনৰ গ্রাম আণৱিক ভৰ (molecular mass) কিমান ?
উঃ- ৩২ গ্রাম।
৪৩৭। পর্যাবৃত্ত তালিকাত মুঠতে কেইটা পর্যায় থাকে ?
উঃ- সাতােটা।
৪৩৮। ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি?
উঃ- কেলচিয়াম ক্লোৰাে হাইপােক্লোৰাইট ।
৪৩৯। দৈ ত কি এচিড থাকে?
উঃ- লেকটিক এচিড।
৪৪০। মাটিত কি ধাতুৰ পৰিমাণ আটাইতকৈ বেছি?
উঃ- এলুমিনিয়াম।
৪৪১। ক্লোৰোফৰ্মৰ প্রকৃত নাম কি?
উঃ- ট্রাইক্লোৰােমিথেন।
৪৪২। খােৱা-লােৱাত ব্যৱহাৰ কৰা সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?
উঃ- ছডিয়াম ক্লৰাইড।
৪৪৩। আয়ৰনৰ বাহিৰেও পানীত আৰু কি মৌল থাকে ?
উঃ- কার্বন।
৪৪৪। এচিডৰ বাবে অপৰিহাৰ্য মৌল কি ?
উঃ- হাইড্রোজেন।
৪৪৫। কার্বহাইড্রেটত প্ৰধানকৈ কি কি উপাদান থাকে ?
উঃ- কার্বন, হাইড্রোজেন আৰু অক্সিজেন।
৪৪৬। তৰল এচিটিক এচিডৰ আন এটা নাম কি ?
উঃ- ভিনেগাৰ।
৪৪৭। পানীক বেক্টেৰীয়ামুক্ত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰা হয়?
উঃ- ক্লৰিণ (chlorine)
৪৪৮। আটাইতকৈ গধুৰ মৌল কি?
উঃ- ইউৰেনিয়াম (uranium)
৪৪৯। মাৰ্বল পাথৰৰ ৰাসায়নিক নাম আৰু সংকেত কি?
উঃ- কেলচিয়াম কার্বনেট। সংকেত হল CaCO3
৪৫০। আঙুৰত কি এচিড থাকে ?
উঃ- চাইট্রিক এচিড (citric acid)
৪৫১। আটাইতকৈ বেছি পৰিমাণৰ কেলচিয়াম কি খাদ্যৰপৰা পােৱা যায় ?
উঃ- গাখীৰৰপৰা।
৪৫২। কেক ফুলাবলৈ ব্যৱহাৰ কৰা পদার্থটোৰ নাম কি ?
উঃ- ছডিয়াম কার্বনেট। বেকিং পাউডাৰ নামেৰে জনাজাত।
৪৫৩। কি খনিজ সামগ্ৰীৰপৰা এলুমিনিয়াম উদ্ভাৱন কৰা হয়?
উঃ- বক্সাইট।
৪৫৪। সূৰ্যৰ প্রচণ্ড উত্তাপৰ উৎস কি?
উঃ- পৰমাণু সংযােজন বিক্রিয়া।
৪৫৫। আন্তর্জাতিক পদ্ধতিত গেছৰ আয়তনৰ একক কি?
উঃ- ঘনমিটাৰ।
৪৫৬। কাঁচ কি?
উঃ- কাঁচ এবিধ স্বচ্ছ মিশ্র পদার্থ।
৪৫৭। হেলজেন পৰিয়াল কাক বােলে?
উঃ-ক্লৰিণ, ফ্লৰিণ, ব্ৰমিন আৰু আয়ােডিনক একেলগে হেলজেন পৰিয়াল বােলে।
৪৫৮। কি মৌলৰ গলনাঙ্ক আটাইতকৈ বেছি?
উঃ- হীৰাৰ।
৪৫৯। সােণ, ৰূপ, প্লেটিনাম, ইৰিডিয়াম, ৰেডিয়াম, অচমিয়াম, ৰুথেনিয়াম, পেলেডিয়াম আদি কেনে ধাতু?
উঃ- উৎকৃষ্ট (NOBLE) ধাতু।
৪৬০। সংকৰ ধাতু কাক বােলে?
উঃ- দুই বা ততােধিক ধাতুৰ মিশ্ৰণক।
৪৬১। ষ্টেইনলেচ ষ্টিল কি?
উঃ- এক প্রকাৰ সংকৰ ধাতু।
৪৬২। পানীৰ ৰাসায়নিক সংকেত কি?
উঃ- H2O।
৪৬৩। আটাইতকৈ পাতল ধাতু কি?
উঃ- লিথিয়াম।
৪৬৪। তেজত কি ধাতু থাকে?
উঃ- আয়ৰণ।
৪৬৫। T.N.T. মানে কি?
উঃ- ট্রাই-নাইট্র-টলুইন।
৪৬৬। গাখীৰৰপৰা ক্ৰীম আৰু মাখন কিহৰ সহায়ত পৃথক কৰিব পাৰি?
উঃ- এচিডৰ সহায়ত
৪৬৭। কোন মৌলৰ উতলাঙ্ক আটাইতকৈ কম?
উঃ- হিলিয়াম।
৪৬৮। ধপাতত কিমানবিধ বিষাক্ত পদার্থ থাকে?
উঃ- ২৫ বিধ।
৪৬৯। প্ৰটিনৰ সহজলভ্য আৰু উৎকৃষ্ট উৎস কি?
উঃ- মাছ।
৪৭০। ডিনামাইট কি?
উঃ- এবিধ বিস্ফোৰক পদার্থ।
৪৭১। চাবােন কেনেকৈ তৈয়াৰ কৰা হয়?
উঃ- তেল বা চর্বিৰ লগত ক্ষাৰ মিহলাই তৈয়াৰ কৰা হয়।
৪৭২। নির্ভাজ সােণ (pure gold) কেনেকৈ চিনিব পাৰি ?
উঃ- নাইট্রিক এচিডত ডুবাই।
৪৭৩। সােণ কিহেৰে গলাব পাৰি?
উঃ- নাইট্রিক এচিডৰ সৈতে হাইড্রোক্লোৰিক এচিড মিহলাই প্রস্তুত একোৱাৰেজিয়াৰ দ্বাৰা।
৪৭৪। বেকিং পাউডাৰ কেনেকৈ তৈয়াৰ কৰা হয়?
উঃ- ছডিয়াম কার্বনেটৰ সৈতে টাৰটাৰিক এচিড মিহলাই।
৪৭৫। তৰল বতাহ কি?
উঃ- তৰল হাইড্রোজেন আৰু তৰল নাইট্রজেনৰ মিশ্রণ।
৪৭৬। কংক্রিট কি?
উঃ- চিমেন্ট, বালি, শিলৰ টুকুৰা পানীত মিহলাই তৈয়াৰ কৰা গােটা বস্তু।
৪৭৭। বােৰিক এচিড কি?
উঃ- মৃদু জীৱাণুনাশক আৰু ক্ষীণ অম্ল।
৪৭৮। বেনজিন কি?
উঃ- পেট্রলিয়ামৰ আংশিকপাতনৰ ফলত উৎপন্ন হােৱা এবিধ পদার্থ।
৪৭৯। মিথিলেটেড স্পিৰিট কি?
উঃ- এবিধ বিশেষ ধৰণৰ ইন্ধন।
৪৮০। খাদ্য হজম হােৱা বা জীন যােৱাটো কি পৰিৱৰ্তন?
উঃ- ৰাসায়নিক।
৪৮১। ফচফচ জ্বলিলে উৎপন্ন হােৱা বগা ধোৱাবিধৰ নাম কি?
উঃ- ফচফচ পেন্টোক্সাইড।
৪৮২। জুই নুমাবলৈ কি গেছ ব্যৱহাৰ কৰা হয় ?
উঃ- কার্বন-ডাই-অক্সাইড়।
৪৮৩। কুইনাইন কিহৰপৰা প্ৰস্তুত কৰা হয়?
উঃ– চিনকোনাৰপৰা।
৪৮৪। বায়ুত থকা কি গেছৰ সহায়ত উদ্ভিদে দিনত আহাৰ সংগ্ৰহ কৰে?
উঃ- কার্বন-ডাই-অক্সাইড (এঙাৰ গেছ)।
৪৮৫। লুব্রিকেটিং তেল, ভেচলিন, পেৰাফিন আদি কিহৰপৰা তৈয়াৰ কৰা হয়?
উঃ- পেট্রোলিয়ামৰপৰা।
৪৮৬। জুইশলা কাঠিৰ মূৰত লগােৱা পদার্থটোৰ নাম কি?
উঃ- ফচফৰাচ।
৪৮৭। লােত মামৰে ধৰা কাৰ্যত কিহে সহায় কৰে?
উঃ- বায়ুয়ে।
৪৮৮। হাড়ত কি পদার্থ থাকে?
উঃ- কেলচিয়াম।
৪৮৯। কি কি পদাৰ্থৰ মিশ্ৰণেৰে খাৰ বাৰুদ তৈয়াৰ কৰা হয়?
উঃ– পটাচিয়াম নাইট্রেট, ছালফাৰ আৰু এঙাৰ।
৪৯০। প্রাকৃতিক গেছত সবাতােকৈ অধিক পৰিমাণে থকা পদার্থ বিধৰ নাম কি?
উঃ– মিথেন।
৪৯১। চিমেন্ট তৈয়াৰ কৰিবলৈ কি কি কেঁচা সামগ্ৰীৰ আৱশ্যক?
উঃ- চুণ, বালি, বােকা আদিৰ।
৪৯২। ভাৰত ৰাষ্ট্রৰ মুৰবী কোন?
উ: ৰাষ্ট্রপতি।
৪৯৩। ২৮ জানুৱাৰী দিনটো ভাৰতত কি দিৱস হিচাপে পালন কৰা হয়?
উ: “গণৰাজ্য দিৱস” হিচাপে।
৪৯৪। ভাৰতীয় সংবিধানৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।
উ: ভাৰতীয় সংবিধানখন বিশ্বৰ ভিতৰত দীর্ঘতম লিখিত সংবিধান।
৪৯৫। ভাৰতৰ উচচতম ন্যায়ালয়ৰ এবিধ ক্ষমতাৰ উল্লেখ কৰা।
উ: ভাৰত চৰকাৰ আৰু অন্যান্য ৰাজ্যৰ মাজত হােৱা বিবাদ মীমাংসা কৰিব পাৰে।
৪৯৬। ভাৰতৰ জনসাধাৰণক কি নাগৰিকত্ব দিয়া হৈছে?
উ: একক নাগৰিকত্ব।
৪৯৭। ভাৰতীয় সংবিধানত থকা এবিধ মৌলিক আকাৰৰ বিষয়ে উল্লেখ কৰা।
উ: স্বাধীনতাৰ অধিকাৰ।
৪৯৮। ভাৰতীয় সংবিধানত নাগৰিকসকলৰ বাবে সন্নিবিষ্ট এবিধ মৌলিক বর্তলৰ উল্লেখ কৰা।
উ: ভাৰতৰ সার্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা।
৪৯৯। ভাৰতৰ ৰাষ্ট্রপতিক কোনে নির্বাচিত কৰে?
উ: লােকসভা, বাজ্যসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ নির্বাচিত সদস্যসকলে ভাৰতৰ ৰাষ্ট্রপতি নির্বাচিত কৰে।
৫০০। সংবিধানত থকা কি ব্যৱস্থাৰদ্বাৰা ৰাষ্ট্রপতিক অপসাৰণ কৰিব পাৰি?
উ: মহাঅভিযােগ উত্থাপন ব্যৱস্থাৰ দ্বাৰা।
৫০১। মৌলিক অধিকাৰ কেইটা?
উ: ৬ বিধ।
৫০২। ভাৰতীয় সংসদৰ উচ্চসদন কি?
উ: ৰাজ্যসভা।
৫০৩। অসম বিধানসভাৰ সদস্য সংখ্যা কিমান?
উ: ১২৬ জন।
৫০৪। ভাৰতৰ নায়িকা প্যৱস্থাৰ শীৰ্ষত থকা অনুষ্ঠানটোৰ নাম কি?
উ: উচ্চতম ন্যায়ালয়।
৫০৫। ভাৰতীয় সংবিধানখনি কেতিয়াৰপৰা কাৰ্যকৰী কৰা হয়?
উ: ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।
৫০৬। ভাৰতৰ উপ-ৰাষ্ট্রপতি পদৰ বাবে ন্যূনতম বয়স কিমান হৰ লাগে?
উ: ৩৫ বছৰ হ'ব লাগে।
৫০৭। লােকসভাৰ মুঠ সদস্য সংখ্যা কিমান?
উ: ৫৪৫ জন।
৫০৮। লােকসভালৈ ৰাষ্ট্রপতিয়ে কেইজন সদস্য মনােনীত কৰিব পাৰে?
উ: দুজন ইংগ ভাৰতীয় লােক।
৫০৯। কোন ক্ষেত্ৰত লােকসভাৰ সদস্য সংখ্যা ৫৪৭ জন?
উ: ৫৪৫ জন সদস্যৰ ভিতৰত নিম্নতম ২জন ইংগ ভাৰতীয় সদস্য নির্বাচিত হলে।
৫১০। ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা কিমান?
উ: ২৫০ জন।
৫১১। ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চলবাৰত ৰাজ্যপালৰ সলনি থকা মুৰব্ৰীজন কোন?
উ: উপ ৰাজ্যপাল।
৫১২। অসম বিধান সভাত বতর্মান কিমানজন সদস্য আছে?
উ: ১২৬ জন।
৫১৩। উচ্চ ন্যায়ালয়ৰ বিচাৰপতি সকল কিমান বছৰ পর্যন্ত সেই পদত থাকিব পাৰে?
উ: ৬২ বছৰ পর্যন্ত থাকিব পাৰে।
৫১৪। ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে?
উ: ৩৯৫ টা।
৫১৫। কি উদ্দেশ্যে ভাৰতলৈ কেবিনেট মিছনৰ প্ৰস্তাৱ প্রেৰণ কৰা হৈছে?
উ: ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰিবলৈ ১৯৪৬ চনত ব্রিটিছ সংসদে ভাৰতলৈ কেবিনেট মিছনৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।
৫১৬। প্রস্তাৱনা কোনখন দেশত প্রথম সংযােজন কৰা হৈছিল?
উ: আমেৰিকা যুক্তৰাষ্ট্ৰত।
৫১৭। কোন চনত ব্রিটিছ সংসদে ভাৰতলৈ কেবিনেট মিছনৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল?
উ: ১৯৪৬ চনত।
৫১৮। ভাৰতত কি নাগৰিকত্বৰ ব্যৱস্থা আছে?
উ: একক নাগৰিকত্বৰ ব্যৱস্থা আছে।
৫১৯। একান্তক চৰকাৰৰ এটা ব্যৱস্থা কোৱা।
উ: কেন্দ্রীয় চৰকাৰৰ প্রাধান্য।
৫২০। ভাৰতৰ উচ্চতম ন্যায়ালয় কত অৱস্থিত?
উ: দিল্লীত অৱস্থিত।
৫২১। ভাৰতীয় সংবিধানখন কেইটা অধ্যায় বিভক্ত?
উঃ ২২ টা।
৫২২। কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা
বিতৰণৰ বাবে থকা তিনিখন সূচীৰ নাম লিখা।
উ: (১) কেন্দ্রীয় সূচী
(২) ৰাজিক সূচী আৰু
(৩) সমৰ্বতী সূচী।
৫২৩। ভাৰতৰ সংবিধানে নাগৰিকসকলক কেইবিধ মৌলিক অধিকাৰ প্ৰদান কৰিছে?
উ: ছয় বিধ।
৫২৪। সংবিধানৰ মূল বা উৎসৰ নির্দেশ কত আছে?
উ: প্ৰস্তাৱনাত।
৫২৫। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেইবছৰ?
উ: ৫ বছৰ।
৫২৬। লােকসভাৰ কার্যকাল কেই বছৰ?
উ: ৫ বছৰ।
৫২৭। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটা ব্যৱস্থা লিখা।
উ: কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ।
৫২৮। ৰাজ্যপাল এজনক কোনে নিযুক্তি দিয়ে?
উ: ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।
৫২৯। নাগৰিকৰ এটা মৌলিক কৰ্তব্য লিখা।
উ: ভাৰতৰ সার্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা।
৫৩০। ভাৰতৰ প্রকৃত কাৰ্যপালিকা কোন?
উ: প্রধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্রীসভা।
৫৩১। ভাৰতীয় সংসদৰ তিনিবিধ ক্ষমতা লিখা।
উ: (১) মন্ত্ৰী পৰিষদ গঠন।
(২) শাসন বিভাগীয় ক্ষমতা।
(৩) অর্থনৈতিক ক্ষমতা।
৫৩২। লােকসভাৰ সদস্যই কিমানদিন অনুপস্থিত থাকিলে সদস্যপদ হেৰুৱাব লাগে?
উ: ৬০ দিনতকৈ বেছি অনুপস্থিত থাকিলে।
৫৩৩। কোনে আৰু কিদৰে প্রধানমন্ত্ৰীক নিযুক্তি দিয়ে?
উ: ৰাষ্ট্রপতিয়ে লােকসভাত যিটো ৰাজনৈতিক দলে সংখ্যা গৰিষ্ঠতা লাভ কৰে সেই দলৰ দলপতিকে প্রধানমন্ত্রী পদত নিযুক্তি দিয়ে।
৫৩৪। ৰাজ্যৰ বিধান সভাসমূহৰ দুবিধ ক্ষমতা লিখা।
উ: (১) সংবিধানত দিয়া ৰাজ্যিক সূচীৰ অন্তৰ্গত হােৱা বিষয়সমূহৰ ওপৰত আইন ৰচনা কৰা, সেই সমূহ প্রয়ােজনীয় সংশােধন কৰা।
(২) বিধান সভাই ইয়াৰ ওচৰত দায়বদ্ধ থকা মন্ত্রীপৰিষদৰ জৰিয়তে প্রশাসনৰ কাম চলায়।